Skip to content

Skip to table of contents

একেৰাহে স্থিৰ হৃদয়েৰে যিহোৱাৰ সেৱা কৰক

একেৰাহে স্থিৰ হৃদয়েৰে যিহোৱাৰ সেৱা কৰক

একেৰাহে স্থিৰ হৃদয়েৰে যিহোৱাৰ সেৱা কৰক

“হে ঈশ্বৰ, মোৰ মন সুস্থিৰ হল, মোৰ মন সুস্থিৰ হল।”গীতমালা ৫৭:৭.

১. ৰজা দায়ূদৰ দৰে আমি কিয় দৃঢ় হʼব পাৰোঁ?

 যিহোৱাই আমাক বিশ্বাসত স্থিৰ কৰে, যাতে আমি প্ৰকৃত খ্ৰীষ্টানৰ পথত চলি থাকিবলৈ সহায় পাওঁ। (ৰোমীয়া ১৪:৪) ৰজা দায়ূদৰ দৰে আমিও দৃঢ় হৈ এইদৰে কʼব পাৰোঁ: “হে ঈশ্বৰ, মোৰ মন সুস্থিৰ হল।” (গীতমালা ১০৮:১) যদি আমাৰ হৃদয় সুস্থিৰে থাকে তেন্তে তেওঁলৈ সমৰ্পন কৰাৰ অনুসাৰে জীৱনৰ-যাপন কৰিবলৈ অনুপ্ৰেৰিত হʼম। তেওঁৰ পৰা নিৰ্দ্দেশনা আৰু সামৰ্থ পোৱাৰ আশাৰে আমি অলৰ, দৃঢ় সঙ্কল্প আৰু অখণ্ডতা বজাই ৰাখি “প্ৰভুৰ কাৰ্য্যত সদায় উপচি পৰাৰ” প্ৰমাণ দিব পাৰোঁ।—১ কৰিন্থীয়া ১৫:৫৮.

২, ৩. ১ কৰিন্থীয়া ১৬:১৩ পদত উল্লেখ কৰা পাঁচনি পৌলৰ পৰামৰ্শই কি প্ৰকাশ কৰিছে?

পাঁচনী পৌলে কৰিন্থীয়াত থকা যীচুৰ অনুগামীসকলক যি কৈছিল, সেইটো বিশেষকৈ আধুনিক সময়ৰ খ্ৰীষ্টানসকলৰ বাবেও প্ৰযোজ্য হয়। তেওঁ কৰিন্থীয়ত থকা যীচুৰ অনুগামীসকলক এইদৰে কৈছিল: “তোমালোকে পৰ দি থাকা, বিশ্বাসত সুস্থিৰ হোৱা, পুৰুষালি দেখুউৱা, শক্তিমন্ত হোৱা।” (১ কৰিন্থীয়া ১৬:১৩) গ্ৰীক ভাষাত ইয়াৰ প্ৰত্যেকটো পৰামৰ্শক বৰ্তমান কাল ব্যৱহাৰ কৰি লিখা হৈছিল। সেয়েহে ইয়াত একেৰাহে কাৰ্য্য কৰি থাকিবলৈ অৰ্থ প্ৰকাশ পাইছে। এই পৰামৰ্শৰ গুৰুত্বতা কি?

আমি চয়তানক প্ৰতিৰোধ কৰি আধ্যাত্মিকৰূপে “পৰ দি” থাকি ঈশ্বৰৰ কাষ চাপিব পাৰিম। (যাকোব ৪:৭, ৮) যিহোৱাত ভাৰসা কৰাৰ দ্বাৰা আমি একত্ৰিত আৰু ‘খ্ৰীষ্টান বিশ্বাসত দৃঢ়’ হৈ থাকিব পাৰিম। ঈশ্বৰৰ ৰাজ্যৰ উৎসাহী প্ৰচাৰক হিচাবে আমাৰ সৈতে থকা তিৰোতাসকলেও “পুৰুষালি” দেখুৱায়। (গীতমালা ৬৮:১১) আমি একেৰাহে স্বৰ্গীয় পিতৃৰ ওপৰত নিৰ্ভৰ কৰাৰ দ্বাৰা “বলৱান” হৈ তেওঁৰ ইচ্ছা পূৰণ কৰিম।—ফিলিপীয়া ৪:১৩.

৪. কিহে আমাক বাপ্তিষ্মা লʼবলৈ পৰিচালিত কৰিলে?

