আৱশ্যক থকা ব্যক্তিসকলক প্ৰেমপূৰ্বক দয়া দেখুৱাক
আৱশ্যক থকা ব্যক্তিসকলক প্ৰেমপূৰ্বক দয়া দেখুৱাক
“প্ৰতিজনে নিজ নিজ ভাইৰে সৈতে [প্ৰেমপূৰ্বক দয়া, Nw] আৰু কৰুণা ব্যৱহাৰ কৰা।”—জখৰিয়া ৭:৯.
১, ২. (ক) আমি কিয় প্ৰেমপূৰ্বক দয়া প্ৰদৰ্শন কৰা উচিত? (খ) কেনে প্ৰশ্নসমূহৰ আলোচনা কৰা হʼব?
যিহোৱাৰ বাক্যই আমাক “প্ৰেমপূৰ্বক দয়া” দেখুৱাবলৈ উৎসাহিত কৰিছে। (মীখা ৬:৮) তদুপৰি, তাত আমি কিয় গুণ প্ৰকাশ কৰা উচিত তাৰ কাৰণসমূহ বৰ্ণনা কৰিছে। ইয়াৰ এটা কাৰণ হৈছে “[প্ৰেমপূৰ্বক দয়াৱান, NW] লোকে নিজ প্ৰাণৰ উপকাৰ কৰে।” (হিতোপদেশ ১১:১৭) এই কথাষাৰ কিমান যে সত্য! প্ৰেমপূৰ্বক দয়াই আনৰ সৈতে এক চিৰস্থায়ী আৰু আন্তৰিক সম্পৰ্কে গঢ়ি তুলে। ফলস্বৰূপে, বহুমূলীয়া পুস্কাৰৰূপে বিশ্বস্ত বন্ধুসকলক লাভ কৰিব পাৰিম।—হিতোপদেশ ১৮:২৪.
২ তদুপৰি, শাস্ত্ৰীয় পদে আমাক এইদৰে কৈছে: “যি কোনো লোক ধাৰ্ম্মিকতা আৰু [প্ৰেমপূৰ্বক দয়াৰ, NW] অনুগামী, তেওঁ জীৱন, ধাৰ্ম্মিকতা, আৰু সন্মান লাভ কৰিব।” (হিতোপদেশ ২১:২১) সঁচাকৈ আমি প্ৰেমপূৰ্বক দয়াৰ অনুগামী হোৱাৰ দ্বাৰা যিহোৱাৰ প্ৰিয়পাত্ৰ আৰু ভৱিষ্যতে আহিবলগীয়া আশীৰ্ব্বাদসমূহ অৰ্থাৎ অনন্ত জীৱনত ভাগী হোৱাৰ সুযোগ প্ৰদান কৰিব। কিন্তু আমি কেনেকৈ আৰু কাক প্ৰেমপূৰ্বক দয়া দেখুৱাব পাৰোঁ? প্ৰেমপূৰ্বক দয়া সাধাৰণতে প্ৰকাশ কৰা দয়া বা মানৱ দয়াতকৈ ভিন্ন নে?
মানৱ দয়া আৰু প্ৰেমপূৰ্বক দয়া
৩. প্ৰেমপূৰ্বক দয়া আৰু মানৱ দয়াৰ মাজত কি ভিন্নতা আছে?
৩ সাধাৰণতে মানৱ দয়া আৰু প্ৰেমপূৰ্বক দয়াৰ মাজত বিভিন্ন প্ৰকাৰে ভিন্নতা দেখা যায়। উদাহৰণস্বৰূপে, সাধাৰণতে মানৱ দয়াত কোনো এজন ব্যক্তিৰ সৈতে কৰা দয়াৰ আচৰণত গভীৰ আৰু ব্যক্তিগত অনুৰাগ বা সম্পৰ্ক নাথাকে। যদি আমি কোনো এজন ব্যক্তিক প্ৰেমপূৰ্বক দয়া দেখুৱাওঁ, তেনেহʼলে সেই ব্যক্তিজনৰ প্ৰতি আমাৰ গভীৰ স্নেহ আছে। বাইবেলত উল্লেখ কৰা মানুহৰ মাজত থকা প্ৰেমপূৰ্বক দয়া সম্ভৱতঃ ইতিমধ্যেই অস্তিত্বত থকা সম্পৰ্কৰ ওপৰত আধাৰিত। (আদিপুস্তক ২০:১৩; ২ চমূৱেল ৩:৮; ১৬:১৭) নতুবা সেই গুণ হয়তো দয়াৰে কৰা কাৰ্য্যৰ ফলৰূপে পোৱা গৈছিল। (যিহোচূৱা ২:১, ১২-১৪; ১ চমূৱেল ১৫:৬; ২ চমূৱেল ১০:১, ২) ইয়াৰ বিষয়ে বিতংকৈ বুজিবলৈ, আঁহক আমি বাইবেলত উল্লেখ কৰা মানৱ দয়া আৰু প্ৰেমপূৰ্বক দয়াৰ মাজত থকা এটা পৃথকতাক পৰীক্ষা কৰোঁহঁক।
৪, ৫. ইয়াত উল্লেখ কৰা বাইবেলৰ উদাহৰণ দুটাই কেনেকৈ মানৱ দয়া আৰু প্ৰেমপূৰ্বক দয়াৰ মাজত থকা ভিন্নতাৰ বিষয়ে বৰ্ণনা কৰিছে?
