Skip to content

Skip to table of contents

এক উত্তম নেতৃত্ব আমি ক’ত পাব পাৰোঁ?

এক উত্তম নেতৃত্ব আমি ক’ত পাব পাৰোঁ?

এক উত্তম নেতৃত্ব আমি কʼত পাব পাৰোঁ?

 বাইবেলত এইদৰে বৰ্ণনা কৰা হৈছে যে “প্ৰত্যেক ঘৰ কোনো জনৰ দ্বাৰাই স্থাপন কৰা হয়, কিন্তু যি জনাই সকলো স্থাপন কৰিলে, তেওঁ ঈশ্বৰ।” (ইব্ৰী ৩:৪; প্ৰকাশিত বাক্য ৪:১১) যিহোৱা আমাৰ সত্য ঈশ্বৰ আৰু সৃষ্টিকৰ্ত্তা হোৱাৰ বাবে “আমাৰ গঠন জানে।” (গীতমালা ১০৩:১৪) গতিকে তেওঁ আমাৰ পৰিসীমা আৰু আৱশ্যকতাক ভালদৰে জানে। এজন মৰমীয়াল ঈশ্বৰ হোৱাৰ বাবে তেওঁ আমাৰ আৱশ্যকতাসমূহ পূৰ্ণ কৰাত আগ্ৰহী। (গীতমালা ১৪৫:১৬; ১ যোহন ৪:৮) সেয়েহে আমাৰ এক উত্তম নেতা আৱশ্যকতা হোৱাৰ কোনো বিকল্প নাই।

যিহোৱাই, যিচয়া ভৱিষ্যতবক্তাৰ যোগেদি এইদৰে কৈছিল: “চোৱা, মই তেওঁক লোকসমূহৰ সাক্ষীস্বৰূপে, আৰু লোকসমূহৰ নায়ক ও অধ্যক্ষস্বৰূপে নিযুক্ত কৰিলোঁ।” (যিচয়া ৫৫:৪) বৰ্তমান সময়ত অস্তিত্বত থকা পাৰ্থিৱ নেতাবিলাকৰ এই বেমেজালিৰ কালছোৱাত আমি সেই নেতাজনক চিনি পোৱা আৰু তেওঁৰ নেতৃত্বক গ্ৰহণ কৰাটো জড়িত আছে, যিজনক সৰ্ব্বশক্তিমানে নিজেই নিযুক্ত কৰিলে। ভৱিষ্যতবাণীত উল্লেখ কৰা সেই নায়ক অৰ্থাৎ নেতা বা অধ্যক্ষজন কোন? নেতাৰূপে তেওঁৰ কেনে পৰিচয় প্ৰকাশ পাইছে? তেওঁ আমাক কʼলৈ নেতৃত্ব কৰে? তেওঁৰ নেতৃত্বৰ পৰা লাভবান হʼবলৈ আমি কি কৰা আৱশ্যক?

সেই প্ৰতিজ্ঞাত নেতাজনৰ উপস্থিতি

প্ৰায় ২,৫০০ বছৰৰ পূৰ্বে গাব্ৰিয়েল নামৰ এজন স্বৰ্গদূতে দানিয়েলক দৰ্শন দি এইদৰে কৈছিল: “তুমি ইয়াক জ্ঞাত হোৱা আৰু বুজি লোৱা যে, যিৰূচালেমক পুনঃস্থাপন আৰু নিৰ্ম্মাণ কৰিবৰ আজ্ঞা প্ৰকাশিত হোৱাৰে পৰা, এজন অভিষিক্ত অধিপতিলৈ সাত সপ্তাহ; আৰু বাষষ্টি সপ্তাহত সঙ্কটৰ কালতো তাৰ চক আৰু খাৱৈয়ে সৈতে তাক পুনৰায় নিৰ্ম্মাণ কৰা হব।”—দানিয়েল ৯:২৫.

