Skip to content

Skip to table of contents

ঈশ্বৰীয় অধিকাৰপ্ৰাপ্ত ব্যক্তিসকলৰ প্ৰতি আনুগত্যভাৱে অধীনস্থ হওক

ঈশ্বৰীয় অধিকাৰপ্ৰাপ্ত ব্যক্তিসকলৰ প্ৰতি আনুগত্যভাৱে অধীনস্থ হওক

ঈশ্বৰীয় অধিকাৰপ্ৰাপ্ত ব্যক্তিসকলৰ প্ৰতি আনুগত্যভাৱে অধীনস্থ হওক

“যিহোৱা আমাৰ বিচাৰকৰ্ত্তা, যিহোৱা আমাৰ ব্যৱস্থাপক, যিহোৱা আমাৰ ৰজা।”যিচয়া ৩৩:২২.

১. আন জাতিবোৰৰ তুলনাত ইস্ৰায়েল জাতিক কিহে অদ্বিতীয় কৰি তুলিছিল?

 ৰাষ্ট্ৰৰূপে ইস্ৰায়েলৰ গঠন হৈছিল সা.যু.পূ. ১৫১৩ চনত। সেই সময়ত তেওঁলোকৰ নিজা কোনো ৰাজধানী চহৰ, মাতৃভূমি আৰু কোনো মানৱীয় ৰজা নাছিল। কিয়নো তেওঁলোকে অতীতত দাসত্ব হিচাবে জীৱন-নিৰ্বাহ কৰিছিল। তথাপিও সেই নতুনকৈ গঠিত ৰাষ্ট্ৰখন সকলোতকৈ অদ্বিতীয় আছিল। কিয়নো যিহোৱা ঈশ্বৰ স্বয়ং তেওঁলোকৰ অদৃশ্য বিচাৰকৰ্ত্তা, ব্যৱস্থাপক আৰু ৰজা আছিল। (যাত্ৰাপুস্তক ১৯:৫, ৬; যিচয়া ৩৩:২২) আন কোনো ৰাষ্ট্ৰই যিহোৱাক তেওঁবিলাকৰ ৰজা বুলি দাবী কৰিব নোৱাৰিলে!

২. সুসংগঠিত হোৱা ইস্ৰায়েলৰ সম্বন্ধে কেনে প্ৰশ্ন উদয় হয় আৰু তাৰ উত্তৰ বিচাৰি পোৱাটো আমাৰ বাবে কিয় অতি গুৰুত্বপূৰ্ণ?

যিহেতু যিহোৱা হৈছে সুশৃংখলা বজাই ৰখা আৰু শান্তি দিওঁতা ঈশ্বৰ। গতিকে যি জাতিৰ ওপৰত তেওঁ প্ৰভুত্ব কৰে, সেই জাতি সদায়েই সুসংগঠিত থাকিব বুলি অনুমান কৰিব পাৰোঁ। (১ কৰিন্থীয়া ১৪:৩৩) এই কথাষাৰ ইস্ৰায়েলৰ ক্ষেত্ৰত সত্যৰূপে প্ৰমাণিত হৈছিল। কিন্তু প্ৰশ্ন হৈছে যে কেনেকৈ দৃশ্যমান পাৰ্থিৱ সংগঠন এজন অদৃশ্য ঈশ্বৰৰ দ্বাৰা নিৰ্দেশিত হʼব পাৰে? এই বিষয়ে জানিবলৈ হʼলে আমি সেই অতীতত ইস্ৰায়েল ৰাষ্ট্ৰক যিহোৱাই কৰা পৰিচালনা, বিশেষকৈ তেওঁলোকৰ সৈতে তেওঁ আচৰণ কৰোঁতে ঈশ্বৰীয় অধিকাৰৰ অধীনস্থ হোৱাৰ গুৰুত্বতাক কেনেকৈ দাঙি ধৰিছিল তাৰ বিষয়ে বিবেচনা কৰাটো উত্তম হʼব।

প্ৰাচীন ইস্ৰায়েলক পৰিচালনা কৰা

৩. যিহোৱাই নিজৰ লোকসকলক পৰিচালনা কৰিবলৈ কেনে ব্যৱহাৰিক প্ৰবন্ধ কৰিছিল?

যদিও যিহোৱা ইস্ৰায়েলৰ এজন অদৃশ্য ৰজা আছিল তথাপিও তেওঁক প্ৰতিনিধিত্ব কৰিবলৈ কিছুমান দৃশ্যমান বিশ্বাসী ব্যক্তিক মনোনিত কৰিছিল। পৰিয়ালক চোৱা-চিতা কৰিবলৈ ঘৰখনৰ মুখিয়াল ব্যক্তিজনক মূৰব্বী আৰু বৃদ্ধ ব্যক্তিসকলক লোকসকলৰ উপদেষ্টা আৰু বিচাৰকৰ্ত্তা হিচাবে নিযুক্ত কৰিছিল। (যাত্ৰাপুস্তক ১৮:২৫, ২৬; দ্বিতীয় বিবৰণ ১:১৫) এতেকে সেই নিযুক্ত কৰা ব্যক্তিসকলে যে ঈশ্বৰীয় নিৰ্দ্দেশনা নোহোৱাকৈ নিজৰ বিচাৰধাৰা আৰু তাৎপৰ্য্যতাৰে কিহবা প্ৰকাৰে লোকসকলক ন্যায় কৰিছিল বুলি আমি কোৱাটো উচিত নহʼব। কিয়নো তেওঁলোক অসিদ্ধ মানৱ হোৱা হেতুকে সঙ্গী উপাসকসকলৰ মনৰ কথা জনাত অক্ষম আছিল। তথাপিও, তেনে ঈশ্বৰৰ ভয় মানোতা ন্যায়কৰ্ত্তাসকলে ঈশ্বৰৰ ব্যৱস্থাৰ ওপৰত আধাৰিত কৰি কিছু পৰিমাণে লোকসকলক লাভদায়ক পৰামৰ্শ দিব পাৰিছিল।—দ্বিতীয় বিবৰণ ১৯:১৫; গীতমালা ১১৯:৯৭-১০০.