৪ মানৱ দয়াৰ সম্বন্ধে থকা এটা উদাহৰণ হৈছে, পাঁচনি পৌলৰ সৈতে যাত্ৰা কৰা লোকসমূহৰ জাহাজ ধ্বংস হোৱাৰ ঘটনা। যেতিয়া তেওঁলোকৰ জাহাজ ধ্বংস হয়, তেতিয়া তেওঁলোকে মিলিতা দ্বীপৰ দাঁতিত আশ্ৰয় লৈছিল। (পাঁচনিৰ কৰ্ম্ম ২৭:৩৭-২৮:১) যদিও সেই মিলিতা দ্বীপৰ বাসিন্দাসকলে ধ্বংসগ্ৰস্ত জাহাজৰ যাত্ৰীসকলক সহায় কৰাৰ বাবে বাধ্যতামূলক নহয় বা কোনো সম্পৰ্কও নাছিল। তথাপিও তেওঁলোক সেই অচিনাকি যাত্ৰীসকলৰ প্ৰতি “অধিক অনুগ্ৰহ” দেখুৱালে। (পাঁচনিৰ কৰ্ম্ম ২৮:২, ৭) যদিও তেওঁলোকে দয়াৰে অতিথি সৎকাৰ কৰিছিল, কিন্তু তেনে অচিনাকি ব্যক্তিসকলৰ আচৰণ কৰাটো আকস্মিক আছিল। সেয়েহে তেনে দয়াক মানৱ দয়া বুলি কোৱা হʼল।
৫ তুলনাত্মাকভাৱে ৰজা দায়ূদৰ দ্বাৰা বন্ধু যোনাথনৰ পুত্ৰ মফীবোচেতলৈ দেখুৱা অতিথি সৎকাৰৰ বিষয়ে বিবেচনা কৰক। তেওঁ মফীবোচেতক এইদৰে কৈছিল: “তুমি সদায় মোৰ মেজতে ভোজন কৰিবা।” ৰজা দায়ূদে কিয় তেনে ব্যৱস্থা কৰিছিল সেই সম্পৰ্কে বৰ্ণনা কৰি এইদৰে কৈছিল: “মই তোমাৰ পিতৃ যোনাথনৰ কাৰণে অৱশ্যে তোমালৈ দয়া কৰিম।” (২ চমূৱেল ৯:৬, ৭, ১৩) ৰজা দায়ূদে দেখুৱা এই অতিথিপৰায়ণতা কোনো মানৱ দয়াৰ ওপৰত নহয় কিন্তু প্ৰেমপূৰ্বক দয়াৰ ওপৰত আধাৰিত আছিল আৰু ইয়ে প্ৰমাণ কৰিলে যে তেওঁৰ সৈতে থকা সম্পৰ্কৰ প্ৰতি নিষ্ঠাৱান আছিল। (১ চমূৱেল ১৮:৩; ২০:১৫, ৪২) ঠিক তেনেদৰে বৰ্তমান সময়ত যিহোৱাৰ সাক্ষীসকলে সমূদায় মানৱজাতিৰ প্ৰতি মানৱীয় দয়া প্ৰকাশ কৰে। তথাপিও, ঈশ্বৰৰ দ্বাৰা অনুমোদিত থকা ব্যক্তিসকলক তেওঁলোকে প্ৰেমপূৰ্বক দয়া বা আনুগত্য প্ৰেম প্ৰদৰ্শিত কৰিবলৈ বিফল নহয়।—মথি ৫:৪৫; গালাতীয়া ৬:১০.
৬. ঈশ্বৰৰ বাক্যই মানৱে প্ৰকাশ কৰা প্ৰেমপূৰ্বক দয়াৰ কেনে বৈশিষ্ট্যসমূহ দাঙি ধৰিছে?
৬ প্ৰেমপূৰ্বক দয়াৰ অতিৰিক্ত বৈশিষ্ট্যসমূহৰ বিষয়ে জানিবলৈ আঁহক আমি বাইবেলত উল্লেখ কৰা তিনিটা বিভিন্ন বৃতান্তৰ বিষয়ে বিবেচনা কৰোঁহঁক। ইয়াত আমি মানৱে তিনি প্ৰকাৰে প্ৰেমপূৰ্বক দয়া দেখুৱাৰ বিষয়ে লক্ষ্য কৰিম। (১) নিৰ্দ্ধাৰিত কাৰ্য্যসমূহৰ দ্বাৰা (২) স্বইচ্ছাৰে কৰা কাৰ্য্যৰ দ্বাৰা আৰু (৩) বিশেষকৈ আৱশ্যক থকা ব্যক্তিসকলক সহায় কৰাৰ দ্বাৰা। তদুপৰি, এই বৃতান্তত এইটো বৰ্ণনা কৰা হৈছে যে বৰ্তমান সময়ত আমি কেনেকৈ প্ৰেমপূৰ্বক দয়াৰে আচৰণ কৰিব পাৰোঁ।
এজন পিতৃয়ে দেখুৱা প্ৰেমপূৰ্বক দয়া
৭. অব্ৰাহামৰ দাসে বথুৱেল আৰু লাবনক কি কৈছিল আৰু বিবেচনা কৰিবলগীয়া কেনে এক বিষয় তেওঁ দাঙি ধৰিছিল?
