Skip to content

Skip to table of contents

ধৈৰ্য্যৰে ঈশ্বৰীয় ভক্তি প্ৰকাশ কৰা

ধৈৰ্য্যৰে ঈশ্বৰীয় ভক্তি প্ৰকাশ কৰা

ধৈৰ্য্যৰে ঈশ্বৰীয় ভক্তি প্ৰকাশ কৰা

“সম্পূৰ্ণ যত্ন কৰি . . . ধৈৰ্য্যত [ঈশ্বৰীয়, Nw] ভক্তি যোগোৱা।”—২ পিতৰ ১:৫, ৬.

১, ২. (ক) এটি শিশুৰ পৰা কেনে ধৰণৰ বৃদ্ধিৰ আশা কৰা হয়? (খ) আধ্যাত্মিকৰূপে বৃদ্ধি হোৱাটো কিমান আৱশ্যক?

 কেৱল শাৰীৰিকৰূপে বৃদ্ধি হোৱাই এটি শিশুৰ বাবে যথেষ্ট নহয়। ইয়াৰ উপৰিও শিশুটি মানসিক আৰু আবেগীকভাৱে বৃদ্ধি হোৱা অতি আৱশ্যক। সময় অতিক্ৰম কৰা লগে লগে শিশুটিয়ে অপৰিপক্ক অৱস্থাৰ পৰা এক পৰিপক্ক পুৰুষ বা স্ত্ৰীলৈ পৰিণত হয়। এই সম্বন্ধে পাঁচনি পৌলে এনেদৰে লিখিছিল: “যেতিয়া মই শিশু আছিলোঁ, তেতিয়া শিশুৰ নিচিনাকৈ কথা কৈছিলোঁ, শিশুৰ দৰে ভাবিছিলোঁ, শিশুৰ দৰে বিবেচনাও কৰিছিলোঁ; যেতিয়া বয়স পালোঁ, তেতিয়াৰ পৰা শিশুৰ সকলো কথা এৰিলোঁ।”—১ কৰিন্থীয়া ১৩:১১.

পাঁচনি পৌলে কোৱা বাক্যশাৰীয়ে আধ্যাত্মিক বৃদ্ধিৰ সম্পৰ্কে এক গুৰুত্বপূৰ্ণ বিষয় দাঙি ধৰিছে। সকলো খ্ৰীষ্টান ব্যক্তিয়ে আধ্যাত্মিক শিশুৰ পৰা বৃদ্ধি হৈ “বিবেচনাত বয়সস্থ হোৱা” উচিত। (১ কৰিন্থীয়া ১৪:২০) তেওঁলোকে ‘খ্ৰীষ্টৰ পৰিপূৰ্ণতাৰ বয়সৰ পৰিমাণত’ উপনীত হʼবলৈ প্ৰচেষ্টা কৰা উচিত। তেতিয়াহে তেওঁলোক ‘শিশু নহয়, আৰু মানুহৰ ঠগত, ধূৰ্ত্ততাৰে ভ্ৰান্তিৰ কুকল্পনাৰে ভ্ৰান্ত হৈ ঢলংপলং কৰোৱা, আৰু সকলো বিধ শিক্ষাৰূপ বতাহত ইফাল সিফাললৈ নিয়া নহব।’—ইফিচীয়া ৪:১১-১৪.

৩, ৪. (ক) আধ্যাত্মিকৰূপে পৰিপক্কতা হʼবলৈ আমি কি কৰা আৱশ্যক? (খ) কেনে ঈশ্বৰীয় গুণবোৰ আমি বিকাশিত কৰা উচিত আৰু সেইবোৰ কিমান গুৰুত্বপূৰ্ণ?

আমি কেনেকৈ আধ্যাত্মিক পৰিপক্কতাত উপনীত হʼব পাৰোঁ? প্ৰাকৃতিক অনুসাৰে সাধাৰণভাৱে যেনেকৈ নিয়মীয়াকৈ শৰীৰৰ বৃদ্ধি হয়, তেনেদৰে আধ্যাত্মিক শৰীৰৰ বৃদ্ধি নহয়। তাৰ বাবে ঈশ্বৰৰ বাক্যৰ জ্ঞান আৰু তাৰ অনুসাৰে কাৰ্য্য কৰিবলৈ কঠিন পৰিশ্ৰম কৰা আৱশ্যক। (ইব্ৰী ৫:১৪; ২ পিতৰ ১:৩) পৰিণামস্বৰূপে, ইয়ে আমাক ঈশ্বৰীয় গুণ বিকাশিত কৰিবলৈ সহায় কৰে। যিদৰে শাৰীৰৰ সৈতে সংযোগ থকা অঙ্গ-পত্যঙ্গ একলগে বৃদ্ধি হয়, তেনেদৰে আধ্যাত্মিক বৃদ্ধিৰ লগে লগে ঈশ্বৰৰ বিভিন্ন গুণসমূহৰো বিকাশিত হয়। এই সন্দৰ্ভত পাঁচনি পিতৰে এইদৰে লিখিছিল: “তোমালোকে নিজেও সম্পূৰ্ণ যত্ন কৰি, বিশ্বাসত বীৰত্ব, বীৰত্বত জ্ঞান, জ্ঞানত ইন্দ্ৰিয়-দমন, ধৈৰ্য্যত ভক্তি, ভক্তিত ভ্ৰাতৃ-স্নেহ, আৰু ভ্ৰাতৃ-স্নেহত প্ৰেম যোগোৱা। কিয়নো এই সকলো তোমালোকত থাকিলে, আৰু উপচি পৰিলে।”—২ পিতৰ ১:৫-৭.

