Skip to content

Skip to table of contents

“ঈশ্বৰৰ মহৎ কৰ্ম্মৰ” দ্বাৰা উৎসাহিত হোৱা

“ঈশ্বৰৰ মহৎ কৰ্ম্মৰ” দ্বাৰা উৎসাহিত হোৱা

“ঈশ্বৰৰ মহৎ কৰ্ম্মৰ” দ্বাৰা উৎসাহিত হোৱা

“আমি, আমাৰ নিজৰ নিজৰ ভাষাৰে এওঁবিলাকে ঈশ্বৰৰ মহৎ কৰ্ম্মৰ কথা কোৱা শুনি আছোঁ।”পাঁচনিৰ কৰ্ম্ম ২:১১.

১, ২. সা.যু. ৩৩ চনত যিৰূচালেম চহৰত কেনেধৰণৰ এক আচৰিত ঘটনা ঘটিল?

 যিৰূচালেমৰ চহৰত সা.যু. ৩৩ চনৰ বসন্তকালৰ শেষ ভাগৰ এটা ৰাতিপূৱা পুৰুষ, স্ত্ৰীৰ এক সমূহ আৰু যীচুৰ শিষ্যসকল তেওঁলোকৰ কোনো এজন ভাইৰ ঘৰত উপস্থিত আছিল। সেই সময়ছোৱাত এক আচৰিত ঘটনা ঘটা দেখা গʼল। “সেই সময়ত অতিশয় বেগেৰে যোৱা বৰ বতাহৰ নিচিনা এটা শব্দ আকাশৰ পৰা অকস্মাতে আহি, যি ঘৰত তেওঁবিলাক বহি আছিল, সেই গোটেই ঘৰ জুৰিলে। তেতিয়া তেওঁবিলাকৰ আগত জুইৰ নিচিনা জিবা ওলাই . . . . প্ৰতিজনৰ ওপৰত ৰৈ থাকিল। তাতে তেওঁবিলাক সকলোৱে পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হৈ, আত্মাই কবলৈ দিয়াৰ দৰে আন আন ভাষাৰে কথা কবলৈ ধৰিলে।”—পাঁচনিৰ কৰ্ম্ম ২:২-৪, ১৫.

সেই ঘৰটোৰ সন্মুখত বহুতো লোকে একত্ৰিত হৈছিল। সেই উপস্থিত হোৱা লোকসকলৰ মাজত আছিল বিদেশত ডাঙৰ-দীঘল হোৱা ইহুদী ব্যক্তি আৰু “ভক্ত যিহূদীবিলাক।” তেওঁলোকে যিৰূচালেমলৈ পঞ্চাশ-দিনীয়া পৰ্ব্বক পালন কৰিবলৈ আহিছিল। শিষ্যসকলে “ঈশ্বৰৰ মহৎ কৰ্ম্মৰ” বিষয়ে তেওঁলোকৰ মাতৃভাষাত কোৱা শুনিবলৈ পাই তেওঁলোকে বিস্ময় মানিলে। শিষ্যসকল গালীলীয়া লোক হোৱাৰ বাবে তেওঁলোকে কেনেকৈ বিভিন্ন ভাষাত কথা কব পাৰিছিল?—পাঁচনিৰ কৰ্ম্ম ২:৫-৮, ১১.

৩. পঞ্চাশ-দিনীয়া পৰ্বৰ সময়ছোৱাত পাঁচনি পিতৰে উপস্থিত থকা বৃহৎ লোকসমূহক কিহৰ বিষয়ে প্ৰচাৰ কৰিছিল?

সেই গালীলীয়াসকলৰ মাজত পাঁচনি পিতৰো আছিল। তেওঁ বৰ্ণনা কৰি কৈছিল যে কিছু সপ্তাহৰ পূৰ্ব্বেই যীচু খ্ৰীষ্টক অধাৰ্ম্মিকসকলে হত্যা কৰিলে। কিন্তু ঈশ্বৰে তেওঁৰ পুত্ৰক মৃত্যুৰ পৰা জীয়াই তুলিলে। তাৰ পিছত পিতৰৰ সৈতে তাত উপস্থিত থকা বহুতো শিষ্যৰ আগত যীচুৱে দেখা দিলে। মাত্ৰ দহ দিনৰ আগত যীচুৱে স্বৰ্গাৰোহণ কৰিলে আৰু তেওঁৰ শিষ্যবিলাকৰ ওপৰত পবিত্ৰ আত্মা পঠিয়ালে। এই বৰ্ণনা কৰা ঘটনাটোৱে তাত পঞ্চাশ-দিনীয়া পৰ্বৰ বাবে উপস্থিত হʼবলৈ অহা লোকসকলৰ কোনো অৰ্থ আছিলনে? অৱশ্যেই ই তেওঁলোকৰ বাবে এক গুৰুত্বপূৰ্ণ অৰ্থ ৰাখিছিল। কিয়নো যীচুৰ মৃত্যুক বিশ্বাস কৰোঁতাসকলৰ পাপ ক্ষমা আৰু “পবিত্ৰ আত্মা দান” পাবলৈ এক আধাৰশিলা স্থাপন কৰিলে। (পাঁচনিৰ কৰ্ম্ম ২:২২-২৪, ৩২, ৩৩, ৩৮) যিসকলে সেই “ঈশ্বৰৰ মহৎ কাৰ্য্যৰ” বিষয়ে শুনিছিল তেওঁলোকে তাৰ প্ৰতি কেনে প্ৰতিক্ৰিয়া দেখুৱাইছিল? লগতে, এই বৃত্তান্তই আমি যিহোৱালৈ কৰা সেৱাক মূল্যাঙ্কন কৰিবলৈ কেনেকৈ সহায় কৰিব পাৰে?

