Skip to content

Skip to table of contents

যিহোৱাৰ মহিমাই লোকসকলক দীপ্তিময় কৰি তুলে

যিহোৱাৰ মহিমাই লোকসকলক দীপ্তিময় কৰি তুলে

যিহোৱাৰ মহিমাই লোকসকলক দীপ্তিময় কৰি তুলে

“যিহোৱা তোমাৰ অনন্তকলীয়া জ্যোতিঃ হব।”—যিচয়া ৬০:২০.

১. যিহোৱাই তেওঁৰ বিশ্বাসী সেৱকসকলক কেনেকৈ আশীৰ্ব্বাদ কৰে?

 গীতমালা ৰচোঁতাজনে এইদৰে কৈছিল: “যিহোৱাই নিজ প্ৰজাবিলাকত সন্তোষ পায়; তেওঁ নম্ৰবিলাকক পৰিত্ৰাণেৰে ভূষিত কৰে।” (গীতমালা ১৪৯:৪) ইতিহাসেও এই সত্যতাৰ বিষয়ে প্ৰমাণ দিছে। যেতিয়া যিহোৱাৰ লোকসকলে তেওঁৰ প্ৰতি বিশ্বাসী হোৱাৰ প্ৰমাণ দিয়ে তেতিয়া তেওঁ তেওঁলোকৰ তত্বাৱধান লয়, তেওঁলোকক সফল আৰু ৰক্ষা কৰে। অতীতত শত্ৰুৰ ওপৰত বিজয়ী হʼবলৈ যিহোৱাই তেওঁলোকক শক্তিশালী হোৱাত সহায় কৰিছিল। বৰ্তমান সময়ছোৱাতো যিহোৱাই নিজৰ লোকসকলক আধ্যাত্মিকৰূপে শক্তিশালী কৰে আৰু যীচুৰ মুক্তিপণ বলিদানৰ দ্বাৰা পৰিত্ৰাণ কৰাৰ আশ্বাস দিছে। (ৰোমীয়া ৫:৯) কিয়নো তেওঁলোক হৈছে ঈশ্বৰৰ দৃষ্টিত মনোহৰ।

২. যদিও ঈশ্বৰৰ লোকসকলে বিৰোধীতাৰ সম্মুখীন হʼবলগীয়া হয়, তথাপিও তেওঁলোকক কেনেধৰণৰ আশ্বাস দিয়া হৈছে?

প্ৰকৃততে অন্ধকাৰময় জগতত “ভক্তিভাৱে জীৱন ধাৰণ” কৰাৰ বাবে তেওঁলোকে বহুতো বিৰোধীতাৰ সম্মুখীন হʼবলগীয়া হʼব। (২ তীমথিয় ৩:১২) কিন্তু যিহোৱাই বিৰোধীসকলক লক্ষ্য কৰিছে আৰু তেওঁলোকক এইদৰে সতৰ্ক কৰি কৈছে: “যি জাতি আৰু যি ৰাজ্যই তোমাৰ অধীনতা স্বীকাৰ নকৰিব, সেই উভয়েই বিনষ্ট হব; এনে কি, সেই জাতিবিলাকক নিচেইকৈ ধ্বংস কৰা যাব।” (যিচয়া ৬০:১২) আজিৰ সময়ত বিভিন্ন প্ৰকাৰে বিৰোধীতা হোৱা দেখা যায়। কিছুমান দেশত বিৰোধীসকলে যিহোৱাৰ সেৱকসকলৰ কাৰ্য্য আৰু উপাসনাক প্ৰতিবন্ধ বা সীমিত কৰিবলৈ চেষ্ট কৰিছে। আন কিছুমান দেশত বিৰোধীসকলে যিহোৱাৰ সেৱকসকলক শাৰীৰিকভাৱে অত্যাচাৰ আৰু তেওঁলোকৰ সা-সম্পত্তিও নষ্ট কৰিছে। কিন্তু মনত ৰাখক যে যিহোৱাৰ ইচ্ছাৰ বিৰুদ্ধে কাৰ্য্য কৰা লোকসকলে ভোগীবলগীয়া পৰিণামৰ বিষয়ে তেওঁ আগৰে পৰা নিৰ্ণয় কৰি ৰাখিছে, যিটো অৱশ্যেই পূৰ্ণ হʼব। নিসন্দেহ, বিৰোধীসকলে কৰা কাৰ্য্যত বিফল হʼব। যিসকলে চিয়োন অৰ্থাৎ এই পৃথিৱীত থকা তাইৰ সন্তানবিলাকক প্ৰতিনিধিত্ব কৰা সদস্যসকলৰ বিৰোদ্ধে যুদ্ধ কৰে, তেওঁলোকে কেতিয়াও সফল নহʼব। এইটো ঈশ্বৰ যিহোৱাই কোৱা এক হৃদয়স্পৰ্ষী আশ্বাস নহয়নে বাৰু?

প্ৰচুৰ পৰিমাণে আশীৰ্ব্বাদ কৰা

৩. যিহোৱাৰ লোকসকলে শুশোভিত আৰু ফলদায়ক হোৱাৰ বিষয়ে কেনেদৰে বৰ্ণনা কৰা হৈছে?

