Skip to content

Skip to table of contents

ঈশ্বৰৰ সিদ্ধান্তসমূহৰ দ্বাৰা আপোনাৰ পথ প্ৰদৰ্শন কৰক

ঈশ্বৰৰ সিদ্ধান্তসমূহৰ দ্বাৰা আপোনাৰ পথ প্ৰদৰ্শন কৰক

ঈশ্বৰৰ সিদ্ধান্তসমূহৰ দ্বাৰা আপোনাৰ পথ প্ৰদৰ্শন কৰক

[যিহোৱাই] তোমাৰ উপকাৰৰ অৰ্থে তোমাক শিক্ষা দিওঁতা।”—যিচয়া ৪৮:১৭.

১. সৃষ্টিকৰ্তাই কেনেকৈ মানৱক পৰিচালিত কৰে?

 যেনেকৈ বৈজ্ঞানিকসকলে বিশ্বৰ ৰহস্য অনাবৃত কৰিব বিচাৰিছে, চাৰিওফালে থকা বিশ্বব্ৰহ্মাণ্ডৰ অসীম শক্তি দেখি আঁচৰিত হৈছে। আমাৰ সূৰ্য্যটো হৈছে এক মজলীয়া আকাৰৰ তৰা, যিয়ে প্ৰতি চেকেণ্ডত ১০,০০০ কোটি হাইড্ৰোজেন বোমা বিস্ফোৰিত হোৱাৰ ফলত বিকিৰণ হোৱা শক্তিতকৈ অধিক শক্তি উৎপন্ন কৰে।” বিশ্ববহ্মাণ্ডত থকা তেনে তৰা-নক্ষেত্ৰবোৰ অৰ্থাৎ এই বৃহৎ আকাশ-মণ্ডলক সৃষ্টিকৰ্তাজনে নিজৰ অসীম শক্তিৰ দ্বাৰা এই সকলোকে নিয়ন্ত্ৰণ কৰে। (ইয়োব ৩৮:৩২; যিচয়া ৪০:২৬) তেন্তে আমি মানৱৰ বিষয়ে কি কʼব পাৰোঁ, যাৰ ওচৰত স্বতন্ত্ৰ ইচ্ছা, নৈতিক ক্ষমতা, যুক্তি দৰ্শোৱা গুণ আৰু বুজি পোৱাৰ আধ্যাত্মিক ক্ষমতা আছে? আমাৰ সৃষ্টিকৰ্তাই নিদ্দেৰ্শনা দিবলৈ আমাত কেনে যোগ্যতা দেখিলে? তেওঁ আমাৰ উত্তম প্ৰশিক্ষিত বিবেকৰ সৈতে সন্মিলিত হৈ তেওঁৰ সিদ্ধ ব্যৱস্থা আৰু আকৰ্ষণীয় সিদ্ধান্তসমূহৰ দ্বাৰা প্ৰেমময় মাৰ্গ দৰ্শন আগবঢ়ায়।—২ চমূৱেল ২২:৩১; ৰোমীয়া ২:১৪, ১৫.

২, ৩. যিহোৱাই কেনেধৰণৰ আজ্ঞাকাৰিতা দেখি আনন্দিত হয়?

যিসকলে ঈশ্বৰৰ আজ্ঞাৰ অনুসাৰে চলিবলৈ সিদ্ধান্ত লয়, তেওঁলোকৰ তেনে কাৰ্য্যত তেওঁ আনন্দিত হয়। (হিতোপদেশ ২৭:১১) যিহোৱাই আমাক কোনো কাৰ্য্যক্ৰম নিৰ্দিষ্ট কৰা এটা মগজবিহীন যন্ত্ৰমানৱৰ দৰে নহয়, কিন্তু স্বতন্ত্ৰ ইচ্ছা প্ৰদান কৰি আমক সৃষ্টি কৰিলে যাতে আমি কি উত্তম তাক নিৰ্ণয় লব পাৰোঁ।—ইব্ৰী ৫:১৪.

নিজৰ পিতৃক নিখুঁতভাৱে অনুকৰণ কৰা যীচুৱে তেওঁৰ শিষ্যসকলক এইদৰে কৈছিল: “তোমালোকক মই যি যি আজ্ঞা দিওঁ, সেইবোৰ যদি পালন কৰা, তেন্তে তোমালোক মোৰ বন্ধু। এতিয়াৰ পৰা মই তোমালোকক দাস নোবোলোঁ।” (যোহন ১৫:১৪, ১৫) প্ৰাচীনসময়ত এজন দাসৰ অলপমাত্ৰাত স্বাধীনতা আছিল, তেওঁ অৱশ্যেই নিজৰ মালিকৰ আজ্ঞা মানিব লাগিছিল। আনহাতে, বন্ধুত্ব হৈছে প্ৰকাশ কৰা হৃদয় স্পৰ্ষ গুণসমূহৰ ওপৰত আধাৰিত। গতিকে আমি যিহোৱাৰ বন্ধু হʼব পাৰোঁ। (যাকোব ২:২৩) এই বন্ধুত্ব পাৰস্পৰিক প্ৰেমৰ দ্বাৰা দৃঢ় কৰা হয়। সেয়েহে যীচুৱে প্ৰেমক ঈশ্বৰৰ আজ্ঞা পালন কৰাৰ সৈতে সংযোগ কৰিছিল। তেওঁ এইদৰে কৈছিল: “কোনোৱে যদি মোক প্ৰেম কৰে, তেন্তে তেওঁ মোৰ বাক্য পালন কৰিব; মোৰ পিতৃয়ে তেওঁক প্ৰেম কৰিব।” (যোহন ১৪:২৩) সেই শেষ সীমাত উপনীত আৰু নিৰাপত্তাৰে পৰিচালিত কৰিবলৈ যিহোৱাই আমাক তেওঁৰ সিদ্ধান্তসমূহৰ অনুসাৰে জীৱন-যাপন কৰিবলৈ আমন্ত্ৰণ কৰিছে।

ঈশ্বৰৰ সিদ্ধান্তসমূহ

৪. সিদ্ধান্তসমূহৰ বিষয়ে আপুনি কেনেকৈ বৰ্ণনা কৰিব?