পাঁচনি পিতৰে উল্লেখ কৰা প্ৰত্যেকটো গুণ বিকাশিত কৰা অতি গুৰুত্বপূৰ্ণ। ইয়াৰ কোনো এটাকো বাদ দিব নোৱাৰি। আগলৈ তেওঁ এইদৰে কৈছিল: “আমাৰ প্ৰভু যীচু খ্ৰীষ্ট তত্ত্ব-জ্ঞানৰ কথাত তোমালোকক এলেহুৱা আৰু ফলহীন হৈ থাকিবলৈ নিদিব।” (২ পিতৰ ১:৮) এতেকে আঁহক আমি ধৈৰ্য্যৰ সৈতে ঈশ্বৰীয় ভক্তি বিকাশিত কৰাৰ প্ৰতি ধ্যান কেন্দ্ৰিত কৰোঁহঁক।

ধৈৰ্য্যৰ আৱশ্যক

৫. আমি কিয় ধৈৰ্য্য ধৰা উচিত?

পাঁচনি পিতৰ আৰু পৌলে ধৈৰ্য্যৰ সৈতে ঈশ্বৰীয় ভক্তিক সংযোগ কৰিছে। (১ তীমথিয় ৬:১১) অতি কঠিন পৰিস্থিতিত ধৈৰ্য্য ধৰা আৰু ইয়াক বজাই ৰখাৰ উপৰিও ইয়াত অধিক কিছু সন্মিলিত আছে। ইয়াত প্ৰলোভন, বাধা, পৰীক্ষা বা উৎপীড়ন অৱস্থাত সহিষ্ণু, সাহসী আৰু স্থিৰতা বজাই ৰখাটো সন্মিলিত আছে। যিসকলে “খ্ৰীষ্ট যীচুৰ ভক্তিভাৱে জীৱন ধাৰণ” কৰে, তেওঁলোকৰ সকলোৱে উৎপীড়নৰ সম্মুখীন হʼব বুলি আমি আশা কৰোঁ। (২ তীমথিয় ৩:১২) যিহোৱাৰ প্ৰতি প্ৰেম আৰু উদ্ধাৰৰ বাবে ঈশ্বৰীয় গুণবোৰ বিকাশিত কৰিবলৈ আমি নিশ্চয়ে ধৈৰ্য্য ধৰা আৱশ্যক। (ৰোমীয়া ৫:৩-৫; ২ তীমথিয় ৪:৭, ৮; যাকোব ১:৩, ৪, ১২) ধৈৰ্য্যৰ অৱিহনে আমি অনন্ত জীৱন পোৱা অসম্ভৱ।—ৰোমীয়া ২:৬, ৭; ইব্ৰী ১০:৩৬.

৬. শেষলৈকে ধৈৰ্য্য ধৰাৰ অৰ্থ কি?

আমি যিমানেই আধ্যাত্মিক পৰিপক্কতালৈ আগবাঢ়ি নাযাওঁ কিয়, আমাৰ সকলোৱে ধৈৰ্য্য ধৰা অতি আৱশ্যক। যীচুৱে এইদৰে কৈছিল: “যি জনে শেষলৈকে সহি থাকে, সেই জনেই পৰিত্ৰাণ পাব।” (মথি ২৪:১৩) বাস্তৱতে আমি মৃত্যু পৰ্য্যন্ত বা এই দুষ্ট ৰীতি-ব্যৱস্থাৰ শেষ নোহোৱালৈকে ধৈৰ্য্য ধৰা উচিত। এই উভয়তে আমি ঈশ্বৰৰ প্ৰতি নিষ্ঠা বজাই ৰখা আৱশ্যক। আমাৰ ধৈৰ্য্যত ঈশ্বৰীয় ভক্তিক বিকাশিত নকৰাকৈ আমি ঈশ্বৰক সন্তোষ আৰু অনন্ত জীৱন লাভ কৰিব নোৱাৰিম। কিন্তু ঈশ্বৰীয় ভক্তি কি?

ঈশ্বৰীয় ভক্তিৰ অৰ্থ কি

৭. ঈশ্বৰীয় ভক্তিৰ অৰ্থ কি আৰু ই আমাক কি কৰিবলৈ প্ৰেৰিত কৰে?

