যিহোৱাৰ প্ৰেমপূৰ্বক দয়াৰ পৰা লাভবান হোৱা
যিহোৱাৰ প্ৰেমপূৰ্বক দয়াৰ পৰা লাভবান হোৱা
“যি কোনো জ্ঞানী, সি এই সকলো কথালৈ মন দিব . . . যিহোৱাৰ নানাবিধ [প্ৰেমপূৰ্বক দয়া, Nw] বিবেচনা কৰিব।”—গীতমালা ১০৭:৪৩.
১. “প্ৰেমপূৰ্বক দয়া,” এই অভিব্যক্তিটো প্ৰথমবাৰ বাইবেলত কেতিয়া উল্লেখ কৰা হৈছিল আৰু এই সম্বন্ধে কেনে প্ৰশ্নসমূহক আমি বিবেচনা কৰিম?
প্ৰায় ৪০০০ বছৰ পূৰ্বেই অব্ৰাহামৰ ভাগিন লোটে যিহোৱাৰ বিষয়ে এইদৰে কৈছিল: “আপুনি মোলৈ [প্ৰেমপূৰ্বক দয়া, NW] কৰিলে।” (আদিপুস্তক ১৯:১৯) প্ৰথমবাৰৰ বাবে বাইবেলৰ এই পদত “প্ৰেমপূৰ্বক দয়া” উক্তিটো উল্লেখ কৰা হʼল। যাকোব, নয়মী, দায়ূদ আৰু ঈশ্বৰৰ আন সেৱকসকলেও যিহোৱাৰ সেই গুণটোৰ বিষয়ে উল্লেখ কৰিছিল। (আদিপুস্তক ৩২:১০; ৰূথ ১:৮; ২ চমূৱেল ২:৬) দৰাচলতে হিব্ৰু শব্দ “প্ৰেমপূৰ্বক দয়া” উক্তিটো মূল ভাষাত প্ৰায় ২৫০ বাৰ উল্লেখ কৰা হৈছে। কিন্তু যিহোৱাৰ প্ৰেমপূৰ্বক দয়া কি? প্ৰাচীন সময়ত যিহোৱাই কোনসকলক এই গুণটো প্ৰকাশ কৰিছিল? বৰ্তমান সময়ত আমি কেনেকৈ ইয়াৰ দ্বাৰা লাভবান হʼব পাৰোঁ?
২. “প্ৰেমপূৰ্বক দয়া” বুলি উল্লেখ কৰা হিব্ৰু উক্তিটো কিয় সঠিক শব্দত অনুবাদ কৰাটো সহজ নহয় আৰু অনুবাদত সেই শব্দটোৰ সলনি কেনে বিকপ্ল শব্দ ব্যৱহাৰ কৰা হৈছে?
২ শাস্ত্ৰীয় পদবোৰত উল্লেখ কৰা প্ৰেমপূৰ্বক দয়া অভিব্যক্তিটো হিব্ৰু শব্দৰ পৰা অনুবাদ কৰা হৈছে আৰু এই শব্দটো ইমানেই তাৎপৰ্য্যপূৰ্ণ যে বেচিভাগ ভাষাত ইয়াক এটা শব্দত প্ৰকাশ কৰি সম্পূৰ্ণ ভাব প্ৰকাশ কৰিব নোৱাৰি। সেয়েহে ইয়াৰ অৰ্থ “প্ৰেম,” “দয়া” আৰু “আনুগত্য” বুলি উল্লেখ কৰি সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিব নোৱাৰি। এই সন্দৰ্ভে থিয়লজিকেল ৱৰ্ডবুক অৱ দি অল্ড টেষ্টামেন্টত এইদৰে কোৱা হৈছে, যে, বিস্তাৰিত অৰ্থৰে পূৰ্ণ থকা “প্ৰেমপূৰ্বক দয়া” অভিব্যক্তিটো “অৰ্থৰে পূৰ্ণ থকা শব্দবোৰতকৈ একেবাৰে ভিন্নও নহয়।” নিউ ৱৰ্ল্ড ট্ৰ্যানচলেইশ্ব্যান অৱ দা হলি স্ক্ৰীপচ্যাৰ উইট ৰেফাৰেঞ্চʼত সেই হিব্ৰু শব্দ ‘প্ৰেমপূৰ্বক দয়া’ উক্তিটোৰ সলনি উপযুক্তভাৱে ‘আনুগত্য প্ৰেম’ বুলি অনুবাদ কৰিছে।—যাত্ৰাপুস্তক ১৫:১৩; গীতমালা ৫:৭; ফুটনোট।
দয়া আৰু আনুগত্যৰ পৰা ভিন্ন
৩. প্ৰেমপূৰ্বক দয়া আৰু প্ৰেমৰ মাজত কেনে ভিন্নতা আছে?