এইটো সঁচা যে যিহোৱাই তেওঁৰ লোকসকলক এই শেষ কালৰ সময়ছোৱাত প্ৰচুৰ পৰিমাণে আশীৰ্ব্বাদ দিছে। বিশেষকৈ তেওঁ ক্ৰমান্বয়ে তেওঁক উপাসনা কৰা স্থান আৰু নাম ধাৰণ কৰোঁতা লোকসকলক শুশোভিত কৰি তুলিছে। ভৱিষ্যতবক্তা যিচয়াৰ দ্বাৰা তেওঁ চিয়োনৰ বিষয়ে এইদৰে ভৱিষ্যতবাণী কৰিছে: “লিবানোনৰ গৌৰৱ তোমালৈ আহিব; দেৱদাৰু, তিধৰ, আৰু তাচুৰ গছ একে লগ হৈ মোৰ পবিত্ৰস্থান ভূষিত কৰিবৰ অৰ্থে আহিব; আৰু মই মোৰ চৰণৰ ঠাই প্ৰতাপযুক্ত কৰিম।” (যিচয়া ৬০:১৩) সুন্দৰ সেউজীয়া অৰণ্যই পৰ্ব্বতবোৰৰ সৌন্দৰ্য্য অধিকৈ বৃদ্ধি কৰে। সেয়েহে ফলৱন্ত আৰু শুশোভিত হোৱা যিহোৱাৰ সেৱকসকলক উপযুক্তৰূপে লহপহকৈ বাঢ়ি অহা গছবোৰৰ সৈতে তুলনা কৰিব পাৰি।—যিচয়া ৪১:১৯; যিচয়া ৫৫:১৩.

৪. “পবিত্ৰস্থান” আৰু “[যিহোৱাৰ] চৰণৰ ঠাই কি আৰু এইবোৰক কেনেকৈ শুশোভিত কৰি তুলা হৈছে?

যিচয়া ৬০:১৩ পদত উল্লেখ কৰা “পবিত্ৰস্থান” আৰু “[যিহোৱাৰ] চৰণৰ ঠাই” কি? এই অভিব্যক্তিবোৰ যিহোৱাৰ বৃহৎ আধ্যাত্মিক মন্দিৰৰ চোতাল কেইখনক চিহ্নিত কৰিছে যʼত যীচুৰ দ্বাৰা তেওঁক উপাসনা কৰি নিকটবৰ্তী হʼবলৈ ব্যৱস্থা কৰা হৈছে। (ইব্ৰী ৮:১-৫; ৯:২-১০, ২৩) যিহোৱাই বৰ্ণনা কৰি কৈছে যে তেওঁ সেই মন্দিৰৰ সৌন্দৰ্য্য বৃদ্ধি কৰাৰ উদ্দেশ্যৰে তাত উপাসনা কৰিবলৈ সকলো জাতিৰ পৰা লোকসকলক একত্ৰিত কৰিছে। (হগ্‌গয় ২:৭) পূৰ্বতে ভৱিষ্যতবক্তা যিচয়াই স্বয়ং দৰ্শনত দেখিছিল যে সকলো জাতিৰ পৰা লোকসমূহ ওলাই, যিহোৱাই ওখত স্থাপন কৰা পৰ্ব্বতত উপাসনা কৰিবলৈ নিজৰাৰ দৰে বৈ গৈছে। (যিচয়া ২:১-৪) কেইবা শতিকাৰ পিছত পাঁচনি যোহনে দৰ্শনত “সকলো জাতি, ফৈদ, লোক, আৰু ভাষাৰ, বগা বস্ত্ৰ পিন্ধা, কোনেও গণিব নোৱাৰা এক বৰ লোকসমূহ” দেখিলে। তেওঁলোকে ‘ঈশ্বৰৰ সিংহাসনৰ আগত . . . . দিনে-ৰাতিয়ে তেওঁৰ মন্দিৰত আৰাধনা” কৰিবলৈ থিয় হোৱা দেখা গল। (প্ৰকাশিত বাক্য ৭:৯, ১৫) যেনেকৈ এই ভৱিষ্যতবাণীবোৰ আজি আমাৰ দিনত পূৰ্ণ হৈছে তেনেকৈ আমি নিজ চকুৰে যিহোৱাৰ গৃহটি শুশোভিত হোৱা দেখিবলৈ পাইছোঁ।

৫. চিয়োনৰ সন্তানবিলাকে কেনে এক মহান পৰিৱৰ্তন অনুভৱ কৰিলে?

