Skip to content

Skip to table of contents

খ্ৰীষ্টৰ নেতৃত্ব আপোনাৰ বাবে বাস্তৱিক নে?

খ্ৰীষ্টৰ নেতৃত্ব আপোনাৰ বাবে বাস্তৱিক নে?

খ্ৰীষ্টৰ নেতৃত্ব আপোনাৰ বাবে বাস্তৱিক নে?

“তোমালোক নেতা বুলি মতা নহবা; কিয়নো এজনা, অৰ্থাৎ খ্ৰীষ্টই তোমালোকৰ নেতা।”মথি ২৩:১০, NW.

১. প্ৰকৃত খ্ৰীষ্টানসকলৰ একমাত্ৰ নেতাজন কোন?

 দিনটো আছিল নিচান মাহৰ ১১ তাৰিখ। ইয়াৰ তিনি দিনৰ পিছতেই যীচুক বধ কৰা হʼব। মন্দিৰলৈ তেওঁৰ বাবে এইটোৱেই শেষ যাত্ৰা। সেই দিনা যীচুৱে মন্দিৰত একত্ৰিত হোৱা লোকসমূহ আৰু তেওঁৰ শিষ্যসকলক এক গুৰুত্বপূৰ্ণ শিক্ষা প্ৰদান কৰিছিল। তেওঁ এইদৰে কৈছিল: “তোমালোকে হলে, ৰব্বি বুলি মতা নহবা; কিয়নো এজনা তোমালোকৰ গুৰু আছে, আৰু তোমালোক সকলো ভাই ভাই। পৃথিৱীত কাকো পিতৃ বুলি নামাতিবা; কিয়নো এজনা, অৰ্থাৎ স্বৰ্গত থকা জনাই তোমালোকৰ পিতৃ। আৰু তোমালোক নেতা বুলি মতা নহবা; কিয়নো এজনা, অৰ্থাৎ খ্ৰীষ্টই তোমালোকৰ নেতা।” (মথি ২৩:৮-১০) স্পষ্টৰূপে খ্ৰীষ্ট হৈছে প্ৰকৃত খ্ৰীষ্টানসকলৰ নেতা।

২, ৩. যিহোৱালৈ কাণ দিয়া আৰু তেওঁ নিযুক্ত কৰা নেতাক স্বীকাৰ কৰাৰ দ্বাৰা আমাৰ জীৱনত কেনে প্ৰভাৱ পৰিব?

যীচুক আমাৰ নেতা স্বীকাৰ কৰাৰ দ্বাৰা আমাৰ জীৱনত কিমান যে লাভজনক প্ৰভাৱ পৰিব! ভৱিষ্যতে আহিবলগীয়া এই নেতাজনৰ বিষয়ে যিহোৱাই ভৱিষ্যতবক্তা যিচয়াৰ যোগেদি এইদৰে কৈছিল: “হে তৃষ্ণাতুৰ লোকবিলাক, তোমালোক প্ৰতিজনে জলৰ ওচৰলৈ আহাঁ; হে ধন নথকা লোক, তুমিও আহাঁ; খোৱা বস্তু কিনা, আৰু ভোজন কৰা, এনে কি, আহাঁ, বিনামূল্যে বিনাদামে দ্ৰাক্ষাৰস আৰু গাখীৰ কিনা। . . . কাণ পাতা, আৰু মোৰ ওচৰলৈ আহাঁ, শুনা, তাতে তোমাৰ প্ৰাণ সজীব হব; . . . চোৱা, মই তেওঁক লোকসমূহৰ সাক্ষীস্বৰূপে, আৰু লোকসমূহৰ নেতা ও অধ্যক্ষস্বৰূপে নিযুক্ত কৰিলোঁ।”—যিচয়া ৫৫:১-৪.

যেতিয়া আমি যিহোৱালৈ কাণ পাতোঁ আৰু নেতা অথবা অধ্যক্ষই কোৱা অনুসাৰে চলোঁ, তেতিয়া আমাৰ ব্যক্তিগত জীৱনত পৰা প্ৰভাৱক লাক্ষণিক অৰ্থত বুজাবলৈ যিচয়াই পানী, গাখীৰ আৰু দ্ৰাক্ষাৰসৰ দৰে সাধাৰণ পনীয়া বস্তুক ব্যৱহাৰ কৰিছিল। ফলস্বৰূপে সেই প্ৰভাৱে আমাক সতেজ কৰি তুলে, যেনেকৈ অতিপাত গৰম দিনত এগিলাছ ঠাণ্ড পানী পান কৰিলে যি দৰে সতেজতা পোৱা যায়। তেনেদৰে, সত্য আৰু ধাৰ্ম্মিকতাৰ প্ৰতি থকা আমাৰ তৃষ্ণাও জুৰ পৰে। যেনেকৈ গাখীৰে এটি শিশুক শাৰীৰিকভাৱে বিকাশিত কৰে, তেনেদৰে ‘গাখীৰৰূপী ঈশ্বৰৰ বাক্যই’ তেওঁৰ সৈতে আমাৰ সম্বন্ধ বৃদ্ধি কৰিবলৈ আধ্যাত্মিকৰূপে সহায় কৰে। (১ পিতৰ ২:১-৩) কোনো ভোজৰ সময়ত দ্ৰাক্ষাৰস পান কৰি পোৱা আনন্দক কোনে অস্বীকাৰ কৰিব পাৰে? একেইদৰে, ঈশ্বৰক উপাসনা আৰু তেওঁৰ নিযুক্ত নেতাৰ পদচিহ্নক অনুকৰণ কৰাৰ দ্বাৰা “সকলো ভাৱে আনন্দিত” হʼব। (দ্বিতীয় বিবৰণ ১৬:১৫) গতিকে খ্ৰীষ্টৰ নেতৃত্বক প্ৰকৃতৰূপে প্ৰকাশ কৰাটো আমাৰ সকলো অৰ্থাৎ ডেকা, বৃদ্ধ, পুৰুষ আৰু স্ত্ৰীৰ বাবে অতি গুৰুত্বপূৰ্ণ কাৰ্য্য। মচীহ যে আমাৰ নেতা তাক আমি আমাৰ দৈনন্দিন জীৱনৰ দ্বাৰা কেনেকৈ প্ৰকাশ কৰিব পাৰোঁ?