৩ প্ৰেমপূৰ্বক দয়া বা আনুগত্য প্ৰেম এই উক্তিটো প্ৰেম আৰু আনুগত্যৰ গুণসমূহৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক আছে। তথাপিও সেইবোৰৰ অৰ্থ সেই শব্দৰ পৰা গম্ভীৰভাৱে ভিন্ন। উদাহৰণস্বৰূপে, প্ৰেমপূৰ্বক দয়া আৰু প্ৰেমৰ মাজত থকা ভিন্নতাক বিবেচনা কৰক। কিছুমান ভাষাত প্ৰেম শব্দটো ধাৰণা আৰু বস্তুৰ ক্ষেত্ৰত ব্যৱহাৰ হয়। কিয়নো বাইবেলে কৈছে যে “দ্ৰাক্ষাৰস আৰু তেলত প্ৰেম,” “প্ৰজ্ঞাক প্ৰেম।” (হিতোপদেশ ২১:১৭; ২৯:৩) কিন্তু প্ৰেমপূৰ্বক দয়া শব্দটো কেৱল মানুহৰ ক্ষেত্ৰতহে ব্যৱহাৰ কৰা হয়। উদাহৰণস্বৰূপে, যাত্ৰাপুস্তক ২০:৬ পদত কৈছে যে যিহোৱাই “হাজাৰ হাজাৰ পূৰুষলৈকে [প্ৰেমপূৰ্বক দয়া, NW] কৰোঁতা ঈশ্বৰ।”
৪. প্ৰেমপূৰ্বক দয়া আৰু আনুগত্য মাজত থকা পাৰ্থক্য কি?
৪ “প্ৰেমপূৰ্বক দয়া” এই হিব্ৰু শব্দটোৱে “আনুগত্য” শব্দৰ অৰ্থতকৈ বহুলভাৱে অৰ্থ প্ৰকাশ কৰিছে। কিছুমান ভাষাত “আনুগত্য” শব্দটোক প্ৰায়ে উচ্চস্থানৰ অধীনস্থ হোৱা উচিত বুলি অৰ্থ প্ৰকাশ কৰে। কিন্তু এগৰাকী অনুসন্ধানকাৰীয়ে কয় যে বাইবেলৰ দৃষ্টিভঙ্গীৰে প্ৰেমপূৰ্বক দয়া শব্দটোৱে “প্ৰায়ে বিপৰীত দিশত থকা সম্বন্ধলৈ নিৰ্দ্দেশিত কৰে: যেনে, শক্তিশালী জনে দুৰ্ব্বল বা আৱশ্যক অথবা নিৰ্ভৰশীলসকলৰ প্ৰতি বিশ্বস্ত।” যেনে, এজন শক্তিশালী ব্যক্তিয়ে দুৰ্ব্বল ব্যক্তিজনৰ প্ৰতি আনুগত্য আৰু ভাৰসাশীল।” সেইবাবে ৰজা দায়ূদে এইদৰে কৈছিল: “তোমাৰ দাসলৈ তোমাৰ মুখ উজ্জ্বল কৰা; তোমাৰ [প্ৰেমপূৰ্বক দয়াৰে, NW] মোক পৰিত্ৰাণ কৰা।” (গীতমালা ৩১:১৬) শক্তিশালী ঈশ্বৰ যিহোৱাক দুৰ্ব্বল ৰজা দায়ূদলৈ প্ৰেমপূৰ্বক দয়া বা আনুগত্য প্ৰেম দেখুৱাবলৈ অনুৰোধ কৰা হʼল। যিহেতু এজন শক্তিশালী ব্যক্তিক নিজৰ বশত কৰিবলৈ দুৰ্ব্বলতাৰ কোনো অধিকাৰ নাই। সেইবাবে তেনে অৱস্থাত কোনো বাধ্যতাৰে নহয়, কিন্তু ইচ্ছুক হৈ প্ৰেমপূৰ্বক দয়া দেখুৱালৈ আগ্ৰহ কৰা হʼল।
৫.. (ক) বাইবেলত ঈশ্বৰৰ প্ৰেমপূৰ্বক দয়াৰ সম্পৰ্কে উল্লেখ কৰা কেনে বৈশিষ্টতাসমূহ দেখিবলৈ পোৱা যায়? (খ) যিহোৱাৰ প্ৰেমপূৰ্বক দয়াৰ কেনে অভিব্যক্তিসমূহৰ বিষয়ে আমি বিবেচনা কৰিম?
৫ গীতমালাৰ ৰচোঁতাজনে সুধিছিল: “যি কোনো জ্ঞানী, সি এই সকলো কথালৈ মন দিব . . . যিহোৱাৰ [প্ৰেমপূৰ্বক দয়া, NW] বিবেচনা কৰিব।” (গীতমালা ১০৭:৪৩) যিহোৱাই দেখুৱা প্ৰেমপূৰ্বক দয়াৰ পৰিণাম স্বৰূপে পৰিত্ৰাণ আৰু ৰক্ষা পাব পাৰে। (গীতমালা ৬:৪; ১১৯:৮৮, ১৫৯) ইয়ে হৈছে এটা কাৰণ যিয়ে ক্লেশসমূহৰ পৰা মুক্তি আৰু সুৰক্ষা প্ৰদান কৰে। (গীতমালা ৩১:১৬, ২১; ৪০:১১; ১৪৩:১২) এই গুণৰ বাবে পাপৰ পৰা উদ্ধাৰ লাভ কৰাটো সম্ভৱ হʼল। (গীতমালা ২৫:৭) বিশেষ কিছুমান শাস্ত্ৰপদ আৰু বাইবেলৰ আন বাক্যসমূহক নিৰীক্ষণ কৰি চাব পাৰিম যে ঈশ্বৰৰ প্ৰেমপূৰ্বক দয়া (১) বিশেষ কাৰ্য্য আৰু (২) তেওঁৰ বিশ্বাসী সেৱকসকলৰ অনুভৱৰ যোগেদি প্ৰকাশ পাইছে।
পৰিত্ৰাণ হৈছে প্ৰেমপূৰ্বক দয়াৰ এটা অভিব্যক্তি
৬, ৭. (ক) লোটৰ ক্ষেত্ৰত যিহোৱাই কেনেকৈ প্ৰেমপূৰ্বক দয়াক প্ৰকাশ কৰিলে? (খ) লোটে কেতিয়া প্ৰেমপূৰ্বক দয়াৰ বিষয়ে উল্লেখ কৰিলে?
