অন্ধবিশ্বাসৰ দ্বাৰা আপোনাৰ জীৱনটো পৰিচালিত নে?
অন্ধবিশ্বাসৰ দ্বাৰা আপোনাৰ জীৱনটো পৰিচালিত নে?
পৃথিৱীৰ সকলো ঠাইৰ লোকে অন্ধবিশ্বাসৰ সৈতে জড়িত আছে। সেইবোৰক কেতিয়াবা পৰম্পৰাগত ৰীতি-নীতিৰ এক অপৰিহাৰ্য্য অংশ হিচাবে দৃষ্টি কৰা হয়। অথবা সেইবোৰক জীৱনটোক ৰোমাঞ্চকৰ কৰি তুলাৰ সামান্য আগ্ৰহপূৰ্ণ বিষয় বুলি বিবেচনা কৰা হয়। পশ্চিমীয়া দেশবোৰত, অন্ধবিশ্বাসক সাধাৰণতে কম গুৰুতপূৰ্ণ বিষয় বা কিছুমাত্ৰাত নাস্তিকবাদ বুলি বিবেচনা কৰা হয়। আনহাতে অন্ধবিশ্বাসে আফ্ৰিকাৰ লোকসকলক গভীৰভাৱে প্ৰভাৱিত কৰিছে বুলি কʼব পৰা যায়।
আফ্ৰিকাৰ বেছিভাগ পৰম্পৰাগত ৰীতি-নীতি অন্ধবিশ্বাসৰ সৈতে জড়িত হৈ আছে। আফ্ৰিকা মহাদেশত প্ৰকাশ পোৱা বোলছবি, অনাঁতাৰৰ কাৰ্য্যক্ৰম আৰু আলোচনীবোৰত প্ৰায়ে অন্ধবিশ্বাস আৰু যাদুবিদ্যা, পূৰ্বজ উপাসনা আৰু মন্ত্ৰপূত তাবিজ আদিৰ দৰে অলৌকিক বিষয়বোৰৰ বিষয়ে উল্লেখ কৰা হয়। লোকসকলে কিয় অন্ধবিশ্বাসৰ দ্বাৰা প্ৰভাৱিত আৰু অন্ধবিশ্বাস কʼৰ পৰা উৎপন্ন হʼল?
অন্ধবিশ্বাসৰ উৎস কি?
সাধাৰণতে বেছিভাগ অন্ধবিশ্বাস মৃতবিলাকৰ আত্মা বা আন প্ৰকাৰৰ আত্মাৰ প্ৰতি থকা ভয়ৰ পৰা উৎপন্ন হৈছে। ঘটিত হোৱা ঘটনাবোৰক এই আত্মাবিলাকৰ সৈতে যোগাযোগ কৰি জীৱিত ব্যক্তিসকলক ভাবুকি, সতৰ্কবাণী বা আশীৰ্ব্বাদৰূপে ভাঙনি কৰা হয়।
তদুপৰি, অন্ধবিশ্বাস আৰোগ্য কৰা আৰু ঔষধৰ সৈতেও নিবিড়ভাৱে জড়িত হৈ আছে। উন্নয়নশীল দেশবোৰত আধুনিক দৰব-পাতিবোৰ অধিক খৰচী আৰু প্ৰায়ে সেইবোৰক দুখীয়া মানুহে কিনিব নোৱাৰে। সেয়েহে বহুতে আৰোগ্য বা কিছুমাত্ৰাত প্ৰতিকাৰ লাভ কৰিবলৈ পূৰ্বজ ৰীতি-নীতি, প্ৰেতাত্মাবাদ আৰু অন্ধবিশ্বাসৰ সহায় লয়। ইয়াৰ উপৰিও তেওঁলোকে কোনো পশ্চিমীয়া দৰব-পাতিৰে চিকিৎসা কৰা ডক্টৰতকৈ তেওঁলোকৰ ৰীতি-নীতিৰ সম্পৰ্কে জ্ঞান থকা যাদুমন্ত্ৰ অভ্যাস কৰা ওজাবোৰৰ ওচৰলৈ যাবলৈ অধিক সহজ অনুভৱ কৰে। এইদৰে অন্ধবিশ্বাস একেৰাহে প্ৰবলৰূপে বৃদ্ধি পাইছে।