আমি সত্যৰ সপক্ষে থিয় দি পানীত সম্পূৰ্ণৰূপে নিমজ্জিত হৈ যিহোৱালৈ কৰা সমৰ্পণৰ প্ৰমাণ দিলোঁ। কিন্তু কিহে আমাক বাপ্তিষ্মাৰ পথলৈ পৰিচালিত কৰে? প্ৰথমতে, আমি ঈশ্বৰৰ বাক্যৰ যথাৰ্থ জ্ঞান ললোঁ। (যোহন ১৭:৩) এই জ্ঞানে বিশ্বাস বিকাশিত কৰিলে আৰু আমি কৰা ভুল কাৰ্য্যৰ বাবে অনুতাপ কৰি মন-পালটন কৰিবলৈ পৰিচালিত কৰিলে। (পাঁচনিৰ কৰ্ম্ম ৩:১৯; ইব্ৰী ১১:৬) দ্বিতীয়তে, আমি মন-পালটন কৰি ঈশ্বৰৰ ইচ্ছাৰ অনুসাৰে চলিবলৈ আমাৰ বেয়া অভ্যাসবোৰ ত্যাগ কৰিলোঁ। (ৰোমীয়া ১২:২; ইফিচীয়া ৪:২৩, ২৪) এই পদক্ষেপ লোৱাৰ আগতে আমি সম্পূৰ্ণ চিত্তৰে প্ৰাৰ্থনাৰ যোগেদি নিজকে যিহোৱালৈ সমৰ্পণ কৰিলোঁ। (মথি ১৬:২৪; ১ পিতৰ ২:২১) ইয়াৰ ওপৰিও আমি সঠিক বিবেক পাবলৈ যিহোৱালৈ নিৱেদন আৰু সমৰ্পণক চিহ্নিত কৰিবলৈ বাপ্তিষ্মা ললোঁ। (১ পিতৰ ৩:২১) এই পদক্ষেপসমূহ মনত ৰাখাৰ দ্বাৰা আমি যিহোৱালৈ কৰা সমৰ্পণৰ অনুসাৰে একেৰাহে চলিবলৈ আৰু অটল হৈ সেৱা সম্পন্ন কৰাত ধ্যান কেন্দ্ৰিত কৰিবলৈ সহায় লাভ কৰিম।

আপুনি সঠিক জ্ঞানৰ বাবে একেৰাহে অনুসন্ধান কৰক

৫. আমি কিয় একেৰাহে আধ্যাত্মিক আহাৰ গ্ৰহন কৰা আৱশ্যক?

সমৰ্পণৰ অনুসাৰে জীৱন-যাপন কৰিবলৈ হʼলে আমাক একেৰাহে বিশ্বাসক দৃঢ় কৰাৰ শাস্ত্ৰীয় জ্ঞান লোৱা আৱশ্যক। আমি ঈশ্বৰৰ সত্যৰ বিষয়ে জানিবলৈ আৰম্ভ কৰি কিমান যে উল্লাসিত হৈছোঁ! (মথি ২৪:৪৫-৪৭) সেই “আহাৰ” সোৱাদলগা আৰু আধ্যাত্মিকতাৰ বাবে পুষ্টিকৰ আছিল। যিহোৱাৰ সমৰ্পিত সেৱক হোৱা হেতুকে একেৰাহে স্থিৰ হৃদয় বজাই ৰাখিবলৈ আমি আজিও পুষ্টিকৰ আধ্যাত্মিক আহাৰ গ্ৰহণ কৰা আৱশ্যক।

৬. বাইবেলৰ সত্যৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিবলৈ আপোনাক কেনেকৈ সহায় কৰা হৈছিল?

শাস্ত্ৰ পদৰ অধিক জ্ঞান লবলৈ হʼলে পৰিশ্ৰম কৰা আৱশ্যক। গুপ্ত ধন অনুসন্ধান কৰাৰ দৰে জ্ঞান লবলৈও পৰিশ্ৰম কৰা আৱশ্যক। “ঈশ্বৰবিষয়ক জ্ঞান” লাভ কৰাটো কিযে এক পুৰষ্কাৰদায়ক বিষয়! (হিতোপদেশ ২:১-৬) যেতিয়া এজন ঈশ্বৰৰ ৰাজ্যৰ প্ৰচাৰকে প্ৰথমবাৰ আহি আপোনাৰ সৈতে বাইবেল অধ্যয়ন কৰিছিল তেতিয়া তেওঁ বা তাই হয়তো “জ্ঞান যি অনন্ত জীৱনলৈ লৈ যায়” নামৰ কিতাপখন অধ্যয়নৰ বাবে ব্যৱহাৰ কৰিছিল। প্ৰত্যেক অধ্যায়ক আলোচনা কৰিবলৈ হয়তো এবাৰতকৈ অধিক সময় অতিবাহিত কৰিবলগীয়া হৈছিল। কিতাপখনত উদ্ধৃত কৰা শাস্ত্ৰ পদবোৰ পঢ়ি আৰু আলোচনা কৰাৰ দ্বাৰা হয়তো আপুনি লাভৱান হʼল। যদি কোনো এটা বিষয় বুজাত কঠিন যেন বোধ হৈছিল, তেতিয়া আপোনাক বুজাই দিয়া হৈছিল। যিজনে আপোনাৰ সৈতে বাইবেল অধ্যয়ন কৰিছিল, তেওঁ কিতাপখনৰ পৰা ভালদৰে তৈয়াৰ কৰি আহিছিল আৰু আপুনি নিবিড়তাৰে সত্যৰ প্ৰতি মূল্যাঙ্কণ কৰিবলৈ ঈশ্বৰৰ পবিত্ৰ আত্মা বিচাৰি প্ৰাৰ্থনা কৰিছিল।

৭. কিহে এজন ব্যক্তিক ঈশ্বৰৰ সত্যতাৰ বিষয়ে আনক শিকাবলৈ উপযুক্ত কৰি তুলে?