৬ প্ৰেমপূৰ্বক দয়াৰ সৈতে জড়িত থকা বৃতান্তসমূহক পৰীক্ষা কৰাৰ দ্বাৰা আমি যিহোৱাই প্ৰকাশ কৰা সেই গুণৰ অভিপ্ৰায়ক জানিব পাৰিম। আদিপুস্তক ১৪:১-১৬ পদত উল্লেখ কৰা বৃতান্তত আমি অব্ৰাহামৰ ভাগিন লোটক শত্ৰুবিলাকে বন্দী কৰি নিয়াৰ বিষয়ে পঢ়িবলৈ পাওঁ। কিন্তু অব্ৰাহামে তেওঁক শত্ৰুৰ হাতৰ পৰা উদ্ধাৰ কৰে। লোট আৰু তেওঁৰ পৰিয়ালে বাস কৰা চহৰখনক যিহোৱাই ধ্বংস কৰিবলৈ নিৰ্ণয় লোৱাত তেওঁৰ জীৱন পুনৰাই বিপদপন্ন হৈ পৰিছিল।—আদিপুস্তক ১৮:২০-২২; ১৯:১২, ১৩.
৭ চদোম নামৰ চহৰখন ধ্বংস কৰা মাত্ৰ কিছুসময়ৰ পূৰ্বেই যিহোৱাৰ স্বৰ্গদূত আহি লোট আৰু তেওঁৰ পৰিয়ালক সেই ঠাইডোখৰৰ পৰা বাহিৰলৈ লৈ গৈছিল। সেই সময়ত লোটে এইদৰে কৈছিল: “আপোনাৰ দাসে আপোনাৰ দৃষ্টিত অনুগ্ৰহ পাইছে, আৰু মোৰ প্ৰাণ ৰাখি, আপুনি মোলৈ [প্ৰেমপূৰ্বক দয়া, NW] কৰিলে।” (আদিপুস্তক ১৯:১৬, ১৯) এই বাক্যশাৰীৰ সৈতে লোটে জানিবলৈ পাৰিলে যে তেওঁক ৰক্ষা কৰি যিহোৱাই অসাধাৰণ প্ৰেমপূৰ্বক দয়া প্ৰকাশ কৰিলে। এই ক্ষেত্ৰত ঈশ্বৰে নিজৰ প্ৰেমপূৰ্বক দয়াক উদ্ধাৰ আৰু ৰক্ষা কৰি প্ৰকাশ কৰিলে।—২ পিতৰ ২:৭.
যিহোৱাৰ প্ৰেমপূৰ্বক দয়া আৰু নিৰ্দ্দেশনা
৮, ৯. (ক) অব্ৰাহামে তেওঁৰ দাসজনক কি কৰিবলৈ আজ্ঞা দিছিল? (খ) দাসজনে কিয় প্ৰেমপূৰ্বক দয়া দেখুৱাবলৈ নিৱেদন কৰি ঈশ্বৰলৈ প্ৰাৰ্থনা কৰিছিল আৰু তেওঁ প্ৰাৰ্থনা কৰি থকা সময়ত কি ঘটিল?
৮ আমি আদিপুস্তক ২৪ অধ্যায়ত ঈশ্বৰে প্ৰকাশ কৰা প্ৰেমপূৰ্বক দয়া বা আনুগত্য প্ৰেমৰ আন এটা অভিব্যক্তি দেখিবলৈ পাওঁ। এই বৃতান্তত আমি এইদৰে পঢ়িবলৈ পাওঁ যে অব্ৰাহামে পুত্ৰ ইচহাকৰ বাবে পত্নী বিচাৰিবলৈ নিজৰ দাসক সম্বন্ধীয়া লোকৰ ওচৰলৈ যাবলৈ আজ্ঞা দিলে। (২-৪ পদ) সেই অভিযান ইমান সহজ নাছিল, কিন্তু যিহোৱাৰ স্বৰ্গদূতে সেই দাসজনক মাৰ্গ দৰ্শন কৰিব বুলি কৈ আশ্বাস দিলে। (৭ পদ) অৱশেষত সেই দাসে “নাহোৰ চহৰৰ” (হাৰোণ বা তাৰ ওচৰ-পাজৰে থকা ঠাই) বাহিৰত অৱস্থিত থকা এটা নাদৰ কাষত উপস্থিত হʼল। (১০, ১১ পদ) যেতিয়া মহিলাবিলাকে নাদৰ কাষ চাপি আহিছিল, তেতিয়া জানিছিল যে তেওঁৰ অভিযানৰ গুৰুত্বপূৰ্ণ উদ্দেশ্য পূৰ্ণ হোৱাৰ সময় আহিল। কিন্তু দাসজনে ইচহাকৰ বাবে কেনেকৈ এগৰাকী উপযুক্ত ছোৱালী বাছি উলিয়াব পাৰিলে?