বাইবেলৰ অনুসাৰে ঈশ্বৰীয় ভক্তিৰ অৰ্থ হৈছে বিশ্ব সাৰ্ব্বভৌমত্ব যিহোৱাৰ প্ৰতি থকা ব্যক্তিগত শ্ৰদ্ধা দেখুৱা, তেওঁৰ উপাসনা আৰু সেৱা কৰা। ঈশ্বৰীয় ভক্তিৰ অনুসাৰে চলিবলৈ হʼলে আমি যিহোৱা আৰু তেওঁৰ পথবোৰৰ বিষয়ে যথাৰ্থ জ্ঞান লোৱা আৱশ্যক। ইয়াৰ অৰ্থ হৈছে আমি ব্যক্তিগত আৰু নিবিড়ভাৱে তেওঁৰ বিষয়ে জনা উচিত। ইয়ে আমাক আমাৰ আচাৰ-ব্যৱহাৰ আৰু কাৰ্য্যৰে তেওঁক সম্পূৰ্ণ হৃদয়েৰে প্ৰেম কৰিবলৈ প্ৰেৰিত কৰিব। আমি পৰাপক্ষ্যত যিহোৱাৰ নিচিনাকৈ অৰ্থাৎ তেওঁৰ ব্যক্তিত্ব আৰু গুণসমূহক অনুকৰণ কৰিবলৈ আগ্ৰহী হোৱা উচিত। (ইফিচীয়া ৫:১) দৰাচলতে ঈশ্বৰীয় ভক্তিয়ে আমাৰ সকলো কাৰ্য্যৰ দ্বাৰা যিহোৱাক সন্তোষ কৰিবলৈ নিশ্চয়ে প্ৰেৰিত কৰিব।—১ কৰিন্থীয়া ১০:৩১.

৮. ঈশ্বৰীয় ভক্তি আৰু অনন্য ভক্তিয়ে কেনেকৈ একলগে কাৰ্য্য কৰে?

প্ৰকৃত ঈশ্বৰীয় ভক্তিৰ অনুসাৰে চলিবলৈ হʼলে আমি নিজৰ হৃদয়ত একমাত্ৰ যিহোৱাৰ বাহিৰে আন কোনো বিষয়ক স্থান দিয়া উচিত নহয়। যিহোৱা সৃষ্টিকৰ্তা হোৱাৰ হেতুকে তেওঁ অনন্য ভক্তি পোৱাৰ যোগ্য। (দ্বিতীয় বিবৰণ ৪:২৪; যিচয়া ৪২:৮) তথাপিও যিহোৱাক উপাসনা কৰিবলৈ তেওঁ আমাক কেতিয়াও হেঁচা নিদিয়ে। আমি তেওঁক স্বইচ্ছাৰে উপাসনা কৰাটো তেওঁ ইচ্ছা কৰে। তেওঁৰ প্ৰতি থকা আমাৰ প্ৰেম যথাৰ্থ জ্ঞানৰ ওপৰত আধাৰিত হোৱা হেতুকে আমাৰ জীৱন প্ৰণালীত সংশোধন আৰু নিস্বাৰ্থৰে নিজকে তেওঁলৈ সমৰ্পিত কৰি তাৰ অনুসাৰে জীৱন-যাপন কৰিবলৈ প্ৰেৰিত কৰে।

ঈশ্বৰৰ সৈতে এক নিবিড় সম্বন্ধ গঢ়ি তুলক

৯, ১০. আমি কেনেকৈ ঈশ্বৰৰ সৈতে এক ঘনিষ্ঠ সম্পৰ্ক বজাই ৰাখিব পাৰোঁ?

নিজকে ঈশ্বৰলৈ সমৰ্পণ কৰি বাপ্তিষ্মা লোৱাৰ পিচত তেওঁৰ সৈতে এক ঘনিষ্ঠ সম্পৰ্ক গঢ়ি তুলা আৱশ্যক। আমাৰ তেনে কাৰ্য্যৰ দ্বাৰা যিহোৱাক বিশ্বাসী হৈ সেৱা কৰিবলৈ থকা ইচ্ছুকতাই আমাক একেৰাহে তেওঁৰ বাক্যক অধ্যয়ন আৰু তাৰ ওপৰত ধ্যান কৰিবলৈ পৰিচালিত কৰে। ঈশ্বৰৰ পবিত্ৰ আত্মাই আমাৰ মন আৰু হৃদয়ত কাৰ্য্য কৰাটো যিহোৱাৰ প্ৰতি থকা আমাৰ প্ৰেমৰ ওপৰত নিৰ্ভৰ কৰে। তেওঁৰ সৈতে একেৰাহে এক অটুট সম্বন্ধ বজাই ৰখাটো আমাৰ জীৱনত সকলোতকৈ গুৰুত্বপূৰ্ণ বিষয় হোৱা আৱশ্যক। তেতিয়াহে আমি যিহোৱাক নিজৰ প্ৰিয় বন্ধু হিচাবে সমাদৰ আৰু সকলো সময়তে তেওঁক সন্তুষ্ট কৰিবলৈ আগ্ৰহী হʼম। (১ যোহন ৫:৩) ঈশ্বৰৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক ৰাখি আমি অধিক আনন্দিত আৰু তেওঁৰ প্ৰেমপূৰ্বক পৰামৰ্শসমূহ পালন কৰাৰ যোগেদি আমাৰ জীৱনৰ আৱশ্যকীয় ক্ষেত্ৰবোৰত সংশোধন কৰি কৃতজ্ঞতা অনুভৱ কৰিম।—দ্বিতীয় বিবৰণ ৮:৫.

