প্ৰকৃত খ্ৰীষ্টানসকলে আত্মা আৰু সত্যেৰে ঈশ্বৰক উপাসনা কৰে
প্ৰকৃত খ্ৰীষ্টানসকলে আত্মা আৰু সত্যেৰে ঈশ্বৰক উপাসনা কৰে
“ঈশ্বৰেই আত্মা, আৰু তেওঁৰ ভজনা কৰাবিলাকে আত্মাৰে আৰু সত্যেৰে তেওঁৰ ভজনা কৰিব লাগে।”—যোহন ৪:২৪.
১. কেনে ধৰণৰ উপাসনাই ঈশ্বৰক সন্তুষ্টি কৰে?
ঈশ্বৰৰ একমাত্ৰ পুত্ৰ যীচুৱে স্পষ্টকৈ কৈছিল যে কেনে ধৰণৰ উপাসনাক তেওঁৰ স্বৰ্গীয় পিতৃয়ে গ্ৰহণ কৰে। চুখৰ নামৰ নগৰৰ কাষত অৱস্থিত থকা এটা নাদৰ ওচৰত এগৰাকী চমৰীয়া স্ত্ৰীক যীচুৱে এক হৃদয়স্পৰ্ষী সাক্ষ্য দি এইদৰে কৈছিল: “তোমালোকে যিহক নাজানা, তাৰ ভজনা কৰা; আমি যিহক জানো, তাৰ ভজনা কৰোঁ; কিয়নো যিহূদী লোকৰ মাজৰ পৰাই পৰিত্ৰাণ হয়। কিন্তু যি কালত স্বৰূপ ভকতসকলে আত্মাৰে আৰু সত্যেৰে পিতৃৰ ভজনা কৰিব, এনে কাল আহিছে, এতিয়াও হৈছে; কিয়নো পিতৃয়ে এনেকুৱা ভকতসকলক বিচাৰে। ঈশ্বৰেই আত্মা, আৰু তেওঁৰ ভজনা কৰাবিলাকে আত্মাৰে আৰু সত্যেৰে তেওঁৰ ভজনা কৰিব লাগে।” (যোহন ৪:২২-২৪) যীচুৰ এই বাক্যশাৰীৰ পৰা আমি কি শিকিব পাওঁ?
২. চমৰীয়া নিবাসীসকলৰ উপাসনা কিহৰ ওপৰত আধাৰিত আছিল?
২ উপাসনাৰ সম্বন্ধে চমৰীয়াৰ নিবাসীসকলৰ ভুল ধাৰণা আছিল। তেওঁলোকৰ ভাষাত অনুবাদ কৰা পেন্টাটিউক অৰ্থাৎ বাইবেলৰ আৰম্ভণিৰ কেৱল পাঁচখন কিতাপক ঈশ্বৰৰ প্ৰেৰিত বাক্য বুলি বিশ্বাস কৰিছিল। প্ৰকৃততে তেওঁলোকে সত্য ঈশ্বৰৰ বিষয়ে নাজানিছিল। যিহেতু কেৱল ইহুদীসকলকহে ঈশ্বৰৰ বাক্যৰ জ্ঞান প্ৰদান কৰা হৈছিল। (ৰোমীয়া ৩:১, ২) দৰাচলতে বিশ্বাসী ইহুদী আৰু আন লোকসকলে যিহোৱাৰ অনুমোদন লাভ কৰিব লাগিছিল। কিন্তু ইয়াৰ বাবে কিহৰ আৱশ্যকতা আছিল?
৩. “আত্মাৰে আৰু সত্যেৰে” ঈশ্বৰক উপাসনা কৰিবলৈ হʼলে কি কৰা আৱশ্যক?
৩ যিহোৱাৰ দৃষ্টিত প্ৰাচীন সময়ৰ ইহুদী, চমৰীয়া আৰু অন্যলোকসকলৰ উপাসনা গ্ৰহণযোগ্য হʼবলৈ তেওঁলোকে কি কৰা আৱশ্যক আছিল? তেওঁলোকে “আত্মাৰে আৰু সত্যেৰে” ঈশ্বৰক উপাসনা কৰিব লাগিছিল। ঠিক সেইদৰে আমিও কৰা উচিত। যদিও ঈশ্বৰক উৎসাহী, সম্পূৰ্ণ হৃদয়, নিস্বাৰ্থ প্ৰেম আৰু বিশ্বাসেৰে উপাসনা কৰা উচিত তথাপিও ঈশ্বৰক আত্মাৰে উপাসনা কৰিবলৈ আমি বিশেষকৈ তেওঁৰ পবিত্ৰ আৰু সেই আত্মাৰ অনুসাৰে কাৰ্য্য কৰা আৱশ্যক। ইয়াৰ বাবে আমি ঈশ্বৰৰ বাক্যক অধ্যয়ন আৰু ইয়াৰ অনুসাৰে চলিবলৈ আমাৰ আত্মা বা মানসিক প্ৰবণতা তেওঁৰ সামঞ্জস্যত হোৱা উচিত। (১ কৰিন্থীয়া ২:৮-১২) ইয়াৰ উপৰিও আমাৰ উপাসনা গ্ৰহণযোগ্য হʼবলৈ সত্যেৰে তেওঁক সেৱা কৰা উচিত। সত্যৰ সম্বন্ধে আৰু তেওঁৰ উদ্দেশ্যৰ বিষয়ে বাইবেলে কি প্ৰকাশ কৰিছে তাৰ সামঞ্জস্যত হোৱা উচিত।
সত্যক বিচাৰি পাব পাৰি
৪. কিছুমানে সত্যৰ প্ৰতি কেনে দৃষ্টি ৰাখে?
