যিহোৱাই বিশ্বাস-ঘাতক কৰা কাৰ্য্যক ঘিণ কৰে
যিহোৱাই বিশ্বাস-ঘাতক কৰা কাৰ্য্যক ঘিণ কৰে
‘ইজন সিজনৰ প্ৰতি বিশ্বাস-ঘাতকতাৰে কাৰ্য্য নকৰিবা।’—মলাখী ২:১০.
১. যদি আমি অনন্ত জীৱন পাবলৈ আশা কৰোঁ তেন্তে ঈশ্বৰে আমাৰ পৰা কি বিচাৰে বুলি জনা উচিত?
আপুনি অনন্তকাললৈকে জীয়াই থাকিবলৈ ইচ্ছা কৰেনে? যদি আপুনি বাইবেলত প্ৰতিজ্ঞা কৰা সেই আশাৰ ওপৰত বিশ্বাস কৰে তেন্তে ‘নিশ্চই কৰোঁ’ বুলি কব। কিন্তু যদি আপুনি আহিবলগা নতুন পৃথিৱীত অনন্তকাললৈকে জীয়াই থকাটো ইচ্ছা কৰে তেন্তে তেওঁৰ আৱশ্যকতাসমূহ পালন কৰা প্ৰয়োজন। (উপদেশক ১২:১৩; যোহন ১৭:৩) অসিদ্ধ মানৱৰ পৰা তেনে অপেক্ষা কৰাটো যুক্তিসঙ্গতহীন নহʼবনে বাৰু? নিশ্চই নহʼব। কিয়নো যিহোৱাই এইদৰে উৎসাহিত কৰি কৈছে: “মই বলিদান বাঞ্ছা নকৰোঁ, [প্ৰেমপূৰ্বক দয়াহে, NW] বাঞ্ছা কৰোঁ, আৰু হোম-বলিতকৈ ঈশ্বৰবিষয়ক জ্ঞান অধিক বাঞ্ছা কৰোঁ।” (হোচেয়া ৬:৬) সেয়েহে অসিদ্ধ মানৱেও ঈশ্বৰৰ আৱশ্যকতাসমূহত উপনীত হʼব পাৰে।
২. বহুতো ইস্ৰায়েল ব্যক্তিয়ে যিহোৱাৰ প্ৰতি কেনেকৈ বিশ্বাস-ঘাতক কৰিছিল?
২ সকলোৱে যে যিহোৱাৰ ইচ্ছা পালন কৰিবলৈ ইচ্ছুক, এনে নহয়। ভৱিষ্যতবক্তা হোচেয়াই কৈছে যে বহুতো ইস্ৰায়েল ব্যক্তিয়েও যিহোৱাৰ ইচ্ছাৰ অনুসাৰে কাৰ্য্য কৰিবলৈ অনিচ্ছুক আছিল। এক জাতি হিচাবে তেওঁলোকে ঈশ্বৰৰ ব্যৱস্থাক পালন কৰিবলৈ প্ৰতিজ্ঞা কৰিছিল। (যাত্ৰাপুস্তক ২৪:১-৮) কিন্তু অতি কম সময়ৰ ভিতৰতে ‘তেওঁলোকে নিয়মটি ভঙ্গ’ কৰি ‘তেওঁৰ বিৰুদ্ধে বিশ্বাস-ঘাতকতা কৰিলে।’ (হোচেয়া ৬:৭) তেতিয়াৰে পৰা বহুতে তেনে বিশ্বাস-ঘাতকতা কৰি আহিব ধৰিলে। এইটো পোনপটীয়াকৈ তেওঁ বা তেওঁক প্ৰেম আৰু সেৱাৰ প্ৰতি নকৰক কিয়, যিহোৱাই তেনে বিশ্বাস-ঘাতকতাকৰ কাৰ্য্যক ঘিণ কৰে।
৩. এই অধ্যয়নৰ লেখত কিহৰ বিষয়ে বিশ্লেষণ কৰা হʼব?
৩ ভৱিষ্যতবক্তা হোচেয়াৰ ওপৰিও আন বহুতে বিশ্বাস-ঘাতকতাৰ প্ৰতি থকা ঈশ্বৰৰ দৃষ্টিভঙ্গীৰ বিষয়ে স্পষ্টকৈ প্ৰকাশ কৰিছিল। সেয়েহে যদি আমি এক সুখী জীৱন-যাপন কৰিবলৈ বিচাৰোঁ তেন্তে আমাকো তেনে মনোবৃত্তি দেখুৱা উচিত। পূৰ্বৱৰ্তী লেখত আমি মলাখীৰ ১ অধ্যায়ত থকা ইয়াৰ বহুতো ভৱিষ্যদ্বাণীমূলক বাৰ্ত্তাৰ বিষয়ে শিকিবলৈ পালোঁ। এতিয়া আঁহক আমি দ্বিতীয় অধ্যায়টোত বিশ্বাস-ঘাতকতাৰ প্ৰতি ঈশ্বৰৰ দৃষ্টিভঙ্গীৰ বিষয়ে উল্লেখ কৰা অতিৰিক্ত বিষয়বোৰলৈ অধিক মনোযোগ দিওঁহঁক। যিহেতু ভৱিষ্যতবক্তা মলাখীয়ে বাবিলৰ দাসত্বৰ পৰা স্বাধীন হৈ উভটি অহাৰ কেইবা বছৰৰ পিছত হোৱা লোকসকলকৰ পৰিস্থিতিৰ বিষয়ে আলোচনা কৰিছিল, তথাপিও ইয়াৰ সেই দ্বিতীয় অধ্যায়টো বিশেষকৈ আজি আমাৰ বাবেও ব্যৱহাৰিক।
নিন্দনীয় পুৰোহিতসকল
৪. যিহোৱাই পুৰোহিতসকলক কেনে সতৰ্কবাণী দিছিল?