৯ এনে সময়ত ঈশ্বৰীয় নিৰ্দ্দেশনাৰ আৱশ্যক বুলি জানি অব্ৰাহামৰ দাসজনে এইদৰে প্ৰাৰ্থনা কৰিছিল: “হে মোৰ প্ৰভু অব্ৰাহামৰ ঈশ্বৰ যিহোৱা, মই বিনয় কৰোঁ, আজি মোৰ কৰ্ম্ম সাম্ফল কৰি, মোৰ প্ৰভু অব্ৰাহামলৈ [প্ৰেমপূৰ্বক দয়া, NW] প্ৰকাশ কৰক।” (১২ পদ) যিহোৱাই কেনেকৈ প্ৰেমপূৰ্বক দয়া প্ৰকাশ কৰিব লগা আছিল? ঈশ্বৰে বাছি লোৱা ছোৱালীজনীক চিনি পাবলৈ সেই দাসজনে এক বিশেষ চিহ্ন বিচাৰিলে। (১৩, ১৪ পদ) দাসজনে যিহোৱাৰ পৰা যি বিচাৰিছিল এগৰাকী ছোৱালীয়ে তেনেদৰেই কৰিলে। তাই সঠিকভাৱে এনে কাৰ্য্য কৰিলে তাই যেন সেই সকলো প্ৰাৰ্থনা শুনিছিল! (১৫-২০ পদ) প্ৰকৃততে তেনে হোৱা দেখি দাসজনে আঁচৰিত হৈ “তাইলৈ একে-ঠৰে চাই আছিল।” তথাপিও কিছুমান গুৰুত্বপূৰ্ণ বিষয়ৰ স্পষ্টীকৰণ হʼবলৈ আৱশ্যক আছিল। যেনে, এই পৰম-সুন্দৰী ছোৱালীজনীৰ বাস্তৱতে অব্ৰাহামৰ সম্বন্ধীয়া লোক আছিলনে? তেতিয়ালৈকে তাই অবিবাহিত নে? সেইবাবে দাসজনে “তেওঁৰ যাত্ৰা যিহোৱাই সাম্ফল কৰে নে নকৰে, তাকে জানিবৰ নিমিত্তে মনে মনে থাকিল।”—১৬, ২১ পদ.
১০. অব্ৰাহামৰ দাসজনে কিয় কʼব পাৰিলে যে যিহোৱাই তেওঁৰ মালিকলৈ প্ৰেমপূৰ্বক দয়া প্ৰকাশ কৰিলে?
১০ তাৰ অলপ পিছতহে সেই ছোৱালীজনীয়ে নিজকে “মিল্কাই নাহোৰলৈ প্ৰসৱ কৰা পুত্ৰ যি বথুৱেল, মই তেওঁৰে জীয়েক” বুলি পৰিচয় দিছিল। (আদিপুস্তক ১১:২৬; ২৪:২৪) সেই মুহূৰ্ততে দাসজনে জানিব পাৰিলে যে যিহোৱাই তেওঁৰ প্ৰাৰ্থনাৰ উত্তৰ দিলে। দাসজনে অভিভূত হৈ প্ৰণিপাত কৰি এইদৰে কৈছিল: “মোৰ প্ৰভু অব্ৰাহামৰ ঈশ্বৰ যিহোৱা ধন্য; তেওঁ মোৰ প্ৰভুলৈ [প্ৰেমপূৰ্বক দয়া, NW] আৰু সত্য আচৰণ কৰিবলৈ এৰা নাই; আৰু যিহোৱাই মোক মোৰ প্ৰভুৰ জ্ঞাতিবিলাকৰ ঘৰৰ বাটেদি আনিলে।” (২৭ পদ) এইদৰে যিহোৱাই দাসজনক নিৰ্দ্দেশনা দি অব্ৰাহামলৈ প্ৰেমপূৰ্বক দয়া প্ৰকাশ কৰিলে।
ঈশ্বৰৰ প্ৰেমপূৰ্বক দয়াই মুক্তি আৰু সুৰক্ষা প্ৰদান কৰে
১১, ১২. (ক) যোচেফে কেনে পৰীক্ষাসমূহত যিহোৱাৰ প্ৰেমপূৰ্বক দয়াৰ অভিজ্ঞতা হৈছিল? (খ) যোচেফৰ ক্ষেত্ৰত ঈশ্বৰে কেনেকৈ প্ৰেমপূৰ্বক দয়া প্ৰকাশ কৰিলে?
