Skip to content

Skip to table of contents

যিহোৱাৰ ধাৰ্ম্মিকতাত উল্লাসিত হওক

যিহোৱাৰ ধাৰ্ম্মিকতাত উল্লাসিত হওক

যিহোৱাৰ ধাৰ্ম্মিকতাত উল্লাসিত হওক

“যি কোনো লোক ধাৰ্ম্মিকতা আৰু দয়াৰ অনুগামী, তেওঁ জীৱন, ধাৰ্ম্মিকতা, আৰু সন্মান লাভ কৰিব।”হিতোপদেশ ২১:২১.

১. লোকসকলৰ কেনে পথবোৰে তেওঁলোকক ধ্বংসৰ মুখলৈ লৈ গৈছে?

 “কোনো কোনো পথ মনুষ্যৰ দৃষ্টিত সৰল বোধ হয়; কিন্তু শেষত সেয়ে মৃত্যুৰ পথ।” (হিতোপদেশ ১৬:২৫) বৰ্তমান সময়ত লোকসকলে অনুকৰণ কৰা পথসমূহৰ বিষয়ে বাইবেলৰ এই হিতোপদেশে কোৱা কথাশাৰী কিমান যে সঠিক প্ৰমাণিত হৈছে! আনৰ আৱশ্যকতাৰ প্ৰতি কোনো চিন্তা নকৰি সাধাৰণতে লোকসকলে নিজৰ দৃষ্টিত যি সঠিক তাকে কৰে। (হিতোপদেশ ২১:২) মাটি-বাৰীৰ সম্পৰ্কে থকা আইন-ব্যৱস্থাক কেৱল মুখেৰে পালন কৰাৰ দাবী কৰে, কিন্তু সকলো সুযোগতে তেনে নিয়মসমূহ ভঙ্গ নকৰাকৈ তাৰ পৰা হাত হাৰিবলৈ উপায় বিচাৰি ফুৰে। ইয়াৰ পৰিণামস্বৰূপে সমাজত ঐক্যতাহীন আৰু বিশৃঙ্খলতা হোৱা দেখা গৈছে।—২ তীমথিয় ৩:১-৫.

২. মানৱজাতিৰ হিতৰ বাবে অতি প্ৰয়োজনীয়তাৰে কি বিবেচনা কৰা আৱশ্যক?

নিজৰ হিত অৰ্থাৎ শান্তি আৰু সুৰক্ষা বজাই ৰাখিবলৈ হʼলে সমূদায় মানৱজাতিক এনে এক নিয়ম-ব্যৱস্থা বা স্তৰক পালন কৰা অতি আৱশ্যক যি একেবাৰে সঠিক আৰু সকলোৱে যেন তাক স্বইচ্ছাৰে গ্ৰহণ কৰিব পাৰে। প্ৰকৃততে কোনো মানৱ বা জ্ঞানী লোকে স্থাপিত কৰা নিয়ম বা স্তৰে সেই চাহিদা পূৰণ কৰিব নোৱাৰে। (যিৰিমিয়া ১০:২৩; ৰোমীয়া ৩:১০, ২৩) যদি তেনে কোনো স্তৰ অস্তিত্বত আছে, তেন্তে সেই স্তৰসমূহ কেনে ধৰণৰ আৰু তাক কʼত পোৱা যাব? তাতকৈ অতি গুৰুত্বপূৰ্ণ প্ৰশ্নটো হৈছে, যদি তেনে কোনো স্তৰ আছে, তেন্তে আপুনি তাক পালন কৰি উল্লাসিত হʼবনে?

ধাৰ্ম্মিক স্তৰক বিচাৰা

৩. সকলোৰে উপযুক্ত আৰু লাভৰ বাবে কোনে এক স্তৰ দিয়াৰ যোগ্য আৰু কিয়?

যি স্তৰ সকলোৰ বাবে গ্ৰহণযোগ্য আৰু লাভদায়ক তেনে স্তৰক পাবলৈ আমি এনে এজন ব্যক্তিৰ কাষ চপা উচিত যিজনৰ স্তৰ মানৱৰ সকলো প্ৰকাৰৰ জাতি, সংস্কৃতি, দেশৰ পৰিসীমা, দৃৰদৃষ্টিহীনতা আৰু দুৰ্ব্বলতাতকৈ অনেক ভিন্ন আৰু উচ্চ। নিসন্দেহে, সেই ব্যক্তিজন মহান সৃষ্টিকৰ্ত্তা ঈশ্বৰ যিহোৱাৰ বাহিৰে আন কোনেও হʼব নোৱাৰে, তেওঁ এইদৰে কৈছে: “পৃথিবীতকৈ আকাশ-মণ্ডল যিমান ওখ, তোমালোকৰ সকলো পথতকৈ মোৰ পথ, আৰু তোমালোকৰ সকলো কল্পনাতকৈ মোৰ কল্পনা সিমান ওখ।” (যিচয়া ৫৫:৯) তদুপৰি, বাইবেলে যিহোৱাৰ বিষয়ে এইদৰেও কৈছে যে “তেওঁ বিশ্বস্ত ঈশ্বৰ, তেওঁত কোনো অন্যায় নাই; তেওঁ ধাৰ্ম্মিক আৰু সৰল।” (দ্বিতীয় বিবৰণ ৩২:৪) সম্পূৰ্ণ বাইবেলখনত আমি “যিহোৱা ধাৰ্ম্মিক” বুলি পঢ়িবলৈ পাওঁ। (যাত্ৰাপুস্তক ৯:২৭; ২ বংশাৱলি ১২:৬, NW; গীতমালা ১১:৭; ১২৯:৪; বিলাপ ১:১৮) সঁচাকৈ আমি তেনে স্তৰ কেৱল যিহোৱাৰ পৰাহে অপেক্ষা কৰিব পাৰোঁ, কিয়নো তেওঁ হৈছে ভাৰসাযুক্ত, ন্যায়ী আৰু ধাৰ্ম্মিক।

