Skip to content

Skip to table of contents

যিহোৱাই নিজৰ পোহৰৰ দ্বাৰা লোকসকলক গৌৰৱান্বিত কৰি তুলে

যিহোৱাই নিজৰ পোহৰৰ দ্বাৰা লোকসকলক গৌৰৱান্বিত কৰি তুলে

যিহোৱাই নিজৰ পোহৰৰ দ্বাৰা লোকসকলক গৌৰৱান্বিত কৰি তুলে

“তুমি উঠা, দীপ্তি দিয়া; কিয়নো তোমাৰ পোহৰ আহিছে, আৰু যিহোৱাৰ গৌৰৱ তোমাৰ ওপৰত উদয় হৈছে।”যিচয়া ৬০:১.

১, ২. (ক) বৰ্তমান মানৱজাতিয়ে কেনে অৱস্থাত আছে? (খ) মানৱজাতিয়ে সম্মুখীন হোৱা অন্ধকাৰময় পৰিস্থিতিৰ পৃষ্ঠভূমিত কাৰ হাত আছে?

 আমেৰিকাৰ ৰাষ্ট্ৰপতি হেৰি টৰুমানে ১৯৪০ চনত এইদৰে কৈছিল, “আমাৰ সময়ত যিচয়া বা পৌলৰ দৰে ব্যক্তিসকল থকা হʼলে কিমান যে ভাল হʼলহেঁতেন!” তেওঁ কিয় তেনেদৰে কৈছিল? যিহেতু সেই সময়ত তেওঁ এজন নৈতিকতা সম্পন্ন উত্তম নেতাৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছিল। কিয়নো বিশং শতাব্দীত হোৱা দ্বিতীয় বিশ্ব যুদ্ধৰ শোকাবহ পৰিস্থিতিৰ পৰা মানৱজাতিয়ে অলপতে ওলাই আহিছিল। যদিও যুদ্ধৰ সমাপ্তি হৈছিল, কিন্তু তেতিয়াও বিশ্বলৈ শান্তি ঘূৰি অহা নাছিল। সকলো ঠাইতে শোকাবহ পৰিস্থিতি দেখা গৈছিল। প্ৰকৃততে যুদ্ধ শেষ হোৱাৰ ৫৭ বছৰৰ পিছতো এই পৃথিৱীত ক্লেশজনক পৰিস্থিতি প্ৰবল হৈ আছে। বৰ্তমান সময়ত যদি ৰাষ্ট্ৰপতি টৰুমানে জীয়াই থকা হʼলে তেওঁ আজিও যিচয়া আৰু পৌলৰ দৰে নৈতিকতাযুক্ত ব্যক্তিসকলৰ অভাৱ অনুভৱ কৰিলেহেঁতেন।

পূৰ্বেই পাঁচনি পৌলে, মানৱজাতিয়ে সম্মুখীন হʼবলগীয়া এনে অন্ধকাৰময় পৰিস্থিতিৰ বিষয়ে দিয়া সতৰ্কবাণীৰ সম্পৰ্কে সেই ৰাষ্ট্ৰপতিজনে জানিছিল নে নাই তাক আমি সঠিককৈ কʼব নোৱাৰোঁ। উদাহৰণস্বৰূপে, পাঁচনি পৌলে তেওঁৰ বিশ্বাসী ভাইসকলক এইদৰে কৈছিল: “কিয়নো তেজ আৰু মাংসেৰে সৈতে আমাৰ মালযুদ্ধ হোৱা নাই; কিন্তু আধিপত্য, ক্ষমতা, এই অন্ধকাৰৰ জগতপতি, আৰু স্বৰ্গীয় ঠাইবোৰত দুষ্টতাৰ আত্মিক দলবোৰে সৈতে হৈছে।” (ইফিচীয়া ৬:১২) এই বাক্যশাৰী লিখাৰ দ্বাৰা স্পষ্টকৈ এইটো প্ৰকাশ পাইছে যে পৌলে আধ্যাত্মিক অন্ধকাৰ আৰু ইয়াৰ নেপথ্যভূমিত যে শক্তিশালী দুষ্ট আত্মিক প্ৰাণীবোৰ আছে তাক তেওঁ জানিছিল। সেয়েহে তেওঁ সেই দুষ্ট আত্মিক প্ৰাণীবোৰক ‘জগতপতি আৰু দুষ্ট আত্মিক দল’ বুলি উল্লেখ কৰিছিল। যিহেতু আধ্যাত্মিক অন্ধকাৰৰ পৃষ্ঠভূমিত শক্তিশালী দুষ্ট আত্মিক প্ৰাণীবোৰৰ হাত আছে, তেন্তে সামান্য মানৱে এই জগতৰ অন্ধকাৰক আঁতৰ কৰিবলৈ কি কৰিব পাৰে?

৩. মানৱজাতিৰ ওপৰত অন্ধকাৰ পৰিস্থিতিয়ে কৃতিত্ব কৰিব বুলি উল্লেখ কৰাৰ উপৰিও বিশ্বাসী ব্যক্তিসকলৰ বাবে তেওঁ আৰু কি ভৱিষ্যতবাণী কৰিছিল?