অন্ধবিশ্বাসী সমাজে বিশ্বাস কৰে যে অসুস্থতা আৰু দুৰ্ঘটনাবোৰ প্ৰাকৃতিকভাৱে নহয়, দৰাচলতে এইবোৰ প্ৰেতাত্মাই সৃষ্টি কৰে। যাদুবিদ্যা কৰা এজন ওজাই হয়তো কব পাৰে যে মৃত্যু হোৱা পূৰ্বজনে অসন্তুষ্ট হোৱাৰ বাবে তেনে হৈছে, সেয়েহে তেওঁক সন্তুষ্ট কৰিব লাগে। অথবা প্ৰেতাত্মাবাদ মাধ্যমে হয়তো পৰামৰ্শ দিয়ে যে কোনোবাই বিপক্ষ ওজাৰ দ্বাৰা কোনোবা এজনে পীড়িত লোকক অভিশাপ দিছে, সেইবাবে ব্যক্তিজনে অসুস্থতা বা দুৰ্ঘটনাৰ বলি হৈছে।
অন্ধবিশ্বাস বিশালভাৱে গোটেই পৃথিৱীতে ব্যাপি থকা দেখিবলৈ পোৱা যায় আৰু তাক মানুহৰ মাজত প্ৰচলিত কৰাটো স্থানীয় পৰম্পৰাগত ৰীতি-নীতি, আখ্যান আৰু পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰে। কিন্তু সাধাৰণতে পোৱা বিশ্বাসৰ অনুসাৰে, অদৃশ্য জগতৰ কোনোবা এজনক বা কিহবা এটাক সন্তুষ্ট কৰা আৱশ্যক বুলি লোকসকলে ভাবে।
অন্ধবিশ্বাস অহানিকাৰক বা বিপদজনক
বহুতো পৰিয়ালৰ বাবে যজাঁ সন্তান জন্ম হোৱাটো হৈছে অস্বাভাৱিক আৰু পুলকিত কৰা ঘটনা। তেনে ঘটনাক অন্ধবিশ্বাস কৰোঁতাসকলে হয়তো এটা চিহ্ন বুলি মানিব পাৰে। পশ্চিম
আফ্ৰিকাৰ কিছুমান ভাগত জন্ম হোৱা যজাঁ সন্তানক দেৱ-দেৱী হিচাবে দৃষ্টি কৰে আৰু সেই যজাঁ সন্তানক উপাসনা কৰে। সেই যজাঁ সন্তানৰ এটা বা দুয়োটাৰে মৃত্যু হলেও তেওঁলোকৰ সৰু মূৰ্ত্তি নিৰ্ম্মাণ কৰে আৰু পৰিয়ালবৰ্গই অৱশ্যেই সেই মূৰ্ত্তিলৈ আহাৰ উৎসৰ্গ কৰা আৱশ্যক। প্ৰায়ে সকলো ঠাইতে লোকসকলে যজাঁ সন্তানক অভিশাপ বুলি দৃষ্টি কৰে, এই ক্ষেত্ৰত কিছুমান পিতৃ-মাতৃয়ে তাৰে এটিক হত্যা কৰে। কিয় হত্যা কৰে? কিয়নো তেওঁলোকে বিশ্বাস কৰে যে সেই যজাঁ সন্তান জীয়াই থাকিলে, এদিন তেওঁলোকে নিজৰ পিতৃ-মাতৃক হত্যা কৰিব পাৰে।উদাহৰণসমূহে প্ৰকাশ কৰিছে যদিও কিছুমান অন্ধবিশ্বাস কৌতূহলপূৰ্ণ আৰু অহানিকাৰক যেন বোধ হয়, তথাপিও আনবোৰ অন্ধবিশ্বাস বিপদজনক বা মাৰাত্মক হʼব পাৰে। এটা বিৰোধাত্মক অৰ্থ ভাঙনিয়ে অহানিকাৰক ঘটনাকো বিপদজনক বিষয়লৈ পৰিণত কৰিব পাৰে।
প্ৰকৃততে অন্ধবিশ্বাস হৈছে এক প্ৰকাৰৰ ধৰ্ম্মীয় বিশ্বাস। অন্ধবিশ্বাসৰ পৰা উৎপন্ন হোৱা বিপদবোৰৰ ক্ষেত্ৰত গভীৰতাৰে বিবেচনা কৰি নিজকে এইদৰে প্ৰশ্ন কৰাটো যুক্তিসঙ্গত হʼব: দৰাচলতে কোনে এনে অন্ধবিশ্বাস আৰু কাৰ্য্যৰ দ্বাৰা লাভৱান হয়?