সেই সিদ্ধান্তসমূহ কি? সিদ্ধান্ত শব্দটোক এইদৰে বৰ্ণনা কৰিছে, ই হৈছে “এটা প্ৰচলিত বা মৌলিক সত্য: এটা বিস্তাৰিত আৰু মৌলিক নিয়ম, মূলনীতি বা আন নিয়ম বা মূলনীতিত আধাৰিত অথবা তাৰ পৰা উদ্ভৱ হোৱা বুলি অনুমান কৰা।” (ৱেবষ্টাৰচ থাৰ্ড নিউ ইন্টাৰনেচনেল ডিক্সেনেৰী) অতি মনোযোগেৰে বাইবেলখন অধ্যয়ন কৰাৰ দ্বাৰা জানিব পাৰি যে আমাৰ স্বৰ্গত থকা পিতৃয়ে জীৱনৰ বিভিন্ন ক্ষেত্ৰত ব্যৱহাৰৰ বাবে মূল সিদ্ধান্তসমূহ প্ৰদান কৰিছে। আমি চিৰকালৰ বাবে লাভবান হʼবলৈ এই সিদ্ধান্তসমূহৰ প্ৰবন্ধ কৰিছে। এই সম্পৰ্কে ৰজা চলোমনে এনেদৰে লিখিছিল: “হে মোৰ বোপা, শুনা, আৰু মোৰ কথা গ্ৰহণ কৰা; তাতে তোমাৰ আয়ুসৰ বছৰ অনেক হব। মই তোমাক প্ৰজ্ঞাৰ পথ শিকালোঁ, সৰল পথত গমন কৰালোঁ।” (হিতোপদেশ ৪:১০, ১১) যিহোৱা আৰু সঙ্গী মানৱৰ সৈতে থকা আমাৰ সম্বন্ধ, আমাৰ উপাসনা আৰু দৈনন্দিন জীৱনৰ কথা মনত ৰাখি তেওঁ সেই প্ৰধান সিদ্ধান্তসমূহ প্ৰবন্ধ কৰিলে। (গীতমালা ১:১) আহঁক আমি তাৰে কিছুমান মূল সিদ্ধান্তৰ বিষয়ে বিবেচনা কৰোঁহঁক।

৫. কিছুমান মূল সিদ্ধান্তৰ বিষয়ে উদাহৰণ দাঙি ধৰক।

যিহোৱাৰ সৈতে থকা আমাৰ সম্বন্ধৰ বিষয়ে যীচুৱে এইদৰে বৰ্ণনা কৰিছিল: “তুমি সকলো হৃদয়, সকলো প্ৰাণ, আৰু সকলো চিত্তৰে তোমাৰ প্ৰভু পৰমেশ্বৰক প্ৰেম কৰা।” (মথি ২২:৩৭) ইয়াৰ ওপৰিও সঙ্গী মানৱৰ সৈতে কৰা আচাৰ-ব্যৱহাৰৰ সম্পৰ্কে সিদ্ধান্ত অৰ্থাৎ সোণালী নিয়ম প্ৰদান কৰিছিল। সেই নিয়মত এইদৰে কোৱা হৈছে: “সকলো বিষয়তে লোকে তোমালোকক যেনে ব্যৱহাৰ কৰিলে, তোমালোকে ভাল পোৱা, তোমালোকেও তেওঁবিলাকক তেনে ব্যৱহাৰ কৰা।” (মথি ৭:১২; গালাতীয়া ৬:১০; তীত ৩:২) উপাসনাৰ সম্পৰ্কে আমাক এইদৰে কোৱা হৈছে: “প্ৰেমত আৰু সৎকৰ্ম্মত উত্তেজিত হবলৈ আমি পৰস্পৰে মনোযোগ কৰোঁহঁক; আৰু কোনো কোনোৰ দস্তুৰমতে আমি গোট খাবলৈ নেৰোঁ।” (ইব্ৰী ১০:২৪, ২৫) আমাৰ দৈনন্দিন জীৱনক উদ্দেশ্য কৰি পাঁচনি পৌলে এইদৰে কৈছিল: “তোমালোকে ভোজন-পান আদি যি যি কৰ্ম্ম কৰা, সকলোকে ঈশ্বৰৰ গৌৰৱৰ অৰ্থে কৰিবা।” (১ কৰিন্থীয়া ১০:৩১) ইয়াৰ বাহিৰেও ঈশ্বৰৰ বাক্যত আন বহুতো সিদ্ধান্তৰ বিষয়ে উল্লেখ কৰা হৈছে।

৬. সিদ্ধান্তসমূহ কেনেকৈ ব্যৱস্থাসমূহৰ পৰা ভিন্ন?