৪. বিশ্বাসী বিচাৰকৰ্ত্তাসকলে কেনে ধৰণৰ মনোবৃত্তি বিকাশিত কৰাৰ পৰা আঁতৰি থাকিব লাগিছিল আৰু কিয়?

ন্যায়কৰ্ত্তা হিচাবে তেওঁলোকৰ ব্যৱস্থাৰ বিষয়ে জ্ঞান থকাৰ উপৰিও তেওঁলোকে অধিক কিছু জনা আৱশ্যক আছিল। অসিদ্ধতা হোৱাৰ হেতুকে তেওঁলোকে যাতে নিজৰ বিচাৰধাৰা, স্বাৰ্থপৰ ভাৱনা বা পক্ষপাতিত্বমূলক বিচাৰ দাঙি নধৰে তাৰ প্ৰতি সাৱধান হʼব লাগিছিল। সেইবাবে মোচিয়ে তেওঁলোকক কৈছিল: “তোমালোকে বিচাৰত কাৰো মুখলৈ নাচাবা; সৰু বা বৰৰ কথা সমানে শুনিবা; আৰু মানুহৰ মুখ দেখি ভয় নাখাবা; কিয়নো বিচাৰ ঈশ্বৰৰ।” বাস্তৱতে তেওঁলোকে যিহোৱাৰ হৈ লোকসকলক ন্যায় কৰিব লাগিছিল। এনে কাৰ্য্য কৰাটো তেওঁলোকৰ বাবে কিযে এক মহান বিশেষাধিকাৰ আছিল!—দ্বিতীয় বিবৰণ ১:১৬, ১৭.

৫. লোকসকলক চোৱা-চিতা কৰা বাবে ন্যায়কৰ্ত্তা নিযুক্ত কৰাৰ উপৰিও যিহোৱাই আন কেনে ব্যৱস্থা কৰিলে?

নিজৰ লোকসকলৰ আধ্যাত্মিক আৱশ্যকতাক পূৰণ কৰিবলৈ যিহোৱাই আন প্ৰবন্ধসমূহো কৰিছিল। প্ৰতিজ্ঞাত দেশত প্ৰৱেশ কৰাৰ কিছু সময়ৰ পূৰ্বেই যিহোৱাই তেওঁলোকক আবাস তম্বু নিৰ্ম্মাণ কৰিবলৈ আজ্ঞা দিছিল, যিটো সত্য উপাসনাৰ মুখ্য কেন্দ্ৰ আছিল। ব্যৱস্থাৰ বিষয়ে শিক্ষাদান, পশু বলিদান আৰু দিনে-ৰাতিয়ে ধূপ জ্বলাবলৈ তেওঁ পুৰোহিতবৰ্গৰ প্ৰবন্ধ কৰিছিল। তদুপৰি, ঈশ্বৰে মোচিৰ ককায়েক হাৰোণক মহা-পুৰোহিত আৰু তেওঁৰ পুত্ৰবিলাকক তেওঁক সহায় কৰিবলৈ নিযুক্ত কৰিছিল।—যাত্ৰাপুস্তক ২৮:১; গণনা পুস্তক ৩:১০; ২ বংশাৱলি ১৩:১০, ১১.

৬, ৭. (ক) পুৰোহিত আৰু পুৰোহিত নোহোৱা লেবীসকলৰ মাজত কেনে সম্বন্ধ আছিল? (খ) লেবীসকলৰ বিভিন্ন ধৰণে থকা কাৰ্য্যভাৰৰ পৰা আমি কেনে শিক্ষা শিকিবলৈ পাওঁ? (কলচীয়া ৩:২৩)

লাখ লাখ লোকৰ আধ্যাত্মিক আৱশ্যকতাক চোৱা-চিতা কৰাটো সঁচাকৈ এক অসাধাৰণ কাৰ্য্য আৰু পুৰোহিতসকলৰ সংখ্যাও তুলনাত্মকৰূপে তাকৰ আছিল। সেইবাবে লেবীৰ বংশৰ পৰা অন্য সদস্যসকলক সহায়ক হিচাবে বাছি লোৱা হৈছিল। যিহোৱাই মোচিক এইদৰে কৈছিল: “তুমি লেবীয়াবিলাকক হাৰোণ আৰু তেওঁৰ পুত্ৰবিলাকক দিবা; ইস্ৰায়েলৰ সন্তানবিলাকৰ মাজৰ পৰা তেওঁবিলাকক নিচেইকৈ তেওঁক দিয়া হল।”—গণনা পুস্তক ৩:৯, ৩৯.

লেবীসকলকো সুসংগঠিত কৰা হৈছিল। তেওঁলোকক তিনিটা পৰিয়ালত বিভক্ত কৰা হৈছিল, যেনে, গেৰ্চোন, কহাৎ আৰু মৰাৰী। তেওঁলোকৰ প্ৰত্যেককে এটাকৈ দায়িত্ব দিয়া হৈছিল। (গণনা পুস্তক ৩:১৪-১৭, ২৩-৩৭) যদিও কিছুমান কাৰ্য্যভাৰ দেখাত আনতকৈ গুৰুত্বপূৰ্ণ আছিল, দৰাচলতে প্ৰত্যকটো কাৰ্য্যই এক গুৰুত্বপূৰ্ণ ভূমিকা আদায় কৰিছিল। কহাতীয়াবিলাকক পবিত্ৰস্থানৰ কাষত থাকি আবাস তম্বুক চোৱাচিতা কৰাৰ দায়িত্ব দিয়া হৈছিল। যিয়ে নহওক, লেবীৰ বংশৰ প্ৰত্যেকটো গোত্ৰই কহাতীয়া হওক বা আন গোত্ৰই হওক তেওঁলোকে এক মহান বিশেষাধিকাৰৰ আনন্দ উপভোগ কৰিছিল। (গণনা পুস্তক ১:৫১, ৫৩) কিন্তু দুখৰ বিষয় এই যে কিছুমানে সেই বিশেষাধিকাৰক মূল্যাঙ্কন কৰিব নোৱাৰিলে। তেওঁলোকে ঈশ্বৰীয় অধীকাৰৰ অধীনস্থ হোৱাৰ বিপৰীতে অসন্তুষ্ট, অহঙ্কাৰী, উচ্চাকাংক্ষা আৰু বিদ্বেষী হোৱাৰ প্ৰমাণ দিছিল। তেনে মনোভাৱ প্ৰকাশ কৰা লেবী বংশৰ প্ৰথম ব্যক্তিজন আছিল কোৰহ।

“পুৰোহিতৰ বাবলৈকো চেষ্টা কৰিছা নে?”

