Skip to content

Skip to table of contents

ঈশ্বৰ কোন?

ঈশ্বৰ কোন?

ঈশ্বৰ কোন?

 দ্যাএনচাইক্লপেডিয়া আমেৰিকানʼত এইদৰে কৈছে যে, “সাধাৰণতে সকলোতকৈ মহান উৎস, বিশ্বব্ৰহ্মাণ্ডৰ শক্তি আৰু যিজনলৈ সকলো ধৰ্ম্মই নিৰ্দ্দেশিত কৰে, তেনে ব্যক্তিক ঈশ্বৰ বুলি কোৱা হয়।” এখন ইংৰাজী অভিধানৰ অনুসাৰে “ঈশ্বৰ” শব্দটোৰ অৰ্থ হৈছে “সৰ্ব্বশক্তিমান জনা।” এই সৰ্ব্বশক্তিমান জনাৰ আঁচৰিতজনক চৰিত্ৰগত বৈশিষ্টতা কি?

ঈশ্বৰ কোনো ব্যক্তিত্বশূন্য শক্তি বা এজন বাস্তৱিক ব্যক্তিনে? তেওঁৰ কোনো নাম আছেনে? তেওঁ কোনো ত্ৰিমূৰ্ত্তিৰ ভাগ নে? ঈশ্বৰৰ বিষয়ে আমি কেনেকৈ জানিব পাৰোঁ? এই বিষয়ে বাইবেলে আমাক প্ৰকৃত আৰু সন্তুষজনক উত্তৰ দিছে। দৰাচলতে সকলোকে ঈশ্বৰক বিচাৰিবলৈ উৎসাহিত কৰি এইদৰে কৈছে: “তেওঁ আমাৰ কাৰো পৰা দূৰ নহয়।”—পাঁচনিৰ কৰ্ম্ম ১৭:২৭.

এজন ব্যক্তিত্বশূন্য শক্তি নে নতুবা এজন বাস্তৱিক ব্যক্তি?

যিসকলে ঈশ্বৰক বিশ্বাস কৰে, তেওঁলোকে তেওঁক এজন ব্যক্তি বুলি নহয় কিন্তু শক্তিৰূপে বিবেচনা কৰে। উদাহৰণস্বৰূপে, কিছুমান সভ্যতাত ঈশ্বৰক প্ৰাকৃতিক শক্তিৰ সৈতে বিভক্তি কৰা হʼল। কিছুমানে বিশ্বব্ৰহ্মাণ্ডৰ গঠন আৰু এই পৃথিৱীত জীৱনৰ মৌলিক বৈশিষ্টতাক বৈজ্ঞানিক গৱেষণাৰ জড়িয়তে পৰীক্ষা কৰি এই সিদ্ধান্তত উপনীত হৈছে যে এনে কোনো প্ৰথম কাৰণ আছে যাৰ দ্বাৰা এই সকলোবোৰ অস্তিত্বত আহিল। যিহেতু তেওঁলোকে সেই কাৰণক কোনো ব্যক্তিত্বৰ সৈতে সংযোগ কৰিবলৈ সংকোচ কৰে।

তথাপিও এই জটিল সৃষ্টিখনে সেই প্ৰথম কাৰণটোক এজন মহান বুদ্ধিমান ব্যক্তিৰূপে চিনাক্ত নকৰেনে? তেনেদৰে বুদ্ধিমান হʼবলৈ এটা মস্তিষ্কৰ আৱশ্যক। সেই মহান মস্তিষ্কই হৈছে এই সকলোবোৰৰ সৃষ্টিকৰ্ত্তা। তেওঁ হৈছে ব্যক্তিত্ব থকা ঈশ্বৰৰ। ঈশ্বৰৰ এটা শৰীৰ আছে, কিন্তু সেইটো আমাৰ শৰীৰৰ দৰে নহয়। সেইটো হৈছে এটা আত্মিক শৰীৰ। বাইবেলে কৈছে যে “যদি প্ৰাণিক দেহ আছে, তেন্তে আত্মিক দেহো আছে।” (১ কৰিন্থীয়া ১৫:৪৪) ঈশ্বৰৰ বৈশিষ্টতাৰ বিষয়ে বৰ্ণনা কৰি বাইবেলে স্পষ্টকৈ এইদৰে কৈছে: “ঈশ্বৰেই আত্মা।” (যোহন ৪:২৪) আত্মা হৈছে আমাৰ শৰীৰতকৈ ভিন্ন আৰু মানুহৰ চকুৱে তাক কেতিয়াও দেখি নাপায়। (যোহন ১:১৮) তেওঁৰ বাহিৰেও আন অদৃশ্য আত্মিক প্ৰাণী আছে। তেওঁলোক হৈছে স্বৰ্গদূত অৰ্থাৎ “ঈশ্বৰৰ সন্তানবিলাক।”—ইয়োব ১:৬; ২:১.

