Skip to content

Skip to table of contents

যিহোৱাৰ আৱশ্যকতাসমূহক পূৰণ কৰাৰ অৰ্থই হৈছে তেওঁক গৌৰৱান্বিত কৰা

যিহোৱাৰ আৱশ্যকতাসমূহক পূৰণ কৰাৰ অৰ্থই হৈছে তেওঁক গৌৰৱান্বিত কৰা

যিহোৱাৰ আৱশ্যকতাসমূহক পূৰণ কৰাৰ অৰ্থই হৈছে তেওঁক গৌৰৱান্বিত কৰা

“মই . . . ধন্যবাদেৰে তেওঁক গৌৰৱান্বিত কৰিম।”—গীতমালা ৬৯:৩০.

১. (ক) যিহোৱাই কিয় মহিমা পোৱাৰ যোগ্য? (খ) আমি কেনেকৈ ধন্যবাদৰ দ্বাৰা তেওঁক মহিমান্বিত কৰিব পাৰোঁ?

 যিহোৱা হৈছে বিশ্বৰ সাৰ্ব্বভৌম, সৃষ্টিকৰ্ত্তা আৰু সৰ্ব্বশক্তিমান ঈশ্বৰ। সেইকাৰণে তেওঁৰ নাম আৰু উদ্দেশ্য হৈছে অৰ্থপূৰ্ণ। যিহোৱাক গৌৰৱান্বিত কৰাৰ অৰ্থ হৈছে বাক্য আৰু কাৰ্য্যৰ দ্বাৰা তেওঁক সকলোতকৈ উচ্চ স্থান দিয়া আৰু স্তুতি কৰা। “ধন্যবাদেৰে” তেনে কৰিবলৈ হʼলে তেওঁ আমালৈ এতিয়া যি কৰিছে আৰু ভৱিষ্যতলৈ যি কৰিব তাৰ প্ৰতি আমি সদায়েই ধন্যবাদ জনোৱা আৱশ্যক। প্ৰকাশিত বাক্য ৪:১১ পদত উল্লেখ কৰা অনুসাৰে আমি সঠিক মনোবৃত্তি দেখুৱা উচিত। সেই পদত স্বৰ্গত থকা বিশ্বাসী আত্মিক প্ৰাণীসকলে এইদৰে বিদিত কৰিছে: “হে আমাৰ প্ৰভু ঈশ্বৰ, তুমিয়েই প্ৰশংসা, সমাদৰ আৰু পৰাক্ৰম পোৱাৰ যোগ্য; কিয়নো তুমিয়েই সকলেকে স্ৰজিলা; তোমাৰ ইচ্ছাৰ কাৰণেই সেই সকলো হল; সকলো সৃষ্ট হল।” আমি কেনেকৈ যিহোৱাক মহিমান্বিত কৰিব পাৰোঁ? তেওঁৰ বিষয়ে শিকি আৰু সেই অনুসাৰে চলাৰ দ্বাৰা। আমিও গীতমালা ৰচোঁতাজনৰ দৰে অনুভৱ কৰা উচিত, যʼত তেওঁ এইদৰে কৈছিল: “তোমাৰ ইষ্ট কৰ্ম্ম সিদ্ধ কৰিবলৈ মোক শিক্ষা দিয়া, কিয়নো তুমিয়েই মোৰ ঈশ্বৰ।”—গীতমালা ১৪৩:১০.

২. যিহোৱাই তেওঁক গৌৰৱান্বিত কৰোঁতা আৰু নকৰোঁতাসকলৰ প্ৰতি কেনে ব্যৱহাৰ কৰে?

যিহোৱাই তেওঁৰ মহিমান্বিত কৰাসকলক মূল্যাঙ্কণ কৰে। সেইবাবে যিহোৱাক, “তেওঁক বিচৰা লোকৰ পুৰষ্কাৰ দিওঁতা” বুলি কোৱা হৈছে। (ইব্ৰী ১১:৬) তেওঁ কেনে পুৰষ্কাৰ দিয়ে? এই সম্বন্ধে যীচুৱে তেওঁৰ স্বৰ্গীয় পিতৃলৈ কৰা প্ৰাৰ্থনাত এইদৰে কৈছিল: “একমাত্ৰ সত্য ঈশ্বৰ যি তুমি, তোমাক আৰু তুমি পঠোৱা যীচু খ্ৰীষ্টক জনা, এয়েই অনন্ত জীৱন।” (যোহন ১৭:৩) সঁচাকৈ যিসকলে “ধন্যবাদেৰে তেওঁক গৌৰৱান্বিত কৰে” তেওঁলোকে “পৃথিবীৰ অধিকাৰী হʼব আৰু তাত সৰ্ব্বতিকাললৈকে বাস কৰিব।” (গীতমালা ৩৭:২৯) আনহাতে বাইবেলে কৈছে যে, “দুষ্ট লোকে পুৰষ্কাৰ নাপাব।” (হিতোপদেশ ২৪:২০) এই শেষ কালত তেওঁক গৌৰৱান্বিত কৰাটো এইবাবে গুৰুত্বপূৰ্ণ হৈছে, কিয়নো অতি শীঘ্ৰেই তেওঁ দুষ্টক ধ্বংস কৰি ধাৰ্মিকসকলক উদ্ধাৰ কৰিব। এই বিষয়ে বাইবেলে কৈছে যে, “জগত আৰু তাৰ আভিলাষ গুচি যাব লাগিছে; কিন্তু যি জনে ঈশ্বৰৰ ইচ্ছা পালন কৰে, তেওঁ চিৰকাললৈকে থাকে।”—১ যোহন ২:১৭; হিতোপদেশ ২:২১, ২২.

