Skip to content

Skip to table of contents

আমাৰ লাভৰ অৰ্থে ঈশ্বৰৰ ব্যৱস্থাবোৰ দিয়া হৈছে

আমাৰ লাভৰ অৰ্থে ঈশ্বৰৰ ব্যৱস্থাবোৰ দিয়া হৈছে

আমাৰ লাভৰ অৰ্থে ঈশ্বৰৰ ব্যৱস্থাবোৰ দিয়া হৈছে

“মই তোমাৰ ব্যৱস্থা কেনে ভাল পাওঁ!”গীতমালা ১১৯:৯৭.

১. ঈশ্বৰৰ ব্যৱস্থাবোৰৰ আজ্ঞাকাৰী হোৱাৰ প্ৰতি লোকসকলৰ মাজত কেনে সাধাৰণ মনোবৃত্তি দেখা যায়?

 বৰ্তমান সময়ত সকলোৱে ঈশ্বৰৰ ব্যৱস্থাবোৰ পালন নকৰে। বহুতৰ বাবে অদৃশ্য উচ্চ অধিকাৰীজন মূল্যহীন হৈ পৰিছে। আজি আমি নৈতিক আপেক্ষাবাদৰ সময়ছোৱাত জীয়াই আছোঁ যʼত ভাল আৰু বেয়াৰ মাজত কোনো ভিন্নতা নাই। (হিতোপদেশ ১৭:১৫; যিচয়া ৫:২০) বহুতো ধৰ্ম্মীয় সমাজত একে সমান বিচাৰধাৰা প্ৰতিফলিত হোৱা দেখা যায়। যাৰ বিষয়ে অলপতে হোৱা নিৰ্ব্বাচনত এইদৰে প্ৰকাশ পাইছিল, “সৰহভাগ আমেৰিকাৰ বাসিন্দাই স্বয়ং এইটো নিৰ্ণয় লব বিচাৰে যে তেওঁলোকৰ বাবে কি উত্তম আৰু অৰ্থপূৰ্ণ।” তেওঁলোকে “দৃঢ়ভাৱে নৈতিকতাক নিৰীক্ষণ কৰা কোনো শক্তিশালী অধিকাৰী বা আন কোনো ব্যৱস্থা” নিবিচাৰে। এজন সমাজ বিশ্লেষকে এইদৰে কয় যে, আজি “কিহে ব্যক্তিসকলক এক নৈতিক আৰু উত্তম জীৱনলৈ পৰিচালিত কৰিব পাৰে তাৰ বাবে স্বয়ং নিৰ্ণয় লʼবলৈ তেওঁলোকৰ পৰা অপেক্ষা কৰা হয়।” আগলৈ তেওঁ এইদৰে কয়: “বাস্তৱতে কোনো উচ্চ অধিকাৰীয়ে লোকসকলৰ আৱশ্যকতাক পূৰণ কৰিবলৈ তেওঁৰ আজ্ঞাসমূহক স্থাপিত কৰা প্ৰয়োজন।”

২. বাইবেলত প্ৰথমবাৰ উল্লেখ কৰা ব্যৱস্থাই কেনেকৈ ঈশ্বৰৰ আশীৰ্ব্বাদ আৰু অনুমোদনৰ সৈতে ঘনিষ্ঠ সম্বন্ধ আছিল?

যদিও বহুতে ঈশ্বৰৰ ব্যৱস্থাবোৰৰ প্ৰতি অধিক গুৰুত্ব নিদিয়ে, তথাপিও সেইবোৰ যে আমাৰ লাভৰ বাবে দিয়া হৈছে, এই বিষয়ে আমি নিশ্চিত হোৱা উচিত। বাইবেলৰ কʼত প্ৰথমে ব্যৱস্থাৰ বিষয়ে উল্লেখ কৰা হৈছিল, এই বিষয়ে বিবেচনা কৰাটো আগ্ৰহাম্বিত বিষয় হʼব। আদিপুস্তক ২৬:৫ পদত এইদৰে ঈশ্বৰৰ বাক্য পঢ়িবলৈ পাওঁ: “অব্ৰাহামে . . . মোৰ আজ্ঞা, বিধি, আৰু ব্যৱস্থাবোৰ পালন কৰিছিল।” যিহোৱাই মোচিৰ ব্যৱস্থা দিয়াৰ বহু শতাব্দীৰ পূৰ্বেই অব্ৰাহামৰ বংশক সেই ব্যৱস্থা প্ৰদান কৰিছিল। ঈশ্বৰৰ ব্যৱস্থাবোৰৰ প্ৰতি আজ্ঞাকাৰী হোৱাৰ বাবে অব্ৰাহামে তেওঁৰ পৰা কেনে পুৰস্কাৰ লাভ কৰিছিল? যিহোৱাই তেওঁক এইদৰে প্ৰতিজ্ঞা কৰি কৈছিল: “পৃথিবীৰ সমুদায় জাতি, তোমাৰ বংশতে আশীৰ্ব্বাদপ্ৰাপ্ত হব; কিয়নো তুমি মোৰ বাক্য পালন কৰিলা।” (আদিপুস্তক ২২:১৮) ঈশ্বৰৰ নিয়মসমূহ পালন কৰাৰ সৈতে আশীৰ্ব্বাদ আৰু অনুমোদনৰ এক ঘনিষ্ঠ সম্পৰ্ক আছে।

৩. (ক) যিহোৱাৰ ব্যৱস্থাৰ প্ৰতি গীতমালা ৰচোঁতাই কেনেদৰে এটা অনুভূতি প্ৰকাশ কৰিছিল? (খ) কেনে ধৰণৰ প্ৰশ্নই আমাৰ ধ্যান কেন্দ্ৰিত কৰিছে?