এই পৰিশ্ৰম নিশ্চই সঠিক আছিল, কিয়নো পাঁচনি পৌলে এইদৰে কৈছিল: “যি জনে [মৌখিক, NW] বাক্যৰ শিক্ষা পায়, তেওঁ শিক্ষকক সকলো ভাল বস্তুৰ ভাগ দিয়ক।” (গালাতীয়া ৬:৬) ইয়াত উল্লেখ কৰা “মৌখিক বাক্যৰ শিক্ষা” গ্ৰীক শব্দটোৰ অৰ্থ আছিল কোনো এজনৰ মন আৰু হৃদয়ৰ গভীৰতালৈ যোৱা। এইদৰে আপুনি শিকি আনৰ শিক্ষক হʼবলৈও উপযুক্ত হʼব। (পাঁচনিৰ কৰ্ম্ম ১৮:২৫) সমৰ্পণৰ প্ৰতি নিষ্ঠা বজাই ৰাখিবলৈ হʼলে আপুনি একেৰাহে ঈশ্বৰৰ বাক্যক অধ্যয়ন কৰি নিশ্চয়ে নিজৰ আধ্যাত্মিক শৰীৰক সুস্থ আৰু স্থিৰতা বজাই ৰাখা আৱশ্যক।—১ তীমথিয় ৪:১৩; তীত ১:১৩; ২:২.

আপুনি কৰা পৰাচিত আৰু মন-পালটনৰ বিষয়ে স্মৰণ কৰক

৮. ঈশ্বৰীয় আচাৰ-ব্যৱহাৰ বজাই ৰখাটো কেনেকৈ সম্ভৱ?

আপুনি সত্য, পৰাচিত আৰু যীচুৰ মুক্তিপণ বলিদানৰ দ্বাৰা ঈশ্বৰে কৰা ক্ষমাৰ বিষয়ে শিকি উপশম পোৱা বিষয়ক স্মৰণ কৰিব পাৰিছেনে? (গীতমালা ৩২:১-৫; ৰোমীয়া ৫:৮; ১ পিতৰ ৩:১৮) নিশ্চয়ে আপুনি ত্যগ কৰা পাপ কাৰ্য্যৰে ভৰি থকা জীৱনধাৰালৈ ঘূৰি যাবলৈ নিবিচাৰিব। (২ পিতৰ ২:২০-২২) আন আন বিষয়সমূহৰ ওপৰিও নিয়মিতৰূপে কৰা প্ৰাৰ্থনাই আপোনাক ঈশ্বৰীয় আচাৰ-ব্যৱহাৰ, সমৰ্পণৰ অনুসাৰে জীৱন-যাপন আৰু বিশ্বাসী হৈ তেওঁক সেৱা কৰিবলৈ সহায় কৰিব।—২ পিতৰ ৩:১১, ১২.

৯. বেয়া অভ্যাসবোৰ ত্যাগ কৰি আমি কেনে পথত চলা আৱশ্যক?

বেয়া অভ্যাসবোৰৰ পৰা মন-পালটন কৰি একেৰাহে ঈশ্বৰৰ সহায় বিচৰাৰ দ্বাৰা আপোনাৰ হৃদয় স্থিৰ হৈছে। পৰিণামস্বৰূপে, আপুনি ভুল ৰাজপথেৰে যোৱাৰ পৰিৱৰ্তে ভাৰসাযুক্ত মানচিত্ৰ অনুকৰণ কৰি সত্যৰ পথত চলিবলৈ আৰম্ভ কৰিছে। সেই পথত চলিবলৈ এৰি নিদিব। একেৰাহে ঈশ্বৰৰ নিৰ্দ্দেশনাৰ ওপৰত ভাৰসা ৰাখি জীৱনৰ পথত চলি থাকিবলৈ দৃঢ় সঙ্কল্প কৰক।—যিচয়া ৩০:২০, ২১; মথি ৭:১৩, ১৪.

সমৰ্পণ আৰু বাপ্তিষ্মা লোৱা বিষয়টো যেন আপুনি কেতিয়াও নাপাহৰে

১০. ঈশ্বৰৰ প্ৰতি কৰা আমাৰ সমৰ্পণৰ সম্পৰ্কে কেনে বিষয়সমূহক মনত ৰাখা উচিত?

