Skip to content

Skip to table of contents

বাইবেলৰ নৈতিকতাৰ বিষয়ে নিজে শিকা আৰু আনকো শিক্ষা প্ৰদান কৰা

বাইবেলৰ নৈতিকতাৰ বিষয়ে নিজে শিকা আৰু আনকো শিক্ষা প্ৰদান কৰা

বাইবেলৰ নৈতিকতাৰ বিষয়ে নিজে শিকা আৰু আনকো শিক্ষা প্ৰদান কৰা

তেন্তে হে লোকক শিকাওঁতা, তুমি নিজকে শিক্ষা নিদিয়া নে?”ৰোমীয়া ২:২১.

১, ২. বাইবেল অধ্যয়ন কৰিবলৈ আপোনাৰ ওচৰত কেনে আৱশ্যকীয় কাৰণ আছে?

 ঈশ্বৰৰ বাক্যক অধ্যয়ন কৰাৰ বাবে আপোনাৰ ওচৰত বহুতো কাৰণ আছে। আপুনি হয়তো ইয়াত থকা বাস্তৱিকতা যেনে, লোকসমূহ, ঘটনা, স্থান আৰু আন বহুতো বিষয়ৰ সম্পৰ্কে জনাবলৈ বিচাৰিব। মিছা ধৰ্ম্মই, শাস্ত্ৰীয় সত্যতাৰ বিপৰীতে শিকোৱা ত্ৰিমূৰ্ত্তি বা নৰকৰ বিষয়ে আপুনি হয়তো জানিবলৈ আগ্ৰহী হʼব। (যোহন ৮:৩২) তদুপৰি, আপুনি যিহোৱাৰ বিষয়ে ভালদৰে জনাবলৈ বিচাৰিব যাতে তেওঁৰ গুণসমূহক অনুকৰণ কৰি তেওঁৰ দৃষ্টিত ধাৰ্ম্মিক হʼব পাৰে।—১ ৰাজাৱলি ১৫:৪, ৫.

তেওঁৰ বাক্যক অধ্যয়ন কৰাৰ আন এক আৱশ্যকীয় কাৰণ হৈছে ঈশ্বৰৰ বাক্যই আনক, যেনে, আত্মীয়-স্বজন, পৰিচিতি আৰু অপৰিচিত লোকসকলকো শিকাবলৈ আমাক সুসজ্জিত কৰি তুলে। এনে ধৰণৰ শিক্ষা দিয়া কাৰ্য্য প্ৰকৃত খ্ৰীষ্টানসকলৰ বাবে কোনো বিকল্পযুক্ত কাৰ্য্য নহয়। এই সন্দৰ্ভত যীচুৱে তেওঁৰ শিষ্যসকলক এইদৰে কৈছিল: “এই হেতুকে তোমালোক যোৱা; আৰু সকলো জাতিকে শিষ্য কৰি, . . . আৰু মই যি যি আদেশ তোমালোকক দিলোঁ, সেই সকলোকে পালন কৰিবলৈ তেওঁবিলাকক শিক্ষা দিয়া।”—মথি ২৮:১৯, ২০.

৩, ৪. যীচুৰ আজ্ঞাৰ অনুসাৰে শিক্ষা দিয়াটো আপোনাৰ বাবে কিয় এক আদৰণীয় বিষয়?

আনক শিকোৱাৰ উদ্দেশ্যেৰে বাইবেল অধ্যয়ন কৰিবলৈ লক্ষ্য ৰখাটো হৈছে এক আদৰণীয় আৰু চিৰসন্তুষ্টিৰ উৎস। প্ৰাচীন সময়ৰ পৰাই শিক্ষা দিয়া কাৰ্য্যক এক সন্মানীয় বৃত্তি হিচাবে গ্ৰহণ কৰি আহিছে। দি এনকাৰ্টা এনচাইক্ল্যাপীডিয়াই এইদৰে বৰ্ণনা কৰিছে: “ইহুদীসকলৰ সমাজত থকা বহুতো বয়সস্থলোকক শিক্ষক হিচাবে বিবেচনা কৰা হৈছিল। তেওঁলোকে পৰিত্ৰাণৰ বাবে মাৰ্গদৰ্শন, লʼৰা-ছোৱালীক তেওঁলোকৰ শিক্ষসকলৰ প্ৰতি সন্মান আৰু সকলোতকৈ মহত্বপূৰ্ণ বিষয়টো হৈছে নিজৰ পিতৃ-মাতৃক সন্মান কৰিবলৈ শিক্ষা প্ৰদান কৰিছিল।” সেয়েহে খ্ৰীষ্টানসকলে প্ৰথমে নিজেই বাইবেল অধ্যয়ন কৰি শিক্ষা গ্ৰহণ কৰা আৰু তাৰ পিছত আনকো শিক্ষা দিয়াটো হৈছে এক সন্মানীয় কাৰ্য্য।