পদক্ষেপ লবলৈ প্ৰেৰিত কৰিলে!

৪. সা.যু. ৩৩ চনত ভৱিষ্যতবক্তা যোৱেলৰ দ্বাৰা কৰা কোনটো ভৱিষ্যতবাণী পূৰ্ণ হʼল?

পবিত্ৰ আত্মা পোৱাৰ পিছত যিৰূচালেমত থকা শিষ্যসকলে কোনো পলম নকৰাকৈ আনৰ আগত পৰিত্ৰাণৰ শুভবাৰ্ত্তাৰ বিষয়ে প্ৰচাৰ কৰিছিল আৰু তেওঁলোকে পঞ্চাশ-দিনীয়া পৰ্ব্বত উপস্থিত হʼবলৈ অহা লোকসমূহৰ পৰাই ইয়াৰ আৰম্ভণি কৰিলে। তেওঁলোকৰ এই প্ৰচাৰ কাৰ্য্যৰ সম্পৰ্কে ৮ শতিকাৰ পূৰ্ব্বেই পথূৱেলৰ পুত্ৰ যোৱেলৰ দ্বাৰা ভৱিষ্যতবাণী কৰা হৈছিল। সেই ভৱিষ্যতবাণীত এইদৰে কোৱা হৈছিল: “মই গোটেই মনুষ্যজাতিৰ ওপৰত মোৰ আত্মা বাকি দিম; তাতে তোমালোকৰ পো-জীবিলাকে ভাববাণী প্ৰচাৰ কৰিব, তোমালোকৰ বৃদ্ধবিলাকে সপোন দেখিব, আৰু তোমালোকৰ যুবাবিলাকে দৰ্শন পাব। আৰু সেই কালত মই বন্দী-বেটীবিলাকৰ ওপৰতো মোৰ আত্মা বাকি দিম। . . . যিহোৱাৰ সেই মহৎ আৰু ভয়ানক দিন অহাৰ আগেয়ে।”—যোৱেল ১:১; ২:২৮, ২৯, ৩১; পাঁচনিৰ কৰ্ম্ম ২:১৭, ১৮, ২০.

৫. প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলে কি অৰ্থত ভৱিষ্যতবাণী কৰিছিল? (ফুটনোটো চাওক।)

সেই ভৱিষ্যতবাণীৰ অৰ্থ এইটো আছিল নে যে ঈশ্বৰে ৰজা দায়ূদ, যোৱেল আৰু দবোৰা আদিৰ দৰে পুৰুষ আৰু স্ত্ৰীক সেই ভৱিষ্যতবাণীক পূৰ্ণ কৰিবলৈ পুনৰাই জীয়াই তুলিব? নিশ্চয়ে নহয়। খ্ৰীষ্টান ‘পুতেক, জীয়েক, দাস আৰু দাসীসকলে’ এই অৰ্থত ভৱিষ্যতবাণী কৰিব, কিয়নো যিহোৱাৰ পবিত্ৰ আত্মাই তেওঁলোকক “ঈশ্বৰৰ মহৎ কৰ্ম্ম” অৰ্থাৎ অতীতত, বৰ্তমান আৰু ভৱিষ্যতে কৰা কাৰ্য্যৰ বিষয়ে প্ৰচাৰ কৰিবলৈ প্ৰেৰিত কৰা হʼব। গতিকে তেওঁলোকে সেই সৰ্ব্বোপৰিজনাৰ প্ৰবক্তা হিচাবে কাৰ্য্য কৰিবলগা আছিল। a ইয়াৰ প্ৰতি লোকসমূহে কেনে প্ৰতিক্ৰিয়া দেখুৱাইছিল?—ইব্ৰী ১:১, ২.

৬. পাঁচনি পিতৰৰ ভাষণ শুনাৰ পিছত বহুতো লোকে কেনে পদক্ষেপ লবলৈ প্ৰেৰিত হৈছিল?

পাঁচনি পিতৰে বৰ্ণনা কৰা ব্যাখ্যা শুনাৰ পিছত তাত থকা বহুতো লোকে পদক্ষেপ লবলৈ প্ৰেৰিত হৈছিল। তেওঁবিলাকে “তেওঁৰ কথা গ্ৰাহ্য কৰিলে, বাপ্তাইজিত হʼল। সেই দিনাই তিনি হাজাৰমান মানুহ তেওঁবিলাকৰ সৈতে লগ লগোৱা হʼল।” (পাঁচনিৰ কৰ্ম্ম ২:৪১) যিহেতু ইহুদী আৰু ধৰ্ম্মান্তৰিত ইহুদীসকলৰ আগৰে পৰা শাস্ত্ৰৰ মৌলিক শিক্ষাৰ জ্ঞান আছিল। সেই জ্ঞান থকাৰ বাবে পিতৰে কোৱা কথাত বিশ্বাস কৰিলে আৰু “পিতৃ, পুত্ৰ আৰু পবিত্ৰ আত্মাৰ নামেৰে” বাপ্তিষ্মা লবলৈ প্ৰেৰিত হʼল। (মথি ২৮:১৯) বাপ্তিষ্মাৰ পিছত “তেওঁলোকে পাঁচনিবিলাকৰ উপদেশত সহভাগিতা” হৈছিল। সেই একেই সময়ছোৱাত তেওঁলোকে নিজৰ নতুকৈ লাভ কৰা বিশ্বাসৰ বিষয়ে আনকো জনাবলৈ আৰম্ভ কৰিলে। ইয়াৰ উপৰিও “সকলোৱে একে মনেৰে নিতৌ নিতৌ ধৰ্ম্মধামলৈ গৈ থাকিল, . . . ঈশ্বৰৰ স্তুতি কৰি, সকলো লোকৰ আদৰৰ পাত্ৰ হল।” তেওঁলোকৰ সাক্ষী দিয়া কাৰ্য্যৰ ফলস্বৰূপে “[যিহোৱাই, NW] দিনে দিনে পৰিত্ৰাণ পোৱাবিলাকক তেওঁবিলাকৰ লগত লগ লগাই থলে।” (পাঁচনিৰ কৰ্ম্ম ২:৪২, ৪৬, ৪৭) তেওঁবিলাকে বাস কৰা বহুতো ঠাইত খ্ৰীষ্টান মণ্ডলীৰ স্থাপনা কৰা হʼল। নিসন্দেহ, তেওঁলোকে ঘৰলৈ উভটি যোৱাৰ পিছতো অতি উৎসাহ আৰু প্ৰচেষ্টাৰে “শুভবাৰ্ত্তা” প্ৰচাৰ কৰাৰ ফলস্বৰূপে হোৱা সেই বৃদ্ধি, অন্ততঃ আংশিকভাৱে হʼলেও যথাবিহিত আছিল।—কলচীয়া ১:২৩.