গীতমালাৰ ৰচোঁতাজন সম্ভৱতঃ যিহূদাৰ ৰাজকুমাৰ আৰু ভৱিষ্যতে হʼবলগীয়া ৰজাই এনে অভিব্যক্তি প্ৰকাশ কৰিছিল, সাধাৰণতে যিটো ব্যৱস্থাৰ সৈতে সম্পৰ্ক নাৰাখে। তেওঁ উচ্চস্বৰে ঈশ্বৰক এইদৰে কৈছিল: “মই তোমাৰ ব্যৱস্থা কেনে ভাল পাওঁ!” (গীতমালা ১১৯:৯৭) ই কোনো সাধাৰণ উক্তি নাছিল কিন্তু ব্যৱস্থাৰ অনুসাৰে ঈশ্বৰৰ ইচ্ছাৰ প্ৰতি থকা প্ৰেমৰ এক আৱেগীক অভিব্যক্তি আছিল। ঠিক সেইদৰে ঈশ্বৰৰ সিদ্ধ পুত্ৰ যীচুৰো তেনে অনুভূতি আছিল। যীচুৱে ভৱিষ্যতবাণীৰূপে এইদৰে বৰ্ণনা কৰিছিল: “হে মোৰ ঈশ্বৰ, তোমাৰ ইচ্ছা পূৰ কৰিবলৈহে মই ভাল পাওঁ; এনে কি, তোমাৰ ব্যৱস্থা মোৰ অন্তৰত আছে।” (গীতমালা ৪০:৮; ইব্ৰী ১০:৯) আমিও ব্যৱস্থাক তেনেদৰে ভাল পাওঁনে? আমি ঈশ্বৰৰ ইচ্ছা পূৰ কৰিবলৈ আনন্দিত হওঁনে? যিহোৱাৰ ব্যৱস্থাসমূহক আমি উপকাৰী আৰু লাভদায়ক বুলি বিশ্বাস কৰোঁনে? তেওঁৰ ব্যৱস্থাবোৰৰ প্ৰতি আমি আজ্ঞাকাৰী হোৱাটো আমাৰ উপাসনা, দৈনন্দিন জীৱন, কোনো নিৰ্ণয় লোৱা আৰু আনৰ সৈতে ৰখা সম্বন্ধত কেনে স্থান দিওঁ? ঈশ্বৰৰ ব্যৱস্থাক প্ৰেম কৰিবলৈ হʼলে, আমি ভালদৰে বুজি পোৱা আৱশ্যক যে ব্যৱস্থাসমূহ নিৰূপণ আৰু কাৰ্য্যকৰী কৰাৰ বাবে কিয় ঈশ্বৰৰ ক্ষমতা আছিল।

যিহোৱা—এজন প্ৰকৃত ব্যৱস্থাপক

৪. ব্যৱস্থাপক হʼবলৈ কিয় কেৱল যিহোৱাৰহে অধিকাৰ আছে?

বাস্তৱতে গোটেই বিশ্বব্ৰহ্মাণ্ডত একমাত্ৰ যিহোৱাই সৃষ্টিকৰ্তা হোৱাৰ বাবে ব্যৱস্থা দিয়াৰ কেৱল তেওঁৰহে ক্ষমতা আছে। (প্ৰকাশিত বাক্য ৪:১১) এই বিষয়ে ভৱিষ্যতবক্তা যিচয়াই এইদৰে কৈছিল: “যিহোৱা আমাৰ ব্যৱস্থাপক।” (যিচয়া ৩৩:২২) নিৰ্জীৱ আৰু জীৱ, এই উভয়কে নিয়ন্ত্ৰণ কৰিবলৈ যিহোৱাই প্ৰাকৃতিক নিয়ম স্থাপন কৰিলে। (ইয়োব ৩৮:৪-৩৮; ৩৯:১-১২; গীতমালা ১০৪:৫-১৯) মানৱজাতিয়ে ঈশ্বৰৰ সৃষ্টি হোৱা হেতুকে তেওঁ স্থাপন কৰা প্ৰাকৃতিক নিয়মৰ অধীন হোৱা আৱশ্যক। যিহেতু মানৱে স্বতন্ত্ৰ ইচ্ছা আৰু যুক্তি প্ৰদৰ্শন কৰা ক্ষমতা ৰখাৰ স্বত্বেও কেৱল তেতিয়াহে আনন্দিত হʼব পাৰে যেতিয়া নিজকে ঈশ্বৰৰ নৈতিক আৰু আধ্যাত্মিক ব্যৱস্থাবোৰৰ অধীন কৰে।—ৰোমীয়া ১২:১; ১ কৰিন্থীয়া ২:১৪-১৬)

৫. গালাতীয়া ৬:৭ পদত উল্লেখ কৰা সিদ্ধান্তই ঈশ্বৰীয় ব্যৱস্থাৰ ক্ষেত্ৰত কেনেকৈ সত্য বুলি প্ৰমাণিত হʼল?