মানৱজাতিৰ ওপৰত অধিকাৰ চলোৱা অন্ধকাৰৰ বিষয়ে ভৱিষ্যতবক্তা যিচয়াইও একেইদৰে উল্লেখ কৰিছিল। (যিচয়া ৮:২২; ৫৯:৯) আগলৈ তেওঁ আমাৰ সময়ৰ অন্ধকাৰ পৰিস্থিতিৰ সম্পৰ্কে এই বুলি লিখিবলৈ প্ৰেৰিত হৈছিল যে যিসকলে পোহৰক ভাল পাই, তেওঁলোকৰ দৃষ্টিভঙ্গীক যিহোৱাই উজ্জ্বল কৰি তুলিব। যদিও পাঁচনি পৌল বা ভৱিষ্যতবক্তা যিচয়া আমাৰ মাজত নাই, তথাপিও আমাক মাৰ্গদৰ্শন কৰিবলৈ তেওঁলোকে লিপিবদ্ধ কৰা প্ৰেৰিত বাক্যসমূহ আমাৰ মাজত উপলব্ধ আছে। যিসকলে যিহোৱাক প্ৰেম কৰে তেওঁলোকৰ বাবে কেনে আশীৰ্ব্বাদ আছে তাক বুজিবলৈ আঁহক আমি যিচয়া ৬০ অধ্যায়ত উল্লেখ কৰা ভৱিষ্যতদ্বাণীৰ বাক্যবোৰক বিবেচনা কৰোঁহঁক।

এগৰাকী লাক্ষণিক স্ত্ৰীয়ে দীপ্তিময় কৰি তুলিছে

৪, ৫. (ক) যিহোৱাই এগৰাকী স্ত্ৰীক কি কৰিবলৈ আজ্ঞা দিছে আৰু তেওঁ কেনে আশ্বাস প্ৰদান কৰিছে? (খ) যিচয়া ৬০ অধ্যায়ত কেনে ৰোমাঞ্চিতজনক সংবাদ লিপিবদ্ধ কৰা আছে?

যিচয়া ৬০ অধ্যায়ত উল্লেখ কৰা প্ৰথম বাক্যশাৰী এগৰাকী স্ত্ৰীক নিৰ্দ্দেশিত কৰিছে, যাৰ বিষয়ে পূৰ্বতে যিচয়া ৫৪:১ পদত উল্লেখ কৰা হৈছিল। যিচয়া ৬০ অধ্যায়টো তাইৰ শোকাতুৰ অৱস্থাক উদ্দেশ্য কৰি লিখা হৈছে। যিগৰাকীয়ে অন্ধকাৰময় অৱস্থাত ভূমিত পৰি আছে। আকস্মিকভাৱে পোহৰ দীপ্তিময় হৈ উঠিছে আৰু যিহোৱাই মাত লগাই এইদৰে কৈছে: “তুমি উঠা, দীপ্তি দিয়া; কিয়নো তোমাৰ পোহৰ আহিছে, আৰু যিহোৱাৰ গৌৰৱ তোমাৰ ওপৰত উদয় হৈছে।” (যিচয়া ৬০:১) সেই লাক্ষণিক স্ত্ৰীগৰাকীয়ে থিয় হোৱা, তদুপৰি, ঈশ্বৰৰ পোহৰ আৰু গৌৰৱ প্ৰতিফলিত হোৱাৰ সময় আহিল। কিয় আহিল? ইয়াৰ উত্তৰৰ বাবে পিছৰ পদটোত আমি এইদৰে পঢ়িবলৈ পাওঁ: “কাৰণ চোৱা, আন্ধাৰে পৃথিবীক, আৰু ঘোৰ অন্ধকাৰে লোকসমূহক ঢাকিব; কিন্তু যিহোৱা তোমাৰ ওপৰত উদয় হব, আৰু তোমাৰ ওপৰত তেওঁৰ গৌৰৱ প্ৰকাশিত হব।” (যিচয়া ৬০:২) যদি সেই স্ত্ৰীগৰাকীয়ে ঈশ্বৰৰ আজ্ঞাক পালন কৰে, তেন্তে তাৰ উত্তম পৰিণাম পোৱা যাব বুলি আশ্বাস দিয়া হৈছে। এই বিষয়ে যিহোৱাই এইদৰে কৈছে: “জাতিবিলাক তোমাৰ পোহৰৰ ওচৰলৈ, আৰু ৰজাবিলাক তোমাৰ উদয় হোৱা দীপ্তিৰ গুৰিলৈ আহিব।”—যিচয়া ৬০:৩.

এই তিনিটা পদত উল্লেখ কৰা ৰোমাঞ্চিতজনক বাক্যবোৰে বাকী ৬০ অধ্যায়ত থকা বিষয়বস্তুৰ সম্পূৰ্ণ পাতনি আৰু এক চমু সাৰাংশ দাঙি ধৰিছে। ইয়াত সেই লাক্ষণিক স্ত্ৰীগৰাকীয়ে সম্মুখীন হʼবলগীয়া পৰিস্থিতিৰ বিষয়ে আগতীয়াকৈ প্ৰকাশ আৰু এনে অন্ধকাৰৰ অৱস্থাত আমি যিহোৱাৰ পোহৰৰ দ্বাৰা কেনেকৈ দীপ্তিময় হʼব পাৰোঁ সেই বিষয়েও বৰ্ণনা কৰিছে। এই আৰম্ভণিৰ পদবোৰত উল্লেখ কৰা প্ৰতীকসমূহৰ অৰ্থ কি?

