নৰকাগ্নি কিয় লুপ্ত হ’ল?
নৰকাগ্নি কিয় লুপ্ত হʼল?
“নৰক” বুলি কোৱাৰ লগে লগে আপোনাৰ মনলৈ কেনে দৃশ্য ভাহি উঠে? তাক আপুনি দিনে-ৰাতিয়ে জ্বলি থকা এনে এখন স্থান বুলি দৃষ্টি কৰেনে যʼত কেৱল যান্ত্ৰণা আৰু জীয়াতু ভোগা হয়? নতুবা নৰক, কোনো অৱস্থা বা পৰিস্থিতিৰ অৰ্থক বুজাবলৈ ব্যৱহাৰ কৰা হৈছেনে?
প্ৰাচীন সময়ৰ পৰাই খ্ৰীষ্টান ধৰ্ম্মগুৰুসকলে নৰকক অগ্নিৰ দ্বাৰা পাপী লোকসকলক যান্ত্ৰণা দিয়া এখন স্থানৰূপে বিবেচনা কৰি আহিছে। এনে বিচাৰধাৰা বৰ্তমান সময়ত আন ধৰ্ম্মবোৰতো জনাজাত হৈ পৰিছে। এই সম্পৰ্কে ইউ. এচ. নিউজ এণ্ড ৱৰ্ল্ড ৰিপৰ্টে এইদৰে কয় যে, “সম্ভৱতঃ খ্ৰীষ্টীয়জগতে নৰক শব্দটোক অধিক জনাজাত কৰিলে। কিন্তু প্ৰকৃততে এই শব্দটো খ্ৰীষ্টীয়জগতৰ ধৰ্ম্মনীতিত একচেটিয়াভাৱে দেখিবলৈ পোৱা নগৈছিল। মৃত্যুৰ পিছত এনে যান্ত্ৰণাদায়ক শাস্তি বৰ্তমান সময়ত প্ৰায়ে সৰু-বৰ ধৰ্ম্মসমূহৰ এটা মুখ্য ভাগ হৈ পৰিছে।” যেনে, হিন্দু, বুদ্ধ, ইচলাম, জৈন আৰু টাউ ধৰ্ম্মাৱলীৰ লোকসকলে নৰক বা তাৰ দৰে স্থান আছে বুলি বিশ্বাস কৰে।
বৰ্তমান সময়ত নৰক শব্দটোৱে আন অৰ্থ প্ৰকাশ কৰে। এই বিষয়ে পূৰ্বতে উল্লেখ কৰা আলোচনীখনে এইদৰে কয় যে, “যদিও লোকসকলে পৰম্পৰাগতভাৱে চলি অহা নৰকক এখন জ্বলন্তময় স্থান বুলি বিশ্বাস কৰে, তথাপিও বৰ্তমান সময়ত অনন্তকলীয়া যাতনা পোৱা এই স্থানক বিশেষকৈ এক অপ্ৰিতিকৰ নিমাওমাও স্থান অৰ্থাৎ এসময়ত বিশ্বাস কৰা অনুসাৰে নৰক তেনে জ্বলন্তময় স্থান নহয় বুলি প্ৰকাশ পাইছে।”
ল্যা চিভিল্টা কেথলীক নামৰ যেচুইট জাৰনেলখনে এইদৰে মন্তব্য দিছে: “ঈশ্বৰে পিকাশবোৰৰ দ্বাৰা তেনে জ্বলন্তময় অগ্নিৰে শাস্তি দিয়া বুলি কোৱাটো . . . পথভ্ৰষ্ট কৰা হয়।” আগলৈ সেই আলোচনীখনে এইদৰে কয়: “নৰক কোনো বাস্তৱিক স্থান নহয়, কিন্তু এনে এক অৱস্থা যাৰ বাবে এজন ব্যক্তিয়ে ঈশ্বৰৰ পৰা বঞ্চিত হৈ মানসিক যান্ত্ৰণা ভোগে।” ১৯৯৯ চনত দ্বিতীয় পোপ জʼন পৌলে এইদৰে কৈছিল: “নৰক কোনো যান্ত্ৰণাদায়ক স্থান হোৱাৰ পৰিৱৰ্তে এনে এটা অৱস্থাক চিহ্নিত কৰে, যিসকলে ইচ্ছাকৃতভাৱে সম্পূৰ্ণকৈ জীৱন আৰু আনন্দৰ যি উৎস অৰ্থাৎ ঈশ্বৰৰ পৰা আঁতৰ হয়।” আগলৈ তেওঁ নৰকৰ অগ্নিময় স্থানত যাতনা পোৱাৰ বিষয়ে এইদৰে কয়: “ইয়াৰ অৰ্থ হৈছে ঈশ্বৰৰ পৰা আঁতৰি তেওঁলোকে উদ্দেশ্যহীন আৰু আশাহীন জীৱন অতিবাহিত কৰে।” গীৰ্জা বুৰঞ্জীবিদ মাৰ্টিন মাৰ্টিয়ে এইদৰে কৈছিল যে, পোপ জʼন পৌলে নৰকক “এবিধ কাঁটাযুক্ত সঁজুলি লোৱা ৰঙাবৰণীয়া চয়তান থকা এখন জলন্তময়” স্থানৰূপে বৰ্ণনা কৰা হʼলেও লোকসকলে তাক বিশ্বাস নকৰিলেহেঁতেন।”
তেনেদৰে আন ধৰ্ম্মবোৰৰ সৈতেও সেই একেই অৱস্থা ঘটিছে। এই সম্পৰ্কে ইংলেণ্ডত থকা গীৰ্জাৰ এজন ধৰ্ম্মনীতিৰ সম্পাদকে এইদৰে কৈছিল: “নৰক এখন অনন্তকলীয়া যান্ত্ৰণা দিয়া স্থান নহয়, কিন্তু ই হৈছে ঈশ্বৰৰ বিপৰীতে কাৰ্য্য কৰা সকলৰ বাবে অন্তিম আৰু অপৰিবৰ্তনীয় অৱস্থা যʼত কেৱল একেবাৰে সম্পূৰ্ণকৈ অস্তিত্বহীন হয়।”
আমেৰিকা যুক্তৰাষ্ট্ৰৰ এপিচ্কপেল গীৰ্জাত মৌখিকভাৱে প্ৰদান কৰা ধৰ্মীয় শিক্ষাই নৰকৰ বিষয়ে এইদৰে বৰ্ণনা কৰে, বাস্তৱতে নৰক হৈছে “ঈশ্বৰৰ পৰা বঞ্চিত হৈ চিৰকালৰ বাবে নিঃশেষ হোৱা।” ইউ. এচ. নিউজ এণ্ড ৱৰ্ল্ড ৰিপৰ্টে বৃদ্ধি হোৱা লোকসমূহৰ মাজত প্ৰচলিত চিন্তাধাৰাৰ বিষয়ে এইদৰে কয়, “দুষ্টতাৰ ধ্বংস হোৱাটো চিৰকলীয়া যান্ত্ৰণাদায়ক নহয়। . . .
[তেওঁলোকে] কয় যে যিসকলে ঈশ্বৰৰ দ্বাৰা অৱশেষত অগ্ৰাহ্য হʼব, সেই লোকবিলাক সাধাৰণভাৱে অস্তিত্বহীন অৰ্থাৎ নৰকৰ ‘জুইৰ দ্বাৰা নিঃশেষ’ হʼব।”বৰ্তমান সময়ত বহুতো লোকে এতিয়াও নৰকক দিনে-ৰাতিয়ে জ্বলি থকা বাস্তৱিকতে শাস্তি দিয়া এখন জলন্তময় স্থান বুলি বিশ্বাস কৰে। এই বিষয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেন্টুচ্কি চহৰৰ লুইচিভলেত থকা দক্ষিণ বাপ্তিষ্ট থিয়লজিকেল চেমিনাৰত এলবাৰ্ট মহলেৰে এইদৰে কৈছিল: “শাস্ত্ৰই স্পষ্টৰূপে নৰকক জুইৰ দ্বাৰা শাস্তি দিয়া এখন স্বাভাৱিক স্থান বুলি উল্লেখ কৰিছে।” ইভেনজেলীকেল এলাইন্চ নামৰ সন্থাই প্ৰকাশিত কৰা দ্যা নেশ্বাৰ অৱ হেল নামৰ ৰিপৰ্টত এইদৰে কৈছে: “নৰক হৈছে এনে এখন স্থান যʼত অগ্ৰাহ্য আৰু যান্ত্ৰণাক সচেতন হৈ অনুভৱ কৰা হয়।” আগলৈ তাত এইদৰে কৈছে: “নৰকত বিভিন্ন মাত্ৰাত শাস্তি আৰু যান্ত্ৰণা দিয়াৰ পৰিমাণ এই পৃথিৱীত কৰা পাপ কাৰ্য্যৰ ওপৰত নিৰ্ভৰ কৰে।”
পুনৰ এতিয়া প্ৰশ্ন হৈছে, নৰক এখন অনন্তকলীয়া যান্ত্ৰণা নে অথবা এখন সম্পূৰ্ণ ধ্বংসৰ স্থান? বা ঈশ্বৰৰ পৰা বঞ্চিত হোৱা এক সাধাৰণ অৱস্থা? প্ৰকৃততে নৰক কি? (w02 7/15)
