Skip to content

Skip to table of contents

তেওঁলোকে একেৰাহে সত্যৰ পথত চলি থাকিল

তেওঁলোকে একেৰাহে সত্যৰ পথত চলি থাকিল

তেওঁলোকে একেৰাহে সত্যৰ পথত চলি থাকিল

“মোৰ সন্তানবিলাকে সত্যত চলাৰ বাৰ্ত্তা শুনাতে যি আনন্দ জন্মে, তাতকৈ মোৰ আৰু বৰ আনন্দ নাই।”৩ যোহন ৪.

১. ‘শুভবাৰ্ত্তাৰ সত্যই’ কিহৰ ওপৰত মনোনিবেশ কৰে?

 যিসকলে “আত্মাৰে আৰু সত্যেৰে” যিহোৱাৰ উপাসনা কৰে তেওঁলোককহে তেওঁ অনুমোদন দিয়ে। (যোহন ৪:২৪) তেওঁলোকে সত্যৰ অনুসাৰে চলে আৰু বাইবেল আধাৰিত সকলো খ্ৰীষ্টান শিক্ষাক পালন কৰে। এই ‘শুভবাৰ্ত্তাৰ সত্যই’ স্থাপন হোৱা ৰাজ্যৰ দ্বাৰা যীচু আৰু যিহোৱাৰ সাৰ্ব্বভৌমত্বৰ ওপৰত ধ্যান কেন্দ্ৰিত কৰে। (গালাতীয়া ২:১৪) যিসকলে মিছা ধৰ্ম্মত থাকিবলৈ আগ্ৰহী তেওঁলোকলৈ ঈশ্বৰে “ভ্ৰান্তিৰ কাৰ্য্য-সাধন পঠাই দিয়ে,” কিন্তু যিসকলে শুভবাৰ্ত্তাৰ বিশ্বাসেৰে গ্ৰহণ আৰু সত্যত চলে তেওঁবিলাকে পৰিত্ৰাণ পাব।—২ থিচলনীকীয়া ২:৯-১২; ইফিচীয়া ১:১৩, ১৪.

২. পাঁচনি যোহনে কিহৰ বাবে আনন্দ অনুভৱ কৰিছিল আৰু গায়ৰ সৈতে তেওঁৰ কেনে সম্বন্ধ আছিল?

ৰাজ্য প্ৰচাৰকসকল হৈছে “সত্যৰ সহকাৰী।” পাঁচনি যোহন আৰু তেওঁৰ বন্ধু গায়ৰ দৰে তেওঁলোকেও একেৰাহে সত্যতাৰ পথত দৃঢ়তাৰে চলে। গায়ক উদ্দেশ্য কৰি পাঁচনি যোহনে এইদৰে লিখিছিল: “মোৰ সন্তানবিলাকে সত্যত চলাৰ বাৰ্ত্তা শুনাতে যি আনন্দ জন্মে; তাতকৈ মোৰ আৰু বৰ আনন্দ নাই।” (৩ যোহন ৩-৮) যদিও বৃদ্ধ পাঁচনি যোহনে ব্যক্তিগতভাৱে গায়ক সত্যৰ বিষয়ে শিক্ষা দিয়া নাছিল, তথাপিও তেওঁৰ বৃদ্ধ অৱস্থা, খ্ৰীষ্টান পৰিপক্কতা আৰু পিতৃৰ স্নেহৰ বাবে সেই ডেকা ব্যক্তিজনক যোহনৰ এজন আধ্যাত্মিক সন্তানৰূপে দৃষ্টি কৰাটো উপযুক্ত আছিল।

খ্ৰীষ্টান উপাসনা আৰু সত্যতা

৩. প্ৰাৰম্ভিক খ্ৰীষ্টানসকলে একগোট হোৱাৰ উদ্দেশ্য কি আছিল আৰু তেওঁলোকে কেনেধৰণে লাভবান হৈছিল?

প্ৰাচীন সময়ৰ খ্ৰীষ্টানসকলে সত্যতাৰ বিষয়ে শিকিবলৈ মণ্ডলীৰূপে প্ৰায়ে ব্যক্তিগত ঘৰবোৰত একত্ৰিত হৈছিল। (ৰোমীয়া ১৬:৩-৫) ফলস্বৰূপে তেওঁলোকে উৎসাহিত আৰু পৰস্পৰে প্ৰেমত আৰু সৎকৰ্ম্মত উত্তেজিত হৈছিল। (ইব্ৰী ১০:২৪, ২৫) পিছলৈ খ্ৰীষ্টান বুলি দাবী কৰা টাৰটুলিয়ানে (জন্ম প্ৰায় সা.যু. ১৫৫ চনত–সা.যু. ২২০ চনৰ পিছত তেওঁৰ মৃত্যু।) এইদৰে লিখিছিল: “আমি ঈশ্বৰৰ বাক্য পঢ়িবলৈ একগোট হওঁ . . . সেই পবিত্ৰ বাক্যবোৰৰ দ্বাৰা আমি আমাৰ বিশ্বাস, আশা আৰু ভাৰসা দৃঢ় কৰি তুলো।”—এপলʼজি, ৩৯ অধ্যায়।

৪. খ্ৰীষ্টান সভাসমূহত গোৱা স্তুতিগীতে কেনে ভূমিকা আদায় কৰিছিল?