দ্যা ৱৰ্ল্ড বুক এনচাইক্ল্যাপীডিয়াত এইদৰে কৈছে যে, বৰ্তমান সময়ত “আন জীৱিকাত জড়িত হোৱা লোকসকলৰ সংখ্যাতকৈ শিক্ষা প্ৰদান কৰা লোকসকলৰ সংখ্যা অনেক। গোটেই বিশ্বত প্ৰায় ৪.৮ কোটি জন পুৰুষ আৰু মহিলাই শিক্ষা দিয়া কাৰ্য্যক তেওঁলোকৰ বৃত্তি হিচাবে বাছি লৈছে।” সাধাৰণভাৱে এজন শিক্ষকৰ কৰ্তব্য হৈছে ডেকা লোকসকলক এনে শিক্ষা প্ৰদান কৰা, যি তেওঁলোকৰ ভৱিষ্যতৰ ওপৰতো ক্ৰিয়াশীল হৈ থাকে। কিন্তু যেতিয়া আপুনি যীচুৰ আজ্ঞাক পালন কৰি আনক শিক্ষা প্ৰদান কৰে তেতিয়া তাৰ প্ৰভাৱ তাতকৈ অধিক অৰ্থাৎ চিৰকাললৈ ক্ৰিয়াশীল হৈ থাকিব পাৰে। পাঁচনি পৌলে তীমথিয়ক উৎসাহিত কৰাৰ সময়তো সেই একেইদৰে গুৰুত্ব দি এইদৰে কৈছিল: “নিজৰ বিষয়ে আৰু শিক্ষাৰ বিষয়ে সাৱধান হোৱা আৰু এইবোৰত থাকা; কিয়নো ইয়াকে কৰিলে, তুমি নিজৰ আৰু শুনাবিলাকৰো পৰিত্ৰাণ কৰাবা।” (১ তীমথিয় ৪:১৬) প্ৰকৃততে আপোনাৰ শিক্ষা দিয়া কাৰ্য্যত পৰিত্ৰাণ জড়িত হৈ আছে।

৫. খ্ৰীষ্টানসকলৰ শিক্ষা দিয়া কাৰ্য্যটো কিয় সকলোতকৈ উচ্চ?

নিজক আৰু আনক শিক্ষা দিয়া কাৰ্য্যত বিশ্বৰ সৰ্ব্বপ্ৰধান জনাই অধিকাৰ আৰু নিৰ্দ্দেশনা প্ৰদান কৰিছে। সেয়েহে সাধাৰণতে পোৱা শিক্ষাৰ তুলনাত এই শিক্ষা অধিক উচ্চমান। কিয়নো এই শিক্ষাই সকলো আৱশ্যকতা, যেনে, চাকৰীৰ দক্ষতা বা চিকিৎসীয় বিষয়বোৰত উন্নতভাৱে শিক্ষা প্ৰদান কৰে। গতিকে এজন বিদ্যাৰ্থীয়ে খ্ৰীষ্টানসকলে দিয়া শিক্ষাৰ পৰা ব্যক্তিগতভাৱে ঈশ্বৰৰ পুত্ৰ যীচুক অনুকৰণ কৰা আৰু আনকো তেনে কৰিবলৈ শিক্ষা দিয়াৰ বিষয়ে শিকে।—যোহন ১৫:১০.

ব্যক্তিগতভাৱে নিজে কিয় শিকা উচিত?

৬, ৭. (ক) সৰ্ব্বপ্ৰথমে আমি কিয় ব্যক্তিগতভাৱে শিক্ষা গ্ৰহণ কৰা উচিত? (খ) প্ৰথম শতিকাৰ ইহুদীসকলে কি অৰ্থত শিক্ষক হোৱাৰ বাবে অযোগ্য আছিল?

সৰ্ব্বপ্ৰথমে ব্যক্তিগতভাৱে আমি নিজকে শিক্ষিত কৰি তুলিবলৈ কিয় কোৱা হৈছে? যদি আমি ব্যক্তিগতভাৱে শিক্ষা গ্ৰহণ নকৰোঁ তেন্তে আনক সঠিকভাৱে শিক্ষা দিব নোৱাৰিম। এই বাস্তৱতাৰ সম্পৰ্কে পাঁচনি পৌলে এক চিন্তা-বিদাৰক প্ৰশ্ন দাঙি ধৰিছিল, যি সেই সময়ৰ ইহুদীসকলৰ বাবে অতি গম্ভীৰ বিষয় আছিল আৰু বৰ্তমান সময়ৰ খ্ৰীষ্টানসকলৰ বাবেও ই এক গুৰুত্বপূৰ্ণ। সেয়েহে পাঁচনি পৌলে এনেদৰে সুধিছিল: “তেন্তে হে লোকক শিকাওঁতা, তুমি নিজকে শিক্ষা নিদিয়া নে? হে চুৰ নকৰিবলৈ ঘোষণা কৰা জন, তুমি চুৰ কৰা নে? হে ব্যভিচাৰ নকৰিবলৈ কোৱা জন, তুমি ব্যভিচাৰ কৰা নে? হে দেৱমূৰ্ত্তিবোৰ ঘিণ কৰা জন, তুমি দেৱালয় লুট কৰা নে? হে বিধানত গৌৰৱ কৰা জন, তুমি বিধান উল্লঙ্ঘন কৰি ঈশ্বৰৰ অমৰ্য্যাদা কৰা নে?”—ৰোমীয়া ২:২১-২৩.

পাঁচনি পৌলে তেনে হৃদয়স্পৰ্ষী প্ৰশ্ন দাঙি ধৰি দহোটা আজ্ঞাত পোনপটীয়াকৈ উল্লেখ কৰা দুটা অনুচিত কাৰ্য্যৰ সম্পৰ্কে কৈছিল। সেই দহটো আজ্ঞাত এইদৰে কোৱা হৈছিল: “তুমি পৰস্ত্ৰী গমন নকৰিবা। তুমি চুৰ নকৰিবা।” (যাত্ৰাপুস্তক ২০:১৪, ১৫) পৌলৰ সময়ত থকা কিছুমান ইহুদী ব্যক্তিয়ে তেওঁলোকৰ ওচৰত ঈশ্বৰৰ নিয়ম-ব্যৱস্থা থকাৰ বাবে অহঙ্কাৰ কৰিছিল। তেওঁলোকে ‘মৌখিকৰূপে বিধানৰ বিপৰীতে শিক্ষা দি নিজকে অন্ধবিলাকৰ পথদৰ্শক, আন্ধাৰত থকাবিলাকলৈ পোহৰ, অজ্ঞানক জ্ঞান দিওঁতা আৰু শিশুবিলাকৰ গুৰু বুলি মানিছিল।’ (ৰোমীয়া ২:১৭-২০) তথাপিও তেওঁলোকৰ কিছুমানক পেট কপটীয়া বুলি কোৱা হৈছিল, কিয়নো তেওঁলোকে চুৰ আৰু পৰস্ত্ৰী গমনৰ দৰে বেয়া কাৰ্য্য কৰিছিল। তেনে বেয়া কাৰ্য্য কৰাৰ দ্বাৰা তেওঁলোকে নিয়ম-ব্যৱস্থা প্ৰদান কৰোঁতা আৰু স্বৰ্গীয় গ্ৰন্থকাৰজনক অপমান কৰিছিল। গতিকে আপুনি নিজেই বিবেচনা কৰি জানিব পাৰে যে তেওঁলোকে কিয় আনক শিক্ষা দিয়াত অযোগ্য আছিল; কিয়নো তেওঁলোকে ব্যক্তিগতভাৱে নিজকে শিক্ষা দিয়া নাছিল।