যিহেতু ঈশ্বৰৰ কোনো আৰম্ভণ নাই, তেওঁৰ আত্মিক শৰীৰ আছে। সেয়েহে এইটো যুক্তিসঙ্গত যে তেওঁৰ বাসস্থানো আছে। সেই আত্মিক স্থানৰ বিষয়ে বাইবেলে আমাক কৈছে যে ঈশ্বৰৰ “বাসস্থান” হৈছে স্বৰ্গত। (১ ৰাজাৱলি ৮:৪৩) ইয়াৰ ওপৰিও বাইবেলৰ লিখক পাঁচনি পৌলে এইদৰে বৰ্ণনা কৰিছে: “খ্ৰীষ্ট . . . আমাৰ নিমিত্তে ঈশ্বৰৰ সাক্ষাতে উপস্থিত হবলৈ স্বৰ্গতেই সোমাল।”—ইব্ৰী ৯:২৪.

“আত্মা” শব্দটোক বাইবেলত আন অৰ্থটো ব্যৱহাৰ কৰা হৈছে। গীতমালা লিখকে প্ৰাৰ্থনাত ঈশ্বৰক সম্বোধিত কৰি এইদৰে কৈছিল: “তুমি তোমাৰ আত্মা পঠালেই সিহঁতৰ সৃষ্টি হয়।” (গীতমালা ১০৪:৩০) এই আত্মা স্বয়ং ঈশ্বৰ নহয় কিন্তু ই হৈছে ঈশ্বৰৰ শক্তি, যাক নিজৰ যি কোনো উদ্দেশ্য সম্পন্ন কৰিবলৈ পঠিয়াই বা ব্যৱহাৰ কৰে। ইয়াৰ দ্বাৰা ঈশ্বৰে আকাশমণ্ডল, পৃথিৱী আৰু সকলো জীৱিত প্ৰাণীক সৃষ্টি কৰিলে। (আদিপুস্তক ১:২; গীতমালা ৩৩:৬) তেওঁৰ সেই আত্মাক পবিত্ৰ আত্মা বুলি কোৱা হʼল। ঈশ্বৰে নিজৰ পবিত্ৰ আত্মাক বাইবেলখন লিখিবলৈ ব্যক্তিসকলক প্ৰেৰিত কৰিলে। (২ পিতৰ ১:২০, ২১) পবিত্ৰ আত্মা হৈছে ঈশ্বৰৰ সক্ৰিয় শক্তি, যাক ঈশ্বৰে নিজৰ উদ্দেশ্য সম্পন্ন কৰিবলৈ ব্যৱহাৰ কৰে।

ঈশ্বৰৰ এটা অদ্বিতীয় নাম আছে

বাইবেলৰ লিখক আগূৰে এইদৰে সুধিছিল: “কোনে নিজ মুঠিত বতাহ ধৰিছিল? কোনে নিজৰ কাপোৰত জলসমূহ বান্ধি ৰাখিছিল? কোনে পৃথিবীৰ আটাই সীমা নিৰূপণ কৰিছিল? যদি জানা, তেন্তে তেওঁৰ নাম কি? আৰু তেওঁৰ পুত্ৰৰ বা নাম কি?” (হিতোপদেশ ৩০:৪) আচলতে আগূৰে সুধিছিল যে, ‘যিজনে এই সকলোকে নিৰ্মাণ কৰিলে, আপুনি তেনে কোনো মানুহৰ নাম অথবা তেওঁৰ পৰিয়ালৰ বিষয়ে জানেনে?’ প্ৰাকৃতিক শক্তিসমূহৰ নিয়ন্ত্ৰণ কৰাৰ বাবে কেৱল ঈশ্বৰৰহে ক্ষমতা আছে। এই সৃষ্টিসমূহে ঈশ্বৰৰ অস্তিত্বৰ বিষয়ে এক শক্তিশালী প্ৰমাণ দাঙি ধৰিছে, কিন্তু ঈশ্বৰৰ নামৰ বিষয়ে প্ৰকাশ কৰা নাই। বাস্তৱতে যদি ঈশ্বৰে নিজেই নিজৰ নাম নোকোৱা হʼলে আমি কেতিয়াও তেওঁৰ নাম নাজানিলোহেঁতেন। তেওঁ নিজেই নিজৰ নাম প্ৰকাশ কৰিলে। সৃষ্টিকৰ্ত্তাজনে কৈছে যে, “মই যিহোৱা, এয়েই মোৰ নাম।”—যিচয়া ৪২:৮.