সভাসমূহত স্তুতি গীত গোৱাটো উপাসনাৰ এটা ভাগ আছিল। (ইফিচীয়া ৫:১৯; কলচীয়া ৩:১৬) হেনেৰী চাডউইক নামৰ অধ্যাপকজনে কৈছে যে দ্বিতীয় শতিকাৰ সমালোচক চেলাচৰ অনুসাৰে খ্ৰীষ্টানধৰ্ম্ম লোৱা লোকসকলে গোৱা গীতবোৰ “ইমানেই মধুৰ আছিল যে সেই গীতবোৰ শুনি তেওঁ আপোনপাহৰা হৈ পৰিছিল।” আগলৈ তেওঁ এইদৰে কৈছিল: “খ্ৰীষ্টানসকলৰ বাবে কেনেধৰণৰ সঙ্গীত উপযোগী আছিল তাৰ বিষয়ে আলেকজেণ্ড্ৰিয়াৰ ক্লেমেন্ট নামৰ পুৰণি লেখকজনেহে কʼব পাৰিব। তেওঁ নিৰ্দ্দেশিত কৰি কৈছিল যে সেই গীতবোৰত কোনো ধৰণৰ কামোত্তেজক নৃত্য-সঙ্গীতৰ সৈতে জড়িত থকা উচিত নাছিল।” (দি আৰলি চাৰ্চ, ২৭৪-৫ পৃষ্ঠা) যিদৰে প্ৰাৰম্ভিক খ্ৰীষ্টানসকলে গীত গাইছিল ঠিক সেইদৰে বৰ্তমান সময়ৰ যিহোৱাৰ সাক্ষীসকলেও বাইবেল আধাৰিত স্তুতিগীত গাই আৰু এই হৃদয়স্পৰ্ষী গীতবোৰৰ দ্বাৰা ঈশ্বৰ আৰু তেওঁৰ ৰাজ্যৰ স্তুতি কৰা হয়।

৫. (ক) প্ৰাৰম্ভিক খ্ৰীষ্টান মণ্ডলীবোৰত কেনেকৈ আধ্যাত্মিক নিৰ্দ্দেশনা দিয়া হৈছিল? (খ) মথি ২৩:৮, ৯ পদত উল্লেখ কৰা যীচুৰ বাক্যবোৰ প্ৰকৃত খ্ৰীষ্টানসকলে কেনেকৈ পালন কৰে?

প্ৰাৰম্ভিক খ্ৰীষ্টান মণ্ডলীসমূহত প্ৰাচীন বা অধ্যক্ষসকলে সত্যতাৰ বিষয়ে শিক্ষা প্ৰদান কৰিছিল আৰু সহায়ক সেৱক অৰ্থাৎ পৰিচাৰকসকলে সঙ্গী ভাই-ভনীসকলক বিভিন্ন প্ৰকাৰে সহায় আগবঢ়াইছিল। (ফিলিপীয়া ১:১) সম্পূৰ্ণকৈ ঈশ্বৰৰ বাক্যত ভাৰসা ৰাখা এটা প্ৰশাসন গোষ্ঠীয়ে পবিত্ৰ আত্মাৰ দ্বাৰা প্ৰেৰিত হৈ আধ্যাত্মিকৰূপে নিৰ্দ্দেশনা দিছিল। (পাঁচনিৰ কৰ্ম্ম ১৫:৬, ২৩-৩১) তেওঁলোকৰ মাজত কোনো ধৰণৰ ধৰ্ম্মীয় উপাধি ব্যৱহাৰ কৰা নাছিল, কিয়নো যীচুৱে নিজৰ শিষ্যসকলক এইদৰে আজ্ঞা দিছিল: “তোমালোকে হলে, ৰব্বি বুলি মতা নহবা; কিয়নো এজনা তোমালোকৰ গুৰু আছে, আৰু তোমালোক সকলো ভাই ভাই। পৃথিবীত কাকো পিতৃ বুলি নামাতিবা; কিয়নো এজনা, অৰ্থাৎ স্বৰ্গত থকা জনাই তোমালোকৰ পিতৃ।” (মথি ২৩:৮, ৯) এই বিষয় আৰু আন আন বিষয়বোৰতো প্ৰাচীন খ্ৰীষ্টান আৰু যিহোৱাৰ সাক্ষীসকলৰ মাজত একেই সমান্তৰালতা দেখিবলৈ পোৱা যায়।

সত্যতা প্ৰচাৰ কৰাৰ বাবে তাড়নাৰ সম্মুখীন হোৱা

৬, ৭. যদিও প্ৰকৃত খ্ৰীষ্টানসকলে শান্তিৰ বাৰ্ত্তা প্ৰচাৰ কৰিছিল তথাপিও তেওঁলোকক কেনে দৃষ্টি কৰা হৈছিল?

প্ৰাৰম্ভিক খ্ৰীষ্টানসকলে শান্তিময় ৰাজ্যৰ বাৰ্ত্তা প্ৰচাৰ কৰাৰ বাবে যীচুৰ নিচিনাকৈ তাড়নাৰ সম্মুখীন হৈছিল। (যোহন ১৫:২০; ১৭:১৪) জʼন এল. ৱন মোচহেইম নামৰ ইতিহাসকাৰ জনে প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলৰ বিষয়ে এইদৰে কৈছিল, “তেওঁলোকে সকলোতকৈ ক্ষতি নকৰা ব্যক্তি আছিল। তেওঁলোকে দেশৰ উন্নতিৰ প্ৰতি কেতিয়াও বিৰুদ্ধাত্মক মনোভাৱ ৰখা নাছিল।” আগলৈ ডা. মোচহেইমে এইদৰে মন্তব্য দি কৈছিল, “তেওঁলোকৰ উপাসনা কৰা পদ্ধতিয়ে ৰোমান নিবাসীসকলক অসন্তোষ্ট কৰি তুলিছিল। কিয়নো তেওঁলোকৰ উপাসনা আন লোকসকলৰ ধৰ্মীয় অধিকাৰৰ অনুৰূপ নাছিল।” তদুপৰি, তেওঁ এইদৰেও কৈছিল: “তেওঁলোকৰ উপাসনাত কোনো ধৰণৰ বলিদান, মন্দিৰ, মূৰ্ত্তি, পুৰোহিত ব্যৱস্থা বা মন্দিৰৰ পুৰোহিতে কৰা ভূত-ভৱিষ্যত সম্বন্ধীয় ঘোষণা সন্মিলিত নাছিল। এই হেতুকে তেওঁলোকক নাস্তিক হিচাবে দৃষ্টি কৰা হৈছিল; ৰোমান আইনৰ অনুসাৰে নাস্তিকবাদক মানৱ সমাজৰ আপদীয়া লোক হিচাবে ঘোষণা কৰিছিল।”