ঈশ্বৰৰ বাক্য হৈছে কাৰ্য্য-সাধক

৭. (ক) সকলো জাতিৰ লোকক কিহে আজি যিহোৱাৰ সংগঠনলৈ আহিবলৈ আকৰ্ষিত কৰিছে? (খ) আপুনি ভৱিষ্যতে স্থানীয় আৰু বিশ্বব্যাপি প্ৰচাৰ ক্ষেত্ৰত বৃদ্ধি হোৱাৰ কেনে সম্ভাৱনা দেখিবলৈ পাইছে? (ফুটনোটতো চাওক।)

বৰ্তমান সময়ত যিসকলে যিহোৱাৰ সেৱক হʼবলৈ ইচ্ছা কৰে তেওঁলোকে কি কৰা প্ৰয়োজন? তেওঁলোকে অতি মনোযোগেৰে ঈশ্বৰৰ বাক্যক অধ্যয়ন কৰা উচিত। তেনে কৰাৰ দ্বাৰা তেওঁলোকে যিহোৱাক এজন “কৃপা আৰু দয়াৰে পৰিপূৰ্ণ, ক্ৰোধত ধীৰ, দয়া আৰু সত্যতাত মহান” ঈশ্বৰ হিচাবে চিনিব পাৰিব। (যাত্ৰাপুস্তক ৩৪:৬; পাঁচনিৰ কৰ্ম্ম ১৩:৪৮) তদুপৰি, যিহোৱাই যে মানৱজাতিৰ পৰিত্ৰাণৰ বাবে যীচুৰ মুক্তিপণ বলিদানৰ প্ৰবন্ধ কৰিলে তাৰ বিষয়েও শিকিব পাৰিব। (১ যোহন ১:৭) ইয়াৰ উপৰিও তেওঁলোকে “ধাৰ্ম্মিক অধাৰ্ম্মিক, এই দুবিধ লোকৰ পুনৰুত্থান” হʼব বুলি শিকি ঈশ্বৰৰ উদ্দেশ্যৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিব। (পাঁচনিৰ কৰ্ম্ম ২৪:১৫) এই “মহৎ কাৰ্য্য” কৰা জনাৰ প্ৰতি থকা প্ৰেমে তেওঁলোকক সেই বহুমূলীয়া সত্যক প্ৰচাৰ কৰিবলৈ প্ৰেৰিত কৰে। তাৰ পিছত তেওঁলোকে বাপ্তিষ্মা লৈ “ঈশ্বৰৰ ইচ্ছাবিষয়ক তত্ত্ব-জ্ঞানত বাঢ়ি” থাকে। bকলচীয়া ১:১০; ২ কৰিন্থীয়া ৫:১৪.

৮-১০. (ক) ঈশ্বৰৰ বাক্য যে “কাৰ্য্য-সাধক” তাক এগৰাকী খ্ৰীষ্টান ভনীৰ অনুভৱে কেনেকৈ প্ৰকাশ কৰিলে? (খ) এই অনুভৱে আপোনাক যিহোৱা আৰু তেওঁৰ সেৱকৰ সৈতে কৰা আচৰণৰ সম্পৰ্কে কি শিকাই? (যাত্ৰাপুস্তক ৪:১২)

বাইবেল অধ্যয়নৰ দ্বাৰা যিহোৱাৰ সাক্ষীসকলে যি জ্ঞান প্ৰাপ্ত কৰিছে, সেয়ে কোনো উপৰুৱা জ্ঞান নহয়। তেনেধৰণৰ জ্ঞান তেওঁলোকৰ মন আৰু হৃদয়ত গভীৰভাৱে সুমাই পৰিছে আৰু তেওঁলোকৰ জীৱন প্ৰণালী, বিচাৰধাৰাক সলনি কৰিছে। ইয়াৰ উপৰিও সেই জ্ঞান তেওঁলোকৰ জীৱনৰ এটা অংশ হৈ পৰিছে। (ইব্ৰী ৪:১২) উদাহৰণস্বৰূপে, কামিলে নামৰ এগৰাকী মহিলাই বৃদ্ধসকলক চোৱাচিতা কৰিছিল। তেওঁলোকৰ মাজত মাৰ্থা নামৰ যিহোৱাৰ সাক্ষী হোৱা এগৰাকী বৃদ্ধা আছিল। মাৰ্থাই চিত্তভ্ৰংশ ৰোগৰ দ্বাৰা পীড়িত হোৱাত তাইক একেৰাহে চোৱাচিতা কৰা আৱশ্যক আছিল। তাইক সদায়েই খোৱা বস্তু চোবাবলৈ আৰু আনকি গিলিবলৈও মনত পেলাই দিব লগা হৈছিল। যিহেতু চিৰকালে মাৰ্থাৰ মনত থকা এটা কথাই কামিলেক অধিক প্ৰভাবিত কৰিলে। মাৰ্থাৰ কি কথাই কামিলেক আকৰ্ষিত কৰিলে, তাৰ বিষয়ে আমিও চাওঁহঁক।

