Skip to content

Skip to table of contents

পাঠকসকলৰ প্ৰশ্ন

পাঠকসকলৰ প্ৰশ্ন

পাঠকসকলৰ প্ৰশ্ন

 “যীচুৰ নামত জনাইছোঁ” বুলি উক্তিটো ব্যৱহাৰ নকৰাকৈ আন কোনো শব্দ ব্যৱহাৰ কৰি ঈশ্বৰলৈ প্ৰাৰ্থনা কৰাটো উপযুক্ত নে?

বাইবেলে বৰ্ণনা কৰিছে যে সত্য খ্ৰীষ্টানসকলে যীচুৰ নামেৰে যিহোৱালৈ প্ৰাৰ্থনা কৰাটো বাঞ্চনীয়। যীচুৱে শিষ্যসকলক এইদৰে কৈছিল: “মোৰ যোগেদি নগলে, পিতৃৰ ওচৰলৈ কোনো নায়ায়।” আগলৈ তেওঁ এইদৰে কৈছিল: “পুত্ৰত যেন পিতৃ মহিমান্বিত হয়, এই নিমিত্তে, মোৰ নামেৰে যিহকে খুজিবা, মই তাকে সিদ্ধ কৰিম। তোমালোকে মোৰ নামেৰে যদি মোক খুজিবা, তেন্তে তাক মই সিদ্ধ কৰিম।”—যোহন ১৪:৬, ১৩, ১৪.

যীচুৰ অতুলনীয় স্থানক নিৰ্দ্দেশিত কৰি, চাইক্লপেডিয়া অৱ বিব্লিকেল, থিয়লজীকেল এন্ড ইক্লেচেচ্‌টিকেল লিট্ৰেশ্বৰে এইদৰে কৈছে: “যদিও প্ৰাৰ্থনাৰ বিষয়-বস্তু হৈছে কেৱল ঈশ্বৰ, কিন্তু যীচু খ্ৰীষ্টই মধ্যস্থতাৰূপে কাৰ্য্য কৰে। সেয়ে সকলো নিৱেদনত কোনো সন্ত জনা বা স্বৰ্গদূতৰ নামেৰে কৰাটো কেৱল অৰ্থহীনেই নহয়, কিন্তু ঈশ্বৰক নিন্দা কৰাও হʼব। সেয়েহে সৃষ্টি কৰা সকলো বস্তুক উপাসনা কৰাটো, সৃষ্টিক সন্মান কৰা নহয় কিন্তু মূৰ্ত্তি পূজা কৰা হয়। এই বিষয়ে ঈশ্বৰৰ পবিত্ৰ ব্যৱস্থাই এক কটকটীয়া নিষেধাজ্ঞা দিছিল।”

কোনো এজনে এটা মূল্যৱান পুৰষ্কাৰ পোৱাৰ পিছত “যীচুৰ নাম” ব্যৱহাৰ নকৰাকৈ “যিহোৱা আপোনাক বহুত ধন্যবাদ কৰিছোঁ” বুলি কয়, তেনেহʼলে কি হʼব? এইটো অনুপযুক্ত হʼবনে? বাস্তৱতে নহয়। ধৰি লওঁক, এজন খ্ৰীষ্টানে অপ্ৰত্যাশিতভাৱে বিপদৰ সম্মুখীন হোৱাৰ বাবে এইদৰে চিঞৰি কৈছে: “যিহোৱা মোক ৰক্ষা কৰক!” যিহোৱাই তেওঁৰ সেৱকসকলে ‘যীচুৰ নাম’ উল্লেখ নকৰাকৈ সহায় বিচাৰাৰ বাবে তেওঁলোকক অগ্ৰাহ্য নকৰে।

এইটো লক্ষ্য কৰা হৈছে যে, সাধাৰণতে তেনেদৰে চিঞৰি কোৱাটো ঈশ্বৰলৈ কৰা প্ৰাৰ্থনাৰ আৰম্ভ নহয়। উদাহৰণস্বৰূপে, কয়িনে নিজৰ ভায়েক হেবলক হত্যা কৰাৰ পিছত যিহোৱাই তেওঁক ন্যায় কৰি শাস্তি দিয়াত তেওঁ এইদৰে কৈছিল: “মোৰ দণ্ড সহিব পৰাতকৈ অধিক। চাওক, আপুনি আজি ভূমিৰ পৰা মোক খেদাইছে; মই আপোনাৰ সম্মুখৰ পৰা লুকাব লগাত পৰিলোঁ; মই পৃথিবীত পলৰীয়া আৰু থানথিত নোহোৱা হম; তাতে যি কোনোৱে মোক পাব, সি মোক বধ কৰিব।” (আদিপুস্তক ৪:১৩, ১৪) যদিও কয়িনে যিহোৱাক সম্বোধন কৰি কৈছিল, আচলতে তেওঁ নিজে কৰা পাপৰ বেয়া পৰিণামৰ বাবে আবেগীক হৈ অভিযোগ কৰিছিল।

