মৃত্যুৰ সৈতে জড়িত থকা কিছুমান পৰম্পৰাগত আখ্যানক নিবিড়ভাৱে নিৰীক্ষণ কৰা
মৃত্যুৰ সৈতে জড়িত থকা কিছুমান পৰম্পৰাগত আখ্যানক নিবিড়ভাৱে নিৰীক্ষণ কৰা
ইতিহাসে প্ৰকাশ কৰিছে যে মৃত্যুৰ বিষয়টোক কেন্দ্ৰীত কৰি মানুহে বিমোৰ আৰু আশংকাগ্ৰস্ত অৱস্থাত পৰিছে। মিছা ধৰ্ম্মীয় কল্পনা, জনপ্ৰিয় পৰম্পৰা আৰু গভীৰ ব্যক্তিগত বিশ্বাসে মৃত্যুক অধিক ভয়ভিত কৰি তুলিছে। মৃত্যুৰ প্ৰতি থকা ভয়ে এজন ব্যক্তিক জীৱনটো উপভোগ কৰাত অক্ষম আৰু জীৱনৰ উদ্দেশ্যৰ প্ৰতি থকা নিশ্চয়তাক নষ্ট কৰিব পাৰে।
জনপ্ৰিয় ধৰ্ম্মবোৰে মৃত্যুৰ সম্পৰ্কে বহুতো ঘৃণনীয় কাল্পনিক আখ্যান দাঙি ধৰিছে, যিতো মানুহৰ মাজত প্ৰখ্যাত হৈ পৰিছে। বাইবেলৰ সত্য পোহৰৰ দ্বাৰা তাৰে কিছুমানক পৰীক্ষা কৰাৰ যোগেদি মৃত্যুৰ সম্পৰ্কে যদি আপোনাৰ কোনো ব্যক্তিগত প্ৰত্যক্ষ জ্ঞান আছে, তেনেহʼলে তাক স্পষ্ট কৰিব পাৰে।
আখ্যান ১: মৃত্যু হৈছে, স্বাভাৱিকতে জীৱনৰ সমাপ্তি।
মৃত্যু—বৃদ্ধি হোৱাৰ এক অন্তিম অৱস্থা নামৰ কিতাপখনত এইদৰে কোৱা হৈছে: “মৃত্যু . . . আমাৰ জীৱনৰ এক সৰ্ব্বাত্মক বৃদ্ধি।” এইধৰণৰ মন্তব্যসমূহে এনে বিশ্বাস প্ৰকাশ কৰিছে যে সকলো জীৱিত প্ৰাণীৰ বাবে মৃত্যু হৈছে এক স্বাভাৱিক ধৰ্ম্ম। দৰাচলতে, এনে বিশ্বাসে নাস্তিকবাদী জ্ঞানান্বেষণ আৰু বহুতো ব্যক্তিৰ মনত সুবিধাবাদী ভাবধাৰা বিকাশিত কৰে।
কিন্তু মৃত্যু স্বাভাৱিকতে জীৱনৰ পৰিসমাপ্তিনে? সকলো অন্বেষণকাৰীয়ে তেনেদৰে বিশ্বাস নকৰে। উদাহৰণস্বৰূপে, মানুহৰ আয়ুসৰ বিষয়ে অধ্যয়ন কৰা কেলভিন হাৰ্লে নামৰ এজন জীৱবৈজ্ঞানিক সাক্ষাৎকাৰ গ্ৰহণ কৰাত কৈছিল যে, মানুহক “মৰিবলৈ সৃষ্টি” কৰা হৈছিল বুলি তেওঁ বিশ্বাস নকৰে। উইলিয়াম ক্লেৰ্ক নামৰ এজন দেহৰ ৰোগ সংক্ৰমণ প্ৰতিৰোধ শক্তিক অধ্যয়ন কৰা বিজ্ঞানীয়ে এইদৰে কৈছিল: “মৃত্যু, সিদ্ধান্তহীনৰূপে পাক খাই থকা জীৱনৰ অৰ্থকৰণ নহয়।” কেলিফৰ্ণিয়াৰ প্ৰযুক্তি বিজ্ঞান বিদ্যালয়ৰ চেইমৌৰ বেনজাৰ নামৰ ব্যক্তিজনে বিবেচনাৰে এইদৰে কৈছিল যে, “বাঢ়ি অহা বয়সক কোনো এটা ঘড়ীৰ দৰে নহয় কিন্তু নাটকৰ এনে এটা দৃশ্য বা ঘটনাৰ দৰে ব্যাখ্যা কৰিব পাৰি, যʼত আমি যিকোনো সাল-সলনি হোৱা আশা কৰিব পাৰোঁ।”