সেই সময়ত পুৰোহিত, কলাশিল্পী আৰু আন মূৰ্ত্তিপূজকসকলে মূৰ্ত্তি পূজা নকৰা খ্ৰীষ্টানসকলৰ অহিতে কাৰ্য্য কৰিবলৈ ৰাইজক উচটাইছিল। (পাঁচনিৰ কৰ্ম্ম ১৯:২৩-৪০; ১ কৰিন্থীয়া ১০:১৪) এই সন্দৰ্ভত টাৰটুলিয়ানে এইদৰে লিখিছিল: “তেওঁলোকে খ্ৰীষ্টানসকলৰ সমাজ আৰু ৰাজ্যৰ সকলোবোৰ পতনৰ কাৰণ বুলি বিশ্বাস কৰিছিল। যদি তেওঁলোকৰ দেশত বানপানী, শস্য পথাৰে নীল নদীৰ পানী নাপায়, বাৰিষাত বৰষুণ নহয়, কোনো আকাল আৰু প্লেগে দেখা দিয়ে, তেনেহʼলে লোকসকলে এইদৰে ৰিঙিয়াই কৈছিল: ‘খ্ৰীষ্টানসকলক সিংহৰ মুখত পেলোৱা হওক।’” এই সকলোবোৰ তাড়নাৰ সম্মুখীন হোৱাৰ স্বত্বেও প্ৰকৃত খ্ৰীষ্টানসকলে ‘মূৰ্ত্তিপূজাৰ পৰা নিজকে ৰক্ষা কৰিলে।’—১ যোহন ৫:২১.

ধাৰ্মিক উৎসৱসমূহৰ উৎযাপন আৰু সত্যতা

৮. সত্যৰ পথত চলোঁতাসকলে কিয় বৰদিন উৎসৱ পালন নকৰে?

সত্যৰ পথত চলোঁতাসকলে অশাস্ত্ৰীয় উৎসৱসমূহত ভাগ নলয় কিয়নো বাইবেলত কৈছে যে ‘আন্ধাৰৰ সৈতে পোহৰৰ কোনো সম্বন্ধ নাই।’ (২ কৰিন্থীয়া ৬:১৪-১৮) উদাহৰণস্বৰূপে, তেওঁলোকে ২৫ ডিচেম্বৰ দিনা পালন কৰা বৰদিনৰ উৎসৱত ভাগ নলয়। এই বিষয়ে দ্যা ৱৰ্ল্ড বুক অৱ এনচাইক্ল্যাপীডিয়াই এনেদৰে মন্তব্য দিছে: “যীচুৰ জন্মৰ তাৰিখৰ বিষয়ে কোনেও সঠিককৈ কব নোৱাৰে।” বিশ্বকোষ আমেৰিকানে এইদৰে বৰ্ণনা কৰে: “ডিচেম্বৰ মাহৰ মাজ ভাগত প্ৰাচীন ৰোমানসকলে কৃষিৰ অধিষ্ঠাতা দেৱতাৰ সন্মানত উদযাপিত উৎসৱ পালন কৰিছিল। এই আৰ্হিক অনুকৰণ কৰি বহুতো আমোদপ্ৰেমী ব্যক্তিয়ে বৰদিন উৎসৱক ৰীতি-নীতি হিচাবে পালন কৰিব ধৰে।” এমʼক্লিন্টক আৰু ষ্ট্ৰঙ্গচ্‌ চাইক্ল্যাপীডিয়াই এইদৰে মন্তব্য দিছে: “বৰদিন উৎযাপন বিষয়ে ঈশ্বৰে কোনো আজ্ঞা দিয়া নাছিল নতুবা বাইবেলৰ নতুন নিয়মতো এই বিষয়ে কʼতো উল্লেখ থকাটো দেখিবলৈ পোৱা নাযায়।” দেইলি লাইফ ইন দ্যা টাইম অৱ যীজেচ্‌ নামৰ কিতাপখনে এইদৰে দাঙি ধৰিছে: “তেনে এক শীতকালত ৰক্ষা পাবলৈ . . . মেৰৰ জাকবোৰে আশ্ৰয় লবলগীয়া হৈছিল; আৰু এই ঘটনাটোৱে প্ৰকাশ কৰিছে যে এনে শীতকালত পৰম্পৰাগতভাৱে পালন কৰা বৰদিনৰ তাৰিখ সঠিক নহয়। যিহেতু পাঁচনিবিলাকে লিখা কিতাপত উল্লেখ কৰিছে যে সেই সময়ছোৱাত মেৰ ৰখীয়াবিলাকে মুকলি পথাৰত আছিল।”—লূক ২:৮-১১.

৯. প্ৰাৰম্ভিক খ্ৰীষ্টানবিলাকৰ দৰে আধুনিক সময়ৰ যিহোৱাৰ সাক্ষীসকলেও কিয় ঈষ্টাৰ পৰ্ব্ব পালন নকৰে?