দৰাচলতে, সেই স্বৰ্গদূতজনে দানিয়েলক যিহোৱাৰ নিযুক্ত নেতাৰ আগমন হোৱাৰ বিশেষ সময়ৰ বিষয়ে স্পষ্টকৈ কৈছিল। সা.যু.পূ. ৪৫৫ চনত যেতিয়া যিৰূচালেম পুনৰ নিৰ্ম্মাণ কৰিবলৈ আজ্ঞা প্ৰকাশিত হোৱাৰ পৰা লৈ ৬৯ সপ্তাহ বা ৪৮৩ বছৰৰ অন্তত সেই ‘অভিষিক্ত অধিপতিজন’ প্ৰতীয়মান হʼবলৈ আছিল। a (নহিমিয়া ২:১-৮) সেই সময়ছোৱাৰ শেষত কি ঘটিল? শুভবাৰ্ত্তা কিতাপ লিখা লূকে এইদৰে বৰ্ণনা কৰিছিল: “তিবিৰিয়া কৈচৰ মহাৰজা হোৱাৰ পঞ্চদশ বছৰত, পন্তীয় পীলাত যিহূদিয়াৰ অধিপতি; হেৰোদ, গালীল প্ৰদেশৰ ৰজা [সা.যু. ২৯ চন], . . . অৰণ্যত জখৰিয়াৰ পুতেক যোহনলৈ ঈশ্বৰৰ বাক্য প্ৰকাশিত হল। . . . তেওঁ যৰ্দ্দনৰ ওচৰৰ সকলো অঞ্চললৈ আহি, পাপ মোচনৰ অৰ্থে মনপালটনৰ বাপ্তিস্মৰ কথা ঘোষণা কৰিলে।” কিয়নো সেই সময়ত “মানুহবিলাকে অপেক্ষা কৰি, এই যোহনেই সেই অভিষিক্ত জনা হয় নে নহয়, ইয়াকে সকলোৱে নিজৰ নিজৰ মনত বিবেচনা কৰি” আছিল। (লূক ৩:১-৬  ১৫) যদিও সেই লোকসমূহে যোহনৰ ওচৰলৈ আহিছিল, কিন্তু তেওঁ সেই অভিষিক্ত জনা নাছিল।

প্ৰায় সা.যু. ২৯ চনত নাচৰতীয়া যীচু আহি যোহনৰ দ্বাৰাই বাপ্তাইজিত হʼল। যোহনে সেই বিষয়ে সাক্ষী দি এইদৰে কৈছিল: “আত্মাক কপৌৰ নিচিনা নামি, তেওঁৰ ওপৰত থকা দেখিলোঁ। মই তেওঁক নিচিনিলোঁ; কিন্তু যি জনাই পানীত বাপ্তাইজ কৰিবলৈ মোক পঠালে, সেই জনাই মোক কৈছিল, তুমি যি জনৰেই ওপৰত আত্মাক নামি থকা দেখিবা, পবিত্ৰ আত্মাত বাপ্তাইজ কৰোঁতা তেৱেঁই। আৰু মই তাকে দেখি, এওঁ যে ঈশ্বৰৰ পুত্ৰ হয়, তাৰ সাক্ষ্য দিলোঁ।” (যোহন ১:৩২-৩৪) যীচুৱে তেওঁৰ বাপ্তিষ্মাৰ সময়ত তেওঁ সেই অভিষিক্ত নেতা অৰ্থাৎ মচীহ বা খ্ৰীষ্ট নিযুক্ত হʼল।

বাস্তৱতে যীচু খ্ৰীষ্টই সেই প্ৰতিজ্ঞাত “নায়ক ও অধ্যক্ষস্বৰূপে” প্ৰমাণিত হʼল। নায়ক অৰ্থাৎ নেতাৰূপে যেতিয়া আমি তেওঁৰ গুণসমূহক নিৰীক্ষণ কৰোঁ, তেতিয়া আমি ততালিকে তেওঁক সেই নেতাজন বুলি বিবেচনা কৰিব পাৰোঁ আৰু তেৱেঁই হৈছে বৰ্তমান সময়ত আৱশ্যক হোৱা এক উত্তম আদৰ্শবান নেতা।