৪ দুই অধ্যায়টোৰ এইদৰে আৰম্ভণি কৰা হৈছে যে, যিহূদী পুৰোহিতসকলে ঈশ্বৰৰ ধাৰ্মিক বিষয়বোৰক হেয়জ্ঞান কৰাৰ বাবে যিহোৱাৰ নিন্দাৰ পাত্ৰ হৈছিল। তেওঁলোকে ঈশ্বৰৰ পৰামৰ্শক আওকাণ কৰা মানেই ভৱিষ্যতে গম্ভীৰ পৰিণামসমূহৰ সম্মুখীন হʼবলগা আছিল। ধ্যান দিয়ক যে আৰম্ভণিৰ দুটা পদত এইদৰে কৈছে: “এতিয়া হে পুৰোহিতবিলাক, তোমালোকৰ নিমিত্তে এই আজ্ঞা। বাহিনীবিলাকৰ যিহোৱাই কৈছে, মোৰ নাম গৌৰৱান্বিত কৰিবলৈ তোমালোকে যদি কথা নুশুনা আৰু মন নিদিয়া, তেন্তে তোমালোকৰ ওপৰলৈ মই শাও পঠাম, আৰু তোমালোকে আশীৰ্ব্বাদত পোৱা বস্তুবোৰক শাও দিম।” যদি পুৰোহিতসকলে লোকসকলক ঈশ্বৰৰ ব্যৱস্থা আৰু তাৰ অনুসাৰে চলিবলৈ শিক্ষা দিয়া হʼলে, তেওঁলোকে আশীৰ্ব্বাদ লাভ কৰিলেহেঁতেন। কিন্তু ঈশ্বৰৰ ইচ্ছাৰ প্ৰতি অৱহেলা কৰাৰ বাবে তেওঁলোকৰ ওপৰত অভিশাপ আহিবলগা আছিল। ইয়াৰ ওপৰিও, পুৰোহিতসকলে দিয়া আশীৰ্ব্বাদসমূহো অভিশাপলৈ পৰিণত হʼবলৈ আছিল।
৫, ৬. (ক) বিশেষকৈ পুৰোহিতসকলে কিয় নিন্দাৰ কাৰণ আছিল? (খ) যিহোৱাই কেনেকৈ তেওঁলোকৰ প্ৰতি অগ্ৰাহ্য হোৱাক প্ৰকাশ কৰিলে?
৫ পুৰোহিতসকলে বিশেষকৈ কিয় নিন্দাৰ কাৰণ হৈছিল? এই সন্দৰ্ভত ৭ অধ্যায়ত স্পষ্টকৈ এইদৰে কৈছে: “পুৰোহিতৰ ওঁঠে জ্ঞান ৰক্ষা কৰে, আৰু তেওঁৰ মুখত লোকবিলাকে ব্যৱস্থা বিচাৰে; কাৰণ তেওঁ বাহিনীবিলাকৰ যিহোৱাৰ দূত।” হাজাৰ বছৰৰ পূৰ্বেই যেতিয়া যিহোৱাই মোচিৰ দ্বাৰাই নিজৰ ব্যৱস্থা ইস্ৰায়েল জাতিক দিছিল, তেতিয়া তেওঁ পুৰোহিতসকলৰ দায়িত্বৰ বিষয়ে কৈছিল যে “সকলো বিধিৰ শিক্ষা তোমালোকে যেন তেওঁবিলাকক দিব পাৰিবা, এই বিধি তোমালোকক দিয়া হল।” (লেবীয়া পুস্তক ১০:১১) কিন্তু দুখৰ বিষয়ে এই যে পিছলৈ তেওঁলোকে কেনে কাৰ্য্য কৰিছিল তাৰ বিষয়ে ২ বংশাৱলি ১৫:৩ পদত এইদৰে কৈছে: “ইস্ৰায়েলে কোনো কোনো সময়ত সত্যময় ঈশ্বৰ-বিহীন, শিক্ষা দিওঁতা পুৰোহিত-বিহীন, আৰু ব্যৱস্থা-বিহীন আছিল।”
৬ প্ৰায় সা.যু.পূ. পঞ্চম শতাব্দীত অৰ্থাৎ ভৱিষ্যতবক্তা মলাখীৰ সময়তো সেই একেই অৱস্থা দেখা গৈছিল। তেওঁলোকে ঈশ্বৰৰ ব্যৱস্থাৰ প্ৰতি লোকসকলক শিক্ষা প্ৰদান কৰাত বিফল হৈছিল। গতিকে সেই পুৰোহিতসকলে ঈশ্বৰৰ আগত লেখা দিয়াৰ বাবে উপযুক্ত আছিল। যিহোৱাই তেওঁলোকৰ অহিতে কোৱা এই শক্তিশালী বাক্যসমূহৰ প্ৰতি মনোযোগ দিয়ক। মলাখী ২:৩ পদত এইদৰে কৈছে: “মই তোমালোকৰ নিমিত্তে কঠীয়াক ধম্কি দিম, আৰু তোমালোকৰ মুখত গু, তোমালোকৰ উৎসৱবোৰৰ যজ্ঞ-পশুৰ গুকেই লগাই দিম; আৰু তাৰে সৈতেই তোমালোকক লৈ যোৱা হব।” কিযে এক নিন্দনীয় বিষয়! যিহেতু বলিদান কৰা পশুবোৰৰ মল ছাওনিৰ বাহিৰত পেলাই জুইত পুৰি ভস্ম কৰিব লাগিছিল। (লেবীয়া পুস্তক ১৬:২৭) কিন্তু যিহোৱাই তেওঁলোকৰ মুখত গোবৰ লগোৱা বুলি কোৱা কথাষাৰে স্পষ্টকৈ প্ৰকাশ কৰিছে যে তেওঁ তেওঁবিলাকে আগবঢ়োৱা বলিদান আৰু বলিদান কৰোঁতাসকলক যিহোৱাই অগ্ৰাহ্য কৰিলে।
৭. ব্যৱস্থাৰ শিক্ষকসকলৰ ওপৰত যিহোৱাই কিয় ক্ৰোধীত হৈছিল?