ই চিয়োনৰ বাবে কিযে এক বৃহৎ পৰিৱৰ্তন! যিহোৱাই কৈছে: “তুমি এনে পৰিত্যক্তা আৰু ঘৃণিতা হলা, যে, কোনো পথিক তোমাৰ মাজেদি নাযায়; তাৰ সলনি মই তোমাক চিৰকাল থকা প্ৰশংসাৰ, আৰু পুৰুষানুক্ৰমে আমোদৰ বিষয় কৰিম।” (যিচয়া ৬০:১৫) প্ৰথম বিশ্ব যুদ্ধৰ শেষ ভাগত “ঈশ্বৰৰ ইস্ৰায়েলে” অৱশ্যেই এক নিৰ্জনতা অনুভৱ কৰিছিল। (গালাতীয়া ৬:১৬) পৃথিৱীত থকা তাইৰ সন্তানবিলাকৰ প্ৰতি ঈশ্বৰৰ ইচ্ছা কি, স্পষ্টকৈ নুবুজাৰ বাবে “সম্পূৰ্ণৰূপে পৰিত্যক্ত” অনুভৱ কৰিছিল। কিন্তু ১৯১৯ চনত যিহোৱাই পুনৰাই অভিষিক্ত সেৱকসকলক সজীৱ কৰি তুলিলে আৰু তেতিয়াৰ পৰা তেওঁলোকক অসাধাৰণৰূপে আধ্যাত্মিকভাৱে সমৃদ্ধিশালী হʼবলৈ আশীৰ্ব্বাদ কৰিলে। তদুপৰি, সেই পদত উল্লাসিত কৰাৰ বিষয়ে প্ৰতিজ্ঞা কৰা নাছিলনে? যিহোৱাই চিয়োনক “আমোদৰ বিষয়” বুলি দৃষ্টি কৰিব। বাস্তৱতে চিয়োনৰ সন্তানবিলাক আৰু স্বয়ং যিহোৱাই চিয়নোৰ গৌৰৱ কৰিব। তাইক ‘প্ৰশংসা’ কৰা হʼব আৰু সেইবাবে তাই প্ৰচুৰ আনন্দত উপচি পৰিব। সেই আনন্দ ক্ষন্তেকীয়া নহয়। পৃথিৱীত চিয়োনক প্ৰতিনিধিত্ব কৰা তাইৰ সন্তানবিলাকে “পুৰুষানুক্ৰমে” অনুমোদন লাভ কৰিব। ই কেতিয়াও হ্ৰাস নহʼব।

৬. প্ৰকৃত খ্ৰীষ্টানসকলে কেনেকৈ জাতিবিলাকৰ সম্পদবোৰ ব্যৱহাৰ কৰিছে?

এতিয়া আন এটা ঈশ্বৰীয় প্ৰতিজ্ঞাৰ প্ৰতি মন দিয়ক। যিহোৱাই চিয়োনক উদ্দেশ্য কৰি এইদৰে কৈছে: “তুমি জাতিবিলাকৰ দুগ্ধ পান কৰিবা, আৰু ৰজাবিলাকৰ স্তন চুহিবা; তাতে মই যিহোৱা যে তোমাৰ ত্ৰাণকৰ্ত্তা, তোমাৰ মুক্তিদাতা, যাকোবৰ পৰাক্ৰমী জনা, ইয়াক তুমি জানিবা।” (যিচয়া ৬০:১৬) চিয়োনে কেনেকৈ “জাতিবিলাকৰ দুগ্ধ পান” আৰু “ৰজাবিলাকৰ স্তন” চুহিছে? তাইৰ পাৰ্থিব সন্তান অৰ্থাৎ “অভিষিক্ত আৰু তেওঁলোকৰ সৈতে সঙ্গতি কৰা ‘অন্য মেৰবৰ্গই’ সত্য উপাসনাৰ বৃদ্ধি কৰিবলৈ জাতিবিলাকৰ বহুমূলীয়া সম্পদবোৰ ব্যৱহাৰ কৰিছে। (যোহন ১০:১৬) তেওঁলোকে বিশ্বব্যাপি হোৱা প্ৰচাৰ আৰু শিকোৱা কাৰ্য্যৰ বাবে উদাৰশীল হৈ আৰ্থিক দান কৰি সহায় আগবঢ়াইছে। অত্যাধুনিক প্ৰযুক্তি বিদ্যা ব্যৱহাৰ কৰি বাইবেল আৰু ইয়াৰ আধাৰিত আলোচনীবোৰ বিভিন্ন ভাষাত ছপা কৰিছে। অতীতৰ তুলনাত বৰ্তমান সময়ত আগতকৈও অধিক লোকক বাইবেলৰ সত্যক জনোৱা হৈছে। বহুতো জাতিৰ লোকে যিহোৱাৰ বিষয়ে জ্ঞান লৈছে, যিজনে অৱশ্যে নিজৰ অভিষিক্ত সেৱকসকলক আধ্যাত্মিক বন্দীশালৰ পৰা উদ্ধাৰ কৰিবলৈ মুক্তিদাতা হিচাবে কাৰ্য্য কৰিলে।

সংগঠনিক অগ্ৰগতি লাভ কৰা

৭. চিয়োনৰ সন্তানবিলাকে কেনে এক উল্লেখনীয় উন্নতিৰ অভিজ্ঞতা হʼল?

যিহোৱাই আন এক প্ৰকাৰে নিজৰ লোকসকলক শুশোভিত কৰি তুলিছে। তেওঁ তেওঁলোকক সংগঠনিকৰূপে অগ্ৰসৰ হʼবলৈ আশীৰ্ব্বাদ কৰিলে। যিচয়া ৬০:১৭ পদত আমি এইদৰে পঢ়িবলৈ পাওঁ: “মই পিতলৰ সলনি সোণ, লোহাৰ সলনি ৰূপ, কাঠৰ সলনি পিতল, আৰু মই তোমাৰ অধ্যক্ষবিলাকক শান্তিস্বৰূপে, আৰু তোমাৰ কৰগ্ৰাহীবিলাকক ধাৰ্ম্মিকতাস্বৰূপে নিযুক্ত কৰিম।” পিতলৰ সলনি সোণ ব্যৱহাৰ কৰাৰ অৰ্থ হৈছে এক উন্নতিসাধক কাৰ্য্য কৰা আৰু যি অন্য ধাতুবোৰৰ ক্ষেত্ৰতো একেই সত্যৰূপে প্ৰমাণিত হৈছে। সেই পদৰ সামঞ্জস্যত ঈশ্বৰৰ ইস্ৰায়েলে এই শেষকালছোৱাত একেৰাহে সংগঠনিক অগ্ৰসৰ হোৱাৰ অভিজ্ঞতা হৈছে। এই বিষয়ে তলত দিয়া কিছুমান উদাহৰণৰ বিষয়ে বিবেচনা কৰক।