মচীহ—এজন আদৰ্শবান নেতা

এজন আদৰ্শবান নেতাই লোকবিলাকক তেওঁৰ পৰিচৰ্য্যাৰ অধীনত স্পষ্টকৈ নিৰ্দ্দেশনা আৰু সহায় আগবঢ়ায়, যাতে তেওঁলোকে সফলতাৰে সমস্যাসমূহৰ সম্মুখীন হʼব পাৰে। ‘এইটোৱে হৈছে এক বিশং শতাব্দীত নেতাসকলে সফল হোৱাৰ আৱশ্যকতা,’ ২১ শতাব্দীৰ নেতৃত্ব: ১০০ জন বিখ্যাত নেতাৰ কথোপকথন নামৰ কিতপখনত এইদৰে কোৱা হৈছিল। এই ক্ষেত্ৰত যীচুৱে তেওঁৰ শ্ৰোতাসকলৰ দৈনন্দিন পৰিস্থিতিৰ সৈতে সফলতাৰে সম্মুখীন হʼবলৈ কিমান যে ব্যৱহাৰিকৰূপে তেওঁলোকক প্ৰস্তুত কৰিছিল! যীচুৰ প্ৰসিদ্ধ পৰ্বতীয়া উপদেশত কথোপকথন কৰাৰ বিষয়টোক ক্ষন্তেক বিবেচনা কৰক। সেই কাৰ্য্যকাৰী পৰামৰ্শৰ বাক্যসমূহক মথি ৫ অধ্যায়ৰ ৭ পদত লিপিবদ্ধ কৰা হৈছে।

উদাহৰণস্বৰূপে, যীচুৱে ব্যক্তিগত প্ৰভেদতাক সমাধান কৰাৰ বিষয়ে দিয়া পৰামৰ্শক বিবেচনা কৰক। তেওঁ এইদৰে কৈছিল: “এই হেতুকে বেদিত তোমাৰ নৈবেদ্য উৎসৰ্গ কৰোঁতে, তোমাৰ বিৰুদ্ধে তোমাৰ ভায়েৰাৰ কোনো কথা আছে বুলি যদি তোমাৰ মনত পৰে, তেন্তে তাতে বেদিৰ আগত তোমাৰ নৈবেদ্য এৰি থৈ যোৱা, তোমাৰ ভায়েৰাই সৈতে প্ৰথমে মিল হোৱা, পাছে আহি তোমাৰ নৈবেদ্য উৎসৰ্গ কৰা।” (মথি ৫:২৩, ২৪) আনৰ সৈতে শান্তি বজাই ৰাখাটোক সকলোতকৈ প্ৰথমস্থানত দিয়া আৱশ্যক, আনকি এইটো কোনো ধৰ্ম্মীয় কাৰ্য্য—মোচিৰ ব্যৱস্থাৰ অনুসৰি যিৰূচালেমৰ মন্দিৰৰ বেদীত নৈবেদ্য উৎসৰ্গ কৰাতকৈও অধিক গুৰুত্বপূৰ্ণ। অন্যথা আমাৰ উপাসনা ঈশ্বৰৰ আগত গ্ৰহণযোগ্য নহʼব। যিদৰে প্ৰাচীন সময়ত যীচুৰ পৰামৰ্শ কাৰ্য্যকাৰী হৈছিল, একেইদৰে তেওঁৰ পৰামৰ্শ আমাৰ সময়ৰ বাবেও ব্যৱহাৰিক।

তদুপৰি, যীচুৱে তেওঁৰ শ্ৰোতাসকলক অনৈতিকতাৰ ফান্দৰ পৰা আঁতৰি থাকিবলৈ সহায় কৰিছিল। তেওঁ এইদৰে সতৰ্ক কৰি তেওঁলোকক কৈছিল: “তুমি ব্যভিচাৰ নকৰিবা; ইয়াক যে কোৱা হৈছিল, তাক শুনিলা। কিন্তু মই তোমালোকক কওঁ যি কোনোৱে তিৰোতা মানুহলৈ কামভাৱে চায়, সি তেতিয়াই তাইৰে সৈতে ব্যভিচাৰ কৰিলে।” (মথি ৫:২৭, ২৮) ই কিযে এক উপযুক্ত সতৰ্কবাণী! গতিকে আমি মনোৰঞ্জন কৰাৰ উদ্দেশ্যেৰে অনৈতিকতাৰ পথত ভৰি দিয়া উচিত হʼব নে? যীচুৱে কৈছিল যে পৰস্ত্ৰীগমন আৰু ব্যভিচাৰ এই উভয়ে হৃদয়ৰ পৰা উৎপন্ন হয়। (মথি ১৫:১৮, ১৯) সেয়েহে আমি আমাৰ হৃদয়ক ৰক্ষা কৰাটো অতি বুদ্ধিমানৰ কাৰ্য্য হʼব।—হিতোপদেশ ৪:২৩.

