Skip to content

Skip to table of contents

বৰ্তমান সময়ত আৰু চিৰকাললৈ নিৰাপত্তা অনুভৱ কৰক

বৰ্তমান সময়ত আৰু চিৰকাললৈ নিৰাপত্তা অনুভৱ কৰক

বৰ্তমান সময়ত আৰু চিৰকাললৈ নিৰাপত্তা অনুভৱ কৰক

 নিৰাপত্তা যদিও অলপ সময়ৰ বাবে পোৱা যায়, তথাপিও প্ৰায়ে ই কিয় ছঁয়াময়া হয়? আমাৰ নিৰাপত্তা কল্পনাৰ ওপৰত আধাৰিত হোৱাৰ পৰিৱৰ্ত্তে সাধ্য হʼবলৈ আশা কৰাৰ ওপৰত আধাৰিত নে? এনেধৰণৰ ভ্ৰমক সপোনৰ ৰাজ্যত বাস কৰা বুলি কোৱা হয়।

কল্পনাই আমাৰ মনটোক বাস্তৱিক জীৱনৰ সৈতে থকা নিৰাপত্তাহীনতাৰ পৰা আঁতৰাই সপোনটোক ভঙ্গ কৰিব পৰা কোনো বস্তুক অব্যাহতি কৰি এখন মনোৰম নিৰাপত্তা অৱস্থাত প্ৰবেশ কৰায়। কিন্তু প্ৰায়ে এই বাস্তৱিক জগতৰ কোনো আকস্মিক ঘটনাই সেই সপোন ৰাজ্যত প্ৰবেশ কৰি নিৰ্দয়ভাৱে কল্যাণকল্পিত আৱেগক বিলোপ কৰি সপোনৰ পৰা বাস্তৱিকতালৈ ঘূৰাই আনে।

আঁহক আমি লোকসকলে নিৰাপত্তা বিচৰা এটা দিশ যি ভৌগোলিক অৱস্থিতি, তাৰ বিষয়ে বিবেচনা কৰোঁহঁক। উদাহৰণস্বৰূপে, ডাঙৰ চহৰবোৰে কোনো এক উত্তম সময়ৰ দৃশ্য, অধিক ধন লাভ কৰা আৰু অত্যাধুনিক সুবিধা থকা বাসভৱনৰ বিষয়ে দাঙি ধৰে। বাস্তৱতে, এইবোৰে আমাক দীৰ্ঘসময়ৰ বাবে নিৰাপত্তা প্ৰদান কৰিব পাৰে বুলি বোধ হʼব পাৰে। কিন্তু এনে কল্পনা বাস্তৱিক নে?

অৱস্থিতি—ডাঙৰ চহৰ বা স্বপ্ন নগৰ?

উন্নতিশীল দেশবোৰত বিজ্ঞাপনৰ দ্বাৰা ডাঙৰ চহৰবোৰে দিয়া প্ৰলোভনে সহজতে কাল্পনিক হʼবলৈ প্ৰলোভিত কৰিব পাৰে। এনেবোৰ বিজ্ঞাপনৰ পৃষ্ঠভূমিত থকা সংগঠনসমূহে বাস্তৱতে আপোনাৰ নিৰাপত্তাৰ প্ৰতি নহয়, কিন্তু তেওঁলোকৰ বিক্ৰীৰ প্ৰতিহে আগ্ৰহী। তেওঁলোকে নিৰাপত্তা লাভ কৰি সফলতা হোৱাক বিশেষৰূপে অংকিত কৰি এই বাস্তৱিক জগতৰ সমস্যাসমূহক ঢাকি ৰাখে। এইদৰে ডাঙৰ চহৰবোৰ আৰু কোনো এটা বস্তুৰ বিজ্ঞাপনৰ সৈতে নিৰাপত্তা জড়িত হৈ থাকে।