৭ ভৱিষ্যতবক্তা মলাখীৰ সময়ৰ প্ৰায় হাজাৰ বছৰ পূৰ্ব্বেই যিহোৱাই লেবীসকলক উপাসনাগৃহ, পিছলৈ মন্দিৰ আৰু পবিত্ৰ সেৱাকাৰ্য্যৰ নিযুক্তিভাৰ দিছিল। তেওঁলোকে ইস্ৰায়েল জাতিৰ মাজত শিক্ষক হিচাবে কাৰ্য্য কৰিছিল। এই দায়িত্বভাৰক সম্পন্ন কৰাৰ অৰ্থ আছিল তেওঁলোক আৰু সমূদায় জাতিৰ বাবে জীৱন ৰক্ষা আৰু শান্তি বিৰাজ হোৱা। (গণনা পুস্তক ৩:৫-৮) কিন্তু সময় অতিক্ৰম কৰাৰ লগে লগে যিহোৱাৰ প্ৰতি ৰখা তেওঁলোকৰ প্ৰাথমিক ভয় লুপ্ত হৈছিল। সেয়েহে যিহোৱাই তেওঁলোকৰ উদ্দেশ্যে এইদৰে কৈছিল: “তোমালোক হলে, পথৰ পৰা এফলীয়া হৈ গলা, তোমালোকে ব্যৱস্থাত অনেকক উজুটি খুৱালা, বাহিনীবিলাকৰ যিহোৱাই কৈছে, তোমালোকে লেবীৰ নিয়মটি নষ্ট কৰিলা . . . তোমালোকে মোৰ পথ নাৰাখিলা।” (মলাখী ২:৮, ৯) তেওঁলোকে শিক্ষা প্ৰদান কৰাত বিফল আৰু বেয়া আৰ্হি ৰখাৰ বাবে ইস্ৰায়েলৰ বহুতে পথভ্ৰষ্ট হৈছিল। সেইবাবে যিহোৱাই তেওঁলোকৰ অহিতে ক্ৰোধীত হোৱাটো যুক্তিসঙ্গত আছিল।
ঈশ্বৰৰ স্তৰসমূহ বজাই ৰাখক
৮. ঈশ্বৰ স্তৰসমূহ পালন কৰাটো মানুহে কৰিব পৰাতকৈ অধিকনে? বৰ্ণনা কৰক।
৮ পুৰোহিতসকলে অসিদ্ধ হোৱাৰ বাবে ঈশ্বৰৰ স্তৰসমূহ বজাই ৰাখিব নোৱাৰিলেহেঁতেন আৰু তেওঁলোক দয়াৰ বাবে যোগ্য আছিল বুলি আমি বিবেচনা কৰা উচিত নহয়। প্ৰকৃততে মানৱে ঈশ্বৰৰ স্তৰসমূহ বজাই ৰাখিব পাৰে, কিয়নো যিহোৱাই তেওঁলোকে কৰিব পৰাতকৈ অধিক নিবিচাৰে। আনহাতে, কিছুমান পুৰোহিতে ঈশ্বৰৰ স্তৰসমূহ বজাই ৰখাত সফল হৈছিল আৰু পিছলৈ বিশেষকৈ তেওঁলোকৰ এজন ‘মহা-পুৰোহিতে’ অৰ্থাৎ যীচুৱে ঈশ্বৰৰ স্তৰসমূহ বজাই ৰাখিছিল। (ইব্ৰী ৩:১) সেইবাবে তেওঁৰ বিষয়ে যথাৰ্থভাৱে এইদৰে কোৱা হʼল: “তেওঁৰ মুখত সত্যৰ ব্যৱস্থা আছিল, আৰু তেওঁৰ ওঁঠত কোনো অন্যায় পোৱা নগৈছিল; তেওঁ শান্তিৰে আৰু সৰলতাৰে মোৰ লগত অহাযোৱা কৰিছিল, আৰু অনেকক কুপথৰ পৰা ঘূৰাইছিল।”—মলাখী ২:৬.