ডেকাসকল—‘জ্ঞানত বৃদ্ধি’ হৈ থাকা

৪. (ক) ১২ বছৰ বয়সত যীচুৱে বছেৰেকীয়া নিস্তাৰ-পৰ্বৰ বাবে যিৰূচালেমলৈ যাওঁতে কি ঘটিছিল? (খ) কেৱল ১২ বছৰ বয়সতে যীচুৱে কেনেকৈ ইমান জ্ঞানী হৈছিল?

কিশোৰ-কিশোৰীসকল, আমাৰ নেতাই তেওঁলোকলৈ ৰখা উত্তম আৰ্হিক বিবেচনা কৰক। যীচুৰ বাল্যকালৰ অৱস্থাৰ বিষয়ে যদিও অলপ জনা যায়, কিন্তু এটা ঘটনাৰ বিষয়ে সঁচাকৈ মন কৰিবলগীয়া। এবাৰ যীচুৱে ১২ বছৰ বয়সত তেওঁৰ পাৰ্থিৱ মাক-দেউতাকৰ সৈতে বছেৰেকীয়া নিস্তাৰ-পৰ্ব্ব পালন কৰিবলৈ যিৰূচালেমলৈ গৈছিল। সেই সময়ছোৱাত তেওঁ এটা গভীৰ শাস্ত্ৰৰ আলোচনাত নিমগ্ন হৈছিল আৰু তেওঁৰ পৰিয়ালটোৱে অজানিতে তেওঁক এৰি ঘৰলৈ যাত্ৰা কৰিব ধৰে। তিনিদিনৰ পিছত চিন্তাত ব্যাকুল হোৱা তেওঁৰ পিতৃ যোচেফ আৰু মাতৃ মেৰীয়ে তেওঁক বিচাৰি মন্দিৰলৈ আহে আৰু দেখে যে, “তেওঁ পণ্ডিতসকলৰ মাজত বহি আৰু তেওঁলোকৰ কথা শুনি তেওঁলোকক প্ৰশ্ন ধৰি আছিল।” তদুপৰি, “যিবিলাকে তেওঁৰ কথা শুনিলে, তেওঁবিলাক সকলোৱে তেওঁৰ বুদ্ধি আৰু উত্তৰত বিস্ময় মানিলে।” কল্পনা কৰক যে ১২ বছৰৰ বয়সত তেওঁ কেৱল হৃদয়স্পৰ্ষী প্ৰশ্ন কৰিছিল এনে নহয়, কিন্তু বুদ্ধিমান হৈ উত্তৰো দিছিল! ইয়াত কোনো সন্দেহ নাই যে ইয়াত তেওঁৰ পিতৃ-মাতৃৰ প্ৰশিক্ষণো সন্মিলিত আছিল।—লূক ২:৪১-৫০.

৫. কিশোৰ-কিশোৰীসকলে পৰিবাৰিক বাইবেল অধ্যয়নৰ প্ৰতি থকা তেওঁলোকৰ মনোবৃত্তিক কেনেকৈ নিৰ্দ্ধাৰণ কৰিব পাৰে?

আপুনি হয়তো এজন কিশোৰ ব্যক্তি হʼব পাৰে। আপোনাৰ পিতৃ-মাতৃ যদি ঈশ্বৰৰ পূৰ্ণ-সময়ৰ সেৱক, তেনেহʼলে আপোনাৰ ঘৰত নিশ্চয়ে নিয়মীয়াকৈ পৰিবাৰিক বাইবেল অধ্যয়ন কৰাৰ তালিকা আছে। পৰিবাৰিক বাইবেল অধ্যয়নৰ প্ৰতি আপোনাৰ মনোবৃত্তি কি? আপুনি নিজকে এইধৰণৰ প্ৰশ্নসমূহ কিয় নুসোধে: ‘মোৰ পৰিয়ালত হোৱা পৰিবাৰিক বাইবেল অধ্যয়নক মই সম্পূৰ্ণ হৃদয়েৰে সহযোগ কৰোঁনে? পৰিবাৰিক অধ্যয়নৰ তালিকাত কোনো বাধা নজন্মাবলৈ মই এনে কোনো কাৰ্য্য কৰাৰ পৰা আঁতৰি থাকি অধ্যয়নত সহযোগ কৰোঁনে?’ (ফিলিপীয়া ৩:১৬) ‘মই কাৰ্য্যকাৰীৰূপে অধ্যয়নত ভাগ লওঁনে? যেতিয়া উপযুক্ত হয়, তেতিয়া মই অধ্যয়নৰ বিষয়টোৰ প্ৰয়োগৰ ওপৰত মন্তব্য দিওঁনে? যেনেকৈ মই আধ্যাত্মিকভাৱে উন্নতি কৰোঁ, তেনেকৈ ‘বয়সীয়াবিলাকৰ যি টান আহাৰৰ’ প্ৰতি সোৱাদ বিকাশিত কৰোঁনে?’—ইব্ৰী ৫:১৩, ১৪.

