Skip to content

Skip to table of contents

সত্য আপোনাৰ বাবে কিমান মূল্যবান?

সত্য আপোনাৰ বাবে কিমান মূল্যবান?

সত্য আপোনাৰ বাবে কিমান মূল্যবান?

“তোমালোকে সত্যক জানিবা, আৰু সেই সত্যেই তোমালোকক মুক্ত কৰিব।”যোহন ৮:৩২.

১. পীলাতে উল্লেখ কৰা “সত্য” শব্দটোক কিদৰে ব্যৱহাৰ কৰিছিল যাৰ প্ৰতি যীচুৰ দৃষ্টিভঙ্গী ভিন্ন আছিল?

 “সত্য নো কি?” যেতিয়া পীলাতে এইদৰে প্ৰশ্ন সোধিছিল তেতিয়া ইয়াকে বুজিব পৰা গৈছিল যে সাধাৰণতে তেওঁহে কেৱল সেই বিষয়ে জানিবলৈ ইচ্ছুক আছিল। আনহাতে যীচুৱে কেৱল এইদৰে কৈছিল: “সত্যতাৰ পক্ষে সাক্ষ্য দিবলৈ মই জন্ম ধৰি এই জগতলৈ আহিলোঁ।” (যোহন ১৮:৩৭, ৩৮) পীলাতে কোৱাৰ বিপৰীতে, যীচুৱে নিৰ্দিষ্টবাচক শব্দ প্ৰয়োগ “সত্যতা” বুলি উল্লেখ কৰিছিল। প্ৰকৃততে তেওঁ ঈশ্বৰৰ সত্যতাক নিৰ্দেশিত কৰিছিল।

সত্যৰ প্ৰতি এই জগতৰ ভাৱধাৰা

২. যীচুৱে কোৱা কেনে বিবৃতিয়ে সত্যক বহুমূল্য ৰূপে দাঙি ধৰিছে?

পাঁচনি পৌলে এইদৰে কৈছিল: “সকলোৰে যে সেই বিশ্বাস আছে, এনে নহয়।” (২ থিচলনীকীয়া ৩:২) সেই একেইদৰে সত্যৰ ক্ষেত্ৰতো কব পৰা যায়। ইচ্ছাকৃতভাৱে বহুতে বাইবেল আধাৰিত সত্যক হেয়জ্ঞান কৰে। তথাপিও ই কিমান যে মূল্যবান! এই সন্দৰ্ভত যীচুৱে কৈছিল: “তোমালোকে সত্যক জানিবা, আৰু সেই সত্যেই তোমালোকক মুক্ত কৰিব।”—যোহন ৮:৩২.

৩. প্ৰবঞ্চনা শিক্ষাবোৰৰ সম্বন্ধে আমি কেনে সতৰ্কবাণীৰ প্ৰতি ধ্যান দিয়া উচিত?

পাঁচনি পৌলে কৈছিল যে এই সত্য কোনো মানৱ দৰ্শনশাস্ত্ৰ আৰু সম্প্ৰদায়ত পোৱা নাযায়। (কলচীয়া ২:৮) কিয়নো তেনেধৰণৰ শিক্ষা অৱশ্যেই প্ৰবঞ্চনাজনক। পাঁচনি পৌলে ইফিচীয়া মণ্ডলীত থকা খ্ৰীষ্টানসকলক সতৰ্ক কৰি কৈছিল যে যদি তেওঁলোকে তেনে শিক্ষাবোৰৰ ওপৰত বিশ্বাস জন্মায় তেন্তে আধ্যাত্মিক শিশু হৈ “মানুহৰ ঠগত, ধূৰ্ত্ততাৰে ভ্ৰান্তিৰ কুকল্পনাৰে ভ্ৰান্ত হৈ ঢলংপলং কৰোৱা . . . সকলো বিধ শিক্ষাৰূপ বতাহত ইফাল সিফাললৈ নিয়া হব।” (ইফিচীয়া ৪:১৪) বৰ্তমান সময়ত এই ‘মানুহৰ ঠগবিলাকে’ ধৰ্ম্ম প্ৰচাৰৰ দ্বাৰা শিক্ষা দিয়ে যি সকল হৈছে ঈশ্বৰৰ সত্যক বিৰোধ কৰা ব্যক্তি। দ্যা নিউ এনচাইক্লপেডিয়া ব্ৰিটেনিকাৰ অনুসাৰে “প্ৰচাৰ” শব্দটোৰ অৰ্থ হৈছে, “আন ব্যক্তিসকলৰ বিশ্বাস, মনোবৃত্তি বা কাৰ্য্য সলনি কৰাৰ অৰ্থে কৌশলেৰে ক্ৰমাগতভাৱে প্ৰচেষ্টা কৰা।” তেনে প্ৰচাৰে চতুৰতাৰে সত্যক বিকৃতি কৰি মিছা বিষয়বোৰক সত্য বুলি শিক্ষা দিয়ে। তেনে প্ৰবঞ্চনা বিষয়ৰ মাজত সত্যক বিচাৰি উলিয়াবলৈ হʼলে আমি যত্নশীল হৈ শাস্ত্ৰীয় পদবোৰক মনোযোগেৰে অনুসন্ধান কৰা উচিত।

এই জগত আৰু খ্ৰীষ্টানসকল

৪. কোনসকলে সত্য লাভ কৰিছে আৰু যিসকলে ইয়াক পাইছে তেওঁলোকৰ দায়িত্ব কি?