৩. ভৱিষ্যতবক্তা মলাখীয়ে লিখা কিতাপখনৰ প্ৰতি আমি কিয় মনোযোগ দিয়া উচিত?

“গোটেই শাস্ত্ৰ ঈশ্বৰ-নিশ্বাসিত” হোৱাৰ বাবে বাইবেলত যিহোৱাৰ ইচ্ছা কি তাক পঢ়িবলৈ পোৱা যায়। (২ তীমথিয় ৩:১৬) বাইবেলত এনে বহুতো লোকৰ বৃত্তান্তক উদ্ধৃত কৰা হৈছে, যিসকলে ঈশ্বৰক গৌৰৱান্বিত কৰি আশীৰ্ব্বাদ আৰু গৌৰৱান্বিত নকৰোঁতাসকলে অভিশপ্ত হৈছিল। তাৰে এটা বিৱৰণীত ভৱিষ্যতবক্তা মলাখীৰ দিনত ইস্ৰায়েলসকলৰ সৈতে কি ঘটিছিল সেই বিষয়ে উল্লেখ কৰা হৈছে। প্ৰায় সা.যু.পূ. ৪৪৩ চনত নহিমিয়াই যিহূদাত ৰাজত্ব কৰাৰ সময়ত ভৱিষ্যতবক্তা মলাখীয়ে তেওঁৰ নাম বহন কৰি এখন কিতাপ লিখে। সেই শক্তিশালী আৰু ৰোমাঞ্চকৰ কিতাপখনত “শেষ যুগৰ মানুহ যি আমি, আমাক চেতনা দিবলৈ লিখা হৈছে” বুলি ভালেমান সংবাদ আৰু ভৱিষ্যতবাণী দেখিবলৈ পোৱা যায়। (১ কৰিন্থীয়া ১০:১১) ভৱিষ্যতবক্তা মলাখীৰ ভৱিষ্যতবাণীত ধ্যান কেন্দ্ৰিত কৰাৰ দ্বাৰা আমি “যিহোৱাৰ সেই মহৎ আৰু ভয়ানক” দিনত এই দুষ্ট ৰীতি-ব্যৱস্থাক ধ্বংস কৰাৰ সময়ছোৱাত সাজু থাকিবলৈ সহায় লাভ কৰিম।—মলাখী ৪:৫.

৪. মলাখী ১ অধ্যায়ত কেনে ছটা বিষয়ে আমাৰ ধ্যান কেন্দ্ৰিত কৰিছে?

প্ৰায় ২,৪০০ বছৰ পূৰ্বেই লিখা এই কিতাপখনে এই ২১ শতাব্দীত আহিবলগীয়া যিহোৱাৰ সেই মহৎ আৰু ভয়ানক দিনৰ বাবে সাজু হৈ থাকিবলৈ আমাক কেনেকৈ সহায় কৰিব পাৰে? এই কিতাপখনৰ প্ৰথম অধ্যায়ত যিহোৱাৰ অনুমোদন আৰু অনন্ত জীৱন লাভ কৰিবলৈ ধন্যবাদেৰে তেওঁক গৌৰৱান্বিত কৰা সম্বন্ধে থকা অনন্তঃ ছটা মুখ্য বিষয়ে আমাৰ ধ্যান আকৰ্ষিত কৰিছে: (১) যিহোৱাই নিজৰ লোকসকলক প্ৰেম কৰে। (২) পবিত্ৰ বিষয়সমূহৰ প্ৰতি মূল্যাঙ্কণ দেখুৱা। (৩) সম্পূৰ্ণ হৃদয়েৰে যিহোৱাক সেৱা কৰাটো তেওঁ আমাৰ পৰা অপেক্ষা কৰে। (৪) সত্য উপাসনা লোভৰ দ্বাৰা নহয় কিন্তু নিস্বাৰ্থ প্ৰেমৰ দ্বাৰা পৰিচালিত হয়। (৫) ঈশ্বৰলৈ গ্ৰহণযোগ্য সেৱা আগবঢ়োৱাটো কোনো কষ্টকৰ কাৰ্য্য নহয়। (৬) প্ৰত্যেকজনে ঈশ্বৰৰ আগত লেখা দিব লাগিব। গতিকে আঁহক আমি মলাখী কিতাপখনৰ ওপৰত আধাৰিত থকা প্ৰথম তিনিটা লেখৰ পৰা মলাখী ১ অধ্যায়ত উল্লেখ কৰা প্ৰত্যেকটো বিষয়ক অতি মনোযোগেৰে বিবেচনা কৰোঁহঁক।

যিহোৱাই নিজৰ লোকসকলক প্ৰেম কৰে

৫, ৬. (ক) যিহোৱাই কিয় যাকোবক প্ৰেম কৰিছিল? (খ) যদি আমি যাকোবৰ দৰে বিশ্বাসী হওঁ, তেনেহʼলে কিহৰ অপেক্ষা কৰিব পাৰোঁ?