৮. পাঁচনি পৌলৰ সময়ত কেনেকৈ কিছুমান ইহুদীয়ে ‘পবিত্ৰ বস্তুৰ অপহাৰক’ হৈছিল?

পাঁচনি পৌলে পবিত্ৰ বস্তুৰ অপহাৰক বুলি উল্লেখ কৰিছিল। কিছুমান ইহুদীয়ে প্ৰকৃততে তেনে কৰিছিলনে? পাঁচনি পৌলে কি অৰ্থত তেনেকৈ কৈছিল? স্পষ্টৰূপে, এই শাস্ত্ৰীয় পদৰ ওপৰত সীমিত জ্ঞান থকাৰ বাবে আমি নিশ্চিতভাৱে এইবুলি কব নোৱাৰোঁ যে কিছুমান ইহুদী ব্যক্তিয়ে কেনেকৈ ‘পবিত্ৰ বস্তুৰ অপহাৰক’ হৈছিল। ইফিচীয়া নগৰৰ কাৰ্য্য-সম্পাদকে কৈছিল যে পাঁচনি পৌলৰ সহগামীসকল ‘পবিত্ৰ বস্তুৰ অপহাৰক’ নাছিল আৰু এই পৰামৰ্শৰ দ্বাৰা এইটো জানিব পাৰি যে কিছুমান লোকে ইহুদীসকলক তেনে কাৰ্য্যৰ বাবে দোষী বুলি ভাবিছিল। (পাঁচনিৰ কৰ্ম্ম ১৯:২৯-৩৭) যুদ্ধত বিজয় হোৱাত বা ধৰ্মান্ধ ব্যক্তিসকলে দেৱ-দেৱীৰ মন্দিৰৰ পৰা অনা বস্তুবোৰক ইহুদীসকলে ব্যক্তিগত অথবা ব্যৱসায়ৰ বাবে ব্যৱহাৰ কৰিছিলনে? ঈশ্বৰৰ ব্যৱস্থাৰ অনুসাৰে ৰূপ বা সোণৰ মূৰ্ত্তিবোৰক ব্যক্তিগতভাৱে ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে সেইবোৰক বিনষ্ট কৰিব লাগিছিল। (দ্বিতীয় বিবৰণ ৭:২৫) a কিন্তু ইহুদীবিলাকে ঈশ্বৰৰ আজ্ঞাক উলঙ্ঘন কৰি নিজৰ লাভৰ অৰ্থে মিছা দেৱ-দেৱীৰ মন্দিৰৰ বস্তুবোৰক ব্যৱহাৰ কৰাৰ বাবে পাঁচনি পৌলে হয়তো সেই বিষয়ে স্পষ্টকৈ উল্লেখ কৰিছিল।

৯. ইহুদীসকলে যিৰূচালেম মন্দিৰত কেনে ধৰণৰ ঘৃণনীয় কাৰ্য্য কৰিছিল, সম্ভৱতঃ যিটো পবিত্ৰ বস্তুৰ অপহৰণ কৰাৰ দৰে আছিল?

আনহাতে যোচিফাচে কৈছিল যে ৰোম চহৰত চাৰিজন ইহুদী ব্যক্তিক নিন্দনীয় কাৰ্য্যৰ বাবে দোষী সাব্যস্ত কৰা হৈছিল। প্ৰকৃততে তেওঁলোক চাৰিজন ব্যৱস্থাৰ অধ্যাপক আছিল। তেওঁলোকে ৰোম দেশীয় এগৰাকী ধৰ্ম্মান্তৰিত মহিলাক যিৰূচালেম মন্দিৰৰ বাবে সোণ আৰু অন্য বহুমূলীয়া বস্তুবোৰ দানস্বৰূপে দিবলৈ প্ৰত্যয় জন্মাইছিল। সেই বহুমূলীয়া বস্তুবোৰ মন্দিৰলৈ দানৰূপে অহাৰ পিছত সেইবোৰক তেওঁলোকে নিজৰ লাভৰ বাবে ব্যৱহাৰ কৰিছিল আৰু এনে কাৰ্য্য পবিত্ৰ বস্তুৰ অপহৰণ কৰাৰ নিচিনা আছিল। b আন লোকসকলে ঘূনীয়া জীৱ-জন্তুক বলিদানস্বৰূপে আগবঢ়াইছিল আৰু মন্দিৰৰ চোতালক আক্ৰোহী ব্যৱসায়ীসকলে “ডকাইতৰ গুহা” বনাইছিল।—মথি ২১:১২, ১৩; মলাখী ১:১২-১৪; ৩:৮, ৯.

