Skip to content

Skip to table of contents

যিহোৱাৰ দিনত কোনে ৰক্ষা পাব?

যিহোৱাৰ দিনত কোনে ৰক্ষা পাব?

যিহোৱাৰ দিনত কোনে ৰক্ষা পাব?

“সেই যি দিন আহিছে, সেয়ে তন্দুৰৰ নিচিনাকৈ জ্বলিব।”—মলাখী ৪:১.

১. ভৱিষ্যতবক্তা মলাখীয়ে এই দুষ্ট ৰীতি-ব্যৱস্থাৰ ধ্বংসৰ বিষয়ে কেনেদৰে বৰ্ণনা কৰিছে?

 ভৱিষ্যতে হʼবলগীয়া ভয়ানক অৱস্থাৰ বিষয়ে ভৱিষ্যতবক্তা মলাখীয়ে লিপিবদ্ধ কৰিবলৈ ঈশ্বৰৰ দ্বাৰা প্ৰেৰিত হৈছিল। এই ঘটনাই পৃথিৱীত থকা প্ৰত্যেকজন ব্যক্তিক প্ৰভাৱিত কৰিব। মলাখী ৪:১ পদত এইদৰে ভৱিষ্যতবাণী কৰা হৈছিল: “চোৱা, সেই যি দিন আহিছে, সেয়ে তন্দুৰৰ নিচিনাকৈ জ্বলিব, আৰু আটাই গৰ্ব্বী ও দুৰাচাৰী লোকবিলাক নৰাৰ নিচিনা হব; বাহিনীবিলাকৰ যিহোৱাই কৈছে, সেই যি দিন আহিছে, সেয়ে সিহঁতৰ শিপা কি ডাল একো অৱশিষ্ট নথকাকৈ সিহঁতক পুৰি পেলাব।” এই দুষ্ট ৰীতি-ব্যৱস্থাৰ ধ্বংস কিমান পৰ্য্যন্তলৈকে হʼব? এই ধ্বংস এজোপা গছক শিপাৰে সৈতে উঘালি ধ্বংস কৰাৰ দৰে হʼব, যি কেতিয়াও আৰু পোখা নেমেলিব।

২. বিশেষ কিছুমান শাস্ত্ৰীয় পদে যিহোৱাৰ দিনৰ বিষয়ে কেনেকৈ বৰ্ণনা কৰিছে?

আপুনি চাগৈ সুধিব পাৰে, ‘ভৱিষ্যতবক্তা মলাখীয়ে কোনটো “দিনৰ” বিষয়ে ভৱিষ্যতবাণী কৰিছিল?’ তেওঁ সেই একে দিনৰ বিষয়ে উল্লেখ কৰিছিল, যাৰ বিষয়ে যিচয়া ১৩:৯ পদত এইদৰে কোৱা হৈছে: “চোৱা, দেশ উচ্ছন্ন কৰিবলৈ, আৰু তাৰ পৰা তাৰ পাপীবোৰক বিনষ্ট কৰিবলৈ, যিহোৱাৰ দিন কোপ আৰু প্ৰচণ্ড ক্ৰোধেৰে দাৰুণ হৈ আহিছে।” এই বিষয়ে চফনিয়া ১:১৫ পদত এইদৰে কৈছে: “সেই দিন ক্ৰোধৰ দিন, সঙ্কট আৰু ক্লেশৰ দিন, উচ্ছন্ন আৰু ধ্বংসৰ দিন, আন্ধাৰ আৰু ঘোৰ অন্ধকাৰৰ দিন, ডাৱৰীয়া আৰু ঘন মেঘৰ দিন, শিঙা-ধ্বনি আৰু সিংহনাদৰ দিন।”

“মহাক্লেশ”

৩. ‘যিহোৱাৰ দিনত’ কেনে পৰিস্থিতি হʼব?

মলাখীয়ে কোৱা সৰহভাগ ভৱিষ্যতবাণীত ‘যিহোৱাৰ দিনটোৰ’ সময়ছোৱাক ‘মহা-ক্লেশৰ’ বৈশিষ্ট্যতাৰ দ্বাৰা চিহ্নিত কৰিছে। এই সম্পৰ্কে যীচুৱে এইদৰে কৈছিল: “সেই কালত যেনে মহাক্লেশ হব, জগতৰ আদিৰে পৰা এতিয়ালৈকে তেনে ক্লেশ কেতিয়াও হোৱা নাই, আৰু নহবও।” (মথি ২৪:২১) বিশেষকৈ ১৯১৪ চনৰ পৰা জগতে সম্মুখীন হৈ অহা শোকাতুৰ পৰিস্থিতিসমূহৰ বিষয়ে বিবেচনা কৰক। (মথি ২৪:৭-১২) কেৱল দ্বিতীয় বিশ্ব যুদ্ধত প্ৰায় পাঁচ কোটিতকৈ অধিক লোকে প্ৰাণ হেৰুৱাবলগীয়া হয়। কিন্তু ‘মহাক্লেশত’ হʼবলগীয়া পৰিস্থতিসমূহৰ তুলনাত সেই সকলোবোৰ একেবাৰেই ক্ষুদ্ৰ। সেই ঘটনাসমূহ প্ৰায়ে যিহোৱাৰ ভয়ানক দিনৰ দৰে একেই হʼব আৰু হৰমাগিদোনত এই দুষ্ট ৰীতি-ব্যৱস্থাৰ সমাপ্তত এই শেষ কালৰ অন্ত পৰিব।—২ তীমথিয় ৩:১-৫, ১৩; প্ৰকাশিত বাক্য ৭:১৪; ১৬:১৪, ১৬.

