মৃত্যু প্ৰতি আপোনাৰ দৃষ্টিভঙ্গী কি?
মৃত্যু প্ৰতি আপোনাৰ দৃষ্টিভঙ্গী কি?
এজন ব্যক্তি অধিক ধনী বা শাৰীৰিকৰূপে যিমানেই স্বাস্থ্যৱান নহওক কিয়, আমাৰ প্ৰত্যেকৰে দৈনন্দিন জীৱনত মৃত্যুৰ ছাঁয়ে আবৰি ৰাখিছে। আমি বিছনাত শুই থকা অৱস্থাত বা ৰাস্তা পাৰ হওঁতে যি কোনো মহূৰ্ত্ততে মৃত্যু আহিব পাৰে। উগ্ৰবাদীয়ে ২০০১ চনৰ ছেপ্তেম্বৰ ১১ তাৰিখে নিউয়ৰ্ক আৰু উৱাচিংটন ডিচি আক্ৰমণ কৰাত আমাৰ সকলোৱে এই সিদ্ধান্তত উপনীত হʼব পাৰিলে যে সকলো বয়স, সমাজ কেতিয়াবা মাত্ৰ অলপ সময়ৰ ভিতৰতে বৃহৎ সংখ্যক লোকক “শেষ শত্ৰু” মৃত্যুৱে গ্ৰাস কৰিব পাৰে।—১ কৰিন্থীয়া ১৫:২৬.
মৃত্যুক এক ভয়ানক চক্ৰান্তত পেলোৱা ব্যক্তি হিচাবে দৃষ্টি কৰিব পাৰি। এক বৃহৎ সংখ্যক লোকৰ ভয়ানক মৃত্যুৰ সংবাদৰ বাহিৰে আন একোৱেই বাতৰি কাকত বা দূৰদৰ্শনৰ বাতৰিত মূখ্য স্থান অধিকাৰ কৰিব নোৱাৰে। এইটো দেখা গৈছে যে লোকবিলাকে যুদ্ধ, প্ৰাকৃতিক দুৰ্য্যোগ, অপৰাধ বা বেমাৰত হোৱা মৃত্যুৰ কথা শুনি কেতিয়াও ভাগৰি পৰা নাই। কোনো এজন সম্ভ্ৰান্ত ব্যক্তিৰ মৃত্যুত আৰু মৃত্যু দিবস পালনত আৱেগীক হৈ অত্যন্ত তন্ময়তা প্ৰকাশ কৰা হয়।
মৃত্যুত মানুহে প্ৰকাশ কৰা অনুভূতি আৰু প্ৰতিক্ৰিয়াক অস্বীকাৰ কৰিব নোৱাৰি। আনৰ মৃত্যুত লোকসকলে সদায়ে আকৰ্ষিত হয়। কিন্তু যেতিয়া নিজলৈ মৃত্যু আহে তেতিয়া তাৰ বিষয়ে বিবেচনা কৰিবলৈও ভয় কৰে। নিজৰ মৃত্যুটো হৈছে এনে এটা বিষয় যাক আমাৰ কোনেও কল্পনা কৰিবলৈ নিবিচাৰে।
মৃত্যুক দেখি বিমোৰত পৰেনে?
আমাৰ নিজৰ মৃত্যুৰ বিষয়ে চিন্তা কৰাটো সদায়ে এক অৰুচিকৰ বিষয় হৈ থাকিব। আমাৰ বাবে মৃত্যু কিয় এটা অৰুচিকৰ বিষয়? কিয়নো ঈশ্বৰে আমাক চিৰকালৰ বাবে জীয়াই থকাৰ আশাৰ সৈতে সৃষ্টি কৰিলে। উপদেশক ৩:১১ পদত এইদৰে কৈছে যে, “তেওঁবিলাকৰ হৃদয়ত অনন্ত কালো ৰাখিছে।” সেয়েহে অনিবাৰ্য্যৰূপে মৃত্যু হোৱাটোৱে মানৱৰ মনত একেৰাহে বিবাদ সৃষ্টি কৰে। জীয়াই থকাৰ প্ৰাকৃতিক ইচ্ছাক সন্তুষ্টি আৰু মনত সৃষ্টি হোৱা বিবাদক মিলন কৰিবলৈ অমৰ প্ৰাণ আৰু পুনৰ জন্ম হোৱা মূলনীতিৰ পৰা উদ্ভৱ হোৱা বিভিন্ন প্ৰকাৰৰ কাল্পনিক বিচাৰধাৰাক বিশ্বাস কৰে।
যিয়েই নহওক, মৃত্যু হৈছে এক বিশ্বব্যাপী ভয়ঙ্কৰ ভিতজনক ঘটনা। সেইবাবে মানৱ সমাজত মৃত্যুৰ সম্পৰ্কে পোৱা প্ৰত্যাহ্বানজনক বিষয়বোৰত আমি আঁচৰিত হোৱা উচিত নহয়। এটা কথা নিশ্চিত যে এজন ধনৱান আৰু প্ৰভাবশালী ব্যক্তিয়েও অৱশেষত মৃত্যুবৰণ কৰে।
মৃত্যুৱে পৃথক কৰেনে?