তলত দিয়া উদাহৰণটোক বিবেচনা কৰক। পশ্চিম আফ্ৰিকাত থকা এখন চহৰৰ বিজ্ঞাপনত এইদৰে বৰ্ণনা কৰা হʼল যে প্ৰকৃততে চিগাৰেট সেৱন কৰা মানেই অতি কষ্টৰে উপাৰ্জন কৰা ধন নষ্ট কৰা। সেই বিজ্ঞাপনটো নাগৰিকসকলক চিগাৰেট সেৱন কৰাক বৰ্জন কৰিবলৈ সতৰ্ক কৰা এটা অভিযানৰ ভাগ আছিল। কিন্তু চিগাৰেট নিৰ্ম্মাণকৰ্ত্তা আৰু বিক্ৰেতাসকলে বিজ্ঞাপনৰ জড়িয়তে সেৱন কৰোঁতাসকলৰ আগত এনে কৌশলপূৰ্ণ যুক্তি দাঙি ধৰিলে যে যিসকলে সেৱন কৰে তেওঁলোকে সুখী আৰু সফলতা লাভ কৰিব। ইয়াৰ অতিৰিক্ত এটা কোম্পানীয়ে নিজৰ কিছুমান কৰ্ম্মচাৰীক আকৰ্ষণীয় পোছাক আৰু ৰংচঙীয়া বেচ্‌ বল খেলুৱৈৰ টুপী পিন্ধাই ৰাস্তাত ডেকা ব্যক্তিসকলক বিনামূল্যেই চিগাৰেট বিতৰণ কৰি সেই লোকবিলাকৰ প্ৰত্যেককে “ইয়াক ব্যৱহাৰ কৰি চাবলৈ” উৎসাহিত কৰিলে। তেওঁলোকৰ বহুতে গাৱঁৰ পৰা আহিছিল আৰু তেওঁলোকে এই চতুৰ বিজ্ঞাপনৰ ফান্দত পৰিল। ফলস্বৰূপে তেওঁলোকে চিগাৰেট সেৱন কৰাত আসক্ত হʼল। সেই ডেকা ব্যক্তিসকলে গাৱঁৰ পৰা তেওঁলোকৰ পৰিয়ালক সহায় কৰিবলৈ বা আৰ্থিকভাৱে আগবাঢ়িবলৈ নিৰাপত্তা বিচাৰি চহৰলৈ আহিছিল। তেওঁলোকে নিজৰ উপাৰ্জনক এইদৰে দহন কৰাৰ পৰিৱৰ্তে এটা ভাল কাৰ্য্যত ব্যৱহাৰ কৰিব পাৰিলেহেঁতেন।

ডাঙৰ চহৰতবোৰত এক সফল জীৱনৰ বাবে বিজ্ঞাপন প্ৰায়ে কেৱল বেপাৰীসকলে দিয়ে, এনে নহয়। তেনে বিজ্ঞাপন এনে লোকসকলৰ মুখৰ পৰাও শুনা যায় যি সকলে নিজৰ গাওঁ এৰি চহৰলৈ গʼল আৰু নিজৰ গাওঁখনলৈ ঘূৰি আহিবলৈ লাজ কৰে। তেওঁলোকে নিজকে বিফল হোৱা বুলি প্ৰকাশ নকৰি ইয়াৰ পৰিৱৰ্তে তেওঁলোকে চহৰত বহুতো ধন-সম্পত্তি আৰু সফলতা পালে বুলি ডাংকোপ মাৰে। এই সম্পৰ্কে ভালকৈ নিৰীক্ষণ কৰা এজন নিৰীক্ষকে এইদৰে দাবি কৰি কয়, দৰাচলতে প্ৰকাশ পাইছে যে তেওঁলোকৰ জীৱনধাৰা পূৰ্বতে গাওঁত থকা জীৱন প্ৰণালীতকৈ উন্নত নহয়; তেওঁলোকে চহৰত থকা প্ৰায়ভাগ লোকৰ দৰে আৰ্থিক উপাৰ্জনৰ বাবে সংঘৰ্ষ কৰিবলগীয়া হয়।

সাধাৰণতে বিশেষকৈ যিসকলে চহৰত নিৰাপত্তাৰ অনুসন্ধানত নতুনকৈ আহিছে, তেওঁলোকে সহজতে তেনে প্ৰবঞ্চনাৰ ফান্দত পৰে। তেওঁলোকে তেনে ফান্দত পৰে কিয়? সাধাৰণতে তেওঁলোকে কম সময়ৰ ভিতৰত কোনো এজনৰ সৈতে এক নিবিড় বন্ধুত্ব গঢ়ি তুলিব নোৱাৰে। তদুপৰি, তেওঁলোকে পৰিয়াল বৰ্গৰ পৰা বহুত আঁতৰত থাকে। সেয়েহে তেওঁলোকক তেনে জাকজমকতা ভৰা চহৰৰ ভৌতিক ফান্দৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিওঁতা কোনো নাথাকে।

