Skip to content

Skip to table of contents

ৰাজকীয় আৰ্হিক অনুকৰণ কৰা

ৰাজকীয় আৰ্হিক অনুকৰণ কৰা

ৰাজকীয় আৰ্হিক অনুকৰণ কৰা

“নিজৰ নিমিত্তে এই ব্যৱস্থা নকল কৰিব; . . . সেই পুস্তকখনি তেওঁৰ ওচৰত থাকিব আৰু তেওঁ জীৱনৰ সকলো সময়ত তাক পাঠ কৰিব।”দ্বিতীয় বিবৰণ ১৭:১৮-২০

১. এজন খ্ৰীষ্টানে হয়তো নিজকে কাৰ দৰে হোৱাটো বিচাৰিব?

 সম্ভৱ আপুনি কেতিয়াবাহে নিজকে ৰজা বা ৰাণীৰ সৈতে তুলনা কৰিব পাৰে। তেন্তে বিশ্বাসী খ্ৰীষ্টান আৰু বাইবেল বিদ্যাৰ্থীসকলে নিজকে ৰজা দায়ূদ, যোচিয়া, হিষ্কিয়া আৰু যিহোচাফট বুলি কল্পনা কৰি ৰাজকীয় অধিকাৰীৰ দৰে কাৰ্য্য কৰিবনে? তথাপিও এটা বিশেষ ক্ষেত্ৰত আপুনি তেওঁলোকৰ দৰে হʼব পাৰে আৰু হোৱা উচিত। সেইটো কেনেকৈ? এই ক্ষেত্ৰত আপুনি কিয় তেওঁলোকৰ দৰে হʼবলৈ বিচাৰে?

২, ৩ যিহোৱাই এজন মানৱ ৰজাৰ মনত উৎপন্ন হʼবলগীয়া কেনে মনোবৃত্তিৰ আভাস পাইছিল আৰু সেই ৰজাসকলক কৰিবলৈ কেনে কাৰ্য্য দিছিল?

মোচিৰ দিনত, যিহোৱাই ইস্ৰায়েলজাতিক শাসন কৰিবলৈ কোনো এজন মানৱীয় ৰজাক নিযুক্ত কৰিবলৈ অনুমতি দিয়াৰ বহু পূৰ্ব্বেই ৰজাসকলৰ মনত কেনে মনোবৃত্তি উৎপন্ন হʼব পাৰে তাৰ আভাস পাইছিল। সেয়েহে তেওঁ মোচিক ব্যৱহাৰিক নিৰ্দ্দেশনাসমূহ নিয়ম-ব্যৱস্থাত লিপিবদ্ধ কৰি ৰাখিবলৈ অনুপ্ৰেৰিত কৰিছিল। সেইবোৰ ৰাজকীয় নিৰ্দ্দেশনা আছিল।

সেই নিৰ্দ্দেশনাত ঈশ্বৰে এইদৰে কৈছিল: “যিহোৱাই তোমাক যি দেশ দিছে, তুমি সেই দেশত সোমাই . . . যেতিয়া তুমি কবা, মোৰ চাৰিওফালে থকা আটাই জাতিৰ দৰে মইও মোৰ ওপৰত এজন ৰজা পাতোঁ, তেতিয়া তোমাৰ ঈশ্বৰ যিহোৱাই যি জনক মনোনীত কৰিব, সেই জনকেই তোমাৰ ওপৰত ৰজা পাতিবা; . . . তেওঁ ৰাজসিংহাসনত যদি থকা কালত, লেবীয়া পুৰোহিতবিলাকৰ আগত থকা পুস্তকখনিৰ পৰা এখন পুস্তকত নিজৰ নিমিত্তে এই ব্যৱস্থা নকল কৰিব;  . . সেই পুস্তকখনি তেওঁৰ ওচৰত থাকিব, আৰু তেওঁ জীৱনৰ সকলো সময়ত তাক পাঠ কৰিব।”—দ্বিতীয় বিবৰণ ১৭:১৪-২০.

৪. ৰজাবিলাকক দিয়া ঈশ্বৰৰ নিৰ্দ্দেশনাত কি কি জড়িত আছিল?

যিহোৱাই তেওঁৰ সেৱকসকলৰ বাবে বাছি লোৱা ৰজাজনে ব্যৱস্থা-পুস্তকখনক নকল কৰি ব্যক্তিগতভাৱে নিজলৈ পুস্তক তৈয়াৰ কৰিব লাগিছিল, যিবোৰক আপুনি নিজৰ বাইবেলত পাব পাৰে। তাৰ পিছত তেওঁ নিতৌ সেই পুস্তকখনক পঢ়িব লাগিছিল। এনে কাৰ্য্য স্মৰণ শক্তিক বৃদ্ধি কৰাৰ উদ্দেশ্যেৰে কৰা নাছিল। বৰঞ্চ, ইয়াক লাভজনক বুলি লক্ষ্য ৰাখি অধ্যয়ন কৰিব লাগিছিল। যিহোৱাৰ অনুমোদনপ্ৰাপ্ত ৰজাজনে এক সঠিক আন্তৰিক মনোবৃত্তি বিকাশিত কৰিবলৈ তেনে অধ্যয়ন কৰিব লাগিছিল। তদুপৰি, তেওঁ বিবেচনাশীল আৰু সফল ৰজা হʼবলৈও তেনে কৰা আৱশ্যক আছিল।—২ ৰাজাৱলি ২২:৮-১৩; হিতোপদেশ ১:১-৪.