যিহোৱাৰ প্ৰেমৰ বিষয়ে মলাখী কিতপখনৰ আৰম্ভণিতে থকা পদবোৰত স্পষ্টকৈ কোৱা হৈছে। কিতাপখন এইদৰে আৰম্ভ কৰা হৈছে: “মলাখীৰ দ্বাৰাই ইস্ৰায়েললৈ কোওৱা যিহোৱাৰ ভাৰবাক্য।” আগলৈ যিহোৱাই এইদৰে কৈছে: “মই তোমালোকক প্ৰেম কৰিলোঁ।” সেই একেই পদত উদ্ধৃত থকা উদাহৰণটোৰ বিষয়ে যিহোৱাই এইদৰে কৈছে: “মই যাকোবক প্ৰেম কৰিলোঁ।” যাকোব এনে এজন ব্যক্তি আছিল যিজনে যিহোৱাত সম্পূৰ্ণ বিশ্বাস ৰাখিছিল। সময় অতিবাহিত হোৱাৰ লগে লগে যিহোৱাই তেওঁৰ নাম সলনি কৰি ইস্ৰায়েল ৰাখিলে আৰু পিছলৈ তেওঁ ইস্ৰায়েল জাতিৰ আদি-পুৰুষ হৈছিল। এইটো এইবাবে হৈছিল, কিয়নো যাকোব এজন বিশ্বাসী ব্যক্তি আছিল আৰু যিহোৱাই তেওঁক প্ৰেম কৰিছিল। গতিকে যিসকলে যাকোবৰ দৰে মনোবৃত্তি প্ৰকাশ কৰিছিল তেওঁবিলাককো যিহোৱাই প্ৰেম কৰিছিল।—মলাখী ১:১, ২.

যদি আমি যিহোৱাক প্ৰেম কৰোঁ আৰু বিশ্বাসী হৈ তেওঁৰ লোকসকলৰ সৈতে চলোঁ, তেন্তে ১ চমূৱেল ১২:২২ পদত উল্লেখ কৰা বাক্যশাৰীৰ পৰা শান্ত্বনা লভিব পাৰোঁ, যʼত এইদৰে কোৱা হৈছে: “যিহোৱাই নিজ মহান নামৰ গুণে নিজ প্ৰজাবিলাকক ত্যাগ নকৰিব।” যিহেতু তেওঁ নিজৰ লোকসকলক প্ৰেম আৰু অনন্তকলীয়া জীৱনৰ সৈতে পুৰষ্কৃত কৰে, সেই সম্বন্ধে আমি এইদৰে পঢ়িবলৈ পাওঁ: “যিহোৱাত ভাৰসা ৰাখা, আৰু সুকৰ্ম্ম কৰা; দেশত বাস কৰা, আৰু বিশ্বস্ততাৰূপ পথাৰত চৰা। যিহোৱাত হৰ্ষ কৰা; তাতে তেওঁ তোমাৰ মনৰ বাঞ্ছা পূৰ কৰিব।” (গীতমালা ৩৭:৩, ৪) যিহোৱাক প্ৰেম কৰাত মলাখী ১ অধ্যায়ত উল্লেখ কৰা দ্বিতীয় বিষয়টোও জড়িত হৈ আছে।

পবিত্ৰ বিষয়সমূহৰ প্ৰতি মূল্যাঙ্কণ দেখুৱা

৭. যিহোৱাই কিয় এচৌক ঘৃণা কৰিছিল?