৪. “ধাৰ্ম্মিক” শব্দটোৰ অৰ্থ কি?

বৰ্তমান সময়ত “ধাৰ্ম্মিক” বুলা শব্দটো প্ৰায়ে অস্তিত্বহীন হৈ পৰিছে। বেছিভাগ লোকে তেনেবোৰ লোকক অস্বীকাৰমূলক আনকি অপমানজনক বুলি দৃষ্টি কৰে, যিসকলে নিজকে আনতকৈ পবিত্ৰ বা ধাৰ্ম্মিক বুলি ভাৱে। কিন্তু এখন অভিধানৰ অনুসাৰে “ধাৰ্ম্মিক” শব্দটোৰ অৰ্থ হৈছে “ন্যায়পৰায়ণ, সদাচাৰী; নিৰ্দ্দোষী, নিষ্পাপ; ঈশ্বৰীয় ব্যৱস্থাৰ সামঞ্জস্যত চলা বা নৈতিক স্তৰ গ্ৰহণ কৰা; ধৰ্ম্মপৰায়ণ বা ন্যায়পৰায়ণতাৰে কাৰ্য্য কৰা।” তেনে উত্তম বৈশিষ্ট্যসমূহেৰে পৰিপূৰ্ণ থকা স্তৰ বা ব্যৱস্থাক আপুনি পালন কৰি উল্লাসিত নহʼবনে?

৫. বাইবেলত উল্লেখ কৰা ধাৰ্ম্মিকতাৰ গুণৰ বিষয়ে বৰ্ণনা কৰক।

ধাৰ্ম্মিকতাৰ সম্বন্ধে এনচাইক্লপেডিয়া জুদাইকাই এইদৰে ব্যাখ্যা কৰিছে: “ধাৰ্ম্মিকতা কোনো সৈদ্ধান্তিক ধাৰণাৰ ওপৰত নহয়, কিন্তু যি সকলো ক্ষেত্ৰত সঠিক আৰু ন্যায়যুক্ত তাৰ ওপৰতেহে নিৰ্ভৰশীল।” উদাহৰণস্বৰূপে, ঈশ্বৰৰ ধাৰ্ম্মিকতা সাধাৰণভাৱে তেওঁৰ আন্তৰিক ব্যক্তিত্বত থকা কোনো পবিত্ৰতা আৰু সিদ্ধতাৰ দৰে গুণ নহয়। বৰঞ্চ, ই হৈছে তেওঁৰ চৰিত্ৰৰ এটা বৈশিষ্ট্যতা যি সঠিক আৰু ন্যায়যুক্ত। দৰাচলতে, যিহোৱা পবিত্ৰ আৰু শুদ্ধ হোৱাৰ বাবে তেওঁ কৰা সকলো কৰ্ম্ম ধাৰ্ম্মিক বুলি কʼব পৰা যায়। এই বিষয়ে বাইবেলে এইদৰে কৈছে যে, “যিহোৱা তেওঁৰ সকলো পথতে ধাৰ্ম্মিক, আৰু তেওঁৰ সমুদায় কাৰ্য্যতে দয়াৱান।”—গীতমালা ১৪৫:১৭.

৬. পাঁচনি পৌলে তেওঁৰ সময়ত থকা বিশেষ কিছুমান যিহূদীৰ বিষয়ে কি আৰু কিয় তেনেদৰে কৈছিল?