সিদ্ধান্তসমূহ হৈছে ক্ৰিয়াশীল, অত্যাৱশ্যকীয় সত্য আৰু বুদ্ধিমান খ্ৰীষ্টান ব্যক্তিসকলে সেইবোৰক প্ৰেম কৰিবলৈ শিকে। যিহোৱাই ৰজা চলোমনক এনেদৰে লিখিবলৈ প্ৰেৰিত কৰিছিল: “মোৰ বাক্যলৈ মনোযোগ কৰা, আৰু মোৰ কথালৈ কাণ পাতা। সেইবোৰ তোমাৰ দৃষ্টিৰ অগোচৰ নহওক; সেইবোৰ তোমাৰ হৃদয়ৰ ভিতৰত ৰাখা। কিয়নো যিবিলাকে সেইবোৰ পায়, সিবিলাকলৈ সেইবোৰ জীৱনস্বৰূপ, আৰু সিবিলাকৰ সৰ্ব্বশৰীৰলৈ স্বাস্থ্যস্বৰূপ।” (হিতোপদেশ ৪:২০-২২) সিদ্ধান্তসমূহ কেনেকৈ ব্যৱস্থাসমূহৰ পৰা ভিন্ন? সিদ্ধান্তই ব্যৱস্থাসমূহৰ বাবে আধাৰশিলা প্ৰদান কৰে। নিয়মসমূহ হৈছে নিৰ্দিষ্ট যিবোৰ হয়তো কোনো বিশেষ সময় বা অৱস্থাৰ বাবে কেৱল ব্যৱহাৰিক হʼব পাৰে, কিন্তু সিদ্ধান্তসমূহ হৈছে চিৰকালৰ বাবে প্ৰযোজ্য। (গীতমালা ১১৯:১১১) ঈশ্বৰীয় সিদ্ধান্তসমূহ কেতিয়াও অপ্ৰচলিত বা অস্তিত্বহীন নহয়। এই ক্ষেত্ৰত যিচয়া ভৱিষ্যতবক্তাই লিখা বাক্যবোৰ সত্যৰূপে প্ৰমাণিত হৈছে, যʼত এইদৰে কোৱা হৈছিল: “তৃণ শুকাই যায়, ফুল জঁয় পৰে; কিন্তু আমাৰ ঈশ্বৰৰ বাক্য অনন্ত কাললৈকে থাকে।”—যিচয়া ৪০:৮.

সিদ্ধান্তসমূহৰ বিষয়ে বিবেচনা কৰি তাৰ অনুসাৰে কাৰ্য্য কৰক

৭. ঈশ্বৰৰ বাক্যই আমাক কেনেকৈ সিদ্ধান্তসমূহক বিবেচনা কৰি তাৰ অনুসাৰে কাৰ্য্য কৰিবলৈ উৎসাহিত কৰে?

“আমাৰ ঈশ্বৰৰ বাক্যই” আমাক সিদ্ধান্তসমূহৰ বিষয়ে সময় অনুযায়ী বাৰে বাৰে বিবেচনা কৰি তাৰ অনুসাৰে কাৰ্য্য কৰিবলৈ উৎসাহিত কৰিছে। যেতিয়া যীচুক ব্যৱস্থাৰ সাৰংশ দিবলৈ কোৱা হৈছিল, তেতিয়া তেওঁ চমুকৈ দুটা উক্তি দাঙি ধৰিছিল—প্ৰথমটো হৈছে যিহোৱাৰ প্ৰতি প্ৰেম আৰু দ্বিতীয়টো হৈছে সঙ্গী মানৱৰ প্ৰতি প্ৰেম। (মথি ২২:৩৭-৪০) এইদৰে উল্লেখ কৰি যীচুৱে পূৰ্বতে দ্বিতীয় বিবৰণ ৬:৪, ৫ পদত বৰ্ণনা কৰা মোচিৰ ব্যৱস্থাৰ প্ৰধান মূলনীতিক চমুকৈ উদ্ধৃত কৰিছিল। সেই পদত এইদৰে কোৱা হৈছিল: “আমাৰ ঈশ্বৰ যিহোৱা একমাত্ৰ যিহোৱা আৰু তুমি তোমাৰ সকলো মন, সকলো প্ৰাণ, আৰু সকলো শক্তিৰে সৈতে নিজ ঈশ্বৰ যিহোৱাক প্ৰেম কৰা।” তদুপৰি, লেবীয়া পুস্তক ১৯:১৮ পদত উল্লেখ কৰা ঈশ্বৰৰ নিৰ্দ্দেশনাৰ বিষয়েও যীচুৰ মনত আছিল। ৰজা চলোমনে লিখা উপদেশ নামৰ কিতাপখনত ঈশ্বৰৰ ব্যৱস্থাসমূহৰ বিষয়ে স্পষ্টকৈ সংক্ষিপ্ত আৰু শক্তিশালীৰূপে এইদৰে সামৰণী মাৰিছিল: “আমি সকলোৰে সাৰ কথা শুনো। ঈশ্বৰলৈ ভয় ৰাখা, আৰু তেওঁৰ আজ্ঞাবিলাক পালন কৰা; কিয়নো এয়েই মানুহৰ সকলো কৰ্তব্য কৰ্ম্ম। কাৰণ ঈশ্বৰে ভাল কি বেয়া আটাইবোৰ গুপুত বিষয়ে সৈতে সকলো কৰ্ম্ম বিচাৰ স্থানলৈ আনিব।”—উপদেশক ১২:১৩, ১৪; মীখা ৬:৮.

৮. বাইবেলৰ মূল সিদ্ধান্তবোৰক দৃঢ়ভাৱে বুজি পোৱাটো কিয় এক সুৰক্ষাদায়ক বিষয়?