৭ পূৰ্বৱৰ্তী লেখত উল্লেখ কৰা অব্ৰাহামৰ দাসৰ বিবৰণীৰ বাকীছোৱা আদিপুস্তক ২৪:২৮-৬৭ পদত বৰ্ণনা কৰা হৈছে। দাসজনে ৰিবেকাক লগ কৰাৰ পিছত তাই তেওঁক নিজ পিতৃ বথুৱেলৰ ঘৰলৈ আমন্ত্ৰণ কৰিলে। (২৮-৩২ পদ) তাৰ পিছত তেওঁ অব্ৰাহামৰ পুতেকৰ বাবে পত্নী বিচাৰি অহাৰ বিষয়ে সংবাদ দিছিল। (৩৩-৪৭ পদ) দাসজনে কৈছিল যে এই কাৰ্য্যত সফলতা লাভ কৰিবলৈ যিহোৱাৰ পৰা চিহ্ন পাইছিল, “যি জনাই মোৰ প্ৰভু অব্ৰাহামৰ পুত্ৰৰ নিমিত্তে তেওঁৰ ককায়েকৰ জীয়েকক নিবলৈ, মোক স্বৰূপ বাটেদি আনিলে।” (৪৮ পদ) নিসন্দেহ, সেই দাসজনে আশা কৰিছিল যে তেওঁ আন্তৰিকতাৰে কৰা সেই ব্যাখ্যাই বথুৱেল আৰু তেওঁৰ পুত্ৰ লাবনক নিশ্চয়ে তেওঁৰ অভিযানত যে যিহোৱাৰ হাত আছে তাক বিশ্বাস কৰিব। অৱশেষত দাসজনে কৈছিল: “যদি তোমালোকে মোৰ প্ৰভুলৈ [প্ৰেমপূৰ্বক দয়া, NW] আৰু সত্য আচৰণ কৰিবলৈ সন্মত হোৱা, তেন্তে মোক কোৱা; যদি নোহোৱাহে, তাকো মোক কোৱা; তেতিয়া মই সোঁমুৱে বা বাওঁমুৱেই চলিম।”—৪৯ পদ।
৮. ৰিবেকাৰ সৈতে জড়িত থকা বিষয়টোৰ প্ৰতি বথুৱেলে কেনে প্ৰতিক্ৰিয়া দেখুৱালে?
৮ যিহোৱাই ইতিমধ্যেই অব্ৰাহামলৈ প্ৰেমপূৰ্বক দয়া দেখুৱালে। (আদিপুস্তক ২৪:১২, ১৪, ২৭) অব্ৰাহামৰ দাসজনে কোৱাৰ দৰে কৰিবলৈ বথুৱেল নিজৰ জীয়েক ৰিবেকাক দাসজনৰ সৈতে স্বইচ্ছাৰে যাবলৈ অনুমতি দিছিলনে? ঈশ্বৰৰ উদ্দেশ্য পূৰ্ণ হʼবলৈ মানুহে দেখুৱা প্ৰেমপূৰ্বক দয়া ঈশ্বৰৰ প্ৰেমপূৰ্বক দয়াৰ সৈতে সংযোগ হʼলহেঁতেন নে? বা দাসজনে ইমান দূৰ যাত্ৰা কৰাটো ব্যৰ্থ হʼলহেঁতেন নে? বথুৱেল আৰু লাবনে কোৱা এই কথাষাৰ শুনি অব্ৰাহামৰ দাসে হয়তো নিশ্চয়ে অতি আনন্দিত হৈছিল। বথুৱেলে লাবনক এইদৰে কৈছিল: “এই কথা যিহোৱাৰ পৰা হৈছে।” (৫০ পদ) তেওঁলোকেও জানিব পাৰিছিল যে এই সকলোবোৰৰ পিছত যিহোৱাৰ হাত আছে আৰু কোনো সংকুচিত নকৰাকৈ তেওঁৰ নিৰ্ণয় গ্ৰহণ কৰিলে। ইয়াৰ পিছত বথুৱেলে এইদৰে কৈ প্ৰেমপূৰ্বক দয়া প্ৰকাশ কৰিলে: “চোৱা, ৰিবেকা তোমাৰ আগতে আছে; তাইক লৈ যোৱা; যিহোৱাই কোৱাৰ দৰেই তাই তোমাৰ প্ৰভুৰ পুত্ৰৰ ভাৰ্য্যা হওক।” (৫১ পদ) ৰিবেকাও কোনো সঙ্কোচ নকৰি অব্ৰাহামৰ দাসজনৰ সৈতে যাত্ৰা কৰিছিল আৰু অতি কম সময়ৰ ভিতৰত তাই ইচহাকৰ প্ৰিয় ভাৰ্য্যা হৈ পৰিল।—৪৯, ৫২-৫৮, ৬৭ পদ।
এজন পুত্ৰই প্ৰকাশ কৰা প্ৰেমপূৰ্বক দয়া
৯, ১০. (ক) যাকোবে তেওঁৰ পুত্ৰ যোচেফক কি কৰিবলৈ কৈছিল? (খ) যোচেফে কেনেকৈ তেওঁৰ পিতৃলৈ প্ৰেমপূৰ্বক দয়া দেখুৱাইছিল?