যিসকলে যীচুৰ শিষ্য হৈছিল তেওঁলোকক সম্বোন্ধিত কৰি যীচুৱে যিহোৱালৈ কৰা প্ৰাৰ্থনাত এইদৰে কৈছিল: “সত্যতাত তেওঁবিলাকক পবিত্ৰ কৰা; তোমাৰ বাক্যেই সত্য।” (যোহন ১৭:১৭) সেই লোকসকল যিহোৱাক উপাসনা, তেওঁৰ নাম আৰু ৰাজ্যক বিদিত কৰাৰ অৰ্থে পবিত্ৰ বা পৃথক হʼবলৈ আছিল। (মথি ৬:৯, ১০; মথি ২৪:১৪) যদিও সকলো লোকে এই অধিকাৰ প্ৰাপ্ত নকৰে, তথাপিও যিসকলে আগ্ৰহী তেওঁলোকৰ পৃষ্ঠভূমি, জাতি বা সংস্কৃতি যিয়েই নহওঁক কিয় তেওঁলোকে যিহোৱাৰ এই বিনামূলীয়া উপহাৰ লাভ কৰিব। এই সম্পৰ্কে পাঁচনি পিতৰে এইদৰে কৈছিল: “ঈশ্বৰ পক্ষপাতী নহয়, কিন্তু সকলো জাতিৰ মাজত যি জনে তেওঁলৈ ভয় ৰাখি ধৰ্ম্মআচৰণ কৰে, সেই জন তেওঁৰ গ্ৰাহ্য হয়, ইয়াকে মই নিশ্চয়কৈ বুজ পাইছোঁ।”—পাঁচনিৰ কৰ্ম্ম ১০:৩৪,৩৫.

৫. খ্ৰীষ্টানসকলক প্ৰায়ে কিয় নিৰ্য্যাতনা দিয়া হয়?

খ্ৰীষ্টানসকলে আনক বাইবেলৰ সত্যতাক বিতৰণ কৰিব বিচাৰে, কিন্তু সকলোৱে যে সেই সত্য গ্ৰহণ কৰে, এনে নহয়। এই সন্দৰ্ভত যীচুৱে এইদৰে কৈছিল: “তোমালোকক শত্ৰুৰ হাতত শোধাই দিব, বধো কৰিব; আৰু মোৰ নামৰ কাৰণে তোমালোক সকলো জাতিৰ ঘৃণাৰ পাত্ৰ হবা।” (মথি ২৪:৯) এই পদটোৰ ওপৰত মন্তব্য দি ১৮১৭ চনত জন আৰ. কʼটাৰ নামৰ এজন আয়াৰ্লেণ্ডৰ যাজকে এইদৰে লিখিছিল: “তেওঁলোকে [খ্ৰীষ্টীয়জগতে] প্ৰচাৰ কৰাৰ দ্বাৰা লোকসকলৰ জীৱন পৰিৱৰ্তন কৰি তেওঁলোকক কৃতজ্ঞতা অনুভৱ কৰাৰ বিপৰীতে, প্ৰকৃততে এই কাৰ্য্যই লোকসকলৰ ঘৃণা কাৰণ আৰু অনুগামীসকলে যাজকসকলৰ অসৎ চৰিত্ৰক অনাবৃত কৰাৰ বাবে তেওঁলোকক নিৰ্য্যাতনা দিছিল।” এনে নিৰ্য্যাতনকাৰীবিলাকে “পৰিত্ৰাণ পাবৰ কাৰণেই, যিবোৰে সত্যতাত যি প্ৰেম, তাক গ্ৰাহ্য নকৰিলে।” এইবাবে “যিবোৰে সত্যতাত বিশ্বাস নকৰি অধৰ্ম্মতে সন্তুষ্ট হল, তেওঁবিলাকৰ সোধ-বিচাৰ হবলৈ, তেওঁবিলাকে যেন মিছাত বিশ্বাস কৰে, তাৰ কাৰণে ঈশ্বৰে তেওঁবিলাকলৈ ভ্ৰান্তিৰ কাৰ্য্য-সাধন পঠাই দিয়ে।”—২ থিচলনীকীয়া ২:১০-১২.

৬. এজন প্ৰকৃত খ্ৰীষ্টানে কেনেবোৰ অভিলাষৰ প্ৰতি আগ্ৰহী হোৱা উচিত নহয়?