৪ দৰ্শনশাস্ত্ৰৰ কিছুমান বিদ্যাৰ্থীয়ে এনে এক ধাৰণা বিকাশিত কৰিছিল যে সম্পূৰ্ণ সত্যক অম্বেষণ কৰাটো মানৱজাতিৰ সামৰ্থ নাই। বাস্তৱতে আলফ্ এহেলবাৰ্গ নামৰ এজন চুইডীয় লেখকে এইদৰে কৈছিল: “দৰ্শনশাস্ত্ৰত এনে ধৰণৰ বহুতো প্ৰশ্ন আছে যাৰ সঠিক উত্তৰ দিয়াটো সম্ভৱ নহয়।” যদিও কিছুমানে তুলনাত্মকৰূপে সত্যক দাঙি ধৰে, প্ৰকৃততে সেইবোৰ সত্য নে? যীচুৰ অনুসাৰে সেইবোৰ সত্য নহয়।
৫. যীচু জগতলৈ কিয় আহিছিল?
৫ এতেকে আহঁক আমি নিজকে সেই সময়ত উপস্থিত থকা পৰ্য্যবেক্ষক বুলি কল্পনা কৰি তলত দিয়া দৃশ্যটোক বিবেচনা কৰোঁহঁক: সা.যূ. ৩৩ চনৰ আৰম্ভণিত ৰোমান ৰাজ্যপাল পীলাতৰ সম্মুখত যীচু থিয় হৈ আছে আৰু তেওঁ পীলাতক এইদৰে কৈছে: “সত্যতাৰ পক্ষে সাক্ষ্য দিবলৈ মই জন্ম ধৰি এই জগতলৈ আহিলোঁ।” ইয়াকে শুনি পীলাতে সুধিছে: “সত্যতা নো কি?” কিন্তু তেওঁ যীচুৰ পৰা সেই প্ৰশ্নৰ উত্তৰ শুনিবলৈ অপেক্ষা নকৰিলে।—যোহন ১৮:৩৬-৩৮.
৬. (ক) “সত্য” শব্দটোক কেনেকৈ বৰ্ণনা কৰা হৈছে? (খ) যীচুৱে তেওঁৰ শিষ্যসকলক কি কৰিবলৈ আজ্ঞা দিছিল?
৬ “সত্য” শব্দটোৰ অৰ্থ হৈছে “কোনো বাস্তৱিক বস্তু, কাৰ্য্য আৰু ঘটনাৰ মূল অংশ।” (ৱেবষ্টাৰচ্ নাইনথ নিউ কলিজিয়েট ডিক্সনেৰী) কিন্তু যীচুৱে সাধাৰণভাৱে সত্যৰ বিষয়ে সাক্ষ্য দিছিল নে? নিশ্চই দিয়া নাছিল। তেওঁ এক নিৰ্দিষ্ট সত্যৰ বিষয়ে কৈছিল। আনকি তেওঁ সেই সত্যৰ বিষয়ে শিষ্যসকলকো ঘোষণা কৰিবলৈ আজ্ঞা দি এইদৰে কৈছিল: “সকলো জাতিকে শিষ্য কৰি, পিতৃ, পুত্ৰ, আৰু পবিত্ৰ আত্মাৰ নামেৰে তেওঁবিলাকক বাপ্তাইজ কৰা; আৰু মই যি যি আদেশ তোমালোকক দিলোঁ, সেই সকলোকে পালন কৰিবলৈ তেওঁবিলাকক শিক্ষা দিয়া।” (মথি ২৮:১৯, ২০) তেওঁৰ প্ৰকৃত শিষ্যসকলে “এই জগতৰ শেষ হোৱাৰ” পূৰ্বেই সমূদায় পৃথিৱীত “শুভবাৰ্ত্তাৰ সত্যৰ” বিষয়ে ঘোষণা কৰিবলৈ আছিল। (মথি ২৪:৩; গালাতীয়া ২:১৪) ইয়াক কৰাৰ দ্বাৰা যীচুৱে কোৱা এই বাক্যশাৰীৰ পূৰ্ণতা হʼলহেঁতেন। যʼত তেওঁ এইদৰে কৈছিল: “সকলো জাতিলৈ সাক্ষ্য হবলৈ, ৰাজ্যৰ এই শুভবাৰ্ত্তা গোটেই জগততে ঘোষণা কৰা হব; তেতিয়াহে শেষ হব।” (মথি ২৪:১৪) গতিকে কোনসকলে আজি সমূদায় জাতিক ৰাজ্যৰ শুভবাৰ্ত্তাৰ দ্বাৰা সত্য জ্ঞান প্ৰদান কৰিছে তাক আমি জনাটো অতি গুৰুত্বপূৰ্ণ বিষয়।
আমি কেনেকৈ সত্যক শিকিব পাৰোঁ
৭. যিহোৱাই যে আধ্যাত্মিক সত্যৰ উৎস বুলি আপুনি কেনেকৈ প্ৰমাণ কৰিব?