আমি জানো যে তেওঁৰ প্ৰাকৃতিক নিয়মসমূহ হৈছে কেতিয়াও ভাঙিব নোৱাৰা। (যিৰিমিয়া ৩৩:২০, ২১) যদি এজন ব্যক্তিয়ে প্ৰাকৃতিক নিয়ম, যেনে—মাধ্যাকৰ্ষণ সূত্ৰৰ বিপৰীতে কাৰ্য্য কৰে, তেনেহʼলে তেওঁ তাৰ পৰিণামসমূহ ভূগীব লাগিব। ঠিক তেনেদৰে ঈশ্বৰৰ নৈতিক ব্যৱস্থাসমূহো হৈছে অপৰিবৰ্তনীয় আৰু অব্যাহতি হৈ প্ৰতিৰোধ বা উলঙ্ঘন কৰিব নোৱাৰা। এই নৈতিক নিয়মসমূহো প্ৰাকৃতিক নিয়মসমূহৰ দৰে বলবৎ কৰা হৈছে, ইয়াক উলঙ্ঘন কৰাৰ পৰিণাম ততালিকে ভূগিবলগীয়া নহʼবও পাৰে। কিন্তু, “ঈশ্বৰক ভাণ্ডনা কৰা নাযায়; কিয়নো মানুহে যিহকে বয়, তাকেহে দাব।”—গালাতীয়া ৬:৭; ১ তীমথিয় ৫:২৪.

যিহোৱাই প্ৰদান কৰা ব্যৱস্থাৰ অভিপ্ৰায়

৬. ঈশ্বৰৰ নিয়মবোৰ কেনেকৈ সকলো ক্ষেত্ৰতে জড়িত হৈ আছে?

প্ৰদান কৰা মোচিৰ নিয়ম আছিল ঈশ্বৰৰ ব্যৱস্থাৰ এক উল্লেখনীয় অভিব্যক্তি। (ৰোমীয়া ৭:১২) সময় অতিক্ৰম কৰাৰ লগে লগে যিহোৱা ঈশ্বৰে মোচিৰ নিয়মৰ সলনি ‘খ্ৰীষ্টৰ বিধান’ স্থাপন কৰিছিল। a (গালাতীয়া ৬:২; ১ কৰিন্থীয়া ৯:২১) খ্ৰীষ্টান হোৱা হেতুকে আমি “স্বাধীনতাস্বৰূপ সিদ্ধ বিধানৰ” অধীনত আছোঁ আৰু আমি বুজিব পাৰিছোঁ যে ঈশ্বৰে নিৰ্দ্দেশনাবোৰৰ দ্বাৰা আমাৰ জীৱন প্ৰণালীত কোনো নিৰ্দ্দিষ্ট পৰিসীমা, যেনে, নীতি সিদ্ধান্ত বা অনুষ্ঠানিক বিধি বান্ধি দিয়া নাই। তেওঁৰ সিদ্ধান্তবোৰ জীৱনৰ সকলো ক্ষেত্ৰতে প্ৰযোজ্য হয়, যেনে—পৰিয়াল বিষয়, ব্যৱসায়ত লেন-দেন, বিপৰীত লিঙ্গৰ প্ৰতি কৰা ব্যৱহাৰ, সঙ্গী খ্ৰীষ্টানৰ প্ৰতি দেখুৱা আচৰণ আৰু সত্য উপাসনাত অংশ গ্ৰহণ কৰা।—যাকোব ১:২৫, ২৭.

৭. ঈশ্বৰৰ ব্যৱস্থাবোৰ যে অতি মূল্যৱান তাৰে কিছুমান উদাহৰণ দাঙি ধৰক।

উদাহৰণস্বৰূপে, বাইবেলত এইদৰে কৈছে: “নতুবা, অধৰ্ম্মীবিলাকে যে ঈশ্বৰৰ ৰাজ্যত অধিকাৰ নাপাব, ইয়াক তোমালোকে নাজানা নে কি? তোমালোকে ভ্ৰান্ত নহবা; ব্যভিচাৰী, দেৱপূজক, পৰস্ত্ৰীগামী, সুখাভিলাষী, পুংমৈথুনী, চোৰ, লুভীয়া, মতলীয়া, নিন্দক, বা অপহাৰক, এইবিলাকে ঈশ্বৰৰ ৰাজ্যত অধিকাৰ নাপাব।” (১ কৰিন্থীয়া ৬:৯, ১০) বাস্তৱতে, ব্যভিচাৰ আৰু পৰস্ত্ৰীগামী কেৱল “প্ৰেমত আসক্ত” কাৰ্য্য নহয়। পুংমৈথুনী কোনো “বৈকল্পিক জীৱনধাৰা” নহয়। দৰাচলতে তেনে কাৰ্য্যসমূহে যিহোৱাৰ ব্যৱস্থাক উলঙ্ঘন কৰে। ঠিক সেইদৰে চোৰ কৰা, মিছা কোৱা আৰু নিন্দা কৰা কাৰ্য্যও ঈশ্বৰৰ ব্যৱস্থাক উলঙ্ঘন কৰে। (গীতমালা ১০১:৫; কলচীয়া ৩:৯; ১ পিতৰ ৪:১৫) যাকোবে অহঙ্কাৰ কৰা কাৰ্য্যক দোষী সাব্যস্ত কৰিছে আৰু আনহাতে পাঁচনি পৌলে অশ্লীলতা আৰু উন্মত্ত বলকনিৰ পৰা আঁতৰি থাকিবলৈ উপদেশ দিছে। (ইফিচীয়া ৫:৪; যাকোব ৪:১৬) খ্ৰীষ্টানসকলৰ বাবে এই ব্যৱস্থাৰ সকলো আচৰণ হৈছে যিহোৱাৰ সিদ্ধ বিধানৰ এটা অংশ।—গীতমালা ১৯:৭.