১১ এতিয়া আঁহক আমি আদিপুস্তক ৩৯ অধ্যায়ৰ বিষয়ে বিবেচনা কৰোঁহঁক। সেই অধ্যায়ে আমাক অব্ৰাহামৰ নাতিয়েক যোচেফক দাসত্বৰ বাবে মিচৰ দেশত বেচি দিয়াৰ বিষয়ে বৰ্ণনা কৰে। যিয়ে নহওক কিয়, “যিহোৱা যোচেফৰ সঙ্গী হোৱা” প্ৰমাণ দিছিল। (১, ২ পদ) আনকি যোচেফৰ মিচৰীয়া গিৰিহঁত পোটীফৰেও স্বীকাৰ কৰিছিল যে যিহোৱা যোচেফৰ সঙ্গী হৈছিল। (৩ পদ) তথাপিও যোচেফে এক গম্ভীৰ পৰিস্থিতিৰ সম্মুখীন হʼবলগা হৈছিল। তেওঁক পোটীফৰৰ পত্নীক বলৎকাৰ কৰিবলৈ চেষ্টা কৰাৰ মিছা অভিযোগত বন্দীশালত ৰখা হৈছিল। (৭-২০ পদ) “বন্দীশালত” তেওঁক “ভৰিত বেৰীৰে দুখ দিলে, তেওঁক লোহাৰ শিকলিৰে বন্ধা হল।”—আদিপুস্তক ৪০:১৫; গীতমালা ১০৫:১৮.
১২ তেওঁলৈ অহা সেই বিশেষ পৰীক্ষাৰ সময়ত কি ঘটিল? “যিহোৱাই যোচেফৰ সঙ্গী হৈ, তেওঁলৈ [প্ৰেমপূৰ্বক দয়া, NW]” কৰিলে। (২১ক পদ) ঈশ্বৰৰ প্ৰেমপূৰ্বক দয়াৰ কাৰ্য্যই ক্ৰমানুসৰি ঘটা ঘটনাৰ যোগেদি যোচেফক সকলো প্ৰকাৰৰ সমস্যাৰ পৰা পৰিত্ৰাণ কৰিলে। যিহোৱাই তেওঁক “বন্দীশালৰ অধ্যক্ষৰ অনুগ্ৰহপ্ৰাপ্ত কৰিলে।” (২১খ পদ) পৰিণামস্বৰূপে, বিষয়াসকলে তেওঁক এক গুৰুত্বপূৰ্ণ কাৰ্য্যভাৰ দিলে। (২২ পদ) পিছলৈ যোচেফে এনে এজন ব্যক্তিক লগ পাইছিল যিজনে মিচৰৰ ৰজা ফৌৰণক তেওঁৰ বিষয়ে জনাইছিল। (আদিপুস্তক ৪০:১-৪, ৯-১৫; ৪১:৯-১৪) পৰিণামস্বৰূপে, সেই ৰজাজনে তেওঁক মিচৰৰ দ্বিতীয় শাসনকৰ্তা হিচাবে নিযুক্ত কৰিলে আৰু মিছৰ দেশখনত হোৱা ক্লেশৰ সময়ছোৱাত যোচেফে জীৱন-ৰক্ষকৰ কাৰ্য্য কৰিলে। (আদিপুস্তক ৪১:৩৭-৫৫) যোচেফে ১৭ বছৰীয়া বয়সৰ পৰা ২৯ বছৰতকৈ অধিক বয়সলৈ ক্লেশ ভুগিবলগীয়া হৈছিল! (আদিপুস্তক ৩৭:২, ৪; ৪১:৪৬) কিন্তু ক্লেশভৰা সেই গোটেই সময়ছোৱাত ঈশ্বৰে যোচেফক উদ্ধাৰ আৰু সুৰক্ষা প্ৰদান কৰি তেওঁৰ দ্বাৰা এক ঈশ্বৰীয় উদ্দেশ্য সম্পন্ন কৰিবলৈ বিশেষ অধিকাৰ প্ৰদান কৰিলে। এইদৰে যিহোৱাই যোচেফলৈ প্ৰেমপূৰ্বক দয়া প্ৰকাশ কৰিলে।
ঈশ্বৰৰ প্ৰেমপূৰ্বক দয়া কেতিয়াও বিফল নহয়
১৩. (ক) গীতমালা ১৩৬ অধ্যায়ত যিহোৱাৰ প্ৰেমপূৰ্বক দয়াৰ বিষয়ে কেনে অভিব্যক্তিবোৰ উল্লেখ কৰা হৈছে? (খ) প্ৰকৃততে প্ৰেমপূৰ্বক দয়া কি?