ৰজাৰ দৰে শিক্ষা গ্ৰহণ কৰা

৫. ৰজা দায়ূদে প্ৰতিলিপি বনাবলৈ তেওঁৰ ওচৰত বাইবেলৰ কোনবোৰ পুস্তক উপলব্ধ আছিল আৰু আপুনি সেই বিষয়ে কেনে অনুভৱ কৰে?

যেতিয়া দায়ূদক ইস্ৰালেয়জাতিৰ ৰজা হিচাবে নিযুক্ত কৰা হৈছিল তেতিয়া তেওঁক কি কৰা আৱশ্যক আছিল? তেওঁক আদি পঞ্চ বাইবেলৰ (আদিপুস্তক, যাত্ৰাপুস্তক, লেবীয়া পুস্তক, গণনা পুস্তক আৰু দ্বিতীয় বিৱৰণ) পৰা এখন প্ৰতিলিপি বনাব লাগিছিল। ক্ষন্তেক বিবেচনা কৰক যে দায়ূদে প্ৰতিলিপি লিখাৰ বাবে তেওঁ নিজৰ হৃদয়, দৃষ্টি শক্তি, হাত ব্যৱহাৰ কৰাৰ বাবে তেওঁ কিমান গভীৰভাৱে প্ৰভাৱিত হৈছিল। সম্ভৱতঃ মোচিয়ে ইয়োব আৰু গীতমালা ৯০ আৰু ৯১ অধ্যায়টো লিখিছিল। দায়ূদে সেইবোৰৰো প্ৰতিলিপি বনাইছিলনে? সম্ভৱতঃ বনাইছিল। ইয়াৰ উপৰিও তেওঁৰ সময়ৰলৈকে হয়তো যিহোচূৱা, বিচাৰকৰ্তাবিলাক আৰু ৰূথ নামৰ পুস্তকো উপলব্ধ আছিল। গতিকে আপুনি চাব পাৰে যে বাইবেলখন পঢ়ি তাৰ জ্ঞান আহৰণ কৰিবলৈ দায়ূদৰ ওচৰত ভালেকেইখন পুস্তক আছিল। তেওঁ সেইদৰে কৰিলে বুলি আপুনি বিশ্বাস কৰাৰ যুক্তিসঙ্গত কাৰণ আছে। লক্ষ্য কৰক গীতমালা ১৯:৭-১১ পদত ঈশ্বৰে দিয়া ব্যৱস্থাৰ সম্পৰ্কে তেওঁ কেনে মন্তব্য দাঙি ধৰিছে।

৬. আমি কেনেকৈ নিশ্চিত হʼব পাৰোঁ যে যীচুয়েও তেওঁৰ পূৰ্ব্বপুৰুষ দায়ূদৰ দৰে শাস্ত্ৰীয় পদবোৰ পঢ়িবলৈ আগ্ৰহী আছিল?

মহান ৰজা দায়ূদ অৰ্থাৎ যীচু খ্ৰীষ্টও সেই একেই আৰ্হিক অনুকৰণ কৰিছিল। সপ্তাহিকভাৱে স্থানীয় আৰাধনালয়ত উপস্থিত হোৱাটো তেওঁৰ অভ্যাস আছিল। তাত তেওঁ পাঠ কৰা শাস্ত্ৰীয় পদবোৰ ধ্যান দি শুনিছিল আৰু সেইবোৰৰ অৰ্থ বৰ্ণনা কৰি বুজাই দিছিল। ইয়াৰ উপৰিও কোনো কোনো সময়ত যীচুৱে নিজেই উচ্চ স্বৰত ঈশ্বৰৰ বাক্য পঢ়িছিল আৰু তাৰ ব্যৱহাৰিক দিশবোৰৰ বিষয়ে ব্যাখ্যা কৰিছিল। (লূক ৪:১৬-২১) তেওঁ কিমান যে উত্তমৰূপে শাস্ত্ৰীয় পদবোৰৰ সৈতে পৰিচিত আছিল তাক আপুনি সহজে বুজিব পাৰে। আপুনি কেৱল শুভবাৰ্ত্তাৰ কিতাপবোৰ পঢ়ক আৰু লক্ষ্য কৰক যে তাত যীচুৱে কেইবাৰ “এই বুলি লিখা আছে” বা শাস্ত্ৰীয় পদৰ কোনো এফাঁকি বাক্য উল্লেখ কৰিছিল। উদাহৰণস্বৰূপে, মথিৰ দ্বাৰা লিখা তেওঁৰ পৰ্ব্বতীয় উপদেশত তেওঁ ২১ বাৰ হীব্ৰু শাস্ত্ৰত দিয়া পদসমূহক উদ্ধৃত কৰিছিল।—মথি ৪:৪-১০; ৭:২৯; ১১:১০; ২১:১৩; ২৬:২৪,৩১; যোহন ৬:৩১,৪৫; ৮:১৭.

৭. ধৰ্ম্মগুৰুসকলৰ তুলনাত যীচু কেনেকৈ ভিন্ন আছিল?

যীচুয়ে গীতমালা ১:১-৩ পদত উল্লেখ কৰা পৰামৰ্শক পালন কৰিছিল, যʼত এইদৰে কোৱা হৈছে: “যি মানুহে দুষ্টবোৰৰ আলচত নচলে, . . . কিন্তু যিহোৱাৰ ব্যৱস্থাত সন্তুষ্ট হয়, আৰু দিনে-ৰাতিয়ে তেওঁৰ ব্যৱস্থা ধ্যান কৰে, সেই মানুহেই ধন্য। . . . সেই মানুহে কৰা সকলো কৰ্ম্ম সাম্ফল হয়।” তেওঁৰ সময়ত থকা ধৰ্ম্মগুৰুসকলৰ তুলনাত এইটো কিমান যে ভিন্ন আছিল, কিয়নো তেওঁলোকে ‘মোচিৰ আসনত যদিও বহিছিল,’ প্ৰকৃততে ‘যিহোৱাৰ ব্যৱস্থাক’ অগ্ৰাহ্য কৰিছিল!—মথি ২৩:২-৪.