৮. (ক) যিহোৱাৰ ব্যৱস্থাৰ স্বভাৱিক ধৰ্ম কি? (খ) হিব্ৰু ভাষাত “ব্যৱস্থা” শব্দটোৰ মূল অৰ্থ কি?

যিহোৱাৰ বাক্যত থকা তেওঁৰ মূল নিয়মবোৰ আন নিয়ম তালিকা বা আইন বিধিতকৈ মহান বুলি প্ৰকাশ কৰিছে। ঈশ্বৰৰ নিময়সমূহে ভাৰসাম্য, উন্নত জীৱন আৰু আচাৰ-ব্যৱহাৰৰ সকলো ক্ষেত্ৰত লাভৱান হʼবলৈ আধাৰশিলা গঠন কৰে। ঈশ্বৰৰ নিয়ম হৈছে উন্নতজনক, নৈতিকতা আৰু উপদেশপূৰ্ণ। (গীতমালা ১১৯:৭২) গীতমালা ৰচোঁতাজনে ব্যৱহাৰ কৰা “ব্যৱস্থা” শব্দটো হিব্ৰু ভাষাৰ টৰাহ শব্দৰ পৰা অনুবাদ কৰা হৈছে। এই বিষয়ে এজন বাইবেল বিদ্বানে এইদৰে কৈছে: “এই শব্দটো এটা ক্ৰিয়া পদৰ গঠিত হৈছে যাৰ অৰ্থ হৈছে নিৰ্দ্দেশ, প্ৰদৰ্শক, লক্ষ্য আৰু নিক্ষেপ কৰা। ইয়াৰ . .  অৰ্থক আচাৰ-ব্যৱহাৰৰ নিয়মটো প্ৰযোজ্য কৰিব পাৰি।” গীতমালাৰ ৰচোঁতাৰ অনুসাৰে সেই নিয়মটো হৈছে ঈশ্বৰে দিয়া উপহাৰ। গতিকে এই নিয়মৰ প্ৰতি সন্মান দেখুৱাই তাক আমাৰ জীৱনধাৰাত প্ৰভাৱিত কৰিবলৈ দিয়াটো উচিত নহয়নে?

৯, ১০. (ক) আমাক কিয় নিৰ্ভৰশীল নিৰ্দ্দেশনাৰ আৱশ্যক? (খ) আমি কেৱল কেতিয়া সুখী আৰু সফলতাৰে জীৱন-যাপন কৰিব পাৰোঁ?

সকলোকে ভাৰসাশীল নিৰ্দ্দেশনা আৰু বিশ্বাসযোগ্য পথ প্ৰদৰ্শনৰ আৱশ্যক। ঠিক সেইদৰে মানুহতকৈ উচ্চ স্থানত থকা যীচু আৰু আন স্বৰ্গদূতসকলৰ ক্ষেত্ৰটো প্ৰযোজ্য হয়। (গীতমালা ৮:৫; যোহন ৫:৩০; ৬:৩৮; ইব্ৰী ২:৭; প্ৰকাশিত বাক্য ২২:৮, ৯) যদি সেই সিদ্ধ লোকসকলে এই ঈশ্বৰীয় নিৰ্দ্দেশনাৰ পৰা লাভৱান হʼব পাৰে, তেনেহʼলে অসিদ্ধ মানৱৰ বাবে সেই নিৰ্দ্দেশনা কিমান আৱশ্যক হয়! মানৱ ইতিহাস আৰু ব্যক্তিগত অনুভৱসমূহে দেখুৱাইছে যে ভৱিষ্যতবক্তা যিৰিমিয়াই কোৱা কথাষাৰ কিমান যে সত্য, যʼত তেওঁ এইদৰে কৈছিল: “হে যিহোৱা, মই জানো যে, মানুহৰ গতি নিজ অধিকাৰত নাথাকে; নিজ খোজ স্থিৰ কৰিবলৈ খোজ চলাওঁতা জনৰ শক্তি নাই।”—যিৰিমিয়া ১০:২৩.

১০ এক সুখী আৰু সফল জীৱন-যাপন কৰিবলৈ আমি ঈশ্বৰৰ নিৰ্দ্দেশনা বিচৰা উচিত। ৰজা চলোমনে ঈশ্বৰৰ নিৰ্দ্দেশনাৰ পৰিৱৰ্তে নিজৰ স্তৰৰ অনুসাৰে জীৱন-যাপন কৰাৰ বিপদ বুজি এইদৰে কৈছিল: “কোনো কোনো পথ মানুহৰ দৃষ্টিত সৰল বোধ হয়; কিন্তু শেষত সেয়ে মৃত্যুৰ পথ।”—হিতোপদেশ ১৪:১২.