জচুৱে চিগাৰেট সেৱন কৰাৰ ফান্দত পৰা নাছিল। ইয়াৰ উপৰিও তেওঁ চিনাক্ত কৰিব পাৰিছিল যে চহৰীয়া জীৱনে তেওঁক নিৰাপত্তা লাভ কৰাৰ সফলতা দিব নোৱাৰে। তেওঁৰ বাবে এইটোৱেই ভাল হʼল যে চহৰখনে তেওঁক কেৱল পূৰ্ণ হʼব নোৱাৰা অনেক উচ্চাভিলাষা প্ৰদান কৰিলে। তেওঁ এইটো জানিব পাৰিলে যে আচলতে চহৰখনে তেওঁক কোনো নিৰাপত্তা দিব নোৱাৰে; গতিকে চহৰখনত তেওঁ থকাৰ কোনো অৰ্থ নাই। তেওঁ নিজকে নিষ্ফল, নিকৃষ্ট আৰু অসফল ভাবিবলৈ ত্যাগ দি, নম্ৰ হৈ গাৱঁলৈ ঘূৰি আহিল।

গাৱঁৰ লোকসকলে তেওঁক ঠাট্টা কৰিব বুলি তেওঁ ভয় কৰিছিল। কিন্তু ইয়াৰ বিপৰীতে তেওঁৰ পৰিয়াল আৰু বন্ধুবৰ্গই আন্তৰিকতাৰে আদৰণি জনালে। তেওঁৰ পৰিয়াল আৰু পৰিচিত গাওঁখনে তেওঁক হৃদয়েৰে আদৰণি জনোৱাৰ বাবে তেওঁ কিমান যে ধন্যবাদ কৰিছিল। অতি কম সময়ৰ ভিতৰত তেওঁ স্বপ্ন ভঙ্গ হোৱা সেই ডাঙৰ চহৰখনতকৈ খ্ৰীষ্টান মণ্ডলীত থকা বন্ধুসকলৰ প্ৰেমত অধিক নিৰাপত্তা লাভ কৰিলে। তেওঁ নিজৰ দেউতাকৰ সৈতে খেতি-বাতিত যথেষ্ট পৰিশ্ৰম কৰিলে আৰু ফলস্বৰূপে তেওঁ আৰু তেওঁৰ পৰিয়ালে ভাবিব নোৱাৰাতকৈ অধিক ধন উপাৰ্জন কৰিলে, যিটো চহৰত থাকি কেতিয়াও কৰিব নোৱাৰিলেহেঁতেন।

টকা-পইচা—ইয়াৰ সৈতে জড়িত থকা প্ৰকৃত সমস্যা কি?

টকা-পইচাই আপোনাক নিৰাপত্তা দিয়েনে? কানাডাত থকা লীজ নামৰ এগৰাকী যুৱতীয়ে এইদৰে কয়: “এগৰাকী গাভৰু হিচাবে মই ভাবিছিলোঁ যে টকা-পইচাই মোক দুঃচিন্তাৰ পৰা মুক্তি দিব।” তাই আৰ্থিক নিৰাপত্তা থকা এজন অতি ধনী ব্যক্তিৰ প্ৰেমত পৰে। অতি কম সময়ৰ ভিতৰত তেওঁলোকৰ বিবাহ সম্পন্ন হয়। তাই নিৰাপত্তা অনুভৱ কৰিছিলনে? আগলৈ লীজে এইদৰে কয়: “যেতিয়া আমাৰ বিবাহ হʼল, তেতিয়া আমাৰ এটা সুন্দৰ ঘৰ, দুখন মটৰ গাড়ী আছিল। তদুপৰি, অধিক টকা-পইচা থকাৰ বাবে যʼতে যাবলৈ মন গৈছিল তালৈ ভ্ৰমণ কৰিছিলোঁ আৰু যি আমোদ-প্ৰমোদ কৰিবলৈ মন যায় তাকে আমি কৰিছিলোঁ। তথাপিও মই টকা-পইচাৰ বাবে চিন্তিত আছিলোঁ।” তাই চিন্তিত হোৱাৰ কাৰণ বৰ্ণনা কৰি এইদৰে কৈছিল: “কিয়নো আমি ইয়াতকৈ অধিক হেৰুৱাবলগীয়া হৈছিল। প্ৰায়ে দেখা গৈছিল যে আপোনাৰ ওচৰত যিমানে থাকে, সিমানেই নিৰাপত্তাহীন অনুভৱ কৰিব। ধন-সম্পত্তিয়ে দুঃচিন্তা বা ব্যাকুলতাৰ পৰা মুক্তি দিব নোৱাৰে।”