১০ আমি একেৰাহে যদি সেই মূল্যৱান সম্বন্ধক দৃঢ় কৰি ৰাখিবলৈ পদক্ষেপ নলওঁ, তেন্তে সেই সম্বন্ধ দুৰ্ব্বল হʼব পাৰে। যদি তেনেদৰে হয়, তেন্তে ইয়াৰ বাবে ঈশ্বৰে দায়ী নহয়। কিয়নো বাইবেলে কৈছে যে “তেওঁ আমাৰ কাৰো পৰা দূৰ নহয়।” (পাঁচনিৰ কৰ্ম্ম ১৭:২৭) যিহোৱাৰ কাষ চপাত কঠিন নহয় বুলি জানি আমি কিমান যে আনন্দিত হৈছোঁ! (১ যোহন ৫:১৪, ১৫) ইয়াত কোনো সন্দেহ নাই যে এক ঘনিষ্ঠ সম্বন্ধ বজাই ৰাখিবলৈ হʼলে আমি নিশ্চয়ে কঠিন পৰিশ্ৰম কৰা আৱশ্যক। যিহেতু তেওঁৰ নিকটবৰ্তী হʼবলৈ আমাৰ আৱশ্যক হোৱা আৰু ঈশ্বৰ ভক্তিৰ চহিদা পূৰণ কৰিবলৈ তেওঁ সকলো প্ৰকাৰৰ সহায় আগবঢ়াইছে। (যাকোব ৪:৮) আমি কেনেকৈ সেই প্ৰেমপূৰ্বক প্ৰবন্ধৰ পৰা সম্পূৰ্ণকৈ লাভবান হʼব পাৰিম?

আধ্যাত্মিকৰূপে বলৱন্ত হওক

১১. ঈশ্বৰীয় ভক্তি বজাই ৰখাৰ সম্পৰ্কে লোৱা কিছুমান পদক্ষেপ কি?

১১ ঈশ্বৰৰ প্ৰতি থকা আমাৰ গভীৰ প্ৰেমে পাঁচনি পৌলে কোৱা বাক্যশাৰীৰ সামঞ্জস্যত ঈশ্বৰীয় ভক্তিৰ গভীৰতাক বুজিবলৈ প্ৰেৰিত কৰিব। তেওঁ এইদৰে কৈছিল: “তুমি নিজকে পৰীক্ষাসিদ্ধ লোক, লাজৰ যোগ্য নোহোৱা কৰ্ম্মকাৰী, আৰু সত্যৰ বাক্য ঠিকৰূপে বিভাগ কৰাত নিপুণ লোক কৰি, ঈশ্বৰৰ আগত উপস্থিত কৰিবলৈ যত্ন কৰা।” (২ তীমথিয় ২:১৫) এনে যত্ন কৰিবলৈ হʼলে আমাক নিয়মীয়াকৈ বাইবেল অধ্যয়ন, সভাত উপস্থিত আৰু প্ৰচাৰ কাৰ্য্যত ভাগ লোৱা উচিত। তদুপৰি, আমি “নিৰন্তৰে প্ৰাৰ্থনা” কৰা উচিত। (১ থিচলনীকীয়া ৫:১৭) ঈশ্বৰৰ ভক্তিৰ সংক্ৰান্তত লোৱা সেই পদক্ষেপবোৰে এক অৰ্থপূৰ্ণ ভূমিকা আদায় কৰে। ইয়াৰ কোনো এটা বিষয়ৰ প্ৰতি আওকাণ কৰা অৰ্থ হৈছে আধ্যাত্মিকৰূপে দুৰ্বল হোৱা আৰু চয়তানে পাতি ৰখা ফান্দত পৰা।—১ পিতৰ ৫:৮.

১২. আমি পৰীক্ষাবোৰৰ সৈতে কেনেকৈ সফলতাৰে সম্মুখীন হʼব পাৰিম?