সম্ভৱতঃ ঈষ্টাৰ পৰ্ব্ব যীচুৰ পুনৰুত্থানৰ পিছতহে পালন কৰা হৈছিল। কিন্তু ভাৰষাযুক্ত সূত্ৰবোৰে ইয়াক মিছা উপাসনাৰ সৈতে জড়িত থকা প্ৰকাশ কৰিছে। দ্যা ৱেষ্টমিনিষ্টাৰ ডিক্সনেৰী অৱ দ্যা বাইবেলে কৈছে যে, ঈষ্টাৰ পৰ্ব্ব “মূলতে ইংগ-চেক্সনসকলে টিউটন নামৰ পোহৰ আৰু বসন্ত কালৰ দেৱীৰ সন্মানৰ অৰ্থে পালন কৰা উৎসৱ ঈষ্টাৰ” বা এষ্টৰ পৰা আহিছে। তথাপিও দ্যা এনচাইক্ল্যাপীডিয়া ব্ৰিটানিকাই (খণ্ড ১১) এইদৰে কৈছে: “বাইবেলৰ নতুন নিয়মত ঈষ্টাৰ পৰ্ব্বৰ পালন কৰাৰ বিষয়ে কোনো উল্লেখ কৰা দেখা নাযায়।” সেয়েহে প্ৰাচীন খ্ৰীষ্টানসকলে ঈষ্টাৰ পৰ্ব্ব পালন কৰা নাছিল আৰু বৰ্তমান সময়ত যিহোৱাৰ সাক্ষীসকলেও এই পৰ্ব্ব পালন নকৰে।

১০. যীচুৱে কেনে উদযাপন পালন কৰিবলৈ আজ্ঞা দিছিল আৰু কোনে সেই আজ্ঞাক সঠিকৰূপে পালন কৰিছে?

১০ যীচুৱে কেতিয়াও শিষ্যসকলক নিজৰ জন্মদিন বা পুনৰুত্থানৰ দিন পালন কৰিবলৈ আজ্ঞা দিয়া নাছিল। বৰঞ্চ, বলিদানৰূপে দিয়া নিজৰ মৃত্যুক স্মৰণ কৰিবলৈ স্মাৰক দিবসৰ প্ৰতিষ্ঠা কৰিছিল আৰু তাক পালন কৰিবলৈ আজ্ঞা দিছিল। (ৰোমীয়া ৫:৮) অৱশ্যে ইয়ে একমাত্ৰ উৎসৱ আছিল যাক পালন কৰিবলৈ শিষ্যসকলক যীচুৱে নিজেই আজ্ঞা দিছিল। (লূক ২২:১৯, ২০) ইয়াক প্ৰভুৰ ভোজ বুলিও কোৱা হয়। যিহোৱাৰ সাক্ষীসকলে প্ৰত্যেক বছৰে এই স্মাৰক বা প্ৰভু ভোজৰ পৰ্ব্বক পালন কৰে।—১ কৰিন্থীয়া ১১:২০-২৬.

সমূদায় পৃথিৱীত সত্যতাক প্ৰচাৰ কৰা

১১, ১২. যিসকলে সত্যৰ পথত চলিছে তেওঁলোকে কেনেকৈ প্ৰচাৰ কাৰ্য্যক সমৰ্থন কৰি আহিছে?

১১ যিসকলে সত্যতাৰ বিষয়ে জ্ঞান পাইছে তেওঁলোকে তাৰ বিষয়ে আনক জনাবলৈ নিজৰ সময়, শক্তি আৰু আন আন সাধনবোৰো ব্যৱহাৰ কৰিছে আৰু ই তেওঁলোকৰ বাবে এক বিশেষাধিকাৰ। (মাৰ্ক ১৩:১০) প্ৰাৰম্ভিক খ্ৰীষ্টানসকলৰ এই প্ৰচাৰ কাৰ্য্যক স্বইচ্ছাৰে কৰা দান-বৰঙণীৰে সমৰ্থন কৰিছিল। (২ কৰিন্থীয়া ৮:১২; ৯:৭) এই সন্দৰ্ভত টাৰটুলিয়ানে এনেদৰে লিখিছে: “যদিও সেই সময়ত আন ধৰ্ম্মবোৰ এটা ব্যৱসায়ৰ বিষয় হৈ পৰিছিল, তথাপি তেওঁলোকৰ ওচৰত থকা সৰু বাকচ জাতীয় পাত্ৰত প্ৰৱেশ মচুল হিচাবে দান-বৰঙণী লোৱা নছিল। প্ৰত্যেকজনে মাহত এবাৰকৈ মাৰ্জিত পৰিমাণে বা নিজ ইচ্ছা অনুসাৰে দান-বৰঙণী দিছিল। ইয়াৰ বাবে কোনো এজনো বাধ্য নাছিল। যদিহে ব্যক্তিজনে ইচ্ছা কৰে আৰু সামৰ্থ আছে তেতিয়াহে তেওঁ দান-বৰঙণী দিছিল; এইটো সম্পূৰ্ণকৈ স্বইচ্ছাৰে কৰা দান আছিল।”—এপʼলজি, ৩৯ অধ্যায়।

১২ আজি যিহোৱাৰ সাক্ষীসকলে বিশ্বব্যাপি হোৱা প্ৰচাৰ কাৰ্য্যক স্বইচ্ছাৰে কৰা দান-বৰঙণীৰে সমৰ্থন কৰিছে। তেওঁলোকৰ উপৰিও আগ্ৰহী ব্যক্তিসকলে এই কাৰ্য্যৰ বাবে স্বইচ্ছাৰে দান কৰাটো হৈছে এক বিশেষ অধিকাৰ। এই ক্ষেত্ৰটো প্ৰাৰম্ভিক খ্ৰীষ্টান আৰু যিহোৱাৰ সাক্ষীসকলৰ মাজত একেই সাদৃশ্যতা দেখিবলৈ পোৱা যায়।

ব্যক্তিগত আচাৰ-ব্যৱহাৰ আৰু সত্যতা

১৩. আচাৰ-ব্যৱহাৰৰ সম্বন্ধে দিয়া পাঁচনি পিতৰৰ কোনটো পৰামৰ্শৰ অনুসাৰে যিহোৱাৰ সাক্ষীসকলে চলিবলৈ সম্পূৰ্ণ হৃদয়েৰে চেষ্টা কৰে?