এদিন কোনো ব্যক্তিগত সমস্যাৰ বাবে কামিলেক মাৰ্থাই কান্দি থকা দেখিবলৈ পালে। মাৰ্থাই কামিলেক হাতত ধৰি বাইবেল অধ্যয়ন কৰিবলৈ আমন্ত্ৰণ জনালে। কিন্তু মাৰ্থাৰ দৰে অৱস্থাত থকা কোনো ব্যক্তিয়ে বাইবেল অধ্যয়ন পৰিচালনা কৰিব পাৰিবনে? অৱশ্যেই তাই কৰিব পাৰিলে! যদিও তাইৰ স্মৰণ শক্তিৰ হ্ৰাস হৈছিল তথাপিও তাই মহান ঈশ্বৰৰ বিষয়ে আৰু তাই শিকা বাইবেলৰ বহুমূলীয়া সত্যতাক কেতিয়াও পাহৰি যোৱা নাছিল। অধ্যয়ন কৰাৰ সময়ত তাই কামিলক প্ৰত্যেক অনুচ্ছেদ আৰু ইয়াৰ সৈতে থকা উদ্ধৃত শাস্ত্ৰীয় পদবোৰ পঢ়ি যাবলৈ কৈছিল। লগতে পৃষ্ঠাৰ তলত থকা প্ৰশ্নবোৰ পঢ়ি তাৰ উত্তৰ দিবলৈ কৈছিল। মাৰ্থাই তেনে অৱস্থাত থকাৰ স্বত্ত্বেও কিছু সময়ৰলৈকে বাইবেল অধ্যয়ন চলি থাকিল আৰু কামিলে বাইবেলৰ জ্ঞান লোৱাত উন্নতি কৰিবলৈ ধৰিলে। পিছলৈ মাৰ্থাই জানিবলৈ পাৰিলে যে কামিলে ঈশ্বৰৰ সেৱা কৰিবলৈ আন আগ্ৰহীলোকৰ সৈতে তাইক সঙ্গতি কৰা আৱশ্যক। সেই উদ্দেশ্যেই মাৰ্থাই তাইৰ বিদ্যাৰ্থী কামিলেক এযোৰ সাজ-পোছাক আৰু এযোৰ জোতা দিলে যাতে কামিলে পৰিপাটিকৈ সাজ-পোছাক পৰিধান কৰি ৰাজ্যগৃহৰ সভাত উপস্থিত হʼব পাৰে।

১০ এনে নিস্বাৰ্থ প্ৰেম, আৰ্হি আৰু বিশ্বাস দেখি কামিলে অতিশয় প্ৰভাৱিত হʼল আৰু তাই এই সিদ্ধান্তত উপনীত হʼল যে, যদিও মাৰ্থাই শাস্ত্ৰৰ পদসমূহৰ পৰা শিকা বিষয়সমূহৰ বাহিৰে প্ৰায় সকলোবোৰ পাহৰি গৈছে তথাপিও তাইক শিকাইছিল যে বাইবেলখনৰ সত্য হৈছে সকলোতকৈ গুৰুত্বপূৰ্ণ। পিছলৈ যেতিয়া কামিলে বৃদ্ধসকলক চোৱা-চিতা কৰিবলৈ আন এখন ঠাইলৈ স্থানান্তৰিত হʼল তেতিয়া তাই বুজি পাৰিলে যে সেই সময়টো হৈছে তাইৰ বাবে পদক্ষেপ লোৱাৰ সময়। প্ৰথম সুযোগতে তাই মাৰ্থাই দিয়া পোছাক আৰু জোতাযোৰ পিন্ধি সভাগৃহত উপস্থিত হয় আৰু বাইবেল অধ্যয়ন কৰিবলৈ নিজ ইচ্ছা প্ৰকাশ কৰিলে। ক্ৰমান্বয়ে কামিলে সত্যৰ পথত উন্নতি কৰিলে আৰু পিছলৈ তাই বাপ্তিষ্মা লৈ এগৰাকী যিহোৱাৰ সাক্ষী সদস্যা হৈ পৰিল।

যিহোৱাৰ স্তৰসমূহৰ অনুসাৰে চলিবলৈ উৎসাহিত হোৱা

১১. উৎসাহিত হৈ প্ৰচাৰ কৰাৰ উপৰিও কেনেকৈ প্ৰকাশ কৰিম যে আমি ৰাজ্যৰ বাৰ্ত্তাৰ দ্বাৰা প্ৰেৰিত হৈছোঁ?