৯. আমাৰ সময়ত কোনসকলে একনিষ্ঠাৰে সত্য জ্ঞান বিতৰণ কৰিছে?
৯ তুলনাত্মকৰূপে আজিৰ পৰা কেইবা শতাব্দীৰ আগতে যীচুৰ স্বৰ্গীয় আশা থকা ভাইসকলে “ঈশ্বৰৰ পৰমগ্ৰাহ্য আত্মিক যজ্ঞ উৎসৰ্গ কৰিবলৈ, পবিত্ৰ পুৰোহিতসমূহ হবৰ অৰ্থে” সেৱা সম্পন্ন কৰিলে। (১ পিতৰ ২:৫) আনক বাইবেলৰ জ্ঞান প্ৰদান কৰিবলৈ তেওঁলোকে আগভাগ লৈছে। যেনেকৈ আপুনি তেওঁলোকে শিকোৱা সত্যতাক শিকিলে, তাৰ পৰা এইটো অভিজ্ঞতা হোৱা নাইনে যে সেই সত্যৰ ব্যৱস্থা তেওঁলোকৰ মুখৰ দ্বাৰা প্ৰমাণিত হʼল? তদুপৰি, তেওঁলোকে বহুতকে ধৰ্ম্মীয় বিভ্ৰান্তিৰ পৰা উভটি আহিবলৈ সহায় কৰিলে, বৰ্তমান সময়ত গোটেই বিশ্বত লাখ-লাখ লোকে বাইবেলৰ সত্য শিকিলে আৰু তেওঁলোকৰ অনন্ত জীৱনৰ আশা আছে। ইয়ে আন লাখ-লাখ লোকবিলাকক সত্যৰ ব্যৱস্থাৰ বিষয়ে শিকাবলৈ তেওঁলোকক বিশেষ অধিকাৰ প্ৰদান কৰিলে।—যোহন ১০:১৬; প্ৰকাশিত বাক্য ৭:৯.
সতৰ্ক হোৱাৰ কাৰণ
১০. সতৰ্ক হʼবলৈ আমাৰ ওচৰত কিয় কাৰণ আছে?
১০ আমাৰ ওচৰত সতৰ্কতা অৱলম্বন কৰাৰ কাৰণ আছে। আমি হয়তো মলাখী ২:১-৯ পদত দিয়া শিক্ষাসমূহক পাহৰি যাব পাৰোঁ। আমাৰ মুখৰ পৰা কোনো প্ৰকাৰৰ অধাৰ্ম্মিকতাৰ বিষয় প্ৰকাশ নকৰিবলৈ ব্যক্তিগতভাৱে সতৰ্কতা অৱলম্বন কৰিছোঁনে? উদাহৰণস্বৰূপে, আমাৰ পৰিয়ালৰ সদস্যই আমি কোৱা কথাৰ প্ৰতি বিশ্বাস কৰেনে? মণ্ডলীত থকা আমাৰ আধ্যাত্মিক ভাই-ভনীসকলে আমাক বিশ্বাস কৰেনে? জুতি লগাই কথা পতা হয়তো দেখাত উত্তম হʼব পাৰে, কিন্তু প্ৰকৃততে ই পথভ্ৰষ্ট কৰে। অথবা ইয়াৰ পিছত হয়তো কোনো স্বাৰ্থপৰ বা ব্যৱসায়ীক সম্বন্ধীয় বিষয় লুকাই থাকিব পাৰে। যিহোৱাই কি সেইবোৰক দৃষ্টি নকৰিবনে? যদি আমি তেনে বিষয়বোৰক অভ্যাসত পৰিণত হʼবলৈ দিওঁ, তেতিয়া আমাৰ স্তুত্তিৰূপী বলিদানসমূহ গ্ৰহণযোগ্য হʼবনে?
১১. বিশেষকৈ কোন ব্যক্তিসকলক সতৰ্কতা অৱলম্বন কৰা আৱশ্যক?
১১ আজিৰ সময়ত যিসকলে মণ্ডলীবোৰত শিক্ষক হিচাবে কাৰ্য্যভাৰ গ্ৰহণ কৰিছে তেওঁলোকৰ বাবে মলাখী ২:৭ পদটো সতৰ্কবাণীৰূপে প্ৰযোজ্য হয়। ইয়াত কোৱা হৈছে যে তেওঁলোকৰ ওঁঠে “জ্ঞান ৰক্ষা কৰে, আৰু তেওঁৰ মুখত লোকবিলাকে ব্যৱস্থা বিচাৰে।” তেনে শিক্ষকসকলে এক গম্ভীৰ দায়িত্ব বহন কৰে যাৰ বিষয়ে যাকোব ৩:১ পদত কৈছে যে তেওঁবিলাকৰ “ভাৰী সোধ-বিচাৰ হʼব।” তেওঁলোকে উৎসাহ আৰু হৃদয়েৰে দিয়া শিক্ষাবোৰ ঈশ্বৰৰ বাক্য আৰু যিহোৱাৰ সংগঠনে প্ৰস্তুত কৰা নিৰ্দ্দেশনাৰ ওপৰত আধাৰিত হোৱা উচিত। তেতিয়াহে আমি “অন্য লোককো শিকাবলৈ নিপুণ” হʼম। সেইবাবে তেওঁলোকক এইদৰে পৰামৰ্শ দিয়া হৈছে: “লাজৰ যোগ্য নোহোৱা কৰ্ম্মকাৰী, আৰু সত্যৰ বাক্য ঠিকৰূপে বিভাগ কৰাত নিপুণ লোক কৰি, ঈশ্বৰৰ আগত উপস্থিত কৰিবলৈ যত্ন কৰা।”—২ তীমথিয় ২:২, ১৫.