৬. যিচয়া ৬০ অধ্যায়ত বৰ্ণনা কৰা সেই স্ত্ৰীগৰাকী কোন আৰু পৃথিৱীত কোন ব্যক্তিসকলে তাইৰ প্ৰতিনিধিত্ব কৰে?

যিচয়া ৬০:১-৩ পদত উল্লেখ কৰা স্ত্ৰীগৰাকী যিহোৱাৰ আত্মিক প্ৰাণীবিলাকৰ দ্বাৰা গঠিত স্বৰ্গীয় সংগঠন তথা চিয়োনক চিহ্নিত কৰে। বৰ্তমান সময়ত চিয়োন প্ৰদেশ পৃথিৱীৰ অন্তৰাষ্ট্ৰীয় মণ্ডলীত থকা “ঈশ্বৰৰ ইস্ৰায়েলৰ” শেষ অভিষিক্ত বৰ্গক নিৰ্দ্দেশিত কৰিছে, যিসকলে ভৱিষ্যতে যীচুৰ সৈতে স্বৰ্গত শাসন কৰিবলৈ আশা আছে। (গালাতীয়া ৬:১৬) এই আধ্যাত্মিক জাতিৰ সৰ্ব্বমুঠ সংখ্যা হৈছে ১,৪৪,০০০ জন আৰু যিচয়া ৬০ অধ্যায়ত উল্লেখ কৰা বিষয়বস্তু “শেষকালত” জীয়াই থকা সেই ব্যক্তিসকলৰ ওপৰত পৰিপূৰ্ণ হৈছে। (২ তীমথিয় ৩:১; প্ৰকাশিত বাক্য ১৪:১) তদুপৰি, এই ভৱিষ্যতবাণী অভিষিক্ত ব্যক্তিসকলৰ সৈতে সঙ্গী হোৱা “এক বৰ লোকসমূহ” অৰ্থাৎ “অন্য মেৰৰ” বাবেও বৃহতভাৱে প্ৰযোজ্য হয়।—প্ৰকাশিত বাক্য ৭:৯; যোহন ১০:১৬.

৭. চিয়োনৰ অৱস্থা ১৯১৮ চনত কেনে আছিল আৰু সেই বিষয়ে কেনেকৈ ভৱিষ্যতবাণী কৰা হৈছিল?

এনে এক সময় আছিলনে যি সময়ছোৱাত ভৱিষ্যতবাণীত উল্লেখিত সেই লাক্ষণিক স্ত্ৰীগৰাকীক প্ৰতিনিধিত্ব কৰা “ঈশ্বৰৰ ইস্ৰায়েলে” অন্ধকাৰ অৱস্থাত আছিল? আজিৰ পৰা প্ৰায় ৮০ বছৰৰ পূৰ্বে তেওঁলোক অৱশ্যেই অন্ধকাৰময় অৱস্থাত আছিল। প্ৰথম বিশ্ব যুদ্ধৰ সময়ছোৱাত অভিষিক্ত বৰ্গক প্ৰচাৰ কাৰ্য্য সম্পন্ন কৰিবলৈ কঠিন পৰিশ্ৰম কৰিবলগীয়া হৈছিল। কিন্তু ১৯১৮ চনৰ সেই যুদ্ধৰ চূড়ান্ত সময়ছোৱাত তেওঁলোকৰ ওপৰত প্ৰতিবন্ধ লগোৱাৰ বাবে প্ৰচাৰ কাৰ্য্য প্ৰায়ে বন্ধ হৈ পৰিছিল। বিশ্বব্যাপি প্ৰচাৰ কাৰ্য্যৰ অধ্যক্ষতা কৰা যোচেফ এফ. ৰাদাৰফৰ্ডৰ সৈতে অন্য প্ৰমুখ খ্ৰীষ্টানসকলক মিছা অভিযোগ দি দীৰ্ঘকাললৈকে বন্দীশালত ৰখা হʼল। তেওঁলোকৰ এনে অৱস্থাৰ বিষয়ে প্ৰকাশিত বাক্যত ভৱিষ্যতবাণী কৰা অনুসাৰে মৰা শৱ ৰূপে বৰ্ণনা কৰিছে, যি ‘চদোম আৰু মিচৰ এই আত্মিক নাম থকা সেই মহা-নগৰৰ আলিত পৰি থাকিব।’ (প্ৰকাশিত বাক্য ১১:৮) চিয়োনক প্ৰতিনিধিত্ব কৰা পৃথিৱীত থকা সেই অভিষিক্ত সন্তানসকলৰ বাবে বাস্তৱতে সেইটো অন্ধকাৰময় অৱস্থা আছিল!