১১ বৰ্তমান সময়ত মাৰ্থা আৰু কামিলেৰ দৰে ৬০ লাখতকৈও অধিক যিহোৱাৰ সাক্ষীয়ে বিশ্বজুৰী “ৰাজ্যৰ শুভবাৰ্ত্তা” প্ৰচাৰ কৰিছে। (মথি ২৪:১৪; ২৮:১৯, ২০) প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলৰ দৰে তেওঁলোকেও “ঈশ্বৰৰ মহৎ কাৰ্য্যৰ” দ্বাৰা গভীৰভাৱে অনুপ্ৰেৰিত হৈছে। ঈশ্বৰৰ নাম ঘোষণা কৰাটো এক বিশেষাধিকাৰ হিচাবে গ্ৰহণ কৰি তেওঁলোকে তাৰ প্ৰতি গভীৰতাৰে মূল্যাঙ্কন কৰিছে আৰু এই কাৰ্য্য কৰিবলৈ যিহোৱাই তেওঁলোকক নিজৰ পবিত্ৰ আত্মা প্ৰদান কৰিছে। ফলস্বৰূপে, তেওঁলোকে ‘সকলো ভাবে সন্তুষ্ট কৰিবৰ অৰ্থে যিহোৱাৰ যোগ্যৰূপে আচৰণ’ কৰিবলৈ জীৱনৰ সকলো ক্ষেত্ৰত তেওঁৰ স্তৰসমূহৰ অনুসাৰে চলিবলৈ সম্পূৰ্ণ চেষ্টা কৰে। তদুপৰি, তেওঁলোকে নিজৰ সাজ-পোছাক পৰিধান আৰু ৰূপ-সজ্জাৰ বিষয়েও ঈশ্বৰৰ স্তৰসমূহৰ প্ৰতি সন্মান দেখুৱায়।—কলচীয়া ১:১০; তীত ২:১০.

১২. ১ তীমথিয় ২:৮-১০ পদৰ পৰা আমি সাজ-পোছাক পৰিধান আৰু ৰূপ-সজ্জাৰ বিষয়ে কেনে নিৰ্দিষ্ট পৰামৰ্শ পাওঁ?

১২ প্ৰকৃততে যিহোৱাই আমাৰ ব্যক্তিগত বহিঃৰূপৰ সম্পৰ্কেও নিৰ্ধাৰিত স্তৰসমূহ প্ৰদান কৰিছে। আমি পালন কৰা ঈশ্বৰৰ আৱশ্যকতাসমূহৰ বিষয়ে পাঁচনি পৌলে এই পৰিলেখ দিছে, “মোৰ আজ্ঞা; . . . তিৰোতাবিলাকে সুলাজ আৰু সুবোধেৰে সৈতে, পৰিপাটি পোচাকেৰে নিজক ভূষিত কৰক; চেলা বটা চুলি, সোণ, মুকুতা, আৰু বহুমূল্য বস্ত্ৰেৰে নহয়, কিন্তু ঈশ্বৰভক্তি স্বীকাৰ কৰা তিৰোতাবিলাকৰ যোগ্য সৎকৰ্ম্মেৰে ভূষিত কৰক।” c সেই বাক্যশাৰীৰ পৰা আমি কি শিকিবলৈ পাওঁ?—১ তীমথিয় ২:৮-১০.

১৩. (ক) “পৰিপাটি পোচাকেৰে নিজকে ভূষিত” কৰাৰ অৰ্থ কি? (খ) যিহোৱাৰ স্তৰবোৰ যথাসঙ্গত বুলি আমি কিয় কʼব পাৰোঁ?

১৩ পাঁচনি পৌলে কোৱা বাক্যবোৰে দেখুৱাইছে যে সকলো খ্ৰীষ্টানক “পৰিপাটি পোচাকেৰে নিজক ভূষিত” কৰা উচিত। তেওঁলোকে অনুপযুক্ত সাজ-পোছাক পৰিধান বা ৰূপ-সজ্জা কৰা উচিত নহয়। গতিকে দুখীয়াই নহওক কিয়, সকলোৰে সাজ-পোছাক ঈশ্বৰৰ স্তৰসমূহৰ অনুসাৰে পৰিপাটি আৰু পৰিষ্কাৰ হোৱা আৱশ্যক। উদাহৰণস্বৰূপে, দক্ষিণ আফ্ৰিকাত থকা আমাৰ সাক্ষী ভাই-ভনীসকলে প্ৰত্যেক বছৰে জিলা অধিৱেশনত উপস্থিত হʼবলৈ ভালেমান কিলোমিটাৰ দূৰ্গম অৰণ্য পথ অতিক্ৰম আৰু কেইবা ঘন্টাও সৰু নাৱেৰে যাত্ৰা কৰে। এনে সময়ত কোনোবা এজন নদীত পৰি তেওঁৰ পোছাক অপৰিষ্কাৰ বা অৰণ্যৰ বাটত থকা কাইটীয়া জোপোহাবোৰত লাগি কাপোৰ নষ্ট হোৱাটো একেবাৰে সাধাৰণ কথা। তেনে অৱস্থাত যেতিয়া অধিৱেশনত উপস্থিত হয়, তেওঁলোকৰ সাজ-পোছাক অপৰিষ্কাৰ আৰু তেওঁলোকৰ চেহেৰা-পাতি দেখাত প্ৰায়ে জধলাটোৰ দৰে হৈ পৰে। সেইবাবে তেওঁলোকে বুতাম লগোৱা, চিলাই, জিপ মেৰামতি, কাপোৰ ধোৱা আৰু ইস্ত্ৰি কৰাৰ বাবে অধিক সময় অতিবাহিত কৰিবলগীয়া হয়। তথাপিও তেওঁলোকে যিহোৱাৰ টেবুলত আহাৰ গ্ৰহণ কৰিবলৈ পোৱা আমন্ত্ৰণক হৃদয়েৰে স্বীকাৰ কৰে আৰু সেইবাবে তেওঁলোকে তাত উপস্থিত থাকিবলৈ নিজৰ সাজ-পোছাক পৰিপাটি হোৱাটো বিচাৰে।

১৪. (ক) “সুলাজ আৰু সুবোধেৰে সৈতে” পোছাক পৰিধান কৰাৰ অৰ্থ কি? (খ) ‘ঈশ্বৰক শ্ৰদ্ধা দেখুৱা লোক হিচাবে’ আমি বস্ত্ৰ পৰিধান কৰাত কি জড়িত আছে?