মলাখী ১:২, ৩ পদত যিহোৱাই এইদৰে কৈছে, যে, “মই যাকোবক প্ৰেম কৰিলোঁ . . . মই এচৌক ঘিণ কৰিলোঁ।” কিয় তেনে ভিন্নতা দেখিবলৈ পোৱা যায়? কিয়নো যাকোবে নিজ কাৰ্য্যৰ দ্বাৰা যিহোৱাক গৌৰৱান্বিত আৰু আনহাতে তেওঁৰ যঁজা ভায়েক এচৌৱে অনাদৰ কৰিছিল। এচৌক ইদোম নামেৰেও জনা গৈছিল। মলাখী ১:৪ পদত ইদোম নামৰ ঠাইডোখৰক দুষ্টলোক থকা এলেকা আৰু তাৰ বাসিন্দাসকল অতি ক্ৰোধীত কৰা জাতি স্বৰূপে প্ৰখ্যাত হৈছিল। এচৌক এইবাবে ইদোম (অৰ্থ হৈছে, “ৰঙা”) বুলি কোৱা হৈছিল, কিয়নো মচুৰ অৰ্থাৎ ৰঙা দাইলৰ আঞ্জা পোৱাৰ হেঁপাহেৰে নিজৰ জ্যেষ্ঠাধিকাৰ যাকোবৰ হাতত বেচিলে। এই সন্দৰ্ভে আদিপুস্তক ২৫:৩৪ পদত কৈছে: “এচৌৱে সেই জ্যেষ্ঠাধিকাৰ হেয়জ্ঞান কৰিলে।” পাঁচনি পৌলে সঙ্গী বিশ্বাসীসকলক উৎসাহিত কৰি এইদৰে কৈছিল যে, তেওঁলোকে যাতে “এসাঁজ আহাৰৰ নিমিত্তে নিজ জ্যেষ্ঠাধিকাৰ বেচা যি এচৌ, তেওঁৰ নিচিনা কোনো ধৰ্ম্ম-নিন্দক বা কোনো ব্যভিচাৰী হয়, তালৈ সাৱধানে চাবা।—ইব্ৰী ১২:১৪-১৬.

৮. কি কাৰণে এচৌয়ে কৰা কাৰ্য্যক পাঁচনি পৌলে ব্যভিচাৰৰ সৈতে তুলনা কৰিছিল?

এচৌৰ কাৰ্য্যক পাঁচনি পৌলে কিয় ব্যভিচাৰৰ সৈতে তুলনা কৰিছিল? কিয়নো যদি এজন ব্যক্তিয়ে এচৌৰ দৰে মনোবৃত্তি ৰাখে, তেন্তে ইয়ে তেওঁক পবিত্ৰ বিষয়সমূহৰ প্ৰতি অনাদৰ কৰিবলৈ প্ৰেৰিত কৰিব। ফলস্বৰূপে, ইয়ে ব্যভিচাৰ নিচিনা গম্ভীৰ পাপলৈ পৰিচালতি কৰিব পাৰে। সেয়েহে আমাৰ প্ৰত্যেকে নিজকে এইদৰে সোধা আৱশ্যক: ‘মই কেতিয়াবা খ্ৰীষ্টানৰ যি উত্তৰাধিকাৰ অৰ্থাৎ অনন্তকলীয়া জীৱনক এবাটি ৰঙা দাইল নিচিনা বস্তু পোৱাৰ আশাৰে হেয়জ্ঞান কৰিছোঁ নে? সম্ভৱ মই অজানিতে পবিত্ৰ বিষয়সমূহৰ প্ৰতি অনাদৰ কৰিছোঁ নে?’ যিহেতু এচৌৱে ধৈৰ্য্যহীন হৈ শাৰীৰিক তৃপ্তি হʼবলৈ ইচ্ছা কৰিছিল। তেওঁ ভাতৃ যাকোবক কৈছিল: “বিনয় কৰোঁ, সেয়া ৰঙা, সেইয়া ৰঙা বস্তুৰ কিছু মোক খাবলৈ দিয়া।” (আদিপুস্তক ২৫:৩০) দুখৰ বিষয় এই যে কিছুমান ঈশ্বৰৰ সেৱকেও এইদৰে কৈছিল: “আদৰণীয় বিবাহৰ বাবে কিয় অপেক্ষা কৰা উচিত?” তেওঁলোকে যি কোনো মূল্যত যৌন সন্তুষ্টি লাভ কৰিবলৈ হাবিয়াহ কৰি এচৌৱে ৰঙা দাইলৰ বাবে কৰা হেঁপাহৰ দৰে কৰিলে।

৯. যিহোৱাৰ প্ৰতি আমি কেনেকৈ ঈশ্বৰীয় ভয় বজাই ৰাখিব পাৰোঁ?

আমি কেতিয়াও সাধুতা, অখণ্ডতা আৰু আধ্যাত্মিক উত্তৰাধিকাৰক অনাদৰ কৰি পবিত্ৰ বিষয়সমূহক হেয়জ্ঞান নকৰোঁহঁক। আঁহক আমি এচৌৰ পৰিবৰ্ত্তে যাকোবৰ নিচিনা হৈ পবিত্ৰ বিষয়সমূহৰ প্ৰতি গভীৰ মূল্যাঙ্কণ দেখুৱাই ঈশ্বৰীয় ভয় বজাই ৰাখোঁহঁক। ইয়াক আমি কেনেকৈ কৰিব পাৰোঁ? ঈশ্বৰৰ আৱশ্যকতাসমূহক অতি সাৱধানেৰে পালন কৰাৰ দ্বাৰা। ইয়ে আমাক যুক্তিসন্মতভাৱে তৃতীয়টো বিষয়লৈ ধ্যান কেন্দ্ৰিত কৰাইছে, যাৰ বিষয়ে মলাখী ১ অধ্যায়ত বৰ্ণনা কৰিছে। সেই বিষয়টো কি?

সম্পূৰ্ণ হৃদয়েৰে যিহোৱাক সেৱা কৰা

১০. পুৰোহিতসকলে কি ধৰণে যিহোৱাৰ মেজ তুচ্ছ কৰিছিল?