এই বিষয়ে পাঁচনি পৌলে ৰোমান চহৰৰ খ্ৰীষ্টানসকললৈ লিখা পত্ৰখনত উল্লেখ কৰিছিল। তেওঁ সত্যত নথকা বিশেষ কিছুমান যিহূদীসকললৈ এইদৰে লিখিছিল: “কাৰণ তেওঁবিলাকে ঈশ্বৰৰ ধাৰ্ম্মিকতা নাজানি, নিজৰটো স্থাপন কৰিবলৈ বিচাৰি, ঈশ্বৰৰ ধাৰ্ম্মিকতাৰ বশীভূত নহল।” (ৰোমীয়া ১০:৩) তেনে ব্যক্তিসকলক তেওঁ কিয় “ঈশ্বৰৰ ধাৰ্ম্মিকতা নাজানে” বুলি কৈছিল? ব্যৱস্থাত থকা ঈশ্বৰৰ ধাৰ্ম্মিক স্তৰৰ বিষয়ে তেওঁলোকে শিকা নাছিলনে? নিশ্চয়ে শিকিছিল। তথাপিও, তেওঁলোকৰ বেছিভাগেই সঙ্গী মানৱৰ সৈতে আচৰণ কৰোঁতে ধাৰ্ম্মিকতাক পথপদৰ্শক হিচাবে লোৱাৰ পৰিৱৰ্তে, তেওঁলোকে ধাৰ্ম্মিকতাক কেৱল এক ব্যক্তিগত গুণ হিচাবে দৃষ্টি কৰিছিল যাক ন্যায়পৰায়ণ, কষ্টসহিষ্ণুতাৰে ধৰ্ম্মীয় নিয়মসমূহক পালন কৰাৰ দ্বাৰা লাভ কৰিছিল। তেওঁলোকে যীচুৰ সময়ত থকা ধৰ্ম্মগুৰুসকলৰ দৰে আছিল যিসকলে ন্যায় আৰু ধাৰ্ম্মিকতাৰ প্ৰকৃত অৰ্থ বুজাত বিফল হৈছিল।—মথি ২৩:২৩-২৮.

৭. যিহোৱাৰ ধাৰ্ম্মিকতাক কেনেকৈ বৰ্ণনা কৰা হৈছে?

ইয়াৰ বিপৰীতে যিহোৱাৰ ধাৰ্ম্মিকতা স্পষ্টকৈ তেওঁৰ সকলো আচৰণতে দেখিবলৈ পোৱা যায়। যিহেতু তেওঁ ধাৰ্ম্মিক হোৱাৰ অৰ্থ এইটো নহয় যে ইচ্ছাকৃতভাৱে কৰা পাপীক ক্ষমা কৰে। কিয়নো তেনেলোকৰ বাবে ঈশ্বৰে আওকাণ, কষ্টসাধ্যহীন হʼব নোৱাৰে। তদুপৰি, তেওঁ তেনেলোকৰ প্ৰতি সঙ্কোচ প্ৰকাশ কৰে আৰু তেওঁলোকক তেওঁৰ কাষ চাপিবলৈ নিদিয়ে। আনহাতে ঈশ্বৰৰ ধাৰ্ম্মিক কাৰ্য্যসমূহে মানুহক তেওঁৰ কাষ চাপিবলৈ এক আধাৰ প্ৰস্তুত কৰে আৰু পাপৰ ভয়ানক পৰিণামৰ পৰা ৰক্ষা পাবলৈ সহায় কৰে। গতিকে যিহোৱাক এজন ‘ন্যায়ৱান আৰু ত্ৰাণকৰ্তা ঈশ্বৰ’ বুলি কোৱাতো একেবাৰে যুক্তিসঙ্গত।—যিচয়া ৪৫:২১.

ধাৰ্ম্মিকতা আৰু পৰিত্ৰাণ

৮, ৯. কি প্ৰকাৰে সেই ব্যৱস্থাই ঈশ্বৰৰ ধাৰ্ম্মিকতাক প্ৰকাশ কৰিলে?

ঈশ্বৰৰ ধাৰ্ম্মিকতা আৰু পৰিত্ৰাণৰ প্ৰেমময় কাৰ্য্যৰ মাজত থকা সম্পৰ্কৰ বিষয়ে বুজিবলৈ হʼলে, আমি মোচিৰ দ্বাৰা ইস্ৰায়েল জাতিক দিয়া ব্যৱস্থাক বিবেচনা কৰা উচিত। ইয়াত কোনো সন্দেহ নাই যে সেই ব্যৱস্থা ধাৰ্ম্মিক নাছিল। তেওঁৰ সামৰণি বাক্যত মোচিয়ে ইস্ৰায়েলসকলক এইদৰে সোঁৱৰাই দি কৈছিল: “মই আজি তোমালোকৰ আগত যি ব্যৱস্থা প্ৰকাশ কৰিছোঁ, তাৰ বিধি আৰু শাসন-প্ৰণালীৰ নিচিনা ন্যায় বিধি আৰু শাসন-প্ৰণালী কোন মহাজাতিৰ আছে?” (দ্বিতীয় বিবৰণ ৪:৮) কেইবা শতাব্দীৰ পিছত ইস্ৰায়েলৰ ৰজা দায়ূদে এইদৰে কৈছিল: “যিহোৱাবিষয়ক ভয় শুচি, চিৰস্থায়ী; যিহোৱাৰ শাসন-প্ৰণালীবোৰ সত্য, সম্পূৰ্ণৰূপে ন্যায়।”—গীতমালা ১৯:৯.