১৪ আগলৈ পাঁচনি পৌলে কৈছিল যে আমি “সুলাজ আৰু সুবোধেৰে সৈতে” সাজ-পোছাক পৰিধান কৰা উচিত। ইয়াৰ অৰ্থ এইটো নহয় যে আমি জাকজমকতাপূৰ্ণ, আচহুৱা, শৰীৰৰ অঙ্গ প্ৰদৰ্শন কৰা বা অত্যাধিকভাৱে ফেচনৰ প্ৰতি সজাগ হৈ সাজ-পোছাক পৰিধান কৰা উচিত। ইয়াৰ বিপৰীতে আমি এনেদৰে সাজ-পোছাক পৰিধান কৰা উচিত যিয়ে ‘ঈশ্বৰৰ প্ৰতি থকা শ্ৰদ্ধা’ প্ৰকাশ কৰে। ইয়ে জানো আমাক আন আন সময়তো পৰিপাটি আৰু উপযুক্তকৈ সাজ-পোছাক পৰিধান কৰাৰ বিষয়ে স্মৰণ নকৰাই নে? আমি কেৱল সভাবোৰত উপস্থিত হোৱাৰ উদ্দেশ্যেৰে পৰিপাটিকৈ সাজ-পোছাক পৰিধান কৰিম আৰু আন সময়বোৰত নিজ ইচ্ছা অনুসাৰে অনুপযুক্ত আৰু অপৰিপাটি সাজ-পোছাক পৰিধান কৰিম, এনে নহয়। যিহেতু আমি সত্য খ্ৰীষ্টান হোৱাৰ বাবে আমাৰ ব্যক্তিগত বহিঃৰূপ আৰু সাজ-পোছাকে সকলো সময়তে শ্ৰদ্ধা আৰু সন্মানীয় মনোবৃত্তি প্ৰকাশ কৰা উচিত। কিন্তু কৰ্ম্মস্থল বা স্কুল যোৱাৰ সময়ত আমাৰ পৰিধান কৰা সাজ-পোছাক ভিন্ন হʼব পাৰে তাক সকলোৱে জানে। তথাপিও আমি সুলাজ আৰু সুবোধেৰে পৰিধান কৰা উচিত। যদি আমাৰ সাজ-পোছাকে ঈশ্বৰৰ প্ৰতি থকা বিশ্বাসক প্ৰকাশ কৰে তেনেহʼলে আমি অনিয়মিতৰূপে সাক্ষী দিবলৈ কেতিয়াও সংকোচ বোধ নকৰিম।—১ পিতৰ ৩:১৫.

“জগতত থকা বিষয়বোৰক প্ৰেম নকৰিবা”

১৫, ১৬. (ক) আমি এই জগতৰ অনুসাৰে সাজ-পোছাক পৰিধান কৰাৰ পৰা আঁতৰি থকাতো কিয় গুৰুত্বপূৰ্ণ? (১ যোহন ৫:১৯) (খ) বৰ্তমানৰ ফেচনৰ অনুসাৰে সাজ-পোছাক পৰিধান নকৰাৰ ব্যৱহাৰিক কাৰণটো কি?

১৫ আমি কেনে সাজ-পোছাক পৰিধান আৰু ৰূপ-সজ্জাৰ বাবে বাছনি কৰিব লাগে তাৰ বিষয়ে পৰামৰ্শ দি ১ যোহন ২:১৫, ১৬ পদত এইদৰে কৈছিল: “তোমালোকে জগতক, বা জগতত থকা বিষয়বোৰক প্ৰেম নকৰিবা। কোনোৱে যদি জগতক প্ৰেম কৰে, তেন্তে পিতৃৰ প্ৰেম তেওঁৰ অন্তৰত নাই। কিয়নো জগতত যি সকলো আছে, অৰ্থাৎ মাংসৰ অভিলাষ, চকুৰ অভিলাষ, জীৱন কালৰ গৰ্ব্ব, এইবোৰ পিতৃৰ পৰা উৎপন্ন নহয়, জগতৰ পৰাহে হয়।”

১৬ সেই পৰামৰ্শটো কিমান যে উপযুক্ত সময়ত দিয়া হৈছে! আজি আমি সমকক্ষৰ হেঁচা প্ৰবল হোৱা এখন জগতত জীয়াই আছোঁ। গতিকে আমি সমকক্ষৰ বিচাৰধাৰাৰ অনুসাৰে সাজ-পোছাক পৰিধান কৰাটো অৱশ্যেই উচিত নহয়। কিয়নো এই কেই বছৰত সাজ-পোছাক পৰিধান শৈলীৰ অৱনিত ঘটিছে। যিহেতু চাকৰীয়াল আৰু বৃত্তিধাৰী লোকসকলৰো সাজ-পোছাকো প্ৰায়ে নিৰ্ভৰযোগ্য নহয়, যিটো খ্ৰীষ্টানৰ বাবে উপযুক্ত। গতিকে এইটো হৈছে আন এটা কাৰণ যাৰ বাবে আমি সদায়ে সতৰ্কতা অৱলম্বন কৰি “জগতৰ অনুৰূপ” হোৱা আৱশ্যক নহয়। কিন্তু আমি ঈশ্বৰৰ স্তৰসমূহৰ অনুসাৰে জীৱন-যাপন কৰিবলৈ “ঈশ্বৰৰ ইচ্ছা, অৰ্থাৎ উত্তম, গ্ৰহণীয়, আৰু সিদ্ধ কি, তাক পৰীক্ষা কৰি” জনা উচিত।—ৰোমীয়া ১২:২; তীত ২:১০.