১০ ভৱিষ্যতবক্তা মলাখীৰ দিনত যিৰূচালেম মন্দিৰত থকা যিহূদী পুৰোহিতসকলে যিহোৱাক সম্পূৰ্ণ হৃদয়েৰে বলিদান উৎসৰ্গ কৰা নাছিল। সেইবাবে মলাখী ১:৬-৮ পদত কৈছে: “পুত্ৰই পিতৃক, আৰু বন্দীয়ে প্ৰভুক সমাদৰ কৰে; পাছে যদি মই পিতৃ হওঁ, তেন্তে মোৰ সমাদৰ কʼতা? আৰু যদি মই প্ৰভু হওঁ, তেন্তে মোলৈ ভয় কʼতা? মোৰ নাম হেয়জ্ঞান কৰোঁতা হে পুৰোহিতবিলাক, তোমালোককেই বাহিনীবিলাকৰ যিহোৱাই এই কথা কৈছে।” তাতে পুৰোহিতবিলাকে এইদৰে সুধিছিল যে, “আমি কিহত তোমাৰ নাম হেয়জ্ঞান কৰিলোঁ?” যিহোৱাই উত্তৰ দি কৈছিল যে, “তোমালোকে মোৰ যজ্ঞ বেদিৰ ওপৰত অশুচি আহাৰ উৎসৰ্গ কৰিছা” পুৰোহিতবিলাকে কʼলে যে, “আমি কিহত তোমাক অশুচি কৰিলোঁ?” তাতে যিহোৱাই কʼলে যে, তোমালোকৰ তেনে কথাত “যিহোৱাৰ মেজ তুচ্ছ,” হʼল। সেই পুৰোহিতসকলে ৰুগীয়া পশু উৎসৰ্গ কৰি প্ৰত্যেকবাৰে যিহোৱাৰ মেজ তুচ্ছ কৰিছিল আৰু কৈছিল যে, “সেইটো বেয়া নহয়।”

১১. (ক) যিহোৱাই অশুচি বলিদানসমূহৰ বিষয়ে কি কৈছিল? (খ) সাধাৰণ লোকসকলে প্ৰকৃততে কি প্ৰকাৰে দায়ী আছিল?

১১ তেতিয়া যিহোৱাই তেনে অগ্ৰহণীয় বলিদানসমূহৰ প্ৰতি যুক্তি দৰ্শাই এইদৰে কৈছিল: “তোমাৰ দেশাধিপতিৰ আগত তাক উপহাৰস্বৰূপে দিয়াচোন; তেওঁ তোমালৈ প্ৰসন্ন হব নে? বা তোমাকে গ্ৰাহ্য কৰিব নে?” নিশ্চয় নকৰে, কিয়নো তেওঁলোকৰ শাসনকৰ্তাসকলে তেনে উপহাৰত সন্তুষ্টি নহয়। বিশ্বৰ সৰ্ব্বোপৰিজনাই তেনে উৎসৰ্গ কেতিয়াও গ্ৰহণ নকৰে! কেৱল পুৰোহিতসকলেই ইয়াৰ বাবে দায়ী নাছিল। এইটো সত্য যে তেওঁলোকে তেনে বলিদানসমূহ উৎসৰ্গ কৰি যিহোৱাক অপমান কৰিছিল। কিন্তু আন সাধাৰণ লোকবিলাকো ইয়াৰ বাবে দায়ী নাছিলনে? অৱশ্যেই আছিল! তেওঁলোকেই প্ৰকৃততে অন্ধ, খোৰা আৰু ৰুগীয়া পশু বাছি আনি পুৰোহিতসকলক বলিদান কৰিবলৈ দিছিল। কি যে এক পাপপূৰ্ণ কাৰ্য্য আছিল!

১২. আমাৰ সকলো শক্তি আৰু সামৰ্থ্যৰে যিহোৱাক উপাসনা কৰিবলৈ কেনে সহায় আগবঢ়োৱা হৈছে?

১২ আমাৰ সকলো শক্তি আৰু সামৰ্থ্যৰে যিহোৱাৰ উপাসনা কৰি প্ৰকাশ কৰিম যে আমি তেওঁক সঁচাকৈ প্ৰেম কৰোঁ। (মথি ২২:৩৭, ৩৮) ভৱিষ্যতবক্তা মলাখীৰ দিনত থকা পুৰোহিতসকলৰ বিপৰীতে আজি যিহোৱাৰ সংগঠনে আমাক অধিক শাস্ত্ৰীয় নিৰ্দ্দেশনাৰ সহায় আগবঢ়াইছে, যাতে আমি ধন্যবাদেৰে যিহোৱাক মহিমান্বিত কৰি তেওঁৰ আৱশ্যকতাসমূহ পূৰণ কৰোঁ। ইয়ে আমাক মলাখী ১ অধ্যায়ত দিয়া চতুৰ্থ বিষয়টোলৈ ধ্যান কেন্দ্ৰিত কৰে।

সত্য উপাসনা লোভৰ দ্বাৰা নহয় কিন্তু নিস্বাৰ্থ প্ৰেমৰ দ্বাৰা পৰিচালিত

১৩. পুৰোহিতসকলৰ কেনে কাৰ্য্যসমূহে তেওঁলোক লোভীয়া হোৱাৰ প্ৰমাণ দিছিল?