১২ আধ্যাত্মিকৰূপে বলৱন্ত আৰু সক্ৰিয় হৈ থাকিলে আমি বহুতো পৰীক্ষাত সফলতাৰে সম্মুখীন হʼব পাৰিম। পৰীক্ষাবোৰ হয়তো এনে মাধ্যমবোৰৰ পৰা আহিব পাৰে যিয়ে আমাত কঠিনভাৱে পৰীক্ষিত কৰিব পাৰে। উদাহৰণস্বৰূপে, পৰিয়াল, আত্মিয়-স্বজন বা ওচৰ-চুবুৰীয়াৰ পৰা পৰীক্ষা আহিব পাৰে যাক হয়তো সহন কৰাত কঠিন হʼব পাৰে। ইয়াৰ উপৰিও বাইবেলৰ সিদ্ধান্তসমূহক ত্যাগ কৰিবলৈ চাকৰি স্থল বা স্কুলৰ পৰা ক্ৰমান্বয়ে হেঁচা আহিব পাৰে। তদুপৰি, নিৰুৎসাহ, স্বাস্থ্যৰ অৱনতি আৰু হতাশজনক পৰিস্থিতিৰ বাবে আমি শাৰীৰিকভাৱে দুৰ্বল হোৱাত দৃঢ় বিশ্বাস বজাই ৰাখাত কঠিন কৰি তুলিব পাৰে। তথাপিও আমি “ঈশ্বৰৰ সেই দিনৰ আগমনৰ অপেক্ষা আৰু আকাঙ্ক্ষা কৰি কৰি, সকলো পবিত্ৰ আচাৰ-ব্যৱহাৰ আৰু ভক্তিৰে” পৰীক্ষাসমূহত সফলতাৰে সম্মুখীন হʼব পাৰিম। (২ পিতৰ ৩:১১, ১২) তেনে কৰাৰ দ্বাৰা আমি নিজৰ আনন্দ বজাই ৰাখি ঈশ্বৰৰ আশীৰ্ব্বাদসমূহ লাভ কৰাত নিশ্চিত হʼব পাৰিম।—হিতোপদেশ ১০:২২.

১৩. যদি আমি একেৰাহে ঈশ্বৰীয় ভক্তিৰ অনুসাৰে জীৱন-যাপন কৰিব বিচাৰোঁ তেন্তে কি কৰা আৱশ্যক?

১৩ ঈশ্বৰীয় ভক্তিৰ সামঞ্জস্যত জীৱন-যাপন কৰোঁতা- সকলক আক্ৰমণ কৰিবলৈ যদিও চয়তানে তাৰ লক্ষ্য হিচাপে লৈছে, তথাপিও তেওঁলোকে ভয়ভিত হোৱাৰ কোনো কাৰণ নাই। কিয় নাই? কিয়নো ‘যিহোৱাই ভক্তবিলাকক পৰীক্ষাৰ পৰা উদ্ধাৰ কৰিবলৈ জানে।’ (২ পিতৰ ২:৯) তেনে পৰীক্ষাবোৰত সফলতাৰে সম্মুখীন আৰু ৰক্ষা পাবলৈ আমি “ভক্তি-লঙ্ঘন আৰু সাংসাৰিক অভিলাষ অস্বীকাৰ কৰি, গম্ভীৰ, ধাৰ্ম্মিক, আৰু ভক্তিভাৱে এই বৰ্ত্তমান সংসাৰত যেন জীৱন যাপন” কৰা আৱশ্যক। (তীত ২:১২) খ্ৰীষ্টান হোৱা হেতুকে আমাক সদায়েই সতৰ্ক হোৱা আৱশ্যক যাতে আমি শাৰীৰিক অভিলাষ আৰু কাৰ্য্যৰে ঈশ্বৰীয় ভক্তিত বাধা নজন্মাওঁ। গতিকে আঁহক আমি তাৰে কিছুমান বাধাৰ বিষয়ে আলোচনা কৰোঁহঁক।

ঈশ্বৰীয় ভক্তিত বাধা উৎপন্ন কৰা কিছুমান কাৰণৰ প্ৰতি সতৰ্কতা অৱলম্বন কৰা

১৪. যদি আমি ভৌতিক বস্তুৰ ফান্দত পৰিছোঁ তেন্তে কিহৰ বিষয়ে মনত ৰখা উচিত?

১৪ বহুতে ভৌতিক বস্তুৰসমূহৰ ফান্দত পৰিছে। আমি হয়তো “ভক্তিক [ভৌতিক] লাভৰ উপায় বুলি ভাবি” নিজকে প্ৰবঞ্চিত আৰু সঙ্গী বিশ্বাসী সেৱকৰ পৰা অনুপযুক্ত সুবিধা গ্ৰহণ কৰিব পাৰোঁ। (১ তীমথিয় ৬:৫) আনকি অধিক ধন-সম্পত্তি থকা খ্ৰীষ্টানসকলৰ পৰা ধাৰে লোৱা টকা-পইচা পৰিশোধ কৰা কোনো আৱশ্যকতা নাই বুলি ভাবি ভুল সিদ্ধান্তত উপনীত হʼব পাৰোঁ। (গীতমালা ৩৭:২১) ঈশ্বৰীয় ভক্তি ভৌতিক সা-সম্পত্তি প্ৰাপ্ত কৰাৰ আশাৰে নহয় কিন্তু “বৰ্ত্তমান আৰু ভবিষ্যৎ জীৱনৰো প্ৰতিজ্ঞাযুক্ত” লাভৰ অৰ্থেহে কৰা হয়। (১ তীমথিয় ৪:৮) যিহেতু “এই জগতলৈ আমি একোকে অনা নাই, আৰু ইয়াৰ পৰা একো লৈ যাবও নোৱাৰোঁ।” গতিকে আঁহক আমি “সন্তোষৰ সহিত ভক্তিৰ মহা-লাভ উপায়” লৈ নিজকে ‘তাৰেই সন্তুষ্টি কৰি’ ৰাখোঁহঁক।—১ তীমথিয় ৬:৬-১১.