১৩ সত্যৰ পথত চলা প্ৰাৰম্ভিক খ্ৰীষ্টানসকলৰ প্ৰত্যেকজনে পাঁচনি পিতৰে কোৱা এই পৰামৰ্শটোক মনত ৰাখিছিল: “পৰজাতিবিলাকে যি বিষয়ত দুষ্কৰ্ম্মকাৰী বুলি তোমালোকৰ বিৰুদ্ধে কথা কয়, সেই বিষয়ত তেওঁবিলাকে তোমালোকৰ সৎকৰ্ম্ম দেখি তাৰ কাৰণে কৃপাদৃষ্টিৰ দিনা যেন ঈশ্বৰৰ স্তুতি কৰে, এই কাৰণে তেওঁবিলাকৰ মাজত তোমালোকৰ আচাৰ-ব্যৱহাৰ উত্তম হওক।” (১ পিতৰ ২:১২) যিহোৱাৰ সাক্ষীসকলে এই পৰামৰ্শটোৰ অনুসাৰে চলিবলৈ সম্পূৰ্ণ হৃদয়েৰে চেষ্টা কৰে।

১৪. অনৈতিক মনোৰঞ্জনৰ প্ৰতি খ্ৰীষ্টানসকলে কেনে দৃষ্টিভঙ্গী ৰাখে?

১৪ ধৰ্ম্মত্যাগীসকলৰ সময়ছোৱাত বাস কৰা স্বত্বেও প্ৰাৰম্ভিক খ্ৰীষ্টানসকলে কোনো অনৈতিক কাৰ্য্যত ভাগ লোৱা নাছিল। উলিয়াম ডল্‌ ক্লিন নামৰ এজন ধৰ্মীয় বুৰঞ্জীৰ অধ্যাপকে এইদৰে লিখিছিল: “প্ৰথম আৰু দ্বিতীয় শতিকাত প্ৰত্যেক প্ৰমুখ চহৰৰ মাজ ভাগত একোটাকৈ নাটকমঞ্চ নিৰ্ম্মাণ কৰা হৈছিল; তাত অংশ গ্ৰহণ কৰা সকলো অভিনেতাসকল সাধাৰণতে অনৈতিক ব্যক্তি আছিল। তেওঁলোকে নিজৰ নাটকৰ জড়িয়তে লম্পট কাৰ্য্যৰ দ্বাৰা লোকসকলৰ বাসনা জগাই তুলিছিল। . . . তেনে ধৰণৰ নাটকমঞ্চক প্ৰকৃত খ্ৰীষ্টানৰ সকলো ব্যক্তিয়ে ঘৃণিত বুলি বিবেচনা কৰিছিল। . . . তেওঁলোকে তেনে ধৰণৰ অশ্লীল আচাৰ-ব্যৱহাৰৰ পৰা আঁতৰি আছিল; কিয়নো অবিৰামভাৱে অসভ্য দেৱ-দেৱীৰ প্ৰতি আকৰ্ষিত কৰা কাৰ্য্যক তেওঁলোকে নিজৰ ধৰ্ম্ম বিশ্বাসক অপমান কৰা বুলি গণ্য কৰিছিল।” (দি এন্‌চিয়েন্ট চাৰ্চ ৩১৮-১৯ পৃষ্ঠা) আধুনিক সময়ত থকা যীচুৰ প্ৰকৃত শিষ্যসকলেও অনৈতিক মনোৰঞ্জন বা অশ্লীল আচাৰ-ব্যৱহাৰৰ পৰা বিৰত থাকে।—ইফিচীয়া ৫:৩-৫.

‘ক্ষমতা পোৱাবিলাক’ আৰু সত্যতা

১৫, ১৬. ‘উচ্চ অধিকাৰীসকল’ কোন আৰু সত্যৰ পথত চলোঁতাসকলে কেনে সমাদৰ পাইছিল?

১৫ বেছিভাগ ৰোমান শাসনকৰ্তাই প্ৰাৰম্ভিক খ্ৰীষ্টানসকলে উত্তম আচাৰ-ব্যৱহাৰে জীৱন-যাপন কৰা স্বত্বেও দোষী বুলি গণ্য কৰিছিল। এই সম্পৰ্কে ইৰেনেষ্ট জৰ্জ হাৰডি নামৰ ইতিহাসকাৰজনে এইদৰে কয় যে ৰোমান শাসনকৰ্তাসকলে তেওঁলোকক “কিছুমাত্ৰাত ঘৃণনীয় উদ্যমী লোক” বুলি দৃষ্টি কৰিছিল। বিথানিয়া পিলেনীৰ ৰাজ্যপাল ইয়ঙ্গাৰ আৰু সম্ৰাট ট্ৰাজানৰ মাজত আদান-প্ৰদান হোৱা পত্ৰবোৰত প্ৰকাশ পাইছে যে অধিকাৰীসকলে সাধাৰণতে প্ৰকৃত খ্ৰীষ্টানসকলৰ আচাৰ-ব্যৱহাৰৰ প্ৰতি অজ্ঞাত আছিল। খ্ৰীষ্টানবিলাকে সেই অধিকাৰীসকলক কেনে দৃষ্টি কৰে?