১২. যিসকলে শিক্ষা দিয়ে তেওঁলোকক কিহৰ প্ৰতি সতৰ্কতা অৱলম্বন কৰা আৱশ্যক?
১২ যদি সতৰ্কতা অৱলম্বন নকৰোঁ তেন্তে আমি হয়তো ঈশ্বৰৰ শিক্ষাৰ সৈতে ব্যক্তিগত অভিমত সংযোগ কৰিবলৈ প্ৰলোভিত হʼব পাৰোঁ। বিশেষকৈ যেতিয়া কোনো এজনে নিজৰ বুদ্ধিৰ ওপৰত ভাৰসা কৰি নিৰ্ণয় লয়, তেতিয়া তেওঁক যিহোৱাৰ সংগঠনে প্ৰস্তুত কৰা শিক্ষাৰ বিপৰীতে গৈ বিপদত পেলোৱাৰ আশঙ্কা থাকে। মলাখী ২ অধ্যায়ত কৈছে যে আমি কোনো এজনৰ ব্যক্তিগত জ্ঞান নহয় কিন্তু ঈশ্বৰৰ জ্ঞানৰ বাবে মণ্ডলীৰ শিক্ষকসকলৰ পৰা অপেক্ষা কৰা উচিত। কিয়নো ব্যক্তিগত জ্ঞানে মেৰবৰ্গ লোকৰ উজুটি খোৱাৰ কাৰণ হʼব পাৰে। এই বিষয়ে যীচুৱে এইদৰে কৈছিল: “যি কোনোৱে মোত বিশ্বাস কৰা এই সৰুবিলাকৰ মাজৰ এজনৰ বিঘিনি জন্মায়, তাতকৈ, তেওঁৰ ডিঙিত ডাঙৰ জাঁত আৰি, অগাধ সমুদ্ৰত তাক ডুবাই দিয়াই তালৈ ভাল।”—মথি ১৮:৬.
সত্যত নথকা ব্যক্তিক বিবাহ কৰা
১৩, ১৪. ভৱিষ্যতবক্তা মলাখীয়ে কেনে এটা বিশ্বাস-ঘাতক কাৰ্য্যৰ বিষয়ে দাঙি ধৰিছিল?
১৩ মলাখী ২ অধ্যায়ৰ ১০ পদৰ আগলৈ অধিক পোন- পটীয়াকৈ বিশ্বাস-ঘাতকতাৰ বিষয়ে দাঙি ধৰিছে। ভৱিষ্যতবক্তা মলাখীয়ে এনে দুটা বিষয়ে ধ্যান আৰ্কষিত কৰে যাৰ বাবে তেওঁ বাৰে বাৰে “বিশ্বাস-ঘাতকতা” বুলি উল্লেখ কৰিছিল। প্ৰথমটোত মলাখীয়ে এই প্ৰশ্নটো দাঙি পৰামৰ্শ আগবঢ়াইছিল: “আমাৰ সকলোৰে পিতৃ এজনা নহয় নে? এজনা ঈশ্বৰেই আমাক স্ৰজন কৰা নাই নে? তেন্তে আমাৰ পৈতৃক নিয়মটি অপবিত্ৰ কৰি কিয় আমি প্ৰতিজনে নিজ নিজ ভাইলৈ বিশ্বাস-ঘাতকতা কৰোঁ?” তাৰ পিছত ১১ পদত যিহূদীসকলে বিশ্বাস-ঘাতকতাৰে কাৰ্য্য কৰি “যিহোৱাৰ প্ৰিয় ধৰ্ম্মধাম অপবিত্ৰ” কৰাৰ বিষয়ে কৈছে। তেওঁলোকে এনে কি গম্ভীৰ কাৰ্য্য কৰিছিল? সেই পদত যিহূদীসকলে অভ্যাস কৰা এটা ভুল কাৰ্য্যৰ সম্বন্ধে এইদৰে কৈছে: ‘তেওঁলোকে বিজাতীয় দেৱতাৰ জীয়াৰীক বিয়া কৰিলে।’
১৪ আন অৰ্থত কʼবলৈ গলে, সমৰ্পিত থকা কিছুমান ইস্ৰায়েলৰ লোকে যিহোৱাক উপাসনা নকৰা ছোৱালীৰ সৈতে বিয়া পাতিছিল। এই পৰিস্থিতিয়ে আমাক সেইটো কিয় এক গভীৰ বিষয় আছিল তাক বুজিবলৈ সহায় কৰে। ১০ পদত তেওঁলোকৰ এজনেই পিতৃ থকা বুলি উল্লেখ কৰিছে। ইয়াৰ অৰ্থ এইটো নহয় যে যাকোব (যাক পিছলৈ ইস্ৰায়েল কোৱা হৈছিল), অব্ৰাহাম বা আদাম তেওঁলোকৰ পিতৃ আছিল। মলাখী ১:৬ পদত কৈছে যে যিহোৱাই তেওঁলোকৰ “এজনা পিতৃ” আছিল। যিহেতু তেওঁলোকৰ পূৰ্ব্ব-পুৰুষসকলৰ সৈতে যিহোৱাই নিয়ম স্থাপন কৰাৰ বাবে ইস্ৰায়েল জাতিৰ ঈশ্বৰৰ সৈতে সম্বন্ধ আছিল। ব্যৱস্থাৰ ভিতৰত থকা এটা নিয়ম এইদৰে দিয়া হৈছিল: “সিহঁতেৰে সৈতে বিবাহৰ সম্বন্ধ নকৰিবা; তুমি তাৰ পুতেকলৈ নিজৰ জীয়াৰী নিদিবা, আৰু নিজ পুতেৰালৈ তাৰ জীয়াৰী নানিবা।”—দ্বিতীয় বিবৰণ ৭:৩.