৯ অব্ৰাহামৰ নাতিয়েক যাকোবেও প্ৰেমপূৰ্বক দয়া পাইছিল। আদিপুস্তক ৪৭ অধ্যায়ত কৈছে যে সেই সময়ত যাকোবে মিচৰ দেশত বাস কৰিছিল আৰু “[তেওঁৰ] মৰণৰ কাল ওচৰ চাপিল।” (২৭-২৯ পদ) তেওঁ ঈশ্বৰে প্ৰতিজ্ঞা কৰা দেশৰ সীমাৰ বাহিৰত মৃত্যু বৰণ কৰিব লাগিব বুলি চিন্তিত হৈছিল। (আদিপুস্তক ১৫:১৮; ৩৫:১০, ১২; ৪৯:২৯-৩২) মৃত্যুৰ পিছত তেওঁৰ সমাধি মিচৰত নহয় কিন্তু কানান দেশত কৰিবলৈ ব্যৱস্থা কৰিছিল। খ্যাতি লাভ কৰা যোচেফৰ বাহিৰে কোনে তেওঁৰ সেই ইচ্ছা পূৰণ কৰিব পাৰিব?
১০ আগলৈ বৃতান্তই এইদৰে কৈছে: “[যাকোবে] নিজ পুত্ৰ যোচেফক মাতি নি তেওঁক কলে, মই যদি তোমাৰ দৃষ্টিত অনুগ্ৰহপ্ৰাপ্ত হৈছোঁ, . . . মোৰে সৈতে [প্ৰেমপূৰ্বক দয়া, NW] আৰু সত্য ব্যৱহাৰ কৰিবা; বিনয় কৰোঁ, মোক মিচৰত মৈদাম নিদিবা; কিন্তু মই যেতিয়া ওপৰ-পিতৃবিলাকৰ লগত শয়ন কৰিম, তেতিয়া তুমি মোক মিচৰৰ পৰা লৈ গৈ, সিবিলাকৰ মৈদামৰ ঠাইত মোক মৈদাম দিবা।” (আদিপুস্তক ৪৭:২৯, ৩০) যাকোবৰ এই ইচ্ছা পূৰণ কৰিব বুলি যোচেফে প্ৰতিজ্ঞা কৰাৰ পিছত তেওঁৰ মৃত্যু হয়। সেই প্ৰতিজ্ঞাৰ মতে যোচেফ আৰু তেওঁৰ ভায়েকবিলাকে পিতৃ যাকোবৰ মৃতদেহ “কনান দেশলৈ নি, মম্ৰিৰ সম্মুখত থকা মক্পেলাৰ পথাৰৰ যি গুহা অব্ৰাহামে পথাৰে সৈতে মৈদামৰ অধিকাৰৰ অৰ্থে হিত্তীয়া ইফ্ৰোণৰ পৰা কিনি লৈছিল, সেই গুহাতে সিবিলাকে তেওঁক মৈদাম দিলে।” (আদিপুস্তক ৫০:৫-৮; ১২-১৪) তেনে কৰাৰ দ্বাৰা যোচেফে তেওঁৰ পিতৃলৈ প্ৰেমপূৰ্বক দয়া প্ৰকাশ কৰিছিল।
এগৰাকী বোৱাৰীয়ে দেখুৱা প্ৰেমপূৰ্বক দয়া
১১, ১২. (ক) ৰূথে কিদৰে নয়মীলৈ প্ৰেমপূৰ্বক দয়া দেখুৱালে? (খ) ৰূথে “শেষত” দেখুৱা প্ৰেমপূৰ্বক দয়া “আগতকৈ” কেনেকৈ উত্তম আছিল?
১১ ৰূথ নামৰ কিতাপখনত বৰ্ণনা কৰা হৈছে যে, কেনেকৈ নয়মী নামৰ এগৰাকী বিধৱাই তাইৰ বিধৱা বোৱাৰীৰ পৰা প্ৰেমপূৰ্বক দয়া পাইছিল। যেতিয়া নয়মী বেৎলেহমলৈ উভটি যাবলৈ নিৰ্ণয় ললে তেতিয়া ৰূথে প্ৰেমপূৰ্বক দয়া দেখুৱাই আৰু দৃঢ়সঙ্কল্পৰে এইদৰে কৈছিল: “আপুনি যʼলৈকে যাই মইও তʼলৈকে যাম, আৰু আপুনি যʼত থাকিব, মইও তʼতে থাকিম, আপোনাৰ লোকেই মোৰ লোক, আৰু আপোনাৰ ঈশ্বৰেই মোৰো ঈশ্বৰ হব।” (ৰূথ ১:১৬) ৰূথ কিতাপখনত আগলৈ এইদৰে কৈছে যে পিছলৈ তাই নয়মীৰ সম্বন্ধীয়া লোক বয়সস্থ বোৱাজৰ সৈতে বিবাহ কৰি প্ৰেমপূৰ্বক দয়া দেখুৱাৰ প্ৰমাণ দিছিল। a (দ্বিতীয় বিবৰণ ২৫:৫, ৬; ৰূথ ৩:৬-১০) এবাৰ বোৱাজে ৰূথক কৈছিল: “তুমি যিহোৱাৰ আশীৰ্ব্বাদপ্ৰাপ্ত হোৱা; কিয়নো ধনী কি দৰিদ্ৰ কোনো ডেকা পুৰুষৰ পাছত নোযোৱাত, তুমি আগতকৈ শেষত [প্ৰেমপূৰ্বক দয়া, NW] দেখুৱালা।”—ৰূথ ৩:১০.