প্ৰাচীন সয়মত অত্যন্ত ৰোগী বা বেয়াকৈ আহত হোৱা ব্যক্তিসকলক সাধাৰণতে তেওঁলোকৰ পৰিচিত আৰু নিজৰ মৰমীয়াল ঘৰখনৰ পৰিৱেশত মৃত্যু হʼবলৈ অনুমতি দিয়া হৈছিল। বাইবেলৰ সময়তো প্ৰায়ে সেই একেই অৱস্থা আছিল আদিপুস্তক ৪৯:১, ২, ৩৩) তেনে অৱস্থাত পৰিয়ালৰ সকলো সদস্য আৰু লʼৰা-ছোৱালীয়ে সেই ব্যক্তিজনৰ সৈতে কথোপকথন কৰিবলৈ একত্ৰিত হয়। এই পৰিস্থিত পৰিয়ালৰ সকলো সদস্যই তেওঁ বা তাইক এই দুখৰ সময়ছোৱাত অকলশৰীয়া নহয় বুলি আশ্বাস প্ৰদান কৰে। ইয়াৰ উপৰিও দুখৰ সময়ছোৱাত দায়িত্ব বহন কৰিবলৈ শান্ত্বনা প্ৰদান কৰে।
আৰু আজিৰ সময়টো কিছুমান সংস্কৃতিতো একেইদৰে কৰা হয়। (এইটো হৈছে এখন সমাজত মৃত্যুক গৰ্হিত, ক্ষতিকৰ সংবেদনাশীল আৰু লʼৰা-ছোৱালীৰ ওপৰত “অত্যন্ত মানসিক হেঁচা” দিব বুলি অনুমান কৰি সেই ব্যক্তিজনৰ ওচৰলৈ যাবলৈ নিষেধ কৰাতকৈ সম্পূৰ্ণ বিপৰীত। বৰ্তমান সময়ত বিভিন্ন অৱস্থাত লোকসকলৰ মৃত্যু হয় আৰু তেনে অৱস্থাত তেওঁলোক প্ৰায়েই অকলশৰীয়া হোৱা দেখা যায়। যদিও বহুতে মৰমীয়াল পৰিয়ালৰ সদস্যৰ মাজত শান্তিৰে মৰিবলৈ ইচ্ছা কৰে, সাধাৰণতে তেওঁলোক চিকিৎসালত অকলশৰীয়া, দুখিত অৱস্থা আৰু সংযোগ থকা অত্যাধুনিক ভয়ানক যন্ত্ৰবোৰৰ মাজত মৃত্যুবৰণ কৰিবলগীয়া হয়। আনহাতে কোটি কোটি লোকে অস্বাভাৱিকভাৱে অৰ্থাৎ গণহত্যা, আকাল, এইডচ, গৃহ যুদ্ধ বা অত্যন্ত দৰিদ্ৰতাৰ বাবে মৃত্যুবৰণ কৰিবলগীয়া হয়।
এটা বিবেচনা কৰিবলগীয়া বিষয়
বাইবেলে মৃত্যু সম্পৰ্কে চিন্তা নকৰিবলৈ কেতিয়াও কোৱা নাই। দৰাচলতে উপদেশক ৭:২ পদে আমাক এইদৰে কৈছে: “ভোজৰ ঘৰলৈ যোৱাতকৈ বিলাপৰ ঘৰলৈ যোৱা ভাল; কিয়নো সেয়ে সকলো মানুহৰ শেষগতি।” যেতিয়া আমি মৃত্যুৰ বাস্তৱতাৰ সৈতে সম্মুখীন হওঁ, তেতিয়া আমি হয়তো আমাৰ দৈনন্দিন চিন্তাধাৰা বা কাৰ্য্যপ্ৰণালীক ত্যাগ কৰি অস্থায়ী জীৱনৰ প্ৰতি মনোযোগ দিওঁ। ইয়ে নিৰ্দ্দেশনাহীন বা উদ্দেশ্যহীনভাৱে জীয়াই থকা জীৱনটোত অধিক উদ্দেশ্য প্ৰদান কৰে।
আপুনি মৃত্যুক কেনেদৰে দৃষ্টি কৰে বা মৃত্যুৰ প্ৰতি আপোনাৰ দৃষ্টিভঙ্গী কি? আপুনি আপোনাৰ অনুভূতি, বিশ্বাস, আশা আৰু নিজৰ জীৱনটোৰ অন্ত হোৱাত ভয়ভিত হোৱাৰ বিষয়ে নিৰীক্ষণ কৰেনে?
জীৱনৰ চৰিত্ৰ বা মৃত্যুৰ চৰিত্ৰৰ বিষয়ে বৰ্ণনা কৰা আৰু বুজোৱাটো কোনো মানুহৰ ক্ষমতা নাই। কেৱল আমাৰ সৃষ্টিকৰ্ত্তাই সেই বিষয়ে বিশ্বাসনীয়ভাৱে ব্যাখ্যা কৰিব পাৰে। কিয়নো তেওঁৰ ওচৰত “জীৱনৰ ভুমুক” আৰু “মৰণৰ মুক্তিৰ উপায়” আছে। (গীতমালা ৩৬:৯; ৬৮:২০) আমি মৃত্যুৰ সম্পৰ্কে থকা কিছুমান প্ৰসিদ্ধ বিশ্বাসক ঈশ্বৰৰ বাক্যৰ পোহৰৰ দ্বাৰা চালিজাৰি চাই কেৱল আঁচৰিতেই নহওঁ কিন্তু শান্ত্বনা আৰু সজীৱতাও লাভ কৰোঁ। ইয়ে প্ৰকাশ কৰিব যে মৃত্যুত আমাৰ সকলো শেষ হৈ যোৱাৰ কোনো আৱশ্যক নাই। (w02 6/1)
[৪ পৃষ্ঠাৰ ব্লাৰ্ব]
মৃত্যু হোৱাৰ সম্ভাৱনাই আমাক অধিক অৰ্থপূৰ্ণভাৱে জীৱন যাপন কৰিবলৈ সহায় কৰে।