যিহোৱাৰ ব্যৱস্থাক পালন কৰাৰ কাৰণসমূহ

১১. ঈশ্বৰৰ ব্যৱস্থাক বুজিবলৈ আমি কিয় আগ্ৰহী হোৱা উচিত?

১১ যিহোৱাৰ ব্যৱস্থাক বুজি পাবলৈ আমি এক গভীৰ হাবিয়াহ বিকাশিত কৰা আৱশ্যক। গীতমালাৰ ৰচোঁতাজনে কোৱা বাক্যশাৰীত এনে হাবিয়াহ জাগি উঠাৰ বিষয়ে প্ৰকাশ কৰিছে। তেওঁ এইদৰে কৈছিল: “মই তোমাৰ ব্যৱস্থাত আচৰিত আচৰিত বিষয় দেখিবৰ নিমিত্তে, মোৰ চকু মুকলি কৰা।” (গীতমালা ১১৯:১৮) যিমানেই যিহোৱা আৰু তেওঁৰ পথবোৰৰ সৈতে পৰিচিত হʼম, সিমানে সেইবোৰৰ প্ৰতি আমি গভীৰ মূল্যাঙ্কণ কৰিম। এই সত্যতাৰ বিষয়ে যিচয়াই এইদৰে কৈছিল: “তোমাৰ মুক্তিদাতা ইস্ৰায়েলৰ পবিত্ৰ জনা যিহোৱাই এই কথা কৈছে, তোমাৰ উপকাৰৰ অৰ্থে তোমাক শিক্ষা দিওঁতা তুমি যাব লগীয়া বাটেদি তোমাক নিওঁতা তোমাৰ ঈশ্বৰ যিহোৱা ময়েই। অহ, তুমি মোৰ আজ্ঞাত মন দিয়া হলে, কেনে ভাল আছিল!” (যিচয়া ৪৮:১৭, ১৮) এইয়া হৈছে যিহোৱাৰ আন্তৰিক ইচ্ছা যে লোকসকলে তেওঁৰ আজ্ঞাসমূহৰ অনুসাৰে চলি আনন্দেৰে জীৱন-যাপন কৰে। তেন্তে আঁহক আমি কিয় ঈশ্বৰৰ ব্যৱস্থাক পালন কৰা উচিত, তাৰে কিছুমান কাৰণ বিবেচনা কৰোঁহঁক।

১২. আমাৰ প্ৰতি থকা যিহোৱাৰ জ্ঞানে কেনেকৈ তেওঁক উত্তম ব্যৱস্থাপক কৰিলে?

১২ যিজনে আমাক ভালদৰে জানে তেওঁহে সেই ঈশ্বৰীয় ব্যৱস্থাসমূহ প্ৰদান কৰিছে। যিহোৱা আমাৰ সৃষ্টিকৰ্তা হোৱা হেতুকে মানুহৰ বিষয়ে সম্পূৰ্ণকৈ জনাটো যুক্তিসঙ্গত। (গীতমালা ১৩৯:১, ২; পাঁচনিৰ কৰ্ম্ম ১৭:২৪-২৮) যিমান ভালকৈ যিহোৱাই আমাৰ বিষয়ে জানে, তেনেকৈ কোনো ঘনিষ্ঠ বন্ধু, সম্বন্ধীয়া বা পিতৃ-মাতৃসকলেও নাজানে। আনকি আমাৰ বিষয়ে তেওঁ আমাতকৈ অধিক জানে! আমাৰ সৃষ্টিকৰ্ত্তাৰ ওচৰত অতুলনীয় আধ্যাত্মিক, ভাৱাত্মক, মানসিক আৰু শাৰীৰিক আৱশ্যকতাৰ জ্ঞান আছে। যেনেকৈ তেওঁ আমালৈ ধ্যান দিয়ে, তেনেকৈ আমাৰ গঠন, ইচ্ছা আৰু লক্ষ্যৰ বিষয়ে থকা তেওঁৰ জ্ঞান প্ৰকাশ পায়। যিহোৱাই আমাৰ পৰিসীমা আৰু আমি উত্তম কাৰ্য্য কৰা ক্ষমতাৰ বিষয়েও জানে। এই সন্দৰ্ভত গীতমালা ৰচোঁতাই এইদৰে কৈছিল: “তেৱেঁই আমাৰ গঠন জানে, আমি যে ধূলি মাথোন, তাক তেওঁ সোঁৱৰণ কৰে।” (গীতমালা ১০৩:১৪) সেয়েহে যেনেকৈ ব্যৱস্থাৰ অনুসাৰে চলিবলৈ আৰু ঈশ্বৰৰ নিৰ্দ্দেশনাক পালন কৰিবলৈ বিচাৰিম, আমি আধ্যাত্মিক নিৰাপত্তা অনুভব কৰিব পাৰিম।—হিতোপদেশ ৩:১৯-২৬.

১৩ আমি কিয় নিশ্চিত হʼব পাৰোঁ যে যিহোৱাই আমাৰ হিতৰ প্ৰতি অতি আগ্ৰহী?