অন্ধবিশ্বাসৰ উৎস
বৰ্তমান সময়ত চয়তানৰ অস্তিত্বৰ বিষয়ে প্ৰমাণ পোৱা স্বত্বেও কিছুমানে চয়তান আৰু দুষ্ট আত্মাবোৰৰ অস্তিত্বক অস্বীকাৰ কৰে। আনকি যুদ্ধৰ সময়তো যে শত্ৰুৱে কেৱল এক ধ্বংলৈ পৰিচালিত কৰিব পাৰে তাকো জ্ঞাত হʼবলৈ অস্বীকাৰ কৰে। অমানৱীয় আত্মিক প্ৰাণীৰ সৈতে হোৱা সংঘৰ্ষৰ বিষয়ে পাঁচনি পৌলে এইদৰে লিখিছিল: “আমাৰ মালযুদ্ধ . . . দুষ্টতাৰ আত্মিক দলবোৰৰ সৈতে হৈছে।”—ইফিচীয়া ৬:১২.
যদিও আমি দুষ্ট আত্মিক প্ৰাণীবিলাকক নিজ চকুৰে দেখা নাপাওঁ তথাপিও সিহঁত অস্তিত্বত আছে। বাইবেলে কৈছে যে পুতলাৰ দ্বাৰা কথা কোৱা ব্যক্তিৰ দৰে সেই অদৃশ্য আত্মিক ব্যক্তিয়ে সৰ্পৰ যোগেদি প্ৰথম মানৱ স্ত্ৰীৰ সৈতে যোগাযোগ কৰি তাইক ঈশ্বৰৰ বিপৰীতে পৰিচালিত কৰিলে। (আদিপুস্তক ৩:১-৫) বাইবেলে সেই আত্মিক ব্যক্তিক “দিয়াবল আৰু চয়তান নামেৰে বিখ্যাত হোৱা যি পুৰণি সাপে গোটেই জগতৰ ভ্ৰান্তি জন্মায়” বুলি চিনাক্ত কৰিছে। (প্ৰকাশিত বাক্য ১২:৯) সেই চয়তানে আন স্বৰ্গদূতবোৰকো প্ৰলোভিত কৰি নিজৰ সৈতে চামিল কৰিলে। (যিহূদা ৬) এই স্বৰ্গদূতবোৰ পিছলৈ পিশাচ বা ভূত আৰু ঈশ্বৰৰ শত্ৰু হৈ পৰিল।
যীচুৱে এই ভূতবোৰক লোকবিলাকৰ পৰা বাহিৰ কৰিছিল আৰু একেইদৰে তেওঁৰ শিষ্যসকলেও কৰিছিল। (মাৰ্ক ১:৩৪; পাঁচনিৰ কৰ্ম্ম ১৬:১৮) এই আত্মিক ব্যক্তিবোৰ পূৰ্বজ নহয়, কিয়নো মৃতবিলাকে “একোকেই নাজানে।” (উপদেশক ৯:৫) ইয়াৰ বিপৰীতে তেওঁলোক হৈছে বিদ্ৰোহী স্বৰ্গদূত, যিসকলক চয়তানে বিপথগামী কৰিলে। তেওঁলোকৰ সৈতে সম্পৰ্ক কৰা বা তেওঁলোকৰ দ্বাৰা প্ৰভাৱিত হোৱাটো কোনো সাধাৰণ বিষয় নহয়, কিয়নো তেওঁলোকৰ নেতা চয়তানৰ দৰে তেওঁলোকেও আমাক গ্ৰাস কৰিব বিচাৰে। (১ পিতৰ ৫:৮) তেওঁলোকৰ লক্ষ্য হৈছে মানৱজাতিক একমাত্ৰ আশা যি ঈশ্বৰৰ ৰাজ্যৰ পৰা বিপথগামী কৰা।