যদি আপুনি ভাবে যে নিৰাপত্তা পাবলৈ আপোনাৰ ওচৰত অধিক ধন-সম্পত্তি নাই, তেনেহʼলে নিজকে সোধক, ‘ইয়াৰ প্ৰকৃত কাৰণটো কি? বাস্তৱিকতে টকা-পইচাৰ আৱশ্যক নে অথবা টকা-পইচাক উত্তমভাৱে খৰচ কৰাত জ্ঞানৰ হ্ৰাস হৈছে?’ লীজে নিজৰ অতীতৰ কথা সুঁৱৰি এইদৰে কয়: “এতিয়া মই মোৰ পৰিয়ালৰ সমস্যাটোৰ কাৰণ বিচাৰি পালোঁ, যেতিয়া সৰু আছিলোঁ তেতিয়া মই জধে-মধে খৰচ কৰিছিলোঁ। আমি প্ৰায়ে বস্তু ধাৰে আনিছিলোঁ আৰু সেইবাবে আমি সদায়ে ঋণগ্ৰস্ত হৈ আছিলোঁ। ইয়ে আমাৰ দুঃচিন্তাৰ কাৰণ আছিল।”

আজি লীজ আৰু তাইৰ স্বামীৰ ওচৰত যদিও কম টকা-পইচা আছে, তেওঁলোকে আগতকৈও অধিক নিৰাপত্তা অনুভৱ কৰিছে। যেতিয়া তেওঁলোকে ঈশ্বৰৰ সত্য বাক্য শিকিবলৈ ধৰিলে, তেতিয়া ধন-সম্পত্তিৰ বাবে প্ৰলোভিত কৰি বিপথগামী কৰা পৰামৰ্শক শুনিবলৈ ত্যাগ দিলে আৰু ঈশ্বৰৰ জ্ঞান লʼবলৈ আৰম্ভ কৰিলে, যʼত এইদৰে কোৱা হৈছে: “যি জনে মোৰ কথা শুনে, তেওঁ নিৰাপদে থাকিব, আৰু অমঙ্গলৰ ভয় নোপোৱাকৈ শান্তিৰে থাকিব।” (হিতোপদেশ ১:৩৩) ধন-সম্পত্তিয়ে তেওঁলোকক দিব পৰাতকৈ অধিক অৰ্থপূৰ্ণভাৱে জীৱন যাপন কৰিবলৈ বিচাৰিলে। লীজ আৰু তাইৰ স্বামীয়ে এতিয়া এখন দূৰ দেশত মিছনাৰী হিচাবে সেৱা কৰি ধনী আৰু দুখীয়া সকলো লোকক শিকাইছে যে যিহোৱা ঈশ্বৰে অতি শীঘ্ৰেই গোটেই পৃথিৱীখনত নিৰাপত্তা স্থাপন কৰিব। এই কাৰ্য্যই তেওঁলোকক টকা-পইচাই প্ৰদান কৰা উৎকৃষ্ট উদ্দেশ্য আৰু অধিক ধন-সম্পত্তি লাভ কৰাতকৈ অধিক সন্তুষ্টি আৰু দৃঢ়তা প্ৰদান কৰিছে।

সত্যৰ এই মূল বিষয়ক মনত ৰাখক: ঈশ্বৰৰ সৈতে ধনৱান হোৱাৰ অৰ্থ হৈছে কোনো ভৌতিক বস্তুৰে ধনৱান হোৱাতকৈ অধিক মূল্যবান। গোটেই পবিত্ৰ শাস্ত্ৰত উল্লেখ কৰিছে যে ভৌতিক সম্পত্তিৰে ধনৱান হোৱাতকৈ যিহোৱাৰ সৈতে উত্তম সম্বন্ধ বজাই ৰাখি আমি বিশ্বাসেৰে একেৰাহে ঈশ্বৰৰ ইচ্ছাক পালন কৰাটো উত্তম। যীচু খ্ৰীষ্টই আমাক “ঈশ্বৰলৈ ধনৱান” হʼবলৈ “স্বৰ্গত, . . . অক্ষয় ধন সাঁচি” থবলৈ উৎসাহিত কৰিছিল।—লূক ১২:২১, ৩৩.