তেনে মূল সিদ্ধান্তসমূহক সম্পূৰ্ণকৈ বুজাৰ দ্বাৰা আমি ঈশ্বৰৰ নিৰ্দ্দিষ্ট নিৰ্দ্দেশনাবোৰৰ সৈতে অধিককৈ পৰিচিত আৰু পালন কৰিবলৈ সহায় লাভ কৰিব পাৰিম। আনহাতে যদি আমি মূল সিদ্ধান্তসমূহ সম্পূৰ্ণকৈ বুজি নাপাওঁ তেন্তে আমি হয়তো ভাৰসাযুক্ত নিৰ্ণয় লোৱাত বিফল হʼম আৰু আমাৰ বিশ্বাসো সহজে বিচলিত হʼব। (ইফিচীয়া ৪:১৪) যদি আমি নিজৰ মন আৰু হৃদয়ত সেই সিদ্ধান্তসমূক স্থান দিওঁ, তেনেহʼলে সেইবোৰক কোনো নিৰ্ণয় লওঁতে ব্যৱহাৰ কৰিবলৈ সাজু থাকিম। যেতিয়া আমি সেইবোৰৰ অনুসাৰে কোনো নিৰ্ণয় লওঁ, তেতিয়া আমি সফলতা লাভ কৰিব পাৰিম।—যিহোচূৱা ১:৮; হিতোপদেশ ৪:১-৯.

৯. বাইবেলৰ সিদ্ধান্তসমূহক বুজা আৰু সেইবোৰক পালন কৰাটো সদায়ে কিয় সহজ নহয়?

বাইবেলৰ সিদ্ধান্তসমূহক বুজি তাক পালন কৰাটো ব্যৱস্থাৰ অনুসাৰে চলাৰ দৰে ইমান সহজ নহয়। অসিদ্ধ মানৱ হোৱাৰ বাবে সিদ্ধান্তসমূহৰ অনুসাৰে নিৰ্ণয় লবলৈ চেষ্টা কৰাৰ পৰিৱৰ্তে আমি হয়তো লাজ অনুভৱ কৰি তাৰ পৰা আঁতৰি থাকিম। আমি হয়তো কোনো নিৰ্ণয় বা সঙ্কটজনক পৰিস্থিতিৰ সম্মুখীন হোৱাৰ বাবে নিজৰ সুবিধা অনুসাৰে বিশেষ কিছুমান নিয়মক পালন কৰিম। কেতিয়াবা হয়তো আমি নিজৰ পৰিস্থিতিত সহায় পোৱাৰ আশাৰে কোনো নিৰ্দ্দিষ্ট নিয়মৰ পৰামৰ্শ বিচাৰি কোনো পৰিপক্ক খ্ৰীষ্টান ব্যক্তি অথবা মণ্ডীলৰ কোনো প্ৰাচীনৰ ওচৰলৈ যাব পাৰোঁ। অধিকন্তু বাইবেল আধাৰিত আলোচনীবোৰতো তেনে এটা নিৰ্দ্দিষ্ট নিয়ম দিয়া নাই আৰু যদিও আমাক কোনো এটা দিয়া হৈছে, সকলো সময় বা সকলো পৰিস্থিতিতে সেই নিয়ম হয়তো ব্যৱহাৰিক নহʼবও পাৰে। আপোনাৰ হয়তো মনত পৰিব পাৰে যে এজন নিৰ্দ্দিষ্ট ব্যক্তিয়ে যীচুক এইদৰে সোধিছিল: “হে গুৰু, পৈতৃক ধন মোৰে সৈতে ভাগ কৰিবলৈ, মোৰ ককাইক আজ্ঞা দিয়ক!” তেনে সমস্যাক সমাধান কৰিবলৈ যীচুৱে শীঘ্ৰেই কোনো নিয়ম দিয়াৰ পৰিৱৰ্তে, তেওঁক এটা সাধাৰণ সিদ্ধান্ত প্ৰদান কৰি এইদৰে কৈছিল: “সকলো লোভৰ পৰা নিজকে ৰাখি, সাৱধানে থাকিবা।” এইদৰে যীচুৱে এটা নিৰ্দ্দেশনা প্ৰদান কৰিলে যিটো সেই সময়ত আৰু আজিৰ সময়ৰ বাবেও ব্যৱহাৰিক।—লূক ১২:১৩-১৫.

১০. ঈশ্বৰৰ সিদ্ধান্তবোৰৰ সামঞ্জস্যৰ অনুসাৰে আচৰণ কৰাৰ দ্বাৰা আমাৰ নিজৰ হৃদয়ৰ অভিপ্ৰায় কেনেকৈ প্ৰকাশ পায়?

১০ সম্ভৱ আপুনি এনে লোকসকলক লক্ষ্য কৰিছে যিসকলে তাড়না পোৱাৰ ভয়ত ব্যৱস্থাবোৰক অনিচ্ছাৰে পালন কৰে। বাস্তৱেত, সিদ্ধান্তসমূহৰ প্ৰতি থকা সমাদৰে তেনে মনোবৃত্তিৰ পৰা আঁতৰাই ৰাখে। যিসকলে সিদ্ধান্তসমূহক হৃদয়েৰে পালন কৰে, তেওঁলোকক সেই সিদ্ধান্তসমূহে পৰিচালিত কৰে। দৰাচলতে যিসকলে সিদ্ধান্তসমূহক পালন নকৰে, সেই সিদ্ধান্তসমূহৰ বেছিভাগতে শীঘ্ৰেই কোনো দণ্ড দিয়াটো সন্মিলিত নাথাকে। ইয়ে আমাক কিয় যিহোৱাৰ প্ৰতি আজ্ঞাকাৰী হʼব লাগে আৰু আমাৰ হৃদয়ৰ অভিপ্ৰায় কি তাক জানিবলৈ সুযোগ দিয়ে। এই বিষয়ে আমি যোচেফৰ উত্তম আৰ্হিত দেখিবলৈ পাওঁ যিজনে পোটীফৰৰ ভাৰ্য্যাৰ সৈতে ব্যভিচাৰ কৰিবলৈ মান্তি নহʼল। সেই সময়ত যদিও যিহোৱাই ব্যভিচাৰৰ বিৰুদ্ধে কোনো লিখিত নিয়ম আৰু আন পুৰুষৰ পত্নীৰ সৈতে সম্বন্ধ ৰখাৰ বাবে কোনো ঈশ্বৰীয় দণ্ড উল্লেখ কৰা নাছিল, তথাপিও যোচেফে ঈশ্বৰে স্থাপন কৰা বিবাহ প্ৰবন্ধত বৈবাহিক সঙ্গীয়ে এজনে আনজনৰ প্ৰতি বিশ্বাসী হৈ থকা নিয়মৰ প্ৰতি অৱগত আছিল। (আদিপুস্তক ২:২৪; ১২:১৮-২০) তেনে সিদ্ধান্তই যে যোচেফৰ ওপৰত এক গভীৰ প্ৰভাৱ পেলাইছিল তাক আমি তেওঁ কোৱা এই কথাষাৰৰ পৰা জানিবলৈ পাওঁ, তেওঁ এইদৰে কৈছিল: “মই কেনেকৈ এনে মহা-দুষ্কৰ্ম্ম, আৰু ঈশ্বৰৰ বিৰুদ্ধে পাপ কৰিব পাৰোঁ?”—আদিপুস্তক ৩৯:৯.