বৈজ্ঞানিকসকলে মানুহৰ গঠনৰ ওপৰত অধ্যয়ন কৰি বিমোৰত পৰিল। কিয়নো তেওঁলোকে জানিব পাৰিলে যে মানুহক এইদৰে শক্তি আৰু সক্ষমতা প্ৰদান কৰা হৈছে, যিটো ৭০-৮০ বছৰৰ বয়সতকৈ অধিক। উদাহৰণস্বৰূপে, বৈজ্ঞানিক সকলে জানিব পাৰিলে যে মানুহৰ মগজুৰ অসীম স্মৃতিশক্তি আছে। এজন অন্বেষণকাৰীৰ অনুসাৰে আমাৰ মগজুত “বিশ্বৰ আটাইতকৈ ডাঙৰ পুথিভঁৰালৰ দৰে প্ৰায় দুই কোটি পুথিত থকা সংবাদসমূহ” জমা কৰি ৰাখিব পৰা ক্ষমতা আছে। কিছুমান স্নায়ুতত্ত্ব বৈজ্ঞানিকৰ অনুসাৰে জীৱনৰ কালছোৱাত এজন ব্যক্তিয়ে মগজুৰ মাত্ৰ ১/১০০ ভাগৰ ১ শতাংশ (.০০০১) অংশ শক্তিহে ব্যৱহাৰ কৰে। সেয়েহে এইটো সোধা উপযুক্ত হʼব যে, ‘আমাৰ কিয় অসীম সক্ষমতা থকা মগজু আছে, যাক আমি জীৱনৰ কালছোৱাত কেৱল এটা ক্ষুদ্ৰ অংশহে ব্যৱহাৰ কৰোঁ?’
মৃত্যুৰ প্ৰতি মানুহে অস্বাভাৱিকৰূপে কেনে প্ৰতিক্ৰিয়া দেখুৱায়, সেই বিষয়েও বিবেচনা কৰক! মৃত্যুত এগৰাকী পত্নী, এজন স্বামী বা এটি সন্তান হেৰুৱাবলগীয়া হোৱাত জীৱনত কিমান যে বেদনাদায়ক অভিজ্ঞতা হয়। কোনো প্ৰিয়জনাৰ মৃত্যুৰ পিছতো দীৰ্ঘসময়ৰ লৈকে মানুহে প্ৰায়ে শোকাগ্ৰস্ত হৈ থাকে। ইয়াৰ বাজেও যিসকলে মৃত্যু হোৱা স্বাভাৱিক বুলি দাবী কৰে তেওঁলোকেও মৃত্যুত যে সকলো শেষ হৈ যায় তাক স্বীকাৰ কৰিবলৈ মান্তি নহয়। ব্ৰিটিছ মেডিকেল জাৰনেলে এইদৰে কয়, “বিশেষজ্ঞসকলে অনুমান
কৰিছে যে সাধাৰণতে সকলোৱে যিমান সম্ভৱ দীৰ্ঘসময়ৰ লৈকে জীয়াই থাকিবলৈ ইচ্ছা কৰে।”মৃত্যুৰ প্ৰতি থকা মানুহৰ সাধাৰণ প্ৰতিক্ৰিয়া, স্মৰণ আৰু শিকা শক্তি আৰু চিৰকালৰ বাবে জীয়াই থকাৰ আন্তৰিক ইচ্ছাই স্পষ্টৰূপে প্ৰকাশ নকৰেনে যে মানুহক জীয়াই থাকিবলৈ সৃষ্টি কৰা হৈছিল? অৱশ্যে ঈশ্বৰে মানুহক স্বাভাৱিকৰূপে মৰিবলৈ নহয়, কিন্তু অনন্তকাল জীয়াই থকাৰ আশাৰে সৃষ্টি কৰিছিল। লক্ষ্য কৰক যে ঈশ্বৰে প্ৰথম মানৱ দম্পতীৰ বাবে ভৱিষ্যতে কি সাঁচি ৰাখিছিল: “তোমালোক বহুবংশ হোৱা, আৰু বাঢ়ি বাঢ়ি পৃথিবীখন পৰিপূৰ্ণ কৰা, আৰু তাক বশীভূত কৰা; আৰু সমুদ্ৰৰ মাছ, আকাশৰ চৰাই, আৰু পৃথিবীত বগাই ফুৰা সকলো জীৱজন্তুৰ ওপৰত অধিকাৰ চলোৱা।” (আদিপুস্তক ১:২৮) সেইটো কিমান যে এক অত্যুত্তম চিৰস্থায়ী ভৱিষ্যৎ আছিল!