১২ ৰূথে ‘আগতকৈ অধিক প্ৰেমপূৰ্বক দয়া’ দেখুৱাটোৱে প্ৰকাশ কৰিছে যে তাই নিজৰ লোকসকলক এৰি অহাৰ দিনৰ পৰাই নয়মীৰ সৈতে নিবিড়ভাৱে সম্পৰ্কে বজাই ৰাখিছিল। (ৰূথ ১:১৪; ২:১১) আনকি বোৱাজৰ সৈতে স্বইচ্ছাৰে বিবাহ হোৱা কাৰ্য্যৰ দ্বাৰা ‘শেষত দেখুৱা প্ৰেমপূৰ্বক দয়া’ আগতকৈ অধিক আছিল। এতিয়া ৰূথে সন্তান জন্ম দিব নোৱাৰা বৃদ্ধ নয়মীৰ বাবে উত্তৰাধিকাৰী জন্ম দিবলৈ সক্ষম হʼল। বিবাহ সম্পন্ন হোৱাৰ পিছত যেতিয়া ৰূথে এটি শিশু জন্ম দিছিল তেতিয়া বেৎলেহমত থকা তিৰোতাসকলে চিঞৰি কবলৈ ধৰিছিল: “নয়মীৰ এটি পুত্ৰ জন্মিল।” (ৰূথ ৪:১৪, ১৭) প্ৰকৃততে ৰূথ এগৰাকী “সতী” তিৰোতা আছিল, যিগৰাকীয়ে যীচুৰ পূৰ্বজ হʼবলৈ এক বিশেষাধিকাৰ পাইছিল। (ৰূথ ২:১২; ৩:১১; ৪:১৮-২২; মথি ১:১, ৫, ৬)
কাৰ্য্যসমূহৰ দ্বাৰা প্ৰকাশ কৰা
১৩. বথুৱেল, যোচেফ আৰু ৰূথে কেনেকৈ প্ৰেমপূৰ্বক দয়া দেখুৱালে?
১৩ বথুৱেল, যোচেফ আৰু ৰূথে প্ৰকাশ কৰা প্ৰেমপূৰ্বক দয়াক আপুনি লক্ষ্য কৰিলেনে? তেওঁলোকে কেৱল মৃদু বাক্যৰ দ্বাৰাই নহয় কিন্তু বিশেষ কাৰ্য্যৰ দ্বাৰাও প্ৰেমপূৰ্বক দয়া প্ৰকাশ কৰিলে। বথুৱেলে কেৱল “ৰিবেকা তোমাৰ আগত আছে” বুলিয়েই কোৱা নাছিল, কিন্তু তেওঁ প্ৰকৃততে ‘ৰিবেকাক বিদায়ো কৰিলে।’ (আদিপুস্তক ২৪:৫১, ৫৯) যোচেফে কেৱল “তুমি কোৱাৰ দৰেই মই কৰিম” বুলিয়েই কোৱা নাছিল, কিন্তু তেওঁ আৰু তেওঁৰ ভায়েকবিলাকে ‘আজ্ঞা দিয়াৰ দৰেই কৰিলে।’ (আদিপুস্তক ৪৭:৩০; ৫০:১২, ১৩) ৰূথেও কেৱল “আপুনি যʼলৈকে যাব মইও তʼলৈকে যাম” বুলিয়েই কোৱা নাছিল, কিন্তু তেওঁলোক “দুয়ো গৈ শেষত বৈৎলেহম পালেগৈ।” (ৰূথ ১:১৬, ১৯) পুনৰাই ৰূথে যিহূদাত “তেওঁৰ শাহুৱেকৰ আদেশ অনুসাৰে সকলোকে কৰিলে।” (ৰূথ ৩:৬) আনসকলৰ দৰে ৰূথৰ প্ৰেমপূৰ্বক দয়াও কাৰ্য্যৰ দ্বাৰা প্ৰকাশ পাইছিল।
১৪. (ক) বৰ্তমান সময়ত থকা যিহোৱাৰ সেৱকসকলে কেনেকৈ নিজৰ কাৰ্য্যসমূহৰ দ্বাৰা প্ৰেমপূৰ্বক দয়া দেখুৱাইছে? (খ) আপোনাৰ মণ্ডলীত থকা খ্ৰীষ্টানসকলৰ কেনে প্ৰেমপূৰ্বক দয়া কাৰ্য্যসমূহৰ বিষয়ে আপুনি জানে?