১৫. (ক) সত্যত নথকা জনাক বিয়া কৰাৰ সম্বন্ধে কিছুমানে কেনেকৈ যুক্তি দাঙি ধৰিব পাৰে? (খ) বিয়াৰ সম্বন্ধে থকা তেওঁৰ দৃষ্টিভঙ্গীক যিহোৱাই স্বয়ং কেনেকৈ প্ৰকাশ কৰিছে?
১৫ আজিৰ সময়ত হয়তো কিছুমানে যুক্তি দাঙি কʼব পাৰে: ‘তেওঁ বা তাইৰ ব্যক্তিত্ব অতি উত্তম হোৱাৰ বাবে মই সেই ব্যক্তিজনৰ প্ৰতি আৰ্কষিত হৈছোঁ। সময় অতিক্ৰম কৰাৰ লগে লগে তেওঁ (বা তাই) সত্য উপাসনা গ্ৰহণ কৰিব।’ তেনে ধৰণৰ ভাবধাৰাই অনুপ্ৰেৰিত কৰা এই সতৰ্কবাণীক সোঁৱৰাই দিয়ে: “মন সকলোতকৈ কপটময়, আৰু তাৰ ৰোগ সুস্থ কৰিব নোৱাৰি।” (যিৰিমিয়া ১৭:৯) যিহোৱাই তেওঁক উপাসনা নকৰা ব্যক্তিক বিয়া কৰোঁতাজনৰ প্ৰতি কেনে দৃষ্টি ৰাখে তাৰ বিষয়ে মলাখী ২:১২ পদত এইদৰে কৈছে: ‘যি মানুহে এনে কাৰ্য্য কৰে যিহোৱাই তেওঁক উচ্ছন্ন কৰিব।’ সেইবাবে সত্য খ্ৰীষ্টানসকলক “কেৱল প্ৰভুত” বিশ্বাস কৰা জনাৰ সৈতে বিয়া পাতিবলৈ পৰামৰ্শ দিছে। (১ কৰিন্থীয়া ৭:৩৯) খ্ৰীষ্টৰ নিয়ম অনুসাৰে এজন ব্যক্তিয়ে সত্যত নথকা ব্যক্তিক বিয়া কৰোৱাৰ বাবে তেওঁক “উচ্ছন্ন” কৰা নহয়। কিন্তু যদি তেওঁ বা তাই সত্যক গ্ৰহণ নকৰে, অতি শ্ৰীঘ্ৰেই আহিবলগীয়া এই ব্যৱস্থাৰ ধ্বংসত সেই সত্যত নথকা ব্যক্তিজনলৈ কি ঘটিব?—গীতমালা ৩৭:৩৭, ৩৮.
বিবাহ সঙ্গীৰ সৈতে দুৰ্ব্যৱহাৰ কৰা
১৬, ১৭. কিছুমানে কেনে বিশ্বাস-ঘাতকতাৰ কাৰ্য্য কৰিছিল?