প্ৰকৃত খ্ৰীষ্টানসকলে যুদ্ধগ্ৰস্ত এই জগতত জীয়াই থাকিবলগীয়া হোৱাৰ কাৰণে পাঁচনি যোহনে তেওঁলোকৰ উদ্দেশ্যে এইদৰে কৈছিল: “তোমালোকে জগতক, বা জগতত থকা বিষয়বোৰক প্ৰেম নকৰিবা . . . কিয়নো জগতত যি সকলো আছে অৰ্থাৎ মাংসৰ অভিলাষ, চকুৰ অভিলাষ, জীৱন কালৰ গৰ্ব্ব, এইবোৰ পিতৃৰ পৰা উৎপন্ন নহয়, জগতৰ পৰাহে হয়।” (১ যোহন ২:১৫, ১৬) যোহনে উল্লেখ কৰা “সকলো” শব্দটো একো নোহোৱাৰ অৰ্থক বুজাইছিল। সেইহেতুকে আমি জগতৰ কোনো বস্তুৰ প্ৰতি অভিলাষ কৰা উচিত নহয়, কিয়নো ইয়ে আমাক সত্যৰ পৰা বিচলিত কৰিব পাৰে। যোহনৰ এই পৰামৰ্শক পালন কৰিলে আমাৰ জীৱনটো গভীৰভাৱে প্ৰভাৱিত হʼব। কেনেকৈ প্ৰভাৱিত হʼব?

৭. সত্যৰ জ্ঞানে ধাৰ্ম্মিসকলক কেনেকৈ প্ৰেৰিত কৰিছে?

যোৱা বছৰ ২০০১ চনত গোটেই বিশ্বজুৰী থকা যিহোৱাৰ সাক্ষীসকলে প্ৰত্যেক মাহত ৪৫ লাখতকৈও অধিক বাইবেল অধ্যয়ন পৰিচালনা কৰিছিল যʼত ব্যক্তিগত আৰু সমূহীয়াকৈ শিক্ষা প্ৰদান কৰা হৈছিল। পৰিণামস্বৰূপে, ২,৬৩,৪৩১ জন ব্যক্তিয়ে বাপ্তিষ্মা লয়। সেই নতুনকৈ হোৱা শিষ্যসকলৰ বাবে সত্যৰ পোহৰ ইমানেই মূল্যবান আছিল যে তেওঁলোকে এই জগতত ব্যাপকৰূপে থকা বেয়া সঙ্গতি, অনৈতিক আৰু অঈশ্বৰীয় কাৰ্য্যবোৰক অগ্ৰাহ্য কৰিলে। বাপ্তিষ্মা লোৱাৰ দিনৰ পৰাই তেওঁলোকে সকলো খ্ৰীষ্টানৰ বাবে থকা যিহোৱাৰ স্তৰসমূহৰ অনুসাৰে জীৱন-যাপন কৰিবলৈ আৰম্ভ কৰিলে। (ইফিচীয়া ৫:৫) এই সত্য আপোনাৰ বাবেও সিমানেই মূল্যবান নে?

যিহোৱাই আমাৰ তত্ত্বাৱধান লয়

৮. যিহোৱাই আমাৰ সমৰ্পণৰ প্ৰতি কেনে প্ৰতিক্ৰিয়া দেখুৱাই আৰু ‘প্ৰথমে ৰাজ্যক বিচাৰাটো’ কিয় এক বুদ্ধিমানৰ কাৰ্য্য হʼব?

আমাত অসিদ্ধতা থকাৰ স্বত্ত্বেও যিহোৱাই উদাৰভাৱে আমি কৰা সমৰ্পণক গ্ৰহণ কৰে। ই যেন এনে কাৰ্য্য, তেওঁ আমাক নিজৰ কাষ চপাবলৈ নিজেই আগবাঢ়ি আহে। সেয়েহে তেওঁ আমাক আমাৰ লক্ষ্য আৰু আকাংক্ষাক উন্নত কৰিবলৈ শিক্ষা দান কৰে। (গীতমালা ১১৩:৬-৮) একেই সময়তে তেওঁৰ সৈতে ব্যক্তিগত সম্বন্ধ বজাই ৰাখিবলৈ সুযোগ দিয়ে আৰু আমি যদি “প্ৰথমে তেওঁৰ ৰাজ্য আৰু ধাৰ্ম্মিকতা বিচাৰোঁ,” তেন্তে তেওঁ আমাৰ তত্ত্বাৱধান লবলৈ প্ৰতিজ্ঞা কৰিছে। ইয়াৰ ওপৰিও যদি আমি তেনে কৰোঁ আৰু আধ্যাত্মিকতাক বজাই ৰাখোঁ তেন্তে তেওঁ প্ৰতিজ্ঞা কৰি এইদৰে কৈছে: “এই সকলোও তোমালোকক দিয়া হʼব।”—মথি ৬:৩৩.

৯. “বিশ্বাসী বুদ্ধিমান দাস” কোন আৰু এই “দাস” বৰ্গৰ যোগেদি যিহোৱাই কেনেকৈ আমাৰ তত্ত্বাৱধান লৈছে?