১১. কেনেবোৰ ক্ষেত্ৰত সত্য খ্ৰীষ্টানসকলে যিহোৱাৰ সিদ্ধান্তসমূহৰ দ্বাৰা পৰিচালিত হʼবলৈ বিচাৰা উচিত?

১১ আজি সত্য খ্ৰীষ্টানসকলে ব্যক্তিগত বিষয়সমূহ যেনে, বন্ধু, মনোৰঞ্জন, সঙ্গীত আৰু কোনো পঢ়া বিষয়বোৰক বাছনি কৰাৰ সম্পৰ্কে যিহোৱাৰ সিদ্ধান্তসমূহৰ দ্বাৰা পৰিচালিত হোৱাটো বিচাৰে। (১ কৰিন্থীয়া ১৫:৩৩; ফিলিপীয়া ৪:৮) যেনেকৈ আমি জ্ঞান, বুজ, যিহোৱাৰ আৰু তেওঁৰ স্তৰসমূহৰ প্ৰতি মূল্যাঙ্কণ বৃদ্ধি কৰিম, আমাৰ নৈতিক জ্ঞানে যিকোনো পৰিস্থিতিত আনকি ব্যক্তিগত বিষয়সমূহতো ঈশ্বৰৰ সিদ্ধান্তসমূহক পালন কৰিবলৈ সহায় কৰিব। বাইবেল সিদ্ধান্তসমূহৰ দ্বাৰা পৰিচালিত হোৱাৰ যোগেদি আমি ঈশ্বৰৰ ব্যৱস্থাক পৰিহাৰ কৰিবলৈ উপায় নিবিচাৰিম; নতুবা আমি তেওঁলোককো অনুকৰণ নকৰিম, যিসকলে ঈশ্বৰ নিয়ম ভঙ্গ নকৰাকৈ কিমান দূৰ যাব পাৰি তাক চাবলৈ চেষ্টা কৰে। আমি জানো যে তেনে ধৰণৰ মনোবৃত্তি হৈছে স্ববিৰোধী আৰু হানিকাৰক।—যাকোব ১:২২-২৫.

১২. ঈশ্বৰীয় সিদ্ধান্তবোৰৰ দ্বাৰা নিৰ্দ্দেশিত হোৱাৰ এটা মুখ্য বিষয় কি?

১২ পৰিপক্ক খ্ৰীষ্টানসকলে জানিব পাৰিছে যে ঈশ্বৰৰ সিদ্ধান্তসমূহৰ অনুসাৰে চলা মানেই হৈছে কোনো এক বিষয়ৰ প্ৰতি থকা যিহোৱাৰ দৃষ্টিভঙ্গীক বুজি পোৱা। এই বিষয়ে গীতমালা ৰচোঁতাজনে এইদৰে কৈছিল: “হে যিহোৱাক প্ৰেম কৰোঁতাবিলাক, দুষ্টতাক ঘিণ কৰা।” (গীতমালা ৯৭:১০) ঈশ্বৰে ঘৃণা কৰা এনে কিছুমান বস্তুৰ তালিকা দিয়া হৈছে, যিবোৰৰ বিষয়ে আমি হিতোপদেশ ৬:১৬-১৯ পদত এইদৰে পঢ়িবলৈ পাওঁ: “যিহোৱাই ঘিণ কৰা বস্তু ছটা, এনে কি, তেওঁৰ ঘৃণনীয় সাতোটা; গৰ্ব্বী চকু, মিছা কথা কোৱা জিবা, নিৰ্দ্দোষীৰ ৰক্তপাতী হাত, কুকল্পনা কৰা মন, কুকৰ্ম্ম কৰিবলৈ লৰ মৰা কথাত বেগী ভৰি, মিছা কথা কওঁতা মিছা সাক্ষী, আৰু ভাই ভাইৰ মাজত কন্দলস্বৰূপ গুটি সিচোঁতা লোক।” যেতিয়া আমি তেনে মূল বিষয়বোৰৰ প্ৰতি যিহোৱাৰ দৃষ্টিভঙ্গী কি বুলি জানিবলৈ ইচ্ছা কৰোঁ তেতিয়া ঈশ্বৰ সিদ্ধান্তসমূহৰ অনুসাৰে জীৱন-যাপন কৰাটো আমাৰ অভ্যাসত পৰিণত হয়।—যিৰিমিয়া ২২:১৬.