৮. (ক) কোৰহ কোন আছিল? (খ) কেনে বিচাৰধাৰাই তেওঁক ক্ৰমান্বয়ে পুৰোহিতসকলৰ প্ৰতি মানৱীয় দৃষ্টিভঙ্গী ৰাখিবলৈ প্ৰেৰিত কৰিছিল?

নতুবা কোৰহ লেবী পৰিয়ালৰ পিতৃকুল বা কহাতীয়া পৰিয়ালৰ অধ্যক্ষ আছিল। (গণনা পুস্তক ৩:৩০, ৩২) তথাপিও তেওঁ ইস্ৰায়েল জাতিৰ এজন সন্মানীয় অধ্যক্ষ আছিল। দৰাচলতে কোৰহক হাৰোণ আৰু তেওঁৰ পুত্ৰবিলাকৰ সৈতে কাৰ্য্য কৰিবলৈ দায়িত্ব দিয়া হৈছিল। (গণনা পুস্তক ৪:১৮, ১৯) তেনে অসিদ্ধ ব্যক্তিসকলক উচ্চ পদত দেখি তেওঁ হয়তো এইদৰে ভাবিব ধৰিছিল: ‘এই উচ্চ পদত বহা অসিদ্ধ ব্যক্তিসকলৰ মই কিয় অধীন হোৱা আৱশ্যক! মাত্ৰ কিছু সময়ৰ পূৰ্বেই হাৰোণে সোণৰ দামুৰি নিৰ্ম্মাণ কৰি আমাৰ লোকসকলক মুৰ্ত্তিপূজা কৰিবলৈ প্ৰেৰিত কৰিছিল আৰু আজি মোচিৰ ককায়েক সেই হাৰোণে মহা-পুৰোহিতৰ কাৰ্য্য কৰিছে। ই কিমান যে এক পক্ষপাতিত্বমূলক বিষয়! তদুপৰি, হাৰোণৰ দুজন পুত্ৰ নাদৰ আৰু অবীহূৱে তেওঁলোকৰ বিশেষ অধিকাৰক সম্পূৰ্ণকৈ অসন্মান কৰাত যিহোৱাই জানো তেওঁলোকক মৃত্যুদণ্ড দিয়া নাছিলনে!’ a (যাত্ৰাপুস্তক ৩২:১-৫; লেবীয়া পুস্তক ১০:১, ২) কোৰহে মনত যিয়ে নাভাবিছিল কিয়, এইটো স্পষ্টকৈ প্ৰকাশ পাইছে যে ঈশ্বৰে ব্যৱস্থা কৰা পুৰোহিতবৰ্গক তেওঁ মানৱীয় দৃষ্টিভঙ্গীৰে দৃষ্টি কৰিছিল। তেনে বিচাৰধাৰাই তেওঁক মোচি আৰু হাৰোণ অৰ্থাৎ যিহোৱাৰ বিৰুদ্ধে থিয় হʼবলৈ প্ৰেৰিত কৰিলে।—১ চমূৱেল ১৫:২৩; যাকোব ১:১৪, ১৫.

৯, ১০. মোচি আৰু হাৰোণৰ বিৰুদ্ধে কোৰহ আৰু তেওঁৰ সঙ্গীসকলে কেনে অভিযোগ দিছিল আৰু তেনে কৰাৰ পৰা আঁতৰি থাকিবলৈ তেওঁলোকৰ ওচৰত কেনে এক গুৰুত্বপূৰ্ণ কাৰণ আছিল?

কোৰহ এজন প্ৰতিষ্ঠাশালী ব্যক্তি হোৱাৰ বাবে তেওঁৰ দৰে একেই মনোবৃত্তি ৰাখা ব্যক্তিসকলক বিচাৰি উলিয়াবলৈ কঠিন হোৱা নাছিল। এই বিদ্ৰোহপূৰ্ণ কাৰ্য্যত তেওঁৰ সৈতে দাথন, অবীৰাম আৰু ২৫০ জন অধ্যক্ষই যোগ দিছিল। তেওঁলোকে একেলগে মোচি আৰু হাৰোণৰ বিৰুদ্ধে গোট খাই এইদৰে কৈছিল: “তোমালোকে তোমালোকৰ পদ বৰ বুলি মানিছা; কিয়নো গোটেই মণ্ডলীৰ প্ৰতিজনেই পবিত্ৰ, আৰু যিহোৱা তেওঁবিলাকৰ মাজত আছে; তেন্তে তোমালোকে কিয় যিহোৱাৰ সমাজৰ ওপৰত নিজকে ওখ কৰিছা?”—গণনা পুস্তক ১৬:১-৩.