১৬ যীচুৰ প্ৰাৰম্ভিক শিষ্যসকলৰ দৰে যিহোৱাৰ সাক্ষীসকলেও আপেক্ষিকভাৱে চৰকাৰী ‘অধিকাৰীসকলৰ’ অধীনত থাকে। (ৰোমীয়া ১৩:১-৭) যদি অধিকাৰীসকলে কৰা দাবী ঈশ্বৰৰ ইচ্ছাৰ বিৰুদ্ধে হয় তেতিয়া তেওঁলোকে অৱশ্যেই এই পদক্ষেপ লয়: “মানুহতকৈ আমি ঈশ্বৰৰ আজ্ঞা মানিব লাগে।” (পাঁচনিৰ কৰ্ম্ম ৫:২৯) আফ্টাৰ যীজেচ্‌—দ্যা ট্ৰাইম্ফ অৱ খ্ৰীষ্টীয়ানিটি নামৰ কিতাপখনে এইদৰে কয়: “খ্ৰীষ্টানসকলে সম্ৰাটৰ উপাসনাত যদিও জড়িত নাছিল তথাপিও তেওঁলোকে ৰাইজক উত্তেজিত কৰিবলৈ কোনো ধৰণৰ ভাষণ দিয়া নাছিল। তদুপৰি, তেওঁলোকৰ ধৰ্ম্ম আনতকৈ ভিন্ন হোৱা আৰু অপৰাধী বুলি দৃষ্টি কৰা স্বত্বেও সম্ৰাটৰ বাবে কোনো ভয়ৰ কাৰণ নাছিল।”

১৭. (ক) প্ৰাৰম্ভিক খ্ৰীষ্টানসকল কেনেধৰণৰ চৰকাৰৰ সমৰ্থনকাৰী আছিল? (খ) যিচয়া ২:৪ পদটোক যীচুৰ প্ৰকৃত শিষ্যসকলে কেনেকৈ নিজৰ জীৱনত প্ৰয়োগ কৰিছে?

১৭ কুল-পিতৃ অব্ৰাহাম, ইচাহাক আৰু যাকোবৰ দৰে ‘ঈশ্বৰে স্থাপন কৰা নগৰৰ’ ওপৰত সম্পূৰ্ণ বিশ্বাস কৰাৰ নিচনাকৈ প্ৰাৰম্ভিক খ্ৰীষ্টানসকলে বিশ্বাসেৰে ঈশ্বৰৰ ৰাজ্যক সমৰ্থন কৰিছিল। (ইব্ৰী ১১:৮-১০) তদুপৰি, যীচুৰ দৰে তেওঁলোকো এই ‘জগতৰ নাছিল।’ (যোহন ১৭:১৪১৬) যুদ্ধ আৰু হিংসাৰ বিপৰীতে তেওঁলোকে ‘নিজ নিজ তাৰোৱাল ভাঙি নাঙলৰ ফাল গঢ়াই লৈছিল।’ (যিচয়া ২:৪) এক উল্লেখনীয় সাদৃশ্যতাৰ বিষয়ে উল্লেখ কৰি জেফ্ৰী এফ. নোটাল নামৰ এজন গীৰ্জা ইতিহাসৰ প্ৰবক্তাই এইদৰে কৈছিল: “প্ৰাৰম্ভিক খ্ৰীষ্টানসকলে যুদ্ধৰ প্ৰতি মনোবৃত্তি ৰখাৰ দৰে বৰ্তমান সময়ত নিজকে যিহোৱাৰ সাক্ষী বুলি কোৱা লোকসমূহতো সেই একেই মনোবৃত্তি দেখা গৈছে, যি বাস্তৱিকতাক আমি সহজে স্বীকাৰ কৰাটো কঠিন বুলি ভাবোঁ।”

১৮. চৰকাৰে যিহোৱাৰ সাক্ষীসকলৰ প্ৰতি ভয়ভিত হোৱাৰ কিয় কোনো কাৰণ নাই?

১৮ প্ৰাৰম্ভিক খ্ৰীষ্টানসকলৰ নিৰপেক্ষতাই “ক্ষমতা পোৱাবিলাকৰ” ৰাজনৈতিক বিষয়ত কোনো ধৰণৰ বিপদ সৃষ্টি কৰা নাছিল। যিহোৱাৰ সাক্ষীসকলৰ ক্ষেত্ৰতো সেই একেই বাস্তৱিকতা প্ৰমাণিত হৈছে। এই সন্দৰ্ভত উত্তৰ আমেৰিকাৰ সম্পাদকে এইদৰে লিখিছিল: “যিহোৱাৰ সাক্ষীসকলে ৰাজনৈতিক প্ৰণালীত কোনো প্ৰকাৰৰ বিপদ উৎপন্ন কৰিব পাৰে বুলি বিশ্বাস কৰিবলৈ সঙ্কীৰ্ণমনা আৰু সন্দেহবিকাৰগ্ৰস্ত হোৱা আৱশ্যক। তেওঁলোক হৈছে অবিপ্লৱী আৰু শান্তিপ্ৰিয় লোক।” জ্ঞানী অধিকাৰীসকলে জানে যে তেওঁলোকে যিহোৱাৰ সাক্ষীসকলক ভয় কৰাৰ কোনো কাৰণ নাই।

১৯. কৰ আদায় কৰাৰ সম্পৰ্কে প্ৰাচীন সময়ৰ খ্ৰীষ্টান আৰু যিহোৱাৰ সাক্ষীসকলৰ বিষয়ে কি কব পাৰি?