৪. যেতিয়া যিহোৱাৰ দিনৰ সমাপ্তি হʼব তেতিয়া কি ঘটিব?

যিহোৱাৰ দিনৰ সমাপ্তিত চয়তানৰ জগত আৰু তাৰ সমৰ্থনকাৰীসকলক উচ্ছন্ন কৰা হʼব। সৰ্বপ্ৰথমে সকলো মিছা ধৰ্ম্মক ধ্বংস কৰা হʼব। তাৰ পিছত তেওঁৰ চয়তানৰ অৰ্থনৈতিক আৰু ৰাজনৈতিক ব্যৱস্থাৰ ওপৰত ন্যায়-বিচাৰ কৰিব। (প্ৰকাশিত বাক্য ১৭:১২-১৪; ১৯:১৭, ১৮) ভৱিষ্যতবক্তা যিহিষ্কেলে এইদৰে ভৱিষ্যতবাণী কৰিছে: “তেওঁবিলাকে নিজ নিজ ৰূপ বাটত পেলাই দিব, আৰু তেওঁবিলাকৰ সোণ অশুচি বস্তু যেন হব; যিহোৱাৰ ক্ৰোধৰ দিনা তেওঁবিলাকৰ সোণ আৰু ৰূপে তেওঁবিলাকক ৰক্ষা কৰিব নোৱাৰিব।” (যিহিষ্কেল ৭:১৯) সেই দিনৰ সম্বন্ধে চফনিয়া ১:১৪ পদত এইদৰে কৈছিল: “যিহোৱাৰ মহাদিন ওচৰ, সেয়ে ওচৰ, অতি বেগেৰে আহিছে।” বাইবেলে যিহোৱাৰ দিনৰ বিষয়ে যি দৃষ্টিভঙ্গী প্ৰকাশ কৰিছে তাক মনত ৰাখি আমি যিহোৱাৰ ধাৰ্ম্মিক স্তৰসমূহৰ অনুসাৰে কাৰ্য্য কৰিবলৈ দৃঢ়সঙ্কল্প লোৱা আৱশ্যক।

৫. যিসকলে যিহোৱাৰ নামৰ প্ৰতি ভয় ৰাখে তেওঁলোকে কি অনুভৱ কৰিছে?

যিহোৱাৰ দিনটোৱে চয়তানৰ জগতৰ সৈতে কি কৰিব তাক কোৱাৰ পিছত মলাখী ৪:২ পদত এইদৰে কৈছে: “মোৰ নামলৈ ভয় ৰাখোঁতা যি তোমালোক, তোমালোকলৈ হলে, ধাৰ্ম্মিকতাৰূপ সূৰ্য্য সুস্থজনক কিৰণেৰে সৈতে উদয় হব; তাতে তোমালোকে ওলাই গৈ গোহালিৰ দামুৰিৰ নিচিনাকৈ ডেও দি নাচিবা।” যীচুৱে হৈছে সেই “ধাৰ্ম্মিকতাৰূপ সূৰ্য্য।” তেওঁ ‘জগতৰ আধ্যাত্মিক পোহৰ।’ (যোহন ৮:১২) বৰ্তমান সময়ত তেওঁৰ এই পোহৰ আধ্যাত্মিকৰূপে কৰা সুস্থৰ অনুভৱ কৰি জিলিকি উঠিছে আৰু আহিবলগা নতুন পৃথিৱীত সম্পূৰ্ণকৈ শাৰীৰিকৰূপে সুস্থ কৰি জিলিকি উঠিব। যিহোৱাই কৈছে যে তেওঁ সুস্থ কৰা লোকসকলে সকলো ধৰণৰ দাসত্ব বন্ধনৰ পৰা “ওলাই গৈ গোহালিৰ দামুৰিৰ নিচিনাকৈ ডেও দি নাচিব।”

৬. যিহোৱাৰ সেৱকসকলে কেনে ধৰণৰ জয়ধ্বনি কৰিব?