৭ যিহোৱা হৈছে আধ্যাত্মিক সত্যৰ উৎস। সেইবাবে গীতমালা ৰচোঁতাজনে যিহোৱাক “সত্য ঈশ্বৰ” বুলি কৈছিল। (গীতমালা ৩১:৫; ৪৩:৩) আনকি যীচুৱেও তেওঁৰ পিতৃৰ বাক্যক সত্য বুলি স্বীকাৰ কৰি এইদৰে কৈছিল: “তেওঁবিলাক সকলোৱে ঈশ্বৰৰ পৰা শিক্ষা পোৱা হব বুলি ভাববাদীসকলৰ পুস্তকত লিখা আছে। পিতৃৰ পৰা শুনি শিক্ষা পোৱা প্ৰতিজন মোৰ ওচৰলৈ আহে।” (যোহন ৬:৪৫; ১৭:১৭; যিচয়া ৫৪:১৩) গতিকে যিসকলে সত্যক জানিব বিচাৰে তেওঁলোকে নিশ্চয়ে মহান শিক্ষক যিহোৱাৰ দ্বাৰা শিক্ষা লাভ কৰা উচিত। (যিচয়া ৩০:২০, ২১) সত্যক অম্বেষণ কৰোঁতাসকলে “ঈশ্বৰবিষয়ক জ্ঞান” লোৱা আৱশ্যক। (হিতোপদেশ ২:৫) যিহোৱাই প্ৰেমপূৰ্বকৰূপে সেই সত্যৰ জ্ঞান বিভিন্ন প্ৰকাৰে শিকাইছে আৰু প্ৰদান কৰিছে।
৮. ঈশ্বৰে কি প্ৰকাৰে সত্য জ্ঞান প্ৰদান কৰিলে?
৮ উদাহৰণস্বৰূপে, যিহোৱাই স্বৰ্গদূতসকলৰ দ্বাৰা ইস্ৰায়েল জাতিক নিজৰ ব্যৱস্থা প্ৰদান কৰিছিল। (গালাতীয়া ৩:১৯) দৰ্শনৰ দ্বাৰা তেওঁ কুল-পিতৃ অব্ৰাহাম আৰু যাকোবক আশীৰ্ব্বাদ প্ৰদান কৰিবলৈ প্ৰতিজ্ঞা কৰিছিল। (আদিপুস্তক ১৫:১২-১৬; ২৮:১০-১৯) তদুপৰি, যেতিয়া যীচুৱে বাপ্তিষ্মা লৈছিল তেতিয়াও স্বৰ্গৰপৰা ঈশ্বৰে এই বুলি কোৱা শুনা গʼল: “এওঁ মোৰ প্ৰিয় পুত্ৰ, এওঁত মই পৰম সন্তুষ্ট।” (মথি ৩:১৭) ইয়াৰ উপৰিও ঈশ্বৰে তেওঁৰ প্ৰেৰিত লিখকসকলৰ দ্বাৰা বাইবেলত সত্যক প্ৰকাশ কৰাৰ বাবে আমি তেওঁলৈ কৃতজ্ঞ হʼব পাৰোঁ। (২ তীমথিয় ৩:১৬, ১৭) ঈশ্বৰৰ বাক্যৰ পৰা শিক্ষা গ্ৰহণ কৰি আমি “সত্যতাৰ বিশ্বাসত” বৃদ্ধি হʼব পাৰোঁ।—২ থিচলনীকীয়া ২:১৩.
সেই সত্য আৰু ঈশ্বৰৰ পুত্ৰ
৯. কেনেকৈ ঈশ্বৰে তেওঁৰ পুত্ৰ যীচুৰ দ্বাৰা সত্য প্ৰকাশ কৰিলে?
৯ আচলতে ঈশ্বৰে নিজৰ পুত্ৰ যীচু খ্ৰীষ্টৰ জড়িয়তে মানৱজাতিলৈ সত্য প্ৰকাশ কৰিলে। (ইব্ৰী ১:১-৩) প্ৰকৃততে সত্যৰ বিষয়ে যীচুৱে যিদৰে সাক্ষ্য দিলে, কোনো মানুহে কেতিয়াও সেইদৰে দিব নোৱাৰিলেহেঁতেন। (যোহন ৭:৪৬) যীচুৱে স্বৰ্গাৰোহণ হোৱাৰ পিছতো তেওঁৰ পিতৃৰ পৰা পোৱা সত্য জ্ঞান প্ৰকাশ কৰিছিল। উদাহৰণস্বৰূপে, পাঁচনি যোহনে “অলপতে যি যি ঘটিব লাগে, তাক যীচু খ্ৰীষ্টে তেওঁৰ দাসবিলাকক দেখুৱাবৰ কাৰণে, ঈশ্বৰে তেওঁত সম্পৰ্ণ কৰা তেওঁৰ প্ৰকাশিত বাক্য” জানিব পাৰিছিল।—প্ৰকাশিত বাক্য ১:১-৩.
