Skip to content

Skip to table of contents

প্ৰকৃততে নৰক কি?

প্ৰকৃততে নৰক কি?

প্ৰকৃততে নৰক কি?

 নৰক বুলি কʼলে আপুনি যিয়েই নাভাৱক কিয়, সাধাৰণতে লোকসকলে বিশ্বাস কৰে যে নৰক হৈছে পাপীবিলাকক শাস্তি দিয়া স্থান। পাপ আৰু ইয়াৰ পৰিণামৰ বিষয়ে বাইবেলে এইদৰে কৈছে: “এজন মানুহৰ দ্বাৰাই পাপ, পাপৰ দ্বাৰাই মৃত্যু জগতত সোমাল আৰু পাপ কৰাত, সেই মৃত্যু সকলো মানুহলৈ ব্যাপি গল।” (ৰোমীয়া ৫:১২) ইয়াৰ উপৰিও শাস্ত্ৰই এইদৰে বৰ্ণনা কৰিছে: ‘পাপৰ বেচ হৈছে মৃত্যু।’ (ৰোমীয়া ৬:২৩) যিহেতু পাপৰ শাস্তি হৈছে মৃত্যু। এতেকে প্ৰকৃততে নৰকৰ অৰ্থ কি এই বিষয়ে বুজিবলৈ এক গুৰুত্বপূৰ্ণ প্ৰশ্নই আমাক সহায় কৰিব। সেই প্ৰশ্নটো হৈছে: যেতিয়া আমাৰ মৃত্যু হয় তেতিয়া আমালৈ কি ঘটে?

মৃত্যুৰ পিছত জীৱনে কোনো ধৰণৰ আকাৰ অথবা ৰূপ ধাৰণ কৰেনে? নৰক কি আৰু তালৈ কেনেধৰণৰ লোকসকল যায়? যিসকলে নকৰত আছে ভৱিষ্যতে তেওঁলোকৰ বাবে কোনো আশা আছেনে? বাইবেলে এই প্ৰশ্নবোৰৰ প্ৰকৃত আৰু সন্তুষ্টিপূৰ্ণ উত্তৰ দিছে।

মৃত্যুৰ পিছতো জীয়াই থকাটো সম্ভৱনে?

আমাৰ শৰীৰত এটা আত্মা জাতীয় কিবা আছেনে যি মৃত্যুৰ পিছতো জীৱিত থাকে? ক্ষন্তেক বিবেচনা কৰক যে প্ৰথম মানৱ আদমে কেনেকৈ জীৱিত ব্যক্তি হʼল। বাইবেলে এইদৰে বৰ্ণনা কৰিছে: “ঈশ্বৰ যিহোৱাই মাটিৰ ধূলিৰে মানুহ নিৰ্ম্মাণ কৰি, তাৰ নাকত ফুঁ দি, প্ৰাণ-বায়ু সুমুৱাই দিলে; তাতে মানুহ জীয়া প্ৰাণী হল।” (আদিপুস্তক ২:৭) নাকেৰে “প্ৰাণ-বায়ু” সুমুৱাই দিয়াৰ বাবে তেওঁৰ জীৱন উশাহ-নিশাহ লোৱাৰ ওপৰত যদিও নিৰ্ভৰশীল, তথাপিও ইয়াত সাধাৰণভাৱে তেওঁৰ হাওঁফাওঁত বতাহ সুমুৱাই দিয়াতকৈ অধিক কিছু জড়িত আছিল। ইয়াৰ অৰ্থ হৈছে ঈশ্বৰে আদমৰ প্ৰাণবিহীন শৰীৰিত জীৱনৰ স্ফুলিঙ্গ অৰ্থাৎ “প্ৰাণবায়ু” সুমুৱাই দিলে, যিটো পৃথিৱীত থকা সকলো জীৱ-জন্তুত ক্ৰীয়াশীল হৈ আছে। (আদিপুস্তক ৬:১৭; ৭:২২) এই জীৱনশক্তিক কোনো বৈদ্যুতিক চলতি যন্ত্ৰ বা কাৰ্য্য কৰিবলৈ ব্যৱহাৰ কৰা বিদ্যুৎ শক্তিৰ সৈতে তুলনা কৰিব পাৰি। যিদৰে বিদ্যুৎ শক্তিয়ে কেতিয়াও কোনো বিদ্যুৎ চলিত যন্ত্ৰৰ গুণ বা আকাৰ লʼব নোৱাৰে, ঠিক তেনেদৰে জীৱনশক্তিও জীয়াই ৰখা প্ৰাণীৰ কোনো গুণ অথবা আকাৰ ধাৰণ কৰিব নোৱাৰে। কিয়নো ইয়াৰ কোনো ব্যক্তিত্ব আৰু বিবেচনা শক্তি নাই।