১৩ যিজনে আমাক প্ৰেম কৰে তেওঁহে ঈশ্বৰীয় ব্যৱস্থা প্ৰদান কৰে। ঈশ্বৰে আমাৰ চিৰস্থায়ী হিতৰ বিষয়ে গভীৰভাৱে চিন্তা কৰে। ঈশ্বৰে তেওঁৰ পুত্ৰক “অনেকৰ মুক্তিৰ মূল্যৰ অৰ্থে নিজৰ প্ৰাণ” দিবলৈ পঠাই এক বৃহৎ মূল্য আদায় কৰা নাছিলনে? (মথি ২০:২৬) তদুপৰি, তেওঁ এইটো প্ৰতিজ্ঞা কৰা নাই যে, আমালৈ “শক্তিৰ অতিৰিক্ত পৰীক্ষা ঘটিবলৈ নিদিব?” (১ কৰিন্থীয়া ১০:১৩) বাইবেলে আমাক আশ্বাস দিয়া নাইনে, যে আমাৰ বাবে “তেওঁ চিন্তা কৰে?” (১ পিতৰ ৫:৭) যিহোৱাৰ বাহিৰে আন কোনেও মানৱজাতিৰ হিতৰ বাবে অধিক প্ৰেমময় নিৰ্দ্দেশনা প্ৰদান কৰিব নোৱাৰে। তেওঁ জানে যে আমাৰ বাবে কি উত্তম আৰু কিহে আমাক আনন্দ আৰু কিহে আমাক দুখলৈ পৰিচালিত কৰিব পাৰে। অসিদ্ধ হোৱাৰ বাবে ভুল কৰাৰ স্বত্বেও যদি আমি ধাৰ্ম্মিকতাৰ পথত চলোঁ, তেনেহʼলে তেওঁ আমাক এনে প্ৰেম দেখুৱাব যিয়ে আমালৈ আশীৰ্ব্বাদ কঢ়িয়াই আনিব।—যিহিষ্কেল ৩৩:১১.

১৪. কেনে গুৰুত্বপূৰ্ণৰূপে ঈশ্বৰৰ ব্যৱস্থা মানুহৰ পৰিকল্পনাৰ তুলনাত একেবাৰে ভিন্ন?

১৪ ঈশ্বৰৰ ব্যৱস্থা হৈছে অপৰিৱৰ্তনশীল। আমি এক অস্থিৰতাপূৰ্ণ সময়ছোৱাত বাস কৰিছোঁ, কিন্তু এনে সময়তো যিহোৱাৰ অস্তিত্ব অনাদি কালৰ পৰা অনন্ত কাললৈকে দৃঢ় আৰু স্থিৰ। (গীতমালা ৯০:২) তেওঁ নিজৰ বিষয়ে এইদৰে কৈছে: “মই যি যিহোৱা, মোৰ পৰিবৰ্ত্তন নাই।” (মলাখী ৩:৬) বাইবেলত উদ্ধৃত কৰি ৰখা তেওঁৰ স্তৰবোৰ সঘনাই পৰিবৰ্তন হৈ থকা মানুহৰ পৰিকল্পনাৰ দৰে নহয়, কিন্তু সম্পূৰ্ণকৈ ভাৰসাযুক্ত। (যাকোব ১:১৭) উদাহৰণস্বৰূপে, বহু বছৰ ধৰি মনোবিজ্ঞানীসকলে লʼৰা-ছোৱালীক প্ৰতিপালন নকৰিবলৈ পৰামৰ্শ দিছিল, কিন্তু পিছলৈ কিছুমান মনোবিজ্ঞানীয়ে তেওঁলোকৰ মন সলনি কৰি কয় যে তেওঁলোকে ভুল পৰামৰ্শ দিছিল। এই জগতৰ স্তৰ আৰু নিৰ্দ্দেশনাসমূহ বতাহৰ ফলত লৰি থকা গছৰ পাতৰ দৰে। কিন্তু যিহোৱাৰ বাক্য হʼলে স্থিৰ। শতাব্দী ধৰি বাইবেলত কোৱা হৈছে প্ৰেমেৰে কেনেকৈ লʼৰা-ছোৱালীক প্ৰতিপালন কৰা আৱশ্যক। এই বিষয়ে পাঁচনি পৌলে এনেদৰে লিখিছিল: “হে পিতৃবিলাক, তোমালোকে নিজ নিজ সন্তানবিলাকৰ খং নোতোলাবা; কিন্তু প্ৰভুৰ শিক্ষা আৰু চেতনাত তেওঁবিলাকক প্ৰতিপালন কৰা।” (ইফিচীয়া ৬:৪) যিহোৱাৰ স্তৰসমূহক অপৰিৱৰ্ত্তনশীল বুলি জানি কিমান যে আশ্বাস পোৱা যায়!

ঈশ্বৰৰ ব্যৱস্থা পালন কৰোঁতাসকলৰ বাবে আশীৰ্ব্বাদ

১৫, ১৬. (ক) যদি আমি যিহোৱাৰ স্তৰসমূহ পালন কৰোঁ তেন্তে কেনে আশীৰ্ব্বাদ লাভ কৰিব পাৰিম? (খ) বিবাহৰ ক্ষেত্ৰত ঈশ্বৰৰ ব্যৱস্থাই কেনেকৈ ব্যৱহাৰিক নিৰ্দ্দেশনা প্ৰদান কৰে?