আখ্যান ২: মৃত্যুৰ দ্বাৰা ঈশ্বৰে মানুহক নিজৰ কাষলৈ নিয়ে।
মৃত্যু মুখত থকা এগৰাকী ২৭ বছৰীয়া লʼৰা-ছোৱালীৰ মাতৃয়ে এগৰাকী কেথলীক নানক এইদৰে কয়: “মোলৈ এইয়া ঈশ্বৰৰ ইচ্ছা বুলি কবলৈ নাহিব . . . যদি কোনোবাই মোক এইদৰে কয় মই সেই বাক্যশাৰীক ঘিণ কৰোঁ।” বাস্তৱতে, বহুতো ধৰ্ম্মত মৃত্যুৰ সম্পৰ্কে শিকোৱা হয় যে, ঈশ্বৰে লোকসকলক নিজৰ ওচৰত ৰাখিবলৈ লৈ যায়।
বাস্তৱতে, মৃত্যুত আমাৰ অন্তৰখন চূৰ্ণ হয় বুলি জানি কোনো অনুভূতি নৰখাকৈ সৃষ্টিকৰ্তাজনে আমাক মৃত্যুৰ দণ্ড বিহে, তেওঁ ইমানেই নিষ্ঠুৰনে? বাইবেলত উল্লেখ কৰা ঈশ্বৰজন অৱশ্যেই নিষ্ঠুৰ নহয়। ১ যোহন ৪:৮ পদত বৰ্ণনা কৰিছে যে, “ঈশ্বৰ প্ৰেম।” লক্ষ্য কৰক ইয়াত ঈশ্বৰৰ প্ৰেম আছে বা ঈশ্বৰ মৰমিয়াল বুলি উল্লেখ কৰা নাই, কিন্তু কৈছে যে ঈশ্বৰ প্ৰেম। ঈশ্বৰৰ প্ৰেম অতিশয় প্ৰখৰ, নিজৰ ব্যক্তিত্বত আৰু কাৰ্য্যৰ যোগেদি সম্পূৰ্ণকৈ প্ৰকাশ কৰিছে, সেয়েহে উপযুক্তৰূপে প্ৰেমক তেওঁৰ ব্যক্তিত্বৰ এটা মুখ্য গুণ বুলি কোৱা হৈছে। তেওঁ এনে এজন ঈশ্বৰ নহয় যিজনে মৃত্যুৰ যোগেদি লোকবিলাকক নিজৰ ওচৰলৈ আনে।
মিছা ধৰ্ম্মই মৃতবিলাকৰ স্থান আৰু অৱস্থাৰ বিষয়ে বহুতকে বিবুদ্ধিত পেলাইছে। তেওঁলোকে স্বৰ্গ, নৰক, মৃত্যুৰ পিছত বিচাৰশালালৈ যোৱা, নিষ্পাপ শিশুৰ মৃত্যুত ত্ৰিশঙ্কৰ স্বৰ্গত যোৱা—আদিৰ দৰে অনেক আন লক্ষ্যস্থান আছে যিবোৰ আমাৰ বোধগম্য নহয় আৰু সম্পূৰ্ণ ভয়াভীত স্থান। আনহাতে বাইবেলে আমাক কৈছে যে মৃতবিলাক অচেতন; তেওঁলোকৰ অৱস্থা উপযুক্তৰূপে নিদ্ৰাত যোৱাৰ সৈতে তুলনা কৰা হৈছে। (উপদেশক ৯:৫, ১০; যোহন ১১:১১-১৪) সেয়েহে যিদৰে আমি কোনো এজনে গভীৰ নিদ্ৰাত চিন্তিত নহওঁ, তেনেদৰে আমাৰ মৃত্যুৰ পিছত আমালৈ কি ঘটিব তাৰ বিষয়ে চিন্তা কৰাৰ কোনো আৱশ্যক নাই। এসময়ত যীচুৱে কৈছিল যে “মৈদামত থকা সকলোৱে” এই পৰমদেশীয় পৃথিৱীত “পুনৰুত্থানলৈ ওলাব।”—যোহন ৫:২৮, ২৯; লূক ২৩:৪৩.