১০, ১১. (ক) যীচুৱে দিয়া সত্যৰ সাক্ষ্য কিহৰ সৈতে সম্পৰ্ক আছিল? (খ) যীচুৱে কেনেকৈ সত্যৰ প্ৰকৃততাক প্ৰমাণ কৰিলে?
১০ যীচুৱে এই জগতত সত্যৰ বিষয়ে সাক্ষ্য দিবলৈ আহিছে বুলি পীলাতক কৈছিল। তেওঁ সেৱাকাৰ্য্যৰ সময়ছোৱাত ঈশ্বৰৰ ৰাজ্য আৰু সেই ৰাজ্যৰ ৰজা খ্ৰীষ্টৰ দ্বাৰা যিহোৱাৰ সাৰ্ব্বভৌমত্বক দোষমুক্ত কৰাৰ বিষয়ে থকা সত্যতাক প্ৰকাশ কৰিছিল। এই সত্যৰ বিষয়ে সাক্ষ্য দিবলৈ তেওঁক প্ৰচাৰ কাৰ্য্য কৰা আৰু শিকোৱাই যথেষ্ট নাছিল। দৰাচলতে যীচুৱে তাক কাৰ্য্যৰে সম্পন্ন কৰি সত্যৰ বাস্তৱিকতাৰ প্ৰমাণ দিলে। এই সন্দৰ্ভত পাঁচনি পৌলে এইদৰে লিখিছিল: “ভোজন, বা পান, বা উৎসৱ, বা ন জোন, বা বিশ্ৰাম-বাৰৰ কথাত, কোনেও তোমালোকৰ সোধ-বিচাৰ নকৰক। এই সকলো ভাবী বিষয়ৰ ছাঁ মাথোন; কিন্তু শৰীৰ খ্ৰীষ্টৰ।”—কলচীয়া ২:১৬, ১৭.
১১ বৈৎলেহমত যীচুৰ জন্মৰ বিষয়ে কৰা ভৱিষ্যতবাণীৰ পূৰ্ণ হোৱাৰ দ্বাৰা এক প্ৰকাৰে সত্যৰ প্ৰকৃততাৰ প্ৰমাণিত হৈছিল। (মীখা ৫:২; লূক ২:৪-১১) তদুপৰি, দানিয়েল পুস্তকত মচীহ ‘বছৰটোৰ ৬৯ সপ্তাহৰ’ অন্তত আগমন হʼব বুলি কোৱা ভৱিষ্যতবাণীৰ পূৰ্ণতাও সত্যৰ বাস্তৱিকতাৰ প্ৰমাণ দিলে। সা.যু. ২৯ চনত যেতিয়া যীচুৰ বাপ্তিষ্মাৰ সময়ত পবিত্ৰ আত্মাই তেওঁক অভিষেক কৰিলে তেতিয়া সেই ভৱিষ্যতবাণীত কোৱা বাক্যশাৰী সঠিকৈ পূৰ্ণ হʼল। (দানিয়েল ৯:২৫; লূক ৩:১, ২১, ২২) আগলৈ যীচুৱে ঈশ্বৰৰ ৰাজ্যৰ প্ৰচাৰকৰূপে কাৰ্য্য কৰি সেই সত্যৰ বাস্তৱিকতা অধিকৈ প্ৰকাশ পালে। (যিচয়া ৯:১, ২, ৬, ৭; ৬১:১, ২; মথি ৪:১৩-১৭; লূক ৪:১৮-২১) তদুপৰি, তেওঁৰ মৃত্যু আৰু পুনৰুত্থানৰ দ্বাৰা সত্যৰ বাস্তৱিকতা অধিক স্পষ্টকৈ প্ৰমাণিত হʼল।—গীতমালা ১৬:৮-১১; যিচয়া ৫৩:৫, ৮, ১১, ১২; মথি ২০:২৮; যোহন ১:২৯; পাঁচনিৰ কৰ্ম্ম ২:২৫-৩১.
১২. যীচুৱে “ময়েই সত্য” বুলি কিয় কʼব পাৰিলে?
১২ যিহেতু সত্য যীচুৰ সৈতে নিবিড়ভাৱে খাপখাই থকাৰ বাবে তেওঁ এনেদৰে কʼব পাৰিলে: “ময়েই বাট আৰু সত্য আৰু জীৱন; মোৰ যোগেদি নগলে, পিতৃৰ ওচৰলৈ কোনো নাযায়।” (যোহন ১৪:৬) যেতিয়া লোকসকলে ঈশ্বৰৰ উদ্দেশ্যত যীচুৱে আদায় কৰা ভূমিকাৰ বিষয়ে বুজি “সত্যতাৰ পক্ষে” লয় তেতিয়া তেওঁলোক আধ্যাত্মিকৰূপে স্বাধীন হয়। (যোহন ৮:৩২-৩৬; যোহন ১৮:৩৭) মেৰবৰ্গৰ লোকসকলে সত্যক গ্ৰহণ আৰু বিশ্বাসেৰে যীচুক অনুকৰণ কৰাৰ বাবে তেওঁলোক অনন্ত জীৱনৰ ভাগী হʼব।—যোহন ১০:২৪-২৮.