বাইবেলৰ নৈতিকতাৰ বিষয়ে শিক্ষা দিয়ক

১০. ৰোমীয়া ২:২১-২৩ পদত পাঁচনি পৌলে উল্লেখ কৰা বাক্যফাঁকিক আমি কিয় গম্ভীৰভাৱে মূল্যাঙ্কণ কৰা আৱশ্যক?

১০ যদিও পাঁচনি পৌলে উল্লেখ কৰা সেই বাক্য প্ৰথম শতিকাত চুৰ, পৰস্ত্ৰী গমন আৰু মন্দিৰৰ পবিত্ৰ বস্তুৰ অপহৰণ কৰা লোকসকলৰ বাবে প্ৰযোজ্য আছিল, কিন্তু তেওঁৰ সেই বাক্য বৰ্তমান সময়ত আমাৰ বাবেও একেইভাৱে ব্যৱহাৰিক। তেওঁ এইদৰে প্ৰশ্ন কৰিছিল: “হে লোকক শিকাওঁতা, তুমি নিজকে শিক্ষা নিদিয়া নে?” মনকৰিবলগীয়া এই যে পাঁচনি পৌলে দাঙি ধৰা উদাহৰণটো নৈতিকতাৰ সৈতে জড়িত আছিল। ইয়াত তেওঁ কোনো বাইবেলৰ সিদ্ধান্ত বা ঐতিহাসিক বিষয়ৰ ওপৰত ধ্যান কেন্দ্ৰিত কৰা নাছিল। প্ৰকৃততে এজন ব্যক্তিয়ে নিজকে আৰু আনক শিকোৱা বুলি পাঁচনি পৌলে উল্লেখ কৰাটো খ্ৰীষ্টান নৈতিকতাৰ সৈতে জড়িত আছিল।

১১. আপুনি ঈশ্বৰৰ বাক্য অধ্যয়ন কৰা সময়ত কিয় খ্ৰীষ্টান নৈতিকতাৰ ওপৰত ধ্যান কেন্দ্ৰিত কৰা উচিত?

১১ ৰোমীয়া ২:২১-২৩ পদত থকা পৰামৰ্শক পালন কৰাৰ অৰ্থ হৈছে ঈশ্বৰৰ বাক্যৰ দ্বাৰা খ্ৰীষ্টান নৈতিকতাৰ বিষয়ে শিকি তাৰ অনুসাৰে কাৰ্য্য কৰা আৰু আন লোককো তেনে কৰিবলৈ শিক্ষা দিয়া। গতিকে যেতিয়া আপুনি বাইবেলখনক অধ্যয়ন কৰে তেতিয়া তাত থকা যিহোৱাৰ স্তৰবোৰৰ প্ৰতি মনোযোগ দিয়ক, কিয়নো প্ৰকৃত খ্ৰীষ্টানৰ নৈতিকতা ঈশ্বৰৰ স্তৰসমূহৰ ওপৰত আধাৰিত। তাত দিয়া পৰামৰ্শ আৰু শিক্ষাবোৰৰ ওপৰত ধ্যান কেন্দ্ৰিত কৰক। আপুনি যি শিকে তাক দৃঢ়তাৰে পালন কৰক। তেনে কৰিবলৈ আপোনাক সাহসী হোৱাৰ উপৰিও দৃঢ়সঙ্কল্প হোৱা উচিত। যিহেতু অসিদ্ধ মানৱ হোৱাৰ কাৰণে কোনো এক বিশেষ পৰিস্থিতিত বাইবেলৰ নৈতিকতাক উলঙ্ঘন কৰি অজুহাত দেখুৱা অথবা যুক্তি দৰ্শোৱাটো এটা সহজ বিষয় হʼব পাৰে। সম্ভৱতঃ পাঁচনি পৌলে উল্লেখ কৰা ইহুদীসকলে তেনে মনোবৃত্তি দেখুৱাইছিল আৰু আনকো পথভ্ৰষ্ট কৰিবলৈ তেনে চতুৰতাপূৰ্ণ যুক্তি দাঙি ধৰিছিল। পাঁচনি পৌলৰ বাক্যসমূহে দেখুৱাইছে যে বাইবেল অথবা খ্ৰীষ্টান নৈতিকতা কোনো ব্যক্তিৰ পছন্দ বা অপছন্দৰ ওপৰত নিৰ্ভৰ নকৰে।

১২. উচিত আৰু অনুচিত আচাৰ-ব্যৱহাৰে যিহোৱাৰ নামৰ ওপৰত কেনে প্ৰভাৱ পেলাব পাৰে আৰু সেই সত্যতাৰ বিষয়ে মনত ৰাখাটো কিয় লাভজনক?