১৫ ভৱিষ্যতবক্তা যিচয়াৰ দ্বাৰা ঈশ্বৰে এইদৰে কৈছিল: “মোৰ মুখৰ পৰা ওলোৱা বাক্য . . . সিদ্ধ নোহোৱাকৈ উলটি নাহিব।” (যিচয়া ৫৫:১১) এইটো নিশ্চিত যে যেতিয়া আমি তেওঁৰ স্তৰসমূহ পালন কৰিবলৈ চেষ্টা কৰোঁ তেতিয়া আমি সফল, আনন্দ আৰু উত্তম কাৰ্য্য কৰিবলৈ সক্ষম হম।

১৬ এখন সফল বিবাহৰ বাবে ঈশ্বৰৰ ব্যৱস্থাবোৰে কেনেকৈ ব্যৱহাৰিক নিৰ্দ্দেশনা প্ৰদান কৰে, সেই বিষয়ে বিবেচনা কৰক। “সকলোৰে মাজত বিবাহ আদৰণীয়, আৰু তাৰ শৰ্য্যা শুচি হওঁক; কিয়নো ব্যভিচাৰী আৰু পৰস্ত্ৰীগামীবিলাকৰ শোধ-বিচাৰ কৰিব।” (ইব্ৰী ১৩:৪) বিবাহ সঙ্গীসকলে এজনে আনজনক সন্মান আৰু প্ৰেম কৰাৰ বিষয়ে এনেদৰে কৈছে: “তোমালোকেও প্ৰতিজনে নিজ নিজ ভাৰ্য্যাক সেই দৰে নিজৰ নিচিনাকৈ প্ৰেম কৰা; কিন্তু ভাৰ্য্যাই স্বামীলৈ ভয় ৰাখক।” (ইফিচীয়া ৫:৩৩) আৱশ্যক হোৱা সেই প্ৰেমৰ বিষয়ে ১ কৰিন্থীয়া ১৩:৪-৮ পদত এইদৰে বৰ্ণনা কৰিছে: “প্ৰেমে অনেক দিন সহে, মৰমো কৰে; প্ৰেমে ঈৰ্ষা নকৰে; প্ৰেমে আত্ম-গৌৰব নকৰে, অহঙ্কাৰো নকৰে, অশিষ্টাচাৰণ নকৰে, নিজৰ লাভ নিবিচাৰে, ক্ৰোধত উত্তেজিত নহয়, অপকাৰ গণনা নকৰে, অধাৰ্ম্মিকতাত আনন্দ নকৰি সত্যত আনন্দ কৰে, সকলো কথাতে সহন কৰে, সকলোতে বিশ্বাস কৰে, সকলোতে আশা কৰে, সকলোকে সহ্য কৰে। প্ৰেম কেতিয়াও লুপ্ত নহব।” যি বিবাহ এনে এটা প্ৰেমৰ ওপৰত আধাৰিত, সেই বিবাহ কেতিয়াও বিফল নহয়।

১৭. মদ্যপানৰ ক্ষেত্ৰত যিহোৱাৰ স্তৰসমূহক পালন কৰাৰ দ্বাৰা কেনেদৰে লাভৱান হʼব পাৰি?

১৭ আন এক ক্ষেত্ৰটো যিহোৱাৰ স্তৰসমূহ লাভজনক প্ৰমাণিত হৈছে। দৰাচলতে, যিহোৱাই মতলীয়া কাৰ্য্যক ঘৃণা কৰে আৰু তেওঁ ‘দ্ৰাক্ষাৰসত আসক্ত হোৱা’ লোকক গৰিহণা কৰে। (১ তীমথিয় ৩:৩, ৮; ৰোমীয়া ১৩:১৩) যিসকলে তেওঁৰ এই স্তৰসমূহক হেয়জ্ঞান কৰিছে, তেওঁলোকে অপৰিমিতৰূপে মদিৰা পান কৰাৰ ফলত ৰোগবোৰৰ দ্বাৰা পীড়িত হৈছে। ভাৰসাম্য বজাই ৰখা ক্ষেত্ৰত থকা বাইবেলৰ পৰামৰ্শক হেয়জ্ঞান কৰাৰ বাবে কিছুমানৰ এনে অভ্যাস হৈ পৰিছে যে তেওঁলোকে “সুথিল হʼবলৈহে” অত্যাধিকৰূপে পান কৰে। ইয়াৰ ফলত বহুধৰণৰ সমস্যা উৎপন্ন হৈছে, যেনে, আত্ম-সন্মান হেৰুৱা, পৰিয়ালত বিশৃঙ্খলতা বা পৰিয়াল ভাঙি যোৱা, উপাৰ্জন ব্যৰ্থভাৱে খৰচ আৰু চাকৰি হেৰুৱা আদি। (হিতোপদেশ ২৩:১৯-২১, ২৯-৩৫) তেনেহʼলে যিহোৱাই মদ্যপান কৰাৰ বাবে দিয়া ব্যৱস্থাই আমক এই সমস্যাসমূহৰ পৰা ৰক্ষা নকৰেনে?