যিহোৱাই তেওঁৰ ব্যৱস্থাৰ যোগেদি স্পষ্টৰূপে উচিত আৰু অনুচিত স্তৰসমূহৰ বিষয়ে দাঙি ধৰিছিল। ইস্ৰায়েলসকলক দিয়া সেই ব্যৱস্থাত কেৱল ধৰ্ম্মীয় বিষয়ে নহয় কিন্তু ব্যৱসায়, বিবাহ, খাদ্যাভ্যাস, স্বাস্থ্য আৰু ন্যায়ৰ বিষয়েও সম্পূৰ্ণকৈ উল্লেখ কৰা হৈছিল। সেই ব্যৱস্থাত কিছুমান ক্ষেত্ৰত আজ্ঞা উলঙ্ঘন কৰোঁতাসকলক মৃত্যু দণ্ড দিবলৈও উল্লেখ কৰা হৈছিল। a কিন্তু ব্যৱস্থাত বৰ্ণনা কৰা ঈশ্বৰৰ আৱশ্যকতাসমূহৰ বিষয়ে বৰ্তমান সময়ৰ লোকসকলে কোৱাৰ দৰে প্ৰাচীন লোকসকলৰ বাবে সেই ব্যৱস্থা অপ্ৰীতিকৰ গধুৰ বোজা হৈ তেওঁলোকৰ আনন্দ আৰু স্বাধীনতা কাঢ়ি নিছিলনে?

১০. যিসকলে যিহোৱাক প্ৰেম কৰিছিল তেওঁলোকে যিহোৱাৰ ব্যৱস্থাৰ প্ৰতি কেনে অনুভৱ কৰিছিল?

১০ যিসকলে যিহোৱাক প্ৰেম কৰিছিল তেওঁলোকে তেওঁৰ ধাৰ্ম্মিক ব্যৱস্থা আৰু আজ্ঞাসমূহ পালন কৰি অতি আনন্দিত হৈছিল। উদাহৰণস্বৰূপে, আমি দেখিবলৈ পোৱাৰ অনুসাৰে ৰজা দায়ূদে যিহোৱাৰ ন্যায়িক সিদ্ধান্তসমূহ কেৱল সত্য আৰু ধাৰ্ম্মিক বুলি জ্ঞাত হৈছিল এনে নহয়, কিন্তু সেইবোৰক আন্তৰিকতাৰে গ্ৰহণ আৰু মূল্যাঙ্কণ কৰিছিল। যিহোৱাৰ ব্যৱস্থা আৰু ন্যায়িক সিদ্ধান্তসমূহৰ সম্বন্ধে তেওঁ এইদৰে লিখিছিল: “সেইবোৰ সোণতকৈ বাঞ্ছনীয়, অধিক নিভাঁজ সোণতকৈয়ো বাঞ্ছনীয়; সেইবোৰ মৌতকৈ সোৱাদ, ৰহঘৰাৰ পৰা জৰি জৰি ওলোৱা মৌতকৈয়ো সোৱাদ। তোমাৰ দাসে সেইবোৰৰ দ্বাৰাই সুশিক্ষা পায়; সেইবোৰ পালন কৰিলে পৰম লাভ হয়।”—গীতমালা ১৯:৭, ১০, ১১.

১১. “খ্ৰীষ্টৰ ওচৰলৈ আমাক নিবলৈ” বিধানে কেনেকৈ সত্যৰূপে প্ৰমাণিত হʼল?

১১ তাৰ কেইবা শতাব্দীৰ পিছত পাঁচনি পৌলে ব্যৱস্থাৰ মূল্য সকলোতকৈ অধিক বুলি দাঙি ধৰিছিল। গালাতীয়া মণ্ডলীলৈ লিখা পত্ৰখনত তেওঁ এইদৰে কৈছিল: “এইদৰে আমি বিশ্বাসৰ দ্বাৰাই ধাৰ্ম্মিক বুলি গণিত হবলৈ খ্ৰীষ্টৰ ওচৰলৈ আমাক নিবলৈ, বিধানেই আমাৰ ৰখীয়া শিক্ষক হৈছিল।” (গালাতীয়া ৩:২৪) পাঁচনি পৌলৰ সময়ত এজন শিক্ষকে এটা ডাঙৰ পৰিয়ালত দাস বা সেৱক হিচাবে কাৰ্য্য কৰিব লাগিছিল। লʼৰা-ছোৱালীবিলাকক চোৱা-চিতা কৰা আৰু স্কুললৈ আনা-নিয়া কৰাতো তেওঁৰ কৰ্তব্য আছিল। তেনেদৰে ব্যৱস্থাই ইস্ৰায়েলসকলক তেওঁলোকৰ চাৰিওফালে থকা মিছা ধৰ্ম্মীয় অভ্যাস আৰু অনৈতিকতাৰ পৰা ৰক্ষা কৰিছিল। (দ্বিতীয় বিবৰণ ১৮:৯-১৩; গালাতীয়া ৩:২৩) ইয়াৰ উপৰিও সেই ব্যৱস্থাই তেওঁলোকৰ পাপী অৱস্থাৰ বিষয়ে অৱগত, তেওঁলোকে ক্ষমা আৰু পৰিত্ৰাণ লাভ কৰিবলৈ পালন কৰিবলগা আৱশ্যকতাসমূহৰ বিষয়ে স্মৰণ কৰাই দিছিল। (গালাতীয়া ৩:১৯) বলিদান ব্যৱস্থাই প্ৰকৃত মুক্তিপণ বলিদানৰ আৱশ্যকতাৰ প্ৰতি নিৰ্দ্দেশ আৰু সঁচা মচীহক চিনাক্ত কৰাৰ এক ভৱিষ্যদ্বাণীমূলক আৰ্হি দাঙি ধৰিছিল। (ইব্ৰী ১০:১, ১১, ১২) এইদৰে যিহোৱাই লোকসকলৰ হিত আৰু অনন্তকলীয়া পৰিত্ৰাণৰ বিষয়টো মনত ৰাখি ব্যৱস্থাৰ যোগেদি তেওঁ নিজৰ ধাৰ্ম্মিকতা প্ৰকাশ কৰিলে।

তেওঁবিলাকক ঈশ্বৰে ধাৰ্ম্মিক বুলি বিবেচনা কৰিলে

১২. অতি মনোযোগেৰে ব্যৱস্থা পালন কৰাৰ দ্বাৰা ইস্ৰায়েলসকলে কি লাভ কৰিব পাৰিলেহেঁতেন?