১৫. যদি ভোগ-বিলাসে ঈশ্বৰীয় ভক্তিত বাধা জন্মাইছে তেন্তে আমি কি কৰিব পাৰোঁ?

১৫ ভোগ-বিলাসে ঈশ্বৰীয় ভক্তিত বাধা জন্মাব পাৰে। এই ক্ষেত্ৰত কোনো পলম নকৰাকৈ সাল--সলনি কৰাত আমি পদক্ষেপ লোৱাটো সম্ভৱ হʼবনে? খেল-ধেমালী আৰু শাৰীৰিক ব্যায়মৰ পৰা কিছুমাত্ৰাত হোৱা লাভৰ বাবে আমি সেইবোৰক গ্ৰহণ কৰোঁ। কিন্তু তুলনাত্মকৰূপে সেইবোৰ অনন্ত জীৱনৰ তুলনাত একেবাৰে নগণ্য। (১ যোহন ২:২৫) যিহেতু বৰ্তমান সময়ত বহুতকে “ঈশ্বৰ-প্ৰিয়তকৈ বৰং সুখ-প্ৰিয়, ভক্তিৰ আকাৰধাৰী কিন্তু তাৰ শক্তি অস্বীকাৰকাৰী” হোৱা দেখা গৈছে আৰু তেনে ব্যক্তিসকলৰ পৰা আমি আঁতৰি থকা আৱশ্যক। (২ তীমথিয় ৩:৪, ৫) গতিকে যিসকলে ঈশ্বৰীয় ভক্তিৰ অনুসাৰে চলিছে তেওঁলোকে ‘প্ৰকৃত জীৱন ধাৰণ কৰিবলৈ ভৱিষ্যতৰ নিমিত্তে নিজৰ অৰ্থে উত্তম ভিত্তিমূলস্বৰূপ ধন সাঁচিছে।’—১ তীমথিয় ৬:১৯.

১৬. এনে কিছুমান পাপময় অভিলাষ কি, যিয়ে আমাক ঈশ্বৰীয় আৱশ্যকতৰা অনুসাৰে জীৱন-যাপন কৰাত বাধা জন্মাই আৰু আমি কেনেকৈ সেইবোৰৰ ওপৰত বিজয়ী হʼব পাৰোঁ?

১৬ সুৰা, নিচা জাতিয় পদাৰ্থৰ সেৱন, অনৈতিকতা আৰু পাপময় অভিলাষে ঈশ্বৰীয় ভক্তিক ধ্বংস কৰিব পাৰে। এনেবোৰ কাৰ্য্যই আমাক ঈশ্বৰৰ আৱশ্যকতাৰ অনুসাৰে জীৱন-যাপন কৰিবলৈ প্ৰতিৰোধ কৰিব পাৰে। (১ কৰিন্থীয়া ৬:৯, ১০; ২ কৰিন্থীয়া ৭:১) আনকি পাঁচনি পৌলেও নিৰন্তৰে পাপময় অভিলাষৰ সৈতে যুঁজিবলগীয়া হৈছিল। (ৰোমীয়া ৭:২১-২৫) পাপময় অভিলাষক সম্পূৰ্ণকৈ আমাৰ হৃদয়ৰ পৰা আঁতৰ কৰিবলৈ আমি দৃঢ় পদক্ষেপ লোৱা আৱশ্যক। উদাহৰণস্বৰূপে, আমি সম্পূৰ্ণকৈ নৈতিক শুদ্ধতা বজাই ৰাখিবলৈ এক দৃঢ় নিৰ্ণয় লোৱা উচিত। এই সন্দৰ্ভত পাঁচনি পৌলে এইদৰে কৈছিল: “পৃথিবীত থকা নিজ নিজ অঙ্গ-প্ৰত্যঙ্গস্বৰূপ যি ব্যভিচাৰ, অশুচিতা, কামাভিলাষ, কুঅভিলাষ আৰু লোভ, অৰ্থাৎ দেৱপূজা, সেই সকলোকে মাৰি পেলোৱা।” (কলচীয়া ৩:৫) আমাৰ অঙ্গ-প্ৰত্যঙ্গবিলাকক মাৰি পেলোৱাৰ অৰ্থ হৈছে সকলো ধৰণৰ অনুচিত কাৰ্য্যৰ পৰা আঁতৰি থাকিবলৈ এক দৃঢ় সঙ্কল্প লোৱা। ঈশ্বৰলৈ কৰা আন্তৰিক প্ৰাৰ্থনাই আমাক পাপময় অভিলাষৰ পৰা আঁতৰি থাকি ধাৰ্ম্মিকতা আৰু ঈশ্বৰীয় ভক্তি বজাই ৰাখিবলৈ সহায় কৰিব।

১৭. অনুশাসনৰ প্ৰতি আমাৰ কেনে দৃষ্টিভঙ্গী হোৱা উচিত?