৮. কেনে নাটকীয় পৰিৱৰ্তন ১৯১৯ চনত ঘটিল আৰু তাৰ ফলাস্বৰূপে কি হʼল?

কিন্তু ১৯১৯ চনত এক নাটকীয় পৰিৱৰ্তন হোৱা দেখা গʼল। যিহোৱাই চিয়োনৰ ওপৰত নিজৰ পোহৰ প্ৰতিফলিত কৰি দীপ্তিময় কৰি তুলিলে! উত্তৰজীৱী হোৱা ঈশ্বৰৰ ইস্ৰায়েলৰ অভিষিক্তসকলে ঈশ্বৰৰ পোহৰক প্ৰকাশ কৰা উদ্দেশ্যৰে সক্ৰিয় হৈ পূৰ্ণ সাহসেৰে শুভবাৰ্ত্তা প্ৰচাৰ কৰিব ধৰিলে। (মথি ৫:১৪-১৬) সেই অভিষিক্ত খ্ৰীষ্টান ব্যক্তিসকলে পূৰ্ণ উদ্যমেৰে কাৰ্য্য কৰি অভিষিক্ত বৰ্গৰ আন ব্যক্তিসকল আৰু বৃহৎ লোকসমূহলৈ ঈশ্বৰৰ পোহৰ প্ৰকাশ কৰাৰ বাবে তেওঁলোকক অশেষ ধন্যবাদ জনাইছোঁ। নতুনকৈ অহা সেই ব্যক্তিসকলক ঈশ্বৰৰ ইস্ৰায়েলৰ অভিষিক্ত বৰ্গৰ সেই নিৰ্দ্দিষ্ট সংখ্যা পূৰ কৰিবলৈ তেওঁলোকক সংযোগ কৰা হʼল। যিচয়া ৬০:৩ পদত তেওঁবিলাকক ৰজা বুলি কোৱা হৈছে, কিয়নো তেওঁলোকে স্বৰ্গীয় ৰাজ্যত খ্ৰীষ্টৰ সৈতে সহশাসক হৈ ৰাজত্ব কৰিব। (প্ৰকাশিত বাক্য ২০:৬) পিছলৈ অন্য মেৰবৰ্গৰ বৃহৎ লোকসমূহৰ ওপৰত যিহোৱাৰ পোহৰ দীপ্তিময় হৈ উঠিল। তেওঁলোক হৈছে ভৱিষ্যতবাণীত উল্লেখ কৰা সেই “জাতিবিলাক।”

সেই স্ত্ৰীগৰাকীৰ লʼৰা-ছোৱালীবোৰ ঘৰলৈ উভটিল!

৯, ১০. (ক) স্ত্ৰীগৰাকীয়ে কেনে এক মনোৰম দৃশ্য দেখিবলৈ পাইছে আৰু ই কিহৰ বিষয়ে পূৰ্বাভাস দিয়ে? (খ) চিয়োনৰ বাবে আনন্দিত হোৱাৰ কেনে কাৰণ আছিল?

যিচয়া ৬০:১-৩ পদত উল্লেখ কৰা বিষয়বস্তুসমূহক অধিককৈ বিস্তাৰিতভাৱে প্ৰকাশ কৰিব ধৰিলে। তেওঁ স্ত্ৰীগৰাকীক আন এটা আজ্ঞা দি এইদৰে কৈছে: “তুমি নিজৰ চকু ফুৰাই চাৰিওফালে চোৱা!” স্ত্ৰীগৰাকীয়ে সেইদৰে কৰিলে আৰু তাই যি দৃশ্য দেখিলে তাত অতিশয়ৰূপে আঁচৰিত হʼল। তাই দেখিলে যে তাইৰ লʼৰা-ছোৱালীবোৰ ঘৰলৈ উভটিছে। আগলৈ সেই পদে এইদৰে কৈছে: “তেওঁবিলাক সকলোৱে গোট খাইছে তোমাৰ ওচৰ চাপিছে; তোমাৰ পুত্ৰবিলাক দূৰৰ পৰা আহিছে আৰু তোমাৰ জীয়েৰাহঁতক কাষতকৈ অনা হৈছে।” (যিচয়া ৬০:৪) গোটেই বিশ্বত ১৯১৯ চনত পুনৰাই প্ৰচাৰ কাৰ্য্য আৰম্ভ হʼল আৰু হাজাৰ হাজাৰ লোকক যিহোৱাৰ সেৱা কৰিবলৈ আমন্ত্ৰণ দিয়া হʼল। আমন্ত্ৰণ স্বীকাৰ কৰা সেই লোকসকলেও চিয়োনৰ ‘পুত্ৰ আৰু জীয়াৰী’ অৰ্থাৎ ঈশ্বৰৰ ইস্ৰায়েলৰ অভিষিক্ত সদস্য হৈ পৰিল। এইদৰে যিহোৱাই ১,৪৪,০০০ জনৰ বাকী থকা সংখ্যাক একত্ৰিত কৰি চিয়োনক দীপ্তিময় কৰিলে।