১৬ তাৰ পিছত ভৱিষ্যতবক্তা মলাখীয়ে বিশ্বাস-ঘাতকতাৰ দ্বিতীয়টো কাৰণ দাঙি ধৰিছিল, সেইয়া হৈছে: বিশেষকৈ কোনো কাৰণ নোহোৱাকৈ বিবাহ-বিচ্ছেদ কৰি বিবাহ সঙ্গীৰ সৈতে দুৰ্ব্যৱহাৰ কৰা। সেই ২ অধ্যায়ৰ ১৪ পদত এইদৰে বৰ্ণনা কৰিছে: “তোমাৰ সঙ্গিনী, তোমাৰ বিবাহবন্ধনৰ ভাৰ্য্যা হোৱাতো যি তিৰোতালৈ তুমি বিশ্বাস-ঘাতকতা কৰিলা, তোমাৰ যৌৱনকালৰ সেই ভাৰ্য্যা আৰু তোমাৰ মাজত যিহোৱা সাক্ষী আছে।” যিহূদী পুৰুষসকলে নিজ ভাৰ্য্যাবিলাকৰ সৈতে বিশ্বাস-ঘাতক কৰাৰ বাবে যিহোৱাৰ যজ্ঞবেদী ‘চকুলোৰে ভৰি’ পৰিছিল। (মলাখী ২:১৩) সেই পুৰুষসকলে যিহোৱাক উপাসনা নকৰা মুৰ্ত্তিপূজা কৰা কম বয়সীয়া তিৰোতাৰ সৈতে বিয়া পতাৰ উদ্দেশ্যেৰে নিজৰ যৌৱন কালৰ ভাৰ্য্যাক বিনা কাৰণে ত্যাগ দিছিল। তেওঁলোকৰ তেনে কাৰ্য্যক ভ্ৰষ্ট পুৰোহিতসকলেও সমৰ্থন কৰিছিল! এই সন্দৰ্ভত মলাখী ২:১৬ পদত কৈছে: “ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই কৈছে, মই ভাৰ্য্যা-ত্যাগ ঘিণ কৰোঁ।” পিছলৈ যীচুৱে কৈছিল যে কেৱল অনৈতিকতাৰ ক্ষেত্ৰতে বিবাহ-বিচ্ছেদ আৰু নিৰ্দ্দোষী সঙ্গীয়ে পুনৰাই বিবাহ কৰিবলৈ স্বাধীন হʼব পাৰে।—মথি ১৯:৯.
১৭ ভৱিষ্যতবক্তা মলাখীৰ বাক্যসমূহক মনোযোগেৰে বিবেচনা কৰাৰ দ্বাৰা আমাৰ হৃদয় আৰু অনুভূতি দয়াৰে পূৰ্ণ হয়। যিহোৱাই সেই নিৰ্দ্দোষী তিৰোতাসকলক “তোমাৰ সঙ্গিনী, তোমাৰ বিবাহবন্ধনৰ ভাৰ্য্যা” বুলি উল্লেখ কৰিছে। প্ৰত্যেক ইস্ৰায়েলৰ পুৰুষে একেই উপাসনা কৰা তিৰোতাক নিজৰ অতি মৰমীয়াল জীৱন সঙ্গিনীৰূপে বাছি লৈ বিয়া কৰিছিল। সম্ভৱতঃ তেওঁ বা তাইৰ বিবাহ যৌৱন অৱস্থাতে সম্পন্ন হৈছিল। কিন্তু সময় অতিক্ৰম আৰু বয়স বৃদ্ধি হোৱাত সেই বিবাহবন্ধন ব্যৱস্থাক অকাৰ্য্যকৰ কৰিব নালাগিছিল।
১৮. বিশ্বাস-ঘাতকতাৰ সম্বন্ধে দিয়া ভৱিষ্যতবক্তা মলাখীৰ পৰামৰ্শ আজিৰ সময়ৰ বাবে কেনেকৈ প্ৰযোজ্য হয়?
১৮ ঠিক তেনেদৰে আমাৰ সময়তো বিবাহ সম্বন্ধে দিয়া পৰামৰ্শটো ব্যৱহাৰিক। এইটো অতি দুখৰ বিষয় যে কিছুমানে কেৱল প্ৰভুত বিয়া কৰোৱা এই ঈশ্বৰৰীয় নিৰ্দ্দেশনাক উলংঘন কৰে। তদুপৰি, দুখৰ বিষয় এই যে কিছুমানে নিজৰ বিবাহ-বন্ধনক শক্তিশালী কৰি তুলাত বিফল হয়। তাৰ পৰিৱৰ্তে তেওঁলোকে অজুহাত দেখুৱাই আৰু আনৰ সৈতে বিবাহ কৰাৰ উদ্দেশ্যেৰে অশাস্ত্ৰীয়ৰূপে বিবাহ-বিচ্ছেদ কৰে। তেনে পদক্ষেপ লৈ তেওঁলোকে “যিহোৱাক দিগ” দিছিল। ভৱিষ্যতবক্তা মলাখীৰ সময়ত যিসকলে ঈশ্বৰীয় পৰামৰ্শক আওকাণ কৰিছিল আৰু তেওঁলোকে যিহোৱাৰ দৃষ্টিভঙ্গীক যুক্তিসঙ্গত নহয় বুলি কবলৈ ভয় কৰা নাছিল। ফলস্বৰূপে, তেওঁলোকে এইদৰে কৈছিল: “ন্যায় বিচাৰৰ ঈশ্বৰ কʼতা?” তেওঁলোকে কেনে অনুচিত ভাবধাৰা বিকাশিত কৰিছিল! আঁহক আমি তেনে ফান্দত নপৰোঁহঁক।—মলাখী ২:১৭.
১৯. স্বামী আৰু ভাৰ্য্যাসকলে কেনেকৈ ঈশ্বৰৰ পবিত্ৰ আত্মা লাভ কৰিব পাৰে?