১২ পাঁচনি পৌলে বাইবেলত উল্লেখ কৰা নৈতিকতাক নিজে শিকি আৰু তাক পালন কৰাৰ মুখ্য কাৰণটো দাঙি ধৰিছিল। ইহুদীসকলে কৰা অসদাচৰণৰ কাৰ্য্যই যিহোৱাৰ নামক নিন্দা কৰিছিল। সেয়েহে পৌলে এইদৰে কৈছিল: “হে বিধানত গৌৰৱ কৰা জন, তুমি বিধান উল্লঙ্ঘন কৰি ঈশ্বৰৰ অমৰ্য্যাদা কৰা নে? কিয়নো যেনেকৈ লিখা আছে, তেনেকৈ ঈশ্বৰৰ নাম তোমালোকৰ কাৰণেই পৰজাতিবিলাকৰ মাজত নিন্দিত হৈছে।” (ৰোমীয়া ২:২৩, ২৪) বৰ্তমান সময়তো ঠিক তেনেদৰে বাইবেলৰ নৈতিকতা উল্লঙ্ঘন কৰাৰ অৰ্থ হৈছে যিহোৱাক অনাদৰ কৰা। ইয়াৰ বিপৰীতে যদি আমি ঈশ্বৰৰ স্তৰসমূহ বজাই ৰাখোঁ তেন্তে ইয়ে তেওঁলৈ সন্মান কঢ়িয়াই আনে। (যিচয়া ৫২:৫; যিহিষ্কেল ৩৬:২০) ঈশ্বৰক সন্মান কৰিবলৈ আপুনি হোৱা সতৰ্কতাই আপোনাক প্ৰলোভন বা তেনে পৰিস্থিতিসমূহত খ্ৰীষ্টান নৈতিকতাত অজুহাত নেদেখুৱাই দৃঢ়সঙ্কল্পবদ্ধ হʼবলৈ সহায় কৰিব। তদুপৰি, পাঁচনি পৌলৰ বাক্যসমূহে আমাক অন্য বিষয়ৰ প্ৰতিও শিক্ষা দিয়ে। আপুনি নিজৰ আচাৰ-ব্যৱহাৰৰ যোগেদি ঈশ্বৰৰ গুণসমূহক প্ৰতিফলিত কৰিবলৈ ব্যক্তিগতভাৱে সতৰ্কতা অৱলম্বন কৰি যেতিয়া আনক শিক্ষা দিয়ে, তেতিয়া আপুনি বিদ্যাৰ্থীসকলক বুজিবলৈ সহায় কৰে যে তেওঁলোকে কেনেকৈ নৈতিক স্তৰসমূহক শিকি যিহোৱাৰ গুণসমূহক প্ৰতিফলিত কৰিব পাৰে। খ্ৰীষ্টান নৈতিকতাই কেৱল এজন ব্যক্তিক সন্তুষ্টি আৰু তেওঁৰ স্বাস্থ্যক সুৰক্ষা প্ৰদান কৰে, এনে নহয়। তদুপৰি, ই খ্ৰীষ্টান নৈতিকতাক স্থাপন আৰু তাক পালন কৰিবলৈ উৎসাহিত কৰা জনাৰ গুণসমূহক প্ৰতিফলিত কৰে।—গীতমালা ৭৪:১০; যাকোব ৩:১৭.

১৩. (ক) নৈতিকতাৰ বিষয়ে বাইবেলে আমাক কি জানিবলৈ সহায় প্ৰদান কৰে? (খ) ১ থিচলনীকীয়া ৪:৩-৭ পদত উল্লেখ কৰা পৰামৰ্শৰ বিষয়ে এক সাৰাংশ দিয়ক।

১৩ নৈতিকতাই আন লোকসকলকো প্ৰভাৱিত কৰে। এই বিষয়ে আপুনি ঈশ্বৰৰ বাক্যত উল্লেখ কৰা উদাহৰণসমূহৰ দ্বাৰা জানিব পাৰে যে ঈশ্বৰৰ নৈতিক স্তৰসমূহক পালন আৰু উলঙ্ঘন কৰা সকলে কেনে ফল লাভ কৰিছিল। (আদিপুস্তক ৩৯:১-৯, ২১; যিহোচূৱা ৭:১-২৫) নৈতিকতাৰ সম্বন্ধে আপুনি স্পষ্টভাৱে আন আন পৰামৰ্শসমূহো পাব পাৰে। সেই পৰামৰ্শসমূহ হৈছে: “কিয়নো ঈশ্বৰৰ ইচ্ছা এই যে, তোমালোকে যেন পবিত্ৰতা লাভ কৰা, অৰ্থাৎ তোমালোক যেন ব্যভিচাৰৰ পৰা পৃথকে থাকা; আৰু ঈশ্বৰক নজনা পৰজাতি লোকবিলাকৰ নিচিনা কামাভিলাষৰ বশৱৰ্ত্তী নহৈ, পবিত্ৰতা আৰু সমাদৰৰ অধীনে তোমালোকৰ প্ৰতিজনে নিজ নিজ ভাণ্ড যেন ৰাখিবলৈ জানা; আৰু অত্যাচাৰ কৰি সেই বিষয়ে নিজ [ভাইৰ অধিকাৰত যেন হস্তক্ষেপ নকৰা, NW]। . . . কিয়নো ঈশ্বৰে আমাক অশুচিতালৈ নহয়, পবিত্ৰতালৈহে আমন্ত্ৰণ কৰিলে।”—১ থিচলনীকীয়া ৪:৩-৭.

১৪. প্ৰথম থিচলনীকীয়া ৪:৩-৭ পদত উল্লেখ কৰা পৰামৰ্শৰ বিষয়ে মনত ৰাখি আপুনি নিজকে কি সুধিব পাৰে?

১৪ ওপৰত উল্লেখ কৰা শাস্ত্ৰীয় পদসমূহৰ পৰা সকলোৱে জানিব পাৰে যে অনৈতিক যৌন ব্যভিচাৰ কাৰ্য্যত ভাগ লোৱাৰ অৰ্থ হৈছে খ্ৰীষ্টান নৈতিকতাৰ স্তৰসমূহক উল্লঙ্ঘন কৰা। তথাপিও আপুনি ইয়াতকৈ অধিক জ্ঞান আহৰণ কৰিব পাৰে। কিছুমান শাস্ত্ৰীয় পদে সেইবোৰৰ বিষয়ে গভীৰভাৱে বুজিবলৈ অধ্যয়ন কৰা আৰু ধ্যান কেন্দ্ৰিত কৰিবলৈ সহায় আগবঢ়াইছে। উদাহৰণস্বৰূপে, আপুনি হয়তো নিশ্চয়ে জানিবলৈ বিচাৰিব যে পাঁচনি পৌলে ব্যভিচাৰত লিপ্ত হোৱাৰ যোগেদি “অত্যাচাৰ কৰি সেই বিষয়ে নিজ ভাইৰ অধিকাৰত যেন হস্তক্ষেপ নকৰা” বুলি উল্লেখ কৰা বাক্যশাৰীৰ অৰ্থ কি আছিল। খ্ৰীষ্টান নৈতিকতাত কেনে অধিকাৰসমূহ সন্মিলিত আছে আৰু সেই বিষয়ে আহৰণ কৰা জ্ঞানে আমাক কেনেকৈ খ্ৰীষ্টান নৈতিকতাক বজাই ৰাখিবলৈ সহায় কৰিব? সেই সম্বন্ধে কৰা অনুসন্ধানে কেনেকৈ আনক ঈশ্বৰৰ প্ৰতি সন্মান দেখুৱাৰ সম্পৰ্কে শিক্ষা দিবলৈ আমাক সুসজ্জিত কৰি তুলে?