যিসকলে যিহোৱাৰ আৱশ্যকতাৰ প্ৰতি অগ্ৰাহ্য কৰে, তেওঁলোকৰ কি হʼব? মলাখী ৪:৩ পদত এইদৰে বৰ্ণনা কৰিছে: “তোমালোকে দুষ্টবোৰক গচকিবা; কিয়নো, বাহিনীবিলাকৰ যিহোৱাই কৈছে, মই কাৰ্য্য কৰিবৰ দিনা সিহঁত তোমালোকৰ ভৰিৰ তলুৱাৰ তলত থকা ছাই যেন হব।” ঈশ্বৰক উপাসনা কৰোঁতাসকলে চয়তানৰ জগতক ধ্বংস কৰাত কোনো অংশ নলব। ইয়াৰ বিপৰীতে তেওঁলোকে যিহোৱাৰ দিনৰ পাছত তেওঁৰ জয়লাভত আনন্দ কৰি উল্লাসিত হৈ লাক্ষণিকৰূপে “দুষ্টবোৰক গচকিব।” এইটো ঠিক তেনেদৰে উল্লাসিত কৰা হʼব, যেতিয়া চূফ সমুদ্ৰত ফৰৌণৰ সন্যবাহিনীৰ ধ্বংসত ইস্ৰায়েলসকলে আনন্দত উল্লাহ কৰিছিল। (যাত্ৰাপুস্তক ১৫:১-২১) চয়তান আৰু তাৰ জগতক মহাক্লেশত ধ্বংস কৰাত সেই একেদৰে জয়ধ্বনি শুনা যাব। যিহোৱাৰ দিনৰ পৰা ৰক্ষা পোৱা বিশ্বাসী সেৱকসকলে এইদৰে উচ্চস্বৰে কʼব: “আহাঁ, আমি এওঁৰ পৰিত্ৰাণত উল্লাসিত হৈ আনন্দ কৰোঁ।” (যিচয়া ২৫:৯) যেতিয়া যিহোৱাৰ সাৰ্ব্বভৌমত্বতাক দোষমুক্ত আৰু এই পৃথিৱীত শান্তিময় পৰিৱেশ স্থাপিত কৰা হʼব, তেতিয়া কিযে এক আনন্দোল্লাস হʼব!

খ্ৰীষ্টীয়জগতে ইস্ৰায়েলসকলক অনুকৰণ কৰিছে

৭, ৮. ভৱিষ্যতবক্তা মলাখীৰ দিনত থকা ইস্ৰায়েলসকলৰ আধ্যাত্মিক পৰিস্থিতিৰ বিষয়ে বৰ্ণনা কৰক।

যিহোৱাক সেৱা কৰা সকলে তেওঁৰ অনুগ্ৰহ পাইছে আৰু তেওঁলোকে যিহোৱাক অগ্ৰাহ্য কৰোঁতাসকলৰ বিপৰীতে থিয় দিছে। ভৱিষ্যতবক্তা মলাখীয়ে তেওঁৰ কিতাপখন লিখাৰ সময়তো সেই একেই পৰিস্থিতি আছিল। সা.যু.পূ. ৫৩৭ চনত অৰ্থাৎ ৭০ বছৰ বাবিলৰ দাসত্বত বন্দী থকাৰ পিছত ইস্ৰায়েলসকলৰ অৱশিষ্ট লোকসমূহে পুনৰাই উভটি আহিছিল। ক্ৰমান্বয়ে সেই শতিকাৰ পিছত অৱশিষ্ট জাতিসকলে দুষ্টতা আৰু অধাৰ্ম্মিকতাৰ পথত চলিবলৈ ধৰিলে। তেওঁলোকৰ বেছিভাগেই যিহোৱাৰ নাম অসন্মান; তেওঁৰ ধাৰ্মিক স্তৰসমূহক হেয়জ্ঞান; অন্ধ, খোৰা আৰু ৰোগীয়া পশু বলিদান কৰি মন্দিৰ অপবিত্ৰ কৰিছিল; আৰু নিজ নিজ যৌৱনকালৰ ভাৰ্য্যাক ত্যাগ দিছিল।

ফলস্বৰূপে, যিহোৱাই তেওঁলোকক এইদৰে কৈছিল: “মই বিচাৰ কৰিবলৈ তোমালোকৰ ওচৰলৈ আহিম; আৰু মায়াবী, পৰস্ত্ৰীগামী, আৰু মিছা শপত খাওঁতাবোৰৰ বিৰুদ্ধে, আৰু যিবোৰে বেচলৈ কাম কৰোঁতাক তাৰ বেচৰ বিষয়ে অত্যাচাৰ কৰে, বিধৱা আৰু পিতৃহীনক অত্যাচাৰ কৰে, বিদেশীক অন্যায় কৰে, আৰু মোক ভয় নকৰে, . . . কিয়নো মই যি যিহোৱা, মোৰ পৰিবৰ্ত্তন নাই।” (মলাখী ৩:৫, ৬) তথাপিও যিহোৱাই লোকসকলক তেওঁলোকৰ বেয়া পথৰ পৰা ঘূৰি আহিবলৈ আমন্ত্ৰণ কৰি এইদৰে কৈছিল: “তোমালোকে মোৰ ওচৰলৈ ঘূৰি আঁহা, তাতে মইও তোমালোকলৈ ঘূৰিম।”—মলাখী ৩:৭.