৬, ৭. কিশোৰ অৱস্থাত নিতৌ বাইবেল পাঠ কৰিবলৈ তালিকা বনোৱাটো কেনে লাভজনক?

প্ৰত্যেক দিনা বাইবেল অধ্যয়ন কৰিবলৈ তালিকা বনোৱাটো অতি গুৰুত্বপূৰ্ণ। গীতমালা লিখকে এইদৰে গাইছিল: “যি মানুহে দুষ্টবোৰৰ আলচত নচলে, পাপীবোৰৰ পথত থিয় নহয়, . . . কিন্তু যিহোৱাৰ ব্যৱস্থাত সন্তুষ্ট হয়, আৰু দিনে-ৰাতিয়ে তেওঁৰ ব্যৱস্থা ধ্যান কৰে, সেই মানুহেই ধন্য।” (গীতমালা ১:১, ২) মোচিৰ পিচত হোৱা পদাধিকাৰী যিহোচূৱাই ‘দিনে-ৰাতিয়ে ব্যৱস্থা-পুস্তকখনি ধ্যান কৰিছিল।’ ইয়ে তেওঁক বুদ্ধিমানেৰে কাৰ্য্য আৰু ঈশ্বৰে দিয়া নিযুক্ত কৰ্ম্মক সফলতাৰে সম্পন্ন কৰিবলৈ সহায় কৰিছিল। (যিহোচূৱা ১:৮) আমাৰ নেতা যীচুৱে এইদৰে কৈছিল: “মানুহ কেৱল পিঠাৰেই নিজীব, কিন্তু ঈশ্বৰৰ মুখৰ পৰা ওলোৱা প্ৰত্যেক বাক্যেৰেহে জীব, এই বুলি লিখা আছে।” (মথি ৪:৪) আমাক নিতৌ শাৰীৰিক আহাৰ গ্ৰহণ কৰা আৱশ্যক হয়। কিন্তু তাতকৈ অধিক আৱশ্যক হৈছে নিয়মিতৰূপে আধ্যাত্মিক আহাৰ গ্ৰহণ কৰা!

নিজৰ আধ্যাত্মিক আৱশ্যকতাৰ বিষয়ে জানিব পাৰি নীকল্‌ নামৰ এজনী ১৩ বছৰীয়া ছোৱালীয়ে প্ৰত্যেক দিনে বাইবেল পাঠ কৰিছিল। a এতিয়া তাইৰ বয়স হৈছে ১৬ বছৰ, তাই সম্পূৰ্ণ বাইবেলখন পঢ়া শেষ কৰি দ্বিতীয়বাৰৰ বাবে বাইবেলখনৰ প্ৰায় আধা ভাগ পঢ়ি শেষ কৰিছে। তাই অনুকৰণ কৰা প্ৰণালীটো হৈছে একেবাৰে সহজ। এই বিষয়ে তাই এইদৰে কৈছিল, “মই প্ৰত্যেক দিনা অন্ততঃ এখনকৈ পৃষ্ঠা পঢ়িবলৈ লক্ষ্য ৰাখোঁ। তাই প্ৰত্যেক দিনা বাইবেলখন পঢ়া কাৰ্য্যই তাইক কেনেকৈ সহায় কৰিলে? উত্তৰত তাই এইদৰে কৈছিল: “বৰ্তমান সময়ত বেয়া প্ৰভাৱসমূহ অধিকৈ বৃদ্ধি পাইছে। সেয়েহে মই সদায়ে স্কুলত হেঁচাৰ সম্মুখীন আৰু সকলো ঠাইতে মোৰ বিশ্বাস পৰীক্ষিত হয়। প্ৰত্যেক দিনা কৰা বাইবেল পাঠৰ বাবে সিদ্ধান্ত আৰু আজ্ঞাসমূহক ততালিকে স্মৰণ কৰাৰ দ্বাৰা মই হেঁচাবোৰত সফলতা পাবলৈ সহায় লাভ কৰোঁ। ফলস্বৰূপে মই যিহোৱা আৰু যীচুক নিজৰ অধিক কাষত থকা যেন অনুভৱ কৰোঁ।”

৮. ধৰ্ম্মধামৰ সম্পৰ্কে যীচুৰ কেনে অভ্যাস আছিল আৰু কিশোৰ-কিশোৰীসকলে কেনেকৈ তেওঁৰ আৰ্হিক অনুকৰণ কৰিব পাৰে?