৮. ইহুদী ধৰ্ম্মগুৰুসকলৰ দৰে এজন ব্যক্তিয়ে বাইবেল পাঠ আৰু অধ্যয়ন কৰি কিয় লাভবান হʼব নোৱাৰে?

যীচুৱে কোৱা এশাৰী বাক্যত বাইবেল পাঠ নকৰিবলৈ কোৱা বুলি ভুল বুজি কিছুমানে হয়তো বিমোৰত পৰিব পাৰে। যোহন ৫:৩৯, ৪০ পদত যীচুৰ সময়ত থকা কিছুমান লোকক এইদৰে কোৱা আমি পঢ়িবলৈ পাওঁ: “তোমালোকে ধৰ্ম্মশাস্ত্ৰৰ কথা বিচাৰা; কিয়নো সেই শাস্ত্ৰত মোৰ বিষয়ে সাক্ষ্য দিছে; তথাপি তোমালোকে জীৱন পাবলৈ, মোৰ ওচৰলৈ আহিবলৈ সন্মত নোহোৱা।” তেনে কোৱাৰ দ্বাৰা যীচুৱে তেওঁৰ ইহুদী শ্ৰোতাসকলক শাস্ত্ৰীয় পদ নপঢ়িবলৈ নিৰুৎসাহিত কৰা নাছিল। ইয়াৰ বিপৰীতে তেওঁ শাস্ত্ৰৰ প্ৰতি থকা তেওঁলোকৰ অমনোযোগী বা অসঙ্গতাৰ বিষয়ে প্ৰকাশ কৰিছিল। কিয়নো তেওঁলোকে জানিছিল যে শাস্ত্ৰীয় পদবোৰে তেওঁলোকক অনন্ত জীৱনলৈ পৰিচালিত কৰিব পাৰে। তদুপৰি, সেই একেই শাস্ত্ৰক পৰীক্ষা কৰাৰ দ্বাৰা তেওঁলোকে মচীহক চিনাক্ত কৰিব লাগিছিল। তথাপিও তেওঁলোকে যীচুক মচীহ বুলি গ্ৰহণ কৰিবলৈ অগ্ৰাহ্য কৰিলে। সেয়েহে মনোযোগেৰে শাস্ত্ৰ পাঠ নকৰাৰ বাবে তেওঁলোকে কোনো লাভবান হʼব নোৱাৰিলে।—দ্বিতীয় বিবৰণ ১৮:১৫; লূক ১১:৫২; যোহন ৭:৪৭, ৪৮.

৯. প্ৰাচীনকালৰ ভৱিষ্যতবক্তা আৰু পাঁচনিবিলাকে কেনে উত্তম আৰ্হি প্ৰস্তুত কৰিলে?

কিন্তু যীচুৰ শিষ্য আৰু পাঁচনিবিলাকৰ এই ক্ষেত্ৰত কিমান যে ভিন্ন আছিল! তেওঁলোকে “পবিত্ৰ শাস্ত্ৰ অধ্যয়ন কৰিছিল, যিয়ে পৰিত্ৰাণৰ অৰ্থে [এজনক] জ্ঞানী কৰিব পাৰে।” (২ তীমথিয় ৩:১৫) তেনে কৰাৰ দ্বাৰা তেওঁলোকে প্ৰাচীন কালৰ ভৱিষ্যতবক্তাসকলৰ দৰে “যত্নেৰে বিচাৰ আৰু অনুসন্ধান কৰিছিল।” সেই ভৱিষ্যতবক্তাসকলে মাত্ৰ কিছু মাহ বা বছৰৰ বাবে উৎসাহী হৈ অনুসন্ধান কৰা নাছিল। এই সন্দৰ্ভে পাঁচনি পিতৰে কৈছে যে তেওঁলোকে বিশেষকৈ যীচুৱে মানৱজাতিৰ পৰিত্ৰাণৰ অৰ্থে বহন কৰা তেওঁৰ ভূমিকাৰ বিষয়ে “[নিৰন্তৰে, NW] অনুসন্ধান কৰিছিল।” এই বিষয়ে তেওঁ লিখা পথম পত্ৰখনত ৩৪ বাৰ ইয়াৰ উপৰিও বাইবেলৰ বিভিন্ন কিতাপতো উল্লেখ কৰা হৈছিল।—১ পিতৰ ১:১০, ১১.

১০. আমাৰ প্ৰত্যেকে কিয় বাইবেল অধ্যয়ন কৰিবলৈ আগ্ৰহী হোৱা উচিত?

১০ স্পষ্টৰূপে ঈশ্বৰৰ বাক্যক মনোযোগেৰে অধ্যয়ন কৰাটো প্ৰাচীন ৰজাসকলৰ বাবে এক ৰাজকীয় দায়িত্ব আছিল। তেনেদৰে যীচুৱেও সেই আৰ্হিক অনুকৰণ কৰিলে। ইয়াৰ উপৰিও যিসকলে খ্ৰীষ্টৰ সৈতে ৰজা হিচাবে স্বৰ্গত শাসন কৰিব তেওঁলোকেও ঈশ্বৰৰ বাক্যক অধ্যয়ন কৰাটো এটা দায়িত্ব। (লূক ২২:২৮-৩০; ৰোমীয়া ৮:১৭; ২ তীমথিয় ২:১২; প্ৰকাশিত বাক্য ৫:১০; প্ৰকাশিত বাক্য ২০:৬) বৰ্তমান সময়ত যিসকলে এই পৃথিৱীত আহিবলগীয়া মহান আশীৰ্ব্বাদৰ বাবে আশাৰে বাট চাই আছে, তেওঁলোকেও সেই ৰাজকীয় আৰ্হিক অনুকৰণ কৰা আৱশ্যক।—মথি ২৫:৩৪, ৪৬.

