Skip to content

Skip to table of contents

সৎকৰ্ম্মৰ বাবে এক লোকসমূহ হিচাবে শুচি হোৱা

সৎকৰ্ম্মৰ বাবে এক লোকসমূহ হিচাবে শুচি হোৱা

সৎকৰ্ম্মৰ বাবে এক লোকসমূহ হিচাবে শুচি হোৱা

“আহাঁ, আমি শৰীৰ আৰু আত্মাৰ সকলো মলৰ পৰা নিজক শুচি কৰি, ঈশ্বৰলৈ ভয় ৰাখি, পবিত্ৰতা সিদ্ধ কৰোঁহক।”২ কৰিন্থীয়া ৭:১.

১. যিসকলে যিহোৱাক উপাসনা কৰে তেওঁলোকৰ পৰা তেওঁ কি বিচাৰে?

 “যিহোৱাৰ পৰ্ব্বতটোলৈ কোনে উঠি যাব পাৰে? তেওঁৰ পবিত্ৰস্থানত বা কোনে থিয় হব পাৰে?” যিহোৱাৰ গ্ৰহণযোগ্য উপাসনাৰ সম্পৰ্কে ৰজা দায়ূদে এই চিন্তা-বিদাৰক প্ৰশ্নটো দাঙি ধৰিছিল। তাৰ পিছত তেওঁ সেই প্ৰশ্নটোৰ উত্তৰ দি এইদৰে কৈছিল: “যাৰ হাত শুচি, আৰু মনো নিৰ্ম্মল, যি জনে অনৰ্থক কথালৈ নিজৰ মন নেমেলে, যি জনে ছল কৰি শপত নাখায়, সেই জনেই উঠি যাব পাৰে।” (গীতমালা ২৪:৩, ৪) পৰম পবিত্ৰ ঈশ্বৰ যিহোৱাৰ গ্ৰহণযোগ্য হʼবলৈ হʼলে এজন ব্যক্তিক শুদ্ধ আৰু পবিত্ৰ হোৱা উচিত। প্ৰাচীন সময়ত যিহোৱাই ইস্ৰায়েলৰ মণ্ডলীক সোঁৱৰাই দি এইদৰে কৈছিল: “তোমালোকে নিজকে পবিত্ৰ কৰি পবিত্ৰ হোৱা; কিয়নো মই পবিত্ৰ।”—লেবীয়া পুস্তক ১১:৪৪, ৪৫; ১৯:২.

২. সত্য উপাসনাত শুদ্ধতা বজাই ৰাখাৰ সম্পৰ্কে পাঁচনি পৌল আৰু যাকোবে কেনেকৈ জোৰ দি কৈছিল?

বহু শতিকাৰ পিছত পাঁচনি পৌলে নৈতিকহীন কৰিন্থীয়া চহৰত থকা খ্ৰীষ্টানসকললৈ এইদৰে লিখিছিল: “এইবোৰ প্ৰতিজ্ঞা পোৱাত, আহাঁ, আমি শৰীৰ আৰু আত্মাৰ সকলো মলৰ পৰা নিজক শুচি কৰি, ঈশ্বৰলৈ ভয় ৰাখি, পবিত্ৰতা সিদ্ধ কৰোঁহক।” পুনৰাই এইটো স্পষ্টকৈ প্ৰকাশ পাইছে যে ঈশ্বৰৰ সৈতে এক উত্তম সম্বন্ধ আৰু তেওঁ প্ৰতিজ্ঞা কৰা আশীৰ্ব্বাদসমূহ লাভ কৰিবলৈ হʼলে এজন ব্যক্তিক শুদ্ধ আৰু সকলো প্ৰকাৰৰ শাৰীৰিক আৰু আধ্যাত্মিকৰূপে দূষিত কৰা বিষয়সমূহৰ পৰা আতঁৰি থকা উচিত। ঠিক সেইদৰে পাঁচনি যোহনেও গ্ৰহণযোগ্য উপাসনাৰ সম্বন্ধে এইদৰে কৈছিল: “মাউৰা আৰু বিধৱাবিলাকক তেওঁবিলাকৰ ক্লেশৰ কালত চাবলৈ যোৱা, আৰু সংসাৰৰ পৰা নিজকে নিষ্কলঙ্কৰূপে ৰাখা, এয়েই পিতৃ ঈশ্বৰৰ আগত শুদ্ধ আৰু নিৰ্ম্মল ধৰ্ম্ম-কৰ্ম্ম।”—যাকোব ১:২৭.

৩. আমাৰ উপাসনা গ্ৰহণযোগ্য হʼবলৈ আমি কিহৰ বিষয়ে গম্ভীৰভাৱে বিবেচনা কৰা আৱশ্যক?