আনক শিকোৱাৰ উদ্দেশ্যৰে অধ্যয়ন কৰা

১৫. ব্যক্তিগত অধ্যয়ন কৰাৰ সময়ত আপুনি কেনে সাধনবোৰ ব্যৱহাৰ কৰিব পাৰে?

১৫ নিজকে বা আনক শিক্ষিত কৰি তুলাৰ সময়ত উঠা প্ৰশ্ন বা বিষয়সমূহক সমূলিকৈ অধ্যয়ন কৰিবলৈ যিহোৱাৰ সাক্ষীসকলৰ ওচৰত উপযুক্ত সাধন আছে। ইয়াৰে এটা হৈছে প্ৰহৰীবুৰুজ প্ৰকাশন নিৰ্ঘন্ট, যি বহুতো ভাষাত উপলব্ধ আছে। যদি আপুনি ইয়াৰ সৈতে পৰিচিত, তেন্তে নিৰ্দিষ্ট সংবাদসমূহ আপুনি যিহোৱাৰ সাক্ষীসকলৰ দ্বাৰা প্ৰকাশিত আন আন বাইবেল-আধাৰিত আলোচনীবোৰত অনুসন্ধান কৰিব পাৰে। আপুনি তাত থকা বিষয়বস্তুৰ অন্তৰ্গত দিয়া বাইবেল পদসমূহৰ অনুসাৰে অনুসন্ধান কৰিব পাৰে। আন এটা সাধন হৈছে ওৱাচটাৱাৰ লাইব্ৰেৰী, যি বহুতো মুখ্য ভাষাত উপলব্ধ আছে। এই কম্পেক্ট ডিক্সত সংস্থাই প্ৰকাশ কৰা বৃহৎ মাত্ৰাৰ আলোচনীসমূহ ইলেক্ট্ৰনিক ৰূপত ৰেকৰ্ড কৰি ৰখা হৈছে। ইয়াৰ দ্বাৰা এজনে শাস্ত্ৰীয় পদৰ আলোচনা আৰু বিষয়সমূহৰ অনুসন্ধান কৰিব পাৰে। যদি ইয়াৰে যিকোনো এটা আপোনাৰ ওচৰত আছে, তেন্তে বাইবেল অধ্যয়ন কৰা সময়ত নিয়মীয়াকৈ ইয়াক ব্যৱহাৰ কৰক যাতে আপুনি আনক শিকোৱাত সুসজ্জিত হʼব পাৰে।

১৬, ১৭. (ক) প্ৰথম থিচলনীকীয়া ৪:৬ পদত উল্লেখ কৰা অধিকাৰসমূহৰ বিষয়ে আমি কʼত অধিক অন্তৰ্দৃষ্টিমূলক ব্যাখ্যাসমূহ পাব পাৰোঁ? (খ) ব্যভিচাৰ কৰা কাৰ্য্যই কেনেকৈ আনৰ অধিকাৰসমূহ নষ্ট কৰিব পাৰে?

১৬ আঁহক আমি ওপৰত উল্লেখ কৰা ১ থিচলনীকীয়া ৪:৩-৭ পদটো বিবেচনা কৰোঁহঁক। সেই পদসমূহত অধিকাৰত হস্তক্ষেপ নকৰাৰ বিষয়ে উল্লেখ কৰিছে। ইয়াত কাৰ অধিকাৰসমূহৰ বিষয়ে কোৱা হৈছে? সেই অধিকাৰসমূহত কেনেকৈ অত্যাচাৰ আৰু হস্তক্ষেপ হʼব পাৰে? ওপৰত উল্লেখ কৰা অধ্যয়নৰ সঁজুলিবোৰৰ যোগেদি আপুনি সেই পদসমূহৰ পৰা অনেক জ্ঞান লাভ কৰাৰ উপৰিও পৌলে কোৱা অধিকাৰৰ বিষয়ে জানিব পাৰিব। সেই সম্বন্ধে আপুনি শাস্ত্ৰপদসমূহত অন্তৰ্দৃষ্টি খণ্ড ১, ৮৬৩-৮৬৪ পৃষ্ঠা; প্ৰকৃত শান্তি আৰু সুৰক্ষা—আপুনি কেনেকৈ লাভ কৰিব পাৰে?, ১৪৫ পৃষ্ঠা; প্ৰহৰীবুৰুজ নবেম্বৰ ১৫, ১৯৮৯, ৩১ পৃষ্ঠাত চাওক।