১৩. শাস্ত্ৰীয় সত্যতাৰ সম্পৰ্কে আমি কেনে তিনিটা ক্ষেত্ৰৰ বিষয়ে বিবেচনা কৰিম?
১৩ যীচু আৰু তেওঁৰ প্ৰেৰিত শিষ্যসকলে প্ৰকৃত বিশ্বাসেৰে সম্পূৰ্ণ সত্যৰ বিষয়ে ঘোষণা কৰিছিল। যিসকলে “বিশ্বাসৰ বশৱৰ্ত্তী হʼল” তেওঁলোকে ‘সত্যত চলিব ধৰিলে।’ (পাঁচনিৰ কৰ্ম্ম ৬:৭; ৩ যোহন ৩, ৪) তেনেহʼলে বৰ্তমান সময়ত কোনে সত্যৰ পথত চলিছে? প্ৰকৃততে কোনে জাতিবিলাকক সত্যৰ বিষয়ে শিকাইছে? এই প্ৰশ্নবোৰক বিবেচনা কৰাৰ সময়ত আঁহক আমি প্ৰাৰম্ভিক খ্ৰীষ্টানসকলৰ ওপৰত ধ্যান কেন্দ্ৰিত কৰি শাস্ত্ৰীয় সত্যতাৰ তিনিটা ক্ষেত্ৰত মনোযোগ দিওঁহঁক—(১) তেওঁলোকে কৰা বিশ্বাস, (২) উপাসনা কৰাৰ প্ৰণালী আৰু (৩) ব্যক্তিগত আচাৰ-ব্যৱহাৰ।
সেই সত্য আৰু তেওঁলোকে কৰা বিশ্বাস
১৪, ১৫. প্ৰাৰম্ভিক খ্ৰীষ্টান আৰু যিহোৱাৰ সাক্ষীসকলে শাস্ত্ৰৰ ওপৰত ৰখা দৃষ্টিভঙ্গীৰ বিষয়ে আপুনি কি কʼব পাৰিব?
১৪ প্ৰাৰম্ভিক খ্ৰীষ্টানসকলে যিহোৱাৰ বাক্যক তেওঁলোকৰ জীৱনত সকলোতকৈ প্ৰমুখ স্থান দিছিল। (যোহন ১৭:১৭) তেওঁলোকৰ বিশ্বাস আৰু জীৱন-প্ৰণালীত ই এক নিৰ্দ্ধাৰিত স্তৰৰূপে কাৰ্য্য কৰিছিল। দ্বিতীয় আৰু তৃতীয় শতিকাৰ আলেকজেণ্ড্ৰিয়াৰ ক্লেমেন্টে এইদৰে কৈছিল: “তেওঁলোকে বিশ্বাস কৰা সত্যতাক জানিবলৈ তেতিয়ালৈকে অনুসন্ধান কৰিছিল যেতিয়ালৈকে তেওঁলোকে নিজেই শাস্ত্ৰীয় পদবোৰৰ পৰা প্ৰমাণ পোৱা নাছিল।”
১৫ প্ৰাৰম্ভিক খ্ৰীষ্টানসকলৰ দৰে যিহোৱাৰ সাক্ষীসকলেও বাইবেলখনক অধিক শ্ৰদ্ধা কৰে। তেওঁলোকে বিশ্বাস কৰে যে ‘গোটেই শাস্ত্ৰ ঈশ্বৰ-নিশ্বাসিত আৰু শিক্ষাৰ অৰ্থে লাভজনক।’ (২ তীমথিয় ৩:১৬-১৭) গতিকে আঁহক আমি বৰ্তমান সময়ত যিহোৱাৰ সেৱকসকলে বাইবেলখনক তেওঁলোকৰ মুখ্য পাঠ্যপুথি হিচাবে লৈ গ্ৰহণ কৰা শিক্ষাসমূহৰ দ্বাৰা প্ৰাচীন সময়ৰ খ্ৰীষ্টানসকলে কৰা বিশ্বাসৰ কিছুমান বিষয়ক নিৰীক্ষণ কৰোঁহঁক।
প্ৰাণৰ সম্বন্ধে থকা সত্যতা
১৬. প্ৰাণৰ সম্পৰ্কে সত্যতা কি?
১৬ প্ৰাচীন সময়ৰ খ্ৰীষ্টানসকলে শাস্ত্ৰক বিশ্বাস কৰিছিল আৰু প্ৰাণৰ সম্পৰ্কে সত্যতা প্ৰদান কৰিছিল। ঈশ্বৰে আদমক সৃষ্টি কৰাত “মানুহ জীয়া প্ৰাণী” হʼল বুলি তেওঁলোকে জানিছিল। (আদিপুস্তক ২:৭) ইয়াৰ উপৰিও তেওঁলোকে মানৱ প্ৰাণ মৰে বুলি বুজি পাইছিল। (যিহিষ্কেল ১৮:৪; যাকোব ৫:২০) আনকি তেওঁলোকে “মৃত লোকবিলাকে একোকেই নাজানে” বুলিও বিশ্বাস কৰিছিল।—উপদেশক ৯:৫, ১০.