যদি কোনোৱে ঈশ্বৰৰ অনুমোদন লাভ কৰিবলৈ ইচ্ছা কৰে, তেনেহʼলে তেওঁক সত্য উপাসনাৰ সৈতে জড়িত থকা শুদ্ধতা, পবিত্ৰ আৰু নিষ্কলঙ্কতা এই গুৰুত্বপূৰ্ণ বৈশিষ্টতাসমূহৰ ওপৰত গম্ভীৰতাৰে বিবেচনা কৰা আৱশ্যক। কিয়নো বৰ্তমান সময়ত শুদ্ধতাৰ প্ৰতি লোকসকলৰ বিভিন্ন ধাৰণা আছে, কিন্তু যিহোৱাই শুদ্ধতা আৰু বাঞ্চনীয়ৰ প্ৰতি কি দৃষ্টি ৰাখে তাক আমি বুজি পোৱা আৱশ্যক। গতিকে ঈশ্বৰে তেওঁৰ উপাসকসকলৰ পৰা কি বিচাৰে আৰু তেওঁলোক তেওঁৰ দৃষ্টিত শুদ্ধ আৰু গ্ৰহণযোগ্য হʼবলৈ তেওঁ কেনে সহায় আগবঢ়ালে তাক আমি ভালকৈ চালি-জাৰি চোৱা আৱশ্যক।—গীতমালা ১১৯:৯; দানিয়েল ১২:১০.

সত্য উপাসনাৰ বাবে শুদ্ধতা বজাই ৰাখা

৪. শুদ্ধতাৰ সম্বন্ধে বাইবেলৰ দৃষ্টিকোণ কি, বৰ্ণনা কৰক।

বেছিভাগ লোকৰ বাবে শুদ্ধতা বজাই ৰাখাৰ অৰ্থ হৈছে সাধাৰণভাৱে আৱৰ্জনা বা দূষিত অৱস্থাৰ পৰা মুক্ত হোৱা। কিন্তু বাইবেলত ব্যৱহাৰ কৰা শুদ্ধতাক বহুতো হিব্ৰু আৰু গ্ৰীক শব্দৰ দ্বাৰা অৰ্থ প্ৰকাশ কৰিছে, তাত বৰ্ণনা কৰিছে যে শুদ্ধতা কেৱল শাৰীৰিকভাৱে পৰিষ্কাৰ হোৱাৰ অৰ্থ প্ৰকাশ নকৰে, কিন্তু নৈতিক আৰু আধ্যাত্মিকভাৱে শুদ্ধ হোৱাকো বুজায়। এখন বাইবেল বিশ্বকোষে এইদৰে বৰ্ণনা কৰিছে: “যদিও স্বাস্থ্যৰ সম্বন্ধে ‘শুদ্ধতা’ আৰু ‘অশুদ্ধতা’ শব্দটো এক সামান্য বিষয়, কিন্তু ধৰ্ম্মৰ অনুসাৰে ই হৈছে এক প্ৰমুখ বিষয়। বৰ্ণনা কৰা অনুসাৰে ‘শুদ্ধতাৰ’ সিদ্ধান্ত হৈছে জীৱনৰ সকলো ক্ষেত্ৰতে ব্যৱহাৰিক।”

৫. ইস্ৰায়েলসকলৰ জীৱনৰ-প্ৰণালীত শুদ্ধতা বজাই ৰাখাৰ সম্বন্ধে মোচিৰ ব্যৱস্থাত কেনে নিয়ম দিয়া হৈছিল?

মোচিৰ ব্যৱস্থাত এনে বহুতো নিয়ম-প্ৰণালী জড়িত আছিল যিয়ে ইস্ৰায়েলসকলৰ জীৱনৰ সকলো ক্ষেত্ৰতে প্ৰযোজ্য হৈছিল, যʼত কি শুচি বা কি অশুচি তাক স্পষ্টকৈ উল্লেখ কৰা হৈছিল। উদাহৰণস্বৰূপে, লেবীয়া পুস্তক ১১ অধ্যায়ৰ পৰা লৈ ১৫ অধ্যায়ত আমি শুচি আৰু অশুচিৰ বিষয়ে বহুলভাৱে জানিবলৈ পাওঁ। যেনে, কিছুমান পশু অশুচি হোৱাৰ বাবে সেইবিলাকক তেওঁলোকে খাদ্য হিচাবে গ্ৰহণ কৰা নাছিল। সন্তান প্ৰসৱে এগৰাকী তিৰোতাক কিছু সময়ৰলৈকে অশুচি কৰি ৰাখিছিল। ঠিক একেইদৰে কিছুমান চৰ্মৰোগ, বিশেষকৈ কুষ্ঠৰোগ আৰু কোনো পুৰুষ বা স্ত্ৰীৰৰ হোৱা গুপ্ত ৰোগৰ বাবেও এজন ব্যক্তি অশুচি হৈছিল। তেনে অৱস্থাত কি কৰা উচিত তাৰ বিষয়েও মোচিৰ ব্যৱস্থাত বৰ্ণনা কৰা হৈছিল। উদাহৰণস্বৰূপে, গণনা পুস্তক ৫:২ পদত আমি এইদৰে পঢ়িবলৈ পাওঁ: “তুমি প্ৰতিজন কুষ্ঠৰোগীক, আৰু গাৰ পৰা কিবা বৈ থকা প্ৰতিজন ৰোগীক, আৰু মৰা শৱ চুই অশুচি হোৱা প্ৰতিজনক ছাউনিৰ পৰা বাহিৰ কৰিবলৈ, ইস্ৰায়েলৰ সন্তানবিলাকক আজ্ঞা দিয়া।”

৬. কি উদ্দেশ্যেৰে শুদ্ধতাৰ ব্যৱস্থাসমূহ দিয়া হৈছিল?