ঈশ্বৰৰ নাম হৈছে যিহোৱা। এই নাম মূল হিব্ৰু শাস্ত্ৰত প্ৰায় ৭,০০০ বাৰ উল্লেখ কৰা হৈছে। যীচু খ্ৰীষ্টই আনক সেই নামৰ বিষয়ে কৈছিল আৰু তেওঁলোকৰ আগত স্তুতি কৰিছিল। (যোহন ১৭:৬, ২৬) সেই নাম বাইবেলৰ শেষ কিতাপখনত “হাল্লিলূয়া” বুলি উল্লেখ কৰা হৈছে, যাৰ অৰ্থ হৈছে “যাঃৰ স্তুতি কৰা।” “যাঃ” হৈছে “যিহোৱা” শব্দৰ সংক্ষিপ্ত নাম। (প্ৰকাশিত বাক্য ১৯:১-৬) আধুনিক সময়ত বহুতো বাইবেলত কাচিৎহে সেই নাম ব্যৱহাৰ কৰা হয়। কিছুমান বাইবেলত প্ৰায়ে তেওঁলোকে ডাঙৰ আখৰত “প্ৰভু” বা “ঈশ্বৰ” বুলি ব্যৱহাৰ কৰে, যাতে সেই ডাঙৰ আখৰে সাধাৰণতে উল্লেখ কৰা “প্ৰভু” আৰু “ঈশ্বৰ” শব্দটোৰ পৰা ভিন্নৰূপে প্ৰকাশ পায়। কিছুমান বিদ্বানে পৰামৰ্শ দিয়ে যে ঈশ্বৰৰ নামটো ইয়াওৱে বুলি উচ্চাৰণ কৰিব পাৰি।

বিশ্বব্ৰহ্মাণ্ডৰ সেই মহান ব্যক্তিজনৰ নামটো লোকসকলে কিয় ভিন্ন দৃষ্টিৰে চায়? এই সমস্যাটো তেতিয়া আৰম্ভ হৈছিল, যেতিয়া অন্ধবিশ্বাস কৰা যিহূদী লোকসকলে ঈশ্বৰৰ প্ৰকৃত নামটো উচ্চাৰণ কৰিবলৈ ত্যাগ দিলে আৰু সেই নামৰ পৰিৱৰ্তে শাস্ত্ৰত যেতিয়াই তেওঁলোকে ঈশ্বৰৰ নামটো পাইছিল, তেতিয়াই হিব্ৰু ভাষাত “সৰ্ব্বশক্তিমান প্ৰভু” বুলি উচ্চাৰণ কৰি পঢ়িছিল। যিহেতু মুল হিব্ৰু ভাষাৰ বাইবেলখন কোনো স্বৰবৰ্ণ ব্যৱহাৰ নকৰাকৈ লিখা হৈছিল, সেয়েহে আমি সঠিকৈ নাজানোঁ যে মোচি, দায়ূদ আৰু প্ৰাচীন সময়ত থকা আনসকলে কেনেকৈ ঈশ্বৰ নামৰ বাবে লিখা আখৰবোৰক উচ্চাৰণ কৰিছিল। কিন্তু শত্বাব্দী ধৰি অসমীয়া ভাষাত ঈশ্বৰৰ নামটোক যিহোৱা বুলি ব্যৱহাৰ কৰি আহিছে আৰু আন ভাষাবোৰতো সেই একেই সমঅৰ্থযুক্ত শব্দ ব্যৱহাৰ কৰিছে, যাক বৰ্তমান সময়ত বহুলভাৱে স্বীকাৰ কৰা হৈছে।—যাত্ৰাপুস্তক ৬:৩; যিচয়া ২৬:৪.