বাইবেলে আমাক এইদৰে কৈছে: “ঈশ্বৰ অহঙ্কাৰীবিলাকৰ বিপক্ষ হয়, কিন্তু নম্ৰবিলাকক তেওঁ অনুগ্ৰহ দান কৰে।” কোনো মানুহে সৰ্ব্বশক্তিমান জনাক তেনেদৰে সম্বোধন কৰাটোৱে এইটো প্ৰকাশ কৰে যে সেই ব্যক্তিজন নম্ৰ নহয়। ইয়াৰ ওপৰিও ঈশ্বৰৰ বাক্যত উল্লেখ কৰা যীচুৰ ভূমিকাৰ বিষয়ে জনাৰ স্বত্ত্বেও যীচু খ্ৰীষ্টক অস্বীকাৰ কৰি প্ৰাৰ্থনা কৰিলে তেওঁক অসন্মান কৰা হʼব।—লূক ১:৩২, ৩৩.

দৰাচলতে যিহোৱাই তেওঁলৈ প্ৰাৰ্থনা কৰা সকলৰ পৰা কোনো বিশেষ ধৰণে বা নিয়ম অথবা প্ৰণালীৰে প্ৰাৰ্থনা কৰাটো অপেক্ষা নকৰে। এজন ব্যক্তিয়ে হৃদয়েৰে প্ৰাৰ্থনা কৰা আৱশ্যক, এইটোৱে হৈছে এটা মুখ্য কাৰক। (১ চমূৱেল ১৬:৭) সা.যু. প্ৰথম শতাব্দীত কৰ্ণালিয় নামৰ এজন ৰোমান সেনাপতিয়ে “ঈশ্বৰৰ আগত সদায় প্ৰাৰ্থনা কৰি আছিল।” কৰ্ণালিয় এজন অচূন্নত আৰু যিহোৱালৈ সমৰ্পিত নকৰা ব্যক্তি আছিল। তেওঁ যীচুৰ নামেৰে প্ৰাৰ্থনা কৰাৰ বাবে তেওঁৰ প্ৰাৰ্থনা “দান সোঁৱৰণীয়ৰূপে ঈশ্বৰ আগলৈ উঠিল।” ঈশ্বৰে কিয় প্ৰাৰ্থনা শুনিলে? “হৃদয় পৰীক্ষা কৰোঁতা” জনে কৰ্ণালিয়ক লক্ষ্য কৰিছিল, কিয়নো “তেওঁ এজন ভক্ত লোক, আৰু . . . ঈশ্বৰলৈ ভয় ৰাখিছিল।” (পাঁচনিৰ কৰ্ম্ম ১০:২, ৪; হিতোপদেশ ১৭:৩) ‘নাচৰতীয়া যীচুৰ’ বিষয়ে জ্ঞান লোৱাৰ পিছত কৰ্ণালিয়ই পবিত্ৰ আত্মা লাভ কৰিছিল আৰু বাপ্তিষ্মা লৈ যীচুৰ এজন শিষ্য হৈ পৰিল।—পাঁচনিৰ কৰ্ম্ম ১০:৩০-৪৮.

ঈশ্বৰে কোনো জনৰ প্ৰাৰ্থনা শুনে আৰু নুশুনে তাক নিৰ্ণয় কৰাটো মানুহৰ কাৰ্য্য নহয়। কোনো এটা সময়ত এজন খ্ৰীষ্টানে যদি “যীচুৰ নামেৰে” বুলি উক্তিটো উল্লেখ নকৰাকৈ ঈশ্বৰলৈ প্ৰাৰ্থনা কৰে, তেনেহʼলে তেওঁ তাৰ বাবে নিজকে অপৰাধী বুলি ভাবিব নালাগে। কিয়নো যিহোৱাই সম্পূৰ্ণকৈ আমাৰ পৰিসীমা জানে আৰু আমাক সহায় কৰিব বিচাৰে। (গীতমালা ১০৩:১২-১৪) সেয়েহে আমি সম্পূৰ্ণকৈ ভৰসা ৰাখিব পাৰোঁ যে, যদি আমি “ঈশ্বৰৰ পুত্ৰৰ নামত . . . যি কোনো যাচনা কৰোঁ, আমাৰ সেই যাচনা তেওঁ শুনে, ইয়াকে যদি জানো, তেন্তে তেওঁত যি যি যাচনা কৰিলোঁ, সেই সকলোকে পালোঁ বুলি আমি জানো।” (১ যোহন ৫:১৩-১৫) বিশেষকৈ ৰাজহুৱাভাৱে প্ৰাৰ্থনা কৰা এজন সত্য খ্ৰীষ্টানৰ যিহোৱাৰ উদ্দেশ্যত যীচুৱে আদায় কৰা ভূমিকাৰ বিষয়ে শাস্ত্ৰত দিয়া পৰিলেখৰ প্ৰতি জ্ঞান থাকে। তেওঁলোকে আজ্ঞাকাৰী হৈ যীচুৰ নামেৰে ঈশ্বৰলৈ প্ৰাৰ্থনা কৰি যীচুক সন্মান কৰে। (w02 4/15)