১৭. (ক) যেতিয়া আমি বজাৰলৈ কোনো সাজ-পোছাক বা বস্ত্ৰ কিনিবলৈ যাওঁ তেতিয়া পৰিধান শৈলী আৰু সাজ-পোছাকৰ বিষয়ে নিজকে কি প্ৰশ্ন সোধা উচিত? (খ) সদস্যসকলৰ সাজ-পোছাকৰ পৰিধান আৰু তেওঁলোকৰ ৰূপ-সজ্জাৰ প্ৰতি পৰিয়ালৰ মুখিয়ালে কিয় আগ্ৰহী হোৱা আৱশ্যক?

১৭ কোনো ধৰণৰ সাজ-পোছাক কিনাৰ পূৰ্বেই আপুনি হয়তো নিজকে এইদৰে সুধিব পাৰে: ‘এনে ধৰণৰ পোছাকে মোৰ বিষয়ে কেনে পৰিচয় দাঙি ধৰিব? এনে ধৰণৰ সাজ-পোছাকে চিনেমা বা খেলজগতৰ কোনো সুপ্ৰসিদ্ধ ব্যক্তি অথবা মই ভাল পোৱা ব্যক্তিজনৰ সৈতে মোৰ পৰিচয় দাঙি ধৰেনে? নতুবা এনে সাজ-পোছাকে কোনো বিদ্ৰোহী বা নিজস্ব ইচ্ছাৰ অনুসাৰে চলা দলৰ সদস্য বুলি মোৰ পৰিচয় দিয়েনে?’ তদুপৰি, আমি কিনিব লগীয়া পোছাকটো ভালদৰে পৰীক্ষা কৰা উচিত। যদি এটা পোছাক বা স্কাৰ্ট কিনিব লগা হয় তেন্তে ই উপযুক্তভাৱে দীঘলনে? কি ইয়াক একেবাৰে শৰীৰৰ সৈতে নিবিড়ভাৱে লিপিত খাই পৰাকৈ তৈয়াৰ কৰা হৈছে নেকি? কি এই পোছাকটো সুলাজ, উপযোগী আৰু সন্মানীয় বা একেবাৰে শৰীৰত লিপিত খাই থকা, শৰীৰৰ অঙ্গ প্ৰকাশ কৰা অথবা অপৰিপাটী নে? নিজকে এইদৰে সোধক: ‘মই পৰিধান কৰা এই পোছাকে কাৰোবাৰ বাবে বিঘিনি জন্মাব পাৰেনে?’ (২ কৰিন্থীয়া ৬:৩, ৪) ই আমাৰ বাবে কিয় এক গুৰুত্বৰ বিষয় হোৱা উচিত? কিয়নো বাইবেলত এইদৰে কৈছে: “খ্ৰীষ্টে নিজে নিজে সন্তুষ্ট নকৰিলে।” (ৰোমীয়া ১৫:৩) খ্ৰীষ্টান পৰিয়ালৰ মুখিয়ালসকলে নিজ নিজ পৰিয়ালৰ সদস্যবিলাকে আৰু নিজে কেনে সাজ-পোছাক পৰিধান কৰিছে তাৰ প্ৰতি বিবেচনাশীল হোৱা উচিত। তেওঁলোকে উপাসনা কৰা ঈশ্বৰৰ মহিমাৰ অৰ্থে আৱশ্যকতাৰ অনুসাৰে দৃঢ় আৰু প্ৰেমময় পৰামৰ্শ আগবঢ়োৱাত কেতিয়াও পিছহুহঁকা উচিত নহয়।—যাকোব ৩:১৩.

১৮. নিজৰ সাজ-পোছাক আৰু ৰূপ-সজ্জাৰ ওপৰত সাৱধানে বিবেচনা কৰিবলৈ আপোনাক কিহে পৰিচালিত কৰে?

১৮ আমাৰ প্ৰচাৰ কৰা বাৰ্ত্তাৰ উৎস হৈছে যিহোৱা। তেওঁ হৈছে এজন অতি উচ্চ মৰ্য্যাদা আৰু পবিত্ৰ ঈশ্বৰ। (যিচয়া ৬:৩) বাইবেলে আমাক “প্ৰিয় সন্তানবোৰৰ নিচিনাকৈ” তেওঁক অনুকৰণ কৰিবলৈ উৎসাহিত কৰিছে। (ইফিচীয়া ৫:১) গতিকে আমি পৰিধান কৰা সাজ-পোছাক আৰু ৰূপ-সজ্জাই আমাৰ স্বৰ্গীয় পিতৃলৈ অপযশ বা সন্মান কঢ়িয়াই আনিব পাৰে। আমি নিশ্চয়ে তেওঁৰ হৃদয় প্ৰফুল্লিত কৰিব বিচাৰিম!—হিতোপদেশ ২৭:১১.

১৯. “ঈশ্বৰৰ মহৎ কৰ্ম্মৰ” বিষয়ে আনক কোৱাৰ দ্বাৰা কেনে লাভৱান হʼব পাৰি?