১৩ যিহোৱাই বাৰে বাৰে ইস্ৰায়েলসকলক প্ৰেমপূৰ্বক দয়া দেখুৱাইছিল। গীতমালা ১৩৬ অধ্যায়ত বৰ্ণনা কৰিছে যে যিহোৱাৰ প্ৰেমপূৰ্বক দয়াই তেওঁলোকক পৰিত্ৰাণ (১০-১৫ পদ), নিৰ্দ্দেশনা (১৬ পদ) আৰু সুৰক্ষা (১৭-২০ পদ) প্ৰদান কৰিলে। তদুপৰি, ঈশ্বৰে আন বিশ্বাসী ব্যক্তিসকলকো প্ৰেমপূৰ্বক দয়া দেখুৱাইছিল। এজন ব্যক্তিয়ে নিজৰ সঙ্গী মানৱৰ প্ৰতি উদাৰশীল হৈ ইচ্ছাকৃতভাৱে তেওঁৰ আৱশ্যকতাৰ অনুসাৰে কাৰ্য্য কৰি প্ৰেমপূৰ্বক দয়া দেখুৱায়। প্ৰেমপূৰ্বক দয়াৰ বিষয়ে বাইবেলৰ উদ্ধৃতিয়ে এইদৰে কৈছে: “ই হৈছে এনে এটা কাৰ্য্য যিয়ে জীৱনটোক ৰক্ষা বা উন্নত কৰে। তদুপৰি, ই হৈছে ক্লেশ বা বিপত্তিত থকা লোকৰ সহায়ক।” এজন বিদ্বানে প্ৰেমপূৰ্বক দয়াক “ক্ৰিয়াশীল প্ৰেম” বুলি উল্লেখ কৰিছে।
১৪, ১৫. লোটে যে ঈশ্বৰৰ অনুগ্ৰহ পাইছিল তাক আমি কিয় নিশ্চিতভাৱে কʼব পাৰোঁ?
১৪ আদিপুস্তকৰ বৃতান্তসমূহক বিবেচনা কৰাৰ দ্বাৰা আমি জানিব পাৰিছোঁ যে যিহোৱাক প্ৰেম কৰা লোকসকলৰ প্ৰতি প্ৰেমপূৰ্বক দয়া দেখুৱাবলৈ তেওঁ কেতিয়াও বিফল নহয়। লোট, অব্ৰাহাম আৰু যোচেফৰ আৰ্হিৰ দ্বাৰা দেখা গʼল যে তেওঁলোকে বিভিন্ন পৰিস্থিতিত বাস কৰিছিল আৰু বিভিন্ন পৰীক্ষাসমূহৰ সম্মুখীন হৈছিল। তদুপৰি, তেওঁলোক অসিদ্ধ মানৱ যদিও যিহোৱাৰ গ্ৰহণযোগ্য সেৱক আছিল আৰু তেওঁলোকক ঈশ্বৰৰ সহায়ৰ প্ৰয়োজন হৈছিল। বাস্তৱতে তেনে ব্যক্তিসকলকৰ প্ৰতি ঈশ্বৰে প্ৰেমপূৰ্বক দয়া দেখুৱাৰ পৰা আমি আশ্বাস লাভ কৰিব পাৰোঁ।
১৫ লোটে নভবা-নিচিন্তাকৈ নিৰ্ণয় লোৱাৰ বাবে অনেক ক্লেশদায়ক পৰিস্থিতিৰ সম্মুখীন হৈছিল। (আদিপুস্তক ১৩:১২, ১৩; ১৪:১১, ১২) তথাপিও তেওঁ বহুতো প্ৰশংসনীয় গুণ প্ৰকাশ কৰিছিল। উদাহৰণস্বৰূপে, যেতিয়া দুজন স্বৰ্গদূতে চদোম নগৰত উপস্থিত হৈছিল তেতিয়া তেওঁ অতিথিসেৱা কৰিছিল। (আদিপুস্তক ১৯:১-৩) চদোম নগৰখনৰ ধ্বংস উপস্থিত হোৱাৰ বিষয়ে বিশ্বাসেৰে তেওঁৰ জোঁৱায়েকবিলাকক জনাইছিল। (আদিপুস্তক ১৯:১৪) লোটৰ প্ৰতি থকা যিহোৱা ঈশ্বৰৰ দৃষ্টিভঙ্গীৰ বিষয়ে আমি ২ পিতৰ ২:৭-৯ পদত এইদৰে পঢ়িবলৈ পাওঁ: “সেই ধৰ্ম্মহীনবিলাকৰ লম্পট-আচৰণত দুখ পোৱা যি ধাৰ্ম্মিক লোট, তেওঁক ৰক্ষা কৰিলে; (কিয়নো সেই ধাৰ্ম্মিক জন তেওঁবিলাকৰ মাজত বাস কৰোঁতে তেওঁবিলাকৰ অধৰ্ম্ম-কাৰ্য্য দেখি শুনি, তাৰ কাৰণে দিনে দিনে নিজ ধাৰ্ম্মিক প্ৰাণত বিৰক্তি পালে;) তেন্তে সেই ভাঁৰি-কোৱাবিলাককো মৰম নকৰিব; এইদৰে [যিহোৱাই, NW] ভক্তবিলাকক পৰীক্ষাৰ পৰা উদ্ধাৰ কৰিবলৈ জানে।” লোট সঁচাকৈ এজন ধাৰ্ম্মিক ব্যক্তি আছিল আৰু ইয়াত উল্লেখ কৰা বাক্যসমূহে প্ৰকাশ কৰিছে যে তেওঁ ঈশ্বৰৰ প্ৰতি ভয় ৰাখোঁতা ব্যক্তি আছিল। তেওঁৰ দৰে আমিও “সকলো পবিত্ৰ আচাৰ-ব্যৱহাৰ আৰু ভক্তিৰে” কাৰ্য্য কৰি ঈশ্বৰৰ প্ৰেমপূৰ্বক দয়াৰ দ্বাৰা আনন্দ লাভ কৰিছোঁ।—২ পিতৰ ৩:১১, ১২.