৯. ভৱিষ্যতবক্তা মলাখীয়ে কৰা ভৱিষ্যতবাণীসমূহ প্ৰাথমিক অৱস্থাত কেনেকৈ পূৰ্ণ হৈছিল?

তদুপৰি, প্ৰথম শতাব্দীৰ সময়ছোৱাতো সেই বাক্যবোৰত পূৰ্ণতা হৈছিল। যিহূদী আৰু সময় অতিক্ৰম কৰাৰ লগে লগে অযিহূদী লোকৰ কিছুমানেও যিহোৱাৰ উপাসনা কৰি আত্মাৰ দ্বাৰা অভিষিক্ত খ্ৰীষ্টানৰ এক নতুন “জাতিৰ” ভাগ হৈ পৰিছিল। কিন্তু ইস্ৰায়েলৰ বেছিভাগেই যীচুক অস্বীকাৰ কৰিলে। সেইবাবে যীচুৱে সেই ইস্ৰায়েল জাতিক কৈছিল: “চোৱা, তোমাৰ ঘৰ নিৰ্জ্জন হবলৈ তোমালৈ ত্যক্ত হৈ গৈছে।” (মথি ২৩:৩৮; ১ কৰিন্থীয়া ১৬:২২) ভৱিষ্যতবক্তা মলাখীয়ে কোৱা ‘তন্দুৰৰ নিচিনাকৈ জ্বলা সেই দিনটোৰ’ ভৱিষ্যতবাণী সা.যু. ৭০ চনত শাৰীৰিক ইস্ৰায়েলৰ ক্ষেত্ৰত পূৰ্ণ হʼল। ফলস্বৰূপে, যিৰূচালেম আৰু তাৰ মন্দিৰ উচ্ছন্ন হʼল আৰু দহ লাখতকৈও অধিক লোকে আকাল, অত্যাচাৰ আৰু ৰোমান সৈন্যৰ হাতত প্ৰাণ হেৰুৱাব লগা হʼল। কিন্তু যিসকলে যিহোৱাক সেৱা কৰিছিল তেওঁলোকে ৰক্ষা পাইছিল।—মাৰ্ক ১৩:১৪-২০.

১০. সাধাৰণতে, লোক আৰু পাদুৰীসকলে কেনেকৈ প্ৰথম শতাব্দীৰ ইস্ৰায়েলসকলক অনুকৰণ কৰিছে?

১০ মানৱজাতি আৰু বিশেষকৈ খ্ৰীষ্টীয়জগতে প্ৰথম শতাব্দীৰ ইস্ৰায়েলসকলক অনুকৰণ কৰিছে। প্ৰকৃততে খ্ৰীষ্টীয়জগতৰ নেতা আৰু সাধাৰণ লোকসকলে যীচুৱে শিকোৱা ঈশ্বৰৰ সত্যতাত নিজৰ ৰীতি-নীতি সন্মিলিত কৰিছে। বিশেষকৈ ইয়াৰ বাবে পাদুৰীসকলে দায়ী। তেওঁলোকে যিহোৱাৰ নামক ব্যৱহাৰ কৰিবলৈ অশ্বীকাৰ কৰি তেওঁলোকে অনুবাদ কৰা বাইবেলবোৰত ঈশ্বৰৰ নাম পৰ্য্যন্ত উঠাই দিছে। তেওঁলোকে অশাস্ত্ৰীয় শিক্ষা, যেনে, অগ্নিময় নৰক, ত্ৰিমূৰ্ত্তি, অমৰ আত্মা আৰু বিকাশবাদ আদিৰ দৰে মূৰ্ত্তিপূজা সম্বন্ধীয় সিদ্ধান্ত দাঙি ধৰি যিহোৱাৰ নাম অনাদৰ কৰিছে। ভৱিষ্যতবক্তা মলাখীৰ দিনৰ পুৰোহিতসকলে কৰাৰ দৰে তেওঁলোকে ঈশ্বৰৰ মহিমা আনক দিছে।

১১. জগতৰ ধৰ্ম্মবোৰে কেনেকৈ প্ৰকাশ কৰিলে যে তেওঁলোকে প্ৰকৃততে কাৰ সেৱা কৰিছে?