সঠিক মনোবৃত্তিৰ আৱশ্যক

১৩. পৰ্ব্বতীয় উপদেশত যীচুৱে কেনেধৰণৰ বিচাৰধাৰাৰ ওপৰত জোৰ দিছিল?

১৩ সিদ্ধান্তবোৰৰ সৈতে পৰিচিত হোৱা আৰু ইয়াৰ অনুসাৰে চলাৰ দ্বাৰাও আমি ব্যৰ্থ আৰু গতানুগতিত উপাসনা কৰা ফান্দত পৰাৰ পৰা ৰক্ষা পাওঁ। আইনগত নিয়ম আৰু সিদ্ধান্তসমূহক পালন কৰাৰ মাজত এক ভিন্নতা দেখিবলৈ পোৱা যায়। এই বিষয়ে যীচুৱে স্পষ্টকৈ পৰ্ব্বতীয় উপদেশত দাঙি ধৰিছিল। (মথি ৫:১৭-৪৮) মনত ৰাখক যে যীচুৰ বাক্য শুনোতাসকল যিহূদী আছিল আৰু তেওঁলোকৰ আচৰণ মোচিৰ নিয়ম অনুসাৰে হʼব লাগিছিল। কিন্তু প্ৰকৃততে তেওঁলোকে তাৰ বিপৰীতে কাৰ্য্য কৰিছিল। এজন ব্যক্তিয়ে যদিও সেই ব্যৱস্থাক হৃদয়েৰে পালন কৰিবলৈ মান্তি নহয়, তথাপিও তেওঁ বাহ্যিকৰূপে সেই ব্যৱস্থাক নিশ্চয়ে পালন কৰিব লাগিছিল। তেওঁলোকে ঈশ্বৰৰ শিক্ষাৰ পৰিৱৰ্তে মানুহৰ ৰীতি-নীতিক অধিক গুৰুত্ব দিছিল। (মথি ১২:৯-১২; ১৫:১-৯) পৰিণামস্বৰূপে, সাধাৰণতে লোকসকলক সিদ্ধান্তৰ বিপৰীতে চলিবলৈ শিক্ষা দিয়া হৈছিল।

১৪. সিদ্ধান্তসমূহৰ দ্বাৰা যীচুৱে কেনেকৈ শ্ৰোতাসকলক বিবেচনা কৰিবলৈ সহায় কৰিছিল?

১৪ ইয়াৰ বিপৰীতে যীচুৰ পৰ্ব্বতীয় উপদেশত নৈতিকতাৰ সৈতে সম্পৰ্কে থকা পাঁচোটা বিষয় সন্মিলিত আছিল আৰু সেইবোৰ হৈছে: ক্ৰোধ, বিবাহ আৰু বিবাহ-বিচ্ছেদ, প্ৰতিজ্ঞা, প্ৰতিশোধ, প্ৰেম আৰু ঘৃণা কৰা। প্ৰত্যেক ক্ষেত্ৰতে সিদ্ধান্তসমূহ পালন কৰা দ্বাৰা লাভবান হোৱাৰ বিষয়ে যীচুৱে প্ৰকাশ কৰিছিল। এইদৰে যীচুৱে তেওঁৰ অনুগামীসকলৰ বাবে নৈতিক সিদ্ধান্তসমূহ দাঙি ধৰিছিল। উদাহৰণস্বৰূপে, ব্যভিচাৰৰ সম্বন্ধে তেওঁ এটা সিদ্ধান্ত দি কৈছিল যে আমি কেৱল কাৰ্য্যই নহয় কিন্তু আমাৰ বিচাৰধাৰাকো প্ৰতিৰোধ কৰা আৱশ্যক। সেই বিষয়ে তেওঁ এইদৰে কৈছিল: “যি কোনোৱে তিৰোতা মানুহলৈ কামভাৱে চায়, সি তেতিয়াই তাইৰে সৈতে ব্যভিচাৰ কৰিলে।”—মথি ৫:২৮.

১৫. আমি নৈষ্ঠিক আইনবাদী হোৱা মনোবৃত্তিৰ পৰা কেনেকৈ আঁতৰি থাকিব পাৰোঁ?

১৫ এই উদাহৰণে দেখুৱাইছে যে আমি যেন কেতিয়াও যিহোৱাৰ সিদ্ধান্তসমূহৰ অভিপ্ৰায় আৰু উদ্যমক বুজাত বিফল নহওঁ। নিশ্চয়ে আমি বাহ্যিকৰূপে কাৰ্য্য কৰি ঈশ্বৰৰ অনুমোদন লাভ কৰিবলৈ চেষ্টা কৰা উচিত নহয়। ঈশ্বৰৰ প্ৰেম আৰু দয়াক নিৰ্দ্দেশিত কৰি তেনে অযুক্তি মনোবৃত্তিক উন্মোচন কৰিছিল। (মথি ১২:৭; লূক ৬:১-১১) বাইবেল সিদ্ধান্তবোৰৰ অনুসাৰে চলি বাইবেলৰ শিক্ষাৰ বিপৰীতে আমি নিজকে (বা আনক) কি কৰা উচিত কি কৰা অনুচিত তেনে ব্যাপক আৰু কটকটীয়া নিয়মসমূহ বান্ধি দিয়াৰ পৰা বিৰত থাকিম। আমি বাহ্যিকৰূপে ঈশ্বৰক উপাসনা কৰাৰ পৰিৱৰ্তে প্ৰেম আৰু আজ্ঞাকাৰীতাৰ সিদ্ধান্তৰ প্ৰতি অধিক মনোনিবেশ কৰিম।—লূক ১১:৪২.