উচ্চস্থান—এই সম্পৰ্কে আপোনাৰ দৃষ্টিভঙ্গী কি?

যদি আপুনি সমাজত উচ্চস্থান লাভ কৰি নিৰাপত্তা পাবলৈ বিচাৰিছে, তেনেহʼলে নিজকে এইদৰে প্ৰশ্ন কৰক: ‘উচ্চস্থানত থকা কোনজনে প্ৰকৃত নিৰাপত্তা লাভ কৰিছে? মই ইয়াক লাভ কৰিবলৈ কিমান ওপৰলৈ উঠিব লাগিব?’ এটা সফলতা প্ৰাপ্ত কৰ্ম্মজীৱনে হয়তো আপোনাক মিছা নিৰাপত্তা প্ৰদান কৰি নিৰাশা, এক শোচনীয় পৰিস্থিতিলৈ পৰিচালিত কৰিব পাৰে।

দৰাচলতে, উদাহৰণসমূহে দেখুৱা- ইছে যে কোনো মানুহৰ নামতকৈ ঈশ্বৰৰ সৈতে ভাল নাম বজাই ৰাখিলে অধিক নিৰাপত্তা পাব পাৰি। একমাত্ৰ যিহোৱাই মানুহক অনন্ত জীৱনৰ উপহাৰ দান কৰিব পাৰে। ইয়াত আমাৰ নাম কোনো সমাজৰ অভিধানত নহয়, কিন্তু ঈশ্বৰৰ জীৱন পুস্তকত লিখাটো জড়িত আছে।—যাত্ৰাপুস্তক ৩২:৩২; প্ৰকাশিত বাক্য ৩:৫.

আপুনি বুদ্ধিমানেৰে বিবেচনা কৰি আপোনাৰ বৰ্তমানৰ অৱস্থাক কেনেকৈ নিৰূপণ আৰু অকপটভাৱে ভৱিষ্যতে কি আশা কৰিব পাৰে? সকলোৰে সকলো নাই। এজন বুদ্ধিমান খ্ৰীষ্টান ব্যক্তিয়ে এইদৰে কৈছিল: “মই শিকিলোঁ যে জীৱনত কেতিয়াও এইটো আৰু সেইটো কৰিব নোৱাৰোঁ, কিন্তু এইটো বা সেইটো কৰিব পাৰোঁ।” ক্ষন্তেকৰ বাবে অলপ ৰওঁক আৰু বক্সত দিয়া “বেনিনত কোৱা হʼল” বিষয়টো পঢ়ক।

এতিয়া এই প্ৰশ্নসমূহৰ উত্তৰ দিয়ক: মোৰ জীৱনত সকলোতকৈ গুৰুত্বপূৰ্ণ লক্ষ্য কি? তাত উপনীত হʼবলৈ সকলোতকৈ পোন পথ কি? সেই লক্ষ্যত উপনীত হʼবলৈ স্বাভাৱিকভাৱে এক সহজ পথৰ পৰিৱৰ্তে মই এনে এক পথৰে আগুৱাই যাবলৈ বিচাৰিম নে যʼত কেৱল অধিক সময় নিৰাপত্তাহীন অনুভৱ কৰিম?

যীচুৱে আধ্যাত্মিক বস্তুসমূহৰ সৈতে ভৌতিক বস্তুসমূহক তুলনা কৰি, চকুক “ভাল” বা “কেন্দ্ৰীভূত” কৰিবলৈ পৰামৰ্শ দিছিল। (মথি ৬:২২) তেওঁ স্পষ্টৰূপে কৈছিল যে আধ্যাত্মিক কাৰ্য্যসমূহ, ঈশ্বৰৰ নাম আৰু তেওঁৰ ৰাজ্যক জীৱনত প্ৰথমস্থান দিয়া আৱশ্যক। (মথি ৬:৯, ১০) আন বস্তুবোৰক কম গুৰুত্ব বা অধিক মনোযোগ দিয়া উচিত নহয়।