৮-১০. বৰ্ণনা কৰক যে ১৯১৯ চনৰ পৰা সংগঠনিকৰূপে কেনে উন্নতিসাধক কাৰ্য্য কৰা হʼল।

ঈশ্বৰৰ মণ্ডলীৰ লোকসমূহক ১৯১৯ চনৰ পূৰ্বেই প্ৰাচীন আৰু পৰিচাৰকসকলে (দিয়াকনচ্‌) পৰিচালিত কৰিছিল। সেই প্ৰাচীন আৰু পৰিচাৰকসকলক (দিয়াকনচ্‌) মণ্ডলীৰ সদস্যসকলে গণতান্ত্ৰিকৰূপে নিৰ্ব্বাচন কৰিছিল। সেই বছৰৰ আৰম্ভণিতে “বিশ্বাসী বুদ্ধিমান দাসে” প্ৰচাৰ কাৰ্য্যক চোৱা-চিতা কৰিবলৈ প্ৰত্যেক মণ্ডলীত এক সেৱা কাৰ্য্যকৰ্তাক (চাৰ্ভিচ ডাইৰেক্টৰ) নিযুক্তি কৰে। (মথি ২৪:৪৫-৪৭) কিন্তু বহুতো মণ্ডলীত নিৰ্ব্বাচিত প্ৰাচীনসকলে প্ৰচাৰ কাৰ্য্যক সম্পূৰ্ণভাৱে সমৰ্থন নকৰাৰ বাবে এই ব্যৱস্থা অধিক কাৰ্য্যকাৰী নহʼল। গতিকে ১৯৩২ চনত সকলো মণ্ডলীক প্ৰাচীন আৰু পৰিচাৰকৰ নিৰ্ব্বাচনৰ সেই ব্যৱস্থাক বন্ধ কৰিবলৈ নিৰ্দ্দেশ দিয়া হʼল। তাৰ পৰিৱৰ্তে তেওঁলোকক সেৱা কাৰ্য্যকৰ্তাৰ সৈতে কাৰ্য্য কৰিবলৈ এক সেৱা সমিতিৰ বাবে ব্যক্তিসকলক নিৰ্ব্বাচন কৰিলে। সেইয়া আছিল “কাঠৰ সলনি পিতল”—কিযে এক বৃহৎ উন্নতিসাধক কাৰ্য্য!

গোটেই বিশ্বত থকা মণ্ডলীসমূহে ১৯৩৮ চনত সেই উন্নতিসাধক প্ৰবন্ধটোক স্বীকাৰ কৰিবলৈ স্থিৰ কৰিলে, যিটো অধিকভাৱে শাস্ত্ৰৰ সামঞ্জস্যত আছিল। মণ্ডলীৰ পৰিচালকগোষ্ঠীৰ দায়িত্বভাৰ বিশ্বাসী বুদ্ধিমান দাসৰ দ্বাৰা নিৰ্বাচিত কৰা এজন সাহচৰ্য্য সেৱক (কোম্পানি চাৰ্ভেন্ট) আৰু আন সেৱকসকলক গতাই দিয়া হʼল। ইয়াৰ উপৰিও নিৰ্ব্বাচন কৰা কাৰ্য্যক বাতিল কৰিলে! তেতিয়াৰ পৰা মণ্ডলীৰ নিযুক্তিসমূহ ঈশ্বৰৰ ব্যৱস্থা অনুসাৰে হʼবলৈ ধৰিলে। সেইয়া আছিল “ৰূপ” বা “সোণ” অথবা “পিতলৰ” সলনি “লোহাৰ” দৰে।

১০ তেতিয়াৰ পৰা একেৰাহে বৃদ্ধি হʼবলৈ ধৰিলে। উদাহৰণস্বৰূপে, ১৯৭২ চনত ঈশ্বৰ-শাসিত ৰূপে নিযুক্তি হোৱা এক সহযোগী প্ৰাচীন গোষ্ঠীয়ে মণ্ডলীৰ চোৱাচিতা কৰিছিল। সেই ব্যৱস্থা আগতকৈও সঠিকভাৱে প্ৰথম শতাব্দীৰ দৰে আছিল। তেওঁলোকৰ ভিতৰত কোনো এজনেও আন প্ৰাচীন ওপৰত অধিকাৰ চলোৱা নাছিল। আগলৈ, প্ৰায় দুবছৰৰ আগতে আন এটা পদক্ষেপ লোৱা হৈছিল। বিশেষ আইনগত নিগমৰ সঞ্চালন কৰাৰ দায়িত্বভাৰৰ সাল-সলনি কৰা হʼল, যাতে প্ৰশাসন গোষ্ঠীয়ে আইন বিষয়বোৰৰ পৰিৱৰ্তে অধিক সময় ঈশ্বৰৰ লোকসকলৰ আধ্যাত্মিক আৱশ্যকতাৰ প্ৰতি ধ্যান দিব পাৰে।

১১. যিহোৱাৰ লোকসকলে সংগঠনিকৰূপে অগ্ৰগতি লাভ কৰিবলৈ কোনে সহায় কৰিছে আৰু তেনে সাল-সলনিৰ কেনে ফল পোৱা গʼল?