উত্তম পৰিণামসমূহ

১৬. কিছুমান বাইবেল নিৰ্দ্দেশনাৰ নেপথ্য ভূমিত থকা সিদ্ধান্তসমূহৰ উদাহৰণ দাঙি ধৰক।

১৬ যিহোৱাৰ প্ৰতি আজ্ঞাকাৰীতা হʼবলৈ চেষ্টা কৰা সময়ত আমি এইটো মনত ৰখা আৱশ্যক যে তেওঁৰ ব্যৱস্থাবোৰ মূল সিদ্ধান্তসমূহৰ ওপৰত আধাৰিত। উদাহৰণস্বৰূপে, খ্ৰীষ্টানসকলক মূৰ্ত্তিপূজা, ব্যভিচাৰ, অনৈতিক কাৰ্য্য আৰু তেজক অপব্যৱহাৰ কৰাৰ পৰা আঁতৰি থকা আৱশ্যক। (পাঁচনিৰ কৰ্ম্ম ১৫:২৮, ২৯) এনে বিষয়বোৰৰ বিপক্ষে থিয় দিবলৈ খ্ৰীষ্টানসকলক কিহে সহায় কৰে? ঈশ্বৰে আমাৰ পৰা অনন্য ভক্তি পোৱাৰ যোগ্য; আমি আমাৰ বিবাহ সঙ্গীৰ প্ৰতি নিষ্ঠা বজাই ৰখা আৱশ্যক; আৰু যিহোৱা হৈছে আমাৰ জীৱন দিওঁতা। (আদিপুস্তক ২:২৪; যাত্ৰাপুস্তক ২০:৫; গীতমালা ৩৬:৯) এই মূল সিদ্ধান্তসমূহক মূল্যাঙ্কণ কৰাৰ দ্বাৰা ইয়াৰ সৈতে সম্বন্ধ থকা ব্যৱস্থাবোৰক অনুকৰণ কৰিবলৈ আমাৰ বাবে সহজ হৈ পৰে।

১৭. বাইবেল সিদ্ধান্তসমূহ গ্ৰহণ আৰু পালন কৰাৰ দ্বাৰা কেনে উত্তম পৰিণামসমূহ লাভ কৰিব পাৰি?

১৭ যেতিয়া আমি মূল সিদ্ধান্তসমূহৰ সৈতে পৰিচিত হৈ পালন কৰিম তেতিয়া ই যে আমাৰ উপকাৰৰ নিমিত্তে দিয়া হৈছে বুলি বুজিব পাৰিম। যিহোৱাৰ লোকসকলে আধ্যাত্মিক লাভসমূহৰ সৈতে সদায়েই প্ৰকৃত আনন্দ উপভোগ কৰে। উদাহৰণস্বৰূপে, যিসকলে নৈতিকৰূপে জীৱন-যাপন কৰে, ধুমপান কৰাৰ পৰা আঁতৰি থাকে আৰু তেজ সম্বন্ধীয় বিষয়বোৰৰ প্ৰতি সন্মান দেখুৱায়, তেওঁলোকে কোনো মাৰাত্মক ৰোগত আক্ৰান্ত হোৱাৰ পৰা ৰক্ষা পায়। ঠিক তেনেদৰে ঈশ্বৰীয় সত্যৰ সামঞ্জস্যত চলাৰ দ্বাৰা আমি আৰ্থিক, সামাজিক বা ঘৰুৱা জীৱন প্ৰণালীতো লাভবান হʼব পাৰোঁ। তেনে লাভসমূহে প্ৰমাণ কৰিছে যে যিহোৱাৰ স্তৰসমূহ বাস্তৱতে ব্যৱহাৰিক। কিন্তু তেনে ব্যৱহাৰিক লাভসমূহ লাভ কৰিবলৈ কেৱল ঈশ্বৰৰ সিদ্ধান্তসমূহক অনুকৰণ কৰাৰ মুখ্য কাৰণ নহয়। প্ৰকৃত খ্ৰীষ্টানসকলে যিহোৱাৰ আজ্ঞাসমূহক পালন কৰাৰ মুখ্য কাৰণ হৈছে, তেওঁলোকে তেওঁক প্ৰেম কৰে, কেৱল তেওঁহে উপাসনা পোৱা যোগ্য আৰু তেনে কৰাটো এক উত্তম কাৰ্য্য।—প্ৰকাশিত বাক্য ৪:১১.

১৮. যদি আমি এজন সফলপ্ৰাপ্ত খ্ৰীষ্টান হʼব বিচাৰিছোঁ, তেনেহʼলে আমাৰ জীৱনটোক কিহৰ দ্বাৰা পৰিচালিত কৰা উচিত?

১৮ আমি নিজে বাইবেল সিদ্ধান্তৰ অনুসাৰে চলি এক উচ্চ পদ্ধতিৰ জীৱন-প্ৰণালীলৈ পৰিচালিত হʼম আৰু আনকো ঈশ্বৰৰ পথত চলিবলৈ আকৰ্ষিত কৰিম। সকলোতকৈ গুৰুত্বপূৰ্ণ হৈছে আমাৰ জীৱন-প্ৰণালীয়ে যিহোৱাৰ নাম সন্মানিত কৰিব। আমি জানিব পাৰিছোঁ যে যিহোৱা হৈছে প্ৰকৃততে এজন দয়ালু ঈশ্বৰ আৰু তেওঁ আমাৰ মঙ্গল কামনা কৰে। যেতিয়া আমি বাইবেল সিদ্ধান্তৰ অনুসাৰে কোনো নিৰ্ণয় লম, তেতিয়া আমি দেখিবলৈ পাম যে যিহোৱাই আমাক আশীৰ্ব্বাদ কৰিছে আৰু নিজকে তেওঁৰ কাষত থকা যেন অনুভৱ কৰিম। ইয়াৰ ওপৰিও আমি আমাৰ স্বৰ্গীয় পিতৃৰ সৈতে এক প্ৰেমময় সম্পৰ্ক গঢ়ি তুলিব পাৰিম। (w02 4/15)

আপোনাৰ মনত আছেনে?