১৬. অব্ৰাহাম আৰু যোচেফৰ বিষয়ে বাইবেলে কেনে প্ৰশংসনীয় উক্তিসমূহ ব্যৱহাৰ কৰিছে?
১৬ আদিপুস্তক ২৪ অধ্যায়ৰ বৃতান্তত অব্ৰাহাম আৰু ঈশ্বৰৰ মাজত থকা অটুট সম্পৰ্কৰ বিষয়ে স্পষ্টকৈ দাঙি ধৰিছে। প্ৰথম অধ্যায়ত “যিহোৱাই সকলোতে অব্ৰাহামক আশীৰ্ব্বাদ কৰিছিল” বুলি বৰ্ণনা কৰিছে। সেয়েহে অব্ৰাহামৰ দাসজনে “মোৰ প্ৰভু অব্ৰাহামৰ ঈশ্বৰ যিহোৱা” বুলি কʼব পাৰিছিল। (১২, ২৭ অধ্যায়) পাঁচনি যাকোবে কৈছিল যে অব্ৰাহামক “ধাৰ্ম্মিক বুলি গণিত” আৰু “ঈশ্বৰৰ মিতিৰ বোলা হল।” (যাকোব ২:২১-২৩) একেইদৰে যোচেফৰ ক্ষেত্ৰতো সঁচা আছিল। যিহোৱা আৰু যোচেফৰ মাজত থকা ঘনিষ্ঠ সম্পৰ্কৰ বিষয়ে আদিপুস্তকৰ ৩৯ অধ্যায়ৰ গোটেই ভাগতে উল্লেখ কৰিছে। (২, ৩, ,২১ ২৩ পদ) ইয়াৰ উপৰিও যোচেফৰ বিষয়ে পাঁচনি স্তিফেনে এইদৰে কৈছিল: “ঈশ্বৰে তেওঁৰ সঙ্গী” আছিল।—পাঁচনিৰ কৰ্ম্ম ৭:১০.
১৭. আমি লোট, অব্ৰাহাম আৰু যোচেফৰ আৰ্হিৰ পৰা কি শিকিব পাৰোঁ?
১৭ অলপতে আমি ঈশ্বৰে প্ৰেমপূৰ্বক দয়া দেখুৱা ব্যক্তিসকলৰ সম্পৰ্কে বিবেচনা কৰিলোঁ, যিসকলে যিহোৱাৰ সৈতে এক উত্তম সম্পৰ্ক বজাই ৰাখিছিল আৰু যিহোৱাৰ উদ্দেশ্য সম্পন্ন কৰাত বিভিন্ন প্ৰকাৰৰ ভূমিকা আদায় কৰিলে। তেওঁলোকে এনে বাধাবোৰৰ সম্মুখীন হৈছিল যিবোৰক নিজ শক্তিৰ বাহুল্যতাৰে সমাধান কৰিব নোৱাৰিলেহেঁতেন। যেনে, বিপদপন্ন অৱস্থাত লোটৰ জীৱন ৰক্ষা, অব্ৰাহামৰ বংশ চলি থকা আৰু যোচেফে বহন কৰা দায়িত্ব পালন কৰা। একমাত্ৰ যিহোৱাই তেওঁক ভক্তি কৰোঁতাসকলৰ আৱশ্যকতা পূৰণ কৰিব পাৰিলেহেঁতেন আৰু সঠিকভাৱে তেওঁ এই সকলো কাৰ্য্য প্ৰেমপূৰ্বক দয়াৰে কৰিলে। যদি আমি চিৰকালৰ বাবে যিহোৱাৰ প্ৰেমপূৰ্বক দয়াৰ দ্বাৰা লাভবান হʼব বিচাৰিছোঁ, তেনেহʼলে আমি একেৰাহে তেওঁৰ সৈতে এক ঘনিষ্ঠ সম্পৰ্ক বজাই ৰখা আৰু তেওঁৰ ইচ্ছাৰ অনুসাৰে চলা উচিত।—ইজ্ৰা ৭:২৮; গীতমালা ১৮:৫০.
ঈশ্বৰৰ সেৱকসকল হৈছে অনুগ্ৰহপ্ৰাপ্ত
১৮. যিহোৱাৰ প্ৰেমপূৰ্বক দয়াৰ বিষয়ে বাইবেলৰ বিভিন্ন পদে কেনেকৈ নিৰ্দ্দেশিত কৰিছে?