যদিও প্ৰাচীন হিব্ৰু ভাষাত কিদৰে ঈশ্বৰৰ নাম উচ্চাৰণ কৰিছিল ইয়াক সঠিকভাৱে ঠিৰাং কৰিব নোৱাৰে, তথাপিও সেই উচ্চাৰণ কোনো ৰহস্যজনক নহয়। তেওঁৰ নামৰ অৰ্থ হৈছে “তেওঁ অস্তিত্বত আনে।” সেয়েহে যিহোৱা ঈশ্বৰে নিজকে মহান উদ্দেশ্য ৰখা জনা বুলি পৰিচয় দিছে। তেওঁ সদায়ে নিজৰ উদ্দেশ্য আৰু প্ৰতিজ্ঞাসমূহক সত্যতাৰ ৰূপ দিয়ে। একমাত্ৰ সত্য ঈশ্বৰে এই সকলোবোৰ সাধন আৰু সেই নামক ধাৰণ কৰা ক্ষমতা আছে।—যিচয়া ৫৫:১১.

ইয়াত কোনো সন্দেহ নাই যে আন দেৱ-দেৱীতকৈ কেৱল যিহোৱা নামটোহে সৰ্ব্বশক্তিমান ঈশ্বৰ বুলি পৃথক কৰিছে। সেয়েহে বাইবেলত প্ৰায়ে এই নামটো উল্লেখ কৰিছে। যিহেতু বহুতো অনুবাদকে ঈশ্বৰৰ নামটো ব্যৱহাৰ কৰোঁতে বিফল হৈছে, কিন্তু গীতমালা ৮৩:১৮ পদত সেই নামটোক স্পষ্টকৈ উল্লেখ কৰি এইদৰে কৈছে: “যিহোৱা নামেৰে বিখ্যাত যি তুমি, অকল তুমিয়েই যে সমুদায় পৃথিবীৰ ওপৰত সৰ্ব্বোপৰি জনা, তাক সিহঁতে জানক।” এই পৃথিৱীত যীচুৱে নিজৰ পৰিচৰ্য্যাৰ সময়ছোৱাত নিজৰ শিষ্যসকলক এইদৰে শিকাইছিল: “এই হেতুকে তোমালোকে এইদৰে প্ৰাৰ্থনা কৰা; হে আমাৰ স্বৰ্গত থকা পিতৃ, তোমাৰ নাম পুজনীয় হওক।” (মথি ৬:৯) এতেকে আমি যেতিয়া ঈশ্বৰলৈ প্ৰাৰ্থনা কৰোঁ, আনক তেওঁৰ বিষয়ে কওঁ আৰু তেওঁৰ স্তুতি কৰোঁ, তেতিয়া তেওঁৰ নাম ব্যৱহাৰ কৰা উচিত।

যীচু ঈশ্বৰ নে?

এই ক্ষেত্ৰত যিহোৱাই স্বয়ং নিজৰ পুত্ৰৰ পৰিচয় দি, সকলো সন্দেহ দূৰ কৰিলে। মথিয়ে লিখা শুভবাৰ্ত্তা বিবৰণীত এইদৰে বৰ্ণনা কৰিছে যে, যীচুৱে বাপ্তিষ্মা লোৱাৰ পিছত “এওঁ মোৰ প্ৰিয় পুত্ৰ, এওঁত মই পৰম সন্তুষ্ট, এই আকাশবাণী হল।” (মথি ৩:১৬, ১৭) যীচু খ্ৰীষ্ট হৈছে ঈশ্বৰৰ পুত্ৰ।

তথাপিও কিছুমান ধৰ্ম্মৰ লোকে যীচুক ঈশ্বৰ বুলি কয়। আন কিছুমানে কয় যে ঈশ্বৰ ত্ৰিমূৰ্ত্তি। এই শিক্ষাৰ অনুসাৰে, “পিতা, পুত্ৰ আৰু পবিত্ৰ আত্মা তিনিজন নহয়, কিন্তু এজন ঈশ্বৰ। ইয়াত কোৱা হৈছে যে সেই তিনিজন “একেলগে অনন্তকালীয়া আৰু একেসমান।” (দ্যা কেথলিক এনচাইক্লোপেডিয়া) এনে দৃষ্টিভঙ্গী সঁচানে?