ৰজাসকল আৰু আপোনাৰ বাবে এক দায়িত্ব

১১. (ক) খ্ৰীষ্টানসকলে ঈশ্বৰৰ বাক্যক ব্যক্তিগতভাৱে একেৰাহে অধ্যয়ন কৰাৰ ক্ষেত্ৰত কেনে বিপদ বিদ্যামান হয়? (খ) আমি নিজকে কেনেধৰণৰ প্ৰশ্ন সোধাটো উত্তম হʼব?

১১ দৃঢ় আৰু আন্তৰিকতাৰে আমি কʼব পাৰোঁ যে প্ৰত্যেকজন সত্য খ্ৰীষ্টানে ব্যক্তিগতভাৱে তেওঁ বা তাই নিজে বাইবেলখনক নিৰীক্ষণ কৰা উচিত। তেনেধৰণৰ নিৰীক্ষণ, আপুনি যিহোৱাৰ সাক্ষীসকলৰ সৈতে অধ্যয়ন কৰিবলৈ আৰম্ভ কৰাৰ সময়ত কৰা আৱশ্যক নহয়। আমাৰ সকলোৱে পাঁচনি পৌলৰ সময়ত কিছুমান খ্ৰীষ্টানে ক্ৰমান্বয়ে ব্যক্তিগতৰূপে বাইবেল অধ্যয়ন কৰিবলৈ ত্যাগ দিয়া মনোবৃত্তি বিকাশিত নকৰিবলৈ নিশ্চিত কৰা উচিত। তেওঁলোকে “ঈশ্বৰৰ বচনসমূহৰ আদিকথাৰূপ বৰ্ণমালা” অৰ্থাৎ “খ্ৰীষ্টৰ বিষয়ৰ আদিকথা” শিকিছিল। কিন্তু তেওঁলোকে “সিদ্ধিৰ অৰ্থে আগ বাঢ়ি যাবলৈ” একেৰাহে অধ্যয়ন কৰা নাছিল। (ইব্ৰী ৫:১২-৬:৩) এতেকে আমি নিজকে এইদৰে সুধিব পাৰোঁ: ‘মই বহুসময় বা অলপ সময়ৰ পৰা খীষ্টান মণ্ডলীৰ সৈতে সম্পৰ্ক নাৰাখোঁ কিয়, ঈশ্বৰৰ বাক্য অৰ্থাৎ বাইবেলখনক ব্যক্তিগতভাৱে অধ্যয়ন কৰিবলৈ কেনে অনুভৱ কৰোঁ? পাঁচনি পৌলে তেওঁৰ সময়ত থকা খীষ্টানসকলৰ সম্পৰ্কে প্ৰাৰ্থনা কৰি কৈছিল যে, তেওঁলোকে যেন “সকলো আত্মিক জ্ঞান আৰু বুদ্ধিৰ সম্বন্ধে ঈশ্বৰৰ ইচ্ছাবিষয়ক তত্ত্ব-জ্ঞানত” বৃদ্ধি হয়। ময়ো সেই একেইদৰে ইচ্ছাক প্ৰকাশ কৰোঁনে?’—কলচীয়া ১:৯-১১.

১২. ঈশ্বৰৰ বাক্যৰ প্ৰতি সদায়েই আগ্ৰহী হোৱাটো কিয় অতি আৱশ্যক?

১২ ঈশ্বৰৰ বাক্যৰ প্ৰতি স্নেহপৰায়ণতা বিকাশিত কৰাটোৱে হৈছে এক উত্তম অধ্যয়নৰ মুখ্য কাৰণ। গীতমালা ১১৯:১৪-১৬ পদত কৈছে যে ঈশ্বৰৰ বাক্যৰ প্ৰতি নিয়মিত আৰু উদ্দেশ্যপূৰ্ণৰূপে ধ্যান কৰাৰ দ্বাৰা আপুনি হৰ্ষিত হʼব পাৰে। আপুনি দীৰ্ঘ সময়ৰ পৰা খ্ৰীষ্টান মণ্ডলীৰ সৈতে সঙ্গতি নকৰক কিয়, আপুনিও তেনে ধ্যান কৰি হৰ্ষিত হʼব পাৰে। এই ক্ষেত্ৰত তিমথীয়ই ৰখা আৰ্হিক বিবেচনা কৰক। তেওঁ যদিও এজন খ্ৰীষ্টান প্ৰাচীন আৰু “খ্ৰীষ্ট যীচুৰ এজন উত্তম সৈন্যৰ দৰে” ঈশ্বৰৰ সেৱা কৰি আছিল, তথাপিও পাঁচনি পৌলে তেওঁক “সত্যৰ বাক্য ঠিকৰূপে বিভাগ কৰাত নিপুণ” হʼবলৈ একেৰাহে চেষ্টা কৰি থাকিবলৈ উৎসাহিত কৰিছিল। (২ তীমথিয় ২:৩, ১৫; ১ তীমথিয় ৪:১৫) প্ৰকৃততে, “যত্ন” কৰাত এক উত্তমৰূপে অধ্যয়নৰ অভ্যাস কৰাটো সন্মিলিত আছে।

১৩. (ক) বাইবেল অধ্যয়নৰ বাবে কেনেকৈ অতিৰিক্ত সময় উলিয়াব পাৰি? (খ) বাইবেল অধ্যয়নৰ বাবে সময় উলিয়াবলৈ আপুনি কেনে সাল-সলনি কৰিব পাৰে?