১০ তেওঁলোকে মোচিৰ অধিকাৰৰ বিৰুদ্ধে থিয় হোৱাৰ কেনে পৰিণাম হʼব পাৰে তাক বুজি পাব লাগিছিল। কিয়নো মাত্ৰ কিছু সময়ৰ আগতে হাৰোণ আৰু মিৰিয়মেও তেনে মনোবৃত্তি ৰখাৰ বাবে এক গম্ভীৰ পৰিণামৰ সম্মুখীন হʼব লগা হৈছিল। কিয়নো তেওঁলোকেও কোৰহৰ নিচিনাকৈ সেই একেই বিৰোদ্ধাত্মক মনোবৃত্তি দেখুৱাইছিল! গণনা পুস্তক ১২:১, ২ পদত উল্লেখ কৰাৰ দৰে তেওঁলোকে এইদৰে প্ৰশ্ন কৰিছিল: “যিহোৱাই জানো কেৱল মোচিৰ যোগেদি কথা কয়? আমাৰ যোগেদি নকয় জানো?” এই সকলোবোৰ বিষয় যিহোৱাৰ দৃষ্টিত লুকাই থকা নাছিল। গতিকে তেওঁ কোনজনক নেতৃত্ব কৰিবলৈ বাছনি কৰিছে, সেই বিষয়ে জনাবলৈ তেওঁ মোচি, হাৰোণ আৰু মিৰিয়মক সাক্ষাৎ কৰা তম্বুৰ সম্মুখত একত্ৰিত হʼবলৈ আদেশ দিছিল। তেতিয়া যিহোৱাই স্পষ্টকৈ এইদৰে কʼলে: “তোমালোকে মোৰ বাক্য শুনা; তোমালোকৰ মাজত যদি কোনো ভাববাদী হয়, তেন্তে মই যিহোৱাই তেওঁৰ আগত কোনো দৰ্শনৰ দ্বাৰাই নিজকে চিনাকি দিম, নাইবা সপোনত তেওঁৰ লগত কথা হম। মোৰ দাস মোচি তেনে নহয়; তেওঁ মোৰ ঘৰৰ আটাই লোকৰ মাজত বিশ্বাসী।” তাৰ পিছত যিহোৱাই মিৰিয়মক অস্থায়ীভাৱে কোষ্ঠৰোগেৰে পীড়িত কৰিলে।—গণনা পুস্তক ১২:৪-৭, ১০.

১১. কোৰহৰ সৈতে জড়িত থকা সমস্যাটোত মোচিয়ে কেনে প্ৰতিক্ৰিয়া দেখুৱাইছিল?

১১ কোৰহ আৰু তেওঁৰ সঙ্গীসকলে নিশ্চই মিৰিয়মৰ সৈতে ঘটা ঘটনাটোৰ বিষয়ে জানিছিল। সেয়েহে তেওঁলোকে কৰা বিদ্ৰোহৰ বাবে ক্ষমা পাবলৈ যোগ্য নাছিল। তথাপিও তেওঁলোকে যেন নিজৰ মনোবৃত্তি সলনি কৰে তাৰ বাবে মোচিয়ে যুক্তি দেখুৱাই নম্ৰভাৱে মিনতি কৰিছিল। তেওঁলোকৰ নিজ নিজ বিশেষাধিকাৰৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিবলৈ মোচিয়ে উৎসাহিত কৰি তেওঁলোকক এইদৰে কৈছিল: “ইস্ৰায়েলৰ ঈশ্বৰে যে তোমালোকক ইস্ৰায়েলৰ মণ্ডলীৰ পৰা পৃথক কৰি, যিহোৱাৰ আবাসৰ দাস্যকৰ্ম্ম কৰিবলৈ, আৰু মণ্ডলীৰ আগত থিয় হৈ তাৰ পৰিচৰ্য্যা কৰিবলৈ নিজৰ ওচৰ চপাই ৰাখিছে, ই জানো তোমালোকৰ মানত সৰু কথা?” বাস্তৱতে ই কোনো “সৰু কথা” নাছিল! যিহোৱাই লেবীয়াসকলক ইতিমধ্যেই বহুতো বিশেষাধিকাৰে আশীৰ্ব্বাদ কৰিছিল। তেওঁলোকক ইয়াতকৈ অধিক কিহৰ আৱশ্যকতা আছিল? আগলৈ মোচিয়ে কোৱা বাক্যশাৰীয়ে তেওঁলোকৰ হৃদয়ত থকা যুক্তিটোৰ বিষয়ে এইদৰে প্ৰকাশ কৰিছিল: “তোমালোকে পুৰোহিতৰ বাবলৈকো চেষ্টা কৰিছা নে?” b (গণনা পুস্তক ১২:৩; ১৬:৯, ১০) ঈশ্বৰীয় অধিকাৰৰ অহিতে তেনে বিদ্ৰোহ কৰাৰ বাবে যিহোৱাই কেনে প্ৰতিক্ৰিয়া দেখুৱাইছিল?

ইস্ৰায়েল জাতিৰ বিচাৰকৰ্ত্তাজনে হস্তক্ষেপ কৰা

১২. ঈশ্বৰৰ সৈতে ভাল সম্বন্ধক বজাই ৰাখিবলৈ হʼলে ইস্ৰায়েলসকলে কি কৰিব লাগিছিল?

১২ যিহোৱাই নিয়ম-ব্যৱস্থা দিয়াৰ সময়ত ইস্ৰায়েলৰ লোকসকলক কৈছিল যে যদি তেওঁলোকে ঈশ্বৰৰ আজ্ঞাৰ প্ৰতি আজ্ঞাকাৰী হয়, তেন্তে “এক পবিত্ৰ জাতি” হʼব আৰু যিহোৱাৰ ব্যৱস্থাৰ অনুসাৰে চলি থকালৈকে সেই ৰাষ্ট্ৰ পবিত্ৰ হৈ থাকিব। (যাত্ৰাপুস্তক ১৯:৫, ৬) যিহেতু অতিশয়ৰূপ বিদ্ৰোহ বৃদ্ধি হোৱাৰ বাবে ইস্ৰায়েলৰ বিচাৰকৰ্ত্তা আৰু ব্যৱস্থাপকৰ হস্তক্ষেপ কৰাৰ সময় আহিল! মোচিয়ে বিদ্ৰোহী কোৰহক এইদৰে কৈছিল: “তুমি আৰু তোমাৰ গোটেই দল কাইলৈ হাৰোণে সৈতে যিহোৱাৰ আগত উপস্থিত হবা। তোমালোকে প্ৰতিজনে আঙঠা-ধৰা লৈ তাৰ ওপৰত ধূপ দি, নিজ নিজ আঙঠা-ধৰা যিহোৱাৰ আগলৈ আনিবা; দুশ পঞ্চাশ আঙঠা-ধৰা আগ কৰিবা; তুমি আৰু হাৰোণেও নিজ নিজ আঙঠা-ধৰা লবা।”—গণনা পুস্তক ১৬:১৬, ১৭.