১৪ বৰ্তমান সময়ত যিহোৱাৰ সেৱকসকলে যেনেকৈ কাৰ্য্যৰে প্ৰেমপূৰ্বক দয়া প্ৰকাশ কৰিছে তাকে দেখি আমি অতি হৰ্ষিত হৈছোঁ। উদাহৰণস্বৰূপে, শাৰীৰিকভাৱে অসুস্থ, সঙ্গী সেৱকে দিয়া মানসিক আঘাট বা নিৰুৎসাহি পৰিস্থিতিত সহন কৰিবলৈ পোৱা শক্তি আৰু মানসিক সহযোগৰ বিষয়ে বিবেচনা কৰক। (হিতোপদেশ ১২:২৫) নতুবা এনে বহুতো যিহোৱাৰ সাক্ষীয়ে বিশ্বাসী হৈ বৃদ্ধসকলক সপ্তাহিক সভাবোৰত উপস্থিত হʼবলৈ সহায় আগবঢ়োৱাৰ বিষয়ে চিন্তা কৰক। সন্ধি প্ৰবাহ দ্বাৰা পীড়িত হোৱা আন্না নামৰ এগৰাকী ৮২ বছৰীয়া বৃদ্ধাই এইদৰে কৈছিল: “সপ্তাহৰ প্ৰত্যেক সভাহত উপস্থিত হোৱাটো সঁচাকৈ যিহোৱাৰ এক আশীৰ্ব্বাদজনক কাৰ্য্য। তেওঁ আমাৰ মাজত তেনে মৰমীয়াল ভাই-ভনী দিয়াৰ বাবে মই তেওঁক আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ।” মণ্ডলীত আপুনিও তেনে ধৰণৰ কোনো কাৰ্য্যত ভাগ লৈছেনে? (১ যোহন ৩:১৭, ১৮) যদি ভাগ লৈছে তেন্তে নিশ্চিত হওক যে আপুনি দেখুৱা প্ৰেমপূৰ্বক দয়া গভীৰভাৱে মূল্যাঙ্কণৰ যোগ্য।
স্বইচ্ছাৰে কৰা
১৫. আমি বিবেচনা কৰা বাইবেলৰ তিনিটা বিবৰণীয়ে প্ৰেমপূৰ্বক দয়াৰ বিষয়ে কেনে বৈশিষ্ট্যসমূহ দাঙি ধৰিছে?
১৫ আমি বিবেচনা কৰা বাইবেলৰ বৃতান্তৰ পৰা প্ৰেমপূৰ্বক দয়া কোনো বাধ্যতাৰে নহয় কিন্তু স্বইচ্ছাৰ প্ৰকাশ কৰাৰ বিষয়ে শিকিব পাৰিলোঁ। বথুৱেলে স্বইচ্ছাৰে অব্ৰাহামৰ দাসৰ সৈতে সহযোগ আৰু একেইদৰে ৰিবেকাও কৰিছিল। (আদিপুস্তক ২৪:৫১, ৫৮) যোচেফক প্ৰেমপূৰ্বক দয়া দেখুৱাবলৈ কোনেও উত্তেজনা দিয়া নাছিল। “[নয়মীৰ] সৈতে যাবলৈ ৰূথৰ দৃঢ় মন” আছিল। (ৰূথ ১:১৮) যেতিয়া নয়মীয়ে ৰূথক বোৱাজৰ ওচৰলৈ যাবলৈ পৰামৰ্শ দিছিল তেতিয়া সেই মোৱাবী তিৰোতাগৰাকীয়ে প্ৰেমপূৰ্বক দয়াৰে এইদৰে কৈছিল: “আপুনি যি কৈছে; মই সেই সকলোকে কৰিম।”—ৰূথ ৩:১-৫.
১৬, ১৭. কিহে বথুৱেল, যোচেফ আৰু ৰূথে দেখুৱা প্ৰেমপূৰ্বক দয়াক অৰ্থপূৰ্ণ আৰু সেই গুণটো প্ৰকাশ কৰিবলৈ উৎসাহিত কৰিছিল?