বাইবেলত চয়তান আৰু তাৰ পিশাচবিলাকে ব্যৱহাৰ কৰা এটা পদ্ধতিৰ বিষয়ে স্পষ্টকৈ প্ৰকাশ কৰি এইদৰে কৈছে: “চয়তানে নিজেও দীপ্তিময় দূতৰ বেশ ধৰে।” (২ কৰিন্থীয়া ১১:১৪) চয়তানে প্ৰতাৰণা কৰি এইদৰে আমাক বিশ্বাস কৰাব বিচাৰে যে কেৱল সি মানৱজাতিক এক উত্তম জীৱন প্ৰদান কৰিব পাৰে। যিহেতু প্ৰেতাত্মাবাদৰ জড়িয়তে কৰা কাৰ্য্যত সামান্যভাৱে অস্থায়ী লাভৱান হোৱা যেন বোধ হʼব পাৰে। কিন্তু সেইবিলাকে স্থায়ীভাৱে সমাধান দিব নোৱাৰে। (২ পিতৰ ২:৪) তেওঁবিলাকে কোনো এজনকো অনন্তকলীয়া জীৱন প্ৰদান কৰিব নোৱাৰে আৰু অতি শীঘ্ৰেই তেওঁবিলাকক ধ্বংস কৰা হʼব। (ৰোমীয়া ১৬:২০) একমাত্ৰ আমাৰ সৃষ্টিকৰ্ত্তাই হৈছে অনন্তকলীয়া জীৱন, প্ৰকৃত আনন্দ আৰু দুষ্ট আত্মিক শক্তিবোৰৰ পৰা ৰক্ষা কৰাৰ উৎস।—যাকোব ৪:৭.
ঈশ্বৰে প্ৰেতাত্মাবাদৰ দ্বাৰা সহায় লোৱা কাৰ্য্যক ঘৃণা কৰে। (দ্বিতীয় বিবৰণ ১৮:১০-১২; ২ ৰাজাৱলি ২১:৬) কিয়নো তেনে কাৰ্য্য কৰাৰ দ্বাৰা ঈশ্বৰৰ শত্ৰুক প্ৰেম কৰি ঈশ্বৰৰ বিশ্বাসঘাটকতাৰ সৈতে বন্ধুত্ব কৰা হয়! জন্মপত্ৰিকাৰ পৰা পৰামৰ্শ লোৱা, জনজাতীয় ওজা বা বেজৰ ওচৰত সন্ধান কৰা বা বাহ্যিকভাৱে কোনো অন্ধবিশ্বাস কৰাৰ অৰ্থ হৈছে আপুনি লোৱা নিৰ্ণয়বোৰক প্ৰেতাত্মাবাদে পৰিচালিত কৰা। তদুপৰি, এনেবোৰ কাৰ্য্যত জড়িত হোৱাৰ অৰ্থ হৈছে ঈশ্বৰৰ বিৰোধীতা কৰাত তেওঁলোকৰ সঙ্গী হোৱা।
প্ৰেতাত্মাবাদৰ পৰা ৰক্ষা পোৱাটো সম্ভৱনে?
নাইজাৰ প্ৰদেশত বাস কৰা আডে a নামৰ ব্যক্তিজনে পূৰ্ণসময়ৰ অগ্ৰগামী সেৱা কৰা এজন যিহোৱাৰ সাক্ষীৰ সৈতে বাইবেল অধ্যয়ন কৰিবলৈ আৰম্ভ কৰে। আডে তেওঁৰ দোকানত মন্ত্ৰপুত তাবিজ ৰখাৰ কাৰণ বৰ্ণনা কৰি এইদৰে কৈছিল: “মোৰ বহুতো শত্ৰু আছে।” কিন্তু আডেক বাইবেল শিকোৱা ভাইজনে কʼলে যে একমাত্ৰ যিহোৱাই তেওঁক প্ৰকৃত সুৰক্ষা দিব পাৰে। তাৰ পিছত ভাইজনে আডেক গীতমালা ৩৪:৭ পদটো পঢ়ি শুনালে, যʼত এইদৰে কোৱা হৈছে: “যিহোৱাৰ দূতে তেওঁলৈ ভয় ৰাখোঁতাবিলাকৰ চাৰিওফালে ছাউনি পাতে, আৰু তেওঁবিলাকক উদ্ধাৰ কৰে।” তেতিয়া আডেই এই