বৰ্তমান সময়ত উপলব্ধ থকা বহুতো কেমেৰাই দূৰ বা ওচৰত আপোনা-আপুনিকৈ কেন্দ্ৰীকৰণ বা ফʼকাচ কৰিব পাৰে। আপুনি তেনেদৰে হʼব ইচ্ছা কৰেনে? সকলোতে আপুনি “কেন্দ্ৰীভূত” কৰেনে, যেনে—সেইটো গুৰুত্বপূৰ্ণ, বাঞ্চনীয় আৰু বিবেচনাপূৰ্ণ ভাৱধাৰা, তাত উপনীত হʼব পাৰি? যদি ইয়াত কোনো স্বাৰ্থ জড়িত আছে, তেনেহʼলে আন বস্তুসমূহেও খ্ৰীষ্টানৰ গুৰুত্বপূৰ্ণ লক্ষ্য যি ঈশ্বৰৰ ৰাজ্যৰ পৰা আপোনাৰ মন সহজে বিচলিত কৰিব পাৰে। সেয়েহে যীচুৱে এক শক্তিশালী উপদেশ দি এইদৰে কৈছিল: “প্ৰথমে তেওঁৰ ৰাজ্য আৰু ধাৰ্ম্মিকতা বিচাৰা; তাতে এই সকলোও তোমালোকক দিয়া হব।”—মথি ৬:৩৩.

বৰ্তমান আৰু ভৱিষ্যতৰ বাবে নিৰাপত্তা

আমাৰ সকলোৱে হয়তো নিজৰ আৰু আপোনজনাৰ বাবে কোনো উত্তম বস্তুৰ সপোন দেখিব পাৰোঁ। যিহেতু আমি অসিদ্ধ আৰু এক অসিদ্ধ জগতত বাস কৰিছোঁ। তদুপৰি, আমাৰ জীৱনকাল চুটি হোৱাৰ বাবে ই আমাক বলেৰে তেনে লক্ষ্যত উপনীত হোৱাটো সীমিত কৰি তুলে, যিবোৰত আমি বাস্তৱতে উপনীত হʼব পাৰোঁ। কেইবা হাজাৰ বছৰ পূৰ্বেই এজন বাইবেল লিখকে এইদৰে লিখিছিল: “মই ঘূৰি আকৌ সূৰ্য্যৰ তলত চাই দেখিলোঁ, যে, লৰ মৰামৰি খেলত বেগীবিলাক, ৰণত বীৰবিলাক যে জয় হয়, আৰু জ্ঞানীবিলাকে অন্ন, বুদ্ধিয়কবিলাকে ধন, আৰু নিপুণ লোকবিলাকে যে অনুগ্ৰহ পায়, এনে নহয়; কিন্তু সকলোলৈকে সময় আৰু দৈব্যক্ৰমেহে ঘটে।”—উপদেশক ৯:১১.

কেতিয়াবা আমি দৈনন্দিন জীৱনত ইমানেই সুমাই যাওঁ যে নিৰাপত্তা অনুভৱ কৰিবলৈ আমাক প্ৰকৃততে কিহৰ আৱশ্যক সেই গুৰুত্বপূৰ্ণ বিষয়কো পাহৰি যাওঁ। প্ৰাচীন সময়ত দিয়া এই বুদ্ধিমান উপদেশটোক লক্ষ্য কৰক: “যি মানুহে ৰূপ ভাল পায়, তেওঁ ৰূপত তৃপ্ত নহয়; নাইবা যি মানুহে অধিক ধন-সম্পত্তি ভাল পায়, সি আয়ত তৃপ্ত নহয়। ইও অসাৰ। বনুৱা লোকে সৰহ বা অলপ আহাৰ কৰিলেও, তাৰ টোপনি সন্তোষজনক; কিন্তু ধনৱানৰ অধিক ধন-সম্পত্তিয়ে তাক টোপনি যাব নিদিয়ে।” (উপদেশক ৫:১০, ১২) বাস্তৱতে আপোনাৰ নিৰাপত্তা কিহৰ ওপৰত নিৰ্ভৰ কৰে?