১২ যিহোৱাই দিয়া ব্যৱস্থা সকলো প্ৰকাৰে সিদ্ধ আছিল আৰু ইয়াক পালন কৰাৰ দ্বাৰা ইস্ৰায়েলসকলে তেওঁৰ আগত ধাৰ্ম্মিক হিচাবে থিয় হʼব পাৰিলেহেঁতেন। তেওঁলোকে প্ৰতিজ্ঞাত দেশত প্ৰৱেশ কৰা কিছুসময়ৰ পূৰ্বেই মোচিয়ে এইদৰে সোঁৱৰাই কৈছিল: “আমি যদি নিজ ঈশ্বৰ যিহোৱাৰ আজ্ঞাৰ দৰে তেওঁৰ আগত এই গোটেই ব্যৱস্থা পালন কৰি সেই মতে কাৰ্য্য কৰোঁ, তেন্তে সেয়ে আমাৰ ধাৰ্ম্মিকতাস্বৰূপ হব।” (দ্বিতীয় বিবৰণ ৬:২৫) ইয়াৰ উপৰিও যিহোৱাই এইদৰে প্ৰতিজ্ঞা কৰি কৈছিল: “মোৰ যি বিধি আৰু শাসন-প্ৰণালীবোৰ মানুহে পালন কৰিলে তাৰ দ্বাৰাই জীয়ে, সেই সকলোকে তোমালোকে পালন কৰিবা। মই যিহোৱা।”—লেবীয়া পুস্তক ১৮:৫; ৰোমীয়া ১০:৫.

১৩. যিহোৱাই নিজৰ লোকসকলক ধাৰ্ম্মিক ব্যৱস্থা প্ৰদান কৰি অন্যায়ী হোৱাৰ পৰিচয় দিছিলনে? বৰ্ণনা কৰক।

১৩ দুখৰ বিষয় এই যে ইস্ৰায়েলসকলে “যিহোৱাৰ আগত এই গোটেই ব্যৱস্থা পালন” কৰাত বিফল হʼল আৰু প্ৰতিজ্ঞাত দেশত প্ৰৱেশ কৰাৰ পৰা বঞ্চিত থাকিল। কিয়নো ঈশ্বৰৰ ব্যৱস্থা শুদ্ধ আছিল আৰু তাক পালন কৰোঁতাসকল অসিদ্ধ আছিল, সেয়েহে তেওঁলোকে প্ৰতিজ্ঞাত দেশত প্ৰৱেশ কৰিব নোৱাৰিলে। তেন্তে ইয়াৰ অৰ্থ এইটো নে যে ঈশ্বৰ অধাৰ্ম্মিক আৰু অন্যায়ী? অৱশ্যেই নহয়। পাঁচনি পৌলে এইদৰে লিখিছিল: “তেন্তে আমি কি কম? ঈশ্বৰত অধাৰ্ম্মিকতা আছে নে? এনে নহওক।” (ৰোমীয়া ৯:১৪) দৰাচলতে, ব্যৱস্থা দিয়াৰ পূৰ্বেই আৰু পিছতো অসিদ্ধ আৰু পাপী ব্যক্তিসকলক তেওঁ ধাৰ্ম্মিক বুলি গণ্য কৰিছিল। উদাহৰণস্বৰূপে, ঈশ্বৰৰ ভয় মানোতা তেনে ব্যক্তিসকল হৈছে, নোহ, অব্ৰাহাম, ইয়োব, ৰাহাব আৰু দানিয়েলো এজন আছিল। (আদিপুস্তক ৭:১; ১৫:৬; ইয়োব ১:১; যিহিষ্কেল ১৪:১৪; যাকোব ২:২৫) তেন্তে প্ৰশ্ন হৈছে: ঈশ্বৰে তেওঁলোকক ধাৰ্ম্মিক বুলি গণ্য কৰাৰ মূল আধাৰ কি আছিল?

১৪ বাইবেলে কোনো এজন ব্যক্তিক “ধাৰ্ম্মিক” বুলি উল্লেখ কৰাৰ অৰ্থ কি?