১৭. মৃতসকলৰ বাবে থকা আশাৰ বিষয়ে আপুনি কেনেকৈ বৰ্ণনা কৰিব?
১৭ ঈশ্বৰে মৃতবিলাকক পুনৰুত্থিত বা পুনৰাই জীৱন-শক্তি প্ৰদান কৰিব পাৰে বুলি যীচুৰ প্ৰাৰম্ভিক শিষ্যসকলৰ দৃঢ় বিশ্বাস আছিল। এই বিশ্বাসৰ বিষয়ে পাঁচনি পৌলে সুন্দৰভাৱে এইদৰে কৈছিল: “ধাৰ্ম্মিক অধাৰ্ম্মিক, এই দুবিধ লোকৰ পুনৰুত্থান হব বুলি . . . ঈশ্বৰত ময়ো সেই আশা কৰোঁ।” (পাঁচনিৰ কৰ্ম্ম ২৪:১৫) পিছলৈ মিনোকিয়োচ ফেলিক্সিচ নামৰ তথাকথিত খ্ৰীষ্টান ব্যক্তিয়ে এনেদৰে লিখিছিল: “সৃষ্টি কৰা মানুহক যে ঈশ্বৰে পুনৰ নিৰ্ম্মাণ কৰিব নোৱাৰে বুলি কোৱা জন কেনে নিৰ্ব্বোধ ব্যক্তি হʼব?” প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলৰ দৰে যিহোৱাৰ সাক্ষীসকলেও প্ৰাণ, মৃত্যু আৰু পুনৰত্থানৰ সম্পৰ্কে থকা শাস্ত্ৰীয় সত্যতাক বিশ্বাস কৰে। আঁহক এতিয়া আমি ঈশ্বৰ আৰু যীচুৰ ব্যক্তিগত পৰিচয়ৰ সম্পৰ্কে আলোচনা কৰোঁহঁক।
ত্ৰিমূৰ্ত্তি সম্বন্ধে থকা সত্যতা
১৮, ১৯. ত্ৰিমূৰ্ত্তি শিক্ষা শাস্ত্ৰীয় সামঞ্জস্যত নহয় বুলি কিয় কʼব পৰি?
১৮ প্ৰাৰম্ভিক খ্ৰীষ্টানসকলে ঈশ্বৰ, যীচু আৰু পবিত্ৰ আত্মাক ত্ৰিমূৰ্ত্তি বুলি বিশ্বাস কৰা নাছিল। এই বিষয়ে বিশ্বকোষ ব্ৰিটানিকাই এইদৰে কৈছে: “নতুন নিয়মত নতুবা প্ৰকাশ্য মূলনীতিবোৰৰ কোনো স্থানতে ত্ৰিমূৰ্ত্তি শব্দটো দেখা পোৱা নাযায়। তদুপৰি, যীচু আৰু তেওঁলোকৰ শিষ্যসকলেও পুৰণি নিয়মত উল্লেখ কৰা চেমাক [হিব্ৰু ভাষাত কৰা এটা প্ৰাৰ্থনা] খণ্ডন কৰাৰ কোনো অভিপ্ৰায় ৰখা নাছিল। যʼত এইদৰে কোৱা হৈছে: ‘হে ইস্ৰায়েল, শুনা, আমাৰ ঈশ্বৰ যিহোৱা একমাত্ৰ যিহোৱা।’ (দ্বিতী. ৬:৪)।” খ্ৰীষ্টানসকলে ৰোমান নিবাসীসকলৰ ৰীতি-নীতিৰ অনুসাৰে বা আন কোনো দেৱ-দেৱীক উপাসনা কৰা নাছিল। তেওঁলোকে যীচুৱে কোৱা বাক্যশাৰীৰ অনুসাৰে একমাত্ৰ যিহোৱাকহে আৰাধনা কৰিছিল। (মথি ৪:১০) আনকি তেওঁলোকে যীচুৰ এই বাক্যশাৰীক বিশ্বাস কৰিছিল, যʼত তেওঁ এইদৰে কৈছিল: “কিয়নো পিতৃ মোতকৈ মহান।” (যোহন ১৪:২৮) বৰ্তমান সময়ত যিহোৱাৰ সাক্ষীসকলেও সেই একেই দৃষ্টিভঙ্গী বজাই ৰাখিছে।
১৯ যীচুৰ প্ৰাৰম্ভিক শিষ্যসকলে ঈশ্বৰ, খ্ৰীষ্ট আৰু পবিত্ৰ আত্মাৰ মাজত থকা ভিন্নতাক স্পষ্টকৈ বুজি পাইছিল। আনকি তেওঁলোকে ত্ৰিমূৰ্ত্তিৰ নামত নহয় কিন্তু (১) পিতৃ, (২) পুত্ৰ আৰু (৩) পবিত্ৰ আত্মাৰ নামতহে লোকসকলক বাপ্তিষ্মা দিছিল। ঠিক সেইদৰে যিহোৱাৰ সাক্ষীসকলেও একেই শাস্ত্ৰীয় সত্যতাক শিকাই আৰু পিতৃ, পুত্ৰ আৰু পবিত্ৰ আত্মাৰ মাজত থকা ভিন্নতাক স্পষ্টকৈ বুজি পাই।—মথি ২৮:১৯.