১৩ ভৱিষ্যতবক্তা মলাখীৰ দিনৰ পুৰোহিতসকল স্বাৰ্থপৰ, নিৰ্দ্দয় আৰু ধন লোভীয়া আছিল। ইয়াক আমি কেনেকৈ জানিব পাৰোঁ? কিয়নো মলাখী ১:১০ পদত কৈছে: “তোমালোকে মোৰ যজ্ঞ-বেদিৰ ওপৰত বৃথাই জুই নজ্বলাবৰ নিমিত্তে, দুৱাৰ বন্ধ কৰিবলৈ তোমালোকৰ মাজত এজন থকা হলে কেনে ভাল আছিল! বাহিনীবিলাকৰ যিহোৱাই কৈছে, মই তোমালোকত একো সন্তোষ নাপাওঁ; আৰু তোমালোকৰ হাতৰ পৰা মই কোনো বলি গ্ৰহণ নকৰো।” সঁচাকৈ সেই পুৰোহিতসকল ইমানেই লোভীয়া আছিল যে তেওঁলোকে মন্দিৰৰ দুৱাৰবোৰ বন্ধ কৰা আৰু যজ্ঞবেদীৰ ওপৰত জুইৰ যোগান ধৰা নিচিনা সৰু সৰু কাৰ্য্যৰ বাবেও ধন দাবী কৰিছিল। সেইবাবে তেওঁলোকে বলিদান কৰা যিকোনো উৎসৰ্গত যিহোৱাই অসন্তুষ্ট হৈছিল।

১৪. আমি কিয় কব পাৰোঁ যে যিহোৱাৰ সাক্ষীসকলে প্ৰেমৰ দ্বাৰা পৰিচালিত হয়?

১৪ প্ৰাচীন যিৰূচালেমত থকা সেই লোভী আৰু স্বাৰ্থপৰ পুৰোহিতসকলৰ পাপজনক মনোবৃত্তিয়ে আমাক সোঁৱৰাই দিয়ে যে লোভী ব্যক্তিসকলে ঈশ্বৰৰ ৰাজ্যত প্ৰৱেশ কৰিব নোৱাৰিব। (১ কৰিন্থীয়া ৬:৯, ১০) সেই পুৰোহিতসকলৰ তেনে স্বাৰ্থপৰতামূলক কাৰ্য্যৰ বিপৰীতে আমি যিহোৱাৰ সাক্ষীসকলে কৰা বিশ্বজুৰী প্ৰচাৰ কাৰ্য্যৰ প্ৰতি অধিক মূল্যাঙ্কণ কৰোঁ। এই কাৰ্য্য স্বইচ্ছাৰে কৰা হয় আৰু তাৰ বাবে আমি কোনো ধৰণৰ মূল্য গ্ৰহণ নকৰোঁ। তদুপৰি, “অধিক ভাগ মানুহৰ দৰে আমি ঈশ্বৰৰ বাক্যত ভাঁজ দিওঁতা নহওঁ।” (২ কৰিন্থীয়া ২:১৭) আমাৰ প্ৰত্যেকজনে সত্যবাদী হৈ পাঁচনি পৌলৰ দৰে এইদৰে কব পাৰোঁ: “আনন্দিত হৈ বিনামূল্যে ঈশ্বৰৰ শুভবাৰ্ত্তা তোমালোকৰ আগত প্ৰচাৰ কৰিলোঁ।” (২ কৰিন্থীয়া ১১:৭, NW) লক্ষ্য কৰক যে পাঁচনি পৌলে “আনন্দিত হৈ . . . শুভবাৰ্ত্তা প্ৰচাৰ কৰিছিল।” ইয়ে আমাক মলাখী ১ অধ্যায়ত থকা পঞ্চম বিষয়টোলৈ পৰিচালিত কৰে।

ঈশ্বৰলৈ গ্ৰহণযোগ্য সেৱা আগবঢ়োৱাটো কোনো কষ্টকৰ কাৰ্য্য নহয়

১৫, ১৬. (ক) বলিদান কৰাৰ প্ৰতি পুৰোহিতসকলে কেনে মনোবৃত্তি ৰাখিছিল? (খ) যিহোৱাৰ সাক্ষীসকলে কেনেকৈ তেওঁলোকৰ বলিদান উৎসৰ্গ কৰে?