যীচুৱে ১২ জন শিষ্য বাছি লʼলে আৰু সেই অভিষিক্ত খ্ৰীষ্টানসকলৰ দ্বাৰা মণ্ডলীৰ আধাৰশিলা স্থাপন কৰিলে। তেওঁলোকক “ঈশ্বৰৰ ইস্ৰায়েল” বুলিও কোৱা হয়। (গালাতীয়া ৬:১৬; প্ৰকাশিত বাক্য ২১:৯, ১৪) ইয়াক পিছলৈ “সত্যতাৰ স্তম্ভ আৰু ভিত্তিমূলস্বৰূপে যি ঈশ্বৰৰ গৃহ অৰ্থাৎ জীৱনময় ঈশ্বৰৰ মণ্ডলী” বুলি বৰ্ণনা কৰা হৈছিল। (১ তীমথিয় ৩:১৫) সেই মণ্ডলীৰ সদস্যসকলক যীচুৱে “বিশ্বাসী বুদ্ধিমান দাস” আৰু ‘বিশ্বাসী বুদ্ধিমান ঘৰগিৰী’ বুলি পৰিচয় দিছিল। তেওঁলোকৰ বিষয়ে যীচুৱে এইদৰে কৈছিল যে খ্ৰীষ্টানসকলক “উচিত সময়ত আহাৰ দিবলৈ” তেওঁলোকক দায়িত্ব দিয়া হʼল। (মথি ২৪:৩, ৪৫-৪৭; লূক ১২:৪২) যিদৰে শাৰীৰিক আহাৰৰ অৱিহনে মৃত্যু অনিবাৰ্য্য, ঠিক তেনেদৰে আধ্যাত্মিক আহাৰৰ অৱিহনে আমাৰ আধ্যাত্মিক শৰীৰ দুৰ্ব্বল হৈ মৃত্যু হʼব পাৰে। গতিকে বৰ্তমান সময়ত অস্তিত্বত থকা “বিশ্বাসী বুদ্ধিমান দাস” বৰ্গই এইটো প্ৰমাণ দিছে যে যিহোৱাই আমাৰ তত্ত্বাৱধান লয়। তেন্তে আঁহক আমি যিহোৱাই তেওঁৰ “দাস” বৰ্গৰ যোগেদি যোগান ধৰা আধ্যাত্মিক প্ৰবন্ধবোৰৰ প্ৰতি সদায়ে কৃতজ্ঞতা দেখুৱাওঁহক।—মথি ৫:৩.

১০. আমি কিয় মণ্ডলীৰ সভাবোৰত নিয়মিতৰূপে উপস্থিত থকা আৱশ্যক?

১০ আধ্যাত্মিক আহাৰ গ্ৰহণ কৰাৰ সৈতে ব্যক্তিগত অধ্যয়ন সন্মিলিত আছে। তদুপৰি, আন খ্ৰীষ্টানসকলৰ সৈতে সঙ্গতি কৰা আৰু সভাসমূহত উপস্থিত থকাও জড়িত আছে। যোৱা ছমাহ বা ছয় সপ্তাহৰ পূৰ্বেই আপুনি কেনে আহাৰ গ্ৰহণ কৰিছিল, আপোনাৰ মনত আছেনে? সম্ভৱতঃ নাই। তথাপিও এতিয়া আপুনি গ্ৰহণ কৰা আহাৰে আপোনাক জীয়াই থাকিবলৈ পুষ্টিকতা প্ৰদান কৰি আছে। তেতিয়াৰে পৰা হয়তো আপুনি একেই প্ৰকাৰৰ আহাৰ খাই আছে। খ্ৰীষ্টান সভাত প্ৰবন্ধ কৰা আধ্যাত্মিক আহাৰৰ ক্ষেত্ৰতো সেই একেইদৰে সত্য। আমি হয়তো সভাবোৰত শিকা প্ৰত্যেকটো বিষয় মনত ৰাখিব নোৱাৰোঁ। সেয়েহে একেই প্ৰকাৰৰ বিষয়বোৰ এবাৰতকৈ বেছি প্ৰস্তুত কৰা হয়। তথাপিও, এইটো হৈছে আধ্যাত্মিক আহাৰ আৰু আমাৰ হিতৰ বাবে অতি গুৰুত্বপূৰ্ণ। আমাৰ মণ্ডলীৰ সভাবোৰে নিতৌ উচিত সময়ত উত্তম আধ্যাত্মিক আহাৰৰ যোগান ধৰে।

১১. যেতিয়া আমি সভাসমূহত উপস্থিত হওঁ তেতিয়া কেনে দায়িত্ব পালন কৰিব লাগে?