১৩. (ক) বিদ্ৰোহীসকলে যিহোৱাৰ সম্মুখত ধূপ জ্বলাবলৈ বিচৰাটো কিয় দাম্ভিকতাপূৰ্ণ কাৰ্য্য আছিল? (খ) যিহোৱাই তেনে লোকবিলাকৰ বিৰুদ্ধে কেনে পদক্ষেপ লʼলে?

১৩ ঈশ্বৰৰ ব্যৱস্থাৰ অনুসাৰে কেৱল পুৰোহিতসকলৰহে ধূপ জ্বলোৱাৰ অনুমতি আছিল। ইয়াৰ বিপৰীতে পুৰোহিত নোহোৱা লেবী বংশীয় লোকসকলে যিহোৱাৰ সম্মুখলৈ গৈ নিজেই ধূপ জ্বলাবলৈ ইচ্ছা বিকাশিত কৰাটোৰ বিষয়ে তেওঁলোকে প্ৰকৃততে গম্ভীৰভাৱে বিবেচনা কৰিব লাগিছিল। (যাত্ৰাপুস্তক ৩০:৭; গণনা পুস্তক ৪:১৬) তথাপিও তেওঁলোকে সেই বিষয়ে গম্ভীৰতাৰে বিবেচনা নকৰিলে! দ্বিতীয় দিনা কোৰহে “সাক্ষাৎ কৰা তম্বুৰ দুৱাৰৰ ওচৰত [মোচি আৰু হাৰোণৰ] অহিতে গোট খালে।” উল্লেখিত বৃত্তান্তত আমি এনেদৰে পঢ়িবলৈ পাওঁ: “পাছে যিহোৱাই মোচি আৰু হাৰোণক কলে, তোমালোক এই মণ্ডলীৰ মাজৰ পৰা বেলেগ হোৱা; মই এক নিমিষতে ইবিলাকক সংহাৰ কৰোঁ।” কিন্তু মোচি আৰু হাৰোণে মিনতি কৰিলে যাতে যিহোৱাই সকলোকে সংহাৰ নকৰে। যিহোৱাই তেওঁলোকৰ মিনতি শুনিলে আৰু কেৱল কোৰহ, তেওঁৰ সৈতে থকা লোকসকলৰ ওপৰত “অগ্নি ওলাই ধূপ উৎসৰ্গ কৰা সেই দুশ পঞ্চাশ জনক গ্ৰাস” কৰিলে।—গণনা পুস্তক ১৬:১৯-২২, ৩৫. c

১৪. যিহোৱাই কিয় ইস্ৰায়েলৰ মণ্ডলীৰ বিৰুদ্ধে কঠোৰ নিৰ্ণয় লʼলে?

১৪ তদুপৰি, যিহোৱাই ইস্ৰায়েলৰ সৈতে আচৰিতজনক কৰ্ম্ম কৰাটো দেখিবলৈ পায়ো তেওঁলোকে তাৰ পৰা কোনো পাঠ নিশিকিলে। “পাছদিনা ইস্ৰায়েলৰ সন্তানবিলাকৰ গোটেই মণ্ডলীয়ে মোচি আৰু হাৰোণৰ বিৰুদ্ধে বকি কলে, তোমালোকেই যিহোৱাৰ প্ৰজাবিলাকক বধ কৰিলা।” কিয়নো তেওঁলোকে সেই বিদ্ৰোহীসকলৰ পক্ষ লৈছিল! ইয়াকে দেখি যিহোৱাই অতি ক্ৰোধিত হʼল। সেই সময়ত আনকি মোচি বা হাৰোণেও লোকসকলৰ বাবে মধ্যস্থ হৈ কাৰ্য্য কৰিব নোৱাৰিলে। কিয়নো যিহোৱা পোনচাটেই অবিশ্বাসীসকলক মহামাৰীৰ দ্বাৰা পীড়িত কৰিলে আৰু “যিবিলাক লোক কোৰহৰ দোষত মৰিছিল, সেইবিলাকৰ বাহিৰে চৌদ্ধ হাজাৰ সাত শ লোক এই মহামাৰীত মৰিল।”—গণনা পুস্তক ১৬:৪১-৪৯.

১৫. (ক) কিহৰ বাবে ইস্ৰায়েল জাতিয়ে কোনো সংঙ্কোচবোধ নকৰাকৈ মোচি আৰু হাৰোণৰ অধীনস্থ হোৱা উচিত আছিল? (খ) ইয়ে আপোনাক যিহোৱাৰ বিষয়ে কি শিকাত সহায় কৰে?