১০ বিশ্বাসী হৈ চিৰকাললৈ সেৱা কৰাৰ বাবে প্ৰাৰ্থনাৰ যোগেদি যিহোৱালৈ কৰা সমৰ্পণৰ বিষয়ে মনত ৰাখক। (যিহূদা ২০, ২১) সমৰ্পণৰ অৰ্থ হৈছে নিজকে পৃথক কৰণ বা এক পবিত্ৰ সেৱাৰ বাবে নিজকে পৃথকে ৰাখা। (লেবীয়া পুস্তক ১৫:৩১; ২২:২) আপোনাৰ সমৰ্পণ কোনো মানুহৰ আগত কৰা সামান্য প্ৰতিজ্ঞা বা অস্থায়ী চুক্তি নাছিল। এই সমৰ্পণ, মৃত্যুলৈকে সৰ্ব্বোপৰিজনাৰ প্ৰতি নিষ্ঠা বজাই ৰাখি তেওঁৰ আৱশ্যকতাৰ অনুসৰি জীৱন-যাপন কৰা এক স্থায়ী চুক্তি আছিল। বাস্তৱতে আমি ‘জীওঁ বা মৰোঁ, আমি যিহোৱাৰেই হৈ আছোঁ।’ (ৰোমীয়া ১৪:৭, ৮) ঈশ্বৰৰ ইচ্ছাৰ অধীনস্থ আৰু একেৰাহে স্থিৰ হৃদয়েৰে তেওঁৰ সেৱা কৰাৰ ওপৰত আমাৰ আনন্দ নিৰ্ভৰ কৰে।

১১. আমি কিয় আমাৰ বাপ্তিষ্মা আৰু ইয়াৰ গুৰুত্বতাক মনত ৰাখা উচিত?

১১ সদায়েই মনত ৰাখক যে আপোনাৰ বাপ্তিষ্মা হৈছে সম্পূৰ্ণ হৃদয়েৰে ঈশ্বৰলৈ কৰা সমৰ্পণৰ প্ৰতীক। বাপ্তিষ্মা লʼবলৈ নিৰ্ণয় লোৱাৰ বাবে আপোনাক কোনো প্ৰকাৰে হেঁচা দিয়া নাছিল। এতিয়া আপুনি জীৱনৰ বাকী সময়ছোৱাত ঈশ্বৰৰ ইচ্ছাৰ সামঞ্জস্যত চলিবলৈ নিৰ্ণয় কৰিবনে? আপুনি এক উত্তম বিবেক পাবলৈ ঈশ্বৰৰ ওচৰত অনুৰোধ কৰিছিল আৰু সমৰ্পণৰ প্ৰতীক হিচাবে বাপ্তিষ্মা লৈছিল। সমৰ্পণৰ অনুসাৰে চলি আপুনি এই উত্তম বিবেকক বজাই ৰাখক আৰু যিহোৱাই আপোনাক জীৱনৰ বাকীছোৱাত আশীৰ্ব্বাদ প্ৰদান কৰিব।—হিতোপদেশ ১০:২২.

আপোনাৰ সঙ্কল্পই এক প্ৰমুখ ভূমিকা আদায় কৰে

১২, ১৩. আমি কৰা সঙ্কল্পই কেনেকৈ আমাৰ সমৰ্পণ আৰু বাপ্তিষ্মাৰ সৈতে সম্পৰ্ক ৰাখে?

১২ সমৰ্পণ আৰু বাপ্তিষ্মাই পৃথিৱীৰ লাখ লাখ লোকলৈ আশীৰ্ব্বাদসমূহ কঢ়িয়াই আনিছে। যেতিয়া আমি পানীত সম্পূৰ্ণৰূপে নিম্মজিত হৈ বাপ্তিষ্মা লৈছিলোঁ তেতিয়া অতীতৰ জীৱন-প্ৰণালীক ত্যাগ দিলোঁ যদিও ঈশ্বৰৰ ইচ্ছাৰ অনুসাৰে চলিবলৈ লোৱা সঙ্কল্পৰ পৰা বিৰত হোৱা নাছিলোঁ। আচলতে সঠিক শিক্ষা লোৱাৰ দ্বাৰা সেৱক হৈ আমি নিজে লোৱা সঙ্কল্পৰ অনুসাৰে প্ৰাৰ্থনাৰ যোগেদি সমৰ্পণ আৰু বাপ্তিষ্মা ললোঁ। সমৰ্পণ আৰু বাপ্তিষ্মা লোৱাৰ অৰ্থ হৈছে আমি ঈশ্বৰৰ ইচ্ছা অনুসাৰে চলিবলৈ নিৰ্ণয় লোৱা আৰু স্বইচ্ছাৰে তাক পালন কৰা। (ইফিচীয়া ৫:১৭) তেনে কৰি আমি যীচুক অনুকৰণ কৰোঁ, যিজনে নিজৰ সঙ্কল্প অনুসাৰে চলিবলৈ কাঠমিস্ত্ৰীৰ জীৱিকাক পৰিত্যাগ কৰি বাপ্তিষ্মা লৈছিল আৰু তেওঁৰ পিতৃৰ ইচ্ছা পালন কৰিবলৈ নিজকে অৰ্পণ কৰিছিল।—গীতমালা ৪০:৭, ৮; যোহন ৬:৩৮-৪০.

