“আপোনালোকে জানেনে, মই কিয় এই টকাখিনি উভটাই দিছোঁ?”
“আপোনালোকে জানেনে, মই কিয় এই টকাখিনি উভটাই দিছোঁ?”
জৰ্জিয়াৰ কাচপী নামৰ ঠাইত তিনিটা পুতেকৰ সৈতে বাস কৰা নানে নামৰ এগৰাকী একজনক মাতৃয়ে এইদৰে লিখিছিল যে, ‘মোক অৱশ্যেই সেই টকাখিনিৰ আৱশ্যক আছিল।’ এদিন ৰাতিপূৱা কিছু টকা লাভ কৰাৰ প্ৰতি থকা তাইৰ আশা অৱশ্যেই পূৰ্ণ হৈছিল। তাই এখন পুলিচ চকীৰ কাষত ৩০০ লাৰী (প্ৰায় ৭০০০ টকা) ৰাস্তাৰ দাঁতিত পৰি থকা দেখা পালে। তাৰ আশে-পাশে কোনো নাছিল। সেই পৰিমাণৰ টকা তাইৰ বাবে প্ৰকৃততে অধিক আছিল। কিয়নো নানে নিজৰ দেশত লাৰী প্ৰচলন হোৱাৰ পাঁচ বছৰৰ পিছতো ১০০ লাৰীৰ এখন বিল দেখি পোৱা নাছিল। বহুবছৰ কঠোৰ পৰিশ্ৰম কৰা পিছতো এজন স্থানীয় বেপাৰীয়ে সিমান ধন আৰ্জন কৰিব নোৱাৰে।
এতেকে নানে এই বুলি ভাবিবলৈ ধৰিলে যে, ‘এই টকাখিনিৰ বাবে মই মোৰ বিশ্বাস, ঈশ্বৰ প্ৰতি থকা ভয় আৰু আধ্যাত্মিকতাক হেৰুৱাব লাগিবনে?’ কিয়নো তাই নিজৰ বিশ্বাসৰ বাবে মাৰ খোৱা, অত্যন্ত যাতনা ভোগাৰ স্বত্বেও খ্ৰীষ্টান গুণসমূহ বজাই ৰাখিছিল।
যেতিয়া তাই পুলিচ চকীত প্ৰৱেশ কৰিলে তেতিয়া নানে দেখিবলৈ পালে যে পাঁচজন পুলিচ বিষয়াই ব্যাকূল হৈ কিবা বিচাৰি আছে। তাই উপলব্ধি কৰিব পাৰিলে যে তেওঁলোকে নিশ্চয়ে সেই হেৰুৱা লাৰীখিনি বিচাৰি আছে। তাই তেওঁলোকৰ ওচৰলৈ গৈ এইদৰে কʼলে: “আপোনালোকৰ কিবা হেৰাল নেকি?”
তেওঁলোকে উত্তৰ দি কʼলে, “আমাৰ টকা হেৰাল।”
নানে সুধিলে: “কিমান?”
“তিনিশ লাৰী!”
তাতে তাই কʼলে যে, “মই আপোনালোকৰ লাৰীখিনি পালোঁ।” তাৰ পিছত তাই তেওঁলোকক সুধিলে “আপোনালোকে জানেনে মই এই ধনখিনি কিয় উভটাই দিছোঁ?” তেওঁলোকে নাজানে বুলি কʼলে।
তাই এইদৰে কʼলে, “মই এগৰাকী যিহোৱাৰ সাক্ষী। মই যদি যিহোৱাৰ সাক্ষী নোহোৱা হʼলে কেতিয়াও এই টকাখিনি উভটাই নিদিলোঁহেঁতেন।”
তেতিয়া টকা হেৰুৱা পুলিচৰ মুখ্য বিষয়াজনে নানেক তাইৰ সত্যনিষ্ঠাৰ বাবে তাইক ২০ লাৰী পুৰষ্কাৰ দিলে।
অতি কম সময়ৰ ভিতৰত এই সংবাদটো কাচপী জিলাত জুইৰ দৰে বিয়পি পৰিল। তাৰ পিছৰ দিনা পুলিচ চকীৰ পৰা অহা এগৰাকী কাম কৰা মহিলাই নানেক এইদৰে কৈছিল: “[মুখ্য বিষয়াজনে] সদায়ে আপোনাৰ সাহিত্যসমূহ নিজৰ অফিচত ৰাখে। এতিয়া তেওঁ সেইবোৰক হয়তো আগতকৈও অধিক মূল্যাঙ্কন কৰিব।” তদুপৰি, আন এজন পুলিচ বিষয়াই এইদৰে কৈছিল: “যদি সকলোৱে যিহোৱাৰ সাক্ষী হৈ পৰে তেনেহʼলে কোনে অপৰাধ কৰিব?” (w02 8/15)