ধৰ্ম্মধামত শাস্ত্ৰ পাঠ কৰা শুনা আৰু তাত অংশ গ্ৰহণ কৰাটো যীচুৰ অভ্যাসত পৰিণত হৈছিল। (লূক ৪:১৬; পাঁচনিৰ কৰ্ম্ম ১৫:২১) ডেকাসকলে এই আৰ্হিক অনুকৰণ কৰি সদায়ে বাইবেল পাঠ আৰু অধ্যয়ন কৰা খ্ৰীষ্টান সভাবোৰত উপস্থিত হʼলে কিমান যে উত্তম হʼব! এই সভাৰ প্ৰতি মূল্যাঙ্কণ প্ৰকাশ কৰি ৰিচাৰ্ড নামৰ এজন ১৪ বছৰীয়া লʼৰাই এইদৰে কৈছিল: “সভাবোৰ মোৰ বাবে অত্যন্ত মূল্যবান। তাত উপস্থিত হৈ মই সদায়ে ভাল-বেয়া, নৈতিক-অনৈতিক আৰু খ্ৰীষ্টই কি পছন্দ কৰে আৰু কি নকৰে এই বিষয়ে সদায়ে শিক্ষা লাভ কৰোঁ। গতিকে মোক কোনো বেয়া অভিজ্ঞতা বা কঠিনভাৱে শিকাৰ আৱশ্যকতা নাই।” এইটো সঁচা যে “যিহোৱাৰ সাক্ষ্য বিশ্বাসযোগ্য, অজ্ঞানক জ্ঞান দিওঁতা।” (গীতমালা ১৯:৭) নিকলে এই জ্ঞান পাবলৈ প্ৰত্যেক সপ্তাহৰ পাঁচখন সভাত উপস্থিত হয়। তদুপৰি, তাই সভাৰ বিষয়বস্তুৰ বিষয়ে প্ৰস্তুত কৰিবলৈ দুইৰ পৰা তিনি ঘন্টা সময় অতিবাহিত কৰে।—ইফিচীয়া ৫:১৫, ১৬.

৯. কিশোৰ-কিশোৰীসকলে কেনেকৈ ‘জ্ঞানত বৃদ্ধি’ হʼব পাৰে?

কিশোৰ-কিশোৰী অৱস্থাতোৱে হৈছে উপযুক্ত সময়, যিটো সময়ত ‘একমাত্ৰ সত্য ঈশ্বৰ আৰু তেওঁ পঠিওৱা যীচু খ্ৰীষ্টৰ বিষয়ে জ্ঞান’ লʼব পাৰে। (যোহন ১৭:৩) আপুনি হয়তো এনে বহুতো কিশোৰ-কিশোৰীক দেখিছে, যিসকলে কেৱল গল্প কিতাপ পঢ়া, টিভি চোৱা, ভিডিঅ গেমচ্‌ বা ইন্টাৰনেটত তেওঁলোকৰ সময় অতিবাহিত কৰে। আপোনাৰ সম্মুখত আমাৰ নেতাৰ উত্তম আৰ্হি থাকোঁতে, আপুনি কিয় তেওঁবিলাকৰ আৰ্হিক অনুকৰণ কৰিব? লʼৰালি কালত তেওঁ যিহোৱাৰ বিষয়ে শিকিবলৈ পাই আনন্দিত হৈছিল। তাৰ কেনে ফল লাভ কৰিলে? আধ্যাত্মিক বিষয়সমূহৰ প্ৰতি প্ৰেম থকাৰ বাবে “যীচু জ্ঞানত . . . বৃদ্ধি পাই থাকিল।” (লূক ২:৫২) আপুনিও তেনেদৰে কৰিব পাৰে।

“ইজনে সিজনৰ বশীভূত হোৱা”

১০. এটা পৰিয়ালৰ জীৱন সুখী আৰু আনন্দিত কৰি তুলিবলৈ কিহে সহায় কৰিব?

১০ এখন ঘৰ শান্তিৰ বাসস্থান অথবা হাই-কাজিয়াৰে ভৰি থকা এখন ৰণভূমি হʼব পাৰে। (হিতোপদেশ ২১:১৯; ২৬:২১) আমি খ্ৰীষ্টৰ নেতৃত্বক গ্ৰহণ কৰি এটা সুখ-শান্তিৰে ভৰা পৰিয়াল গঢ়ি তুলিব পাৰোঁ। এই সন্দৰ্ভত যীচুৱে আৰ্হি ৰাখিলে, যাৰ যোগেদি পৰিয়ালৰ সম্বন্ধক অটুট কৰিব পাৰি। এই বিষয়ে শাস্ত্ৰই এইদৰে কৈছে: “ইজনে সিজনৰ বশীভূত হোৱা। হে ভাৰ্য্যাবিলাক, তোমালোক যেনেকৈ প্ৰভুৰ, তেনেকৈ নিজ নিজ স্বামীৰো বশীভূত হোৱা; কিয়নো খ্ৰীষ্ট যেনেকৈ মন্ডলীৰ মূৰ আৰু নিজেই শৰীৰৰ ত্ৰাণকৰ্ত্তা, তেনেকৈ স্বামীও ভাৰ্য্যাৰ মূৰস্বৰূপ হৈছে। . . . হে পুৰুষবিলাক, খ্ৰীষ্টে যেনেকৈ মন্ডলীক প্ৰেম কৰিলে আৰু তাৰ কাৰণে নিজকে শোধাই দিলে, তেনেকৈ তোমালোকেও নিজ নিজ ভাৰ্য্যাক প্ৰেম কৰা।” (ইফিচীয়া ৫:২১-২৫) কলচীয়া মন্ডলীলৈ পাঁচনী পৌলে এইদৰে লিখিছিল: “হে সন্তাবিলাক, তোমালোকে সকলো বিষয়তে পিতৃ-মাতৃৰ আজ্ঞাধীন হোৱা; কিয়নো প্ৰভুত সেয়েই সন্তোষজনক।”—কলচীয়া ৩:১৮-২০.

১১. খ্ৰীষ্টৰ নেতৃত্বই যে এজন স্বামীৰ বাবে প্ৰকৃত অৰ্থ ৰাখে তাক তেওঁ কি দৰে প্ৰকাশ কৰিব?