যদি আপোনাৰ সপোন জচুৰ দৰে একেই হয়, তেনেহʼলে আপুনি নিজৰ পৰিকল্পনাক সলনি কৰিবনে? জচুৰ পৰিয়াল আৰু খ্ৰীষ্টান মণ্ডলীত থকা বন্ধুসকলৰ দৰে যিসকলে আপোনাক প্ৰকৃততে ভাল পাই তেওঁলোকে আপোনাক সহায় কৰিব। আপোনাক প্ৰকৃততে ভালপোৱা লোকসকলৰ মাজত আপুনি চহৰত আপোনাক শোষণ কৰা লোকসকলতকৈ অধিক নিৰাপত্তা লাভ কৰিব পাৰিব।

ইতিমধ্যেই যদি আপুনি অধিক কৰিলে, তেনেহʼলে লীজ আৰু তাইৰ স্বামীয়ে কৰাৰ দৰে নিজৰ জীৱনত সাল-সলনি কৰি বেছিভাগ সময় দুখীয়া বা ধনী লোকক ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে শিকোৱাৰ যোগেদি নিৰাপত্তা প্ৰদান কৰিব পাৰিবনে?

যদি আপুনি সমাজত উচ্চস্থান পাবলৈ বিচাৰিছে, তেনেহʼলে আপুনি নিশ্চয়ে নম্ৰ হʼবলৈ বিচাৰিব, যিয়ে আপোনাক প্ৰেৰিত কৰে। কিছুমান ব্যক্তিগত সুবিধাক ত্যাগ কৰাৰ দ্বাৰা আপুনি জীৱনত সুখী হʼব পাৰে। বাস্তৱতে আপুনি ঈশ্বৰৰ ৰাজ্য অৰ্থাৎ চিৰস্থায়ী প্ৰকৃত নিৰাপত্তাত উপনীত হোৱাৰ প্ৰতি ধ্যান কেন্দ্ৰিত কৰেনে? এই সম্পৰ্কে যীচুৱে কোৱা এই বাক্যক স্মৰণ কৰক: “গ্ৰহণ কৰাতকৈ দান কৰা ধন্য।” (পাঁচনিৰ কৰ্ম্ম ২০:৩৫) যদি আপুনি নিজকে খ্ৰীষ্টান মণ্ডলীৰ বিভন্ন কাৰ্য্যত ব্যস্ত ৰাখে তেনেহʼলে প্ৰতিফলযুক্ত নিৰাপত্তাৰ অনুভৱ কৰিব পাৰিব।

যিসকলে যিহোৱা আৰু তেওঁৰ ৰাজ্যক সম্পূৰ্ণ মনেৰে বিশ্বাস কৰে, তেওঁলোকে বৰ্তমান আৰু ভৱিষ্যতে এক আন্তৰিক নিৰাপত্তাৰ অভিজ্ঞতা হʼব। গীতমালা ৰচোঁতাই এইদৰে কৈছিল: “মই যিহোৱাক সদায় মোৰ সম্মুখত ৰাখোঁ; তেওঁ মোৰ সোঁহাতে থকাত মই লৰচৰ নহম। এই হেতুকে মোৰ মনে আনন্দ আৰু মোৰ প্ৰাণে উল্লাস কৰে; মোৰ শৰীৰো নিৰাপদে থাকিব।”—গীতমালা ১৬:৮, ৯. (w02 4/15)

[৭ পৃষ্ঠাৰ বক্স/ছবি]

পদোন্নতিয়ে নিৰাপত্তা প্ৰদান কৰেনে?

[৮ পৃষ্ঠাৰ ছবিসমূহ]

সঙ্গী খ্ৰীষ্টানসকলে বাস্তৱতে আপোনাৰ নিৰাপত্তাৰ প্ৰতি চিন্তিত

[৬ পৃষ্ঠাৰ বক্স/ছবি]

বেনীনৰ সাধু কথা

এই গল্পটোক বিভিন্ন ধৰণে বহু বাৰ কোৱা হৈছে। অলপতে পশ্চিম আফ্ৰিকাৰ বেনীনত থকা এজন জ্যেষ্ঠ গাওঁবাসীয়ে কিছুমান ডেকা ব্যক্তিসকলৰ বিষয়ে তলত দিয়াৰ দৰে বৰ্ণনা কৰিছিল।

এজন মাছমৰীয়াই নিজৰ আবাসগৃহলৈ ঘূৰি আহোঁতে তেওঁক উন্নতিশীল দেশত বেহা-বেপাৰ কৰা এজন বিদেশী বিশেষজ্ঞই সাক্ষাৎ কৰে। সেই ব্যক্তিজনে তেওঁক প্ৰশ্ন কৰে যে তেওঁ কিয় ইমান সোনকালে উভটি আহিলে। মাছমৰীয়াজনে উত্তৰ দি কলে, যে তেওঁ অধিক সময় মাছ ধৰিব পাৰিলেহেঁতেন, কিন্তু তেওঁ নিজৰ পৰিয়ালটোক চোৱা-চিতা কৰিবলৈ যথেষ্ঠ মাছ ধৰিলে।

তেতিয়া সেই ব্যক্তিজনে কʼলে, “এতিয়া আপুনি বাকী থকা সময়ছোৱাত কি কৰিব?”