নিসন্দেহ, বৰ্তমান সময়ত বৈজ্ঞানিক বা ডাক্টৰে স্বাস্থ্য সম্বন্ধীয় নিয়ম দিয়াৰ পূৰ্বেই, যিহোৱাই এই ব্যৱস্থা আৰু আন ব্যৱস্থাসমূহত মানৱ স্বাস্থ্যৰ লাভৰ অৰ্থে নিয়ম দিছিল। সেই নিয়মবোৰ কেৱল শাৰীৰিকভাৱে শুদ্ধতা বজাই ৰাখিবলৈ বা চিকিৎসীয় নিৰ্দ্দেশনা হিচাবে দিয়া নাছিল। বাস্তৱতে, সেইবোৰ সত্য উপাসনাৰ এটা ভাগ আছিল। সেইবোৰ সদায়েই ইস্ৰায়েলসকলৰ দৈনন্দিন জীৱনৰ সৈতে জড়িত আছিল, যেনে, খোৱা-বোৱা, সন্তান প্ৰসৱ, বৈবাহিক সম্বন্ধ আদি। সাধাৰণতে সেই ব্যৱস্থাই গুৰুত্ব দি কৈছিল যে তেওঁলোকৰ জীৱনৰ সকলো ক্ষেত্ৰত কি উত্তম আৰু কি উত্তম নহয় সেই সম্পৰ্কে নিৰ্ণয় কৰাৰ একমাত্ৰ যিহোৱা ঈশ্বৰৰহে অধিকাৰ আছে।—দ্বিতীয় বিবৰণ ৭:৬; গীতমালা ১৩৫:৪.

৭. ব্যৱস্থাক পালন কৰাৰ দ্বাৰা ইস্ৰায়েলসকলে কেনে আশীৰ্ব্বাদ লাভ কৰিব পাৰিলেহেঁতেন?

এই ব্যৱস্থাই তেওঁলোকৰ চাৰিওফালে থকা অন্য জাতিবিলাকৰ বেয়া অভ্যাসবোৰৰ পৰা বাছি থাকিবলৈ সুৰক্ষা প্ৰদান কৰিছিল। ব্যৱস্থা আৰু যিহোৱাৰ দৃষ্টিত শুদ্ধতা বজাই ৰাখাৰ সকলো আৱশ্যকতাক নিষ্ঠাৰে পালন কৰাৰ দ্বাৰা ইস্ৰায়েলসকলে যিহোৱাক উপাসনা আৰু আশীৰ্ব্বাদ লাভ কৰিব পাৰিলেহেঁতেন। এই সম্পৰ্কে যিহোৱাই তেওঁলোকক এইদৰে কৈছিল: “যদি তোমালোকে নিশ্চয়ে মোৰ কথা শুনা, আৰু মোৰ নিয়মটি পালন কৰা, তেন্তে, তোমালোক সকলো জাতিবিলাকৰ মাজৰ পৰা লোৱা মোৰ বিশেষ স্বত্ব থকা ধনস্বৰূপ লোক হবা; কিয়নো সমুদায় পৃথিবী মোৰেই। আৰু মোৰ নিমিত্তে তোমালোক ৰাজকীয় পুৰোহিতসমূহ আৰু পবিত্ৰ জাতি হবা।”—যাত্ৰাপুস্তক ১৯:৫, ৬; দ্বিতীয় বিবৰণ ২৬:১৯.

৮. শুদ্ধতাৰ সম্বন্ধে মোচিৰ ব্যৱস্থাই যি কৈছে তাৰ প্ৰতি বৰ্তমান সময়ৰ খ্ৰীষ্টানসকলে কিয় ধ্যান দিয়া উচিত?

যিহেতু ইস্ৰায়েলসকলে কি দৰে যিহোৱাৰ সম্মুখত পবিত্ৰ আৰু গ্ৰহণযোগ্য হʼব পাৰে এই সম্পৰ্কে বহুলভাৱে সেই ব্যৱস্থাৰ শিক্ষা দিয়া হৈছিল। গতিকে বৰ্তমান সময়ত থকা সত্য খ্ৰীষ্টানসকলে কেনেকৈ সেই আৱশ্যকতাসমূহ পূৰণ কৰিব পাৰে, সেই বিষয়ে সাৱধানে বিবেচনা কৰাটো উত্তম নহʼবনে? যদিও বৰ্তমান সময়ৰ খ্ৰীষ্টানসকলে মোচিৰ ব্যৱস্থাৰ অধীনত নাই, তথাপিও তেওঁলোকে পাঁচনি পৌলে “সকলো ভাবী বিষয়ৰ ছাঁ মাথোন; কিন্তু শৰীৰ খ্ৰীষ্টৰ,” বুলি কোৱা কথাষাৰ মনত ৰাখা উচিত। (কলচীয়া ২:১৭; ইব্ৰী ১০:১) যিহোৱাই “মোৰ পৰিৱৰ্তন নাই,” বুলি কোৱা কথাষাৰক প্ৰাচীন সময়ত শুদ্ধ আৰু নিষ্কলঙ্কৰূপে দৃষ্টি কৰিছিল, যিটো সত্য উপাসনাত বজাই ৰাখা অতি আৱশ্যক আছিল। বৰ্তমান সময়ত যদি আমিও ঈশ্বৰৰ অনুমোদন আৰু আশীৰ্ব্বাদ লাভ কৰিবলৈ বিচাৰোঁ, তেনেহʼলে আমি নিশ্চয়ে শাৰীৰিক, নৈতিক আৰু আধ্যাত্মিক শুদ্ধতা বজাই ৰাখা উচিত।—মলাখী ৩:৬; ৰোমীয়া ১৫:৪; ১ কৰিন্থীয়া ১০:১১, ৩১.