১৭ আলোচনীবোৰক একেৰাহে অধ্যয়ন কৰাৰ দ্বাৰা আপুনি জানিব পাৰিব যে পাঁচনি পৌলে কোৱা সেই বাক্যশাৰীত কিমান সত্যতা আছে। এজন ব্যভিচাৰী ব্যক্তিয়ে ঈশ্বৰৰ বিৰুদ্ধে পাপ কৰি নিজলৈ বিভিন্ন প্ৰকাৰৰ বেমাৰ মাতি আনে। (১ কৰিন্থীয়া ৬:১৮, ১৯; ইব্ৰী ১৩:৪) যেতিয়া এজন পুৰুষে ব্যভিচাৰ কৰে তেতিয়া তেওঁ সেই স্ত্ৰী গৰাকীৰ বহুতো অধিকাৰক নষ্ট কৰে। উদাহৰণস্বৰূপে, তাইৰ নৈতিক শুদ্ধতা আৰু সঠিক বিবেকক ধ্বংস কৰে। যদি সেই স্ত্ৰী গৰাকী অবিবাহিত, তেন্তে তাইৰ সতীত্ব নষ্ট হয় আৰু বিবাহ পাশত আৱদ্ধ হোৱাৰ পৰা বঞ্চিত হʼবলগীয়া হয়, যিটোত কেৱল তাইৰ ভৱিষ্যতে হʼবলগীয়া স্বামীৰহে অধিকাৰ থাকে। তদুপৰি, তেওঁ সেই স্ত্ৰী গৰাকীৰ পিতৃ-মাতৃৰ মনত আঘাত দিয়ে আৰু যদি তাই বিবাহিত তেন্তে তাইৰ স্বামীৰ মনত আঘাত দিয়ে। এনে ব্যভিচাৰী পুৰুষে নিজৰ পৰিয়ালৰ ওপৰতো অপযশ কঢ়িয়াই আনে। যদি তেওঁ এজন খ্ৰীষ্টান মণ্ডলীৰ সদস্য তেন্তে মণ্ডলীক বদনাম কৰাৰ উপৰিও ইয়াৰ আত্মমৰ্য্যাদা হানি কৰে।—১ কৰিন্থীয়া ৫:১.

১৮. খ্ৰীষ্টান নৈতিকতাৰ সম্বন্ধে কৰা বাইবেল অধ্যয়নৰ দ্বাৰা আপুনি কেনেকৈ লাভবান হʼব পাৰে?

১৮ এনে অধিকাৰৰ সম্বন্ধে থকা তেনে ব্যাখ্যাই আপোনাক সেই পদটোৰ গভীৰতাৰ বিষয়ে বুজিবলৈ ক্ৰমান্বয়ে পোহৰ প্ৰদান নকৰেনে? তেনে ধৰণৰ অধ্যয়ন বাস্তৱতে এক বহুমূলীয়া। একেৰাহে অধ্যয়ন কৰাৰ যোগেদি আমি নিজকে শিক্ষিত কৰি তুলিব পাৰিম। সত্য আৰু ঈশ্বৰৰ বাৰ্ত্তাক বুজিব পৰা বুজশক্তি অধিক শক্তিশালী হʼব। ইয়াৰ উপৰিও আপোনালৈ অহা যিকোনো প্ৰকাৰৰ প্ৰলোভনত খ্ৰীষ্টান নৈতিকতাক বজাই ৰাখিবলৈ অধিক দৃঢ় হʼব পাৰিব। কল্পনা কৰক, ইয়ে আপোনাকো এজন উত্তম শিক্ষক হʼবলৈ কিমান যে সহায় আগবঢ়াব! উদাহৰণস্বৰূপে, আনক বাইবেলৰ সত্যতাৰ বিষয়ে শিকোৱাৰ সময়ত আপুনি ১ থিচলনীকীয়া ৪:৩-৭ পদত দিয়া বিষয়টোৰ গভীৰতাৰ ওপৰত তেওঁলোকৰ জ্ঞান আৰু খ্ৰীষ্টান নৈতিকতাৰ বিষয়ে মূল্যাঙ্কণ বৃদ্ধি কৰাত সহায় কৰিব পাৰিব। এইদৰে আপুনি নিজক আৰু আনকো ঈশ্বৰক সন্মান কৰিবলৈ সহায় কৰিব। আমি ইয়াত পাঁচনি পৌলে থিচলনীকীয়া মণ্ডলীলৈ লিখা পত্ৰখনৰ পৰা মাত্ৰ এটাহে উদাহৰণ দাঙি ধৰিছোঁ। ইয়াৰ উপৰিও, খ্ৰীষ্টান নৈতিকতাৰ সৈতে জড়িত থকা বাইবেলৰ উদাহৰণসমূহ, সেইবোৰক অধ্যয়ন কৰি পৰামৰ্শসমূহক প্ৰয়োগ আৰু আনক শিকোৱাৰ অন্য বহুতো দিশ সন্মিলিত আছে।

১৯. খ্ৰীষ্টান নৈতিকতা বজাই ৰখাটো আপোনাৰ বাবে কিয় অতি আৱশ্যক?

১৯ নিসন্দেহ, খ্ৰীষ্টান নৈতিকতা বজাই ৰখাটো এক বুদ্ধিমানৰ কাৰ্য্য। যাকোব ৩:১৭ পদত কৈছে যে “ওপৰৰ পৰা অহা যি জ্ঞান,” অৰ্থাৎ যিহোৱা ঈশ্বৰৰ পৰাহে, যিজনা নিজেই “প্ৰথমে শুচি।” এই বাক্যশাৰীয়ে স্পষ্টৰূপে ঈশ্বৰৰ নৈতিক স্তৰসমূহক পালন কৰাৰ বিষয়ে উল্লেখ কৰিছে। আনকি যিসকলে যিহোৱাৰ হৈ আনক শিক্ষা প্ৰদান কৰে, তেওঁলোকে নিজেই প্ৰথমে উত্তম আৰ্হি ৰাখি “শুদ্ধতা” বজাই ৰখাটো ঈশ্বৰে তেওঁলোকৰ পৰা অপেক্ষা কৰে। (১ তীমথিয় ৪:১২) প্ৰথম শতিকাৰ শিষ্যসকল যেনে, পাঁচনি পৌল আৰু তীমথিয়ে ব্যভিচাৰ কাৰ্য্যৰ পৰা আঁতৰি নৈতিক শুদ্ধতা বজাই ৰাখিছিল। এই বিষয়ে পাঁচনি পৌলে এইদৰে কৈছিল: “ব্যভিচাৰ আদি কৰি সকলো অশুচি কৰ্ম্মৰ বা লোভৰ নামো তোমালোকৰ মাজত উচ্চাৰিত নহওক; পবিত্ৰ লোকৰ এয়ে উচিত; আৰু অশ্লীলতা, উন্মত্ত বলকনি, খেঁজেলিওৱা, এনে অনুচিত ব্যৱহাৰো তোমালোকৰ মাজত নহওক।”—ইফিচীয়া ৫:৩, ৪.