১০ আপুনি কল্পনা কৰিব পাৰেনে যে চিয়োনেও তাইৰ সকলো লʼৰা-ছোৱালীক নিজৰ কাষত পাই কিমান আনন্দিত হৈছিল? ইয়াৰ উপৰিও যিহোৱাই চিয়োনক আনন্দিত হʼবলৈ আন অতিৰিক্ত কাৰণসমূহ প্ৰদান কৰিছে। সেই পদত এইদৰে কোৱা হৈছে: “সেই কালত তুমি দেখি প্ৰফুল্লিত হবা, আৰু তোমাৰ হৃদয় ধপ্‌ধপ কৰি আনন্দত ফুলি পৰিব। কিয়নো সমুদ্ৰৰ প্ৰচুৰ ধন তোমাক দিয়া যাব আৰু জাতিবিলাকৰ সম্পত্তি তোমাৰ ওচৰলৈ আহিব।” (যিচয়া ৬০:৫) সেই ভৱিষ্যতবাণীৰ অনুসাৰে ১৯৩০ চনৰ পৰা পাৰ্থিৱ পৰমদেশত চিৰকাল জীয়াই থকা আশাৰ এক বৃহৎ সংখ্যাত ঈশ্বৰৰ সত্য উপাসকসকল চিয়োন অৰ্থাৎ অভিষিক্ত বৰ্গৰ সৈতে সঙ্গী হʼবলৈ ধৰিলে। তেওঁলোকে ঈশ্বৰৰ বিপৰীতে থকা আৰু জাতিবিলাকৰ সম্পত্তি স্বৰূপ মানৱজাতিৰ “সমুদ্ৰৰ” পৰা ওলাই আহিছে। তেওঁলোক হৈছে “আটাই জাতিৰ বাঞ্ছনীয় বস্তু।” (যিচয়া ৫৭:২০; হগ্‌গয় ২:৭) মনকৰিবলগীয়া এই যে, সেই ‘বাঞ্ছনীয় বস্তুৰ’ ব্যক্তিসকলে নিজ স্বাৰ্থপৰ ইচ্ছাৰে ঈশ্বৰক সেৱা কৰা নাই। দৰাচলতে তেওঁলোক অভিষিক্ত ভাইসকলৰ সৈতে উপাসনা কৰিবলৈ সঙ্গী হৈ ‘একেজন ৰখীয়াৰ’ অধীনত “একেটা জাক” হৈছে আৰু চিয়োনলৈ গৌৰৱ কঢ়িয়াই আনিছে।—যোহন ১০:১৬.

সদাগৰ, ৰখীয়া আৰু বনীয়াসকল চিয়োনলৈ আহিছে

১১, ১২. চিয়োনৰ অভিমুখে যাত্ৰা কৰা লোকসমূহৰ বিষয়ে বৰ্ণনা কৰক।

১১ ভৱিষ্যতবাণীত কোৱাৰ অনুসাৰে যিহোৱাক স্তুতি কৰিবলৈ একত্ৰিত হোৱা লোকসকলৰ সংখ্যা আচৰিতৰূপে বৃদ্ধি হৈছে। এই বিষয়ে ভৱিষ্যতবাণীৰ পৰৱৰ্তী বাক্যশাৰীত উল্লেখ কৰা হৈছে। কল্পনা কৰক যে আপুনি সেই লাক্ষণিক স্ত্ৰীগৰাকীৰ সৈতে চিয়োন পৰ্ব্বতত থিয় হৈ আছে। আপুনি পূব দিশলৈ দৃষ্টি কৰি কি দেখিবলৈ পাইছে? আপুনি দেখিছে যে “উটসমূহে, মিদিয়ন আৰু ঐফাৰ ডেকা উটবোৰে তোমাক ঢাকি পেলাব; সেই আটাইবোৰ চিবাৰ পৰা আহিব; সেইবোৰে সোণ আৰু কুন্দুৰু বৈ আনিব, আৰু যিহোৱাৰ প্ৰশংসা ঘোষণা কৰিব।” (যিচয়া ৬০:৬) সদাগৰসকলৰ বৃহৎ সমূহে তেওঁলোকৰ উটবোৰক যিৰূচালেম অভিমুখে পৰিচালিত কৰিছে। উটবোৰে জল-প্লাবনৰ নিচিনাকৈ সেই ঠাইক আবৰি ধৰিছে! বনীয়াসকলে “সোণ আৰু কুন্দুৰু” মূল্যৱান উপহাৰসমূহ কঢ়িয়াই আনিছে। তদুপৰি, এই সদাগৰসকলে “যিহোৱাৰ প্ৰশংসা ঘোষণা” কৰিবলৈ ঈশ্বৰৰ পোহৰৰ দ্বাৰা দীপ্তিময় হৈছে।