শাৰীৰিক শুদ্ধতাই আমাক উপযুক্ত কৰি তুলে

৯, ১০. (ক) এজন খ্ৰীষ্টান ব্যক্তিৰ বাবে শাৰীৰিকভাৱে পৰিষ্কাৰ-পৰিছন্নতা বজাই ৰাখাটো কিয় এক গুৰুত্বপূৰ্ণ বিষয়? (খ) যিহোৱাৰ সাক্ষীসকলৰ অধিৱেশনবোৰৰ প্ৰতি প্ৰায়ে লোকসকলে কেনেধৰণৰ মন্তব্য দিয়ে?

আজিও সত্য উপাসনাত শাৰীৰিকভাৱে শুদ্ধতা হোৱাটো আৱশ্যকনে? শাৰীৰিক শুদ্ধতাই কেৱল এজন ব্যক্তিক ঈশ্বৰৰ উপাসক হিচাবে পৰিচয় দিয়ে এনে নহয়, কিন্তু এজন উপাসকে পৰাপক্ষত শাৰীৰিকৰূপে শুদ্ধতা বজাই ৰখাও আৱশ্যক। বিশেষকৈ বৰ্তমান সময়ত লোকসকলে স্বয়ং নিজকে, নিজৰ সাজ-পোছাক বা ঘৰ-দুৱাৰ পৰিষ্কাৰ কৰি ৰখাৰ প্ৰতি ইমান গুৰুত্ব নিদিয়ে, কিন্তু যিসকলে ইয়াৰ প্ৰতি গুৰুত্ব দিয়ে তেওঁলোক সদায়েই আনৰ চকুত জিলিকি উঠে। এনে কাৰ্য্যৰ পৰিণামস্বৰূপে এক সঠিক প্ৰতিফল লাভ কৰিব পাৰি, যিদৰে পাঁচনি পৌলে কৰিন্থীয়া মণ্ডলীত থকাৰ খ্ৰীষ্টানসকলক কৈছিল: “সেই পৰিচৰ্য্যা-পদ যেন কলঙ্কিত নহয়, এই নিমিত্তে আমি কোনো কথাত বিঘিনি নজন্মাওঁ; কিন্তু আমি নিজক ঈশ্বৰৰ পৰিচাৰক বুলি” উপযুক্ত ভাবোঁহঁক।—২ কৰিন্থীয়া ৬:৩, ৪.

১০ যিহোৱাৰ সাক্ষীসকলে বিশেষকৈ বৃহত অধিৱেশনবোৰত পৰিষ্কাৰ-পৰিচ্ছন্নতা, শৃঙ্খলা আৰু সন্মানীয় আচাৰ-ব্যৱহাৰ বজাই ৰখাৰ বাবে চৰকাৰী বিষয়াসকলে বাৰে বাৰে তেওঁলোকক প্ৰশংসা কৰে। উদাহৰণস্বৰূপে, ইটালীৰ ছাৱনা নামৰ ঠাইত আয়োজিত কৰা এখন বৃহৎ অধিৱেশনৰ বিষয়ে লা ষ্টাম্পা নামৰ বাতৰি কাকতত এইদৰে উল্লেখ কৰিছিল: “যদি কোনো এজনে সেই অধিৱেশন ভৱনৰ কাষেদি যায়, তেন্তে সেই ভৱনৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু শৃংঙ্খলতা দেখি সহজে কʼব পাৰে যে কোনসকলে সেই ভৱন ব্যৱহাৰ কৰিছে।” ব্ৰাজিলৰ চাউ পল’ নামৰ এখন ষ্টেডিয়ামত সাক্ষীসকলৰ অধিৱেশনৰ সমাপ্তিৰ পিছত ষ্টেডিয়ামৰ বিষয়াজনে পৰিষ্কাৰ কৰা ব্যক্তিসকলৰ পৰিদৰ্শকক এইদৰে কয়: “এতিয়াৰ পৰা আমাৰ ষ্টেডিয়ামখন যিহোৱাৰ সাক্ষীসকলে পৰিষ্কাৰ কৰাৰ দৰে হʼব লাগে।” সেই একেই ষ্টেডিয়ামৰ আন এজন বিষয়াই এইদৰে কৈছিল: “যেতিয়া যিহোৱাৰ সাক্ষীসকলে ষ্টেডিয়ামখন ভাড়াৰ বিনিময়ত ব্যৱহাৰ কৰিবলৈ বিচাৰে তেতিয়া আমি আন কোনো চিন্তা কৰাৰ সলনি কোন দিনা তেওঁলোকে ষ্টেডিয়ামখন ব্যৱহাৰ কৰিব তাৰ প্ৰতিহে চিন্তিত হওঁ।”

১১, ১২. (ক) যেতিয়া ব্যক্তিগত পৰিষ্কাৰ-পৰিছন্নতা বজাই ৰখাৰ বিষয়ে কোনো প্ৰশ্ন উঠে তেতিয়া আমাক বাইবেলৰ কেনে সিদ্ধান্তক মনত ৰখা উচিত? (খ) ব্যক্তিগত আচাৰ-ব্যৱহাৰ আৰু আমাৰ জীৱন প্ৰণালীৰ সম্বন্ধে আমি কেনে প্ৰশ্নবোৰ সুধিব পাৰোঁ?

১১ যদি আমি উপাসনা স্থানত পৰিষ্কাৰ-পৰিছন্নতা আৰু শৃঙ্খলতা বজাই ৰাখোঁ, তেনেহʼলে ঈশ্বৰলৈ মহিমা কঢ়িয়াই আনিব। প্ৰকৃততে এই গুণটোক আমাৰ ব্যক্তিগত জীৱনতো প্ৰতিফলিত কৰাটোও সেইদৰে গুৰুত্বপূৰ্ণ। আমি হয়তো ঘৰত থকা সময়ছোৱাত তাৰ প্ৰতি অধিক গুৰুত্ব নিদি যেনে মন যায় তেনে কাৰ্য্য কৰিব পাৰোঁ। সাজ-পোছাক সুবিধা অনুসাৰে পৰিধান কৰাটো অৱশ্যে নিজস্ব অধিকাৰ আছে! কিন্তু বেছিভাগ ক্ষেত্ৰত এই সকলোবোৰৰ বাবে সীমিত স্বাধীনতা আছে। এজন ব্যক্তিয়ে কেনে ধৰণৰ বিশেষ কিছুমান আহাৰ গ্ৰহণ কৰাৰ বাছনি কৰিব লাগে তাৰ সম্বন্ধে পাঁচনি পৌলে সঙ্গী খ্ৰীষ্টানসকলক এনেদৰে কৈছিল: “তোমালোকৰ এই ক্ষমতা যাতে দুৰ্ব্বল মানুহলৈ উজটি খুউৱা মুঢ়াস্বৰূপ নহয়, তালৈ সাৱধান হোৱা।” তাৰ পিছত তেওঁ এক বহুমূলীয়া সিদ্ধান্তক দাঙি ধৰি এইদৰে কৈছিল: “সকলো অবাধ, কিন্তু সকলোৱেই হিতজনক নহয়; সকলো অবাধ, কিন্তু সকলোৱেই ধৰ্ম্মত বৃদ্ধি নকৰে।” (১ কৰিন্থীয়া ৮:৯; ১০:২৩) শুদ্ধতা বা পৰিষ্কাৰ-পৰিছন্নতা সম্পৰ্কে দিয়া পাঁচনি পৌলৰ পৰামৰ্শ আমালৈ কিদৰে প্ৰযোজ্য হয়?

১২ গতিকে ঈশ্বৰৰ অনুসাৰে জীৱন নিৰ্বাহ কৰি পৰিষ্কাৰ-পৰিছন্নতা আৰু শৃঙ্খলতা বজাই ৰাখিবলৈ তেওঁৰ সেৱকসকলৰ পৰা অপেক্ষা কৰাটো যুক্তিসঙ্গত। সেইবাবে আমাৰ ঘৰখন আৰু তাৰ চৌহদৰ চাৰিওফালে পৰিষ্কাৰকৈ ৰাখা উচিত, অন্যথা ই আমি নিজকে ঈশ্বৰৰ বাক্যৰ পৰিচাৰক বুলি পৰিচয় দিয়াত অপযশ কঢ়িয়াই আনিব। ঘৰখনে আমি কৰা বিশ্বাস আৰু আমাৰ প্ৰতি কেনে সাক্ষী দিব পাৰে? আমি প্ৰকৃততে যে ধাৰ্ম্মিকতাৰ নতুন পৃথিৱীত সুশৃঙ্খলাবদ্ধ আৰু পৰিষ্কাৰ-পৰিছন্নতাৰে থাকিব বিচাৰোঁ, তাৰ বিষয়ে ই কোনো আভাস দিয়েনে? (২ পিতৰ ৩:১৩) ঠিক তেনেদৰে আজৰি সময় বা পৰিচৰ্য্যা কাৰ্য্যত আমাৰ বাহ্যিক চেহেৰাই আমি শুনোৱা বাৰ্ত্তাৰ প্ৰতি লোকসকলক ইচ্ছুক বা অনিচ্ছুক কৰিব পাৰে। উদাহৰণস্বৰূপে, মেক্সিকৰ এজন সংবাদদাতাই এইদৰে মন্তব্য দিয়ে: “যিহোৱাৰ সাক্ষীসকলৰ মাজত এক বৃহত সংখ্যাত যুৱক-যুৱতী আছে আৰু তেওঁলোকৰ সাজ-পোছাক, চুলি কটাৰ ধৰণ আৰু পৰিষ্কাৰ-পৰিছন্নতাই তেওঁলোকক আনৰ পৰা ভিন্ন হোৱাৰ পৰিচয় দিয়ে।” তেনে ধৰণৰ যুৱক-যুৱতীসকল আমাৰ মাজত থকাটো কিযে এক আনন্দৰ বিষয়!

১৩. আমাৰ জীৱনৰ প্ৰত্যেকটো ক্ষেত্ৰত পৰিষ্কাৰ-পৰিছন্নতা আৰু সুশৃঙ্খলতা বজাই ৰাখাৰ প্ৰতি নিশ্চিত হʼবলৈ আমি কৰিব পাৰোঁ?

