“সিহঁত অগাধ জলৰ তলিলৈ গল”
“সিহঁত অগাধ জলৰ তলিলৈ গল”
“জলসমূহে সিহঁতক ঢাকিলে; শিলৰ দৰে সিহঁত অগাধ জলৰ তলিলৈ গল।”
এই বুলি পাছে পাছে খেদি অহা ফৰৌণ আৰু তেওঁৰ সৈন্যসমূহক চূফ সাগৰত ধ্বংস হোৱা দেখি মোচি আৰু ইস্ৰায়েলসকলে আনন্দেৰে গীত গাইছিল।—যাত্ৰাপুস্তক ১৫:৪, ৫.
যিসকলে সেই ঘটনাটো দেখিলে তেওঁলোকে সহজে তাৰ পৰা পোৱা শিক্ষাক বুজিব পাৰিলে। কোনেও যিহোৱাৰ অধিকাৰ আৰু অস্তিত্বক প্ৰত্যাহ্বান জনাই কেতিয়াও সফল হʼব নোৱাৰে। সেই ঘটনাৰ মাত্ৰ কিছু সপ্তাহৰ পিছত ইস্ৰায়েলৰ প্ৰসিদ্ধ সদস্য—কোৰহ, দাথন, অবীৰাম আৰু তেওঁলোকৰ ২৫০ জন সমৰ্থকে মোচি আৰু হাৰোণৰ ঈশ্বৰীয় অধিকাৰৰ ওপৰত ৰাজহুৱাভাৱে প্ৰত্যাহ্বান জনালে।—গণনা পুস্তক ১৬:১-৩.
যিহোৱাৰ নিৰ্দ্দেশনাৰ অনুসৰি মোচিয়ে ইস্ৰায়েলসকলক সেই বিৰোধীসকলৰ তম্বুৰ পৰা আঁতৰি যাবলৈ সতৰ্ক কৰিলে। দাথন, অবীৰাম আৰু তেওঁলোকৰ পক্ষত থকা সকলো লোকে যেতিয়া নিজৰ বিৰুদ্ধাত্মক মনোবৃত্তিক সলনি কৰিবলৈ অস্বীকাৰ কৰিলে। তেতিয়া মোচিয়ে ঘোষণা কৰিলে যে যিহোৱাই নিজৰ অনুসাৰে সেই লোকবিলাকক স্পষ্টকৈ দেখুৱাব যে এই মানুহবিলাকে “যিহোৱাক হেয়জ্ঞান কৰিলে।” সেই মুহূৰ্ততে যিহোৱাই তেওঁলোক থিয় হৈ থকা ভূমি অংশক দুভাগ কৰিলে। ‘আৰু সিহঁতৰ লগৰ সকলোৱেই জীয়াই জীয়াই চিয়োললৈ নামি গল; আৰু পৃথিৱী সিহঁতৰ ওপৰত জাপ খাই পৰিল।’ কোৰহ আৰু আন বিৰোধীসকলৰ কি হʼল? “যিহোৱাৰ অগ্নি ওলাই ধূপ উৎসৰ্গ কৰা সেই দুশ পঞ্চাশ জনক গ্ৰাস কৰিলে।”
ফৰৌণ আৰু তেওঁৰ সৈন্যবাহিনী, একেইদৰে অৰণ্যত বিদ্ৰোহ কৰা সেইসকলো উৎচন্ন হʼল, কিয়নো তেওঁলোকে যিহোৱাৰ অধিকাৰ আৰু তেওঁৰ লোকসকলৰ কাৰ্য্যৰ প্ৰতি থকা আগ্ৰহতাক চিনাক্ত কৰাত বিফল হʼল। সেইবাবে এইটো অতি গুৰুত্বপূৰ্ণ বিষয় যে যিসকলে এই বিপৰ্য্যয়ৰ দিনত যিহোৱাই প্ৰদান কৰা নিৰাপত্তাক দেখিবলৈ পাই, তেওঁলোকে “সৰ্ব্বোপৰি” আৰু “সৰ্ব্বশক্তিমান” যিহোৱাৰ প্ৰতি আজ্ঞাকাৰীতা হʼবলৈ শিকে। তেনেদৰে কাৰ্য্য কৰি তেওঁলোকে যিহোৱাৰ এই আশ্বাসজনক বাক্যক হৃদয়েৰে গ্ৰহণ কৰে: “তোমাৰ কাষত হাজাৰ হাজাৰ লোক আৰু তোমাৰ সোঁফালে অযুত অযুত লোক পতিত হব; কিন্তু সেয়ে তোমাৰ ওচৰলৈ নাহিব। কেৱল তুমি নিজ চকুৰে চাই দুষ্টবোৰৰ প্ৰতিফল দেখিবা। (কিয়নো, হে যিহোৱা, তুমিয়েই মোৰ আশ্ৰয়:) তুমি সৰ্ব্বোপৰি জনাক তোমাৰ বাসস্থান কৰিছা।”—গীতমালা ৯১:১, ৭-৯. (w02 6/1)