ইয়াৰ ওপৰিও পৰ্ব্বতীয়া উপদেশত, শত্ৰুক প্ৰেম কৰা, উদাৰতা দেখুৱা, আধ্যাত্মিক আৰু ভৌতিক বস্তুসমূহৰ প্ৰতি সঠিক দৃষ্টিভঙ্গী ৰখা আদি বিষয়বোৰ জড়িত আছিল। (মথি ৫:৪৩-৪৭; ৬:১-৪, ১৯-২১, ২৪-৩৪) অধিকন্তু যীচুৱে তেওঁৰ শ্ৰোতাসকলক প্ৰাৰ্থনাৰ যোগেদি ঈশ্বৰৰ পৰা সহায় বিচাৰিবলৈ শিক্ষা দিছিল। (মথি ৬:৯-১৩) নেতা মচীহই তেওঁৰ অনুগামীসকলক সাধাৰণতে মানুহে সম্মুখীন হোৱা সমস্যাসমূহত সফলতা পাবলৈ শক্তি আৰু তাৰ সৈতে যুঁজিবলৈ তেওঁলোকক সাজু কৰে।

যীচুৱে তেওঁৰ পৰ্ব্বতীয়া উপদেশত ছয়বাৰকৈ “কোৱা হৈছিল তাক তোমালোকে শুনিলা” বা “আৰু কোৱা হৈছিল” বুলি উল্লেখ কৰিছিল। কিন্তু পিছলৈ তেওঁ “মই তোমালোকক কওঁ” বুলি উল্লেখ কৰি আন এক বিচাৰধাৰা প্ৰস্তুত কৰিলে। (মথি ৫:২১, ২২, ২৭, ২৮, ৩১-৩৪, ৩৮, ৩৯, ৪৩, ৪৪) এই কথাফাঁকিয়ে এইটো প্ৰকাশ কৰিছে যে তেওঁৰ শ্ৰোতাসকলে ফৰাচীসকলৰ মৌখিক ৰীতি-নীতি অনুসাৰে এক বিশেষ প্ৰকাৰে চলাৰ অভ্যাস আছিল। কিন্তু এতিয়া যীচুৱে তেওঁলোকক মোচিৰ ব্যৱস্থাক সত্য আত্মা প্ৰতিফলিত কৰি এক ভিন্ন প্ৰকাৰে চলিবলৈ পথ দেখুৱাইছে। এই পৰিৱৰ্তনক যীচুৱে এইদৰে স্থাপন কৰিলে যাক তেওঁৰ অনুগামীসকলে গ্ৰহণ কৰিবলৈ সহজ হয়। নিসন্দেহ, যীচুৱে লোকসকলক আধ্যাত্মিক আৰু নৈতিকতাত পৰিৱৰ্তন কৰিবলৈ নাটকীয়ৰূপে পৰিচালিত কৰিলে। সেইটো আছিল এজন প্ৰকৃত নেতাৰ পৰিচয় চিহ্ন।

এখন প্ৰশাসন সম্বন্ধীয় পাঠ্যপুথিয়ে নিৰ্দ্দেশ কৰিছে যে এনেধৰণৰ পৰিৱৰ্তন কৰাটো ভাতৰ লগত পানী খোৱাৰ কথা নহয়। সেই পাঠ্যপুথিখনে এইদৰে কৈছিল: “তেনে পৰিৱৰ্তন কৰা প্ৰতিনিধিজন [নেতা] সমাজ কৰ্ম্মীৰ সংবেদনশীলতা, এজন মনোবিজ্ঞানৰ অন্তৰ্দৃষ্টি, এজন মেৰাথন দৌৰা ব্যক্তিৰ দৰে সহনশীলতা, এটা বুল ডগ্‌ৰ দৰে পিছনুহুঁহঁকা গুণ, বৈৰাগীৰ দৰে আত্ম নিৰ্ভৰশীলতাৰ গুণ আৰু মহাপুৰুষৰ দৰে সহনশীলতা হোৱা আৱশ্যক। তথাপিও সেই সকলোবোৰ গুণ থকা স্বত্ত্বেও সফলতা পোৱাৰ কোনো নিশ্চিত নহয়।”