১৭ জীৱনলৈ অহা নিৰুৎসাহিত পৰিস্থিতিয়ে আমাৰ ধৈৰ্য্যক দুৰ্বল কৰিব আৰু ঈশ্বৰীয় ভক্তিৰ ওপৰত হানিকাৰক প্ৰভাৱ পেলাব পাৰে। বহুতো যিহোৱাৰ সেৱকে নিৰুৎসাহিত হোৱাৰ অভিজ্ঞতা হৈছে। (গণনা পুস্তক ১১:১১-১৫; ইজ্ৰা ৪:৪; যোনা ৪:৩) বিশেষকৈ যেতিয়া আমি মনত অধিক আঘাত বা আমাক কোনো দৃঢ় অনুশাসন দিয়া হয়, তেতিয়া আমি অধিক নিৰুৎসাহিত হʼব পাৰোঁ। কিন্তু প্ৰকৃততে অনুযোগ আৰু অনুশাসনে আমাৰ প্ৰতি থকা ঈশ্বৰৰ প্ৰেমময় চিন্তাধাৰা আৰু তেওঁৰ ইচ্ছুকতাক প্ৰকাশ কৰে। (ইব্ৰী ১২:৫-৭, ১০, ১১) আমি অনুশাসনক শাস্তি দিয়াৰ উদ্দেশ্যে দিয়া অৰ্থত নলৈ ধাৰ্ম্মিকতাৰ অৰ্থে প্ৰশিক্ষণ দিয়া হিচাবে লোৱা উচিত। যদি আমি নম্ৰ হওঁ, তেন্তে উপদেশ গ্ৰহণ কৰি কৃতজ্ঞতা প্ৰকাশ কৰাৰ দ্বাৰা “শিক্ষা দিওঁতা অনুযোগ জীৱনৰ পথস্বৰূপ” লম। (হিতোপদেশ ৬:২৪) ইয়ে আমাক আধ্যাত্মিকতাত পৰিপক্ক হৈ ঈশ্বৰীয় ভক্তিৰ অনুসাৰে জীৱন-যাপন কৰিবলৈ সহায় কৰিব।

১৮. যেতিয়া কোনো ব্যক্তিগত বিঘিনিজনক সমস্যা দেখা দিয়ে তেতিয়া আমি কেনে পদক্ষেপ লোৱা আৱশ্যক?

১৮ ভুল বুজাবুজি আৰু ব্যক্তিগত অপমানবোধ কৰাৰ বাবে বৰ্তমান সময়ত আমি ঈশ্বৰীয় ভক্তি বজাই ৰখাটো এক প্ৰত্যাহ্বানজনক হৈ পৰিছে। এইবোৰ আমাৰ ব্যাকুলতা আৰু কোনো বিবেচনাহীন পদক্ষেপ লৈ আধ্যাত্মিক ভাই-ভনীসকলৰ পৰা পৃথক হোৱাৰ কাৰণ হʼব পাৰে। (হিতোপদেশ ১৮:১) কিন্তু সদায়েই এইটো মনত ৰখা আৱশ্যক যে আনৰ প্ৰতি ৰুষ্টিকৰ ভাৱধাৰাই নাটকীয়ভাৱে যিহোৱাৰ সৈতে থকা আমাৰ সম্বন্ধত অনিষ্ট সাধিব পাৰে। (লেবীয়া পুস্তক ১৯:১৮) দৰাচলতে, “যি ভাইক তেওঁ দেখিলে, তেওঁক যদি প্ৰেম নকৰে, তেন্তে যি জনাক দেখা নাই, এনে ঈশ্বৰক তেওঁ প্ৰেম কৰিব নোৱাৰে।” (১ যোহন ৪:২০) আনৰ সৈতে থকা ব্যক্তিগত প্ৰতিবন্ধকবোৰক পলম নকৰাকৈ আঁতৰ কৰাৰ বিষয়ে গুৰুত্ব দি যীচুৱে তেওঁৰ পৰ্ব্বতীয়া উপদেশত উল্লেখ কৰিছিল। তেওঁ শ্ৰোতাসকলক উদ্দেশ্য কৰি এইদৰে কৈছিল: “বেদিত তোমাৰ নৈবেদ্য উৎসৰ্গ কৰোঁতে, তোমাৰ বিৰুদ্ধে তোমাৰ ভায়েৰাৰ কোনো কথা আছে বুলি যদি তোমাৰ মনত পৰে, তেন্তে তাতে বেদিৰ আগত তোমাৰ নৈবেদ্য এৰি থৈ যোৱা, তোমাৰ ভায়েৰাই সৈতে প্ৰথমে মিল হোৱা, পাছে আহি তোমাৰ নৈবেদ্য উৎসৰ্গ কৰা।” (মথি ৫:২৩, ২৪) সেয়েহে যদি কোনোৱাই আমাৰ কথা বা কাৰ্য্যৰ দ্বাৰা আঘাত পাইছে তেন্তে ক্ষমা বিচৰাটো অতি উত্তম হʼব। যদি আমি কোনো এটা বিষয়ক সঠিকভাৱে সমাধান নকৰাকৈ স্বীকাৰ কৰি ক্ষমা বিচাৰোঁ তেনেহʼলে সেই ভাঙি পৰা সম্বন্ধক আমি পুনৰাই গঢ়ি তুলাত সক্ষম আৰু শান্তি স্থাপন কৰিব পাৰিম। আন প্ৰতিবন্ধকবোৰক কেনেকৈ সমাধান কৰিব পৰি তাৰ বিষয়েও যীচুৱে উপদেশ দিছিল। (মথি ১৮:১৫-১৭) যেতিয়া আমি সফলতাৰে সমস্যাসমূহক সমাধান কৰাত সফল হওঁ তেতিয়া কিমান যে আনন্দিত হʼম!—ৰোমীয়া ১২:১৮; ইফিচীয়া ৪:২৬, ২৭.