১৮ যিহোৱাৰ প্ৰেমপূৰ্বক দয়াৰে ‘পৃথিৱী পৰিপূৰ্ণ’ হৈছে আৰু ঈশ্বৰে প্ৰকাশ কৰা এই গুণৰ বাবে আমি কৃতজ্ঞতা জ্ঞাপন কৰোঁ! (গীতমালা ১১৯:৬৪) গীতমালা ৰচোঁতাজনৰ বাক্যশাৰীক আমি সম্পূৰ্ণ হৃদয়েৰে সমৰ্থন কৰোঁ: “লোকবিলাকে যিহোৱাৰ দয়াৰ নিমিত্তে তেওঁৰ প্ৰশংশা কৰক, মনুষ্য-সন্তাবিলাকলৈ কৰা তেওঁৰ আচৰিত কাৰ্য্যৰ নিমিত্তে তেওঁৰ প্ৰশংসা কৰক।” (গীতমালা ১০৭:৮, ১৫, ২১, ৩১) ইয়াকে জানি আমি আনন্দিত হৈছোঁ যে যিহোৱাই তেওঁৰ অনুমোদন লাভ কৰা সেৱকসকলক ব্যক্তিগতৰূপে অথবা সমূহীয়াকৈ প্ৰেমপূৰ্বক দয়া দেখুৱাইছে। ভৱিষ্যতবক্তা দানিয়েলে কৰা প্ৰাৰ্থনাত যিহোৱাক “মহান, ভয়ানক, আৰু তোমাক প্ৰেম কৰোঁতা ও তোমাৰ আজ্ঞা পালন কৰোঁতাবিলাকলৈ নিয়ম আৰু [প্ৰেমপূৰ্বক দয়া, NW] ৰাখোঁতা ঈশ্বৰ” বুলি উল্লেখ কৰিছিল। (দানিয়েল ৯:৪) ৰজা দায়ূদে প্ৰাৰ্থনা কৰি এইদৰে কৈছিল: “যিবিলাকে তোমাক জানে, তুমি তেওঁবিলাকক [প্ৰেমপূৰ্বক দয়া, NW] কৰি থাকা।” (গীতমালা ৩৬:১০) যিহোৱাই তেওঁৰ সেৱকসকলক প্ৰেমপূৰ্বক দয়া দেখুৱাই বুলি জানি আমি কৃতজ্ঞতা অনুভৱ কৰোঁ!—১ ৰাজাৱলি ৮:২৩; ১ বংশাৱলি ১৭:১৩.
১৯. পৰৱৰ্তী লেখত আমি কেনে প্ৰশ্নসমূহৰ আলোচনা কৰিম?
১৯ বাস্তৱতে, আমি যিহোৱাৰ অনুগ্ৰহপ্ৰাপ্ত ব্যক্তি। ইয়াৰ উপৰিও সাধাৰণতে ঈশ্বৰে মানৱজাতিৰ প্ৰতি দেখুৱা প্ৰেমৰ পৰা লাভবান আৰু স্বৰ্গীয় পিতৃয়ে প্ৰকাশ কৰা প্ৰেমপূৰ্বক দয়া বা আনুগত্য প্ৰেমৰ ফলস্বৰূপে বিশেষ প্ৰকাৰৰ আশীৰ্ব্বাদসমূহ লাভ কৰি আনন্দিত হৈছোঁ। (যোহন ৩:১৬) বিশেষকৈ প্ৰয়োজনীয়তাৰ সময়ত আমি যিহোৱাৰ এই বহুমূল্য গুণটোৰ দ্বাৰা লাভবান হৈছোঁ। (গীতমালা ৩৬:৭) কিন্তু আমি যিহোৱাৰ প্ৰেমপূৰ্বক দয়াৰ গুণটো কেনেকৈ অনুকৰণ কৰিব পাৰোঁ? আমি ব্যক্তিগতভাৱে ইয়াক প্ৰকাশ কৰিছোঁনে? এই প্ৰশ্নসমূহ পৰৱৰ্তী লেখত আলোচনা কৰা হʼব। (w02 5/15)
আপোনাৰ মনত আছেনে?
• “প্ৰেমপূৰ্বক দয়া” অভিব্যক্তিৰ সলনি শাস্ত্ৰত কেনে বিকল্প শব্দৰ ব্যৱহাৰ কৰা হৈছে?
• প্ৰেমপূৰ্বক দয়া অভিব্যক্তিটো প্ৰেম আৰু আনুগত্য শব্দৰ অৰ্থৰ পৰা কেনেকৈ ভিন্ন?
• যিহোৱাই কি প্ৰকাৰে লোট, অব্ৰাহাম আৰু যোচেফক প্ৰেমপূৰ্বক দয়া দেখুৱালে?
• প্ৰাচীন সময়ত যিহোৱাই প্ৰকাশ কৰা প্ৰেমপূৰ্বক দয়াৰ পৰা আমি কেনে আশ্বাস পাওঁ?
[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]
[২৫ পৃষ্ঠাৰ ছবিসমূহ]
তেওঁৰ প্ৰেমপূৰ্বক দয়াৰ দ্বাৰা যিহোৱাই অব্ৰাহামৰ দাসক নিৰ্দ্দেশনা প্ৰদান কৰিলে
[২৬ পৃষ্ঠাৰ ছবিসমূহ]
যোচেফক ৰক্ষা কৰাৰ দ্বাৰা যিহোৱাই প্ৰেমপূৰ্বক দয়াৰ প্ৰমাণ দিলে