কিন্তু গীতমালা ১৪৬:৪ পদত উল্লেখ কৰা “উশাহ” শব্দটোৱে কিহক নিৰ্দ্দেশিত কৰিছে আৰু যেতিয়া এজন ব্যক্তিৰ মৃত্যু হয় তেতিয়া এই উশাহলৈ কি ঘটে? সেই পদত এইদৰে কোৱা হৈছে: “তাৰ উশাহ বাহিৰ হলেই, সি পুনৰায় মাটিত লীন হয়, আৰু সেই দিনাই তাৰ সঙ্কল্পবোৰ নষ্ট হয়।” বাইবেল লিখকে লিখা “উশাহ” শব্দটো মৃত্যুৰ পিছত এক শৰীৰবিহীন আত্মা জীৱিত থকা বুলি বুজোৱা নাছিল। ইয়াৰ বিপৰীতে ই আমাৰ সৃষ্টিকৰ্ত্তাই প্ৰদান কৰা জীৱনশক্তিক বুজাইছিল। গতিকে যেতিয়া কোনো ব্যক্তিৰ মৃত্যু হয়, তেওঁৰ ‘উশাহে’ (জীৱনশক্তি) শৰীৰক ক্ৰীয়াশীল কৰি ৰাখিবলৈ বন্ধ কৰে আৰু ব্যক্তিজনৰ সম্পূৰ্ণৰূপে মৃত্যু হয়। (গীতমালা ১০৪:২৯) তেনেহʼলে উপদেশক ১২:৭ পদত “ঈশ্বৰে দিয়া আত্মা তেওঁলৈ উলটি” যোৱা বুলি উল্লেখ কৰা এই বাক্যশাৰীৰ অৰ্থ কি? ইয়াত ব্যৱহাৰ কৰা হিব্ৰু ভাষাৰ “আত্মা” শব্দটোৱে জীৱনশক্তিক নিৰ্দ্দেশিত কৰিছে। এতেকে মৃত্যুত সেই ব্যক্তিজনৰ ভৱিষ্যত জীৱন যে সম্পূৰ্ণকৈ ঈশ্বৰৰ ওপৰত নিৰ্ভৰশীল, এই অৰ্থত সেই জীৱনশক্তি ‘ঈশ্বৰলৈ উলটি’ যায়।

তেনেহʼলে মৃত লোকবিলাক কেনে অৱস্থাত থাকে? যেতিয়া যিহোৱাই আদমক দণ্ডাজ্ঞা দিছিল তেতিয়া তেওঁ এইদৰে কৈছিল: “তুমি ধূলি মাথোন, পুনৰাই ধূলিলৈকে উলটি যাবা।” (আদিপুস্তক ৩:১৯) আদমক মাটি অৰ্থাৎ ধূলিৰ পৰা সৃষ্টি কৰি জীৱিত কৰাৰ পূৰ্বেই তেওঁ কʼত আছিল? তেওঁ সাধাৰণতে অস্তিত্বহীন নাছিলনে বাৰু! যেতিয়া তেওঁৰ মৃত্যু হʼল তেতিয়া তেওঁ সম্পূৰ্ণৰূপে এনে এক অৱস্থালৈ গʼল যʼত জীৱনৰ কোনো অস্তিত্ব নাই। মৃতবিলাকৰ অৱস্থাৰ বিষয়ে উপদেশক ৯:৫, ১০ পদত এইদৰে কৈছে: “মৃত লোকবিলাকে একোকেই নাজানে, . . . তুমি যি ঠাইলৈ যাব লাগিছা, সেই কবৰত কোনো কাৰ্য্য, কি কল্পনা, কি বিদ্যা, কি জ্ঞান একোৱেই নাই।” (New International Version) শাস্ত্ৰৰ অনুসাৰে মৃত্যু হৈছে এক অস্তিত্বহীন অৱস্থা। যʼত মৃতবিলাকৰ কোনো চেতনা, অনুভৱ আৰু বিবেচনা শক্তি নাথাকে।

অনন্তকলীয়া শাস্তিনে অথবা মানৱজাতিৰ সাধাৰণ কবৰ?