১১ যেতিয়া ১৯১৪ চনৰ পৰা শেষকাল আৰম্ভ হʼল, তেতিয়াৰে পৰা এই জগতত নিজকে খ্ৰীষ্টান বুলি দাবী কৰা তথাকথিত ধৰ্ম্মসমূহে বাস্তৱতে কাক সেৱা কৰিছে তাৰ বিষয়ে স্পষ্টিকৈ প্ৰকাশ পালে। তেওঁলোকে দুইখন মহা যুদ্ধতেই নিজৰ সদস্যসকলক জাতিয়তাবাদ বজাই ৰাখিবলৈ নিজৰ ধৰ্ম্মৰ লোকসকলকো হত্যা কৰিবলৈ উৎসাহিত কৰিছিল। ঈশ্বৰৰ বাক্যত যিসকলে তেওঁৰ আজ্ঞা পালন কৰে আৰু যিসকলে নকৰে, তেওঁলোকৰ মাজত থকা পৃথকতাক স্পষ্টৰূপে এইদৰে কৈছে: “ইয়াতে ঈশ্বৰৰ সন্তানবিলাক, আৰু চয়তানৰ সন্তানবিলাক প্ৰকাশিত হয়। যি কোনোৱে ধৰ্ম্ম-আচৰণ নকৰে, তেওঁ ঈশ্বৰৰ নহয়; আৰু যি জনে নিজ ভায়েকক প্ৰেম নকৰে, তেৱোঁ নহয়। কিয়নো আমি যেন পৰস্পৰে প্ৰেম কৰোঁ, তোমালোকে আদিৰে পৰা শুনা বাৰ্ত্তা এয়ে। কয়িনে যেনেকৈ পাপ-আত্মাৰ পৰা হৈ, নিজ ভায়েকক বধ কৰিলে, তেনে হোৱা আমাৰ অনুচিত।”—১ যোহন ৩:১০-১২.

ভৱিষ্যতবাণী পূৰ্ণ হোৱা

১২, ১৩. বৰ্তমান সময়ত যিহোৱাৰ সেৱকসকলে কেনে ভৱিষ্যতবাণী পূৰ্ণ কৰিছে?

১২ ১৯১৮ চনত প্ৰথম বিশ্ব যুদ্ধৰ সমাপ্তি হোৱাৰ সময়ত যিহোৱাই যে খ্ৰীষ্টীয়জগত আৰু আন ধৰ্ম্মসমূহক দোষী সাব্যস্ত কৰিলে তাক যিহোৱাৰ সেৱকসকলে দেখিবলৈ পালে। তেতিয়াৰে পৰাই নম্ৰ লোকসকলক এইদৰে আমন্ত্ৰণ কৰা হʼল: “হে মোৰ লোকসকল, তোমালোকে যেন তাইৰ পাপৰ ভাগী নোহোৱা, আৰু তাইৰ উৎপাতৰ ভাগ নোপোৱা, আৰু তাইৰ পৰা ওলাই আহাঁ। কিয়নো তাইৰ পাপ আকাশত লাগিললৈ; আৰু তাইৰ অপৰাধ ঈশ্বৰে সোঁৱৰণ কৰিলে।” (প্ৰকাশিত বাক্য ১৮:৪, ৫) যিসকলে যিহোৱাক উপাসনা কৰিবলৈ ইচ্ছুক আছিল তেওঁলোকে মিছা ধৰ্ম্মৰ সকলোবোৰ বস্তুকে ত্যাগ কৰিলে আৰু তেওঁলোকে এই দুষ্ট ৰীতি-ব্যৱস্থা অন্ত হোৱাৰ পূৰ্বেই সম্পন্ন কৰিবলগা কাৰ্য্য অৰ্থাৎ ঈশ্বৰৰ ৰাজ্য স্থাপন হʼল বুলি শুভবাৰ্ত্তা প্ৰচাৰ কৰিব ধৰিলে।—মথি ২৪:১৪.

১৩ এই কাৰ্য্য আছিল মলাখী ৪:৫ পদত কোৱা ভৱিষ্যতবাণীৰ পূৰ্ণতা, যʼত যিহোৱাই এইদৰে বৰ্ণনা কৰিছিল: “চোৱা, যিহোৱাৰ সেই মহৎ আৰু ভয়ানক দিন অহাৰ আগেয়ে, মই তোমালোকৰ ওচৰলৈ এলিয়া ভাববাদীক পঠাম।” সৰ্ব্বপ্ৰথমে সেই ভৱিষ্যতবাণীৰ পূৰ্ণতা যোহন বাপ্তাইজকে কৰা কাৰ্য্যৰ দ্বাৰা হৈছিল, যিজন ভৱিষ্যতবক্তা এলিয়াৰ পূৰ্বাভাস আছিল। ব্যৱস্থাৰ বিৰুদ্ধে পাপ কৰা ব্যক্তিসকলক বাপ্তিষ্মা দিয়াৰ দ্বাৰা তেওঁ এলিয়াৰ দৰে কাৰ্য্য কৰিছিল। ই সকলোতকৈ গুৰুত্বপূৰ্ণ বিষয় এই যে যোহন মচীহৰ অগ্ৰদূত আছিল। যিয়ে নহওঁক যোহন বাপ্তাইজৰ কাৰ্য্য সেই ভৱিষ্যতবাণীৰ কেৱল এক প্ৰাৰ্থমিক পূৰ্ণতা আছিল। যেতিয়া যীচুৱে তেওঁক দ্বিতীয় ভৱিষ্যতবক্তা এলিয়া বুলি কৈছিল, তেতিয়া ই এইটো নিৰ্দ্দেশিত কৰিছিল যে ভৱিষ্যতে “এলিয়াৰ” দৰে কাৰ্য্য হʼবলগীয়া আছিল।—মথি ১৭:১১, ১২.