১১ এনেধৰণৰ অগ্ৰগতি লাভ কৰিবলৈ কোনে সহায় কৰিছে? একমাত্ৰ যিহোৱাই এই কাৰ্য্যৰ বাবে সহায় কৰিছে। কেৱল তেওঁহে এইদৰে কৈছে: “মই পিতলৰ সলনি সোণ আনিম।” আগলৈ তেওঁ এইদৰে কৈছে: “মই তোমাৰ অধ্যক্ষবিলাকক শান্তিস্বৰূপে, আৰু তোমাৰ কৰগ্ৰাহীবিলাকক ধাৰ্ম্মিকতাস্বৰূপে নিযুক্ত কৰিম।” সঁচাকৈ নিজৰ লোকসকলক চোৱা-চিতা কৰিবলৈ কেৱল যিহোৱাই দায়িত্ব বহন কৰিছে। পূৰ্ব্বেই ভৱিষ্যতবাণীত কোৱা এই সংগঠনিক অগ্ৰগতি হৈছে আন এটা প্ৰণালী যাৰ দ্বাৰা তেওঁ নিজ লোকক শুশোভিত কৰিছে। পৰিণামস্বৰূপে, যিহোৱাৰ সাক্ষীসকলে বহুতো ধৰণে আশীৰ্ব্বাদ লাভ কৰিলে। যিচয়া ৬০:১৮ পদত আমি এনেদৰে পঢ়িবলৈ পাওঁ: “তোমাৰ দেশত অত্যাচাৰৰ আৰু তোমাৰ সীমাৰ ভিতৰত বিনষ্ট হোৱাৰ বা ধ্বংসৰ কথা আৰু শুনা নাযাব; কিন্তু তুমি তোমাৰ গড়ৰ নাম পৰিত্ৰাণ, আৰু তোমাৰ বৰ দুৱাৰৰ নাম প্ৰশংসা ৰাখিবা।” সেই বাক্যশাৰী শুনাত কিমানে যে শুৱলা! কিন্তু সেইবোৰৰ কেনেকৈ পূৰ্ণ হৈছিল?

১২. প্ৰকৃত খ্ৰীষ্টানসকলৰ মাজত শান্তি কেনেকৈ এক প্ৰমুখ অংশৰূপে প্ৰকাশ পাইছে?

১২ প্ৰকৃত খ্ৰীষ্টানসকলে মাৰ্গদৰ্শনৰ বাবে সম্পূৰ্ণভাৱে যিহোৱাৰ ওপৰত নিৰ্ভৰ কৰে আৰু তাৰ ফলাফলৰ বিষয়ে ভৱিষ্যতবক্তা যিচয়াই এইদৰে কৈছিল: “তোমাৰ সন্তানবিলাক যিহোৱাৰ দ্বাৰাই শিক্ষিত হব, আৰু তোমাৰ সন্তানবিলাকৰ পৰমশান্তি হব।” (যিচয়া ৫৪:১৩) ইয়াৰ উপৰিও যিহোৱাৰ আত্মাই তেওঁৰ লোকবিলাকক পৰিচালনা কৰে আৰু সেই আত্মাৰ এটা ফল হৈছে শান্তি। (গালাতীয়া ৫:২২, ২৩) বৰ্তমান সময়ৰ অত্যাচাৰপূৰ্ণ জগতত এই শান্তিপ্ৰিয় গুণে যিহোৱাৰ লোকসকলক সতেজতা প্ৰদান কৰে। তেওঁলোকৰ এই শান্তিময় অৱস্থা প্ৰকৃত খ্ৰীষ্টানসকলৰ পৰস্পৰ মাজত থকা প্ৰেমৰ ওপৰত আধাৰিত আৰু সেয়া হৈছে নতুন জগতৰ এক পূৰ্বাভাস। (যোহন ১৫:১৭; কলচীয়া ৩:১৪) এনে শান্তিয়ে ঈশ্বৰলৈ স্তুতি আৰু সন্মান কঢ়িয়াই আনে। তদুপৰি, ই হৈছে আধ্যাত্মিক পৰমদেশৰ এক মুখ্য উপাদান। অৱশ্যেই আমাৰ প্ৰত্যেকজনে তেনে শান্তিত আনন্দ উপভোগ কৰি নিশ্চয়ে ৰোমাঞ্চিত হৈছে!—যিচয়া ১১:৯.

যিহোৱাৰ পোহৰ সদায়েই দীপ্তিময় হৈ থাকিব

১৩. আমি কিয় নিশ্চিত হʼব পাৰোঁ যে যিহোৱাই তেওঁৰ লোকসকলক একেৰাহে নিজৰ পোহৰৰ দ্বাৰা জ্যোতিময় কৰি ৰাখিব?