১৯ “ঈশ্বৰৰ মহৎ কৰ্ম্মৰ” বিষয়ে জানিবলৈ পাই আপুনি কেনে অনুভৱ কৰিছে? প্ৰকৃততে আমি এই সত্যতাক শিকিবলৈ পাই গৌৰৱ অনুভৱ কৰা নাইনে বাৰু! আমি যীচুৰ মুক্তিপণ বলিদানত বিশ্বাস কৰাৰ বাবে আমাৰ পাপ ক্ষমা কৰা হৈছে। (পাঁচনিৰ কৰ্ম্ম ২:৩৮) ফলস্বৰূপে, আমি ঈশ্বৰৰ সৈতে উদাৰ চিত্তেৰে কথা হʼব পাৰিছোঁ। আশাহীন লোকবিলাকৰ দৰে আমি মৃত্যুক ভয় কৰাৰ কোনো কাৰণ নাই। ইয়াৰ বিপৰীতে আমাৰ ওচৰত যীচুৱে দিয়া এই আশ্বাস আছে যে এদিনাখন “মৈদামত থকা সকলোৱে তেওঁৰ মাত শুনি ওলাব।” (যোহন ৫:২৮, ২৯) যিহোৱাই এইবোৰৰ বিষয়ে প্ৰকাশ কৰি আমালৈ অনুগ্ৰহ দেখুৱাইছে। তদুপৰি, তেওঁ আমাক তেওঁৰ পবিত্ৰ আত্মাও প্ৰদান কৰিছে। গতিকে এই সকলো উত্তম আশীৰ্ব্বাদৰ প্ৰতি থকা আমাৰ কৃতজ্ঞতাই আমাক তেওঁৰ স্তৰসমূহ আৰু “মহৎ কৰ্ম্মৰ” বিষয়ে আনক উৎসাহেৰে কবলৈ আৰু স্তুতি কৰিবলৈ প্ৰেৰিত কৰে। (w02 8/1)

[ফুটনোটবোৰ]

a যেতিয়া যিহোৱাই তেওঁৰ লোকসকলৰ সপক্ষে ফৌৰণৰ সম্মুখত উপস্থিত হৈ কথা কবলৈ মোচি আৰু হাৰোণক মনোনিত কৰিছিল তেতিয়া তেওঁ এইদৰে কৈছিল: “মই ফৰৌণৰ আগত তোমাক ঈশ্বৰস্বৰূপ কৰিলো; আৰু তোমাৰ ককায়েৰা হাৰোণ তোমাৰ ভাববাদী হব।” (যাত্ৰাপুস্তক ৭:১) ভৱিষ্যতে কি হʼব তাৰ বিষয়ে কবলৈ নহয় কিন্তু মোচিৰ মুখপাত্ৰ হিচাবে কথা কবলৈ হাৰোণে ভৱিষ্যতবক্তা হিচাবে কাৰ্য্য কৰিছিল।

b মাৰ্চ ২৮ তাৰিখ, ২০০২ চনৰ বাৰ্ষিক স্মৰণীয় পৰ্বত উপস্থিত হোৱা লাখ লাখ লোকে এতিয়াও সক্ৰিয় হৈ যিহোৱাক সেৱা কৰা নাই। তেওঁলোকৰ বহুতে যাতে শীঘ্ৰেই শুভবাৰ্ত্তাৰ প্ৰচাৰক হʼবলৈ পদক্ষেপ লয়, এইয়ে হৈছে আমাৰ একান্ত ইচ্ছা আৰু তাৰ বাবে ঈশ্বৰলৈ আমি প্ৰাৰ্থনা কৰিছোঁ।

c যদিও পাঁচনি পৌলে এই বাক্যশাৰী স্ত্ৰীসকলৰ উদ্দেশ্যে কৈছিল তথাপিও সেইবোৰ পুৰুষ আৰু যুৱক-যুৱতীসকলৰ ক্ষেত্ৰতো একেইভাৱে প্ৰযোজ্য হয়।

আপুনি কেনেকৈ উত্তৰ দিব?

• সা.যু. ৩৩ চনত লোকসকলে কেনে “মহৎ কৰ্ম্মৰ” বিষয়ে শুনিবলৈ পাইছিল আৰু প্ৰতিক্ৰিয়া দেখুৱাইছিল?

• এজন ব্যক্তিয়ে কেনেকৈ যীচুৰ শিষ্য হʼব পাৰে আৰু ইয়াত কি সন্মিলিত আছে?

• আমাৰ সাজ-পোছাক পৰিধান আৰু ৰূপ-সজ্জাৰ প্ৰতি আমি কিয় মনোযোগ দিয়া উচিত?

• কোনো এটা সাজ-পোছাক কিনাৰ আগতে তাক তৈয়াৰ কৰা বা তাৰ ফেচনৰ বিষয়ে কি বিষয়সমূহক বিবেচনা কৰাটো উচিত?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[১৫ পৃষ্ঠাৰ ছবি]

মৃত্যুৰ পৰা যীচুক তুলা হʼল বুলি পিতৰে সকলোৰে আগত ঘোষণা কৰিলে

[১৭ পৃষ্ঠাৰ ছবিসমূহ]

আপোনাৰ ব্যক্তিগত বহিঃৰূপে সত্য ঈশ্বৰক উপাসনা কৰাৰ প্ৰমাণ দিয়েনে?

[১৮ পৃষ্ঠাৰ ছবিসমূহ]

পৰিয়ালৰ সদস্যৰ ৰূপ-সজ্জা আৰু সাজ-পোছাকৰ প্ৰতি খ্ৰীষ্টান পিতৃ-মাতৃসকলে মনোযোগ দিয়া উচিত