১৩ আমি নিজকে, আমাৰ সা-সম্পত্তি আৰু ঘৰখনত সদায়ে পৰিষ্কাৰ-পৰিছন্নতা বজাই ৰখাৰ প্ৰতি নিশ্চিত হোৱা উচিত। কিয়নো পৰিষ্কাৰ-পৰিছন্নতাৰ বিষয়ে কোৱাটো আমাৰ বাবে সহজ হʼব পাৰে, কিন্তু কাৰ্য্যত পৰিণত কৰাটো ইমান সহজ নহয়। ইয়াৰ বাবে কোনো জটিল বা মূল্যৱান সঁজুলিৰ আৱশ্যক নাই, কিন্তু এক উত্তম পৰিকল্পনা আৰু প্ৰচেষ্টাৰ প্ৰয়োজন। আমাৰ শৰীৰ, সাজ-পোছাক, মটৰ গাড়ী আৰু ঘৰখন পৰিষ্কাৰকৈ ৰাখিবলৈ অৱশ্যেই কিছু সময় উলিওৱা উচিত। পৰিচৰ্য্যা কাৰ্য্য, সভাত উপস্থিত হোৱা, ব্যক্তিগত অধ্যয়ন আৰু দৈনন্দিন জীৱনত থকা আন দায়িত্বসমূহৰ বাবে ঈশ্বৰ আৰু আনৰ সন্মুখত আমি পৰিষ্কাৰ-পৰিছন্নতা বজাই ৰাখি ঈশ্বৰৰ দৃষ্টিত গ্ৰহণযোগ্য হʼবলৈ অজুহাত দেখুৱা উচিত নহয়। এই ক্ষেত্ৰত “প্ৰত্যেক বিষয়েৰেই এক এক সময় আছে,” বুলি কোৱা সিদ্ধান্তক আমি পালন কৰাটো কাৰ্য্যকাৰী হʼব।—উপদেশক ৩:১.

এক নিষ্কলঙ্কিত হৃদয়

১৪. শাৰীৰিক শুদ্ধতাতকৈ নৈতিক আৰু আধ্যাত্মিক শুদ্ধতা বজাই ৰাখাটো অতি গুৰুত্বপূৰ্ণ বুলি কিয় কʼব পাৰি?

১৪ শাৰীৰিক শুদ্ধতা হোৱাৰ উপৰিও আমাক নৈতিক আৰু আধ্যাত্মিকৰূপে শুদ্ধতা বজাই ৰখাটো অতি গুৰুত্বপূৰ্ণ। ইস্ৰায়েলসকলৰ ইতিহাসক বিবেচনা কৰি আমি এই সিদ্ধান্তত উপনীত হʼব পাৰোঁ যে যিহোৱা ঈশ্বৰে তেওঁলোকক শাৰীৰিক শুদ্ধতাত নথকাৰ বাবে প্ৰত্যাখ্যান কৰিছিল এনে নহয়, প্ৰকৃততে তেওঁলোক আধ্যাত্মিক আৰু নৈতিকৰূপেও অধঃপতন হৈছিল। যিহোৱাই ভৱিষ্যতবক্তা যিচয়াৰ দ্বাৰা তেওঁলোকৰ বিষয়ে এইদৰে কৈছিল যে, তেওঁলোক “পাপিষ্ঠ জাতি, অপৰাধত ভাৰগ্ৰস্ত লোক।” কিয়নো তেওঁলোকৰ বলিদান, ন জোন, বিশ্ৰাম-দিন পালন আৰু তেওঁলোকে কৰা প্ৰাৰ্থনা ঈশ্বৰৰ বাবে বোজা যেন হৈ পৰিছিল। ঈশ্বৰৰ গ্ৰহণযোগ্য হʼবলৈ তেওঁলোকে কি কৰা আৱশ্যক আছিল? এই বিষয়ে যিহোৱা ঈশ্বৰে এইদৰে কৈছিল: “তোমালোকে তোমালোকক ধুই শুচি হোৱা; মোৰ চকুৰ আগৰ পৰা নিজ নিজ কৰ্ম্মৰ দুষ্টতা দূৰ কৰা; কদাচৰণ ত্যাগ কৰা, সদাচৰণ শিক্ষা কৰা।”—যিচয়া ১:৪, ১১-১৬.

১৫, ১৬. এজন ব্যক্তিক কিহে অশুদ্ধ কৰে বুলি যীচুৱে কৈছিল আৰু তেওঁ কোৱা বাক্যশাৰীৰ পৰা আমি কেনেকৈ লাভবান হʼব পাৰোঁ?

১৫ নৈতিক আৰু আধ্যাত্মিক শুদ্ধতাৰ বিষয়ে ভালকৈ বুজিবলৈ, আঁহক আমি যীচুৰ শিষ্যসকলে হাত নোধোৱাকৈ আহাৰ কৰাৰ বাবে ফৰীচীসকলে অশুচি বুলি কোৱাত যীচুৱে তেওঁলোকক কি কৈছিল, এই বিষয়ে বিবেচনা কৰোঁহঁক। যীচুৱে সেই ফৰীচীসকলৰ ত্ৰুটি আঙুলিয়াই দি এইদৰে কৈছিল: “মুখত যি সোমায়, সেয়ে মানুহক অশুচি নকৰে; কিন্তু মুখৰ পৰা যি ওলায়, সেয়েহে মানুহক অশুচি কৰে।” তাৰ পিছত তেওঁ বৰ্ণনা কৰি এইদৰে কৈছিল: “মুখৰ পৰা যিবোৰ ওলায়, সেইবোৰ চিত্তৰ পৰাহে আহে; আৰু সেইবোৰেই মানুহক অশুচি কৰে। কিয়নো চিত্তৰ পৰা কুচিন্তা, নৰবধ, পৰস্ত্ৰীগমন, ব্যভিচাৰ, চুৰি, মিছা সাক্ষ্য, নিন্দা, এইবোৰ ওলায়; এইবোৰেহে মানুহক অশুচি কৰে; কিন্তু নোধোৱা হাতেৰে ভোজন কৰাই মানুহক অশুচি নকৰে।”—মথি ১৫:১১, ১৮-২০.