১৬ বথুৱেল, যোচেফ আৰু ৰূথে দেখুৱা প্ৰেমপূৰ্বক দয়া বিশেষভাৱে উল্লেখনীয় আছিল। অব্ৰাহাম, যাকোব আৰু নয়মীৰ ওপৰত কোনো ব্যক্তিয়ে বাহ্যিক হেঁচা দিয়া নাছিল। তদুপৰি, বথুৱেলে নিজৰ জীয়েকৰ পৰা বেলেগ হোৱাৰ কোনো বিধিসঙ্গত বাধ্যতা নাছিল। তেওঁ অব্ৰাহামৰ দাসক সহজে এইদৰে কব পাৰিলেহেঁতেন: ‘মই মোৰ পৰিশ্ৰমী জীয়েকক ইমান দূৰলৈ পঠিয়াব নিবিচাৰোঁ।’ (আদিপুস্তক ২৪:১৮-২০) ঠিক তেনেদৰে যোচেফেও পিতৃৰ অনুৰোধক স্বাধীনভাৱে পালন কৰক বা নকৰক তাৰ বাবে মৃত যাকোবে তেওঁৰ বাক্য ৰাখিবলৈ যোচেফক বাধ্য কৰাব নোৱাৰিলেহেঁতেন। ৰূথে মোৱাবলৈ উভটি যাব পাৰে বুলি নয়মীয়ে স্পষ্টকৈ প্ৰকাশ কৰিছিল। (ৰূথ ১:৮) বয়সীয়াল বোৱাজৰ সলনি ৰূথে আন “কোনো ডেকা পুৰুষৰ” সৈতে বিবাহ হʼব পাৰিলেহেঁতেন।
১৭ নিজৰ হৃদয়েৰে প্ৰেৰিত হৈ বথুৱেল, যোচেফ আৰু ৰূথে স্বইচ্ছাৰে প্ৰেমপূৰ্বক দয়া দেখুৱাইছিল। তেওঁলোকৰ সৈতে সম্বন্ধ থকাসকলক সেই গুণটো প্ৰকাশ কৰিবলৈ এক নৈতিক দায়িত্ব বোধ কৰিছিল, পিছলৈ ৰজা দায়ূদেও সেই একেইদৰে বোধ কৰি মফীবোচেতলৈ প্ৰেমপূৰ্বক দয়া দেখুৱাইছিল।
১৮. (ক) খ্ৰীষ্টান অধ্যক্ষসকলে কেনে মনোবৃত্তিৰে ‘ঈশ্বৰৰ জাকটিক প্ৰতিপালন’ কৰে? (খ) সঙ্গী বিশ্বাসী ব্যক্তিসকলক কৰা সহায়ৰ সম্পৰ্কে এজন প্ৰাচীনে কেনে অনুভূতি প্ৰকাশ কৰিছিল?
১৮ প্ৰেমপূৰ্ব দয়া গুণটো আজিও ঈশ্বৰৰ লোকসকলৰ মাজত এক প্ৰতিচিহ্নৰূপে দেখা যায়, যʼত সন্মিলিত সেই ব্যক্তিসকল যিসকলে ৰখীয়াৰূপে ঈশ্বৰৰ জাকটিক চোৱা-চিতা কৰে। (গীতমালা ১১০:৩; ১ থিচলনীকীয়া ৫:১২) তেনে প্ৰাচীন বা অধ্যক্ষসলক নিযুক্ত কৰাৰ বাবে তেওঁলোকত কৰা ভাৰসা অনুসাৰে জীৱন-যাপন কৰিবলৈ দায়িত্ব অনুভৱ কৰে। (পাঁচনিৰ কৰ্ম্ম ২০:২৮) আনকি তেওঁলোকে মণ্ডলীৰ হৈ চোৱা-চিতা আৰু আন প্ৰেমপূৰ্বক দয়াৰ কাৰ্য্যবোৰ “আৱশ্যকতাৰ কাৰণে নহয়, কিন্তু ইচ্ছাৰে” কৰে। (১ পিতৰ ৫:২) দায়িত্বভাৰ আৰু ইচ্ছুক হোৱাৰ বাবে অধ্যক্ষসকলে জাকৰ প্ৰতি তত্ত্বাৱধান লয়। খ্ৰীষ্টৰ জাকৰ প্ৰতি তেওঁলোকে এইবাবে প্ৰেমপূৰ্বক দয়া দেখুৱাই কিয়নো তেনে কৰিবলৈ তেওঁলোকৰ কৰ্তব্যকৰ্ম্ম আৰু তাৰ প্ৰতি ইচ্ছুক। (যোহন ২১:১৫-১৭) এজন খ্ৰীষ্টান প্ৰাচীনে এইদৰে কৈছিল: “মই ঘৰে ঘৰে ভাইবিলাকক সাক্ষাৎ কৰি ভাল পাওঁ বা এনেয়ে তেওঁলোকক টেলিফোন কৰি তেওঁবিলাকৰ প্ৰতি থকা মোৰ ভাৱনাক প্ৰকাশ কৰোঁ। মোৰ বাবে ভাইবিলাকক সহায় কৰাই হৈছে এক অতি আনন্দ আৰু সন্তুষ্টিৰ কাৰণ!” সকলো ঠাইতে থকা আগ্ৰহী অধ্যক্ষসকলে সম্পূৰ্ণ হৃদয়েৰে এই কথাশাৰীৰ সৈতে সন্মত হʼব।
আৱশ্যক থকাসকলৰ প্ৰতি দেখুৱা প্ৰেমপূৰ্বক দয়া
১৯. এই লেখত উল্লেখ কৰা বাইবেল বৃতান্তবোৰৰ দ্বাৰা প্ৰেমপূৰ্বক দয়াৰ বিষয়ে কি বিবেচনা কৰা হৈছে?