১৪ যেতিয়া বাইবেলে মানৱক “ধাৰ্ম্মিক” বুলি উল্লেখ কৰে তেতিয়া তাৰ অৰ্থ এইটো নহয় যে তেওঁলোক পাপবিহীন বা সিদ্ধ। বৰঞ্চ, ইয়াৰ অৰ্থ হৈছে ঈশ্বৰ আৰু লোকসকলৰ প্ৰতি দায়িত্ব সম্পন্ন কৰা এজনৰ কৰ্তব্য। উদাহৰণস্বৰূপে, নোহক “ধাৰ্ম্মিক” আৰু “সেই কালৰ মানুহৰ মাজত সিদ্ধ” আছিল বুলি কোৱা হৈছে, কিয়নো তেওঁ “ঈশ্বৰে আজ্ঞা দিয়াৰ দৰেই সকলোকে কৰিলে।” (আদিপুস্তক ৬:৯, ২২; মলাখী ৩:১৮) যোহন বাপ্তাইজকৰ পিতৃ-মাতৃ অৰ্থাৎ জখৰিয়া আৰু এলিচাবেৎ “দুয়ো ঈশ্বৰৰ আগত ধাৰ্ম্মিক, আৰু [যিহোৱাৰ, NW] সকলো আজ্ঞা আৰু বিধিমতে প্ৰবৰ্ত্তি নিৰ্দ্দোষী হৈ আছিল।” (লূক ১:৬) পৰজাতি ব্যক্তি কৰ্ণীলিয় নামৰ এজন সেনাপতিকো “ধাৰ্ম্মিক আৰু ঈশ্বৰলৈ ভয় কৰা” ব্যক্তিৰূপে বৰ্ণনা কৰা হৈছিল।—পাঁচনিৰ কৰ্ম্ম ১০:২২.

১৫. ধাৰ্ম্মিকতাই কিহৰ সৈতে এক ঘনিষ্ঠ সম্পৰ্ক বজাই ৰাখে?

১৫ তদুপৰি, মানুহত থকা ধাৰ্ম্মিকতা হৃদয়ৰ সৈতে নিবিড় সম্পৰ্ক আছে—যেনে, এজন বিশ্বাস আৰু মূল্যাঙ্কণ, যিহোৱা আৰু তেওঁৰ প্ৰতিজ্ঞাসমূহৰ প্ৰতি প্ৰেম—ইয়াত যিহোৱাৰ প্ৰতি থকা এজনৰ আৱশ্যকতাসমূহ পালন কৰাটোৱে অকল সন্মিলিত নহয়। শাস্ত্ৰই কৈছে যে অব্ৰাহামে “যিহোৱাত বিশ্বাস কৰিলত, যিহোৱাই তাকেই তেওঁৰ পক্ষে ধাৰ্ম্মিকতা বুলি গণনা কৰিলে।” (আদিপুস্তক ১৫:৬) প্ৰকৃততে অব্ৰাহামে কেৱল ঈশ্বৰৰ অস্তিত্বকে বিশ্বাস কৰিছিল এনে নহয়, কিন্তু তেওঁ আহিবলগীয়া সেই ‘বংশৰ’ বিষয়ে কৰা প্ৰতিজ্ঞাকো বিশ্বাস কৰিছিল। (আদিপুস্তক ৩:১৫; ১২:২; ১৫:৫; ২২:১৮) তেওঁ তেনে বিশ্বাসৰ অনুসাৰে কাৰ্য্য কৰি অসিদ্ধ হোৱাৰ স্বত্ত্বেও অব্ৰাহাম আৰু আন বিশ্বাসী লোকসকলে যিহোৱাৰ সৈতে সম্পৰ্ক বজাই ৰাখিব পাৰিলে আৰু যিহোৱাই তেওঁলোকক আশীৰ্ব্বাদ কৰিছিল।—গীতমালা ৩৬:১০; ৰোমীয়া ৪:২০-২২.

১৬. মুক্তিপণ বলিদানৰ ওপৰত বিশ্বাস কৰাৰ বাবে বিশ্বাসী লোকসকলে কেনে ফল লাভ কৰিছিল?

১৬ অৱশেষত মানৱত থকা ধাৰ্ম্মিকতাৰ আধাৰশীলা হৈছে যীচুৰ মুক্তিপণ বলিদানক বিশ্বাস কৰা। প্ৰথম শতাব্দীৰ খ্ৰীষ্টানসকলক উদ্দেশ্য কৰি পাঁচনি পৌলে এইদৰে কৈছিল: “খ্ৰীষ্ট যীচুত যি মুক্তি, তাৰ দ্বাৰাই ঈশ্বৰৰ অনুগ্ৰহত বিনামূল্যে ধাৰ্ম্মিক বুলি গণিত হয়।” (ৰোমীয়া ৩:২৪) ইয়াত পৌলে যীচু খ্ৰীষ্টৰ সৈতে স্বৰ্গীয় ৰাজ্যৰ ভাগী হʼবলৈ বাছি লোৱা সকলৰ বিষয়ে উল্লেখ কৰিছিল। কিন্তু যীচুৰ মুক্তিপণ বলিদানে আন লাখ লাখ লোককো ঈশ্বৰৰ আগত ধাৰ্ম্মিকৰূপে থিয় হʼবলৈ দুৱাৰ মুকলি কৰিছিল। এই বিষয়ে পাঁচনি যোহনে “বগা বস্ত্ৰ পিন্ধা, কোনেও গণিব নোৱাৰা এক বৰ লোকসমূহ সেই সিংহাসন আৰু মেৰ পোৱালিৰ আগত থিয় হৈ আছে,” বুলি এক দৰ্শন দেখিছিল। এই বগা বস্ত্ৰই তেওঁলোকক ঈশ্বৰৰ আগত শুদ্ধ আৰু ধাৰ্ম্মিক হোৱাক চিহ্নিত কৰে, কিয়নো “এওঁবিলাকে মেৰ পোৱালিৰ তেজেৰে নিজ নিজ বস্ত্ৰ ধুই বগা কৰিলে।”—প্ৰকাশিত বাক্য ৭:৯, ১৪.