আখ্যান ৩: ঈশ্বৰে সৰু লʼৰা-ছোৱালীক নিজৰ স্বৰ্গদূত হʼবলৈ লৈ যায়।
এলিজাবেথ কোবলেৰচ্ নামৰ এগৰাকী মহিলা চিকিৎসকে মাৰাত্মক ৰোগীসকলক অধ্যয়ন কৰি সাধাৰণতে ধৰ্ম্মবোৰত লোকবিলাকে বিশ্বাস কৰা আন এক অনুভূতিৰ বিষয়ে নিজৰ অভিমত দিছিল। তাই এটা সত্য ঘটনাৰ বিষয়ে বৰ্ণনা কৰি এইদৰে কৈছিল, “নিজৰ ভায়েকক মৃত্যুত হেৰুৱা এটি কণমানি ছোৱালীক এই বুলি কোৱাটো বিবেচনাহীন হʼব যে ঈশ্বৰে সৰু লʼৰাবোৰক ইমানেই ভাল পাই যে সেয়েহে তেওঁৰ যনিক স্বৰ্গলৈ লৈ গʼল।” এনেধৰণৰ অভিব্যক্তিয়ে ঈশ্বৰৰ সম্পৰ্কে ভুল চিত্ৰ দাঙি ধৰে যিয়ে তেওঁৰ উত্তম ব্যক্তিত্ব আৰু আচৰণ প্ৰকাশ নকৰে। ডা. কোবলেৰচে আগলৈ এইদৰে কৈছিল: “এই কণমানি ছোৱালীজনীয়ে ডাঙৰ হৈ এগৰাকী মাতৃ হʼল আৰু তিনি দশকৰ পিছত তাই নিজৰ সৰু পুতেকৰ মৃত্যুত ঈশ্বৰ প্ৰতি থকা তাই খং কেতিয়াও দমাব নোৱাৰিলে। ফলস্বৰূপে, অত্যাধিক বেদনাৰ বাবে তাই মানসিক হিতাহিত জ্ঞান হেৰুৱাই পেলালে।”
যদি ঈশ্বৰে আন স্বৰ্গদূত লাভ কৰিবলৈ এটি সৰু সন্তানক মৃত্যুৰ দ্বাৰা কাঢ়ি নিয়ে, তেনেহʼলে পিতৃ-মাতৃতকৈ সেই সন্তানটি তেওঁৰ অধিক আৱশ্যক আছিলনে? যদি সঁচাকৈ সৰু লʼৰা-ছোৱালীক ঈশ্বৰে লৈ যায়, তেনেহʼলে এনে কাৰ্য্যই তেওঁক এজন ক্ৰুৰ আৰু স্বাৰ্থপৰ সৃষ্টিকৰ্তা হিচাবে প্ৰকাশ নকৰেনে? এনে এটা অভিমতৰ বিপৰীতে বাইবেলে এইদৰে কৈছে: “প্ৰেম ঈশ্বৰৰ পৰা হয়।” (১ যোহন ৪:৭) এজন প্ৰেমময় ঈশ্বৰে মানুহলৈ তেনেধৰণৰ ক্ষতি সাধন কৰাতো তেওঁৰ নীতিশিক্ষাৰ অনুসাৰে যুক্তিসঙ্গত বুলি প্ৰমাণিত হʼবনে?