[৪ পৃষ্ঠাৰ বক্স/ছবি]
নৰকাগ্নিৰ এক চমু ইতিহাস
তথা-কথিত খ্ৰীষ্টানসকলে কেতিয়াৰ পৰা নৰকৰ বিষয়ে বিশ্বাস কৰিবলৈ আৰম্ভ কৰে? যীচু খ্ৰীষ্ট আৰু তেওঁৰ পাঁচনিসকলৰ মৃত্যুৰ বহু পিছত তেওঁলোকে এনে শিক্ষাক বিশ্বাস কৰিবলৈ ধৰে। ফ্ৰান্স এন্চাইক্লʼপেডিয়া ইউনিভাৰচেলিচ্ʼত কোৱা হয় যে, (সা.যু. ২ চনত) দ্যা এপক্লেপচ অৱ পিটৰʼত প্ৰথমবাৰৰ বাবে [এপক্ৰফেল] খ্ৰীষ্টান কাৰ্য্যত শাস্তি আৰু পাপীসকলে নৰকত যান্ত্ৰণা পোৱাৰ বিষয়ে উল্লেখ কৰিলে।”
যিহেতু প্ৰাচীন গীৰ্জাৰ পাদুৰিসকলে নৰকৰ বিষয়ে মতবিৰোধ প্ৰকাশ কৰিছিল। কিন্তু জাষ্টিন মাৰ্ট্যাৰ, আলেকজেনণ্ড্ৰিয়াৰ চেলিমেন্ট, টাৰটুলীয়ান আৰু চাইপ্ৰেয়ানে নৰকক এখন জ্বলন্তময় স্থান বুলি বিশ্বাস কৰিছিল। নীচেৰ মূল আৰু থিয়লজীয়ান গ্ৰেগেৰীয়ে নৰকক ঈশ্বৰৰ পৰা আঁতৰ হৈ আধ্যাত্মিকৰূপে ক্লেশ ভোগ কৰা স্থানৰূপে শিক্ষা দিছিল। আনহাতে হিপোৰ আগোষ্টাইনে নৰকক ঈশ্বৰৰ গ্ৰহণযোগ্য হʼবলৈ আধ্যাত্মিক আৰু শাৰীৰিকৰূপে যাতনা ভোগ কৰাৰ অৰ্থত বৰ্ণনা কৰিছিল। জে. এন. ডি. কেলী নামৰ অধ্যাপকজনে এইদৰে লিখিছিল: “এই জীৱনৰ পিছত পাপীসকলে দ্বিতীয়বাৰ কোনো সুযোগ নাপাব আৰু সেই অনন্তকলীয়া জুয়ে প্ৰবলভাৱে তেওঁলোকক গ্ৰাস কৰিব বুলি দিয়া এই শিক্ষা পঞ্চম শতাব্দীলৈকে কটকটীয়া ধৰ্ম্মনীতিত পৰিণত হৈছিল।”
১৬ শতাব্দীত মাৰ্টিন লোথাৰ আৰু জন কেলভিনৰ দৰে প্ৰটেষ্টান্ট সংস্কাৰকসকলে বুজি পাইছিল যে নৰকত জলন্ত জুইৰ দ্বাৰা শাস্তি দিয়াৰ লাক্ষণিক অৰ্থ আছিল চিৰকাললৈ ঈশ্বৰৰ পৰা বঞ্চিত হোৱা। দুই শতাব্দীৰ পিছত নৰকত অগ্নিৰ দ্বাৰা শাস্তি দিয়া শিক্ষা পুনৰ প্ৰবল হৈ উঠিল। ১৮ শতাব্দীৰ মাজভাগত প্ৰটেষ্টান্ট প্ৰচাৰক যোনাথন এডৱাৰ্ডে নৰকৰ নক্সা অঙ্কন কৰি আমেৰিকাৰ উপনিবেশবাসী সকলক ভয়ভিত কৰি তুলিছিল।
তাৰ অলপ সময়ৰ পিছৰ পৰাই নৰকৰ অগ্নিৰ শিক্ষা ছয়াময়া আৰু ম্লান হʼবলৈ ধৰিলে। ইউ. এচ. নিউজ এণ্ড ৱৰ্ল্ড ৰিপৰ্টে এইদৰে মন্তব্য দিছিল, “বিংশ শতাব্দীত নৰকৰ শিক্ষা প্ৰায়ে লুপ্ত হৈছে।”
[ছবিসমূহ]
জাষ্টিন মাৰ্ট্যাৰে নৰকক এখন জ্বলন্তময় স্থানৰূপে বিশ্বাস কৰিছিল
হিপোৰ আগোষ্টিনে নৰকক এখন আধ্যাত্মিক আৰু শাৰীৰিক যাতনা ভোগা স্থান বুলি শিক্ষা দিছিল