১৯ ইয়াৰ বিপৰীতে সঠিক মন্তব্য দি ভৱিষ্যতবক্তা মলাখীয়ে কৈছিল যে কিছুমান পুৰুষে নিজ ভাৰ্য্যাৰ সৈতে বিশ্বাস-ঘাতকতাৰে আচৰণ কৰা নাছিল। তেওঁলোকে ‘ঈশ্বৰৰ পবিত্ৰ আত্মাৰ বিষয়ে সাৱধান আছিল।’ (১৫ অধ্যায়) আনন্দৰ বিষয় এই যে আজিৰ সময়ত ঈশ্বৰৰ সংগঠনত এনেবোৰ ব্যক্তিৰে ভৰি আছে যিসকলে ‘নিজৰ ভাৰ্য্যাবিলাকক সমাদৰ কৰে।’ (১ পিতৰ ৩:৭) তেওঁলোকে নিজৰ ভাৰ্য্যাক শাৰীৰিক বা মৌখিকৰূপে দুৰ্ব্যৱহাৰ নকৰে, তেওঁলোকে যৌন সম্বন্ধীয় বিষয়টো নিজৰ ভাৰ্য্যাক অসন্মান নকৰে আৰু আন আন স্ত্ৰীৰ সৈতে ৰঙ্গীয়াল হৈ বা তেওঁলোকে কোনো কামোত্তেজক সাহিত্য অথবা ছবি চাই নিজৰ ভাৰ্য্যাক অপমান নকৰে। তদুপৰি, এই সংগঠনত তেনে বহুতো বিশ্বাসী পত্নী আছে যিসকলে একনিষ্ঠাৰে ঈশ্বৰৰ ব্যৱস্থাসমূহক পালন কৰিছে। সেই সকলো পুৰুষ আৰু স্ত্ৰীয়ে জানে যে ঈশ্বৰে কি ঘিণ কৰে আৰু তেওঁলোকে ঈশ্বৰৰ ইচ্ছাৰ অনুসাৰে বিবেচনা কৰি কাৰ্য্য কৰে। আমি তেওঁলোকৰ দৰে একেৰাহে চলি ‘শাসক হিচাপে ঈশ্বৰৰ আজ্ঞা মানি’ তেওঁৰ পবিত্ৰ আত্মাৰ দ্বাৰা আশীৰ্ব্বাদ লাভ কৰিম।—পাঁচনিৰ কৰ্ম্ম ৫:২৯.
২০. সমূদায় মানৱজাতিৰ বাবে কেনে এক সময় কাষ চাপি আহিছে?
২০ অতি শীঘ্ৰেই যিহোৱাই এই জগতখনৰ ন্যায় বিচাৰ কৰিব। সেই সময়ত প্ৰত্যেকজনে কৰা নিজৰ বিশ্বাস আৰু কাৰ্য্যবোৰৰ বাবে তেওঁৰ আগত কৈফিয়ৎ দিব লাগিব। কিয়নো “আমাৰ প্ৰতিজনে ঈশ্বৰৰ আগত নিজৰ বিষয়ে হিচাব দিব।” (ৰোমীয়া ১৪:১২) এই ক্ষেত্ৰত বিবেচনা কৰিবলগীয়া এক গুৰুত্বপূৰ্ণ প্ৰশ্ন উদয় হয়। সেইটো হৈছে: যিহোৱাৰ দিনত কোনে ৰক্ষা পাব? এই শৃঙ্খলাত থকা তৃতীয় আৰু শেষ লেখটো সেই প্ৰশ্নটোৰ ওপৰত আলোচনা কৰা হʼব। (w02 5/1)
আপুনি বৰ্ণনা কৰিব পাৰিবনে?
• যিহোৱাই কেনে মুখ্য কাৰণৰ বাবে ইস্ৰায়েলৰ পুৰোহিতসকলক গৰিহণা দিছিল?
• মানুহৰ বাবে যিহোৱাৰ স্তৰসমূহ পালন কৰাটো কিয় অতি কঠিন নহয়?
• আমি শিক্ষা দিয়াৰ প্ৰতি কিয় সাৱধান হোৱা উচিত?
• যিহোৱাই বিশেষকৈ কেনে দুই ধৰণৰ অভ্যাসক নিন্দা কৰে?
[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]
[১৩ পৃষ্ঠাৰ ছবি]
ভৱিষ্যতবক্তা মলাখীৰ সময়ত পুৰোহিতসকলক যিহোৱাৰ ব্যৱস্থাৰ বিৰোদ্ধে কাৰ্য্য কৰাৰ বাবে গৰিহণা দিয়া হৈছিল
[১৬ পৃষ্ঠাৰ ছবিসমূহ]
মূৰ্ত্তিপূজা কৰোঁতাসকলৰ সৈতে বিয়া কৰাৰ উদ্দেশ্যেৰে কিছুমান ইস্ৰায়েল ব্যক্তিয়ে নিজৰ ভাৰ্য্যাক কোনো যুক্তিসঙ্গত কাৰণ নথকাকৈ বিবাহ-বিচ্ছেদ কৰা কাৰ্য্যক যিহোৱাই ঘৃণা কৰিছিল
[১৬ পৃষ্ঠাৰ ছবি]
বৰ্তমান সময়ৰ সত্য খ্ৰীষ্টানসকলে বিবাহ-বন্ধনৰ ব্যৱস্থাক সন্মান কৰে