১৫ প্ৰাচীন সময়ত যিৰূচালেমত থকা অবিশ্বাসী পুৰোহিতসকলে বলিদান কৰাটো কষ্টকৰ প্ৰথা বুলি জ্ঞান কৰিছিল। এই কাৰ্য্য তেওঁলোকৰ বাবে গধুৰ বোজা আছিল। এই সন্দৰ্ভত মলাখী ১:১৩ পদত ঈশ্বৰে এইদৰে কৈছিল: “তোমালোকে আৰু কৈছা, চোৱা, ই কেনে দিগ্‌দাৰী! তোমালোকে তাক হেয়জ্ঞান কৰিছা।” সেই পুৰোহিতবিলাকে ঈশ্বৰৰ পবিত্ৰ বস্তুক হেয়জ্ঞান কৰিছিল। এতেকে আঁহক আমি তেওঁলোকৰ দৰে নহʼবলৈ ব্যক্তিগতভাৱে ঈশ্বৰলৈ প্ৰাৰ্থনা কৰোঁহঁক। তদুপৰি, আমি ১ যোহন ৫:৩ পদত উল্লেখ কৰা মনোবৃত্তিক সদায়ে প্ৰকাশ কৰোঁহঁক, যʼত এইদৰে কোৱা হৈছে: “আমি যেন ঈশ্বৰৰ আজ্ঞাবোৰ পালন কৰোঁ, ঈশ্বৰে দিয়া প্ৰেমৰ অভিপ্ৰায় এয়েই; আৰু তেওঁৰ আজ্ঞাবোৰ ববলৈ গধুৰ নহয়।”

১৬ এতেকে আঁহক আমি কেতিয়াও আধ্যাত্মিক বলিদানসমূহক বোজা যেন অনুভৱ নকৰি আনন্দেৰে তাক ঈশ্বৰলৈ আগবঢ়াওঁহঁক। তদুপৰি, ভৱিষ্যতবাণীৰ বাক্যসমূহৰ প্ৰতি মনোযোগ দিয়া আৱশ্যক, যʼত এইদৰে কোৱা হৈছে: “[যিহোৱাক] এই কথা কোৱা, তুমি আটাই অপৰাধ দূৰ কৰা, যি উত্তম, তাক গ্ৰহণ কৰা; তাতে আমি আমাৰ ওঁঠ ভতৰাস্বৰূপে উৎসৰ্গ কৰিম।” (হোচেয়া ১৪:২) ইয়াত উল্লেখ কৰা “আমাৰ ওঁঠ ভতৰাস্বৰূপ” অভিব্যক্তিটো যিহোৱা আৰু তেওঁৰ উদ্দেশ্যক স্তুতি কৰি কোৱা বাক্যসমূহক বুজাইছে। ইব্ৰী ১৩:১৫ পদত বৰ্ণনা কৰি কৈছে: “আমি [যীচুৰ] দ্বাৰাই সদায় ঈশ্বৰৰ উদ্দেশে স্তৱৰূপ যজ্ঞ, অৰ্থাৎ তেওঁৰ নাম স্বীকাৰকাৰী ওঁঠৰ ফল উৎসৰ্গ কৰোঁহঁক।” আমাৰ আধ্যাত্মিক বলিদানসমূহ কেৱল প্ৰথা নহয়, কিন্তু ঈশ্বৰৰ প্ৰতি থকা আমাৰ হৃদয়ৰ সম্পূৰ্ণ প্ৰেমৰ প্ৰকাশ বুলি জানি আমি কিমান যে আনন্দিত! ইয়ে আমাক ষষ্ঠ বিষয়টোলৈ পৰিচালিত কৰে, যাৰ বিষয়ে মলাখী ১ অধ্যায়ত বৰ্ণনা কৰা হৈছে।

প্ৰত্যেকজনে ঈশ্বৰৰ আগত লেখা দিব লাগিব

১৭, ১৮. (ক) যিহোৱাই কিয় “ছলকাৰী” ব্যক্তিক অভিশাপ দিছিল? (খ) যিসকলে চতুৰাতাৰে আচৰণ কৰিছিল তেওঁলোকে কিহৰ বিষয়ে বিবেচনা কৰা নাছিল?

১৭ ভৱিষ্যতবক্তা মলাখীৰ দিনত লোকসকলে কৰা কাৰ্য্যৰ বাবে ব্যক্তিগতভাৱে তেওঁলোকৰ নিজৰ দায়িত্ব আছিল আৰু ঠিক সেইদৰে আমিও। (ৰোমীয়া ১৪:১২; গালাতীয়া ৬:৫) এই সন্দৰ্ভত মলাখী ১:১৪ পদ এইদৰে কোৱা হৈছে: “ছলকাৰীয়ে নিজৰ ভেড়াৰ জাকৰ মাজত মতা ভেড়া থাকিলেও, সঙ্কল্প কৰি প্ৰভুৰ উদ্দেশে এজনী ঘুণীয়া মাইকী পশু উৎসৰ্গ কৰে, সি অভিশপ্ত হওক।” উদাহৰণস্বৰূপে, যিজন ব্যক্তিৰ ওচৰত ভেড়াৰ জাক আছিল, সাধাৰণতে তেওঁৰ ওচৰত কেৱল এটা মতা ভেড়াই নাথাকে। তথাপিও তেওঁ কৈছিল যে কেৱল এটা মতা ভেড়া থকাৰ বাবে তেওঁৰ ওচৰত কোনো বিকল্প নাছিল। তদুপৰি, বাছনি কৰাৰ সময়ত তেওঁ অন্ধ, খোৰা বা ৰুগীয়া পশুক বলিদান কৰাৰ পৰিবৰ্তে আন এটি সুস্থ পশু বাছিব পাৰিলেহেঁতেন। যদি তেওঁ তেনে ৰুগীয়া পশুক বলিদানৰ বাবে দিবলৈ বাছনি কৰে, তেনেহʼলে ইয়ে প্ৰকাশ কৰে যে তেওঁ যিহোৱাৰ বলিদান ব্যৱস্থাক হেয়জ্ঞান কৰে। এজন ব্যক্তিয়ে নিজৰ জাকৰ মাজৰ পৰা নিশ্চয়ে এটা সুস্থ পশুক বলিদানৰ বাবে বাছি লʼব পাৰিলেহেঁতেন!