১১ খ্ৰীষ্টান মণ্ডলীৰ সভাসমূহ হৈছে এনে এক স্থান যʼত আমি দায়িত্ব বহন কৰোঁ। খ্ৰীষ্টানসকলক “পৰস্পৰে মনোযোগ” আৰু প্ৰেমত আৰু “সৎকৰ্ম্মত উত্তেজিত” কৰিবলৈ উপদেশ দিয়া হৈছে। খ্ৰীষ্টান মণ্ডলীৰ সকলো সভাৰ বাবে প্ৰস্তুতি, সভাত উপস্থিত আৰু ভাগ লোৱাৰ অৰ্থ হৈছে নিজৰ আৰু আনৰ বিশ্বাস শক্তিশালী কৰা। (ইব্ৰী ১০:২৩-২৫) সৰু লʼৰা-ছোৱালীৰ দৰে কিছুমানে আধ্যাত্মিক আহাৰ গ্ৰহণ কৰোঁতে বাছ-বিচাৰ কৰিব পাৰে, গতিকে তেনে লোকক আধ্যাত্মিক পুষ্টিকতা গ্ৰহণ কৰিবলৈ একেৰাহে উৎসাহিত কৰা আৱশ্যক। (ইফিচীয়া ৪:১৩) এনে লোকসকলক আৱশ্যকতা অনুসাৰে প্ৰমেৰে উৎসাহিত কৰা প্ৰয়োজন, যাতে তেওঁলোকে পৰিপক্ক খ্ৰীষ্টান ব্যক্তিলৈ উন্নতি কৰিব পাৰে। এই বিষয়ে পাঁচনি পৌলে এইদৰে কৈছিল: “টান আহাৰ, সম্পূৰ্ণ বয়সীয়াবিলাকৰহে, অৰ্থাৎ অভ্যাসৰ কাৰণে যিবিলাকৰ জ্ঞানেন্দ্ৰিয়বোৰ ভাল-বেয়া বিষয় নিৰ্ণয় কৰাত নিপুণ, তেওঁবিলাকৰহে।”—ইব্ৰী ৫:১৪.

নিজৰ আধ্যাত্মিকতাক প্ৰতিপালন কৰা

১২. একেৰাহে সত্যৰ পথত চলি থাকিবলৈ সৰ্বপ্ৰথমে কাৰ দায়িত্ব? বৰ্ণনা কৰক।

১২ যিদৰে সত্যৰ পথত চলিবলৈ আমাৰ বিবাহ সঙ্গী বা পিতৃ-মাতৃয়ে উৎসাহিত কৰিব পাৰে, ঠিক তেনেদৰে আমি ঈশ্বৰৰ জাকৰ এজন সদস্য হোৱাৰ বাবে প্ৰাচীনসকলে আমাক প্ৰতিপালন কৰে। (পাঁচনিৰ কৰ্ম্ম ২০:২৮) সত্যৰ পথত একেৰাহে চলি থাকিবলৈ কৰা প্ৰচেষ্টাত সৰ্বপ্ৰথমে কাৰ দায়িত্ব? প্ৰকৃততে আমাৰ প্ৰত্যেকজন ব্যক্তিৰে দায়িত্ব। এই দায়িত্ব পালন কৰাটো কঠিন আৰু স্বাভাৱিক পৰিস্থিতিতো সেই একেই দৰে প্ৰযোজ্য হয়। এই সংক্ৰান্তত তলত দিয়া ঘটনাটোক লক্ষ্য কৰক।

১৩, ১৪. দৃষ্টান্তত উল্লেখ কৰা মেৰ পোৱালীৰ ঘটনাটোৰ দৰে, আমি কেনেকৈ আধ্যাত্মিক সহায় বিচাৰিব পাৰোঁ?

১৩ স্কটলেণ্ডত এবাৰ কিছুমান মেৰৰ পোৱালীয়ে পাহাৰ ওপৰত চৰি আছিল, তাৰে এটাই পাহাৰৰ নামনিত থকা শিলৰ দমৰ ওপৰত বাগৰি পৰিল। সেই পোৱালীটোৱে কোনো আঘাট পোৱা নাছিল, কিন্তু সি পুনৰাই বগাই ওপৰলৈ উঠিবলৈ ভয় কৰিছিল। সেইবাবে পোৱালীটোৱে চিঞৰি বেবাবলৈ ধৰিলে। মাকেও তাৰ মাত শুনিলে আৰু মেৰ ৰক্ষীয়াজনে আহি পোৱালীটোক উদ্ধাৰ নকৰালৈকে বেবাই থাকিল।

১৪ সেই ঘটনাটোৰ অনুক্ৰমৰ বিষয়ে লক্ষ্য কৰক। পোৱালিটোৰ সৈতে মাকেও সহায়ৰ বাবে বেবাব ধৰিছিল যাতে সিহঁতৰ মাত শুনি ৰক্ষীয়াজনে শীঘ্ৰেই কোনো পদক্ষেপ লয়। যেতিয়া এটা সৰু মেৰৰ পোৱালী আৰু তাৰ মাকে বিপদ বুজি তৎক্ষণাত সহায় বিচাৰে, তেনেহʼলে অপ্ৰত্যাশিতভাৱে আমালৈ অহা চয়তানৰ জগতৰ আধ্যাত্মিক বিপদত সেই একেইদৰে প্ৰতিক্ৰিয়া দেখুৱাটো উচিত নহʼবনে বাৰু? (যাকোব ৫:১৪, ১৫; ১ পিতৰ ৫:৮) যদি আমি সত্যত নতুন বা শিশু হওঁ তেতিয়া নিশ্চয়ে অভিজ্ঞতাহীন হʼম।

ঈশ্বৰীয় নিৰ্দ্দেশনাই আমালৈ আনন্দ কঢ়িয়াই আনে

১৫. এগৰাকী বৃদ্ধা মহিলাই খ্ৰীষ্টান মণ্ডলীৰ সৈতে সঙ্গতি কৰি কেনে অনুভৱ কৰিছিল?