১১ এই পৰামৰ্শক পালন কৰাৰ অৰ্থ হৈছে ঘৰখনত স্বামীয়ে পৰিয়ালৰ নেতৃত্ব, তেওঁৰ পত্নীয়ে বিশ্বাসী হৈ সহযোগ আৰু লʼৰা-ছোৱালীয়ে তেওঁলোকৰ পিতৃ-মাতৃৰ আজ্ঞা পালন কৰা। মূৰস্বৰূপ এজন পুৰুষে তেতিয়া পৰিয়ালটোক সুখী কৰিব পাৰে, যেতিয়া সকলোবোৰ সঠিকভাৱে সমাধান কৰে। এজন বুদ্ধিমান স্বামীয়ে নিজৰ মূৰস্বৰূপ আৰু নেতৃত্ব লোৱা যীচুৰ আৰ্হিক অনুকৰণ কৰি নিজৰ মুৰব্বীৰ দায়িত্বক বহন কৰিবলৈ শিকা উচিত। (১ কৰিন্থীয়া ১১:৩) পিছলৈ যীচুৱে যদিও “সকলোৰে মূৰ” হʼবলৈ আছিল, তথাপিও তেওঁ এই পৃথিৱীত “সেৱা-শুশ্ৰূষা পাবলৈ নহয়, সেৱা-শুশ্ৰূষা কৰিবলৈ” আহিছিল। (ইফিচীয়া ১:২২; মথি ২০:২৬) একেইদৰে এজন খ্ৰীষ্টান স্বামীও নিজৰ মুখীয়ালৰ দায়িত্ব কোনো স্বাৰ্থপৰ লাভৰ বাবে নহয়, কিন্তু নিজৰ পত্নী আৰু লʼৰা-ছোৱালী অৰ্থাৎ সম্পূৰ্ণ পৰিয়ালটোক চোৱা-চিতা কৰাৰ বাবে ব্যৱহাৰ কৰা আৱশ্যক। (১ কৰিন্থীয়া ১৩:৪, ৫) তেওঁ নিশ্চয়ে নিজৰ মুখীয়াল দায়িত্বক পালন কৰোঁতে ঈশ্বৰীয় গুণসমূহ আৰু তেওঁৰ মূৰস্বৰূপ যীচু খ্ৰীষ্টক অনুকৰণ কৰিবলৈ বিচাৰিব। যীচুৰ দৰে তেওঁ নম্ৰ আৰু কোমল চিত্তৰ ব্যক্তি হʼব। (মথি ১১:২৮-৩০) তেওঁৰ বাবে “মোক ক্ষমা কৰা” বা “তুমি ঠিকে কৈছা” বুলি কʼবলৈ কঠিন নহʼব। স্বামীয়ে ৰখা উত্তম উদাহৰণে তেওঁৰ পত্নীক “উপযুক্ত সহকাৰী” আৰু “সঙ্গিনী” হʼবলৈ সহায় কৰিব। তদুপৰি; তাই স্বামীয়ে কোৱাৰ দৰে কাৰ্য্য কৰিব।—আদিপুস্তক ২:২০; মলাখী ২:১৪.

১২. এগৰাকী পত্নীক মূৰস্বৰূপ সিদ্ধান্তক পালন কৰিবলৈ কিহে সহায় কৰিব?

১২ পত্নীয়েও নিজৰ ভূমিকা বুজি তাইৰ স্বামীৰ অধীন হোৱা আৱশ্যক। যদি পত্নীয়ে এই জগতৰ ৰীতি-নীতিৰ দ্বাৰা প্ৰভাৱিত হয়, তেনেহʼলে তাই স্বামীক ঘৰখনৰ মুখীয়াল হিচাবে গ্ৰহণ কৰি তেওঁৰ অধীন হোৱা মনোবৃত্তিক হেয়জ্ঞান কৰিব পাৰে আৰু ভাবিব পাৰে যে পুৰুষৰ অধীন হোৱাটো তাইৰ বাবে প্ৰযোজ্য নহয়। তদুপৰি, শাস্ত্ৰত এইটো পৰামৰ্শ দিয়া নাই যে পুৰুষসকলক স্বেচ্ছাচাৰী হৈ প্ৰভুতা কৰাটো। কিন্তু তেওঁলোকে এনে আচৰণ কৰিব লাগে যাৰ বাবে পত্নীসকলে অধীন হʼবলৈ প্ৰেৰিত হয়। (ইফিচীয়া ৫:২৪) বাইবেলত এইটোও কৈছে যে স্বামী বা পিতৃয়ে নিজৰ পৰিয়ালটোৰ বাবে জবাবদিহি আৰু যিসকলে শাস্ত্ৰৰ পৰামৰ্শ পালন কৰে, তেওঁলোকে পৰিয়ালত শৃংখলা আৰু শান্তি বজাই ৰাখিব পাৰে।—ফিলিপীয়া ২:৫.

১৩. লʼৰা-ছোৱালীয়ে পিতৃ-মাতৃৰ অধীনতা হʼবলৈ যীচুৱে কেনে আৰ্হি ৰাখিলে?