যিহেতু মৃত্যুত অস্তিত্বৰ কোনো চেতনা নাথাকে। সেয়েহে দুষ্ট লোকবিলাকে মৃত্যুৰ পিছত নৰকত জলন্তময় অগ্নিৰে শাস্তি নাপাই। কিন্তু বাইবেলৰ লিখকসকলে গ্ৰীক শব্দ হেডিচ ব্যৱহাৰ কৰাৰ বাবে এটা বেমেজালিৰ সৃষ্টি হৈছে। কিয়নো প্ৰাচীন সময়ত প্ৰায়ে সেই শব্দটোৰ অৰ্থক নৰকৰ দৰে স্থানক বুজাবলৈ ব্যৱহাৰ কৰিছিল, যʼত মৃতবিলাকৰ আত্মাক শাস্তি দিয়া হয় বুলি কোৱা হৈছিল। ইয়াৰ উপৰিও কিছুমান ক্ষেত্ৰত সেই শব্দক নৰক বুলি অনুবাদ কৰা হৈছে। কিন্তু যেতিয়া বাইবেল লিখকসকলে হেডিচ বুলি শব্দ ব্যৱহাৰ কৰিছিল, তেন্তে তাৰ অৰ্থ কি আছিল? ইয়াৰ উত্তৰ পাবলৈ আঁহক আমাৰ ভাষাৰ বাইবেলত কেনেকৈ সেই শব্দক ব্যৱহাৰ কৰিছে তাক পৰীক্ষা কৰোঁহঁক। যীচুৰ মৃত্যুৰ পিছত তেওঁলৈ কি ঘটিছিল তাক বৰ্ণনা কৰি বাইবেলৰ লিখক লূকে এইদৰে কৈছিল: “তেওঁক পৰলোকত [গ্ৰীক ভাষাত “হেডিচ”] ত্যাগ কৰা নহল, আৰু তেওঁৰ শৰীৰো ক্ষয় নাপালে।” a (পাঁচনিৰ কৰ্ম্ম ২:৩১) যীচুৱে যোৱা সেই “হেডিচ” বা পৰলোক কʼত আছিল? এই বিষয়ে পাঁচনী পৌলে এইদৰে কৈছিল: “মই . . . তাৰে এই প্ৰধান শিক্ষা তোমালোকক দিলোঁ যে, শাস্ত্ৰ অনুসাৰে খ্ৰীষ্ট আমাৰ পাপৰ নিমিত্তে মৰিল; আৰু তেওঁক মৈদাম দিয়া হল; আৰু শাস্ত্ৰ অনুসাৰে তৃতীয় দিনা তোলা হল।” (১ কৰিন্থীয়া ১৫:৩, ৪) এতেকে যীচু “হেডিচ” বা মৈদামত আছিল, তেওঁক তাত ত্যাগ কৰা নাছিল কিন্তু পুনৰুত্থান কৰা হৈছিল।

তদুপৰি, অধিক ক্লেশ ভোগা ইয়োব নামৰ ধাৰ্ম্মিক ব্যক্তিজনৰ বিষয়ে বিবেচনা কৰক। তেওঁ নিজৰ ক্লেশৰ পৰা ৰক্ষা পাবলৈ এইদৰে মিনতি কৰিছিল: “তুমি মোক চিয়োলত [গ্ৰীক ভাষাত “হেডিচ”] লুকুৱাই থোৱা হলে, . . . কেনে ভাল আছিল! b বাস্তৱতে যদি সেই স্থান অগ্নিময় হোৱা হলে, ইয়োবে সেই স্থানত যাবলৈ ইচ্ছা কৰাটো কিমান অযুক্তিসঙ্গত আছিল! বাইবেলত উল্লেখ কৰা চিয়োল বা হেডিচ শব্দটো মানৱজাতিৰ সাধাৰণ কবৰ বা মৈদামক বুজাইছে, যʼত তেওঁৰ সকলোবোৰ দুখ-কষ্টৰ অন্ত পৰিলহেঁতেন।

নৰকাগ্নিত সকলোবোৰ ধ্বংস হয়নে?