কণ-কণ লʼৰা-ছোৱালীবোৰে কিয় মৃত্যুবৰণ কৰিবলগীয়া হয়? বাইবেলৰ উপদেশক ৯:১১ পদত এইদৰে উত্তৰ দিছে: “সকলোলৈকে সময় আৰু দৈব্যক্ৰমে ঘটে।” গীতমালা ৫১:৫ পদত আমাক এইদৰে কৈছে যে আমাৰ সকলোৱে অসিদ্ধ, পাপতে গৰ্ভধাৰণ আৰু অৱশেষত সকলোৱে বিভিন্ন কাৰণৰ বাবে মৃত্যুবৰণ কৰিবলগা হয়। কেতিয়াবা জন্ম হোৱাৰ পূৰ্বেই মৃত্যুৱে আক্ৰমণ কৰে আৰু ফলস্বৰূপে মৃত্যুসন্তান জন্ম হয়। আনহাতে কণ কণ লʼৰা-ছোৱালীয়ে কোনো কৰুণাত্মক পৰিস্থিতি বা কোনো দূৰ্ঘটনাৰ বাবে মৃত্যু মুখত পৰে। ঈশ্বৰে এইবোৰৰ বাবে দায়ী নহয়।
আখ্যান ৪: কিছুমান ব্যক্তিক মৃত্যুৰ পিছত যাতনা দিয়া হয়।
বহুতো ধৰ্ম্মই এইদৰে শিক্ষা দিয়ে যে দুষ্ট লোকবিলাকক অগ্নিময় নৰকত চিৰকালৰ বাবে শাস্তি দিয়া হয়। এনে শিক্ষা যুক্তিসঙ্গত আৰু শাস্ত্ৰীয় আধাৰিতনে? মানৱ জীৱন ৭০ বা ৮০ বছৰলৈ সীমিত। যদি এজন ব্যক্তিয়ে তেওঁৰ জীৱনৰ কালছোৱাত অত্যন্ত দুষ্ট কাৰ্য্য কৰাৰ হেতুকে কেৱল দণ্ডৰ বাবে চিৰকাললৈ শাস্তি দিয়াটো ন্যায়সঙ্গত হʼবনে? নিশ্চয়ে নহয়। মানুহে নিজৰ ক্ষন্তেকীয়া জীৱনৰ কালছোৱাত কৰা পাপকাৰ্য্যৰ বাবে চিৰকাললৈ যাতনা দিয়াটো একেবাৰেই অন্যায় হʼব।
কেৱল ঈশ্বৰে প্ৰকাশ কৰিব পাৰে যে মৃত্যুৰ পিছত লোকবিলাকলৈ কি ঘটে আৰু এই বিষয়ে তেওঁ নিজৰ লিখিত বাক্য বাইবেলৰ দ্বাৰা সেই ব্যৱস্থা কৰিছে। বাইবেলে এইদৰে কৈছে: “[পশু] যেনেকৈ মৰে, [মানুহো] তেনেকৈ মৰে, এনে কি সিহঁত সকলোৰে এক নিশ্বাস-প্ৰশ্বাস মাথোন; . . . সকলোৱে একে ঠাইলৈ গমন কৰে; সকলোৱেই ধূলিৰ পৰা উৎপন্ন হৈছে, আৰু সকলোৱেই ধূলিলৈ উলটি যায়।” (উপদেশক ৩:১৯, ২০) ইয়াত কোনো অগ্নিময় নৰকৰ বিষয়ে উল্লেখ কৰা নাই। মানুহ মৃত্যু হʼলে ধূলিলৈ উলটি অৰ্থাৎ অস্তিত্বহীন হৈ যায়।
এজন ব্যক্তিক শাস্তি দিবলৈ হʼলে তেওঁক চেতনা অৱস্থাত থকা আৱশ্যক। কিন্তু মৃত ব্যক্তিবিলাকৰ কোনো চেতনা আছেনে? বাইবেলে পুনৰ এইদৰে উত্তৰ দিছে: “জীৱিত লোকবিলাকে মৰিম বুলি জানে; কিন্তু মৃত লোকবিলাকে একোকেই নাজানে, আৰু সিহঁতে সিবিলাকৰ শ্ৰমৰ ফল আৰু নাপায় কিয়নো সিহঁতৰ স্মৃতি লুপ্ত হয়।” (উপদেশক ৯:৫) গতিকে ‘একোকেই নজনা’ মৃতবিলাকে কোনো এঠাইত যাতনা ভূগি থকাতো কোনোপধ্যেই সম্ভৱ নহয়।
আখ্যান ৫: মৃত্যুৰ অৰ্থ হৈছে আমাৰ অস্তিত্বৰ স্থায়ী অন্ত।
মৃত্যুত আমি অৱশ্যেই অস্তিত্বহীন হৈ পৰোঁ, কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে অপৰিহাৰ্য্যভাৱে আমাৰ জীয়াই থকাৰ সকলো আশাৰ অন্ত হোৱা। বিশ্বাসী ব্যক্তি ইয়োবে জনিছিল যে মৃত্যুত তেওঁ কবৰ অৰ্থাৎ চিয়োলত যাব। কিন্তু তেওঁ কৰা প্ৰাৰ্থনাত মনোযোগ দিয়ক। তেওঁ এইদৰে প্ৰাৰ্থনা কৰিছিল: “অস, তুমি মোক চিয়োলত লুকুৱাই থোৱা হলে, তোমাৰ ক্ৰোধ মাৰ নাযায়মানে মোক গুপ্তকৈ ৰখা হলে, তুমি মোৰ নিমিত্তে এক সময় নিৰূপণ কৰি, ইয়োব ১৪:১৩-১৫.