১৩ লʼৰা-ছোৱালীবিলাকেও তেওঁলোকৰ পিতৃ-মাতৃৰ আজ্ঞাকাৰী হোৱা আৱশ্যক। এই সম্বন্ধে যীচুৱে এক উত্তম আৰ্হি প্ৰস্তুত কৰিলে। যীচুক মন্দিৰত এৰি যাত্ৰা কৰা ঘটনাটোৰ সময়ছোৱাত যীচুৰ বয়স আছিল ১২ বছৰ। তাৰ পিছত “তেওঁ তেওঁলোকৰ লগত গৈ, নাচাৰৎ পাই, তেওঁলোকৰ বস হৈ থাকিল।” (লূক ২:৫১) লʼৰা-ছোৱালীয়ে পিতৃ-মাতৃৰ আজ্ঞাকাৰী হৈ থকাৰ দ্বাৰা পৰিয়ালত শান্তি আৰু স্থিৰতা কঢ়িয়াই আনে। পৰিয়ালৰ সকলো সদস্যই যেতিয়া খ্ৰীষ্টৰ নেতৃত্বৰ অধীন হয়, তেতিয়া পৰিয়ালটোত শান্তি বিৰাজ কৰে।

১৪, ১৫. ঘৰখনত উৎপন্ন হোৱা সমস্যাৰ সৈতে সফলতাৰে সম্মুখীন হʼবলৈ কিহে আমাক সহায় কৰিব? এটা উদাহৰণ দিয়ক।

১৪ যীচুক অনুকৰণ আৰু তেওঁৰ পথ পদৰ্শনৰ অনুসাৰে চলিলে, পৰিয়ালত যেনেকুৱাই পৰিস্থিতি নহওঁক কিয় সকলোবোৰ সফলতাৰে সম্মুখীন হʼব পাৰিব। উদাহৰণস্বৰূপে, ৩৫ বছৰীয়া জেৰীয়ে এজনী কিশোৰী থকা লানা নামৰ এগৰাকী মাতৃক বিয়া কৰায়। তেওঁলোকে এনে এটা পৰিস্থিতিৰ সম্মুখীন হʼবলগীয়া হৈছিল যাৰ বিষয়ে তেওঁলোকে কেতিয়াও কল্পনা কৰা নাছিল। জেৰীয়ে এইদৰে কৈছিল: “মই জানো যে এজন সফল মুখীয়াল হʼবলৈ মোক বাইবেলৰ সিদ্ধান্তসমূহৰ অনুসাৰে চলা আৱশ্যক আৰু তেহে পৰিয়ালত সফলতা পোৱা যাব। কিন্তু অতি কম সময়ৰ ভিতৰত মই জানিব পাৰিলোঁ যে মই সেইবোৰক অতি বুদ্ধিমান আৰু বিবেচক হৈ পালন কৰিব লাগিব।” কিয়নো সতিয়ৈ ছোৱালীজনীয়ে তাইৰ আৰু মাকৰ মাজত থকা বিৰোধী বুলি দৃষ্টি কৰি তেওঁক অধিককৈ অপমান কৰিব ধৰিলে। ছোৱালীজনীৰ তেনে মনোবৃত্তিয়ে যে তাইৰ কথা আৰু কাৰ্য্যক প্ৰভাৱিত কৰিছে তাক জানিবলৈ জেৰীয়ে বিবেচক হোৱা আৱশ্যক আছিল। তেওঁ কেনেকৈ সেই পৰিস্থিতিটোক সমাধান কৰিলে? জেৰীয়ে এইদৰে উত্তৰ দিছিল: “লানা আৰু মই দুয়োজনে এই সিদ্ধান্ত ললোঁ যে, অলপ সময়ৰ বাবে লানাই তাইক শিক্ষাদান কৰা দিশটো চোৱা-চিতা কৰিব আৰু একেই সময়ত মই মোৰ সতিয়ৈ জীয়েকৰ সৈতে ভাল সম্বন্ধ গঢ়ি তুলিবলৈ ধ্যান কেন্দ্ৰিত কৰিলোঁ। সময়ত এই প্ৰচেষ্টাই এক ভাল পৰিণাম কঢ়িয়াই আনিলে।”

১৫ যেতিয়া ঘৰখনত কোনো জটিল সমস্যাই দেখা দিয়ে তেতিয়া আমি বিবেচক হৈ আলোচনা কৰা আৱশ্যক যে, পৰিয়ালৰ সদস্যই কিয় তেনেদৰে কৈছে বা কোনো কাৰ্য্য কৰিছে। ইয়াৰ ওপৰিও আমাক ঈশ্বৰৰ সিদ্ধান্তসমূহ প্ৰয়োগ কৰিবলৈ বুদ্ধিমান হোৱা আৱশ্যক। উদাহৰণস্বৰূপে, যীচুৰ বিষয়ে বিবেচনা কৰক। যেতিয়া তেজ বৈ থকা এগৰাকী মহিলাই যীচুৰ কাপোৰ স্পৰ্ষ কৰিলে, তেতিয়া তাইৰ সৈতে তেওঁ বিবেচক আৰু কৰুণাময় হৈ আচৰণ কৰিছিল। (লেবীয়া পুস্তক ১৫:২৫-২৭; মাৰ্ক ৫:৩০-৩৪) বুদ্ধিমান আৰু বিবেচনা হোৱাটো হৈছে আমাৰ নেতাজনৰ বৈশিষ্ট্যতা। (হিতোপদেশ ৮:১২) যিদৰে তেওঁ চলিছিল, তেনেদৰে যদি আমি চলোঁ তেতিয়া নিশ্চয়ে সুখী হʼম।

‘প্ৰথমে তেওঁৰ ৰাজ্য বিচাৰা’

১৬. কিহক আমাৰ জীৱনত প্ৰথম স্থান দিয়া আৱশ্যক আৰু ইয়াক যীচুৱে নিজৰ আৰ্হিৰে কেনেকৈ প্ৰকাশ কৰিলে?