সিদ্ধান্তত উপনীত হʼল: “যদি যিহোৱাই বাস্তৱতে মোক ৰক্ষা কৰিব পাৰে তেনেহʼলে সেই মন্ত্ৰপুত তাবিজৰ মোৰ কোনো আৱশ্যকতা নাই।” আনন্দৰ বিষয় এই যে বৰ্তমানে তেওঁ এজন প্ৰাচীন আৰু পূৰ্ণসময়ৰ অগ্ৰগামীৰূপে সেৱা কৰি আছে। অথচ কোনো শত্ৰুৱে তেওঁৰ অনিষ্ট কৰা নাই।
আমি অন্ধবিশ্বাস কৰোঁ বা নকৰোঁ, বাইবেলে কৈছে যে আমাৰ সকলোলৈ সময় আৰু দৈব্যক্ৰম ঘটে। (উপদেশক ৯:১১) কিন্তু যিহোৱাই কেতিয়াও আমাক হানিকাৰক বিষয়ত পৰীক্ষা নকৰে। (যাকোব ১:১৩) আদমৰ পৰা অসিদ্ধতা আৰু পাপক উত্তৰাধিকাৰস্বৰূপে পোৱাৰ বাবে আমি সকলোৱে মৃত্যুৰ সম্মুখীন হʼবলগীয়া হওঁ। (ৰোমীয়া ৫:১২) এই ক্ষেত্ৰত সময়ে সময়ে সকলোৱে অসুস্থ আৰু ভুল কাৰ্য্য কৰাৰ পৰিণামস্বৰূপে আমি সৰ্ব্বনাশৰ সম্মুখীন হʼবলগীয়া হওঁ। গতিকে অসুস্থতা বা জীৱনৰ সকলো সমস্যাক প্ৰেতাত্মাবাদৰ কাৰ্য্য বুলি বিবেচনা কৰাটো ভুল হʼব। এনে বিশ্বাসে আমাক যিকোনো প্ৰকাৰে কেৱল প্ৰেতাত্মাক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰাৰ বাবে প্ৰলোভিত কৰিব পাৰে। b যেতিয়া আমাৰ বেমাৰ হয় তেতিয়া আমি চয়তান বা তাৰ কোনো মাধ্যমৰ পৰা দিহা-পৰামৰ্শ লোৱাৰ পৰিৱৰ্তে উপযুক্ত দৰব-পাতি লোৱা আৱশ্যক, “কিয়নো সি মিছলীয়া আৰু তাৰ বাপেক।” (যোহন ৮:৪৪) পৰিসংখ্যা বিজ্ঞানে প্ৰকাশ কৰিছে যে পূৰ্বজ অন্ধবিশ্বাসৰ অনুসাৰে চলা দেশবোৰৰ লোকসকলে অন্ধবিশ্বাসৰ অনুসাৰে নচলা দেশবোৰৰ তুলনাত কম সময় জীয়াই থাকে বা তেওঁলোকে উত্তমভাৱে জীৱন-যাপন কৰিব নোৱাৰে। ইয়াত স্পষ্টকৈ প্ৰকাশ পাইছে যে অন্ধবিশ্বাসে কোনো উত্তম স্বাস্থ্য প্ৰদান কৰিব নোৱাৰে।
ঈশ্বৰ হৈছে সকলো দুষ্ট আত্মিক প্ৰাণীবোৰৰ পৰা বহু শক্তিশালী আৰু তেওঁ আমাৰ হিতৰ প্ৰতি আগ্ৰহী। এই বিষয়ে বাইবেলে এইদৰে কৈছে: “কিয়নো [যিহোৱাৰ, NW] চকু ধাৰ্ম্মিকবিলাকৰ আৰু তেওঁৰ কাণ তেওঁবিলাকৰ প্ৰাৰ্থনালৈ।” (১ পিতৰ ৩:১২) গতিকে প্ৰতিৰক্ষা আৰু জ্ঞান