১৫ যিসকলে সত্য ঈশ্বৰক উপাসনা কৰে তেওঁলোকে বাইবেলখন বুজি পোৱা আৰু মানসিকভাৱে শান্তি লাভ কৰি পোৱা লাভসমূহৰ বিষয়ে বিবেচনা কৰক। এগৰাকী ৭০ বছৰীয়া বৃদ্ধাই নিজৰ গোটেই জীৱন কাল ইংলেণ্ডৰ এখন গীৰ্জাত উপস্থিত হৈছিল। পিছলৈ সেই বৃদ্ধাগৰাকীয়ে যিহোৱাৰ সাক্ষী হোৱা এগৰাকী ভনীৰ সৈতে বাইবেল অধ্যয়ন কৰিবলৈ মান্তি হয়। অতি কম সময়ৰ ভিতৰতে সেই বৃদ্ধা মহিলাগৰাকীয়ে ঈশ্বৰৰ নাম যিহোৱা আৰু স্থানীয় ৰাজ্যগৃহত কৰা ৰাজহুৱা প্ৰাৰ্থনাবোৰৰ শেষত হৃদয়েৰে “আমেন” বুলি কʼবলৈ শিকিলে। সেই বৃদ্ধা মহিলাগৰাকীয়ে সম্পূৰ্ণভাৱে আৱেগীক হৈ এইদৰে কৈছিল: “মানৱীয় হিচাবে অংকিত কৰি ৰখা ঈশ্বৰৰ ছবিক প্ৰাৰ্থনা কৰাৰ পৰিৱৰ্তে আপোনালোকে এইদৰে প্ৰাৰ্থনা কৰে, তেওঁ যেন স্বয়ং এজন বন্ধুৰ দৰে আমাৰ মাজত উপস্থিত আছে। এনেদৰে মই মোৰ জীৱনত কেতিয়াও অনুভৱ কৰা নাছিলোঁ।” সত্যই সেই মহিলাগৰাকীৰ জীৱনত যি প্ৰভাৱ পেলালে তাক হয়তো সেই বৃদ্ধা মহিলাগৰাকীয়ে কেতিয়াও পাহৰিব নোৱাৰিব। গতিকে, আহঁক আমি গ্ৰহণ কৰা সেই মূল্যবান সত্যক যেন কেতিয়াও পাহৰি নাযাওঁ।

১৬. (ক) যদি আমি ধন-সম্পত্তিক আমাৰ জীৱনত প্ৰমুখ স্থান দিওঁ, তেনেহʼলে আমি কেনে পৰিণামৰ সম্মুখীন হʼব লাগিব? (খ) আমি কেনেকৈ প্ৰকৃত আনন্দ লাভ কৰিব পাৰোঁ?

১৬ বহুতে বিশ্বাস কৰে যে অধিক ধন-সম্পত্তিয়ে জীৱনত আনন্দ কঢ়িয়াই আনিব পাৰে। দৰাচলতে যদি ধন-সম্পত্তিক নিজৰ জীৱনৰ প্ৰমুখ স্থান দিওঁ, তেনেহʼলে আমি “মানসিক যাতনাৰ” দ্বাৰা পীড়িত হম। (১ তীমথিয় ৬:১০, ফিলিপচ্‌) বহুতো ব্যক্তিয়ে লটাৰী টিকট কিনা, জুৱা খেলা আৰু ষ্টক মাৰ্কেটত ধন ব্যয় কৰাৰ বিষয়ে বিবেচনা কৰক। কিন্তু কেৱল কিছুমানৰহে আশা পূৰ্ণ হয়। হঠাতে অধিক ধন লাভ কৰাৰ পিছতো কিছমানে আনন্দিত হʼব নোৱাৰে। ইয়াৰ বিপৰীতে, যিহোৱাৰ ইচ্ছা পালন, পবিত্ৰ আত্মাৰ নিৰ্দেশনা আৰু তেওঁৰ স্বৰ্গদূতবোৰৰ সহায়ৰ অনুসাৰে চলা খ্ৰীষ্টান মণ্ডলীৰ সৈতে কাৰ্য্য কৰি প্ৰকৃত আনন্দ লাভ কৰিব পাৰি। (গীতমালা ১:১-৩; ৮৪:৪, ৫; ৮৯:১৫) যেতিয়া আমি তেনে কৰোঁ তেতিয়া অনেক বহুমূলীয়া আশীৰ্ব্বাদ লাভ কৰিব পাৰিম। আপোনাৰ জীৱনলৈ আশীৰ্ব্বাদসমূহ অহাৰ বাবে এই সত্য অধিক মূল্যবান নহয়নে বাৰু?

১৭. চিমোন নামৰ এজন চমাৰৰ ঘৰত কিছুদিনৰ বাবে থকা কাৰ্য্যই পাঁচনি পিতৰৰ কেনে মনোবৃত্তি প্ৰকাশ কৰিছে?

