ঈশ্বৰ কোন তাক আমি জনা আৱশ্যক
ঈশ্বৰ কোন তাক আমি জনা আৱশ্যক
নিশাৰ সময়ছোৱাত আকাশত ভৰি থকা তৰাসমষ্টিক দেখি আপুনি আঁচৰিত নহয়নে? বিভিন্ন ৰং-বিৰঙৰ ফুল দেখি আপুনি ৰোমাঞ্চিত হৈ নপৰেনে? চৰাই-চিকটিয়ে গোৱা মধুৰ গীত আৰু হোঁ হোঁ কৰি ধীৰ গতিৰে বৈ যোৱা বতাহৰ শব্দ শুনি আপুনি আনন্দিত নহয় নে বাৰু? বিশালকায় তিমি মাছ আৰু আন আন শক্তিশালী জীৱ-জন্তুবোৰক সমুদ্ৰত বাস কৰা দেখি আপুনি কিমান যে কৌতূহল হৈ পৰে! ইয়াৰ উপৰিও মানুহক বিবেকৰ স্বাভাৱিক দক্ষতা আৰু আঁচৰিতৰূপে এক জটিল মগজৰ সৈতে সৃষ্টি কৰা হৈছে। আমাৰ চাৰিওফালে বিদ্যামান হোৱা আঁচৰিত বস্তুসমূহক কি দৰে বৰ্ণনা কৰিব?
কিছুমানে বিশ্বাস কৰে যে এই সকলোবোৰ বস্তু কোনো কাৰণ নোহোৱাকৈ উৎপন্ন হʼল। যদি সেইটো সঁচা হয়, তেনেহʼলে মানুহে কিয় ঈশ্বৰক বিশ্বাস কৰে? অনিচ্ছাকৃতভাৱে বহুতো ৰাসায়নিক পদাৰ্থক একত্ৰিত কৰি আধ্যাত্মিক আৱশ্যকতা থকা প্ৰাণীক কিয় সৃষ্টি কৰা হʼল?
“মানুহৰ স্বভাৱত ধৰ্ম্মই গভীৰভাৱে বাঁহ লৈ আছে আৰু ইয়াক সকলো আৰ্থিক স্তৰ, শিক্ষাগত পৃষ্ঠভূমিত অনুভৱ কৰা হʼল।” এই কথাফাঁকি দ্যা স্প্ৰিচুৱেল নেশ্বাৰ অৱ মেন নামৰ কিতাপত প্ৰকাশ পাইছিল। এই কিতাপখনে প্ৰফেচাৰ এলিষ্টাৰ হাৰ্ডিয়ে কৰা গবেষণাক বৰ্ণনা কৰিছিল। অলপতে মস্তিষ্ক পৰীক্ষা কৰা কিছুমান স্নায়ুতত্ববিৎ বৈজ্ঞানিকে এইদৰে অভিমত দিয়ে, যে, মানুহক “আনুবংশিক কৰ্মসূচী” সৈতে ধৰ্ম্ম পালন কৰা ক্ষমতাৰে সৃষ্টি হʼল। ইজ্ গড্ দ্যা অনলি ৰিয়ালিটি? নামৰ কিতাপখনত এইদৰে কোৱা হৈছে: “সাধাৰণতে অভিজ্ঞতাই প্ৰকাশ কৰিছে যে মানৱ আৰম্ভণিৰ পৰাই প্ৰত্যেকটো সংস্কৃতি আৰু সকলো বয়সৰ লোকে ধৰ্ম্মৰ দ্বাৰা . . . অৰ্থ অনুসন্ধান কৰিছে।”
প্ৰায় ২০০০ বছৰৰ পূৰ্বেই এজন শিক্ষিত ব্যক্তিয়ে কেনে সিদ্ধান্তত উপনীত হৈছিল, এই বিষয়ে বিবেচনা কৰক। তেওঁ এইদৰে লিখিছিল: “প্ৰত্যেক ঘৰ কোনো জনৰ দ্বাৰাই স্থাপন কৰা হয়, কিন্তু যি জনাই সকলো স্থাপন কৰিলে, তেওঁ ঈশ্বৰ।” (ইব্ৰী ৩:৪) দৰাচলতে বাইবেলৰ আৰম্ভণিৰ বাক্যই এইদৰে বৰ্ণনা কৰিছে: “আদিতে ঈশ্বৰে আকাশ-মণ্ডল আৰু পৃথিবী সৃষ্টি কৰিলে।”—আদিপুস্তক ১:১.