পাবলৈ তেওঁলৈ প্ৰাৰ্থনা কৰক। (হিতোপদেশ ১৫:২৯; হিতোপদেশ ১৮:১০) তেওঁৰ পবিত্ৰ বাক্য অৰ্থাৎ বাইবেলখন বুজিবলৈ যত্ন কৰক। বাইবেলৰ পৰা লাভ কৰা যথাৰ্থ জ্ঞানে আমাক সকলোতকৈ উত্তমৰূপে প্ৰতিৰক্ষা কৰিব পাৰে। ইয়ে আমাক বৰ্তমানে ঘটি থকা বেয়া পৰিস্থিতিবোৰৰ বিষয়ে বুজিবলৈ আৰু সৰ্ব্বশক্তিমান ঈশ্বৰৰ অনুমোদন পোৱাত সহায় কৰে।
ঈশ্বৰৰ জ্ঞানৰ পৰা পোৱা লাভসমূহ
জ্ঞানহীনতা আৰু অন্ধবিশ্বাসৰ বিপৰীতে যিহোৱা আৰু তেওঁৰ উদ্দেশ্যৰ যথাৰ্থ জ্ঞান হৈছে এনে এটা চাবি যিয়ে আমাক প্ৰকৃত সুৰক্ষা প্ৰদান কৰে। উদাহৰণস্বৰূপে, বেনীনত বাস কৰা জেন নামৰ এজন ব্যক্তিৰ পৰিয়ালত অন্ধবিশ্বাসে দকৈ বাঁহ লৈ আছিল। জনজাতীয় ৰীতি-নীতিৰ অনুসাৰে পুত্ৰ সন্তান জন্ম দিয়া এগৰাকী মহিলাই বিশেষভাৱে নিৰ্ম্মাণ কৰা ঘৰত ৯ দিন আৰু যদি তাই কন্যা সন্তান জন্ম দিয়ে তেনেহʼলে ঘৰটোত ৭ দিন অতিবাহিত কৰিব লাগে।
১৯৭৫ চনত জেনৰ পত্নীয়ে এটা সুন্দৰ পুত্ৰ সন্তানৰ জন্ম দিয়ে আৰু তাৰ নাম মাৰ্ক ৰখা হয়। বাইবেল আধাৰিত জ্ঞানৰ ওপৰত বিশ্বাস কৰাৰ বাবে জেন আৰু তেওঁৰ পত্নীয়ে প্ৰেতাত্মাবাদত জড়িত হʼব বিচৰা নাছিল। কিন্তু তেওঁলোকে পৰিয়ালৰ আন সদস্যসকলক ভয় কৰি আৰু অন্ধবিশ্বাস কৰিবলৈ দিয়া হেঁচাৰ বাবে জেনৰ পত্নী আৰু পুতেকে সেই বিশেষ ঘৰটো অতিবাহিত কৰিছিলনে? অৱশ্যেই কৰা নাছিল। তেওঁলোকে জনজাতীয় অন্ধবিশ্বাসৰ অনুসাৰে কাৰ্য্য কৰিবলৈ অস্বীকাৰ কৰিলে।—ৰোমীয়া ৬:১৬; ২ কৰিন্থীয়া ৬:১৪, ১৫.
জেনৰ পৰিয়ালে তাৰ বাবে কোনো বেয়া পৰিস্থিতিৰ সম্মুখীন হৈছিলনে? সেই ঘটনা হোৱা আজি বহু বছৰ হʼল আৰু মাৰ্ক স্থানীয় যিহোৱাৰ সাক্ষীসকলৰ মণ্ডলীত এজন সহায়ক সেৱকৰূপে কাৰ্য্য কৰি আছে। তেওঁলোকে নিজৰ জীৱনটোক অন্ধবিশ্বাসৰ দ্বাৰা প্ৰভাৱিত আৰু আধ্যাত্মিক কল্যাণত বিপদ উৎপন্ন কৰিবলৈ নিদিয়াৰ বাবে আজি পৰিয়ালটোৱে আনন্দেৰে জীৱন নিৰ্বাহ কৰিছে।—১ কৰিন্থীয়া ১০:২১, ২২.