১৩ যিহোৱাৰ উদ্দেশ্য আছিল যে তেওঁৰ পুত্ৰই যাতে “দুখভোগৰ দ্বাৰাই সিদ্ধ” হয়। সেয়েহে যীচুৱে বিশ্বাসী হৈ থাকিবলৈ তেওঁক নিজে কৰা সঙ্কল্প অনুসাৰে চলিব লাগিছিল। তেওঁ শেষ মুহূৰ্তলৈকে “অতিশয় ক্ৰন্দন আৰু চকুলোৰে নিবেদন আৰু সাধ্য সাধনা উৎসৰ্গ কৰি, [ঈশ্বৰীয় ভয়ৰ, NW] কাৰণে উত্তৰ” পালে। (ইব্ৰী ২:১০, ১৮; ৫:৭, ৮) যদি একেইদৰে ঈশ্বৰলৈ সশ্ৰদ্ধ ভয় দেখুৱাওঁ, তেন্তে আমিও অৱশ্যেই “উত্তৰ” পাম আৰু যিহোৱাই তেওঁৰ সমৰ্পিত সেৱক হিচাবে আমাক স্থিৰ কৰিব বুলি নিশ্চিত হʼব পাৰিম।—যিচয়া ৪৩:১০.

আপুনি এক স্থিৰ হৃদয় বজাই ৰাখিব পাৰে

১৪. আমি কিয় নিতৌ বাইবেল পাঠ কৰা উচিত?

১৪ আপোনাক এটা স্থিৰ হৃদয় বজাই ৰাখিবলৈ আৰু সমৰ্পণৰ অনুসাৰে চলিবলৈ কিহে সহায় কৰিব? এক স্থিৰ হৃদয় বজাই ৰাখিবলৈ হʼলে আপুনি ঈশ্বৰৰ চিৰবৃদ্ধি জ্ঞান আৰু নিতৌ তেওঁৰ বাক্য পঢ়া আৱশ্যক। এনে কৰিবলৈ আমাক একেৰাহে “বিশ্বাসী বুদ্ধিমান দাসে” উৎসাহিত কৰিছে। আমি সমৰ্পণ অনুসাৰে ঈশ্বৰৰ সত্যতাত চলিবলৈ আমাক একেৰাহে সেই পৰামৰ্শ পালন কৰা আৱশ্যক। যদি যিহোৱাৰ সংগঠনে ইচ্ছাকৃতভাৱে মিছা শিক্ষাবোৰ পালন কৰিবলৈ অনুমোদন দিয়া হʼলে, যিহোৱাৰ সাক্ষী আৰু তেওঁৰ বাৰ্ত্তা শুনোতাসকলক কেতিয়াও বাইবেল পাঠ কৰিবলৈ পৰামৰ্শ নিদিলেহেঁতেন।

১৫. (ক) নিৰ্ণয় লোৱাৰ সময়ত আমি কি বিবেচনা কৰা উচিত? (খ) এজন খ্ৰীষ্টানৰ বাবে চাকৰিক কিয় কেৱল এক জীৱিকাৰ সাধন বুলি কোৱা হয়?

১৫ যেতিয়া কোনো নিৰ্ণয় লোৱা হয়, তেতিয়া সদায়ে বিবেচনা কৰক যে এই নিৰ্ণয়ে যিহোৱালৈ কৰা আপোনাৰ সমৰ্পণত কেনেদৰে প্ৰভাৱিত কৰিব। এইটো হয়তো আপোনাৰ চাকৰিৰ সৈতে জড়িত থাকিব পাৰে। আপুনি এইদৰে ইয়াক কৰিবলৈ চেষ্টা কৰেনে, যাতে সত্য উপাসনাক অগ্ৰগতি কৰিবলৈ সহায়ক হয়? সাধাৰণতে কৰ্ম্মচাৰীবিলাকে জানে যে সমৰ্পিত খ্ৰীষ্টানসকল ভাৰসাযোগ্য আৰু নিপুণ। তদুপৰি, তেওঁলোকে ইয়াকো জানে যে যিহোৱাৰ সাক্ষীসকলে উচ্চ স্থান পাবলৈ আনৰ সৈতে প্ৰতিদ্বন্দ্বিতা নকৰে। কিয়নো ধন-সম্পত্তি, খ্যাতি বা ক্ষমতা পোৱাটো তেওঁলোকৰ লক্ষ্য নহয়। দৰাচলতে সমৰ্পিত সেৱকসকলে ঈশ্বৰৰ ইচ্ছাৰ অনুসাৰে জীৱন-যাপন কৰাটোৱেই হৈছে তেওঁলোকৰ মূল লক্ষ্য। তেওঁলোকৰ অনুসাৰে চাকৰি হৈছে এক জীৱিকা অৰ্থাৎ জীৱনত দ্বিতীয় স্থান অধিকাৰ কৰে, যাৰ যোগেদি জীৱনৰ আৱশ্যকতাসমূহক পূৰণ কৰিব পৰা যায়। পাঁচনি পৌলৰ দৰে তেওঁলোকৰ মুখ্য কাৰ্য্য হৈছে খ্ৰীষ্টান পৰিচৰ্য্যা। (পাঁচনিৰ কৰ্ম্ম ১৮:৩, ৪; ২ থিচলনীকীয়া ৩:৭, ৮; ১ তীমথিয় ৫:৮) আপুনি ঈশ্বৰৰ ৰাজ্যৰ কাৰ্য্যসমূহক প্ৰথমস্থান দিয়েনে?—মথি ৬:২৫-৩৩.