১৭ পাঁচনি পিতৰৰ এটা অভিজ্ঞতাৰ বিষয়ে বিবেচনা কৰক। সা.যু. ৩৬ চনত তেওঁ চাৰোণ নামৰ ঠাইলৈ মিছনাৰী কাৰ্য্যৰ বাবে যাত্ৰা কৰে। বাটত তেওঁ লুদ্দা নামৰ এখন ঠাইত ঐনিয় নামেৰে এজন জঠৰ ৰোগীক সুস্থ কৰে আৰু যাফোৰ বন্দৰৰ অভিমুখে যাত্ৰা কৰে। তাত তেওঁ দৰ্কা নামৰ এগৰাকী তিৰোতাক পুনৰুত্থান কৰিছিল। পাঁচনিৰ কৰ্ম্ম ৯:৪৩ পদত এইদৰে কৈছে: “তাৰ পাছত পিতৰ যাফোত, চিমোন নামেৰে এজন চমাৰ লগত ভালে দিন থাকিল।” চমুকৈ দিয়া এই বিৱৰণীয়ে প্ৰকাশ কৰিছে যে পিতৰে সেই চহৰৰ লোকসকলক অপক্ষপাতভাৱে প্ৰচাৰ কৰিছিল। কেনেকৈ? ফ্ৰেড্ৰিক ডাব্লিউ. ফৰাৰ নামৰ এজন বাইবেল বিদ্বানে এইদৰে লিখিছিল: মোচিৰ নিয়ম পালন কৰোঁতাসকলে কেতিয়াও তেনে চমাৰৰ ঘৰত নাথাকিলেহেঁতেন। কিয়নো, তেনে ঘৰত ব্যৱসায়ৰ বাবে প্ৰত্যেক দিনে বিভিন্ন জন্তুৰ ছাল আৰু মৰা শ স্পৰ্ষ কৰা হয়, যিটো মোচিৰ ব্যৱস্থা পালন কৰা সকলৰ দৃষ্টিত এক ঘৃণনীয় বিষয়।” চিমোনৰ ঘৰ যদিও চৰ্ম্মশিল্পালয়ৰ কাষত নাছিল কিন্তু, “সাগৰৰ তীৰত” আছিল। যিহেতু তেওঁ ‘এনে এক ব্যৱসায়ৰ সৈতে জড়িত হৈ আছিল, যাক লোকসকলে নীচ দৃষ্টিৰে চাইছিল আৰু যিসকলে এই কাৰ্য্য কৰে তেওঁলোকক কোনেও সন্মান নকৰে।’—পাঁচনিৰ কৰ্ম্ম ১০:৬.

১৮, ১৯. (ক) পাঁচনি পিতৰে পোৱা দৰ্শনৰ বাবে তেওঁ কিয় বিমোৰত পৰিছিল? (খ) অপ্ৰত্যাশিতভাৱে পিতৰে কেনে আশীৰ্ব্বাদ লাভ কৰিলে?

১৮ অপক্ষপাতভাৱে পাঁচনি পিতৰে চিমোনৰ অতিথি সেৱা গ্ৰহণ কৰাৰ বাবে তেওঁ অপ্ৰত্যাশিতভাৱে ঈশ্বৰীয় মাৰ্গ দৰ্শন লাভ কৰিছিল। তেওঁ এনে এটা দৰ্শন দেখিছিল যʼত তেওঁক কিছুমান জীৱ-জন্তুৰ মাংস খাবলৈ আজ্ঞা দিয়া হৈছিল, যিবোৰ যিহূদী ব্যৱস্থাৰ অনুসাৰে অশুচি আছিল। সেয়েহে তেওঁ প্ৰতিবাদ কৰি কৈছিল যে “একো বৰ্জিত আৰু অশুচি বস্তু কেতিয়াও খোৱা নাই।” তিনিবাৰকৈ তেওঁক এইদৰে কোৱা হৈছিল: “ঈশ্বৰে যিহকে শুচি কৰিলে, তাক তুমি বৰ্জিত নুবুলিবা।” দৰাচলতে, “পিতৰে যি দৰ্শন পালে, তাৰ অৰ্থ কি, ইয়াকে মনত সংশয় কৰি” থাকিল।—পাঁচনিৰ কৰ্ম্ম ১০:৫-১৭; ১১:৭-১০.