১২ কেৱল সদাগৰসকলেই যে যাত্ৰা কৰিছে, এনে নহয়। কিন্তু ৰখীয়াবিলাকেও নিজৰ জাকবোৰৰ সৈতে চিয়োনৰ অভিমুখে যাত্ৰা কৰিছে। আগলৈ সেই ভৱিষ্যতবাণীয়ে এইদৰে কৈছে: “কেদৰৰ আটাই ভেড়াৰ জাক তোমাৰ ওচৰত গোট খাব আৰু নবায়োতৰ মতা মেৰবোৰে তোমাৰ পৰিচৰ্য্যা কৰিব।” (যিচয়া ৬০:৭ ক) গাম্য জাতিসকলে পবিত্ৰ নগৰলৈ আহি যিহোৱালৈ উৎসৰ্গ কৰিবলৈ নিজৰ জাকটিৰ পৰা উত্তম মেৰ বাছি লৈছে। তদুপৰি, তেওঁলোকে চিয়োনত সেৱা কৰিবলৈও নিজকে অৰ্পিত কৰিছে। এই বিদেশী জাতিক যিহোৱাই কেনে দৃষ্টি কৰে? ঈশ্বৰে নিজেই উত্তৰ দি এইদৰে কৈছে: “সেইবোৰ গ্ৰহণীয় হৈ মোৰ যজ্ঞ-বেদিৰ ওপৰত উঠিব, আৰু মোৰ গৌৰৱযুক্ত গৃহ মই গৌৰৱান্বিত কৰিম।” (যিচয়া ৬০:৭ খ) যিহোৱাই গৌৰৱান্বিত হৈ তেওঁলোকৰ বলিদান আৰু সেৱা গ্ৰহণ কৰে। তেওঁলোকৰ উপস্থিতিয়ে তেওঁৰ মন্দিৰলৈ গৌৰৱ কঢ়িয়াই আনে।

১৩, ১৪. পশ্চিম দিশৰ পৰা কি অহা দেখা গৈছে?

১৩ এতিয়া আপুনি পশ্চিম দিশলৈ লক্ষ্য কৰক। আপুন কি দেখিবলৈ পাইছে? অতি দূৰৰ পৰা গোটেই সমুদ্ৰখন মেঘেৰে ঢাকি ৰখাৰ নিচিনা দেখিব পাইছে। যিহোৱাই সোধা এই প্ৰশ্নটো হয়তো আপোনাৰ মনতো উদয় হৈছে। তেওঁ এইদৰে প্ৰশ্ন কৰিছে: “মেঘৰ নিচিনাকৈ আৰু নিজৰ বাহৰ সোমোৱা বাটলৈ অহা কপৌৰ নিচিনাকৈ উড়ি অহা এইবিলাক কোন?” (যিচয়া ৬০:৮) যিহোৱাই স্বয়ং এই প্ৰশ্নটোৰ উত্তৰ দি এইদৰে কৈছে: “নিশ্চয়ে দ্বীপবোৰে মোলৈ অপেক্ষা কৰিব; আৰু তোমাৰ ঈশ্বৰ যিহোৱাই, ইস্ৰায়েলৰ পবিত্ৰ জনাই তোমাক গৌৰৱান্বিত কৰাৰ কাৰণে, তেওঁৰ আৰু তেওঁৰ নামৰ নিমিত্তে ৰূপ আৰু সোণেৰে সৈতে দূৰৰ পৰা তোমাৰ সন্তানবিলাকক আনিবলৈ তৰ্চীচৰ জাহাজবোৰ আগ হব।” (যিচয়া ৬০:৯)

১৪ আপুনি এই দৃশ্যটোক মানসিকভাৱে দৃষ্টিৰে দেখিব পাৰিছেনে? যেনেকৈ সেই মেঘে কাষ চাপি আহে তেনেকৈ ই পশ্চিমফালৰ পৰা থুপখোৱা অনেক বিন্দুৰ দৰে দেখা গৈছে। তদুপৰি, ইয়াক আকৌ বতাহত উৰি অহা এজাক চৰাইৰ নিচিনা দেখা গৈছে। কিন্তু যেনেকৈ সেইবিলাক অধিক কাষ চাপি আহিল দেখাত স্পষ্ট হʼল যে, দৰাচলতে সেইবোৰ হৈছে পালতৰা জাহাজ যি বতাহৰ প্ৰবাহত আগুৱাই আহিছে। যিৰূচালেমৰ অভিমুখে বহুতো জাহাজ আগুৱাই আহিছে, সেইবোৰক দেখাত এজাক কপৌ চৰাইৰ দৰে লাগিছে। নিলগত থকা বন্দৰবোৰৰ পৰা সেই জাহাজবোৰে দ্ৰুতগতিত যিৰূচালেমলৈ যিহোৱাক উপাসনা কৰিবলৈ উপাসকসকলক কঢ়িয়াই আনিছে।

যিহোৱাৰ সংগঠন বিস্তাৰিত হৈছে

১৫. (ক) যিচয়া ৬০:৪-৯ পদত কিহৰ বৃদ্ধি হোৱাৰ বিষয়ে ভৱিষ্যতবাণী কৰা হৈছে? (খ) প্ৰকৃত খ্ৰীষ্টানসকলে কেনে মনোবৃত্তি দেখুৱায়?