“নেতৃত্ব: চৰিত্ৰগত বৈশিষ্টতা থকাটো আৱশ্যক নে?” নামৰ এটা প্ৰবন্ধত এইদৰে কোৱা হৈছিল যে, “নেতাসকলে ঠিক তেনেদৰে আচৰণ কৰা আৱশ্যক, যিদৰে তেওঁলোকে আনৰ পৰা বিচাৰে।” দৰাচলতে, এজন আদৰ্শবান নেতাই নিশ্চয়ে তেওঁ প্ৰচাৰ কৰাৰ অনুসাৰে কাৰ্য্য কৰে। এই দিশত যীচু খ্ৰীষ্ট কিমান যে সত্য আছিল! প্ৰকৃততে, যিসকলে তেওঁৰ সৈতে আছিল তেওঁলোকক নম্ৰ হʼবলৈ শিকাইছিল, তদুপৰি, তেওঁ নিজেই তেওঁলোকৰ ভৰি ধুৱাই এক ব্যৱহাৰিক শিক্ষা প্ৰদান কৰিলে। (যোহন ১৩:৫-১৫) তেওঁ কেৱল নিজৰ শিষ্যসকলক ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে প্ৰচাৰ কৰিবলৈ পঠিয়াইছিল, এনে নহয়, কিন্তু তেওঁ নিজেও সেই কাৰ্য্যত উদ্যমেৰে ভাগ লৈছিল। (মথি ৪:১৮-২৫; লূক ৮:১-৩; ৯:১-৬; ১০:১-২৪; যোহন ১০:৪০-৪২) নেতৃত্বৰ দায়িত্বক বহন কৰা যীচুৱে এক উত্তম আৰ্হি প্ৰস্তুত কৰিলে। যীচুৱে নিজেই নিজৰ বিষয়ে কৈছিল যে, “পুত্ৰই পিতৃক যি যি কৰ্ম্ম কৰা দেখে, তাত বাজে, তেওঁ নিজে একো কৰ্ম্ম কৰিব নোৱাৰে।”—যোহন ৫:১৯.

যীচুৱে যি কৈছিল আৰু কৰিছিল তাক বিবেচনা কৰি স্পষ্টকৈ জানিব পাৰি যে তেৱেঁই হৈছে আদৰ্শবান নেতা। বাস্তৱতে তেওঁৰ প্ৰণালী সকলো উত্তম মানুহৰ নেতৃত্বৰ প্ৰণালীতকৈ শ্ৰেষ্ঠ আছিল। যীচু হৈছে সিদ্ধ ব্যক্তি। তদুপৰি, মৃত্যুৰ পিছত তেওঁক এক মৃত্যুহীন জীৱনলৈ পুনৰুত্থান কৰা হʼল আৰু তেওঁ চিৰকাললৈ জীৱিত থাকিব। (১ পিতৰ ৩:১৮; প্ৰকাশিত বাক্য ১:১৩-১৮) কোনো মানৱ নেতাই এই অৰ্হতাত উপনীত হʼব পাৰিবনে?

আমি কি কৰা আৱশ্যক?