১৩ অধ্যয়ন কৰিবলৈ এক ভাল অভ্যাস গঢ়ি তুলিবলৈ হʼলে নিয়মীয়াকৈ ইয়াৰ বাবে সময় উলিওৱা আৱশ্যক। আপুনি এই সন্দৰ্ভে কেনে পদক্ষেপ লৈছে? অধ্যয়নৰ প্ৰতি আপোনাৰ যিয়ে আন্তৰিক প্ৰত্যুত্তৰ নহওঁক কিয়, আপুনি ভাবেনে যে ব্যক্তিগত অধ্যয়নত অধিক সময় অতিবাহিত কৰাৰ দ্বাৰা লাভবান হʼব? আপুনি এই বুলি চিন্তিত হʼব পাৰে যে ‘মই কেনেকৈ সময় উলিয়াব পাৰোঁ?’ বহুতে বাইবেল অধ্যয়নৰ বাবে ব্যৱহাৰিক সময়ৰ উলিয়াবলৈ নিচেই পুৱাতে শুই উঠে। এইদৰে তেওঁলোকে ব্যক্তিগত বাইবেল অধ্যয়নৰ তালিকাৰ অনুসাৰে ১৫ মিনিট সময় বাইবেল পাঠ কৰাত অতিবাহিত কৰিব পাৰে। বাইবেল অধ্যয়ন কৰাৰ বাবে আপুনি নিজৰ সপ্তাহিক তালিকাক অলপমাত্ৰাত সাল-সলনি কৰি কিছু সময় উলিয়াব পাৰিবনে? উদাহৰণস্বৰূপে, যদি আপুনি নিতৌ বাতৰি কাকত পঢ়ে বা টেলিভিছন চোৱাৰ অভ্যাস আছে, তেন্তে বাইবেল অধ্যয়ন কৰিবলৈ তাৰে এটা দিন আছুতীয়াকৈ ৰাখিব পাৰিবনে? আপুনি সেই দিনটোত অধিককৈ বাইবেল অধ্যয়ন কৰিব পাৰিব। যদি আপুনি বাতৰি পঢ়া বা শুনাৰ পৰিৱৰ্তে ৩০ মিনিট সময় ব্যক্তিগত বাইবেল অধ্যয়নৰ বাবে উলিয়াই, তেনেহʼলে এবছৰত আপুনি ২৫ ঘন্টা সময় অধ্যয়নৰ বাবে অতিবাহিত কৰিব পাৰিব। কল্পনা কৰক যে ২৫ ঘন্টা অতিৰিক্ত বাইবেল অধ্যয়ন কৰাৰ যোগেদি আপুনি কিমান যে লাভবান হʼব! আন এটা উপায় হৈছে: অহা সপ্তাহত প্ৰত্যেক দিনটোৰ শেষত আপোনাৰ কাৰ্য্যসমূহক বিশ্লেষণ কৰক। যদি আপুনি এনে কিছুমান অদৰকাৰী কাৰ্য্যক বাদ দিয়ে, তেনেহʼলে আপুনি বাইবেল অধ্যয়ন কৰিবলৈ অধিক সময় উলিয়াব পাৰিব।—ইফিচীয়া ৫:১৫, ১৬.

১৪, ১৫. (ক) ব্যক্তিগত অধ্যয়ন কৰিবলৈ কিয় লক্ষ্য বনোৱা আৱশ্যক? (খ) বাইবেল পাঠ কৰিবলৈ কেনে লক্ষ্য বনাব পাৰি?

১৪ কিহে আপোনাৰ অধ্যয়নক সহজ আৰু অধিক আগ্ৰহী কৰি তুলিব? আপুনি ৰখা লক্ষ্যসমূহে। আপুনি কেনেধৰণৰ ব্যৱহাৰিক লক্ষ্য ৰাখিব পাৰে? বহুতৰ বাবে প্ৰথম লক্ষ্যটো হৈছে সম্পূৰ্ণকৈ বাইবেলখন পঢ়া। আপুনি হয়তো ইতিমধ্যেই বাইবেলখনৰ কিছু অংশ পঢ়ি লাভবান হৈছে। সম্পূৰ্ণ বাইবেলখন পঢ়ি শেষ কৰিবলৈ আপুনি নিৰ্ণয় লʼবনে? প্ৰাথমিকতে আপুনি পাঁচনিবিলাকে লিখা চাৰিখন শুভবাৰ্ত্তাৰ কিতাপ পঢ়ি শেষ কৰাৰ লক্ষ্য ৰাখিব পাৰে আৰু তাৰ পিছত দ্বিতীয়টো। এইদৰে আপুনি গ্ৰীক শাস্ত্ৰত থকা বাকীবোৰ কিতাপ পঢ়ি শেষ কৰিব পাৰে। এবাৰ আপুনি ৰখা লক্ষ্যত উপনীত হোৱাৰ দ্বাৰা সন্তুষ্টি আৰু লাভবান হোৱাৰ পিছত, ক্ৰমান্বয়ে মোচিয়ে লিখা ঐতিহাসিকমূলক কিতাপৰ পৰা লৈ ইষ্টাৰ লৈকে পঢ়িবলৈ লক্ষ্য ৰাখিব পাৰিব। তেনে কৰাৰ পিছত আপুনি দেখিব পাৰিব যে বাইবেলৰ আন ভাগবোৰো পঢ়ি শেষ কৰাটো অতি কাৰ্য্যকাৰী হʼব। এগৰাকী ৬৫ বছৰীয়া মহিলাই তাই খ্ৰীষ্টান হোৱাৰ পিছত বাইবেল পাঠ আৰম্ভ কৰা তাৰিখ আৰু শেষ কৰা তাৰিখ তাইৰ বাইবেলখনত থকা সৰু খাম এটাৰ ভিতৰত লিখি ৰাখিছিল। এতিয়ালৈকে তাই সম্পূৰ্ণ বাইবেলখন পাঁচবাৰকৈ পঢ়ি শেষ কৰিলে। (দ্বিতীয় বিবৰণ ৩২:৪৫-৪৭) তাই বাইবেলখন পঢ়িবলৈ কোনো কম্পিউটাৰ বা প্ৰিন্ট কৰি উলিওৱা কাকতৰ সহায় লোৱা নাছিল। তাই বাইবেলখন নিজৰ হাতত ৰাখি পঢ়িছিল।