১৬ যিসকলে তেওঁৰ নেতৃত্বৰ অধীনতা স্বীকাৰ কৰে তেওঁলোকে কিহক প্ৰথম স্থান দিয়া আৱশ্যক, এই বিষয়ে যীচুৱে স্পষ্টকৈ বৰ্ণনা কৰি এইদৰে কৈছিল: “প্ৰথমে তেওঁৰ [ঈশ্বৰৰ] ৰাজ্য আৰু ধাৰ্ম্মিকতা বিচাৰা।” (মথি ৬:৩৩) তেওঁ নিজৰ আৰ্হিৰে দেখুৱালে যে কেনেকৈ ঈশ্বৰৰ ৰাজ্যক প্ৰথম স্থান দিয়া আৱশ্যক। যীচুৱে বাপ্তিষ্মা লোৱাৰ পাছত ধ্যান, প্ৰাৰ্থনা কৰা আৰু লঘোন দিয়াৰ বাবে ৪০ দিন সময় অতিবাহিত কৰিলে। তাৰ পিছত তেওঁ এটা পৰীক্ষাৰ সম্মুখীন হৈছিল। চয়তানে তেওঁক ৰাজ্য শাসন কৰিবলৈ আমন্ত্ৰণ কৰি “সকলো ৰাজ্য আৰু সেইবোৰৰ ঐশ্বৰ্য্যও দেখুৱালে।” ক্ষন্তেক কল্পনা কৰক যে, যদি যীচুৱে চয়তানৰ সেই আমন্ত্ৰণক গ্ৰহণ কৰা হʼলে কি হʼলহেঁতেন! কিন্তু ইয়াৰ বিপৰীতে খ্ৰীষ্টই তেওঁৰ পিতৃ ইচ্ছাক পূৰ্ণ কৰাৰ বাবে মনোযোগ দিলে। কিয়নো তেওঁ জানিব পাৰিছিল যে চয়তানৰ এই জগত কেৱল অলপ সময়ৰ বাবে অস্তিত্বত আছে। সেয়েহে তেওঁ ততালিকে চয়তানৰ আমন্ত্ৰণ নাকচ কৰি এইদৰে কʼলে: “তোমাৰ প্ৰভু পৰমেশ্বৰক প্ৰণিপাত কৰা, আৰু কেৱল তেওঁৰেই আৰাধনা কৰা, এই বুলি লিখা আছে।” তাৰ অলপ পাছতেই যীচুৱে “ঘোষণা কৰিবলৈ ধৰিলে, বোলে, মন পালটোৱা; কিয়নো স্বৰ্গৰাজ্য ওচৰ হল।” (মথি ৪:২, ৮-১০, ১৭) তাৰ পিছত যীচুৱে নিজৰ গোটেই জীৱন পূৰ্ণ সময়ে ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে প্ৰচাৰ কৰাত অতিবাহিত কৰিলে।

১৭. আমাৰ জীৱনত যে ঈশ্বৰৰ ৰাজ্যক প্ৰথম স্থান দিছোঁ, তাক আমি কিদৰে প্ৰকাশ কৰিম?

১৭ চয়তানৰ জগতে আমাক লক্ষ্যভ্ৰষ্ট কৰিবলৈ আগবঢ়োৱা অধিক বেতন পোৱা চাকৰি বা বৃত্তিত প্ৰলোভিত নহʼবলৈ আমাৰ নেতাৰ পদচিহ্নক অনুকৰণ কৰোঁহঁক। (মাৰ্ক ১:১৭-২১) এই জগতে আগবঢ়োৱা ফান্দসমূহত পৰি ঈশ্বৰৰ ৰাজ্যক নিজৰ জীৱনত দ্বিতীয় স্থান দিয়াটো কিমান যে অজ্ঞানতাৰ কাৰ্য্য হʼব! যীচুৱে আমাক ৰাজ্যৰ বাৰ্ত্তা প্ৰচাৰ আৰু শিষ্য বনোৱা কাৰ্য্যৰ দায়িত্ব দিছে। (মথি ২৪:১৪; ২৮:১৯, ২০) আমাৰ হয়তো পৰিয়ালক চোৱা-চিতা বা আন আন দায়িত্বসমূহ পালন কৰিবলগীয়া হয়, কিন্তু আমি সন্ধ্যা বা শনিবাৰ অথবা দেউবাৰে খ্ৰীষ্টানৰ দায়িত্ব থকা প্ৰচাৰ আৰু শিক্ষা দিয়া কাৰ্য্যত ভাগ লৈ আনন্দিত নহওঁ নে? ২০০১ চনৰ সেৱা বছৰত ৭,৮০,০০০ জনে পূৰ্ণসময়ৰ সেৱক বা অগ্ৰগামী সেৱকৰূপে কাৰ্য্য কৰা দেখি কিমান যে উৎসাহিত হৈছোঁ!

১৮. প্ৰচাৰ কাৰ্য্যত আনন্দিত হʼবলৈ আমাক কিহে সহায় কৰিব?