ঈশ্বৰৰ ৰাজ্যৰ ৰজা ‘অভিষিক্ত মচীহই’ আজ্ঞাকাৰী মানৱক আশীৰ্ব্বাদ কৰিব। এই সংক্ৰান্তত শাস্ত্ৰই এইদৰে প্ৰতিজ্ঞা কৰিছে: “সমুদ্ৰ যেনেকৈ পানীৰে ঢকা, তেনেকৈ পৃথিবী যিহোৱা বিষয়ক জ্ঞানেৰে পৰিপূৰ্ণ হব।” (যিচয়া ১১:৯) “নম্ৰবিলাক পৃথিবীৰ অধিকাৰী হব, আৰু প্ৰচুৰ শান্তিত হৰ্ষিত হব।” (গীতমালা ৩৭:১১) “প্ৰতিজনে নিজ নিজ দ্ৰাক্ষালতাৰ আৰু ডিমৰু গছৰ তলত বহিব, আৰু কোনেও সিহঁতক ভয় নলগাব।” (মীখা ৪:৪) “মানুহবিলাকৰ সহিত ঈশ্বৰৰ নিবাস, আৰু তেওঁবিলাকৰ সহিত তেওঁ নিবাস কৰিব; তেওঁবিলাক তেওঁৰ লোক হব, আৰু ঈশ্বৰ নিজে তেওঁবিলাকৰ সঙ্গী হৈ তেওঁবিলাকৰ ঈশ্বৰ হব; আৰু তেওঁবিলাকৰ চকুৰ পৰা আটাই চকু-লো মচি গুচাব; তাতে মৃত্যু আৰু নহব; শোক, বা ক্ৰন্দন, বা বেদনাও আৰু নহব; প্ৰথমবোৰ গুচিল।”—প্ৰকাশিত বাক্য ২১:৩, ৪.

বৰ্তমান সময়ৰ জগততো সঠিক নেতৃত্বহীন হোৱাৰ অভিজ্ঞতা হৈছে। কিন্তু যীচু খ্ৰীষ্টই নম্ৰলোকবিলাকক শান্তিপূৰ্ণ এক নতুন জগতলৈ পৰিচালিত কৰিব, যʼত আজ্ঞাকাৰী মানৱে ঐক্যভাৱে যিহোৱাৰ উপাসনা কৰি সিদ্ধতালৈ আগবাঢ়ি যাব। গতিকে সত্য ঈশ্বৰ আৰু তেওঁৰ নিযুক্ত নেতাৰ বিষয়ে জ্ঞান লৈ আৰু সেই জ্ঞানৰ অনুসাৰে কাৰ্য্য কৰিলে কিমান যে বুদ্ধিমানৰ কাৰ্য্য হʼব!—যোহন ১৭:৩.

এজন ব্যক্তিয়ে যীচুক অনুকৰণ কৰাৰ বাবে আমি তেওঁক উত্তমভাৱে শলাগ লʼব পাৰোঁ। তেতিয়াহʼলে, আমি মানৱ ইতিসাহত থকা সেই মহান নেতাজন অৰ্থাৎ যীচু খ্ৰীষ্টক অনুকৰণ কৰিবলৈ চেষ্টা কৰাটো উচিত নহʼবনে? তাক আমি কেনেকৈ কৰিব পাৰোঁ? তেওঁৰ নেতৃত্বক গ্ৰহণ কৰাৰ দ্বাৰা আমাৰ জীৱনত কেনে প্ৰভাৱ পৰিব? এই প্ৰশ্ন আৰু আন বিষয়বোৰ পৰৱৰ্তী দুখন লেখত আলোচনা কৰা হʼব। (w02 3/15)

[ফুটনোট]

a যিহোৱাৰ সাক্ষীসকলে প্ৰকাশ কৰা দানিয়েলৰ ভৱিষ্যতবাণী প্ৰতি মনোযোগ দিয়ক! নামৰ কিতাপখনৰ ১৮৬-১৯২ পৃষ্ঠা চাওঁক।

[৪ পৃষ্ঠাৰ ছবি]

দানিয়েলে আহিবলগীয়া ঈশ্বৰৰ নিযুক্ত নেতাজনৰ বিষয়ে ভৱিষ্যতবাণী কৰিছিল

[৭ পৃষ্ঠাৰ ছবিসমূহ]

যীচুৰ শিক্ষাই লোকবিলাকক তেওঁলোকৰ জীৱনলৈ অহা সমস্যাৰ সৈতে সম্মুখীন হʼবলৈ প্ৰস্তুত কৰাইছিল

[৭ পৃষ্ঠাৰ ছবি]

যীচুৱে আজ্ঞাকাৰী মানৱজাতিক এক শান্তিপূৰ্ণ নতুন জগতলৈ পৰিচালিত কৰিব