১৪. এই দুষ্ট ৰীতি-ব্যৱস্থাৰ সমাপ্তিৰ পূৰ্বেই কেনে এক গুৰুত্বপূৰ্ণ কাৰ্য্য সম্পন্ন হোৱা উচিত?

১৪ মলাখীৰ ভৱিষ্যতবাণীয়ে দেখুৱাইছে যে “যিহোৱাৰ সেই মহৎ আৰু ভয়ানক দিন” অহাৰ পূৰ্বেই বৃহতৰূপে এলিয়াৰ কাৰ্য্য কৰা হʼব। সেই দিন অতি শ্ৰীঘ্ৰেই আহিবলগীয়া সৰ্ব্বোপৰিজনাৰ মহৎ দিন অৰ্থাৎ হৰমাগিদোনত সমাপ্তি হʼব। ইয়াৰ অৰ্থ হৈছে এই দুষ্ট ৰীতি-ব্যৱস্থাৰ ধ্বংস আৰু স্বৰ্গ ৰাজ্যৰ অধীনত যীচুৰ দ্বাৰা আৰম্ভ হোৱা হাজাৰ বছৰীয়া স্বৰ্গীয় শাসনকালত তুলনাত্মকৰূপে এলিয়াৰ দৰে কাৰ্য্য কৰা হʼব। সেই ভৱিষ্যতবাণীত উল্লেখ কৰা অনুসাৰে দুষ্ট ৰীতি-ব্যৱস্থাৰ সমাপ্তিৰ পূৰ্বেই পাৰ্থিব আশা থকা খ্ৰীষ্টান সঙ্গীসকলৰ লাখ লাখ লোকে আধুনিক সময়ৰ এলিয়াবৰ্গক আগ্ৰহী হৈ সত্য উপাসনাক পুনৰ স্থাপন, যিহোৱাৰ নাম মহিমান্বিত আৰু নম্ৰ ব্যক্তিসকলক বাইবেলৰ সত্য শিকাবলৈ সমৰ্থন কৰিলে।

যিহোৱাই তেওঁৰ সেৱকসকলক আশীৰ্ব্বাদ কৰে

১৫. যিহোৱাই তেওঁৰ লোকসকলক কেনেকৈ স্মৰণ কৰে?

১৫ যিহোৱাই তেওঁক সেৱা কৰা লোকসকলক আশীৰ্ব্বাদ কৰে। মলাখী ৩:১৬ পদত এইদৰে কৈছে: “সেই কালত যিহোৱাক ভয় কৰোঁতাবিলাকে ইজনে সিজনে কথাবাৰ্ত্তা হল, আৰু যিহোৱাই কাণ পাতি তাক শুনিলে; আৰু যিহোৱাক ভয় কৰোঁতাবিলাকৰ, আৰু তেওঁৰ নাম ধ্যান কৰোঁতাবিলাকৰ অৰ্থে তেওঁৰ আগত এখন স্মৰণাৰ্থক পুথি লিখা হল।” হাবিলৰ সময়ৰ পৰাই ঈশ্বৰে অনন্ত জীৱন পাবলগীয়া ব্যক্তিসকলৰ নাম স্মৰণাৰ্থক পুস্তকত লিখি থৈছে। এই সন্দৰ্ভত যিহোৱাই এইদৰে কৈছে: “মোৰ গৃহত আহাৰ হবৰ নিমিত্তে তোমালোকে ভঁৰাললৈ গোটেই দশম ভাগ আনা; . . . মই তোমালোকলৈ আকাশৰ দুৱাৰ মুকলি কৰিম নে নকৰিম, আৰু ঠায়ে নধৰাকৈ তোমালোকলৈ আশীৰ্ব্বাদ বৰ্ষাম নে নবৰ্ষাম, তাক জানিবলৈ তোমালোকে ইয়াৰেই মোক পৰীক্ষা কৰি চোৱা।”—মলাখী ৩:১০.

১৬, ১৭. যিহোৱাই কেনেকৈ তেওঁৰ লোক আৰু তেওঁলোকৰ কাৰ্য্যক আশীৰ্ব্বাদ কৰিছে?