যিহোৱাৰ ধাৰ্ম্মিকতাত উল্লাসিত হোৱা

১৭. ধাৰ্ম্মিকতাক অনুকৰণ কৰিবলৈ কেনে পদক্ষেপ লোৱা আৱশ্যক?

১৭ প্ৰেমময় যিহোৱাই তেওঁৰ পুত্ৰ যীচুৰ দ্বাৰা মুক্তিপণ বলিদানৰ প্ৰবন্ধ কৰি মানুহে তেওঁৰ আগত থিয় হʼবলৈ ধাৰ্ম্মিকতাত উপনীত হোৱাত সহায় কৰিলে। অৱশ্যে এই লাভসমূহ স্বাভাৱিকৰূপে পোৱা নাযায়। ইয়াৰ বাবে নিশ্চয়ে এজন ব্যক্তিক সেই মুক্তিপণ বলিদানক বিশ্বাস, ঈশ্বৰ ইচ্ছা অনুসাৰে কাৰ্য্য আৰু নিজকে তেওঁলৈ সমৰ্পণ কৰি পানীত বাপ্তিষ্মা লোৱা আৱশ্যক। তাৰ পিছত তেওঁক আন আধ্যাত্মিক গুণসমূহৰ সৈতে একেৰাহে ধাৰ্ম্মিকতাৰ বস্ত্ৰ পৰিধান কৰা উচিত। তীমথিয় নামৰ এজন বাপ্তিষ্মাপ্ৰাপ্ত আৰু স্বৰ্গীয় জীৱনৰ আশা থকা খ্ৰীষ্টান ব্যক্তিক পাঁচনি পৌলে উৎসাহিত কৰি এইদৰে কৈছিল: “ধাৰ্ম্মিকতা, ভক্তি, বিশ্বাস, প্ৰেম, ধৈৰ্য্য, মৃদুভাৱ, এইবোৰক খেদি যোৱা।” (১ তীমথিয় ৬:১১; ২ তীমথিয় ২:২২) একেৰাহে কৰি থকা প্ৰচেষ্টাৰ বিষয়ে যীচুৱেও এইদৰে কৈছিল: “প্ৰথমে তেওঁৰ ৰাজ্য আৰু ধাৰ্ম্মিকতা বিচাৰা।” ঈশ্বৰৰ ৰাজ্যৰ আশীৰ্ব্বাদ লাভ কৰিবলৈ আমাক হয়তো অধিক পৰিশ্ৰম কৰিব লাগিব, কিন্তু আমি যিহোৱাৰ ধাৰ্ম্মিকতাৰ অনুসাৰে একেৰাহে পৰিশ্ৰম কৰোঁনে?—মথি ৬:৩৩.

১৮. (ক) ধাৰ্ম্মিকতাক অনুকৰণ কৰাটো কিয় ইমান সহজ নহয়? (খ) লোটৰ আৰ্হিৰ পৰা আমি কি শিকিব পাৰোঁ?

১৮ অৱশ্যে ধাৰ্ম্মিকতাক অনুকৰণ কৰাটো ইমান সহজ নহয়। কিয়নো আমি সকলোৱে অসিদ্ধ আৰু অধাৰ্ম্মিকতাৰ কাৰ্য্যৰ প্ৰতি আমাৰ স্বাভাৱিক প্ৰবৃতি আছে। (যিচয়া ৬৪:৬) আনহাতে আমি এনে লোকসকলৰ মাজত জীয়াই আছোঁ যিসকলে বহু কম মাত্ৰাতহে যিহোৱাৰ ধাৰ্ম্মিকতাক মূল্যাঙ্কণ কৰে। আজি আমাৰ অৱস্থা প্ৰাচীনকালৰ লোটৰ অৱস্থাৰ সৈতে একেই যিজনে চদোম নামৰ এখন দুষ্ট নগৰত বাস কৰিছিল। এই বিষয়ে পাঁচনি পিতৰে বৰ্ণনা কৰিছিল যে কিয় ঈশ্বৰে সেই নগৰখন ধ্বংস কৰাৰ পূৰ্ব্বেই লোটক ৰক্ষা কৰিবলৈ নিৰ্ণয় লৈছিল। তেওঁ এইদৰে কৈছিল: “সেই ধৰ্ম্মহীনবিলাকৰ লম্পট-আচৰণত দুখ পোৱা যি ধাৰ্ম্মিক লোট, তেওঁক ৰক্ষা কৰিলে।” (২ পিতৰ ২:৭, ৮) তেন্তে আমাৰ প্ৰত্যেকজনে নিজকে এইদৰে সোধা উচিত: ‘আমাৰ চাৰিওফালে দেখি পোৱা অনৈতিক কাৰ্য্যবোৰক মই নিজৰ হৃদয়ত কৰ্ত্তৃত্ব হবলৈ দিছোঁনে? আজি জনপ্ৰিয় কিন্তু হিংসাত্মক মনোৰঞ্জন বা খেল-ধেমালীবোৰৰ প্ৰতি মই সাধাৰণভাৱে দৃষ্টি কৰোঁনে? বা তেনে অধাৰ্ম্মিক কাৰ্য্যবোৰক দেখি আমিও লোটৰ দৰে অনুভৱ কৰিছোঁনে?’