১৯ ওপৰত আলোচনা কৰা বাইবেল বৃতান্তসমূহৰ দ্বাৰা আমি জানিব পাৰিলোঁ যে এনে ব্যক্তিসকলকো প্ৰেমপূৰ্বক দয়া দেখুৱা আৱশ্যক যিসকলে নিজৰ আৱশ্যকতাক নিজেই পূৰণ কৰিব নোৱাৰে। অব্ৰাহামক নিজৰ বংশক বজাই ৰাখিবলৈ বথুৱেলৰ সহযোগিতাৰ ওপৰত নিৰ্ভৰ কৰিছিল। যাকোবক তেওঁৰ মৃত শৰীৰক কানান দেশত কবৰ দিবলৈ যোচেফৰ সহায়ৰ আৱশ্যক আছিল। নয়মীক উত্তৰাধিকাৰী লাভ কৰিবলৈ ৰূথৰ সহায়ৰ প্ৰয়োজন হৈছিল। অব্ৰাহাম, যাকোব আৰু নয়মীয়ে আনৰ সহায়ৰ অবিহনে কেতিয়াও তেওঁলোকৰ প্ৰয়োজনীয়তাক পূৰণ কৰিব নোৱাৰিলেহেঁতেন। ঠিক তেনেদৰে বৰ্তমান সময়তো আৱশ্যক থকাসকলৰ প্ৰতি প্ৰেমপূৰ্বক দয়া দেখুৱা উচিত। (হিতোপদেশ ১৯:১৭) আমি আদিপুৰুষ ইয়োবৰ আৰ্হিক অনুকৰণ কৰা উচিত, কিয়নো তেওঁ ‘কাতৰোক্তি কৰা দৰিদ্ৰক উদ্ধাৰ আৰু সহায় নথকা পিতৃহীনক ৰক্ষা’ আৰু একেইদৰে ‘বিনষ্ট হবলগীয়া মানুহক’ ৰক্ষা কৰিছিল। আনকি তেওঁ ‘বাঁৰী তিৰোতাৰ মন’ আনন্দিত আৰু ‘অন্ধৰ চকু, খোৰাৰ ভৰিও’ হৈছিল।—ইয়োব ২৯:১২-১৫.
২০, ২১. কেনে ব্যক্তিসকলক আমাৰ প্ৰেমপূৰ্বক দয়াৰ আৱশ্যক আৰু আমাৰ প্ৰত্যেকজনকে কি কৰিবলৈ দৃঢ়সঙ্কল্প লোৱা উচিত?
২০ আচলতে প্ৰত্যেক খ্ৰীষ্টান মণ্ডলীতে ‘কাতৰোক্তি কৰা দৰিদ্ৰসকলক’ দেখিবলৈ পোৱা যায়। এইটো এইবাবে হʼব পাৰে কিছুমানে হয়তো নিজকে অকলশৰীয়া, নিৰুৎসাহিত, অযোগ্য বুলি ভাবিব পাৰে, আন কিছুমানে হয়তো গম্ভীৰ ৰোগৰ দ্বাৰা পীড়িত বা আপোনজনাক মৃত্যুত হেৰুৱালগা হোৱাৰ বাবে বেদনাত ভাঙি পৰে। যিয়ে কাৰণ নাথাকক কিয়, তেনে প্ৰিয় লোকসকলৰ প্ৰতি আমি স্বইচ্ছা আৰু একেৰাহে প্ৰেমপূৰ্বক দয়াৰ কাৰ্য্য কৰি তেওঁলোকৰ আৱশ্যকতাসমূহক পূৰণ কৰা উচিত।—১ থিচলনীকীয়া ৫:১৪.
২১ গতিকে আঁহক আমি একেৰাহে “প্ৰেমপূৰ্বক দয়াৰে পৰিপূৰ্ণ” থকা ঈশ্বৰ যিহোৱাক অনুকৰণ কৰোঁহঁক। (যাত্ৰাপুস্তক ৩৪:৬; ইফিচীয়া ৫:১) স্বইচ্ছাৰে আৱশ্যক থকা লোকসকলৰ প্ৰতি নিৰ্দিষ্ট কাৰ্য্য কৰাৰ যোগেদি আমি যিহোৱাক অনুকৰণ কৰিব পাৰোঁ। এইদৰে আমি নিশ্চয়ে যিহোৱাক সন্মান আৰু “নিজ নিজ ভাইৰ সৈতে [প্ৰেমপূৰ্বক দয়া, NW] আৰু কৰুণা ব্যৱহাৰ” কৰি অধিক আনন্দ লাভ কৰিব পাৰিম।—জখৰিয়া ৭:৯. (w02 5/15)
[ফুটনোট]
a বিভিন্ন প্ৰকাৰৰ বিবাহৰ বিষয়ে জানিবলৈ যিহোৱাৰ সাক্ষীসকলে প্ৰকাশ কৰা অন্তৰ্দৃষ্টি খণ্ড ১, ৩৭০ পৃষ্ঠাত চাওক।
আপুনি কিদৰে উত্তৰ দিব
• মানুহে দেখুৱা দয়া কেনেকৈ প্ৰেমপূৰ্বক দয়াৰ পৰা ভিন্ন?
• বথুৱেল, যোচেফ আৰু ৰূথে কি ধৰণে প্ৰেমপূৰ্বক দয়া প্ৰকাশ কৰিলে?
• আমি কেনে মনোবৃত্তিৰ সৈতে প্ৰেমপূৰ্বক দয়া দেখুৱা উচিত?
• কোন ব্যক্তিসকলক আমি প্ৰেমপূৰ্বক দয়া দেখুৱা আৱশ্যক?
[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]
[৩১ পৃষ্ঠাৰ ছবি]
ৰূথৰ আনুগত্য প্ৰেমে নয়মীৰ বাবে আশীৰ্ব্বাদ আছিল