১৬ যিহোৱাই অৱশ্যেই তেওঁক সেৱা কৰা ব্যক্তিসকলক আশীৰ্ব্বাদ কৰিছিল। কেনেকৈ? এক প্ৰকাৰে হৈছে তেওঁৰ উদ্দেশ্যক বুজিবলৈ সহায় কৰাৰ দ্বাৰা। (হিতোপদেশ ৪:১৮; দানিয়েল ১২:১০) আন প্ৰকাৰে হৈছে তেওঁৰ লোকসকলে কৰা প্ৰচাৰ কাৰ্য্যত অধিক ফল উৎপন্ন কৰিবলৈ সাহায্য কৰাৰ যোগেদি। বহুতো নম্ৰ ব্যক্তিয়ে ঈশ্বৰৰ সেৱকসকলৰ সৈতে সত্য উপাসনা কৰিবলৈ যোগ দিছে আৰু এই সকলো হৈছে “সকলো জাতি, ফৈদ, লোক, আৰু ভাষাৰ, বগা বস্ত্ৰ পিন্ধা . . . এক বৰ লোকসমূহ আৰু তেওঁবিলাকে বৰ মাতেৰে ৰিঙিয়াই কয়, পৰিত্ৰাণ সিংহাসনত বহি থকা আমাৰ ঈশ্বৰৰ, আৰু মেৰ পোৱালিৰহে।” (প্ৰকাশিত বাক্য ৭:৯, ১০) এই বৰ লোকসমূহ আচৰিতৰূপে প্ৰতীয়মান হʼল আৰু বৰ্তমান সময়ত যিহোৱাক গোটেই বিশ্বজুৰী ৯৩,০০০ খন মণ্ডলীত সক্ৰিয়ৰূপে সেৱা কৰা সেৱকসকলৰ সংখ্যা ৬০ লাখতকৈও অধিক।

১৭ যিহোৱাৰ সাক্ষীসকলে প্ৰকাশ আৰু বিশ্বজুৰী বিতৰণ কৰা বাইবেল আধাৰিত আলোচনীসমূহৰ ওপৰত যিহোৱাৰ আশীৰ্ব্বাদ আগতকৈ অধিকৰূপে দেখিবলৈ পোৱা গৈছে। বৰ্তমান সময়ত প্ৰকাশ পোৱা প্ৰহৰীবুৰুজ আলোচনী ১৪৪ টা ভাষাত আৰু সচেতন! আলোচনীখন ৮৭ টা ভাষাত প্ৰত্যেক মাহে ৯ কোটি খনকৈ কপি প্ৰকাশ কৰা হয়। ১৯৬৮ চনত ১১৭ টা ভাষাত প্ৰকাশিত হোৱা সত্য যি অনন্ত জীৱনলৈ লৈ যায় নামৰ পুস্তকখনৰ প্ৰায় ১০.৭ কোটি কপি বিতৰণ কৰা হয়। ১৯৮২ চনত ১৩১ টা ভাষাত প্ৰকাশ হোৱা আপুনি পৰমদেশীয় পৃথিৱীত অনন্ত কাল জীয়াই থাকিব পাৰে নামৰ কিতাপখনৰ ৮.১ কোটি কপি আৰু ১৯৯৫ চনত ১৫৪ টা ভাষাত প্ৰকাশ পোৱা জ্ঞান যি অনন্ত জীৱনলৈ লৈ যায় নামৰ কিতাপখনৰ ৮.৫ কোটি কপি বিতৰণ কৰা হয়। ১৯৯৬ চনত ২৪৪ টা ভাষাত প্ৰকাশ কৰা ঈশ্বৰে আমাৰ পৰা কি বিচাৰে? নামৰ ব্ৰচাৰখনৰ বিতৰণ সংখ্যা আছিল ১৫ কোটি।

১৮. ঘোৰ বিৰোধিতাৰ স্বত্বেও আমি কিয় আধ্যাত্মিক বৃদ্ধিৰ আনন্দ উপভোগ কৰোঁ?

১৮ চয়তানৰ জগতে অনা ঘোৰ বিৰোধিতা আৰু কঠিন পৰীক্ষাসমূহৰ স্বত্ত্বেও এই আধ্যাত্মিক বৃদ্ধিৰ আনন্দ উপভোগ কৰা হৈছে। ইয়ে যিচয়া ৫৪:১৭ পদত কোৱা বাক্যবোৰক সত্য বুলি প্ৰমাণিত কৰিছে, যʼত এইদৰে কোৱা হৈছে: “তোমাৰ বিৰুদ্ধে গঢ়া কোনো অস্ত্ৰ সাৰ্থক নহব, আৰু যি জিবা বিচাৰত তোমাৰ বিৰুদ্ধে উঠিব, তাক তুমি দোষী কৰিবা; যিহোৱাৰ দাসবিলাকৰ এয়ে আধিপত্য, আৰু মোৰ পৰা পোৱা তেওঁবিলাকৰ ধাৰ্ম্মিকতা এই কথা যিহোৱাই কৈছে।” যিহোৱাৰ সেৱকসকলে মলাখী ৩:১৭ পদত উল্লেখ কৰা ভৱিষ্যতবাণীৰ মূলভাগ তেওঁলোকৰ ওপৰত পূৰ্ণ হʼবলগীয়া দেখি কিমান যে শান্ত্বনা লাভ কৰিছে, যʼত এইদৰে কোৱা হৈছে: “বাহিনীবিলাকৰ যিহোৱাই কৈছে, তেওঁবিলাক মোৰ হব; মই কাৰ্য্য কৰিবৰ দিনা, তেওঁবিলাক মোৰ বিশেষ সম্পত্তি হব।”

আনন্দিত হৈ যিহোৱাৰ সেৱা কৰক

১৯. যিহোৱাক সেৱা কৰোঁতাসকল আনৰ পৰা কেনেকৈ ভিন্ন?