১৫ কিছুমানে হয়তো ইতিমধ্যেই বাইবেলখন সম্পূৰ্ণকৈ পঢ়ি শেষ কৰাৰ লক্ষ্যত উপনীত হৈছে আৰু একেৰাহে ফলদায়কৰূপে পঢ়ি থাকিবলৈ বিভিন্ন পদ্ধতি গ্ৰহণ কৰিছে। তাৰে এটা পদ্ধতি হৈছে বাইবেলৰ প্ৰত্যেকখন কিতাপক ধাৰাবাহিকৰূপে পঢ়িবলৈ অধ্যয়ন কৰাৰ পূৰ্বেই বিষয়বস্তুৰ বাছনি কৰা। ঐতিহাসিক পৃষ্ঠভূমিৰ সঠিক সংবাদ, লিখন-শৈলী আৰু বাইবেলৰ প্ৰত্যেক কিতাপত থকা লাভসমূহৰ বিষয়ে জানিবলৈ গোটেই শাস্ত্ৰ ঈশ্বৰ-নিশ্বাসিত আৰু লাভজনক আৰু শাস্ত্ৰপদসমূহত অন্তৰ্দৃষ্টি নামৰ কিতাপখন অধিক ব্যৱহাৰিক হʼব। a

১৬. বাইবেল অধ্যয়নৰ ক্ষেত্ৰত আমি কেনেধৰণৰ আৰ্হিক অনুকৰণ কৰাৰ পৰা আঁতৰি থকা উচিত?

১৬ বাইবেল অধ্যয়ন কৰা সময়ত সাধাৰণভাৱে পোৱা তথা-কথিত বাইবেল বিদ্বানসকলৰ সৈতে যোগাযোগ নকৰিব। কিয়নো তেওঁলোকে ইয়াৰ লিখক মানৱ বুলি ধৰি লৈ প্ৰয়োজনতকৈ অধিকভাৱে বাইবেলৰ পদবোৰক বিশ্লেষণ কৰে। তেওঁলোকৰ কিছুমানে বাইবেলৰ প্ৰত্যেকখন কিতাপৰ বাবে এক নিৰ্দ্দিষ্ট শ্ৰোতা বা পাঠকসকলক বাছি লৈ বা কিতাপখনৰ লিখক মানৱ বুলি বিবেচনা কৰি প্ৰত্যেকখন কিতাপৰ নেপথ্যত থকা লিখসকলৰ দৃষ্টিভঙ্গী আৰু তেওঁলোকৰ লক্ষ্যক কল্পনা কৰিবলৈ চেষ্টা কৰে। মানুহে তেনে যুক্তি দৰ্শোৱাৰ ফলস্বৰূপে হয়তো বাইলেখনক এক ঐতিহাসিকমূলক বা ধৰ্ম্মৰ উন্নতি হকে লিখা কিতাপ হিচাবে দাঙি ধৰে। আন কিছুমান বিদ্বানে ভাষাবিজ্ঞান অধ্যয়ন কৰাৰ দৰে অধিক দকৈ বাইবেলখনক অধ্যয়ন কৰিছিল। তেওঁলোকে বাইবেলখনত থকা ঈশ্বৰৰ বাৰ্তাৰ প্ৰতি অধিক গুৰুত্ব দিয়াৰ পৰিৱৰ্তে বাইবেলখনত উল্লেখ কৰা বাক্যবোৰৰ মূল ভাষা হিব্ৰু আৰু গ্ৰীক ভাষাত ইয়াৰ অৰ্থ কি তাক অধিকৈ জানিবলৈ অধ্যয়ন কৰিব ধৰিলে। তেনে ধৰণে কৰা অনুসন্ধানে আমাৰ বিশ্বাসক দৃঢ় কৰি তুলিব বুলি আপুনি ভাবেনে?—১ থিচলনীকীয়া ২:১৩.

১৭ বাইবেলৰ বাৰ্তা সকলোৰে বাবে দিয়া হৈছে বুলি আমি কিয় বিবেচনা কৰা উচিত?