১৯ প্ৰাৰম্ভিক খ্ৰীষ্টানবিলাকে কৰ আদায় কৰি এক প্ৰকাৰে ‘ক্ষমতা পোৱাবিলাকক’ সন্মান কৰিছিল। সা.যু. ১৩৮-১৬১ চনত ৰোমান সম্ৰাট এন্টনাইনাচলৈ লিখা পত্ৰখনত জাচষ্টিন মাৰটিয়াৰে উল্লেখ কৰিছিল যে আন লোকবিলাকৰ তুলনাত প্ৰাৰম্ভিক খ্ৰীষ্টানসকলে “অধিক ইচ্ছাকৃত হৈ” কৰ আদায় কৰিছিল। (ফাৰ্ষ্ট এপলʼজি, ১৭ অধ্যায়) টাৰটুলিয়ানে ৰোমান শাসনকৰ্তাসকলক কৈছিল যে, খীষ্টানসকলে নিষ্ঠাবান হৈ কৰ দিয়াৰ বাবে “কৰ লোৱাসকলে সদায়েই খ্ৰীষ্টানসকলক প্ৰশংসা কৰিছিল।” (এপলʼজি, ৪২ অধ্যায়) ফলস্বৰূপে খ্ৰীষ্টানসকলে পাক্স ৰোমানা বা ৰোমান চৰকাৰৰ আইন-ব্যৱস্থা, উত্তম বাট-পথ আৰু সমুদ্ৰিক যাত্ৰাত তুলনাত্মকৰূপে সুৰক্ষাৰ পৰা লাভবান হৈছিল। সমাজৰ প্ৰতি থকা তেওঁলোকৰ দায়িত্বক বুজি তেওঁলোকে যীচুৱে কোৱা এই পৰামৰ্শক পালন কৰিছিল। যʼত তেওঁ এইদৰে কৈছিল: “যি কৈচৰৰ, তাক কৈচৰক দিয়া; আৰু যি ঈশ্বৰৰ, তাক ঈশ্বৰক দিয়া।” (মাৰ্ক ১২:১৭) আজিৰ সময়ত যিহোৱাৰ সাক্ষীসকলেও সেই একেই পৰামৰ্শক পালন কৰি কৰ আদায় কৰে আৰু এনে সাধুতাৰ বাবে তেওঁলোক প্ৰশংসাৰ পাত্ৰ হৈছে।—ইব্ৰী ১৩:১৮.

সত্যতাই হৈছে একত্ৰিতাৰ বান্ধোন

২০, ২১. শান্তিময় ভাতৃত্ব সমাজৰ সম্পৰ্কে প্ৰাৰম্ভিক খ্ৰীষ্টান আৰু বৰ্তমান সময়ৰ যিহোৱাৰ সাক্ষীসকলত কেনে বাস্তৱিকতাৰ প্ৰমাণ পোৱা গৈছে?

২০ যিহেতু সত্যৰ পথত চলাৰ বাবে প্ৰাৰম্ভিক খ্ৰাষ্টানসকলে শান্তিময় ভাতৃত্বৰ একত্ৰিত বান্ধোন উপভোগ কৰিব পাৰিলে আৰু সেইদৰে যিহোৱাৰ সাক্ষীসকলেও অনুভৱ কৰিছে। (পাঁচনিৰ কৰ্ম্ম ১০:৩৪, ৩৫) দ্যা মস্কো টাইমচ নামৰ আলোচনীখনত প্ৰকাশ পোৱা এখনত পত্ৰত এইদৰে কোৱা হৈছিল: “[যিহোৱাৰ সাক্ষীসকলক] দয়াৱান, বন্ধুত্বপূৰ্ণ আৰু নম্ৰ ব্যক্তি হিচাবে জনা যায়। তেওঁলোকৰ সৈতে সঙ্গতি কৰাটো অতি সহজ, তেওঁলোকে কেতিয়াও আনক তুচ্ছ বুলি জ্ঞান নকৰে আৰু সদায়েই শান্তিময় সম্বন্ধ বজাই ৰাখিবলৈ চেষ্টা কৰে . . . তেওঁলোকৰ মাজত কোনো উৎকোচ লোৱা বা নিচাজাতীয় পদাৰ্থৰ সেৱন কৰা ব্যক্তি দেখা নাযায় আৰু এই সকলোবোৰৰ পিছত এটাই কাৰণ আছে: তেওঁলোকে বাইবেল আধাৰিত বিশ্বাসাৰ অনুসাৰে সকলো কাৰ্য্য বা কথোপকথন কৰে। যদি সকলো লোকে যিহোৱাৰ সাক্ষীসকলৰ দৰে অন্তত জীৱন-যাপন কৰিবলৈ চেষ্টা কৰে, তেন্তে পৃথিৱীৰ পৰা আমাৰ হিংসাত্মক কাৰ্য্যবোৰ চিৰকালৰ বাবে লুপ্ত হʼব।”