১৬. আমাক চিন্তাধাৰাই বেৰি ধৰাৰ বাবে যদি সমৰ্পণৰ অনুসাৰে জীৱন-যাপন কৰিবলৈ হেঁচা অনুভৱ কৰোঁ, তেনেহʼলে আমি কি কৰা আৱশ্যক?

১৬ সত্যত অহাৰ পূৰ্বেই কিছুমানে হয়তো বিভিন্ন প্ৰকাৰৰ চিন্তাত ঘূৰ্ণীভূত হৈ আছিল। কিন্তু যেতিয়া ঈশ্বৰৰ ৰাজ্যৰ আশাক গ্ৰহণ কৰিলে তেতিয়া তেওঁলোকে কিমান যে আনন্দ, কৃতজ্ঞ আৰু ঈশ্বৰৰ প্ৰতি থকা প্ৰেমত উপচি পৰিল! আশীৰ্ব্বাদসমূহক অনুভৱ কৰি আনন্দিত হৈ যিহোৱালৈ কৰা তেওঁলোকৰ সমৰ্পণৰ অনুসাৰে জীৱন-যাপন কৰিবলৈ সহায় লাভ কৰিলে। আনহাতে এই ৰীতি-ব্যৱস্থাৰ চিন্তাধাৰাই যদি জীৱনটোক বেৰি ধৰি কাঁইটে কঠিয়াক ফল নধৰিবলৈ হেঁচাৰ দৰে ‘ঈশ্বৰৰ বাক্যক’ ব্যাহত কৰে, তেনেহʼলে কি হʼব পাৰে? (লূক ৮:৭, ১১, ১৪; মথি ১৩:২২; মাৰ্ক ৪:১৮, ১৯) যদি আপোনাক বা আপোনাৰ পৰিয়ালটোৰ তেনে হোৱা বুলি বোধ হৈছে, তেন্তে যিহোৱালৈ আপোনাৰ ভাৰ সমৰ্পণ কৰি তেওঁলৈ প্ৰাৰ্থনা কৰক, তেওঁ আপোনাক প্ৰেম আৰু কৃতজ্ঞতাক বৃদ্ধি হʼবলৈ সহায় কৰিব। যদি আপুনি আপোনাৰ ভাৰ সমৰ্পণ কৰে তেনেহʼলে যিহোৱাই আপোনাক স্থিৰ হৃদয় বজাই ৰাখি আনন্দেৰে সেৱা কৰিবলৈ তেওঁৰ শক্তি প্ৰদান কৰিব।—গীতমালা ৫৫:২২; ফিলিপীয়া ৪:৬, ৭; প্ৰকাশিত বাক্য ২:৪.

১৭. কঠিন পৰীক্ষাসমূহৰ সৈতে সম্মুখীন হʼবলৈ কেনেকৈ সম্ভৱ হʼব পাৰে?

১৭ যিদৰে সমৰ্পণ কৰাৰ সময়ত আপুনি তেওঁলৈ একেৰাহে প্ৰাৰ্থনা কৰিছিল, তেনেদৰে কৰি থাকক। (গীতমালা ৬৫:২) যেতিয়া বেয়া কাৰ্য্য কৰিবলৈ প্ৰলোভিত বা কঠিন পৰীক্ষাসমূহৰ সম্মুখীন হয় তেতিয়া ঈশ্বৰৰ নিৰ্দ্দেশনা বিচাৰি তাৰ অনুসাৰে কাৰ্য্য কৰক। বিশ্বাসৰ সম্বন্ধে পাঁচনি যাকোবে কোৱা এই বিষয়সমূহক মনত ৰাখক, যʼত তেওঁ এইদৰে কৈছিল: “কাৰোবাৰ যদি জ্ঞানৰ অভাৱ হয়, তেন্তে গৰিহণা নকৰাকৈ অকাতৰে সকলোকে দিওঁতা যি ঈশ্বৰ, তেওঁক তেওঁ যাচ্‌না কৰক; তাতে তেওঁক দিয়া হব। কিন্তু নিঃসংশয় হৈ, তেওঁ বিশ্বাসেৰে যাচ্‌না কৰক; কিয়নো যি জনে সংশয় কৰে, তেওঁ বতাহত নিয়া আৰু ওপৰলৈ উধুৱা সাগৰৰ ঢৌ এটাৰ নিচিনা হয়। এনে মানুহে যে প্ৰভুৰ পৰা কিবা পাব, ইয়াক তেওঁ নাভাবক; তেওঁ দুই মনৰ মানুহ, নিজৰ সকলো গতিতে অস্থিৰ।” (যাকোব ১:৫-৮) যদি পৰীক্ষা অসহনীয় যেন অনুভৱ হৈছে, তেন্তে আমি এইদৰে নিশ্চিত হʼব পাৰোঁ: “যি যি পৰীক্ষা মানুহবিলাকত চলে, তাৰ বাহিৰে তোমালোকলৈ আন পৰীক্ষা ঘটা নাই; কিন্তু ঈশ্বৰ বিশ্বাসী; তেওঁ তোমালোকলৈ শক্তিৰ অতিৰিক্ত পৰীক্ষা ঘটিবলৈ নিদিব; কিন্তু যাতে তোমালোকে সহিব পাৰিবা, তাৰ কাৰণে পৰীক্ষাই সৈতে সাৰিবৰ উপায়ো কৰিব।”—১ কৰিন্থীয়া ১০:১৩.