১৩ যিহোৱাৰ পোহৰে সদায়েই তেওঁৰ লোকসকলক দীপ্তিময় কৰি ৰাখিবনে? অৱশ্যেই ৰাখিব। কিয়নো যিচয়া ৬০:১৯, ২০ পদত এইদৰে কৈছে: “দিনত সূৰ্য্য তোমাৰ দীপ্তি আৰু নহব, আৰু পোহৰৰ অৰ্থে চন্দ্ৰই তোমাক জোনাক নিদিব; কিন্তু যিহোৱায়েই তোমাৰ অনন্তকলীয়া জ্যোতিঃ, আৰু তোমাৰ ঈশ্বৰেই তোমাৰ ভূষণস্বৰূপ হব। তোমাৰ সূৰ্য্য আৰু অস্ত নাযাব, তোমাৰ চন্দ্ৰও আৰু মাৰ নাযাব; কিয়নো যিহোৱা তোমাৰ অনন্তকলীয়া জ্যোতিঃ হব, আৰু তোমাৰ শোকৰ দিন সমাপ্ত হব।” অভিষিক্ত লোকসকলে ১৯১৯ চনত যেতিয়া আধ্যাত্মিক বন্দীশালৰ পৰা মুক্তি লাভ কৰে তেতিয়াৰ পৰা যিহোৱাৰ পোহৰ তেওঁলোকৰ ওপৰত দীপ্তিময় হʼব ধৰিলে। বৰ্তমান সময়ত ৮০ বছৰতকৈ অধিক সময়ৰ পিছতো সেই পোহৰে লোকসকলক একেৰাহে উজ্জ্বলময় কৰি আহিছে। ই সদায়েই জ্যোতিময় হৈ থাকিব। তেওঁৰ উপাসকসকলৰ সূৰ্য্য কেতিয়াও “অস্ত” বা চন্দ্ৰৰৰ পোহৰ ‘মাল্ন’ হʼবলৈ নিদিব। ইয়াৰ বিপৰীতে অনিৰ্দিষ্ট কাললৈ যিহোৱাই নিজৰ লোকসকলক পোহৰৰ দ্বাৰা উজ্জ্বলময় কৰি ৰাখিব। যিসকলে আজি আধ্যাত্মিক অন্ধকাৰৰ জগতত বাস কৰিছে, তেওঁলোকৰ বাবে ই কিযে এক অপূৰ্ব আশা!

১৪, ১৫. (ক) কি অৰ্থত যিহোৱাৰ সকলো লোকক “ধাৰ্মিক” বুলি কোৱা হৈছে? (খ) যিচয়া ৬০:২১ পদত উল্লেখ কৰা অনুসাৰে অন্য মেৰবৰ্গৰ লোকসকলে কেনে পূৰ্ণতালৈ বাট চাই আছে?

১৪ এই পৃথিৱীত থকা চিয়োনৰ প্ৰতিনিধি অৰ্থাৎ ঈশ্বৰৰ ইস্ৰায়েলৰ সম্পৰ্কে কৰা আন এটা প্ৰতিজ্ঞাৰ বিষয়ে মন কৰক। যিচয়া ৬০:২১ পদত কৈছে: “মই গৌৰৱান্বিত হবৰ নিমিত্তে মই ৰোৱা গছৰ পোখা আৰু মোৰ হাতে কৰা কৰ্ম্মস্বৰূপ যি তোমাৰ প্ৰজাবিলাক, তেওঁবিলাক সকলোৱেই ধাৰ্ম্মিক হব; তেওঁবিলাকে অনন্ত কাললৈকে দেশ অধিকাৰ কৰিব।” অভিষিক্ত খ্ৰীষ্টানসকলক ১৯১৯ চনত যেতিয়া পুনৰাই সজীৱ কৰি তুলা হʼল তেতিয়া তেওঁলোকক অন্য লোকতকৈ ভিন্ন দেখা গৈছিল। তেওঁলোকে যীচুৰ মুক্তিপণ বলিদানৰ ওপৰত দৃঢ় বিশ্বাস ৰখাৰ বাবে “ধাৰ্ম্মিক বুলি গণিত” হʼল। (ৰোমীয়া ৩:২৪; ৫:১) অতীতত ইস্ৰায়েলসকলে বাবিলৰ দাসত্বৰ পৰা স্বাধীন হৈ এখন “দেশ” দখল কৰাৰ দৰে তেওঁলোকেও এখন আধ্যাত্মিক দেশ বা আধ্যাত্মিক কাৰ্য্যৰে ভৰা ৰাজ্য দখল কৰি পৰমদেশৰ আনন্দ উপভোগ কৰিবলৈ আছিল। (যিচয়া ৬৬:৮) সেই দেশৰ সৌন্দৰ্য্যতা কেতিয়াও লুপ্ত নহʼব। কিয়নো প্ৰাচীন ইস্ৰায়েলসকলৰ দৰে তেওঁলোকে বিশ্বাসঘাতকতাৰ পৰিচয় নিদিব। তেওঁলোকৰ বিশ্বাস, সহনশীল আৰু উদীপনাই ঈশ্বৰৰ নাম সন্মানিত কৰাত কেতিয়াও হ্ৰাস নহʼব।