১৫ এই লোকসকলে সেই বিষয়টোক গভীৰতাৰে বিবেচনা কৰি সহজে তেওঁলোকৰ জীৱন ৰক্ষা কৰিব পাৰিলেহেঁতন। তেওঁলোকে নিজকে হয়তো এইদৰে সুধিব পাৰিলেহেঁতেন: ‘আমাৰ জীৱন বিপদপন্ন অৱস্থাত দেখি কোনে আমাৰ হৈ ফৌৰণ ৰজাৰ সম্মুখীন হৈছিল? ইস্ৰায়েলসকলক স্বাধীনতা দিয়াবলৈ কোনে আগবাঢ়ি আহিছিল? ইস্ৰায়েলসকল স্বাধীন হোৱাৰ পিছত কোনে হোৰেব পৰ্ব্বতৰ ওপৰলৈ আহিবলৈ আমন্ত্ৰণ কৰি কোনে ঈশ্বৰৰ স্বৰ্গদূতৰ সৈতে কথোপকথন হʼবলৈ আগবাঢ়ি গৈছিল?’ বাস্তৱতে মোচি আৰু হাৰোণে যিহোৱাৰ প্ৰতি নিষ্ঠা বজাই ৰাখা আৰু তেওঁৰ লোকসকলৰ প্ৰতি থকা প্ৰেমৰ এক উল্লেখনীয় বৃতান্ত প্ৰকাশ পাইছিল। (যাত্ৰাপুস্তক ১০:২৮; ১৯:২৪; ২৪:১২-১৫) যিহোৱাই যে বিদ্ৰোহীসকলক ধ্বংস কৰি আনন্দিত হৈছিল, এনে নহয়। কিন্তু যেতিয়া তেওঁলোকে অত্যাধিকৰূপ বিদ্ৰোহী হৈ পুৰোহিতসকলৰ ওচৰলৈ গৈছিল তেতিয়াহে তেওঁ তেওঁলোক ধ্বংস কৰিবলৈ নিৰ্ণয় লৈছিল। (যিহিষ্কেল ৩৩:১১) এই সকলোবোৰে আজি আমাৰ বাবে এক অৰ্থপূৰ্ণ অভিপ্ৰায় ৰাখে। কিয় আমি তেনেকৈ কব পাৰোঁ?

আধুনিক সময়ত যিহোৱাৰ সেই মধ্যস্থক চিনাক্ত কৰা

১৬. (ক) যীচুৱে যে যিহোৱাৰ প্ৰতিনিধি আছিল তাক প্ৰথম শতিকাৰ ইহুদীসকলে বিশ্বাস কৰিবলৈ তেওঁলোকৰ ওচৰত কেনে প্ৰমাণ আছিল? (খ) যিহোৱাই কিয় লেবী পুৰোহিতবৰ্গক সলনি কৰিলে আৰু কাৰ দ্বাৰা?

১৬ আজিও নতুনকৈ গঠন হোৱা এক “জাতি” আছে আৰু যিহোৱা হৈছে তেওঁলোকৰ অদৃশ্য বিচাৰকৰ্ত্তা, ব্যৱস্থাপক আৰু ৰজা। (মথি ২১:৪৩) সেই “জাতি” প্ৰথম শতাব্দীত অস্তিত্বলৈ আহিল। সেই সময়ত মোচিৰ আবাস তম্বুৰ সলনি যিৰূচালেমত এটা নতুনকৈ মন্দিৰ নিৰ্ম্মাণ কৰা হৈছিল যʼত লেবীসকলে তেতিয়াও কাৰ্য্য কৰি আছিল। (লূক ১:৫, ৮, ৯) কিন্তু সা.যু. ২৯ চনত আন এক আধ্যাত্মিক মন্দিৰৰ স্থাপনা কৰা হʼল আৰু যীচুৱে তাত মহা-পুৰোহিত হিচাবে কাৰ্য্যভাৰ গ্ৰহণ কৰিলে। (ইব্ৰী ৯:৯, ১১) আকৌ এবাৰ তেতিয়াও ঈশ্বৰীয় অধিকাৰৰ ওপৰত প্ৰশ্ন উত্থাপন কৰা হʼল। কোনে সেই নতুন ‘জাতিক’ নেতৃত্ব কৰিব? সেই সময়ত যীচুৱেই নিজকে নিস্বাৰ্থৰে ঈশ্বৰৰ প্ৰতি নিষ্ঠা বজাই ৰাখাৰ প্ৰমাণ দিলে। তদুপৰি, তেওঁ লোকসকলক প্ৰেম কৰিছিল আৰু তেওঁলোকৰ বাবে বহুতো আচৰিত কাৰ্য্য কৰিলে। তেতিয়াও মোচিৰ সময়ত থকা লোকসকলৰ দৰে সেই সময়ৰ লেবীসকলৰ বেছিভাগেই যীচুক গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিলে। (মথি ২৬:৬৩-৬৮; পাঁচনিৰ কৰ্ম্ম ৪:৫,  ৬, ১৮; ৫:১৭) অৱশেষত, যিহোৱাই সেই পুৰোহিতবৰ্গক এক ৰাজকীয় পুৰোহিতবৰ্গৰ দ্বাৰা সলনি কৰিলে, যি তেওঁলোকৰ তুলনাত একেবাৰে ভিন্ন আছিল। সেই ৰাজকীয় পুৰোহিতবৰ্গই আজিও যিহোৱাৰ মন্দিৰত কাৰ্য্য কৰি আছে।

১৭. (ক) কেনে সমূহৰ দ্বাৰা এই ৰাজকীয় পুৰোহিতবৰ্গৰ গঠিত হৈছে? (খ) যিহোৱাই এই ৰাজকীয় পুৰোহিতবৰ্গক কেনেকৈ ব্যৱহাৰ কৰিছে?

১৭ কেনে সমূহৰ দ্বাৰা এই ৰাজকীয় পুৰোহিতবৰ্গৰ গঠিত হৈছে? পাঁচনি পিতৰে লিখা প্ৰথম পত্ৰখনত এই প্ৰশ্নটোৰ উত্তৰ দিছে। যীচুৰ অভিষিক্ত বৰ্গক উদ্দেশ্য কৰি তেওঁ এইদৰে লিখিছিল: “যি জনাই আন্ধাৰৰ পৰা তেওঁৰ আচৰিত পোহৰলৈ তোমালোকক আমন্ত্ৰণ কৰিলে, তোমালোকে যেন তেওঁৰ সদগুণ প্ৰকাশ কৰা, এই কাৰণে তোমালোক মনোনীত বংশ, ৰাজকীয় পুৰোহিতসমূহ, পবিত্ৰ জাতি, আৰু ঈশ্বৰৰ নিজ অধিকাৰৰ অৰ্থে এক বিশেষ লোক হৈছা।” (১ পিতৰ ২:৯) এই বাক্যসমূহৰ দ্বাৰা এটা কথা স্পষ্টকৈ প্ৰকাশ পাইছে যে যীচুৰ আৰ্হিক অনুকৰণ কৰি তেওঁৰ অভিষিক্ত লোকসকলৰ দ্বাৰা এই “ৰাজকীয় পুৰোহিতসমূহ” গঠিত হৈছে যাক পাঁচনি পিতৰে এক “পবিত্ৰ জাতি” বুলিও কৈছিল। তেওঁলোকে হৈছে সেই মধ্যস্থ যাৰ দ্বাৰা যিহোৱাই নিজৰ সেৱকসকলক উপদেশ আৰু অধ্যাত্মিক নিৰ্দেশনা প্ৰদান কৰে।—মথি ২৪:৪৫-৪৭.