১৮. যদি কেনো গম্ভীৰ পাপে আমাৰ সমপৰ্ণৰ নিৰ্ণয়ক দুৰ্বল কৰিছে তেন্তে আমি কি কৰা আৱশ্যক?

১৮ যদি কোনো এটা গম্ভীৰ পাপে আপোনাৰ বিবেকক দংশন কৰিছে আৰু যাৰ বাবে সমৰ্পণৰ অনুসাৰে জীৱন-যাপন কৰিবলৈ লোৱা নিৰ্ণয়ক দূৰ্বল কৰি পেলাইছে, তেনেহʼলে কি কৰিব পাৰি? যদি আপুনি মন-পালটন কৰে, তেন্তে যিহোৱাই যে ‘ভগ্ন আৰু খেদিত চিত্তক অগ্ৰাহ্য নকৰে’ তাকে জানিবলৈ পাই শান্ত্বনা লভিব। (গীতমালা ৫১:১৭) ইয়াৰ ওপৰিও, যিহোৱাক অনুকৰণ কৰা মৰমীয়াল খ্ৰীষ্টান প্ৰাচীনসকলৰ সহায়ৰ যোগেদি স্বৰ্গীয় পিতৃৰ সৈতে থকা এক উত্তম সম্বন্ধক পুনৰাই লাভ কৰিব পাৰিব। (গীতমালা ১০৩:১০-১৪; যাকোব ৫:১৩-১৫) তাৰ পিছত আধ্যাত্মিকৰূপে পুনৰ শক্তিশালী হৈ আপুনি সত্য পথত চলি থাকি সমৰ্পণৰ অনুসাৰে জীৱন-যাপন কৰিবলৈ সক্ষম হʼব।—ইব্ৰী ১২:১২, ১৩.

স্থিৰ হৃদয়েৰে একেৰাহে যিহোৱাক সেৱা কৰক

১৯, ২০. সমৰ্পণৰ অনুসাৰে একেৰাহে জীৱন-যাপন কৰাটো আমাৰ বাবে কিয় অতি আৱশ্যক?

১৯ এই কঠিন সময়ছোৱাত আমাক সমৰ্পণৰ অনুসাৰে জীৱন-যাপন আৰু স্থিৰ হৃদয়েৰে একেৰাহে ঈশ্বৰৰ সেৱাত লাগি থাকিবলৈ কঠোৰ পৰিশ্ৰম কৰা উচিত। এই সন্দৰ্ভত যীচুৱে এইদৰে কৈছিল: “যি জনে শেষলৈকে সহি থাকে, সেই জনেই পৰিত্ৰাণ পাব।” (মথি ২৪:১৩) যিহেতু “শেষ-কালত” জীয়াই থকাৰ বাবে যিকোনো মুহূৰ্ততে ধ্বংস আহিব পাৰে। (২ তীমথিয় ৩:১) তদুপৰি, অহা কালিলৈ যে আমি সকলোৱে জীয়াই থাকিম বুলি কোনেও কব নোৱাৰে। (যাকোব ৪:১৩, ১৪) গতিকে এতিয়াৰে পৰা আমি ঈশ্বৰলৈ কৰা সমৰ্পণৰ অনুসাৰে জীৱন-যাপন কৰাটো অতি আৱশ্যক!

২০ এই বিষয়ে পাঁচনি পিতৰে লিখা তেওঁৰ দ্বিতীয় পত্ৰখনত জোৰ দি উল্লেখ কৰিছিল। তেওঁ দেখুৱাইছিল যে ভক্তিহীন লোকে জলপ্লাৱনত ধ্বংস হোৱাৰ দৰে লাক্ষণিক পৃথিৱী অৰ্থাৎ দুষ্ট মানৱ সমাজখন ‘যিহোৱাৰ দিনত’ বিনষ্ট হʼব। সেইবাবে তেওঁ আগ্ৰহেৰে কৈছিল: “সকলো পবিত্ৰ আচাৰ-ব্যৱহাৰ আৰু ভক্তিৰে কেনেকুৱা লোক হোৱা উচিত?” তদুপৰি, তেওঁ ইয়াকো কৈছিল: “হে প্ৰিয়বিলাক, তোমালোকে এই সকলো আগেয়ে জানি, ধৰ্ম্মহীনবিলাকৰ ভ্ৰান্তিলৈ নিয়া হৈ, নিজ স্থিৰতাৰ পৰা যেন পতিত নোহোৱা, এই কাৰণে সাৱধানে থাকা।” (২ পিতৰ ৩:৫-১৭) এইটো কিযে এক দুখৰ বিষয় হʼব যদি এজন বাপ্তিষ্মা প্ৰাপ্ত ব্যক্তিয়ে সত্য পথৰ পৰা আঁতৰি গৈ নিজৰ হৃদয়ত স্থিৰতা বজাই ৰাখিব নোৱাৰা ব্যক্তিৰ দৰে বিফল হয়!