১৬ যীচুৰ সেই বাক্যশাৰীৰ পৰা আমি কি শিকিব পাৰোঁ? তেওঁ কৈছিল যে দুষ্ট, ব্যভিচাৰ আৰু অশুচি প্ৰবৃত্তিবোৰ হৃদয়ৰ পৰা উৎপন্ন হয়। পাঁচনি যোহনেও এইদৰে বৰ্ণনা কৰিছিল যে, “প্ৰত্যেক জন নিজৰ কু-অভিলাষৰ দ্বাৰাই আকৰ্ষণ কৰা আৰু ফুচুলাই নিয়া হৈ পৰীক্ষিত হয়।” (যাকোব ১:১৪, ১৫) যীচুৱে উল্লেখ কৰা কোনো গম্ভীৰ পাপত যদি আমি পৰিব নিবিচাৰোঁ, তেন্তে তেনে কাৰ্য্যবোৰৰ প্ৰতি থকা প্ৰবৃত্তিসমূহক আমাৰ হৃদয়ৰ পৰা সম্পূৰ্ণকৈ উলিয়াই পেলোৱা উচিত। ইয়াৰ অৰ্থ হৈছে আমি যি পঢ়োঁ, শুনো আৰু চাওঁ তাৰ প্ৰতি সাৱধানতা অৱলম্বন কৰা উচিত। বৰ্তমান সময়ত কথা কবলৈ আৰু লিখিবলৈ থকা স্বাধীনতাৰ নামত আমোদ-প্ৰমোদ আৰু বিজ্ঞাপনৰ যোগান ধৰোঁতা উদ্যোগবোৰে শাৰীৰিক ইচ্ছাক প্ৰবল কৰিবলৈ এনে বহুতো সঙ্গীত আৰু প্ৰতিছবি দাঙি ধৰিছে। তেনে বিচাৰধাৰাবোৰক আমাৰ হৃদয়ত স্থান নিদিবলৈ আমি দৃঢ়সঙ্কল্প লোৱা আৱশ্যক। গুৰুত্বপূৰ্ণ বিষয়টো হৈছে, ঈশ্বৰৰ গ্ৰহণযোগ্য আৰু তেওঁক সন্তুষ্টি কৰিবলৈ আমাক এক শুদ্ধ আৰু নিষ্কলঙ্ক হৃদয় বজাই ৰাখা প্ৰয়োজন।—হিতোপদেশ ৪:২৩.

সৎকৰ্ম্মৰ বাবে শুদ্ধ কৰা হʼল

১৭. যিহোৱাই তেওঁৰ লোকসকলক কিয় শুদ্ধ কৰিছে?

১৭ যিহোৱাৰ সন্মুখত এক শুদ্ধ হৃদয়েৰে থিয় হোৱাটো, বাস্তৱতে আমাৰ বাবে আশীৰ্ব্বাদ আৰু এক নিৰাপত্তাৰ বিষয়। (২ কৰিন্থীয়া ৬:১৪-১৮) ইয়াৰ উপৰিও যিহোৱাই তেওঁৰ লোকসকলক বিশেষ উদ্দেশ্যেৰে এক শুদ্ধতাৰ অৱস্থাত একত্ৰিত কৰাৰ বাবে আমি আন্তৰিকতাৰে কৃতজ্ঞতা জ্ঞাপন কৰোঁ। পাঁচনি পৌলে তীতক কৈছিল যে যীচুৱে “সকলো অধৰ্ম্মৰ পৰা মুক্ত কৰিবলৈ, আৰু সৎকৰ্ম্মত উদ্যোগী নিজ অধিকাৰস্বৰূপ এটি লোকসমূহক নিজৰ অৰ্থে শুচি কৰিবলৈ, আমাৰ কাৰণে নিজকে দান কৰিলে।” (তীত ২:১৪) শুদ্ধ লোক হোৱা হেতুকে আমি কেনে কাৰ্য্যৰ প্ৰতি উৎসাহিত হোৱা উচিত?

১৮. আমি যে সৎকৰ্ম্মত উদ্যোগী হৈছোঁ তাক কেনেকৈ প্ৰকাশ কৰিব পাৰোঁ?