মোক সোঁৱৰণ কৰা হলে, কেনে ভাল আছিল! মানুহ মৰিলে পুনৰায় জীব নে? . . . তুমি মাতিবা, আৰু মই উত্তৰ দিম।”—ইয়োবে বিশ্বাস কৰিছিল যে যদি তেওঁ মৃত্যুলৈকে ঈশ্বৰৰ প্ৰতি বিশ্বাসী হৈ থাকে তেতিয়া ঈশ্বৰে তেওঁক পুনৰুত্থানৰ সময়ত নিশ্চয়ে স্মৰণ কৰিব। প্ৰাচীন সময়ত থকা সকলো ঈশ্বৰৰ সেৱকে এইদৰে বিশ্বাস কৰিছিল। যীচুৱে স্বয়ং এই আশাৰ বিষয়ে নিশ্চয়তা প্ৰদান কৰিছে যে ঈশ্বৰে মৃতবিলাকক পুনৰাই জীয়াই তুলিবলৈ তেওঁক ব্যৱহাৰ কৰিব। খ্ৰীষ্টই কোৱা নিজা বাক্যই আমাক এই আশ্বাস প্ৰদান কৰে: “যি কালত মৈদামত থকা সকলোৱে [যীচুৰ] মাত শুনি, সৎকৰ্ম্ম কৰাবিলাক জীৱনৰ পুনৰুত্থানলৈ আৰু কুকৰ্ম্ম কৰাবিলাক সোধ-বিচাৰৰ পুনৰুত্থানলৈ ওলাব, সেই কাল আহিছে।”—যোহন ৫:২৮, ২৯.
অতি শীঘ্ৰেই ঈশ্বৰে সকলোবোৰ দুষ্টতাক আঁতৰ কৰি স্বৰ্গীয় শাসনৰ অধীনত এখন নতুন জগত স্থাপন কৰিব। (গীতমালা ৩৭:১০, ১১; দানিয়েল ২:৪৪; প্ৰকাশিত বাক্য ১৬:১৪, ১৬) ফলস্বৰূপে, সমুদায় পৃথিৱীখন পৰমদেশত পৰিণত হʼব আৰু ঈশ্বৰক উপাসনা কৰা সেৱকবিলাকে তাত নিবাস কৰিব। এই বিষয়ে বাইবেলত আমি এইদৰে পঢ়িবলৈ পাওঁ: “মই সেই সিংহাসনৰ পৰা এই মহা আকাশী বাণী শুনিলোঁ, সৌৱা চোৱা, মানুহবিলাকৰ সহিত ঈশ্বৰৰ নিবাস, আৰু তেওঁবিলাকৰ সহিত তেওঁ নিবাস কৰিব; তেওঁবিলাক তেওঁৰ লোক হব, আৰু ঈশ্বৰ নিজে তেওঁবিলাকৰ সঙ্গী হৈ তেওঁবিলাকৰ ঈশ্বৰ হব; আৰু তেওঁবিলাকৰ চকুৰ পৰা আটাই চকু-লো মচি গুচাব; তাতে মৃত্যু আৰু নহব; শোক, বা ক্ৰন্দন, বা বেদনাও আৰু নহব; প্ৰথমবোৰ গুচিল।”—প্ৰকাশিত বাক্য ২১:৩, ৪.