নৰকাগ্নি লাক্ষণিক নে যʼত সকলোকে পুৰি ছাৰ-খাৰ বা ভষ্ম কৰা হয়? ক্ষন্তেক বিবেচনা কৰক যে প্ৰকাশিত বাক্য ২০:১৪ পদত কিদৰে নৰকাগ্নিক ব্যৱহাৰ কৰা হৈছে। সেই পদত এইদৰে কোৱা হৈছে: “মৃত্যু আৰু পৰলোকক (গ্ৰীক ভাষাত হেডিচ) সেই অগ্নিৰ সৰোবৰত পেলোৱা হল।” ইয়াত উল্লেখ কৰা “অগ্নিৰ সৰোবৰক” লাক্ষণিক অৰ্থত ব্যৱহাৰ কৰা হৈছে। কিয়নো মৃত্যুক পৰলোকত পেলাই প্ৰকৃততে পুৰি ধ্বংস কৰিব নোৱাৰে। “সেয়েই অৰ্থাৎ অগ্নিৰ সৰোবৰেই দ্বিতীয় মৃত্যু”—যি ঠাইৰ পৰা পুনৰাই কেতিয়াও জীৱিত হʼব নোৱাৰে।—প্ৰকাশিত বাক্য ২০:১৫.

যীচুৱে উল্লেখ কৰা “অগ্নিময় নৰক [গ্ৰীক ভাষাত গেহেন্না],” “অগ্নিৰ সৰোবৰৰ” দৰে একেই অৰ্থ প্ৰকাশ কৰে। (মথি ৫:২২; মাৰ্ক ৯:৪৭, ৪৮) মুল খ্ৰীষ্টান গ্ৰীক শাস্ত্ৰত গেহেন্না শব্দটো ১২ বাৰ উল্লেখ কৰা হৈছে। গেহেন্না শব্দটোৱে যিৰূচালেমৰ দেৱালৰ বাহিৰত থকা হিন্নোম উপত্যাকক নিৰ্দ্দেশিত কৰিছিল। যীচুৱে এই পৃথিৱীত থকা সময়ছোৱাত সেই উপত্যাকক জাবৰ-জোথৰ পেলোৱা স্থান হিচাবে ব্যৱহাৰ কৰিছিল। সেই ঠাইত “অপৰাধীসকলৰ মৃতদেহ আৰু জীৱ-জন্তুৰ নাড়ি-ভুৰু আৰু সকলো প্ৰকাৰৰ আৱৰ্জনা পেলোৱা হৈছিল।” (স্মিথচ্‌ ডিক্সেনেৰী অৱ দ্যা বাইবেল) সেই স্থানত আৱৰ্জনাবোৰ নষ্ট কৰিবলৈ একেৰাহে জুই জ্বলোৱা হৈছিল। সেই জুই জ্বলি থাকিবলৈ গন্ধকৰ ব্যৱহাৰ কৰা হৈছিল। যীচুৱে অনন্তকলীয়া ধ্বংসক নিৰ্দ্দেশিত কৰিবলৈ সেই স্থানক লাক্ষণিক অৰ্থত ব্যৱহাৰ কৰিছিল।

গতিকে গেহেন্নাৰ দৰে অগ্নিৰ সৰোবৰো অনন্তকলীয়া ধ্বংসক নিৰ্দ্দেশিত কৰে। যেতিয়া মানৱজাতিক পাপ আৰু মৃত্যুৰ দণ্ডাজ্ঞাৰ পৰা মুক্ত কৰা হʼব তেতিয়া মৃত্যু আৰু পৰলোকক অগ্নিৰ সৰোবৰত “পেলোৱা” হʼব। ইচ্ছাকৃত, অনুতপ্ত নকৰা পাপীয়েও সেই সৰোবৰত “ভাগ” পাব। (প্ৰকাশিত বাক্য ২১:৮) তেওঁলোককো চিৰকালৰ বাবে ধ্বংস কৰা হʼব। আনহাতে ঈশ্বৰৰ স্মৃতিত থকা যিসকলে পৰলোক অৰ্থাৎ মানৱজাতিৰ সাধাৰণ কবৰত আছে তেওঁলোকৰ বাবে ভৱিষ্যতে এক অপূৰ্ব আশা আছে।

নৰক শূণ্যস্থানলৈ পৰিণত হʼব!