১৯ পঞ্চাশ কিলোমিটাৰ নিলগত থকা কৈচৰীয়া নামৰ নগৰত বাস কৰা কৰ্ণালিয়া নামৰ অন্যজাতিৰ ব্যক্তিজনেও এটা দৰ্শন দেখিছিল বুলি তাক পিতৰে নাজানিছিল। এতেকে চমাৰৰ ঘৰত থকা পিতৰৰ ওচৰলৈ কোনো দাস পঠিয়াবলৈ যিহোৱাৰ দূতে কৰ্ণালিয়াক নিৰ্দ্দেশ দিলে। আদেশ মতে কৰ্ণালিয়াই নিজৰ দাসবোৰক পঠিয়ালে আৰু পিতৰে তেওঁলোকৰ সৈতে কৈচৰীয়ালৈ ঘূৰি আহিল। তাতে তেওঁ কৰ্ণালিয়া, তেওঁৰ আত্মীয় আৰু বন্ধুবৰ্গক প্ৰচাৰ কৰিলে। পৰিণামস্বৰূপে, ৰাজ্যৰ উত্তৰাধিকাৰী হিচাবে তেওঁলোকে ঈশ্বৰৰ পবিত্ৰ আত্মা লাভ কৰা সৰ্ব্বপ্ৰথম অন্যজাতিৰ লোক হʼল। তেওঁলোক চুন্নৎ নোহোৱা লোক হোৱাৰ স্বত্ত্বেও পিতৰৰ বাক্যক বিশ্বাস কৰি বাপ্তিষ্মা ললে। ইয়ে তেওঁলোকলৈ খ্ৰীষ্টান মণ্ডলীৰ সদস্য হʼবলৈ পথ মুকলি কৰিলে, যিসকলক যিহুদীসকলে অশুচি বুলি জ্ঞান কৰিছিল। (পাঁচনিৰ কৰ্ম্ম ১০:১-৪৮; ১১:১৮) এইটো পাঁচনি পিতৰৰ বাবে কিযে এক বিশেষাধিকাৰ আছিল—কিয়নো সত্যক তেওঁ বহুমূলীয়া হিচাবে দৃষ্টি কৰাৰ বাবে সেই সত্যই তেওঁক যিহোৱাৰ নিৰ্দ্দেশনা আৰু বিশ্বাসেৰে কাৰ্য্য কৰিবলৈ প্ৰেৰিত কৰিলে।

২০. যেতিয়া আমি সত্যক আমাৰ জীৱনত প্ৰথমস্থান দিওঁ, তেতিয়া আমি কেনে ঈশ্বৰীয় সমৰ্থন পাওঁ?

২০ পাঁচনি পৌলে এইদৰে কৈছিল: “প্ৰেমত সত্যাৱলম্বী হৈ, যি খ্ৰীষ্ট মূৰস্বৰূপ, তেওঁৰ উদ্দেশে সকলো বিষয়ত বৃদ্ধি পাওঁ।” (ইফিচীয়া ৪:১৫) বাস্তৱতে, যদি আমি আমাৰ জীৱনত সত্যক প্ৰথমস্থান আৰু যিহোৱাই তেওঁৰ পবিত্ৰ আত্মাৰে দেখুৱা বাটত চলিবলৈ মান্তি হওঁ তেনেহʼলে এতিয়া আমি অধিকৈ আনন্দিত হʼব পাৰিম। ইয়াৰ ওপৰিও মনত ৰাখক যে, পবিত্ৰ স্বৰ্গদূতসকলে আমাৰ প্ৰচাৰ কাৰ্য্যত সহযোগ কৰে। (প্ৰকাশিত বাক্য ১৪:৬, ৭; ২২:৬) যিহোৱাই সহযোগ কৰা তেনে কাৰ্য্য কৰিবলৈ পাই আমি কিমান যে বিশেষ অধিকাৰ লাভ কৰিছোঁ! একেৰাহে বজাই ৰখা অখণ্ডতাই আমাক চিৰকালৰ বাবে সত্য ঈশ্বৰ যিহোৱাৰ স্তুতি কৰিবলৈ পৰিচালিত কৰিব। ইয়াতকৈ আন কোনো বস্তু মূল্যবান হʼব পাৰেনে?—যোহন ১৭:৩. (w02 3/1)

আপুনি কি শিকিলে?

• সত্যক কিয় বহুতে গ্ৰহণ নকৰে?

• চয়তানৰ জগতৰ বস্তুসমূহৰ প্ৰতি প্ৰকৃত খ্ৰীষ্টানসকলে কেনে দৃষ্টি ৰখা উচিত?

• সভাসমূহৰ প্ৰতি আমাৰ কেনে দৃষ্টি হোৱা উচিত আৰু কিয়?

• নিজৰ আধ্যাত্মিকতাক চোৱা-চিতা কৰিবলৈ আমাৰ কেনে দায়িত্ব আছে?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[১৮ পৃষ্ঠাৰ ক্যাপ্‌শন/ছবি]

(লেখনিটো সম্পূৰ্ণ ফৰমেটত চাবলৈ, প্ৰকাশনত চাওক)

মহাসমুদ্ৰ

চাৰোণ সমতলভূমি

কৈচৰিয়া

যাফো

লুদ্দা

যিৰূচালেম

[ছবি]

পাঁচনি পিতৰে ঈশ্বৰীয় মাৰ্গ দৰ্শনৰ অনুসাৰে চলাৰ বাবে অপ্ৰত্যাশিতভাৱে আশীৰ্ব্বাদ লাভ কৰিছিল

[স্বীকৃতিপ্ৰাপ্ত ছবিসমূহ]

মানচিত্ৰ: Mountain High Maps® Copyright © 1997 Digital Wisdom, Inc.

[১৩ পৃষ্ঠাৰ ছবি]

যীচুৱে সত্যতাৰ পক্ষে সাক্ষ্য দিছিল

[১৫ পৃষ্ঠাৰ ছবি]

শাৰীৰিক আহাৰৰ দৰে আধ্যাত্মিক আহাৰো আমাৰ হিতৰ বাবে অতি গুৰুত্বপূৰ্ণ