ভয়ভিত হোৱাৰ পৰা মুক্তি লাভ কৰা
আপোনাক শান্ত্বনা প্ৰদান কৰিবলৈ ব্যৱস্থা কৰা জনাৰ জ্ঞানৰ যোগেদি আপুনি পুনৰুত্থানৰ আশাৰ বিষয়ে শিকিব পাৰে। যীচুৱে এইদৰে প্ৰতিজ্ঞা কৰিছিল: “তোমালোকে সত্যক জানিবা, আৰু সেই সত্যেই তোমালোকক মুক্ত কৰিব।” (যোহন ৮:৩২) ইয়াত মৃত্যুক ভয় কৰাৰ পৰা মুক্ত পোৱাটো সন্মিলিত আছে। একমাত্ৰ যিহোৱাই হৈছে এনে এজন ঈশ্বৰ যিজনে বৃদ্ধ অৱস্থা, মৃত্যু হোৱাৰ প্ৰণালীক সলনি আৰু আমাক অনন্তকালৰ জীৱন প্ৰদান কৰিব পাৰে। আপুনি ঈশ্বৰৰ প্ৰতিজ্ঞাসমূহক বিশ্বাস কৰেনে? আপুনি অৱশ্যেই কৰিব, কিয়নো তেওঁৰ বাক্য কেতিয়াও বিফল নহয়। (যিচয়া ৫৫:১১) আমি আপোনাক ঈশ্বৰে মানৱজাতিলৈ কৰা প্ৰতিজ্ঞাসমূহৰ বিষয়ে অধিকৈ জানিবলৈ উৎসাহিত কৰিছোঁ। এই ক্ষেত্ৰত যিহোৱাৰ সাক্ষীসকলে আপোনাক সহায় কৰিবলৈ পাই অধিক আনন্দিত হʼব। (w02 6/1)
[৬ পৃষ্ঠাৰ ব্লাৰ্ব]
মৃত্যুৰ সৈতে জড়িত থকা সমস্যাসমূহে এজন ব্যক্তিক জীয়াই থাকি আনন্দ উপভোগ কৰাৰ পৰা বঞ্চিত কৰে।
[৭ পৃষ্ঠাৰ তালিকা]
মত্যুৰ সম্পৰ্কে পোৱা কিছুমান সাধাৰণ আখ্যানসমূহ শাস্ত্ৰই এই বিষয়ে কি কয়?
● মৃত্যু হৈছে, স্বাভাৱিকতে জীৱনৰ সমাপ্তি আদিপুস্তক ১:২৮; ২:১৭;
● মৃত্যুৰ দ্বাৰা ঈশ্বৰে মানুহক নিজৰ কাষলৈ নিয়ে ইয়োব ৩৪:১৫; গীতমালা
৩৭:১১, ২৯; ১১৫:১৬
● ঈশ্বৰে সৰু লʼৰা-ছোৱালীক নিজৰ স্বৰ্গদূত হʼবলৈ লৈ যায় গীতমালা ৫১:৫;
১০৪:১, ৪; ইব্ৰী ১:৭, ১৪
● কিছুমান ব্যক্তিক মৃত্যুৰ পিছত যাতনা দিয়া হয় গীতমালা ১৪৬:৪;
উপদেশক ৯:৫, ১০; ৰোমীয়া ৬:২৩
● মৃত্যুৰ অৰ্থ হৈছে আমাৰ অস্তিত্বৰ স্থায়ী অন্ত ইয়োব ১৪:১৪, ১৫;
[৮ পৃষ্ঠাৰ ছবি]
মৃত্যুৰ সম্পৰ্কে সত্য জনাৰ যোগেদি আমি মৃত্যুৰ প্ৰতি ৰখা ভয়ৰ পৰা মুক্ত হওঁ
[৫ পৃষ্ঠাৰ স্বীকৃতিপ্ৰাপ্ত ছবিসমূহ]
Barrators—Giampolo/The Doré Illustrations For Dante’s Divine Comedy/Dover Publications Inc.