১৯ সময় অতিক্ৰম কৰা লগে লগে যিহোৱাৰ বিশ্বাসী লোক আৰু চয়তানৰ জগতৰ মাজত থকা ভিন্নতা অধিক স্পষ্টকৈ ওলায় পৰিছে। কিয়নো মলাখী ৩:১৮ পদত এইদৰে ভৱিষ্যতবাণী কৰিছিল: “ধাৰ্ম্মিক আৰু দুষ্টৰ, ঈশ্বৰৰ আৰাধনা কৰা লোকৰ আৰু তেওঁৰ আৰাধনা নকৰা লোকৰ মাজত প্ৰভেদ দেখিবলৈ পাবা।” ইয়াৰে এটা প্ৰভেদতা হৈছে যিহোৱাৰ সেৱকসকলে আনন্দেৰে তেওঁৰ সেৱা কৰিছে। কিয়নো তেওঁলোকৰ ওচৰত এক অপূৰ্ব আশা আছে। তেওঁলোকে যিহোৱাই কোৱা এই বাক্যশাৰীত সম্পূৰ্ণকৈ ভাৰসা কৰে, যʼত এইদৰে কোৱা হৈছে: “মই নতুন আকাশমণ্ডল আৰু নতুন পৃথিবী সৃষ্টি কৰো; আৰু পূৰ্ব্বকালৰ কথাবোৰ সোঁৱৰণ কৰা বা মনত কৰাও নহব। কিন্তু মই যি সৃষ্টি কৰোঁ, তাত তোমালোকে অনন্ত কাল আনন্দ আৰু উল্লাস কৰা; কিয়নো চোৱা, মই যিৰূচালেমক উল্লাসৰ বিষয়, আৰু তাৰ লোকবিলাকক আনন্দৰ বিষয় কৰি সৃষ্টি কৰোঁ।”—যিচয়া ৬৫:১৭, ১৮; গীতমালা ৩৭:১০, ১১, ২৯; প্ৰকাশিত বাক্য ২১:৪, ৫.

২০. আমি যিহোৱাৰ প্ৰতিজ্ঞাসমূহক কিয় বিশ্বাস কৰোঁ?

২০ আমি বিশ্বাস কৰোঁ যে যিহোৱাই প্ৰতিজ্ঞা কৰাৰ অনুসাৰে তেওঁৰ বিশ্বাসী লোকসকলে তেওঁৰ সেই মহৎ দিনত ৰক্ষা পাই নতুন জগতত প্ৰৱেশ কৰিব। (চফনিয়া ২:৩; প্ৰকাশিত বাক্য ৭:১৩, ১৪) সেই নতুন জগত অহাৰ পূৰ্বেই কিছুমানে হয়তো বৃদ্ধ অৱস্থা, ৰোগ বা দুৰ্ঘটনাৰ বাবে যদিও মৃত্যু মুখত পৰিব পাৰে, কিন্তু যিহোৱাই প্ৰতিজ্ঞা কৰিছে যে তেওঁ তেওঁলোকক অনন্তকালৰ বাবে মৃত্যুৰ পৰা জীয়াই তুলিব। (যোহন ৫:২৮, ২৯; তীত ১:২) যেনেকৈ আমি ঈশ্বৰৰ সেই মহৎ দিনৰ নিকটবৰ্তী হৈছোঁ আমাৰ সকলোৱে সমস্যা আৰু পৰীক্ষাৰ সম্মুখীন হʼম। কিন্তু তথাপিও এই পৃথিৱীত সকলোতকৈ আনন্দিত হোৱাৰ আমাৰ ওচৰত কাৰণ আছে। (w02 5/1)

আপুনি কেনেকৈ উত্তৰ দিব

• ‘যিহোৱাৰ দিনত’ কেনে পৰিস্থিতি হʼব?

• জগতৰ ধৰ্ম্মবোৰে কেনেকৈ অতীতত থকা ইস্ৰায়েলসকলৰ আৰ্হিক অনুকৰণ কৰিছে?

• যিহোৱাৰ সেৱকসকলৰ ওপৰত কেনে ভৱিষ্যতবাণীৰ পূৰ্ণ হৈছে?

• যিহোৱাই তেওঁৰ লোকসকলক কেনেকৈ আশীৰ্ব্বাদ কৰিছে?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[২০ পৃষ্ঠাৰ ছবিসমূহ]

যিহোৱাৰ সেৱকসকলৰ ওচৰত এক আশ্চৰ্য্যজনক আশা থকাৰ বাবে প্ৰকৃততে আনন্দিত