১৮. ৰাজকীয় পুৰোহিতবৰ্গ আৰু নিযুক্তি প্ৰাচীনসকলৰ মাজত কেনে সম্বন্ধ আছে?

১৮ এই পুৰোহিতবৰ্গক প্ৰতিনিধিত্ব কৰিছে নিযুক্তি প্ৰাচীনসকলে, যিসকলে গোটেই পৃথিৱীত থকা যিহোৱাৰ মণ্ডলীবোৰত এক গম্ভীৰ দায়িত্বভাৰ বহন কৰিছে। এনে প্ৰাচীনসকল অভিষিক্ত হওক বা নহওক, কিন্তু আমাৰ পৰা আদৰ আৰু সম্পূৰ্ণ সমৰ্থন পোৱাৰ যোগ্য। কিয় আদৰ আৰু সমৰ্থন পোৱাৰ যোগ্য? কিয়নো যিহোৱাই তেওঁবিলাকক পবিত্ৰ আত্মাৰ দ্বাৰা মনোনিত কৰিছে। (ইব্ৰী ১৩:৭, ১৭) সেইটো কেনেকৈ সম্ভৱ?

১৯. কি প্ৰকাৰে প্ৰাচীনসকল পবিত্ৰ আত্মাৰ দ্বাৰা নিযুক্ত?

১৯ এই প্ৰাচীনসকলে ঈশ্বৰৰ বাক্যত উল্লেখ কৰা আৱশ্যকতাসমূহত উপনীত হʼবলৈ চেষ্টা কৰে যি হৈছে পবিত্ৰ আত্মাৰ এক উপাদান। (১ তীমথিয় ৩:১-৭; তীত ১:৫-৯) সেয়েহে তেওঁলোকৰ নিযুক্তি পবিত্ৰ আত্মাৰ দ্বাৰা হৈছে বুলি কব পাৰি। (পাঁচনিৰ কৰ্ম্ম ২০:২৮) তেওঁলোকে নিশ্চয়ে ঈশ্বৰৰ বাক্যৰ সৈতে ভালদৰে পৰিচিত হোৱা উচিত। তেওঁলোকক নিযুক্ত কৰা সৰ্ব্বশক্তিমান বিচাৰকৰ্ত্তাৰ দৰে তেওঁলোকেও কোনো পক্ষপাত নকৰাকৈ ন্যায় কৰা আৱশ্যক।—দ্বিতীয় বিবৰণ ১০:১৭, ১৮.

২০. কিহৰ বাবে পৰিশ্ৰমী প্ৰাচীনসকল আমাৰ প্ৰশংসাৰ যোগ্য?

২০ গতিকে তেওঁলোকে পোৱা অধিকাৰত বিবাদ নকৰি তাৰ বিপৰীতে আমি তেনে পৰিশ্ৰমী প্ৰাচীনসকলৰ প্ৰতি কৃতজ্ঞতা দেখুৱাওঁহঁক। বহুবছৰ ধৰি নিষ্ঠাৰে কৰা তেওঁলোকৰ সেৱাই আমাৰ ভাৰসাক সদায়েই দৃঢ় কৰি আহিছে। তেওঁলোকে মণ্ডলীৰ সভাবোৰ পৰিচালনা কৰিবলৈ আখৰে আখৰে তৈয়াৰী, “ৰাজ্যৰ শুভবাৰ্ত্তা” প্ৰচাৰ কৰিবলৈ আমাৰ সৈতে একেলগে কাৰ্য্য কৰে আৰু আমাৰ আৱশ্যকতাৰ অনুসাৰে শাস্ত্ৰীয় পৰামৰ্শও আগবঢ়ায়। (মথি ২৪:১৪; ইব্ৰী ১০:২৩, ২৫; ১ পিতৰ ৫:২) ইয়াৰ উপৰিও তেওঁলোকে আমাৰ অসুস্থতাৰ সময়ত চোৱা-চিতা আৰু দুখৰ সময়ত শান্ত্বনা প্ৰদান কৰিবলৈ আমাক সাক্ষাৎ কৰে। তেওঁলোকে ৰাজ্যৰ হিতৰ বাবে নিস্বাৰ্থ আৰু নিষ্ঠাৰে কাৰ্য্য কৰে। তেওঁলোকৰ ওপৰত যিহোৱাৰ আত্মা আৰু অনুমোদন আছে।—গালাতীয়া ৫:২২, ২৩.

২১. প্ৰাচীনসকলে কিহৰ বিষয়ে মনত ৰখা উচিত আৰু কিয়?