২১, ২২. গীতমালা ৫৭:৭ পদত উল্লেখ কৰা বাক্যশাৰী কেনেকৈ ৰজা দায়ূদ আৰু প্ৰকৃত খ্ৰীষ্টানসকলৰ বাবে সত্য প্ৰমাণিত হʼল?

২১ সমৰ্পণৰ সম্পৰ্কে লোৱা আপোনাৰ নিৰ্ণয় তেতিয়াহে শক্তিশালী হʼব, যেতিয়া আপুনি বাপ্তিষ্মা লোৱাৰ আনন্দৰ সেই দিনটো আৰু বাক্য, কাৰ্য্যৰে তেওঁৰ হৃদয় আনন্দিত কৰিবলৈ সহায় বিচাৰি যিহোৱালৈ কৰা প্ৰাৰ্থনাৰ বিষয়ে মনত ৰাখি চলে। (হিতোপদেশ ২৭:১১) যিহোৱাই কেতিয়াও তেওঁৰ লোকক নিৰুৎসাহিত নকৰে আৰু সেয়েহে আমি নিশ্চয়ে বিশ্বাসী হৈ থকা আৱশ্যক। (গীতমালা ৯৪:১৪) ৰজা দায়ূদক শত্ৰুবিলাকৰ অভিসন্ধি আৰু তেওঁলোকৰ হাতৰ পৰা ৰক্ষা কৰি ঈশ্বৰে তেওঁলৈ দয়া দেখুৱাইছিল। সেইবাবে দায়ূদে তেওঁৰ ত্ৰাণকৰ্তাৰ প্ৰতি অটুট প্ৰেমক প্ৰকাশ কৰিছিল। তেওঁ আন্তৰিকতাৰে এইদৰে গীত গাইছিল: “হে ঈশ্বৰ, মোৰ মন সুস্থিৰ হল, মোৰ মন সুস্থিৰ হল, মই গীত গাম, এনে কি, প্ৰশংসাৰ গান কৰিম।”—গীতমালা ৫৭:৭.

২২ ৰজা দায়ূদৰ দৰে প্ৰকৃত খ্ৰীষ্টানসকলেও ঈশ্বৰৰ প্ৰতি ৰখা ভক্তিত অস্থিৰ নহয়। স্থিৰ হৃদয়েৰে তেওঁলোকে যিহোৱাক নিজৰ ত্ৰাণকৰ্তা আৰু ৰক্ষক মানিছে আৰু উল্লাহেৰে প্ৰশংসা কৰিছে। যদি আপোনাৰ স্থিৰ হৃদয় আছে, তেনেহʼলে ই যিহোৱাত ভাৰসা ৰাখিব আৰু তেওঁৰ সহায়ৰ দ্বাৰা আপুনি সমৰ্পণৰ অনুসাৰে জীৱন-যাপন কৰিব পাৰিব। সঁচাকৈ, আপুনি গীতমালা ৰচোঁতাই বৰ্ণনা কৰা “ধাৰ্ম্মিকৰ” দৰে হʼব পাৰিব যাৰ বিষয়ে তেওঁ এইদৰে কৈছিল: “বিষম বাৰ্ত্তা শুনিলেও তেওঁ ভয় নকৰিব; যিহোৱাত ভাৰসা ৰখাত তেওঁৰ মন স্থিৰ হৈ থাকে।” (গীতমালা ১১২:৬, ৭) সম্পূৰ্ণ ভাৰসা আৰু বিশ্বাসে সৈতে আপুনি সমৰ্পণৰ অনুসাৰে জীৱন-যাপন আৰু একেৰাহে স্থিৰ হৃদয়েৰে তেওঁৰ সেৱা কৰিব পাৰিব। (w02 4/1)

[২০ পৃষ্ঠাৰ ছবি]

আপোনাৰ মনত আছেনে?

• আমি একেৰাহে কিয় বাইবেলৰ যথাৰ্থ জ্ঞান লোৱা উচিত?

• আমাক কিয় মন-পালটন আৰু পৰাচিত কৰাৰ বিষয়ে মনত ৰখা উচিত?

• আমি কৰা সমৰ্পণ আৰু বাপ্তিষ্মাক স্মৰণ কৰাৰ দ্বাৰা আমি কেনেকৈ লাভৱান হʼব পাৰোঁ?

• স্থিৰ হৃদয়েৰে একেৰাহে যিহোৱাৰ সেৱাত লাগি থাকিবলৈ আমাক কিহে সহায় কৰিব?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[১৮ পৃষ্ঠাৰ ছবি]

নিতৌ ঈশ্বৰৰ বাক্যক অধ্যয়ন কৰাৰ দ্বাৰা আপুনি আধ্যাত্মিক স্বাস্থ্য আৰু স্থিৰতা বজাই ৰাখিছেনে?

[১৮ পৃষ্ঠাৰ ছবিসমূহ]

খ্ৰীষ্টান সেৱাকাৰ্য্যক মুখ্য স্থান দিয়াৰ দ্বাৰা আমি স্থিৰ হৃদয়েৰে একেৰাহে যিহোৱাৰ সেৱাত লাগি আছোঁ