১৮. ঈশ্বৰৰ ব্যৱস্থাসমূহ আৰ্থিক ক্ষেত্ৰটো ব্যৱহাৰিক নে? বৰ্ণনা কৰক।

১৮ ঈশ্বৰৰ স্তৰসমূহ আৰ্থিক ক্ষেত্ৰতো ব্যৱহাৰিক বুলি প্ৰমাণিত হৈছে। বাইবেলে কৈছে যে খ্ৰীষ্টানসকলে সৎ আৰু পৰিশ্ৰমী হোৱা উচিত। (লূক ১৬:১০; ইফিচীয়া ৪:২৮; কলচীয়া ৩:২৩) এই পৰামৰ্শ পালন কৰাৰ বাবে বহুতো খ্ৰীষ্টান ব্যক্তিয়ে ওখ পদলৈ উন্নতি হৈছে বা আনৰ তুলনাত নিজৰ চাকৰি বচাই ৰাখিব পাৰিছে। যদি এজন ব্যক্তিয়ে অশাস্ত্ৰীয় অভ্যাসবোৰ যেনে, জুৱা খেলা, ধুমপান আৰু নিচা জাতীয় পদাৰ্থৰ সেৱন আদিৰ পৰা আঁতৰি থাকে তেন্তে আৰ্থিকৰূপে সুৰক্ষিত থাকিব। নিসন্দেহে, ঈশ্বৰৰ স্তৰসমূহৰ দ্বাৰা আৰ্থিকৰূপে আন আন ক্ষেত্ৰটো লাভৱান হোৱা বিষয়েও বিবেচনা কৰিব পাৰে।

১৯, ২০. ঈশ্বৰৰ ব্যৱস্থাবোৰক গ্ৰহণ আৰু পালন কৰাটো কিয় বুদ্ধিমানৰ বিষয়?

১৯ অসিদ্ধ মানৱৰ বাবে ঈশ্বৰৰ ব্যৱস্থা আৰু স্তৰসমূহক অতি সহজে উলঙ্ঘন কৰিব পাৰোঁ। চীনয় পৰ্ব্বতৰ নামনিত থকা ইস্ৰায়েলসকলৰ বিষয়ে বিবেচনা কৰক। ঈশ্বৰে তেওঁলোকক এইদৰে কৈছিল: “যদি তোমালোকে নিশ্চয়ে মোৰ কথা শুনা, আৰু মোৰ নিয়মটি পালন কৰা, তেন্তে, তোমালোক সকলো জাতিবিলাকৰ মাজৰ পৰা লোৱা মোৰ বিশেষ স্বত্ব থকা ধনস্বৰূপ লোক হবা।” তেওঁলোকে এইদৰে উত্তৰ দি কৈছিল: “যিহোৱাই যি যি কৈছে, সেই সকলোকে আমি কৰিম।” কিন্তু তেওঁলোকৰ জীৱন-প্ৰণালী কিমান যে বিপৰীতমুখী আছিল! (যাত্ৰাপুস্তক ১৯:৫, ৮; গীতমালা ১০৬:১২-৪৩) গতিকে আঁহক আমি ইস্ৰায়েলসকৰ দৰে নকৰি, ঈশ্বৰৰ স্তৰসমূহক আন্তৰিকতাৰে পালন কৰোঁহক।

২০ যিহোৱাই আমাৰ জীৱনৰ নিৰ্দ্দেশনাৰ বাবে প্ৰদান কৰা ব্যৱস্থাবোৰক পালন কৰি অন্তৰ্দৃষ্টি আৰু আনন্দ লাভ কৰিব পাৰি। (গীতমালা ১৯:৭-১১) ইয়াক সফলতাৰে পালন কৰিবলৈ হʼলে আমি ঈশ্বৰীয় সিদ্ধান্তসমূহৰ প্ৰতি মূল্যাঙ্কণ কৰা উচিত। পৰৱৰ্তী লেখত এই বিষয়ে আলোচনা কৰা হʼব। (w02 4/15)

[ফুটনোট]

a “খ্ৰীষ্ট বিধানৰ” বিষয়ে বিতংকৈ জানিবলৈ, অনুগ্ৰহ কৰি ছেপ্টেম্বৰ ১, ১৯৯৬ চনৰ প্ৰহৰীবুৰুজ, ১৪-২৪ পৃষ্ঠা চাওঁক।

আপোনাৰ মনত আছেনে?

• আমাৰ লাভৰ বাবে প্ৰদান কৰা ঈশ্বৰৰ ব্যৱস্থাত আমি কিয় ভাৰসা কৰিব পাৰোঁ?

• আমি কিহৰ বাবে যিহোৱাৰ ব্যৱস্থাৰ প্ৰতি মূল্যাঙ্কণ দেখুৱা উচিত?

• ঈশ্বৰৰ ব্যৱস্থাবোৰ কি কি ধৰণে লাভদায়ক?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[২১ পৃষ্ঠাৰ ছবি]

যিহোৱাৰ ব্যৱস্থাক পালন কৰাৰ বাবে অব্ৰাহামে প্ৰচুৰ আশীৰ্ব্বাদ লাভ কৰিছিল

[২৩ পৃষ্ঠাৰ ছবি]

বৰ্তমান সময়ৰ দৈনন্দিন চিন্তাধাৰাই বহুতকে ঈশ্বৰৰ ব্যৱস্থা পালন কৰাৰ পৰা আঁতৰাই ৰাখিছে

[২৫ পৃষ্ঠাৰ ছবি]

সমূদ্ৰস্থ শিলাখণ্ডত থকা আলোক স্তম্ভৰ দৰে ঈশ্বৰৰ ব্যৱস্থা স্থিৰ আৰু অপৰিৱৰ্তনশীল