যিহোৱাৰ সম্পৰ্কে প্ৰেৰিত শাস্ত্ৰ পদসমূহে এইদৰে কৈছে: “অনাদি কালৰ পৰা অনন্ত কাললৈকে তুমিয়েই ঈশ্বৰ।” (গীতমালা ৯০:২) তেওঁ ‘চিৰস্থায়ী ৰজা’ অৰ্থাৎ তেওঁৰ কেতিয়াও অন্ত নাই। (১ তীমথিয় ১:১৭) আনহাতে যীচু হৈছে “গোটেই সৃষ্টি প্ৰথমজাত,” “যি জনা ঈশ্বৰৰ সৃষ্টিৰ আদি।” (কলচীয়া ১:১৩-১৫; প্ৰকাশিত বাক্য ৩:১৪) তেওঁৰ পিতৃক উদ্দেশ্য কৰি যীচুৱে এইদৰে কৈছিল: “পিতৃ মোতকৈ মহান।” (যোহন ১৪:২৮) তদুপৰি, যীচুৱে এইদৰে বৰ্ণনা কৰি কৈছিল যে, কিছুমান বিষয়ৰ সম্পৰ্কে তেওঁ আৰু স্বৰ্গদূতবিলাকেও নাজানে। কিন্তু একমাত্ৰ ঈশ্বৰেহে জানে। (মাৰ্ক ১৩:৩২) ইয়াৰ উপৰিও যীচুৱে তেওঁৰ পিতৃলৈ প্ৰাৰ্থনা কৰি এইদৰে কৈছিল: “তথাপি মোৰ ইচ্ছা নহয়, তোমাৰেই ইচ্ছা সিদ্ধ হওক।” (লূক ২২:৪২) তেওঁ কালৈ প্ৰাৰ্থনা কৰিছিল, তেওঁ নিজতকৈ মহান ব্যক্তিলৈ প্ৰাৰ্থনা কৰা নাছিলনে? যীচুক মৃত্যুৰ পৰা পুনৰাই জীয়াই তুলা ব্যক্তিজন স্বয়ং যীচু নহয়, কিন্তু ঈশ্বৰ আছিল।—পাঁচনিৰ কৰ্ম্ম ২:৩২.

শাস্ত্ৰৰ অনুসাৰে যিহোৱা হৈছে সৰ্ব্বশক্তিমান ঈশ্বৰ আৰু যীচু তেওঁৰ পুত্ৰ। গতিকে এই পৃথিৱীত যীচু অহাৰ পূৰ্বেই বা পৃথিৱীত থকাৰ সময়ছোৱাত; নতুবা স্বৰ্গলৈ ঘূৰি যোৱাৰ পিছত, কেতিয়াও পিতৃৰ সৈতে একেসমান হোৱা নাছিল। (১ কৰিন্থীয়া ১১:৩; ১৫:২৮) যেনেকৈ আমি দেখিলোঁ যে ত্ৰিমূৰ্ত্তিত উল্লেখ কৰা তৃতীয়জন ব্যক্তি অৰ্থাৎ পবিত্ৰ আত্মা কোনো ব্যক্তি নহয়। এইটো হৈছে ঈশ্বৰৰ শক্তি, যাক ঈশ্বৰে নিজৰ উদ্দেশ্য সম্পন্ন কৰিবলৈ ব্যৱহাৰ কৰে। ত্ৰিমূৰ্ত্তিৰ শিক্ষা শাস্ত্ৰীয় আধাৰিত নহয়। a বাইবেলে কৈছে যে “আমাৰ ঈশ্বৰ যিহোৱা একমাত্ৰ যিহোৱা।”—দ্বিতীয় বিবৰণ ৬:৪.