১৭ বিদ্বানসকলে দাঙি ধৰা বিভিন্ন মন্তব্যসমূহ ভাৰসাযুক্ত নে? বাইবেলৰ প্ৰত্যেকখন কিতাপত এটাই মূলবিষয় আছে বা কেৱল এক প্ৰকাৰৰ শ্ৰোতাসকলৰ বাবে এইখন ব্যৱহাৰিক বুলি কোৱা কথাশাৰী প্ৰকৃততে সঁচানে? (১ কৰিন্থীয়া ১:১৯-২১) প্ৰকৃততে ঈশ্বৰৰ বাক্য অৰ্থাৎ বাইবেলখনে সকলো বয়সৰ লোক বা পৃষ্ঠভূমিৰ বাবে স্থায়ী লাভ কঢ়িয়াই আনে। আৰম্ভণিতে যদিও বাইবেলখনৰ কিতাপবোৰক এজন ব্যক্তি যেনে, তীমথিয় বা তীত, এক বিশেষসমূহৰ লোকক, সম্ভৱতঃ গালাতীয়া বা ফিলিপীয়াসকললৈ উদ্দেশ্য কৰি লিখা হৈছিল, তথাপিও আমাৰ সকলোৱে ইয়াক অধ্যয়ন কৰা আৱশ্যক। সেই কিতাপবোৰ আমাৰ প্ৰত্যেকজনৰ বাবে অতি গুৰুত্বপূৰ্ণ। ইয়াৰ উপৰিও সেই কিতাপবোৰত বহুতো ব্যৱহাৰিক প্ৰসঙ্গ উল্লেখ কৰা আছে আৰু শ্ৰোতাসকললৈ লাভসমূহ কঢ়িয়াই আনে। দৰাচলতে, বাইবেলত উল্লেখ কৰা বাৰ্তাসমূহ পৃথিৱীৰ সকলো লোকৰ বাবে ব্যৱহাৰিক আৰু ইয়ে আমাক বুজিবলৈ সহায় কৰে যে কিয় বিভিন্ন ভাষাত ইয়াক অনুবাদ কৰা হৈছে।—ৰোমীয়া ১৫:৪.

আপোনাৰ আৰু আনৰ বাবে লাভজনক

১৮. যেতিয়া আপুনি ঈশ্বৰৰ বাক্যক অধ্যয়ন কৰে তেতিয়া কিহৰ বিষয়ে বিবেচনা কৰা উচিত?

১৮ বাইবেলখন অধ্যয়ন কৰাৰ লগে লগে আপুনি বাইবেলখনক বুজিবলৈ চেষ্টা আৰু ইজনে সিজনৰ সৈতে সম্পৰ্ক ৰাখাত তাৰ বৃতান্তসমূহ কেনেকৈ ব্যৱহাৰিক হয় তাক নিৰীক্ষণ কৰাৰ দ্বাৰা অধিক লাভবান হʼব। (হিতোপদেশ ২:৩-৫; ৪:৭) তদুপৰি, বাইবেলৰ বাক্যসমূহৰ যোগেদি যিহোৱাই নিজৰ কি উদ্দেশ্য প্ৰকাশ কৰিছে তাক জানিব পাৰিব। যেনেকৈ আপুনি পাঠ কৰিব, তেনেকৈ ঈশ্বৰৰ উদ্দেশ্যৰ সৈতে জড়িত থকা প্ৰমাণ আৰু পৰামৰ্শসমূহৰ বিষয়ে জানিব পাৰিব। আপুনি হয়তো কোনো এটা ঘটনা, পৰিকল্পনা বা ভৱিষ্যতবাণী কেনেকৈ যিহোৱাৰ উদ্দেশ্যৰ সৈতে জড়িত আছে তাৰ বিষয়ে ধ্যান দিব পাৰে। নিজকে এইদৰে সোধক: ‘যিহোৱাৰ সম্পৰ্কে এই বিষয়টোৱে মোলৈ কি প্ৰকাশ কৰে? ঈশ্বৰৰ ৰাজ্যৰ দ্বাৰা সম্পন্ন হʼবলগীয়া এই বিষয়টো তেওঁৰ উদ্দেশ্যৰ সৈতে কেনে সম্পৰ্কে ৰাখে?’ আপুনি হয়তো নিজকে এইদৰেও সুধিব পাৰে: ‘এই সংবাদটো মোৰ বাবে কেনেকৈ ব্যৱহাৰিক হʼব? শাস্ত্ৰীয় পদবোৰৰ আধাৰিত কৰি শিক্ষা বা পৰামৰ্শ দিয়া সময়ত ইয়াক মই কেনেকৈ ব্যৱহাৰ কৰিব পাৰিম?’—যিহোচূৱা ১:৮.

১৯. আপুনি যি শিকে তাৰ বিষয়ে আনক ব্যাখ্যা কৰাৰ দ্বাৰা কোনে লাভবান হয়? বৰ্ণনা কৰক।

১৯ আন এটা দিশ হৈছে আনৰ লাভৰ হকে বিবেচনা কৰা। বাইবেল অধ্যয়ন আৰু পাঠ কৰি আপুনি বহুতো গভীৰ বিষয় আৰু অন্তৰ্দৃষ্টি লাভ কৰিব পাৰিব। আপোনাৰ পৰিয়াল আৰু আনক উৎসাহিত কৰি তুলিবলৈ সেই শিকা বিষয়বোৰক চামিল কৰিবলৈ চেষ্টা কৰক। যদি আপুনি উপযুক্ত সময়ত আৰু সঠিকৰূপে সেই শিকা বিষয়বোৰক জড়িত কৰে তেনেহʼলে তেনে আলোচনা নিশ্চয়ে ফলদায়ক হʼব। আপুনি শিকা বিষয়বোৰক উৎসাহিত হৈ বিস্তাৰিতভাৱে বৰ্ণনা কৰা বা আপুনি যিবোৰ দিশত আগ্ৰহী হৈছে তাক দেখি আনে অধিকৈ প্ৰভাৱিত হʼব। সকলোতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হৈছে আপুনি নিজেই ব্যক্তিগতভাৱে লাভবান হʼব। কি প্ৰকাৰে লাভবান হʼব? অভিজ্ঞসকলে লক্ষ্য কৰিছে যে এজন ব্যক্তিয়ে যি শিকিছে তাক যদি তেওঁ আনক কোৱাৰ দ্বাৰা বাৰে বাৰে দোহাৰে বা ব্যৱহাৰ কৰে, তেনেহʼলে সেই বিষয়টো তেওঁৰ মনত সদায়ে সবল হৈ অধিক সময়লৈকে থাকিব। b

২০. বাৰে বাৰে বাইবেল পাঠ কৰাটো কিয় লাভজনক?