যীচুৰ আৰ্হিক অনুকৰণ কৰক

১৯. যীচুৰ আৰ্হিক অনুকৰণ কৰাটো কিয় এক গুৰুত্বপূৰ্ণ বিষয়?

১৯ জীৱনলৈ অহা পৰীক্ষাসমূহে যদিও আমাক অতিষ্ঠ কৰি তুলে, তথাপিও সেইবোৰক আমি অনন্ত জীৱনৰ পথত বাধা জন্মাবলৈ দিয়া উচিত নহয়। মনত ৰাখক যে যিহোৱাই আমাক পৰীক্ষাৰ পৰা উদ্ধাৰ কৰিব পাৰে। এতেকে, ‘আটাই বাধা দূৰ কৰি আমাৰ আগত থকা দৌৰৰ পথত ধৈৰ্য্যেৰে দৌৰিবলৈ’ আঁহক আমি “বিশ্বাসৰ আদি আৰু সিদ্ধিকৰ্ত্তা যীচুলৈ চাই থাকোঁহঁক।” (ইব্ৰী ১২:১-৩) যীচুৰ আৰ্হিক নিবিঢ়ভাৱে অনুকৰণ কৰাৰ যোগেদি আমি আচাৰ-ব্যৱহাৰ আৰু কাৰ্য্যৰে সম্পূৰ্ণকৈ ঈশ্বৰীয় ভক্তি প্ৰকাশ কৰিবলৈ সহায় লাভ কৰিম।

২০. যদি আমি ধৈৰ্য্য আৰু ঈশ্বৰীয় ভক্তিৰ অনুসাৰে জীৱন-যাপন কৰোঁ তেনেহʼলে কেনে আশীৰ্ব্বাদ লাভ কৰিম?

২০ উদ্ধাৰৰ আশাক দৃঢ় কৰিবলৈ ধৈৰ্য্য আৰু ঈশ্বৰীয় ভক্তিয়ে একলগে কাৰ্য্য কৰে। এই বহুমূলীয়া গুণসমূহক প্ৰতিফলিত কৰি আমি নিষ্ঠাৰে যিহোৱাৰ সেৱা কৰি থাকিব পাৰিম। ইয়াৰ উপৰিও ধৈৰ্য্য ধৰি ঈশ্বৰীয় ভক্তি প্ৰকাশ কৰাৰ বাবে আমি যেনেকৈ যিহোৱাৰ স্নেহ আৰু আশীৰ্ব্বাদৰ অভিজ্ঞতা হʼম তেনেকৈ পৰীক্ষাৰ সময়তো আনন্দিত হʼব পাৰিম। (যাকোব ৫:১১) তদুপৰি, যীচুৱে এইদৰে আশ্বাস দি কৈছিল: “তোমালোকে নিজ ধৈৰ্য্যেৰে, নিজ নিজ প্ৰাণ লাভ কৰিবা।”—লূক ২১:১৯. (w02 7/15)

আপুনি কিদৰে উত্তৰ দিব?

• কিয় ধৈৰ্য্য ধৰা আৱশ্যক?

• ঈশ্বৰীয় ভক্তি কি আৰু ইয়াক কেনেকৈ প্ৰকাশ কৰিব পাৰি?

• আমি কেনেকৈ ঈশ্বৰৰ সৈতে এক নিবিড় সম্পৰ্ক গঢ়ি তুলি তাক বজাই ৰাখিব পাৰোঁ?

• ঈশ্বৰীয় ভক্তিত বাধা উৎপন্ন কৰা কিছুমান কাৰণ কি আৰু সেইবোৰক কেনেকৈ আঁতৰ কৰিব পাৰিম?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[২০ পৃষ্ঠাৰ ছবিসমূহ]

বহুতো প্ৰকাৰে ঈশ্বৰীয় ভক্তি প্ৰকাশ কৰিব পাৰি