১৫ যিচয়া ৬০ অধ্যায়ৰ ৪ পৰা ৯ পদত বিশ্বজুৰি বৃদ্ধিৰ বিষয়ে কৰা ভৱিষ্যতবাণী ১৯১৯ চনৰ পৰা কিমান যে বৃস্তাৰিতভাৱে পূৰ্ণ হোৱা দেখা গʼল! যিহোৱাই কিয় তেনে বৃদ্ধি হʼবলৈ চিয়োনক আশীৰ্ব্বাদ কৰিলে? কিয়নো ১৯১৯ চনৰ পৰা ঈশ্বৰৰ ইস্ৰায়েলে আজ্ঞাকাৰী হৈ একেৰাহে যিহোৱাৰ পোহৰক দীপ্তিময় কৰি তুলিলে। আপুনি ৭ পদত লক্ষ্য কৰিলেনে যে তাত নতুনকৈ অহা লোকসকলৰ বিষয়ে উল্লেখ কৰিছে, যিসকলে “[ঈশ্বৰৰ] যজ্ঞ বেদীৰ ওপৰত উঠিব”? সেই বেদী হৈছে বলিদান কৰা স্থান আৰু ভৱিষ্যতবাণীত বৰ্ণনা কৰা বৈশিষ্টই আমাক যিহোৱালৈ আগবঢ়োৱা সেৱাত জড়িত থকা আৱশ্যকতাসমূহৰ বিষয়ে স্মৰণ কৰাই দিয়ে। এই বিষয়ে পাঁচনি পৌলে এইদৰে লিখিছিল: “মই তোমালোকক এই বিনয় কৰোঁ . . . নিজ নিজ শৰীৰক জীৱিত, পবিত্ৰ, আৰু ঈশ্বৰৰ গ্ৰহণীয় বলিস্বৰূপে উৎসৰ্গ কৰা; এয়েই তোমালোকৰ যুক্তিসঙ্গত আৰাধনা।” (ৰোমীয়া ১২:১) পৌলৰ বাক্যশাৰীৰ সামঞ্জস্যত প্ৰকৃত খ্ৰীষ্টানসকলে সপ্তাহত কেৱল এবাৰ ধৰ্ম্মীয় কাৰ্য্যত উপস্থিত হৈ সন্তুষ্ট নহয়। তেওঁলোকে সত্য উপাসনাক উন্নত কৰিবলৈ নিজৰ সময়, শক্তি আৰু আৰ্থিক বস্তুসমূহ অৰ্পিত কৰে। তেনে উপাসকসকলৰ উপস্থিতিত যিহোৱাৰ গৃহ গৌৰৱান্বিত হৈ নুঠেনে বাৰু? যিচয়াৰ ভৱিষ্যতবাণীয়ে অৱশ্যেই গৌৰৱান্বিত হয় বুলি কৈছিল। তদুপৰি, তেনে উৎসাহি উপাসকসকলৰ উপস্থিতি যিহোৱাৰ দৃষ্টিত বাস্তৱতে গৌৰৱযুক্ত বুলি আমি নিশ্চিত হʼব পাৰোঁ।

১৬. প্ৰাচীন সময়ত কোনে নিৰ্ম্মাণ কাৰ্য্যত ভাগ লৈছিল আৰু আধুনিক সময়ত কোনে ভাগ লৈছে?

১৬ নতুনকৈ অহা লোকসকলে কাৰ্য্যত ভাগ লবলৈ ইচ্ছা প্ৰকাশ কৰিছে। আগলৈ ভৱিষ্যতবাণীয়ে এইদৰে কৈছে: “পৰজাতিবিলাকে তোমাৰ গড় পুনৰায় গাঁথিব, আৰু সিহঁতৰ ৰজাবিলাকে তোমাৰ পৰিচৰ্য্যা কৰিব।” বাবিলৰ দাসত্বৰ পৰা মুক্তি পাই পুনৰাই যিৰূচালেমলৈ উভটি আহি যিৰূচালেম আৰু মন্দিৰ নিৰ্ম্মাণ কৰিবলৈ বাস্তৱতে ৰজা, আন জাতিবিলাকে সহায় কৰাত সেই ভৱিষ্যতবাণীৰ প্ৰথম পূৰ্ণতা হৈছিল। (ইজ্ৰা ৩:৭; নহিমিয়া ৩:২৬) আধুনিক সময়ত ইয়াৰ পূৰ্ণতা এক বৰ লোকসমূহৰ ওপৰত হৈছে, যিসকলে সত্য উপাসনা বৃদ্ধি কৰিবলৈ অভিষিক্ত বৰ্গক সমৰ্থন কৰিছে। তেওঁলোকে খ্ৰীষ্টান মণ্ডলী গঠন আৰু এইদৰে তেওঁলোকে যিহোৱাৰ সংগঠনৰ নগৰৰূপী ‘দেৱালবোৰ’ শক্তিশালী কৰি তুলিছে। তদুপৰি, তেওঁলোকে বাস্তৱতে ৰাজ্যগৃহ, সন্মিলন ভৱন আৰু বেথেলৰ অন্য নিৰ্ম্মাণ কাৰ্য্যতো ভাগ লৈছে। এই সকলোবোৰ কাৰ্য্যত ভাগ লোৱাৰ দ্বাৰা তেওঁলোকে অভিষিক্ত ভাইসকলে যিহোৱাৰ সংগঠনক বিস্তাৰিত কৰিবলৈ লোৱা তত্ত্বাৱধানক সমৰ্থন কৰে।

১৭. যিহোৱাই কেনে এক প্ৰকাৰে নিজৰ লোকসকলক গৌৰৱযুক্ত কৰি তুলিছে?