এতেকে প্ৰকৃত খ্ৰীষ্টানসকলে তেওঁলোকৰ সৃষ্টিকৰ্ত্তা যিহোৱা আৰু তেওঁৰ পুত্ৰ যীচু খ্ৰীষ্টই প্ৰদান কৰা আধ্যাত্মিক পোহৰ গ্ৰহণ কৰি তেওঁলোকে নিজৰ জীৱনৰ পৰা অন্ধবিশ্বাসৰ অনিষ্টকাৰক অভ্যাসবোৰক সম্পূৰ্ণকৈ আঁতৰ কৰা উচিত। এইদৰে কৰাৰ বাবে তেওঁলোকে যি কৰিছে সেইটো ঈশ্বৰৰ দৃষ্টিত যে গ্ৰহণযোগ্য তাকে জানি তেওঁলোকে লাভ কৰা যথাৰ্থ জ্ঞানৰ পৰা প্ৰকৃত মানসিক শান্তি লাভ কৰিব পাৰিব।—যোহন ৮:৩২. (w02 8/1)
[ফুটনোটবোৰ]
a ইয়াত আচল নামৰ পৰিৱৰ্তে ছদ্মনাম ব্যৱহাৰ কৰা হৈছে।
b ছেপ্টেম্বৰ ১, ১৯৯৯ চনত প্ৰহৰীবুৰুজʼত প্ৰকাশ কৰা “চয়তানে আমাক অসুস্থ কৰেনে?” নামৰ লেখটো চাওক।
[৫ পৃষ্ঠাৰ বক্স/ছবি]
বিশ্বজুৰি লোকসকলৰ মাজত প্ৰচলিত কিছুমান সাধাৰণ অন্ধবিশ্বাস
• ভাতৰ পাত্ৰত আহাৰ খাবলৈ ব্যৱহাৰ কৰা দুডাল মাৰি লম্বভাৱে থকাটো হৈছে মৃত্যুৰ আগজাননী
• দিনৰ সময়ছোৱাত এটা ফেঁচা দেখিবলৈ পোৱাটো দুৰ্ভাগ্যৰ চিহ্ন
• কোনো এটা পূজা-পাতলৰ সময়ত এডাল জ্বলি থকা মমবাতি নুমাই যোৱাৰ অৰ্থ হৈছে ওচৰ-পাজৰে কোনো দুষ্ট আত্মা উপস্থিত আছে
• মজিয়াতখনত এটা ছাতি ওলোটাকৈ পৰি থকাৰ অৰ্থ হৈছে সেই ঘৰখনত ঘটিত হʼবলগীয়া কোনো হত্যাকাণ্ডৰ আগজাননী
• বিছনাৰ ওপৰত এটা টুপী ৰখাটো দুৰ্ভাগ্যৰ চিহ্ন
• ঘন্টাৰ শব্দই পিশাচবোৰক খেদাই
• জন্মদিনত কেকৰ ওপৰত ৰখা মমবাতিবোৰক এবাৰতে ফু-মাৰি নুমাই দিলে, সেই ব্যক্তিজনৰ মনোকামনা পূৰ্ণ হয়
• বিছনাখনৰ বিপৰীতফালে এটা বাঢ়নী ৰখাটোৱে বাঢ়নীত থকা দুষ্ট আত্মাক বিছনাখনলৈ যাবলৈ অনুমতি দিয়া
• আপুনি গৈ থকা অৱস্থাত সম্মুখেদি এটা কʼলা মেকুৰী পাৰ হৈ যোৱাৰ অৰ্থ হৈছে দুৰ্ভাগ্য
• মজিয়াত এটা কাঁটা-চামুচ পৰাৰ অৰ্থ হৈছে ঘৰলৈ কোনোবা আলহী আহিব
• দুৱাৰৰফালে মুখ কৰি থকা হাতীৰ চিত্ৰখনৰ অৰ্থ হৈছে সৌভাগ্য
• দুৱাৰৰ চৌকাঠত উলোমাই থোৱা ঘোঁৰাৰ খুৰাত লগোৱা নালৰ অৰ্থ হৈছে সৌভাগ্য
• ঘৰখনত আইভী লতা ৰোপণ কৰাই দুষ্টৰ পৰা প্ৰতিৰক্ষা কৰাক চিহ্নিত কৰে
• জখলাৰ তলেৰে যোৱাটো দুৰ্ভাগ্যৰ চিহ্ন
• আৰ্চি ভঙাৰ অৰ্থ হৈছে দুৰ্ভাগ্যৰ সাত বছৰ