• সিদ্ধান্ত কি?

• ব্যৱস্থা আৰু সিদ্ধান্তৰ মাজত কেনে ভিন্নতা আছে?

• সিদ্ধান্তৰ অনুসাৰে চলা আৰু বিবেচনা কৰাটো আমাৰ বাবে কিয় লাভজনক?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[২৮ পৃষ্ঠাৰ বক্স]

ঘানাত থকা উইলচন্‌ নামৰ এজন খ্ৰীষ্টান ব্যক্তিক কিছুদিনৰ আগতে চাকৰিৰ পৰা বহিষ্কাৰ কৰা হʼব বুলি জাননী দিয়া হʼল। চাকৰিৰ শেষৰ দিনা কোম্পানীৰ মেনেজিং ডাইৰেক্টৰৰ ব্যক্তিগত গাড়ীখন পৰিষ্কাৰ কৰিবলৈ তেওঁক নিযুক্ত কৰা হয়। গাড়ীখনত পোৱা কিছু পৰিমাণৰ টকাৰ বিষয়ে যেতিয়া তেওঁৰ উচ্চ বিষয়াক জনাই, তেতিয়া তেওঁ তেওঁক কয় যে যিহেতু উইলচনৰ চাকৰিৰ অন্ত পৰাৰ বাবে ঈশ্বৰে উইলচনৰ কাৰণে সেই টকা পঠিয়াইছে। যিহেতু উইলচনে বাইবেলত দিয়া সিদ্ধান্তৰ অনুসাৰে সাধুতা বজাই ৰাখি সেই টকা ডাইৰেক্টৰ অৰ্থাৎ গাড়িখনৰ মালিকজনক উভটাই দিয়ে। ডাইৰেক্টৰজনে তেওঁৰ এনে কাৰ্য্যত আঁচৰিত আৰু প্ৰভাৱিত হৈ তেওঁক কেৱল স্থায়ী চাকৰিয়েই নহয় কিন্তু কোম্পানীত এজন জেষ্ঠ বিষয়াৰূপে তেওঁৰ পদোন্নতি কৰে।—ইফিচীয়া ৪:২৮.

[২৯ পৃষ্ঠাৰ বক্স]

আলবেনীয়াত থকা ৰোকীয়া নামৰ এগৰাকী ৬০ বছৰীয়া মহিলাই, তাইৰ পৰিয়ালত হোৱা বিবাদৰ বাবে ১৭ বছতকৈও অধিক সময় নিজৰ ককায়েকৰ সৈতে কোনো কথা-বতৰা হোৱা নাছিল। মহিলাগৰাকীয়ে যিহোৱাৰ সাক্ষীসকলৰ সৈতে বাইবেল অধ্যয়ন আৰম্ভ কৰি জানিব পাৰিলে যে, এজন সত্য খ্ৰীষ্টান ব্যক্তিয়ে কোনো দ্বেষভাব নৰখাকৈ আনৰ সৈতে শান্তি বজাই ৰাখে। তাই হৃদয়েৰে তেতিয়া ককায়েকৰ সৈতে পুনৰমিলন হʼবলৈ গোটেই নিশা প্ৰাৰ্থনা কৰিলে আৰু ৰাতিপুৱা তাই ককায়েকৰ ঘৰলৈ বুলি ওলাই যায়। তাইৰ ভাগিন ছোৱালীজনীয়ে তাইলৈ দুৱাৰ খুলি দিয়ে। সেই ছোৱালীজনীয়ে তাইক আঁচৰিত কৰি এইদৰে প্ৰশ্ন কৰে: “কাৰ মৃত্যু হʼল? আপুনি কাক বিচাৰিছে?” ৰোকীয়াই উত্তৰ দি কয় যে, তাই তাইৰ ককায়েকক দেখা কৰিবলৈ আহিছে। তাই নম্ৰ হৈ বৰ্ণনা কৰে যে বাইবেলৰ সিদ্ধান্ত আৰু যিহোৱাৰ বিষয়ে শিকাৰ পাছত তাই নিজৰ ককায়েকৰ সৈতে শান্তি স্থাপন কৰিবলৈ প্ৰেৰিত হʼল। তাৰ পিছত তাই ককায়েকক জোৰেৰে সাৱটি আনন্দত চকুৰ পানী ওলাই আহিল আৰু তেওঁলোকে এই বিশেষ পুনৰ্ম্মিলনত ভোজ কৰি আনন্দ কৰিলে!—ৰোমীয়া ১২:১৭, ১৮.

[৩১ পৃষ্ঠাৰ ছবি]

মথি ৫:২৭, ২৮

[৩১ পৃষ্ঠাৰ ছবি]

মথি ৫:৩

[৩১ পৃষ্ঠাৰ ছবি]

মথি ৫:২৪

[৩১ পৃষ্ঠাৰ ছবি]

“তেওঁ সেই লোকসমূহক দেখি পৰ্ব্বতৰ ওপৰলৈ গল; পাছে তেওঁ বহিলত, তেওঁৰ শিষ্যবিলাক তেওঁৰ ওচৰলৈ আহিল। তাতে তেওঁ মাত লগাই তেওঁবিলাকক এই কথা কৈ উপদেশ দিবলৈ ধৰিলে।”মথি ৫:১, ২.