২১ দ্যা এনচাইক্ল্যাপীডিয়া অৱ আৰলি খ্ৰীষ্টীয়ানিটিয়ে এইদৰে ব্যাখ্যা কৰে: “প্ৰাচীন সময়ৰ গীৰ্জাই নিজকে এক নতুন মানৱ পৰিয়াল হিচাবে বিবেচনা কৰিছিল, যʼত এসময়ৰ বিপক্ষ লোক অৰ্থাৎ ইহুদী আৰু পৰজাতি লোকসকলে শান্তিত একেলগে বাস কৰিব পাৰিছিল।” বৰ্তমান সময়ৰ যিহোৱাৰ সাক্ষীসকলৰো শান্তিপ্ৰিয় এক অন্তৰাষ্ট্ৰীয় ভাতৃত্বৰ সমাজ আছে, যিটো সঁচাকৈ এক নতুন জগতৰ সমাজ। (ইফিচীয়া ২:১১-১৮; ১ পিতৰ ৫:৯; ২ পিতৰ ৩:১৩) দক্ষিণ আফ্ৰিকাৰ প্ৰেটৰিয়া নামৰ মুকলি খেল-পথাৰত আয়োজিত কৰা যিহোৱাৰ সাক্ষীসকলৰ অধিৱেশনত উপস্থিত হোৱা সকলো প্ৰকাৰৰ শান্তিপ্ৰিয় প্ৰতিনিধিসকলক লক্ষ্য কৰি সেই খেল-পথাৰৰ মুখ্য সুৰক্ষা বিষয়াজনে এইদৰে কৈছিল: “যোৱা কিছু দিনৰ পৰাই তেওঁলোকৰ প্ৰত্যেকজনে শিষ্টাচাৰ আৰু অতি সন্মানেৰে ইজনে-সিজনৰ সৈতে কথা-বতৰা হোৱা দেখিবলৈ পাইছোঁ। এই সকলোবোৰে আপোনালোকক এক উচ্চ নৈতিক সমাজৰ লোক আৰু একেলগে বাস কৰা আনন্দিত পৰিয়ালবৰ্গৰ প্ৰমাণ দিয়ে।”

সত্যতা শিকাৰ বাবে আশীৰ্ব্বাদ লাভ কৰিছে

২২. প্ৰকৃত খ্ৰীষ্টানসকলে সত্যতাক প্ৰকাশ কৰাৰ বাবে কেনে ফলাফল দেখিবলৈ পোৱা গৈছে?

২২ আচাৰ-ব্যৱহাৰ আৰু প্ৰচাৰ কাৰ্য্যৰ দ্বাৰা পাঁচনি পৌল আৰু অন্য খ্ৰীষ্টানসকলে “সত্যতা প্ৰকাশ” কৰিছিল। (২ কৰিন্থীয়া ৪:২) গতিকে যিহোৱাৰ সাক্ষীসকলে সেই একেইদৰে কাৰ্য্য কৰি সকলো জাতিকে সত্যতাৰ শিক্ষা প্ৰদান কৰিছে বুলি আপুনি নাভাবেনে? আজি গোটেই পৃথিৱীৰ লোকে সত্য উপাসনাৰ প্ৰতি আকৰ্ষিত হৈছে আৰু কোনেও গণিব নোৱাৰাকৈ বৃহৎ সংখ্যাই ‘যিহোৱাৰ গৃহটিলৈ’ সোঁত বোৱাৰ দৰে বৈ আহিছে। (যিচয়া ২:২, ৩) পৰিণামস্বৰূপে, প্ৰত্যেক বছৰে হাজাৰ হাজাৰ লোকে নিজকে ঈশ্বৰলৈ সমৰ্পণ কৰি বাপ্তিষ্মা লৈছে আৰু বহুতো নতুন মণ্ডলীৰ স্থাপন হৈছে।

২৩. যিসকলে সমূদায় জাতিক সত্যতাৰ বিষয়ে জ্ঞান দিছে তেওঁলোকৰ প্ৰতি আপুনি কেনে দৃষ্টিভঙ্গী ৰাখিছে?

২৩ আন আন পৃষ্ঠভূমিৰ পৰা অহা স্বত্বেও যিহোৱাৰ সাক্ষীসকলে একত্ৰিত হৈ সত্য উপাসনাত ভাগ লৈছে। তেওঁলোকৰ মাজত প্ৰকাশ পোৱা প্ৰেমে যীচুৰ প্ৰকৃত শিষ্য হোৱাৰ প্ৰমাণ দিছে। (যোহন ১৩:৩৫) ‘ঈশ্বৰে বাস্তৱতে যে তেওঁলোকৰ মাজত’ আছে বুলি আপুনি দেখিবলৈ পাইছেনে? (১ কৰিন্থীয়া ১৪:২৫) যিসকলে সমূদায় জাতিক সত্যতাৰ বিষয়ে জ্ঞান দিছে আপুনি তেওঁলোকৰ সপক্ষে থিয় দিছেনে? যদি আপুনি তেওঁলোকৰ সৈতে থিয় হৈছে তেন্তে আপুনি সত্যতাৰ প্ৰতি সদায়ে কৃতজ্ঞতা প্ৰকাশ কৰিছে আৰু চিৰকাললৈকে সেই পথত চলিবলৈ বিশেষাধিকাৰ পাইছে। (w02 7/15)

আপুনি কেনেকৈ উত্তৰ দিব?

• উপাসনাৰ সম্বন্ধে প্ৰাৰম্ভিক খ্ৰীষ্টান আৰু যিহোৱাৰ সাক্ষীসকলৰ মাজত কেনে সাদৃশ্যতা দেখিবলৈ পোৱা যায়?

• যিসকলে সত্যৰ পথত চলিছে তেওঁলোকে পালন কৰা একমাত্ৰ ধৰ্ম্মীয় উৎযাপন কি?

• ‘ক্ষমতা পোৱাবিলাক’ কোন আৰু খ্ৰীষ্টানসকলে তেওঁলোকৰ প্ৰতি কেনে দৃষ্টিভঙ্গী ৰাখে?

• সত্যতাই কেনেকৈ ঐক্যতাৰ বন্ধনেৰে বান্ধিছে?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[৩১ পৃষ্ঠাৰ ছবি]

সত্যতাৰ পথত চলোঁতাসকলৰ বাবে খ্ৰীষ্টান সভাসমূহে সদায়েই আশীৰ্ব্বাদ কঢ়িয়াই আনিছে