• কাগজ সিঁচৰিত হৈ থকাৰ অৰ্থ হৈছে আপুনি নিজৰ নলে-গলে লগা বন্ধুৰ সৈতে তৰ্ক-বিতৰ্ক হʼবলগায়া আছে
• নিমখ চিটিকি পৰা অৰ্থ হৈছে যেতিয়ালৈকে বাওঁ কান্ধৰ ওপৰেদি এচিকুট নিমখ দলিয়াই নেপেলাই তেতিয়ালৈকে দুৰ্ভাগ্য
• কোনো নবহাকৈ চকী লৰচৰ কৰাৰ অৰ্থ হৈছে পিশাচবোৰক সেইখনত বহিবলৈ আমন্ত্ৰণ কৰা
• বাহিৰত জোতা ওলোটাকৈ ৰখাৰ অৰ্থ হৈছে দুৰ্ভাগ্য
• যেতিয়া কোনোবা এজনৰ মৃত্যু হয় তেতিয়া তেওঁৰ প্ৰাণ বাহিৰলৈ ওলাই যাবলৈ খিৰিকীখন খুলি ৰখা উচিত
[৬ পৃষ্ঠাৰ বক্স]
অন্ধবিশ্বাসৰ বন্ধনৰ পৰা মুক্ত হোৱা
যিহোৱাৰ সাক্ষীসকলে দক্ষিণ আফ্ৰিকাৰ এখন ঠাইত প্ৰচাৰ কৰিছিল। যেতিয়া সাক্ষীসকলে এটা ঘৰৰ দুৱাৰত টুকুৰীয়াই তেতিয়া বিশেষ বস্ত্ৰ পৰিধান কৰা এগৰাকী মহিলা চেঙ্গমা (ওজা) বাহিৰলৈ ওলাই আহে। সাক্ষীসকলে তাৰ পৰা আঁতৰি যাবলৈ বিচাৰিছিল, কিন্তু মহিলাগৰাকীয়ে তেওঁলোকে অনা বাৰ্ত্তাৰ বিষয়ে কʼবলৈ জোৰ কৰি আগ্ৰহ কৰিলে। তেতিয়া এজন সাক্ষীয়ে সেই মহিলাগৰাকীক দ্বিতীয় বিবৰণ ১৮:১০-১২ পদৰ পৰা প্ৰেতাত্মাবাদৰ সম্পৰ্কে ঈশ্বৰৰ দৃষ্টিভঙ্গী কি তাক পঢ়ি শুনালে। সেই মহিলাগৰাকীয়ে তেওঁলোকৰ বাৰ্ত্তা শুনি বাইবেল অধ্যয়ন কৰিবলৈ মান্তি হʼল। সেই মহিলাগৰাকীয়ে কʼলে যে যদি তাই অভ্যাস কৰা চেঙ্গমা যিহোৱাৰ ইচ্ছাৰ সামঞ্জস্যত নহয়, তেন্তে তাই তেনে কাৰ্য্য কৰাটো বন্ধ কৰিব।
সেই মহিলাগৰাকীয়ে বাইবেলখনৰ সৈতে আপুনি পৰমদেশীয় পৃথিৱীত অনন্ত কাল জীয়াই থাকিব পাৰে নামৰ কিতাপখনৰ ১০ অধ্যায়টো অধ্যয়ন কৰাৰ পিছত চেঙ্গমাৰ সৈতে জড়িত থকা তাইৰ সকলোবোৰ বস্তু জ্বলাই ধ্বংস কৰিলে আৰু ৰাজ্যগৃহৰ সভাত উপস্থিত হʼবলৈ ধৰিলে। ইয়াৰ উপৰিও তাই ১৭ বছৰ নিজৰ স্বামীৰ পৰা পৃথকে থকাৰ স্বত্বেও নিজৰ বৈবাহিক জীৱন আইনসঙ্গত কৰিলে। এতিয়া স্বামী-স্ত্ৰীয়ে উভয়ে বাপ্তিষ্মা লৈ আৰু যিহোৱাৰ সাক্ষী হিচাবে সেৱা কৰি আছে।
[৬ পৃষ্ঠাৰ ছবি]
এজন “চেঙ্গমাই” অস্থিবোৰ দৈবিক-শক্তিলৈ নিক্ষেপ কৰিছে, যি হৈছে এজন ৰোগীৰ অসুস্থতাৰ কাৰণ
[৭ পৃষ্ঠাৰ ছবিসমূহ]
ঈশ্বৰৰ যথাৰ্থ জ্ঞানে প্ৰকৃত ৰক্ষা আৰু আনন্দ প্ৰদান কৰে