১৮ এজন ব্যক্তিয়ে নিজৰ এটা সুস্থ ভেড়া থকাৰ স্বত্ত্বেও ধূৰ্তালিৰে হয়তো অন্ধ, খুৰা বা ৰুগী জন্তুক বলেৰে পুৰোহিতৰ ওচৰলৈ বলিদান কৰিবলৈ অনাৰ বাবে যুক্তিসঙ্গতভাৱে যিহোৱাই তেনে ব্যক্তিক অভিশাপ দিছিল। আনকি অসুস্থ পশু যে ঈশ্বৰৰ ব্যৱস্থা অনুসাৰে বলিদানৰ বাবে গ্ৰহণযোগ্য নহয় তাক কোনো এজন পুৰোহিতে কোৱাটো উল্লেখ নাই। (লেবীয়া পুস্তক ২২:১৭-২০) লোকবিলাকে যথাৰ্থভাৱে জানিছিল যে তেনে জন্তুক শাসনকৰ্ত্তাসকললৈ উপহাৰস্বৰূপে দিলে তাৰ কেনে বেয়া পৰিণাম হʼব পাৰে। প্ৰকৃততে তেওঁলোকে এনে ব্যক্তিৰ সৈতে আচৰণ কৰিছিল, যিজন সেই পাৰ্থিৱ শাসনকৰ্ত্তাতকৈও মহান আৰু বিশ্বৰ সৰ্ব্বোপৰিজনা আছিল। এই বিষয়ে মলাখী ১:১৪ পদত এইদৰে বৰ্ণনা কৰিছে: “মই মহান ৰজা, আৰু মোৰ নাম পৰজাতিবিলাকৰ মাজত ভয়ানক।”

১৯. আমি কিহৰ বাবে অপেক্ষা কৰি আছোঁ আৰু কি কৰি থকা উচিত?

১৯ ঈশ্বৰৰ বিশ্বাসী সেৱক হোৱা হেতুকে আমি সেই দিনটোৰ বাবে অপেক্ষা কৰি আছোঁ, যেতিয়া সমূদায় মানৱজাতিয়ে মহান ৰজা যিহোৱাক গৌৰৱান্বিত কৰিব। সেই সময়ত “সমুদ্ৰ যেনেকৈ পানীৰে ঢকা, তেনেকৈ পৃথিবী যিহোৱা বিষয়ক জ্ঞানেৰে পৰিপূৰ্ণ হব।” (যিচয়া ১১:৯) সেই সময়লৈকে, আঁহক আমি গীতমালা ৰচোঁতাজনৰ দৰে ঈশ্বৰৰ আৱশ্যকতাসমূহক পালন কৰোঁহঁক, যাৰ বিষয়ে তেওঁ এইদৰে কৈছিল: “ধন্যবাদেৰে তেওঁক গৌৰৱান্বিত কৰিম।” (গীতমালা ৬৯:৩০) এই লক্ষ্যটোত উপনীত হʼবলৈ ভৱিষ্যতবক্তা মলাখীয়ে আগলৈ কোৱা পৰামৰ্শসমূহ অধিক লাভদায়ক হʼব। আঁহক আমি পৰৱৰ্তী লেখত দিয়া মলাখী কিতাপৰ আন ভাগসমূহক মনোযোগেৰে বিবেচনা কৰোঁহঁক। (w02 5/1)

আপোনাৰ মনত আছেনে?

• আমি কিয় যিহোৱাক গৌৰৱান্বিত কৰা উচিত?

• ভৱিষ্যতবক্তা মলাখীৰ সময়ত পুৰোহিতসকলে কৰা বলিদাসমূহ কিয় অগ্ৰাহ্য আছিল?

• আমি কেনেকৈ যিহোৱাক স্তুতিৰূপী বলিদান অৰ্পণ কৰোঁ?

• সত্য উপাসনা কৰিবলৈ কিহে প্ৰেৰিত কৰা আৱশ্যক?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[৯ পৃষ্ঠাৰ ছবি]

মলাখীৰ ভৱিষ্যতবাণীয়ে আমাৰ সময়লৈ নিৰ্দ্দেশিত কৰিছে