১৫ সেই আধ্যাত্মিক জাতিৰ সকলো সদস্যই এক নতুন ব্যৱস্থাৰ অধীনস্থ হৈছে। সকলোৱে নিজ নিজ হৃদয়ত যিহোৱাৰ ব্যৱস্থাক লিখিছে আৰু যীচুৰ মুক্তিপণ বলিদানৰ আধাৰত যিহোৱাই তেওঁলোকৰ পাপ ক্ষমা কৰিছে। (যিৰিমিয়া ৩১:৩১-৩৪) তেওঁলোকক ধাৰ্মিক “পুত্ৰবিলাক” বুলি ঘোষণা কৰিছে আৰু তেওঁলোকৰ সৈতে শুদ্ধতা হিচাপে আচাৰ-ব্যৱহাৰ কৰিছে। (ৰোমীয়া ৮:১৫, ১৬, ২৯, ৩০) আনকি তেওঁলোকৰ সঙ্গী অন্য মেৰবৰ্গৰ লোকসকলৰো পাপ যীচুৰ মুক্তিপণ বলিদানৰ আধাৰিত ক্ষমা আৰু অব্ৰাহামৰ দৰে বিশ্বাস ৰখাৰ বাবে তেওঁলোকক ঈশ্বৰৰ বন্ধু হিচাবে ধাৰ্মিক বুলি ঘোষণা কৰিছে। কিয়নো তেওঁলোকে “মেৰ পোৱালিৰ তেজেৰে নিজ নিজ বস্ত্ৰ ধুই বগা কৰিলে।” তদুপৰি, এই অন্য মেৰবৰ্গৰ লোকসকলে আন এক মহান আশীৰ্ব্বাদলৈ বাট চাই আছে। “মহাক্লেশৰ” পৰা ৰক্ষা পোৱা বা পুনৰুত্থান হোৱাৰ পিছত তেওঁলোকে যিচয়া ৬০:২১ পদত উল্লেখ কৰা বাক্যশাৰীৰ স্বাভাৱিক পূৰ্ণতা দেখিবলৈ পাব যʼত সমূদায় পৃথিৱী পৰমদেশলৈ পৰিণত হোৱাৰ বিষয়ে উল্লেখ কৰা হৈছে। (প্ৰকাশিত বাক্য ৭:১৪; ৰোমীয়া ৪:১-৩) সেই সময়ত “নম্ৰবিলাক পৃথিবীৰ অধিকাৰী হব, আৰু প্ৰচুৰ শান্তিত হৰ্ষিত হব।”—গীতমালা ৩৭:১১, ২৯.

একেৰাহে বৃদ্ধি হৈ আছে

১৬. যিহোৱাই কেনে এক উল্লেখনীয় প্ৰতিজ্ঞা কৰিছিল আৰু কেনেকৈ ইয়াৰ পূৰ্ণতা হৈছে?

১৬ যিচয়া ৬০ অধ্যায়ৰ শেষ পদটোত আমি যিহোৱাৰ চূড়ান্ত প্ৰতিজ্ঞাৰ বিষয়ে পঢ়িবলৈ পাওঁ। তেওঁ চিয়োনক উদ্দেশ্য কৰি এইদৰে কৈছে: “যি সৰু, হাজাৰ হৈ উঠিব; আৰু যি ক্ষুদ্ৰ, সি বলৱান জাতি হৈ উঠিব; মই যিহোৱাই উচিত সময়ত ইয়াক সাম্ফল কৰিবলৈ বেগী হম।” (যিচয়া ৬০:২২) যিহোৱাই কোৱা সেই বাক্য আজি আমাৰ সময়ত সত্যৰূপে প্ৰমাণিত হৈছে। ১৯১৯ চনত যেতিয়া অভিষিক্ত খ্ৰীষ্টানসকলক পুনৰাই সজীৱ কৰি তুলা হৈছিল তেতিয়া তেওঁলোকৰ সংখ্যা অতি “ক্ষুদ্ৰ” আছিল। অভিষিক্ত বৰ্গৰ সেই বাকী থকা নিৰ্দ্দিষ্ট সংখ্যাৰ পূৰ হোৱাত তেওঁলোকৰ সংখ্যা বৃদ্ধি হʼল। তাৰ পিছত অন্য মেৰবৰ্গৰ গণিব নোৱাৰা এক বৃহৎ সংখ্যক লোকসমূহে অভিষিক্ত বৰ্গৰ লোকসকলৰ সৈতে একত্ৰিত হʼবলৈ আৰম্ভ হʼল। ঈশ্বৰৰ লোকৰ এই শান্তিময় পৰিবেশ অৰ্থাৎ তেওঁলোকৰ “দেশৰ” আধ্যাত্মিক অৱস্থাই বহুতো নম্ৰ ব্যক্তিক আকৰ্ষিত কৰিলে আৰু এইদৰে “যি ক্ষুদ্ৰ সি বলৱান জাতি” হৈ উঠিল। বৰ্তমান সময়ত এই “জাতি” অৰ্থাৎ ঈশ্বৰৰ ইস্ৰায়েল আৰু ৬০ লাখতকৈ অধিক সমৰ্পিত “পৰজাতিবিলাকে” পৃথিৱীৰ বহুতো ঠাইত প্ৰখ্যাত হৈ পৰিছে। (যিচয়া ৬০:১০) ইয়াৰ সকলো সদস্যই যিহোৱাৰ পোহৰক প্ৰতিফলিত কৰাত অংশ গ্ৰহণ কৰিছে আৰু ইয়ে তেওঁলোক যিহোৱাৰ দৃষ্টিত শুশোভিত কৰি তুলিছে।

১৭. যিচয়া ৬০ অধ্যায়ৰ ওপৰত কৰা আলোচনাই আপোনাক কেনেধৰণে প্ৰভাৱিত কৰে?