২০, ২১. পাঁচনি যোহনে ১ যোহন ৫:৩ পদত লিখা বাক্যশাৰীৰ সৈতে আপুনি কিয় সন্মত হʼব পাৰে?

২০ ঈশ্বৰৰ বাক্যত স্পষ্ট আৰু বিশেষভাৱে নৈতিক স্তৰসমূহৰ বিষয়ে উল্লেখ কৰিছে। সেইবোৰ আমাৰ বাবে কোনো গধুৰ ভাৰ নহয়। অধিক বয়সৰলৈকে জীয়াই থকা পাঁচনি যোহনৰ ক্ষেত্ৰত ই সত্যৰূপে প্ৰমাণিত হৈছিল। জীৱনৰ সেই দীৰ্ঘ কালছোৱাত তেওঁ অনুভৱ কৰি জানিব পাৰিলে যে খ্ৰীষ্টান নৈতিকতা বজাই ৰখাটো কোনো হানিকাৰক নহয়। কিয়নো ইয়ে তেওঁৰ জীৱনত উত্তম, লাভদায়ক আৰু আশীৰ্ব্বাদৰূপে প্ৰমাণিত হʼল। এই সন্দৰ্ভত যোহনে এইদৰে লিখিছিল: “আমি যেন ঈশ্বৰৰ আজ্ঞাবোৰ পালন কৰোঁ, ঈশ্বৰে দিয়া প্ৰেমৰ অভিপ্ৰায় এয়েই; আৰু তেওঁৰ আজ্ঞাবোৰ ববলৈ গধুৰ নহয়।”—১ যোহন ৫:৩.

২১ মন কৰিবলগীয়া এই যে কোনো ভুল কাৰ্য্যৰ ফলস্বৰূপে হোৱা ভয়ানক পৰিণাম বা তাৰ পৰা উৎপন্ন হোৱা সমস্যাবোৰৰ পৰা ৰক্ষা পোৱাৰ উদ্দেশ্যৰে কেৱল আমি খ্ৰীষ্টান নৈতিকতাক পালন কৰা উচিত বুলি পাঁচনি যোহনে কোৱা নাছিল। ইয়াৰ বিপৰীতে তেওঁ যিহোৱাৰ আজ্ঞাসমূহক সঠিক মনোবৃত্তি ৰাখি পালন কৰাৰ বিষয়েহে উল্লেখ কৰিছিল। কিয়নো এই বহুমূলীয়া আজ্ঞাসমূহক পালন কৰাৰ যোগেদি আমি ঈশ্বৰক প্ৰেম কৰাৰ প্ৰমাণ দিওঁ। বাস্তৱতে আমি নিজকে আৰু আনকো শিকোৱাৰ অৰ্থ হৈছে ঈশ্বৰৰ উচ্চ স্তৰসমূহৰ সৈতে জড়িত থকা আৱশ্যকতাসমূহক গ্ৰহণ আৰু পালন কৰা। স্পষ্টৰূপে ইয়াত এইটো প্ৰকাশ কৰিছে যে আমি নিজকে আৰু আনকো খ্ৰীষ্টান নৈতিকতাৰ বিষয়ে শিকোৱা আৱশ্যক। (w02 6/15)

[ফুটনোটবোৰ]

a প্ৰকৃততে যদিও যোচিফাচে ইহুদীসকলক পবিত্ৰ বস্তুৰ প্ৰতি অনাদৰ নকৰা বুলি কৈছিল, তথাপিও তেওঁ ঈশ্বৰৰ ব্যৱস্থাক অন্য ধৰণে বুজাই এইদৰে কৈছিল: “কোনেও যেন আন দেৱ-দেৱীসকলক অপমান নকৰে বা পবিত্ৰ বস্তুক অপহৰণ নকৰে অথবা সিহঁতৰ নামত অৰ্পিত কৰা ধন সংগ্ৰহ নকৰে।” (হেলনীয়া মুদ্ৰণ আমাৰ)—জিউইচ্‌ এনটিক্যুটীজ, পুস্তক ৪, অধ্যায় ৮ অনুচ্ছেদ ১০.

b জিউইচ্‌ এনটিক্যুটীজ পুস্তক ১৮, অধ্যায় ৩, অনুচ্ছেদ ৫.

আপোনাৰ মনত আছেনে?

• আনক শিকোৱাৰ পূৰ্বে আমি নিজে কিয় ব্যক্তিগতভাৱে অধ্যয়ন কৰা আৱশ্যক?

• আমাৰ আচাৰ-ব্যৱহাৰে কেনেকৈ যিহোৱাৰ গুণসমূহক প্ৰতিফলিত কৰে?

• এজন ব্যভিচাৰী ব্যক্তিয়ে কাৰ অধিকাৰসমূহত হস্তক্ষেপ কৰিব পাৰে?

• খ্ৰীষ্টান নৈতিকতাৰ সম্বন্ধে থকা আপোনাৰ দৃঢ়সঙ্কল্প কি?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[৩০ পৃষ্ঠাৰ ছবি]

“তেওঁৰ আজ্ঞাবোৰ ববলৈ গধুৰ নহয়”