বাপ্তিষ্মা সম্বন্ধে থকা সত্যতা
২০. বাপ্তিষ্মাৰ বাবে প্ৰস্তুত হোৱা প্ৰাৰ্থীসকলক কেনে জ্ঞান লোৱা আৱশ্যক?
২০ লোকসকলক সত্যৰ বিষয়ে শিকাবলৈ যীচুৱে তেওঁৰ শিষ্যসকলক আজ্ঞা দিছিল। বাপ্তিষ্মাৰ বাবে উপযুক্ত হʼবলৈ তেওঁলোকে শাস্ত্ৰৰ পৰা মৌলিক শিক্ষা লোৱা আৱশ্যক আছিল। উদাহৰণস্বৰূপে, তেওঁলোকক নিশ্চয়ে পিতৃ আৰু তেওঁৰ পুত্ৰ যীচু খ্ৰীষ্টৰ অধিকাৰ আৰু স্থানৰ বিষয়ে জনা উচিত। (যোহন ৩:১৬) পবিত্ৰ আত্মা যে কোনো ব্যক্তি নহয় কিন্তু ঈশ্বৰৰ সক্ৰিয় শক্তি তাকো বাপ্তিষ্মা লোৱা প্ৰাৰ্থীসকলে বুজি পোৱা আৱশ্যক।—পাঁচনিৰ কৰ্ম্ম ২:১-৪.
২১, ২২. বিশ্বাস কৰোঁতাসকলে কেৱল বাপ্তিষ্মা পোৱাৰ উপযুক্ত বুলি আপুনি কিয় কʼব পাৰে?
২১ প্ৰাৰম্ভিক খ্ৰীষ্টানসকলে কেৱল মনপালটন কৰা আৰু নিস্বাৰ্থৰে ঈশ্বৰৰ ইচ্ছা পালন কৰিবলৈ নিজকে সমৰ্পিত কৰা ব্যক্তিসকলকহে বাপ্তিষ্মা দিছিল। পেন্টাকোষ্ট ৩৩ চনত যিৰূচালেমত উপস্থিত হোৱা ইহুদী আৰু ধৰ্ম্মান্তৰিত লোকসকলে ইতিমধ্যেই হিব্ৰু শাস্ত্ৰৰ পৰা জ্ঞান লৈছিল। তাত উপস্থিত থকা লোকসকলৰ আগত পাঁচনি পিতৰে যীচু যে মচীহ হয় বুলি ভাষণ দিয়াত তেওঁলোকৰ প্ৰায় ৩০০০ জনে “তেওঁৰ কথা গ্ৰাহ্য কৰিলে” আৰু “তেওঁবিলাক বাপ্তাইজিত হল।”—পাঁচনিৰ কৰ্ম্ম ২:৪১; ৩:১৯-৪:৪; ১০:৩৪-৩৮.
২২ যিসকলে বিশ্বাস কৰে, তেওঁলোককহে খ্ৰীষ্টান বাপ্তিষ্মা দিয়া হয়। চমৰীয়াত থকা লোকসকলে সত্যক স্বীকাৰ কৰিলে আৰু “ফিলিপে ঈশ্বৰৰ ৰাজ্য আৰু যীচু খ্ৰীষ্টৰ নামৰ বিষয়ে শুভবাৰ্ত্তা প্ৰচাৰ কৰোঁতে, তেওঁবিলাকে বিশ্বাস কৰিলত, মুনিহ আৰু তিৰোতাকো বাপ্তাইজ কৰা হল।” (পাঁচনিৰ কৰ্ম্ম ৮:১২) যিহোৱাৰ বিষয়ে জ্ঞান থকা এজন ধৰ্মান্তৰিত কুচ-দেশীয় নপুংসক ব্যক্তিয়ে সৰ্ব্বপ্ৰথমে ফিলিপে মচীহৰ সম্পৰ্কে কোৱা ভৱিষ্যতবাণীৰ পূৰ্ণতাৰ বিষয়ে শুনিলে আৰু তাৰ পিছত বাপ্তিষ্মা লৈছিল। (পাঁচনিৰ কৰ্ম্ম ৮:৩৪-৩৬) পিছলৈ পাঁচনি পিতৰে কৰ্ণালিয়া আৰু অন্য জাতিসকলক এইদৰে কৈছিল যে, “যি জনে তেওঁলৈ ভয় ৰাখি ধৰ্ম্মআচৰণ কৰে, সেই জন [ঈশ্বৰৰ] গ্ৰাহ্য” আৰু যীচুত বিশ্বাস কৰা সকলৰ পাপ ক্ষমা কৰা হয়। (পাঁচনিৰ কৰ্ম্ম ১০:৩৫, ৪৩; ১১:১৮) এই সকলোবোৰ, ‘শিষ্য কৰা, তেওঁলোকক শিকোৱা আৰু সকলোকে পালন কৰিবলৈ’ দিয়া যীচুৰ আজ্ঞাৰ সামঞ্জস্যত আছিল। (মথি ২৮:১৯, ২০; পাঁচনিৰ কৰ্ম্ম ১:৮) যিহোৱাৰ সাক্ষীসকলেও সেই একেই সিদ্ধান্তসমূহক পালন কৰি যিসকলে শাস্ত্ৰৰ মৌলিক জ্ঞান আহৰণ কৰিলে আৰু নিজকে ঈশ্বলৈ সমৰ্পণ কৰিছে কেৱল তেওঁলোককহে বাপ্তিষ্মা দিয়ে।
২৩, ২৪. খ্ৰীষ্টানসকলে বাপ্তিষ্মা দিয়াৰ সঠিক প্ৰণালী কি?