প্ৰকাশিত বাক্য ২০:১৩ পদত এইদৰে কোৱা হৈছে: “সাগৰে নিজত থকা মৃতবিলাকক শোধাই দিলে; মৃত্যু আৰু পৰলোকেও (হেডিচ) নিজত থকা মৃতবিলাকক শোধাই দিলে।” দৰাচলতে যীচুৱে প্ৰতিজ্ঞা কৰাৰ অনুসাৰে বাইবেলত উল্লেখ কৰা নৰকক শূন্যস্থানলৈ পৰিণত কৰা হʼব। যীচুৱে এইদৰে কৈছিল যে, “মৈদামত থকা সকলোৱে [যীচুৰ] মাত শুনি, . . . পুনৰুত্থানলৈ ওলাব, সেই কাল আহিছে।” (যোহন ৫:২৮, ২৯) বৰ্তমান সময়ত যিহোৱা ঈশ্বৰৰ স্মৃতিত থকা লাখ লাখ মৃত লোকবিলাকক পুনৰুত্থান অথবা পুনৰ জীৱিত কৰি পাৰ্থিৱ পৰমদেশত ৰখা হʼব।—লূক ২৩:৪৩; পাঁচনিৰ কৰ্ম্ম ২৪:১৫.

ঈশ্বৰে এই পৃথিৱীত স্থাপন কৰিবলগীয়া নতুন জগতত তেওঁৰ ধাৰ্ম্মিক বিধানক পালন কৰা লোকসকলক পুনৰুত্থান কৰা হʼব আৰু তেওঁলোকৰ পুনৰাই কেতিয়াও মৃত্যু নহʼব। (যিচয়া ২৫:৮) কিয়নো যিহোৱাই “তেওঁবিলাকৰ চকুৰ পৰা আটাই চকু-লো মচি গুচাব; তাতে মৃত্যু আৰু নহব; শোক, বা ক্ৰন্দন, বা বেদনাও আৰু নহব।” দৰাচলতে “প্ৰথমবোৰ” গুচি যাব। (প্ৰকাশিত বাক্য ২১:৪) যিসকলে পৰলোক অৰ্থাৎ “মৈদামত” আছে তেওঁলোকৰ বাবে কিমান যে এক আনন্দময় ভৱিষ্যৎ হʼব! অৱশ্যে এই আশীৰ্ব্বাদ লাভ কৰিবলৈ যিহোৱা আৰু তেওঁৰ পুত্ৰ যীচু খ্ৰীষ্টৰ বিষয়ে যথাৰ্থ জ্ঞান লোৱাৰ বাবে আমাৰ ওচৰত এক যুক্তিসঙ্গত কাৰণ আছে।—যোহন ১৭:৩. (w02 7/15)

[ফুটনোটবোৰ]

a অসমীয়া বাইবেলত গ্ৰীক ভাষাৰ হেডিচ শব্দটোক ১৯ বাৰ “পৰলোক,” ২৫ বাৰ নৰক আৰু ৪ বাৰ মৈদাম বুলি উল্লেখ কৰিছে। লূক ১৬:১৯-৩১ পদত হেডিচ শব্দটোক পৰলোক আৰু যাতনা পোৱা স্থানৰূপে উল্লেখ কৰিছে। যিহেতু সেই সম্পূৰ্ণ ঘটনাটো বাস্তৱিক নহয় কিন্তু লাক্ষণিক অৰ্থতহে বুজোৱা হৈছে। যিহোৱাৰ সাক্ষীসকলে প্ৰকাশ কৰা সৰ্বশ্ৰেষ্ঠ মানৱ যিজন কেতিয়াবা জীৱিত আছিল নামৰ কিতাপখনৰ ৮৮ অধ্যায় চাওক।

b মূল হিব্ৰু ভাষাৰ বাইবেলত চিয়োল শব্দটো ৬৫ বাৰ প্ৰকাশ পাইছে।

[৫ পৃষ্ঠাৰ ছবি]

ইয়োবে ক্লেশৰ পৰা মুক্তি পাবলৈ তেওঁক চিয়োলত পঠাবলৈ মিনতি কৰিছিল

[৬ পৃষ্ঠাৰ ছবি]

অগ্নিময় গেহেন্নাই অনন্তকলীয়া ধ্বংসক নিৰ্দ্দেশিত কৰে

[৭ পৃষ্ঠাৰ ছবি]

‘যিসকলে মৈদামত আছে তেওঁলোকৰ পুনৰুত্থান হʼব’