১৮ পাঁচনিবিলাকে লিখা বৃতান্তসমূহত যীচুক এজন কৰ্ম্মশীল আৰু দয়ালু ব্যক্তিৰূপে বৰ্ণনা কৰিছে। তেওঁৰ চাৰিওফালে থকা লোকবিলাকৰ আধ্যাত্মিক আৱশ্যকতাক দেখি, তেওঁবিলাকৰ প্ৰতি মৰম লাগিছিল আৰু আগ্ৰহী হৈ তেওঁলোকক সহায় কৰিছিল। (মাৰ্ক ৬:৩১-৩৪) সৰল মনৰ লোকক আমাৰ প্ৰেমতকৈ অধিকৰূপে সহায় আৰু ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে কʼবলৈ আগ্ৰহী হৈ আমি প্ৰচাৰ কাৰ্য্যত অধিক আনন্দিত লাভ কৰিব পাৰিম। কিন্তু আমি কেনেকৈ আগ্ৰহী হʼব পাৰোঁ? এই বিষয়ে জেইচন নামৰ এজন ডেকা ব্যক্তিয়ে এইদৰে কৈছিল: “মই যেতিয়া সৰু আছিলোঁ, তেতিয়া মই প্ৰচাৰ কাৰ্য্যত আনন্দিত হʼব পৰা নাছিলোঁ।” কিহে তেওঁক এই কাৰ্য্যৰ প্ৰতি প্ৰেম বিকাশিত কৰিবলৈ সহায় কৰিলে? জেইচনে এইদৰে উত্তৰ দি কৈছিল: “মোৰ পৰিয়ালটোৱে প্ৰত্যেক শনিবাৰৰ দিনটো প্ৰচাৰ কাৰ্য্যত অতিবাহিত কৰিছিল। এইটো মোৰ বাবে অতি উত্তম বিষয় আছিল, কিয়নো মই যিমানেই প্ৰচাৰলৈ গৈছিলোঁ সিমানেই সফলতা পোৱা দেখিছিলোঁ আৰু মই আনন্দিত হৈছিলোঁ।” ঠিক একেইদৰে আমিও নিতৌ আৰু যত্নেৰে প্ৰচাৰ কাৰ্য্যত ভাগ লোৱা উচিত।

১৯. খ্ৰীষ্টৰ নেতৃত্বৰ সম্বন্ধে আমি কেনে সঙ্কল্প লোৱা উচিত?

১৯ খ্ৰীষ্টৰ নেতৃত্বক গ্ৰহণ কৰিলে অৱশ্যেই সতেজ আৰু আশীৰ্ব্বাদ লাভ কৰিব পাৰি। যেতিয়া আমি আমাৰ ডেকা অৱস্থাত ইয়াক কৰোঁ, তেতিয়া আমি জ্ঞান আৰু বুদ্ধিত উন্নতি কৰিব পাৰোঁ। আমাৰ পৰিয়ালৰ জীৱন শান্তি, সুখী আৰু প্ৰচাৰ কাৰ্য্যত অধিক আনন্দ আৰু সন্তুষ্টি লাভ কৰিব পাৰিম। গতিকে আঁহক আমি আমাৰ দৈনন্দিন জীৱনত সকলো প্ৰকাৰে খ্ৰীষ্টৰ নেতৃত্ব যে এটা বাস্তৱ, তাক প্ৰকাশ কৰিবলৈ দৃঢ় সঙ্কল্প লওঁহঁক। (কলচীয়া ৩:২৩, ২৪) খ্ৰীষ্টান মণ্ডলী হৈছে যীচুৱে তেওঁৰ নেতৃত্বৰ দ্বাৰা প্ৰবন্ধ কৰা আন এক দিশ। পৰৱৰ্তী লেখত এই প্ৰবন্ধটোৰ পৰা আমি কেনেকৈ লাভবান হʼব পাৰোঁ, এই বিষয়ে আলোচনা কৰা হʼব। (w02 3/15)

[ফুটনোট]

a ইয়াত আচল নামৰ পৰিৱৰ্তে ছদ্মনাম ব্যৱহাৰ কৰা হৈছে।

আপোনাৰ মনত আছেনে?

• ঈশ্বৰে নিযুক্ত কৰা নেতাক অনুকৰণ কৰাৰ দ্বাৰা কেনেকৈ লাভবান হʼব পাৰি?

• ডেকাসকলে যে যীচুৰ নেতৃত্বক অনুকৰণ কৰে, তাক তেওঁলোকে কেনেকৈ প্ৰকাশ কৰিব?

• যিসকলে খ্ৰীষ্টৰ নেতৃত্বৰ অধীন হয়, তেওঁলোকৰ পৰিয়ালত কেনে প্ৰভাৱ পৰিব?

• খ্ৰীষ্টৰ নেতৃত্ব যে বাস্তৱিক হয়, তাক আমাৰ প্ৰচাৰ কাৰ্য্যই কি দৰে প্ৰকাশ কৰে?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[২৩ পৃষ্ঠাৰ ছবিসমূহ]

ঈশ্বৰ আৰু আমাৰ অভিষিক্ত নেতাৰ বিষয়ে জ্ঞান লোৱাৰ বাবে ডেকা অৱস্থাটোৱে হৈছে এক উত্তম সময়

[২২ পৃষ্ঠাৰ ছবি]

খ্ৰীষ্টৰ নেতৃত্বৰ অধীন হোৱাৰ দ্বাৰা পৰিয়াল সুখী হʼব পাৰে

[২৪ পৃষ্ঠাৰ ছবি]

যীচুৱে ঈশ্বৰৰ ৰাজ্যক নিজৰ জীৱনত প্ৰথম স্থান দিছিল। আপুনিও তেনেদৰে কৰেনে?