২৩ সম্পূৰ্ণকৈ পানীত নিমজ্জিত কৰাৰ অৰ্থ হৈছে বিশ্বাসীসকলক সঠিকৰূপে বাপ্তিষ্মা প্ৰদান কৰা। যৰ্দ্দন নদীত বাপ্তিষ্মা লোৱাৰ পিছত যীচুৱে ‘পানীৰ পৰা উঠিছিল।’ (মাৰ্ক ১:১০) কুচ-দেশীয় নপুংসকজনেও “এডোখৰ পানীত” বাপ্তিষ্মা লৈছিল। তেওঁ আৰু ফিলিপ “দুয়ো পানীত নামিছিল।” (পাঁচনিৰ কৰ্ম্ম ৮:৩৬-৪০) শাস্ত্ৰত বৰ্ণনা কৰা বাপ্তিষ্মাক লাক্ষণিক মৈদামৰূপে উল্লেখ কৰিছে যাৰ অৰ্থ হৈছে সম্পূৰ্ণকৈ পানীত নিমজ্জিত হোৱা।—ৰোমীয়া ৬:৪-৬; কলচীয়া ২:১২.
২৪ দি অক্সফৰ্ড কম্পেনিয়ান টু দ্যা বাইবেলে এইদৰে কৈছে: “বাইবেলৰ নতুন নিয়মত বাপ্তিষ্মাক নিৰ্দিষ্টৰূপে উল্লেখ কৰিছে, যʼত এজন ব্যক্তিক বাপ্তিষ্মা দিবলৈ পানীত সম্পূৰ্ণকৈ ডুবুৱা হয়।” ফ্ৰান্সত প্ৰকাশ পোৱা বিংশ শতাব্দীৰ লাৰোচ ডুয়ে জীৱনীত এইদৰে মন্তব্য দিয়া হয়: “প্ৰথম শতাব্দীৰ খ্ৰীষ্টানসকলে যʼতে পানী উপলব্ধ আছিল তাতে নিমজ্জিত হৈ বাপ্তিষ্মা লৈছিল।” আফ্টাৰ যীজেচ্—দ্যা ট্ৰাইম্ফ অৱ খ্ৰীষ্টীয়ানিটি নামৰ কিতাপখনে এইদৰে মন্তব্য দিছে: “বাপ্তিষ্মাৰ মূল অৰ্থ হৈছে প্ৰাৰ্থীজনে নিজৰ বিশ্বাস অঙ্গীকাৰ কৰা আৰু যীচুৰ নামেৰে সম্পূৰ্ণকৈ পানীত নিমজ্জিত হোৱা।”
২৫. পৰৱৰ্তী লেখত কিহৰ বিষয়ে আলোচনা কৰা হʼব?
২৫ ওপৰত উল্লেখ কৰা প্ৰাৰম্ভিক খ্ৰীষ্টানসকলৰ বাইবেল আধাৰিত বিশ্বাস আৰু সেই অনুসাৰে কৰা কাৰ্য্যবোৰ হৈছে আমাৰ বাবে কেৱল এক আৰ্হি। গতিকে যিহোৱাৰ সাক্ষী আৰু প্ৰাৰম্ভিক খ্ৰীষ্টানসকলৰ বিশ্বাসৰ মাজত একেই সমান্তৰালতা থকাটো সম্ভৱ। পৰৱৰ্তী লেখত আমি যিসকলে আনক সত্যৰ বিষয়ে শিকাইছে তেওঁলোকক চিনি পোৱাৰ আন কাৰণসমূহৰ বিষয়ে আলোচনা কৰিম। (w02 7/15)
আপুনি কেনেকৈ উত্তৰ দিব?
• ঈশ্বৰৰ বাবে কেনেধৰণৰ উপাসনা গ্ৰহণযোগ্য?
• যীচুৰ দ্বাৰা কেনেকৈ সত্যতাৰ বাস্তৱিকতাৰ প্ৰমাণ হৈছিল?
• মৃত্যু আৰু প্ৰাণৰ সম্পৰ্কে থকা সত্যতা কি?
• কেনেকৈ খ্ৰীষ্টান বাপ্তিষ্মা দিয়া হয় আৰু তাৰ বাবে বাপ্তিষ্মা লোৱা প্ৰাৰ্থীয়ে কি কৰা আৱশ্যক?
[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]
[২৬ পৃষ্ঠাৰ ছবি]
যীচুৱে পীলাতক কৈছিল: ‘মই সত্যতাৰ বিষয়ে সাক্ষ্য দিবলৈ আহিলোঁ’