১৯. যদি আমি ঈশ্বৰৰ ধাৰ্ম্মিকতাত উল্লাসিত হওঁ তেন্তে কেনে আশীৰ্ব্বাদসমূহ লাভ কৰিম?

১৯ এই বিপদজনক আৰু অনিশ্চিত দিনবোৰত যিহোৱাৰ ধাৰ্ম্মিকতাত উল্লাসিত হোৱা মানেই হৈছে নিৰাপত্তা লাভ কৰা। ৰজা দায়ূদে এইদৰে প্ৰশ্ন কৰিছিল: “হে যিহোৱা, তোমাৰ তম্বুত কোনে প্ৰবাস কৰিব? তোমাৰ পবিত্ৰ পৰ্ব্বতত কোনে বসতি কৰিব?” তেওঁ এইদৰে উত্তৰ দি কৈছিল: “যি জনে যথাৰ্থ আচৰণ আৰু ধৰ্ম্মকৰ্ম্ম কৰে।” (গীতমালা ১৫:১, ২) ধাৰ্ম্মিকতাক অনুকৰণ কৰা আৰু তাত উল্লাসিত হোৱাৰ দ্বাৰা আমি ঈশ্বৰৰ সৈতে এক উত্তম সম্বন্ধ বজাই ৰাখি একেৰাহে তেওঁৰ অনুমোদন লাভ কৰিব পাৰিম। এইদৰে আমি জীৱনত সন্তুষ্টি, আত্মসন্মান আৰু শান্তিযুক্ত মন লাভ কৰিম। যিহোৱাই স্বয়ং এইদৰে কৈছে: “যি কোনো লোক ধাৰ্ম্মিকতা আৰু দয়াৰ অনুগামী, তেওঁ জীৱন, ধাৰ্ম্মিকতা, আৰু সন্মান লাভ কৰিব।” (হিতোপদেশ ২১:২১) তদুপৰি, আমি এক উত্তম ব্যক্তিগত সম্বন্ধ বজাই ৰাখি নৈতিক আৰু আধ্যাত্মিকৰূপে জীৱন প্ৰণালীক উন্নত কৰাৰ বাবে যি সঠিক আৰু শুদ্ধ, তাৰ অনুসাৰে কাৰ্য্য কৰিবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰা আৱশ্যক। গীতমালা ৰচোঁতাজনে এইদৰে কৈছিল: “তেওঁৰ শাসন-প্ৰণালী পালন কৰাবিলাক ধন্য, সদায় ধৰ্ম্মাচৰণ কৰা জন ধন্য।”—গীতমালা ১০৬:৩. (w02 6/1)

[ফুটনোট]

a মোচিৰ নিয়মৰ বিষয়ে বহুলভাৱে জানিবলৈ হʼলে যিহোৱাৰ সাক্ষীসকলৰ দ্বাৰা প্ৰকাশিত শাস্ত্ৰপদসমূহত অন্তৰ্দৃষ্টি, ২ খণ্ডৰ, ২১৪-২০ পৃষ্ঠাত দিয়া “নিয়ম-ব্যৱস্থাৰ কিছুমান বৈশিষ্ট্যতা” নামৰ লেখটো চাওক।

আপুনি বৰ্ণনা কৰিব পাৰিবনে?

• ধাৰ্ম্মিকতা কি?

• ঈশ্বৰৰ ধাৰ্ম্মিকতাৰ সৈতে পৰিত্ৰাণ কেনেকৈ জড়িত হৈ আছে?

• কিহৰ ওপৰত ভিত্তি কৰি ঈশ্বৰে মানৱক ধাৰ্ম্মিক বুলি গণ্য কৰিছিল?

• যিহোৱাৰ ধাৰ্ম্মিকতাত আমি কেনেকৈ উল্লাসিত হʼব পাৰোঁ?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[১১ পৃষ্ঠাৰ ছবিসমূহ]

ঈশ্বৰৰ ব্যৱস্থাৰ প্ৰতি ৰজা দায়ূদে আন্তৰিক অনুৰক্ত দেখুৱাইছিল

[১২ পৃষ্ঠাৰ ছবিসমূহ]

নোহ, অব্ৰাহাম, জখৰিয়া, এলিচাবেৎ আৰু কৰ্ণীলিয় আদি ব্যক্তিসকলক ঈশ্বৰে ধাৰ্ম্মিক বুলি কৈছিল। আপুনি জাননে তেওঁলোকক কিয় ধাৰ্ম্মিক বুলি কোৱা হৈছিল?