১৭ যিচয়া ৬০ অধ্যায়ত উল্লেখ কৰা মুখ্য বিষয়বোৰক বিবেচনা কৰাৰ দ্বাৰা আমাৰ বিশ্বাস নিশ্চয়ে দৃঢ় হʼব। যিহোৱাৰ লোকসকলে আধ্যাত্মিকৰূপে দাসত্বত বন্দী আৰু তাৰ পৰা মুকলি হোৱাৰ বিষয়ে তেওঁ আগতেই জানিছিল, ইয়াকে দেখি আমি নিশ্চয়ে উৎসাহিত হৈছোঁ। প্ৰকৃততে যিহোৱাই আমাৰ সময়ত বৃদ্ধি হʼবলগীয়া সত্য উপাসকসকলৰ সংখ্যাৰ বিষয়ে বহু আগৰেই পৰা জানিছিল, ইয়ে সঁচাকৈ আমাক বিস্মিত কৰি তুলে। তদুপৰি, যিহোৱাই যে আমাক কেতিয়াও ত্যাগ নিদিব বুলি জানি আমি কিমান যে উৎসাহিত হওঁ! এইটো কিযে এক প্ৰেমময় আশ্বাস যি “নগৰৰ” দুৱাৰবোৰ কেতিয়াও বন্ধ কৰা নহʼব যাতে “অনন্ত জীৱন পাবলৈ নিৰূপিত” হোৱা ব্যক্তিসকলে প্ৰৱেশ কৰিব পাৰে! (পাঁচনিৰ কৰ্ম্ম ১৩:৪৮) যিহোৱাই সদায়েই তেওঁৰ লোকসকলক পোহৰৰ দ্বাৰা জ্যোতিময় কৰি ৰাখিব। যেনেকৈ চিয়োনৰ সন্তানবিলাকে নিজৰ পোহৰ উজ্জ্বলময় কৰি তুলিব তেনেকৈ তাই অধিক গৌৰৱ কৰিব। (মথি ৫:১৬) আমি নিশ্চয়ে আগতকৈ অধিকভাৱে ঈশ্বৰৰ ইস্ৰায়েলৰ কাষ চাপিবলৈ আৰু যিহোৱাৰ পোহৰ প্ৰকাশ কৰিবলৈ পোৱা বিশেষাধিকাৰৰ প্ৰতি শলাগ লʼবলৈ দৃঢ় সিদ্ধান্ত লৈছোঁ! (w02 7/1)

আপুনি কেনেকৈ বৰ্ণনা কৰিব?

• বিৰোধীতাৰ সম্মুখীন হোৱাৰ স্বত্বেও আমি কিহৰ বাবে নিশ্চিত হʼব পাৰোঁ?

• চিয়নোৰ সন্তানবিলাকে কেনেকৈ ‘জাতিবিলাকৰ দুগ্ধ পান কৰিলে?’

• যিহোৱাই কি ধৰণে ‘কাঠৰ সলনি পিতল আনিলে?’

যিচয়া ৬০:১৭, ২১ পদত কেনে দুটা গুণৰ বিষয়ে উল্লেখ কৰিছে?

• “ক্ষুদ্ৰ” কেনেকৈ এক “বলৱান জাতি” হৈছে?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[১৬ পৃষ্ঠাৰ বক্স/ছবি]

যিচয়াৰ ভৱিষ্যতবাণী—সকলো মানৱজাতিৰ বাবে দীপ্তিস্বৰূপ

এই লেখ দুখনৰ বিষয়বস্তু ২০০১/০২ চনৰ “ঈশ্বৰৰ বাক্যৰ শিক্ষক হোৱা” জিলা অধিৱেশনৰ ৰাজহুৱা ভাষণৰ পৰা তুলি লোৱা হৈছে। ভাষণৰ সমাপ্তিত প্ৰায়ভাগ ঠাইত বক্তাজনে যিচয়াৰ ভৱিষ্যতবাণী—সকলো মানৱজাতিৰ বাবে দীপ্তিস্বৰূপ, ভাগ ২ নামৰ নতুন কিতাপখন উন্মোচন কৰে। ইয়াৰ বিগত বছৰত সেই কিতাপখনৰ প্ৰথম খণ্ডক উন্মোচন কৰা হৈছিল। এই নতুন কিতাপখনত যিচয়া পুস্তকৰ প্ৰায় প্ৰত্যেকটো পদক অত্যাধুনিক দৃষ্টিভঙ্গীৰে আলোচনা কৰা হৈছে। আমাৰ বিশ্বাস শক্তিশালী কৰা এই দুটা খণ্ডই আমাক ভৱিষ্যদ্বাণীসূচক যিচয়াৰ পুস্তকখনক গভীৰভাৱে বুজিবলৈ আৰু তাৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিবলৈ এক অত্যুতম সহায় আগবঢ়াইছে।

[১৫ পৃষ্ঠাৰ ছবিসমূহ]

অতিশয় অত্যাচাৰ সম্মুখীন হোৱাৰ সময়ত ‘যিহোৱাই নিজৰ লোকসকলক উদ্ধাৰৰ আশাৰে শুশোভিত কৰি তুলে’