তেতিয়াহʼলে ঈশ্বৰ কোন? মানুহে এই প্ৰশ্নটোৰ বিভিন্ন উত্তৰ দিয়ে। জাপানত বাস কৰা ইয়চী নাম এজন কিশোৰক ঈশ্বৰ কোন বুলি সোধাত, এইদৰে উত্তৰ দি কয়: “মই সঠিকৈ নাজানো। মই বুদ্ধ ধৰ্ম্মৰ হোৱাৰ বাবে ঈশ্বৰৰ কোন, তাৰ বিষয়ে জনাটো মোৰ বাবে ইমান গুৰুত্ব নহয়।” যিহেতু ইয়চীয়ে স্বীকাৰ কৰে যে বুদ্ধক বহুতে ঈশ্বৰ বুলি কয়। নিক্ নামৰ এজন ৬০ বছৰীয়া ব্যক্তিয়ে ঈশ্বৰক বিশ্বাস কৰে আৰু বিবেচনা কৰে যে তেওঁ এজন সকলোতকৈ শক্তিশালী শক্তি। যেতিয়া তেওঁক ঈশ্বৰৰ বিষয়ে কি জানে তাক বৰ্ণনা কৰিবলৈ কোৱা হʼল, তেতিয়া তেওঁ অলপ সময় চিন্তা কৰি এইদৰে কৈছিল: “বন্ধু, সেইটো বহুত জটিল প্ৰশ্ন। মই কেৱল এইটোৱে কʼব পাৰোঁ, যে এজন ঈশ্বৰ আছে।”
ৰোমীয়া ১:২৫) কোটি সংখ্যক লোকে মৃত্যু হোৱা পূৰ্বপুৰুষসকলক উপাসনা আৰু বিশ্বাস কৰে যে ঈশ্বৰৰ কাষ চপাটো অসম্ভৱ। হিন্দু ধৰ্ম্মৰ অনুসাৰে বহুতো দেৱ-দেৱী আছে। যীচুৰ শিষ্যসকলৰ সময়ছোৱাতো বহুতো দেৱ-দেৱীক, যেনে জেউচ আৰু হেৰমেচ নামৰ দেৱতাক উপাসনা কৰিছিল। (পাঁচনিৰ কৰ্ম্ম ১৪:১১, ১২) বহুতো খ্ৰীষ্টীয়জগতৰ গীৰ্জাত পিতা, পুত্ৰ আৰু পবিত্ৰ আত্মা হৈছে এজন ঈশ্বৰ অৰ্থাৎ ত্ৰিমূৰ্ত্তি বুলি শিকোৱা হয়।
কিছুমান ব্যক্তিয়ে “সৃষ্টিকৰ্ত্তাৰ সলনি সৃষ্ট বস্তুৰ আৰাধনা আৰু সেৱা” কৰে। (অৱশ্যে বাইবেলতো উল্লেখ কৰা হৈছে যে “অনেক ঈশ্বৰ আৰু অনেক প্ৰভু আছে।” ইয়াৰ ওপৰিও তাত এইদৰে বৰ্ণনা কৰিছে: “তথাপি যি জনাৰ পৰা সকলো বস্তু হয়, আৰু যি জনাৰ নিমিত্তে আমিও আছোঁ, আমালৈ সেই এজনা পিতৃ ঈশ্বৰহে আছে।” (১ কৰিন্থীয়া ৮:৫, ৬) নিশ্চয়, কেৱল এজনাহে সত্য ঈশ্বৰ আছে। কিন্তু তেওঁ কোন? তেওঁ দেখাত কেনেকুৱা? আমাৰ বাবে এই প্ৰশ্নসমূহৰ উত্তৰ জনাটো অতি আৱশ্যক। কিয়নো যীচুৱে নিজেই সেই জনালৈ প্ৰাৰ্থনা কৰি কৈছিল: “একমাত্ৰ সত্য ঈশ্বৰ যি তুমি, তোমাক আৰু তুমি পঠোৱা যীচু খ্ৰীষ্টক জনা, এয়েই অনন্ত জীৱন।” (যোহন ১৭:৩) বাস্তৱতে সত্য ঈশ্বৰৰ বিষয়ে জনাৰ ওপৰত আমাৰ অনন্তকলীয়া কল্যাণ নিৰ্ভৰ কৰে। w02 5/15)
[৩ পৃষ্ঠাৰ ছবি]
তেওঁলোকৰ অস্তিত্বৰ কেনে বিৱৰণী আছে?
[২ পৃষ্ঠাৰ স্বীকৃতিপ্ৰাপ্ত ছবিসমূহ]
তিমিমাছ: Courtesy of Tourism Queensland