ঈশ্বৰৰ সৈতে ভালদৰে পৰিচিত হওক

ঈশ্বৰক প্ৰেম আৰু তেওঁলৈ অনন্য ভক্তি আগবঢ়াবলৈ আমি তেওঁ প্ৰকৃততে কোন তাক জনা আৱশ্যক, কিয়নো তেওঁ এই সকলো সমাদৰ পোৱা যোগ্য। আপুনি কেনেকৈ ঈশ্বৰক ভালকৈ জানিব পাৰে? বাইবেলে কৈছে যে, “তেওঁৰ অনাদি অনন্ত পৰাক্ৰম আৰু ঐশ্বৰিক স্বভাৱ আদি কৰি অদৃশ্য গুণবোৰ, জগতৰ সৃষ্টিকালৰে পৰা তেওঁৰ নানা কাৰ্য্যত বোধগম্য হৈ, স্পষ্টকৈ দেখা গৈছে।” (ৰোমীয়া ১:২০) তেওঁ কৰা সৃষ্টিসমূহক একান্তমনে লক্ষ্য আৰু সেইবোৰৰ প্ৰতি মূল্যাঙ্কণ দেখুৱাই এক প্ৰকাৰে ঈশ্বৰক জানিব পাৰি।

যিহেতু ঈশ্বৰৰ বিষয়ে জানিবলগীয়া সকলোবোৰৰ বিষয়ে আমি সৃষ্টিসমূহ অধ্যয়ন কৰাৰ পৰা জানিব নোৱাৰোঁ। উদাহৰণস্বৰূপে, ঈশ্বৰৰ যে অদ্বিতীয় নাম আছে আৰু তেওঁ যে আত্মিক ব্যক্তি হয়, এই বিষয়ে বুজিবলৈ আমি বাইবেলখন নিৰীক্ষণ কৰা আৱশ্যক। প্ৰকৃততে বাইবেলখন অধ্যয়ন কৰাৰ দ্বাৰা আমি উত্তমৰূপে ঈশ্বৰক জানিব পাৰোঁ। শাস্ত্ৰৰ পদসমূহত যিহোৱা আৰু তেওঁ কেনে প্ৰকাৰৰ ঈশ্বৰ, এই বিষয়ে বহুকিছু বৰ্ণনা কৰিছে। তদুপৰি, তেওঁ আমাক তেওঁৰ উদ্দেশ্য প্ৰকাশ কৰিছে আৰু তেওঁৰ অনুসাৰে শিক্ষা প্ৰদান কৰিছে। (আমোচ ৩:৭; ২ তীমথিয় ৩:১৬, ১৭) ঈশ্বৰে বিচাৰে যে আমি “সত্যৰ জ্ঞান” লৈ তেওঁৰ প্ৰেমময় প্ৰবন্ধৰ পৰা লাভ প্ৰাপ্ত কৰোঁ, ইয়াকে জানি আমি কিমান যে আনন্দিত হওঁ! (১ তীমথিয় ২:৪) এতেকে আঁহক আমি যিহোৱাৰ বিষয়ে শিকিবলৈ সকলো প্ৰচেষ্টা কৰোহঁক। (w02 5/15)

[ফুটনোট]

a এই বিষয়ৰ সম্পৰ্কে বিতংকৈ জানিবলৈ যিহোৱাৰ সাক্ষীসকলে প্ৰকাশ কৰা আপুনি ত্ৰিমূৰ্ত্তি বিশ্বাস কৰা উচিত নে? (ইংৰাজী) নামৰ ব্ৰচাৰখন চাওক।

[৫ পৃষ্ঠাৰ ছবি]

পৃথিৱীখন সৃষ্টি আৰু বাইবেলখন লেখাত লেখকসকলক প্ৰেৰিত কৰিবলৈ ঈশ্বৰে তেওঁৰ পবিত্ৰ আত্মাক ব্যৱহাৰ কৰিলে

[৫ পৃষ্ঠাৰ ছবি]

স্বৰ্গৰ পৰা এই বুলি আকাশবাণী হʼল: “এওঁ মোৰ প্ৰিয় পুত্ৰ”

[৭ পৃষ্ঠাৰ ছবি]

যীচুৱে তেওঁতকৈ মহান ব্যক্তিজনলৈ প্ৰাৰ্থনা কৰিছিল

[৭ পৃষ্ঠাৰ ছবি]

যীচুৱে আনক ঈশ্বৰৰ নামৰ বিষয়ে জনাইছিল

[৭ পৃষ্ঠাৰ ছবিসমূহ]

আমি ভালদৰে ঈশ্বৰক জানিব পাৰোঁ