১৭ যিচয়া ৬০:১০ পদত উল্লেখ কৰা শেষ বাক্যবোৰ কিমান যে উৎসাহজনক! যিহোৱাই এইদৰে কৈছে: “মই যেনেকৈ তোমাক কোপত প্ৰহাৰ কৰিছিলোঁ, তেনেকৈ অনুগ্ৰহত তোমালৈ দয়াও কৰিলোঁ।” ইয়াত কোনো সন্দেহ নাই যে, ১৯১৮/১৯ চনত যিহোৱাই নিজৰ লোকসকলক অনুশাসন দিছিল। কিন্তু সেইয়া হʼল অতীতৰ বিষয়। বৰ্তমান অভিষিক্ত আৰু তেওঁলোকৰ সঙ্গী অন্য মেৰবৰ্গৰ ওপৰত যিহোৱাই দয়া প্ৰকাশ কৰাৰ সময়। যিহোৱাই যে তেওঁৰ লোকসকলক আশীৰ্ব্বাদ কৰি ‘গৌৰৱযুক্ত’ কৰিছে, তাক আচৰিতৰূপে হোৱা বৃদ্ধিৰ দ্বাৰা প্ৰমাণ পোৱা গʼল।

১৮, ১৯. (ক) যিহোৱাৰ সংগঠনলৈ নতুনকৈ অহা লোকসকলৰ বাবে তেওঁ কি প্ৰতিজ্ঞা কৰিছে? (খ) যিচয়া ৬০ অধ্যায়ৰ বাকী পদবোৰে আমাক কি কৈছে?

১৮ প্ৰত্যেক বছৰে লাখ লাখ “পৰজাতিবিলাকে” যিহোৱাৰ সংগঠনৰ সৈতে যোগ হৈছে আৰু আন লোকসকলৰ বাবেও ভৱিষ্যতে এই সংগঠনৰ দুৱাৰ মুকলি থাকিব। যিহোৱাই চিয়োনক উদ্দেশ্য কৰি এইদৰে কৈছে: “লোকবিলাকে যেন জাতিবিলাকৰ ধন-সন্পত্তি আৰু বন্দী কৰি অনা সিহঁতৰ ৰজাবিলাকক তোমাৰ ভিতৰলৈ আনিব পাৰে, এই নিমিত্তে তোমাৰ বৰ দুৱাৰবোৰ সদায় মেলা হৈ থাকিব, দিনত কি ৰাতিত কেতিয়াও বন্ধ কৰা নহব।” (যিচয়া ৬০:১১) কিছুমান শত্ৰুৱে “দুৱাৰবোৰ” বন্ধ কৰিবলৈ চেষ্টা কৰিছে কিন্তু আমি জানো যে তেওঁলোকে সেই কাৰ্য্যত কেতিয়াও সফল হʼব নোৱাৰে। কিয়নো যিহোৱাই স্বয়ং কৈছে যে দুৱাৰবোৰ কেতিয়াও বন্ধ নহʼব। সেয়েহে একেৰাহে বৃদ্ধি হৈ থাকিব।

১৯ আজিও যিহোৱাই তেওঁৰ লোকসকলক বিভিন্ন প্ৰকাৰে আশীৰ্ব্বাদ কৰিছে আৰু তেওঁলোকক এই শেষকালত গৌৰৱযুক্ত কৰি তুলিছে। যিচয়া ৬০ অধ্যায়ৰ বাকী পদবোৰত লাক্ষণিকভাৱে আশীৰ্ব্বাদ কৰা বিভিন্ন দিশসমূহৰ বিষয়ে প্ৰকাশ কৰিছে। (w02 7/1)

আপুনি বৰ্ণনা কৰিব পাৰিবনে?

• ঈশ্বৰৰ ‘স্ত্ৰীগৰাকী’ কোন আৰু পৃথিৱীত কোনে তাইৰ প্ৰতিনিধিত্ব কৰে?

• চিয়োনৰ লʼৰা-ছোৱালীবোৰ কেতিয়া ভূমিত পৰে আৰু কেনেকৈ তেওঁলোকে “থিয়” দিয়ে?

• বিভিন্ন চিহ্ন ব্যৱহাৰ কৰি যিহোৱাই বৰ্তমান সময়ত সংখ্যাৰ বৃদ্ধি হʼবলগীয়া ৰাজ্যৰ প্ৰচাৰকৰ সম্পৰ্কে কেনেকৈ ভৱিষ্যতবাণী কৰিছিল?

• যিহোৱাই তেওঁৰ লোকসমূহক কেনেকৈ নিজৰ পোহৰৰ দ্বাৰা দীপ্তিময় কৰি তুলিছে?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[১০ পৃষ্ঠাৰ ছবি]

দ্ৰুতগতিত অহা জাহাজবোৰ দিগন্তৰ পৰা অহা কপৌৰ নিচিনা দেখা গৈছে