১৮ সকলোতকৈ প্ৰথম আৰু গুৰুত্বপূৰ্ণ কাৰ্য্যটো হৈছে ৰাজহুৱাভাৱে ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তা প্ৰচাৰ কৰা। (মথি ২৪:১৪) কিয়নো সেই কাৰ্য্যৰ যোগেদি আমি সকলোলৈ ভৱিষ্যতে আহিবলগীয়া এক প্ৰদূষণমুক্ত পৃথিৱীত অনন্তকাললৈকে জীয়াই থকাৰ আশা প্ৰদান কৰিছোঁ। (২ পিতৰ ৩:১৩) তদুপৰি, এই সৎকৰ্ম্মত আমাৰ দৈনন্দিন জীৱন-প্ৰণালীত আত্মাৰ ফল উৎপন্ন কৰাটোও সন্মিলিত আছে। এইদৰে আমি স্বৰ্গীয় পিতৃৰ নাম মহিমান্বিত কৰিব পাৰিম। (গালাতীয়া ৫:২২, ২৩; ১ পিতৰ ২:১২) যিসকলে প্ৰাকৃতিক দুৰ্যোগ আৰু বিভিন্ন দুৰ্ঘটনাৰ সন্মুখীন হৈছে, তেওঁলোকৰ বিষয়ে আমি মনত ৰখা উচিত। এই ক্ষেত্ৰত আমি পাঁচনি পৌলে কোৱা পৰামৰ্শৰ বিষয়ে মনত ৰাখা আৱশ্যক, যʼত তেওঁ এইদৰে কৈছিল: “শুভক্ষণ পালে, সকলোলৈ, বিশেষকৈ পৰিয়ালস্বৰূপ বিশ্বাস কৰাবিলাকলৈ হিতজনক কৰ্ম্ম কৰোঁহঁক।” (গালাতীয়া ৬:১০) এক শুদ্ধ হৃদয় আৰু উচিত মনোবৃত্তিৰে কৰা সেই সকলো কাৰ্য্যই ঈশ্বৰক পৰম সন্তুষ্টি প্ৰদান কৰে।—১ তীমথিয় ১:৫.

১৯. শুদ্ধতাৰ উচ্চ স্তৰসমূহক একেৰাহে পালন কৰি শাৰীৰিক, নৈতিক আৰু আধ্যাত্মিকভাৱে শুদ্ধতা বজাই ৰাখি আমি কেনে আশীৰ্ব্বাদসমূহৰ ভাগী হʼব পাৰিম?

১৯ পৰমপ্ৰধান জনাৰ সেৱক হিচাবে আমি পাঁচনি পৌলে কোৱা এই বাক্যশাৰীৰ প্ৰতি কাণ দিয়াটো অতি গুৰুত্বপূৰ্ণ। তেওঁ এইদৰে কৈছিল: “ঈশ্বৰৰ সকলো কৰুণাৰ দ্বাৰাই মই তোমালোকক এই বিনয় কৰোঁ, তোমালোকে নিজ নিজ শৰীৰক জীৱিত, পবিত্ৰ, আৰু ঈশ্বৰৰ গ্ৰহণীয় বলিস্বৰূপে উৎসৰ্গ কৰা; এয়েই তোমালোকৰ যুক্তিসঙ্গত আৰাধনা।” (ৰোমীয়া ১২:১) তেন্তে আঁহক আমি যিহোৱাই আমাক শুদ্ধ কৰাৰ বাবে একেৰাহে কৃতজ্ঞতা জ্ঞাপন কৰি শাৰীৰিক, নৈতিক আৰু আধ্যাত্মিক শুদ্ধতাক বজাই ৰাখিবলৈ তেওঁৰ উচ্চ স্তৰক মনে-প্ৰাণে পালন কৰোঁহঁক। তেনে কৰাৰ যোগেদি আমি কেৱল আত্মসন্মান আৰু সন্তুষ্টি লাভ কৰিম, এনে নহয় ইয়াৰ উপৰিও আমি “প্ৰথমবোৰ” অৰ্থাৎ এই কলঙ্কিতযুক্ত জগতখনৰ ধ্বংস হোৱা দেখিবলৈ পাম, যেতিয়া ঈশ্বৰে “সকলোকে নতুন” কৰিব।—প্ৰকাশিত বাক্য ২১:৪, ৫. (w02 6/1)

আপোনাৰ মনত আছেনে?

• শুদ্ধতা বজাই ৰাখিবলৈ ঈশ্বৰে কিয় ইস্ৰায়েলসকলক বহুতো ব্যৱস্থা প্ৰদান কৰিছিল?

• শাৰীৰিক শুদ্ধতাই কেনেকৈ আমি শুনোৱা বাৰ্ত্তাৰ প্ৰতি লোকসকলৰ মন আকৰ্ষিত কৰে?

• শাৰীৰিক শুদ্ধতাৰ তুলনাত নৈতিক আৰু আধ্যাত্মিক শুদ্ধতা বজাই ৰখাটো কিয় অধিক গুৰুত্বপূৰ্ণ?

• আমি যে “সৎকৰ্ম্মত উদ্যোগী” তাক কেনেকৈ প্ৰকাশ কৰিব পাৰোঁ?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[১৭ পৃষ্ঠাৰ ছবিসমূহ]

শাৰীৰিক শুদ্ধতাই আমি কোৱা বাৰ্ত্তাৰ প্ৰতি লোকসকলক আকৰ্ষিত কৰে

[১৮ পৃষ্ঠাৰ ছবিসমূহ]

বেয়া বিচাৰধাৰাই আমাক বেয়া কাৰ্য্যলৈ পৰিচালিত কৰে বুলি যীচুৱে আমাক সতৰ্ক কৰিছিল

[১৯ পৃষ্ঠাৰ ছবিসমূহ]

শুদ্ধ লোক হিচাবে যিহোৱাৰ সাক্ষীসকলে সৎকৰ্ম্মত উদ্যোগী