২০ আপুনি সম্পূৰ্ণ বাইবেলখন প্ৰত্যেকবাৰ পঢ়ি নিশ্চয়ে নতুন নতুন বিষয়ে জ্ঞান আহৰণ কৰিব পাৰিব। এনেবোৰ শাস্ত্ৰীয় পদ পঢ়ি প্ৰভাৱিত হʼব যিটোক আপুনি পূৰ্বতে পঢ়ি হোৱা নাছিল। সেইবোৰে আপোনাক অধিক অন্তৰ্দৃষ্টি প্ৰদান কৰিব। বাইবেলখনক কোনো মানুহে লিখা কিতাপ বুলি দৃষ্টি কৰা উচিত নহয়। ইয়াৰ বিপৰীতে বাইবেলখনক এক বহুমূলীয়া সম্পত্তিৰ ভাণ্ডাৰ হিচাবে দৃষ্টি কৰি আপুনি বাৰে বাৰে অধ্যয়ন কৰাৰ দ্বাৰা অধিক লাভবান হʼব পাৰিব। মনত ৰাখক যে ৰজা দায়ূদেও “জীৱনৰ সকলো সময়ত তাক পাঠ কৰিব” লাগিছিল।

২১. ঈশ্বৰৰ বাক্যক অৰ্থপূৰ্ণৰূপে অধ্যয়ন কৰাৰ দ্বাৰা আপুনি কেনে আশীৰ্ব্বাদ লাভ কৰিব পাৰে?

২১ গতিকে যিসকলে সময় উলিয়াই অৰ্থপূৰ্ণৰূপে বাইবেলখন অধ্যয়ন কৰে, তেওঁলোকৰ বাবে নিশ্চয়ে লাভজনক প্ৰমাণিত হয়। তেওঁলোকে আধ্যাত্মিক মুকুতা আৰু অন্তৰ্দৃষ্টি লাভ কৰে। যিহোৱাৰ সৈতে তেওঁলোকৰ এক দৃঢ় আৰু নিবিড় সম্পৰ্ক গঢ়ি উঠে। তদুপৰি, তেওঁলোকে পৰিয়ালৰ সদস্য, খ্ৰীষ্টান মণ্ডলীত থকা ভাই-ভনী আৰু ভৱিষ্যতে যিহোৱাৰ উপাসক হʼবলগীয়া ব্যক্তিসকললৈ এক মূল্যৱান আধ্যাত্মিক উৎস হৈ পৰে।—ৰোমীয়া ১০:৯-১৪; ১ তীমথিয় ৪:১৬. (w02 6/15)

[ফুটনোটবোৰ]

a অধ্যয়ন কৰাত সহায় কৰিবলৈ প্ৰকাশ কৰা এই কিতাপবোৰক যিহোৱাৰ সাক্ষীসকলে বহুতো ভাষাত ছপা কৰি উলিয়াইছে।

b আগষ্ট ১৫, ১৯৯৩ চনৰ প্ৰহৰীবুৰুজ, ১৩-১৪ পৃষ্ঠাত চাওক।

আপোনাৰ মনত আছেনে?

• ইস্ৰায়েলৰ ৰজাসকলে কি কৰা আৱশ্যক আছিল?

• বাইবেল অধ্যয়ন কৰাৰ সম্বন্ধে যীচু আৰু পাঁচনিসকলে কেনে আৰ্হি প্ৰস্তুত কৰিলে?

• ব্যক্তিগত বাইবেল অধ্যয়নত অধিক সময় ব্যয় কৰিবলৈ আপুনি কেনে সাল-সলনি কৰিব পাৰে?

• আপুনি কেনে মনোবৃত্তিৰে ঈশ্বৰৰ বাক্যক অধ্যয়ন কৰা উচিত?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[২৩ পৃষ্ঠাৰ বক্স]

“আমাৰ হাতত বাইবেল থকা উচিত”

নিউয়ৰ্ক চহৰত থকা এখন বিশ্ববিদ্যালয়ৰ এগৰাকী প্ৰসিদ্ধশালী ভূতপূৰ্ব অধ্যাপীকা গ্যাৰত্ৰুড হিমমেলৰ্ফৱে এইদৰে মন্তব্য দি কৈছিল: “যদি আমি . . . বাইবেলখনৰ এখন সূচিপত্ৰ বিচাৰোঁ, তেনেহʼলে ইন্টাৰনেটতকৈ আন একোৱেই উত্তম সাহায্য আগবঢ়াব নোৱাৰে। যদি আমি বাইবেলখন পাঠ, অধ্যয়ন, বিবেচনা, তাত থকা বিষয়বোৰৰ পৰা লাভবান আৰু আমাৰ মন আৰু হদয়ত ইয়াক স্থান দিব বিচাৰোঁ, তেনেহʼলে নিশ্চয়ে আমাৰ হাতত বাইবেল থকা উচিত।”