২১ অৱশ্যেই তেওঁলোকে কোনো পৰিপূৰ্ণ মানৱৰূপে জন্ম গ্ৰহণ কৰা নাই। নিজৰ অপৰিপূৰ্ণতাৰ বিষয়ে মনত ৰাখি তেওঁলোকে ঈশ্বৰৰ জাকটি অৰ্থাৎ “নিৰূপিত অধিকাৰৰ” ওপৰত প্ৰভুত্ব নকৰে। বৰঞ্চ, তেওঁলোকে নিজকে ‘ভাইসকলৰ আনন্দৰ সহকাৰী’ হিচাবে বিবেচনা কৰে। (১ পিতৰ ৫:৩; ২ কৰিন্থীয়া ১:২৪) পৰিশ্ৰমী আৰু নম্ৰ মন ৰখা প্ৰাচীনসকলে যিহোৱাক প্ৰেম কৰে আৰু তেওঁলোকে জানে যে যিহোৱাৰ আৰ্হিক নিবিড়ভাৱে অনুকৰণ কৰাৰ অৰ্থই হৈছে মণ্ডলীৰ উন্নতি। ইয়াকে মনত ৰাখি তেওঁলোকে একেৰাহে ঈশ্বৰক অনুকৰণ কৰি প্ৰেম, কৰুণা আৰু ধৈৰ্য্যক বিকাশিত কৰিবলৈ প্ৰাণপণে চেষ্টা কৰে।

২২. কোৰহৰ বৃত্তান্তৰ বিষয়ে পুনৰ আলোচনা কৰি যিহোৱাৰ দৃশ্য সংগঠনৰ প্ৰতি থকা আপোনাৰ বিশ্বাস কেনেকৈ দৃঢ় হʼল?

২২ অদৃশ্য ঈশ্বৰ যিহোৱা আমাৰ শাসক, যীচু খ্ৰীষ্ট আমাৰ মহা-পুৰোহিত, ৰাজকীয় পুৰোহিতবৰ্গ আমাৰ শিক্ষক আৰু বিশ্বাসী প্ৰাচীনসকলক আমাৰ পৰামৰ্শ দিওঁতা হিচাবে পাই আমি কিমান যে আনন্দিত হৈছোঁ! যদিও মানুহে নিৰ্দ্দেশনা কৰা কোনো সংগঠন সিদ্ধ হʼব নোৱাৰে তথাপিও আমি ঈশ্বৰৰ বিশ্বাসী সঙ্গীসকলৰ সৈতে তেওঁক সেৱা কৰিবলৈ পাই অতি আনন্দ অনুভৱ কৰিছোঁ, কিয়নো তেওঁলোকে স্বইচ্ছাৰে সেই ঈশ্বৰীয় অধিকাৰৰ অধীনস্থ হৈছে! (w02 8/1)

[ফুটনোটবোৰ]

a হাৰোণৰ আন দুজন পুত্ৰ ইলিয়াজ আৰু ঈথামৰে নিজৰ কাৰ্য্যৰ দ্বাৰা যিহোৱালৈ নিষ্ঠা বজাই ৰাখাৰ প্ৰমাণ দিছিল।—লেবীয়া পুস্তক ১০:৬.

b কোৰহৰ সৈতে ষড়যন্ত্ৰত জড়িত থকা দাথন আৰু অবিৰাম ৰূবেণৰ বংশৰ আছিল। সেয়েহে স্পষ্টৰূপে তেওঁলোকে পুৰোহিত হʼবলৈ কোনো ইচ্ছা কৰা নাছিল। কিন্তু সেই প্ৰতিজ্ঞাত দেশত যোৱাৰ তেওঁলোকৰ আশা পূৰ্ণ নোহোৱাৰ বাবে তেওঁলোকে মোচিৰ নেতৃত্বৰ অধীনত থাকিবলৈ অপমান বোধ কৰিছিল।—গণনা পুস্তক ১৬:১২-১৪.

c কুল-পিতৃসকলৰ সময়ত প্ৰত্যেক পৰিয়ালৰ মুখিয়ালে নিজৰ পত্নী আৰু লʼৰা-ছোৱালীৰ প্ৰতিনিধিত্ব কৰিছিল আৰু তেওঁবিলাকৰ হৈ যিহোৱাৰ সন্মুখত বলিদানো কৰিছিল। (আদিপুস্তক ৮:২০; ৪৬:১; ইয়োব ১:৫) যেতিয়া নিয়ম-ব্যৱস্থাৰ স্থাপন কৰা হʼল তেতিয়াৰ পৰা পুৰোহিতৰূপে নিযুক্ত কৰা হাৰোণৰ পৰিয়ালৰ পুৰুষ সদস্যসকলৰ দ্বাৰাই কেৱল বলিদান উৎসৰ্গ কৰা উচিত আছিল। কিন্তু সেই ২৫০ জন বিদ্ৰোহী ব্যক্তিয়ে সেই ব্যৱস্থাত নতুনকৈ কৰা সাল-সলনিক সমৰ্থন কৰিবলৈ মান্তি নহʼল।

আপুনি কেনেকৈ উত্তৰ দিব?

• ইস্ৰায়েল জাতিৰ বাবে যিহোৱাই কেনে প্ৰেমময় ব্যৱস্থা কৰিছিল?

• মোচি আৰু হাৰোণৰ বিৰুদ্ধে থিয় হোৱা কোৰহৰ পাপ কিয় ক্ষমাৰ যোগ্য নাছিল?

• যিহোৱাই বিদ্ৰোহীসকলৰ সৈতে কৰা আচৰণৰ পৰা আমি কি শিকিবলৈ পালোঁ?

• বৰ্তমান সময়ত আমি কেনেকৈ যিহোৱাৰ ব্যৱস্থাৰ প্ৰতি কৃতজ্ঞতা দেখুৱাব পাৰোঁ?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[৯ পৃষ্ঠাৰ ছবি]

যিহোৱাৰ সেৱাত পোৱা নিযুক্তিভাৰক আপুনি এক বিশেষাধিকাৰ হিচাবে দৃষ্টি কৰেনে?

[১০ পৃষ্ঠাৰ ছবি]

“তোমালোকে কিয় যিহোৱাৰ সমাজৰ ওপৰত নিজকে ওখ কৰিছা?”

[১১ পৃষ্ঠাৰ ছবি]

মনোনিত প্ৰাচীনসকলে ৰাজকীয় পুৰোহিতবৰ্গক প্ৰতিনিধিত্ব কৰে