তেতিয়া সেই মাছমৰীয়াজনে কʼলে: “এইটো সঁচা যে মাছ ধৰাৰ বাবে মই অলপ সময় অতিবাহিত কৰোঁ। তাৰ পিছত মই মোৰ লʼৰা-ছোৱালীৰ সৈতে খেল-ধেমালী কৰোঁ। যেনেকৈ দুপৰীয়া গৰম বাঢ়ি আহে আমি বিশ্ৰাম লওঁ। নিশা আমি একেলগে আহাৰ কৰোঁ। তাৰ পিছত মই মোৰ বন্ধু-বান্ধৱৰ সৈতে সঙ্গীত আৰু আন বিষয়ত আনন্দ কৰোঁ।”

তেতিয়া সেই বিশেষজ্ঞতাজনে তেওঁক কʼলে: “চাওঁক, এই বিষয়টোত মই অধ্যয়ন কৰি বিশ্ববিদ্যালয়ৰ পৰা স্নাতক হৈছোঁ। মই আপোনাক সহায় কৰিব বিচাৰিছোঁ। আপুনি মাছ ধৰাৰ বাবে অধিক সময় অতিবাহিত কৰা উচিত। অতি কʼম সময়ৰ ভিতৰত আপুনি অধিক উপাৰ্জন কৰি এই সৰু নাওখনতকৈ ডাঙৰ নাও কিনিব পাৰিব। সেই ডাঙৰ নাওখনৰ দ্বাৰা আপুনি আৰু অধিক উপাৰ্জন কৰি দ্ৰুতগতিত চলা বহুতো নাও সাজিব পাৰিব।”

মাছমৰীয়াজনে কʼলে, “তাৰ পিছত?”

“তাৰ পিছত আপুনি কোনো ব্যৱসায়ী এজেন্টৰ দ্বাৰা বিক্ৰি কৰাৰ পৰিৱৰ্তে নিজেই পোনপটীয়াকৈ কোনো মীন-পামত বিক্ৰি কৰিব অথবা নিজস্ব মীন-পাম আৰম্ভ কৰিব পাৰিব। ইয়াৰ ওপৰিও আপুনি নিজৰ গাওঁ এৰি কটনাউ বা পেৰিচ অথবা নিউয়ৰ্কত থাকি এই বেহা-বেপাৰক চোৱা-চিতা কৰিব পাৰিব। তদুপৰি, আপুনি নিজৰ বাণিজ্যক শ্বেয়াৰ বজাৰত দিয়াৰ বিষয়ে বিবেচনা কৰিব পাৰে আৰু এইদৰে আপুনি কোটি কোটি টকা উপাৰ্জন কৰিব পাৰে।”

মাছমৰীয়াজনে সুধিলে, “ইয়াৰ বাবে কিমান সময় লাগিব?”

বেপাৰীজনে কʼলে, “সম্ভৱতঃ ১৫ বা ২০ বছৰ লাগিব পাৰে।”

“তাৰ পিছত,” মাছমৰীয়াজনে সুধিলে।

বেপাৰীজনে বৰ্ণনা কৰি কʼলে: “জীৱনটো সুখী হʼব। তাৰ পিছত আপুনি অৱসৰ লৈ তেনে ব্যস্ত চহৰখন এৰি কোনো এক নিৰ্জন গাওঁলৈ ঘূৰি যাব পাৰে।”

মাছমৰীয়াজনে সুধিলে, “তাৰ পিছত কি হʼব?”

তেতিয়া বেপাৰীজনে কʼলে, “তাৰ পিছত আপুনি অলপ সময় মাছ ধৰিব, নিজৰ লʼৰা-ছোৱালীৰ সৈতে ধেমালী, যেতিয়া গৰম হʼব তেতিয়া বিশ্ৰাম, নিশা পৰিয়ালৰ সৈতে একেলগে আহাৰ আৰু কোনো সঙ্গীতৰ আনন্দ লʼবলৈ নিজৰ বন্ধু-বান্ধৰ সৈতে একত্ৰিত হʼব পৰিব।”