Skip to content

Skip to table of contents

পাঠকসকলৰ প্ৰশ্ন

পাঠকসকলৰ প্ৰশ্ন

পাঠকসকলৰ প্ৰশ্ন

 স্বামী বা স্ত্ৰীৰ কেৱল এজনে যিহোৱাৰ সাক্ষী, কিন্তু আনজন যদি নহয়, তেনেস্থলত লʼৰা-ছোৱালীক প্ৰশিক্ষণ দিয়াৰ সম্পৰ্কে বাইবেলে কেনে নিৰ্দ্দেশনা প্ৰদান কৰিছে?

বিবাহিত এজনৰ সঙ্গী সত্যত নথকা যিহোৱাৰ সাক্ষী হোৱা স্বামী বা স্ত্ৰীয়ে তেনেস্থলত লʼৰা-ছোৱালীক প্ৰশিক্ষণ দিয়াৰ সম্পৰ্কে শাস্ত্ৰই দুটা মুখ্য সিদ্ধান্ত দাঙি ধৰিছে। প্ৰথমটো হৈছে: “মানুহতকৈ আমি ঈশ্বৰৰ আজ্ঞা মানিব লাগে।” (পাঁচনিৰ কৰ্ম্ম ৫:২৯) দ্বিতীয়তো হৈছে: “খ্ৰীষ্ট যেনেকৈ মন্ডলীৰ মূৰ . . . তেনেকৈ স্বামীও ভাৰ্য্যাৰ মূৰস্বৰূপ হৈছে।” পিছৰটো সিদ্ধান্ত কেৱল সত্যত থকা স্বামীৰ সাক্ষী পত্নীসকলৰ বাবেহে যে প্ৰযোজ্য এনে নহয়, কিন্তু সত্যত নথকা স্বামীৰ সাক্ষী হোৱা পত্নীসকলৰ বাবেও একেইভাৱে ব্যৱহাৰিক। (১ পিতৰ ৩:১) যিহোৱাৰ সাক্ষী হোৱা স্বামী বা স্ত্ৰীয়ে লʼৰা-ছোৱালীক প্ৰশিক্ষণ দিয়াৰ ক্ষেত্ৰত কেনেকৈ এই সিদ্ধান্তৰ প্ৰতি ভাৰসাম্য বজাই ৰাখিব পাৰে?

যদি স্বামীজন এজন যিহোৱাৰ সাক্ষী হয়, তেনেহʼলে পৰিয়ালটোৰ আধ্যাত্মিক আৰু শাৰীৰিক আৱশ্যকতাসমূহক পূৰণ কৰাটো তেওঁৰ দায়িত্ব। (১ তীমথিয় ৫:৮) যদিও সত্যত নথকা মাতৃয়ে লʼৰা-ছোৱালীৰ সৈতে অধিক সময় অতিবাহিত কৰে তথাপিও সাক্ষী হোৱা পিতৃয়ে লʼৰা-ছোৱালীক ঘৰতে আধ্যাত্মিক প্ৰশিক্ষণ আৰু নৈতিক শিক্ষা, হিতজনক সঙ্গতিৰ পৰা লাভৱান হʼবলৈ তেওঁলোকক খ্ৰীষ্টান সভালৈ নিয়া আৱশ্যক।

যদি সত্যত নথকা পত্নীয়ে নিজৰ লʼৰা-ছোৱালীক তাইৰ উপাসনা কৰা স্থানলৈ নিবলৈ বা তাইৰ ধৰ্ম্মীয় বিশ্বাসৰ বিষয়ে শিকাবলৈ জোৰ কৰে তেতিয়া কি কৰিব পাৰি? দেশৰ আইনেও হয়তো তাই কৰা কাৰ্য্যক সমৰ্থন কৰিব পাৰে। তেনে অৱস্থাত লʼৰা-ছোৱালীয়ে মাকৰ উপাসনাত ভাগ লʼবলৈ আকৰ্ষিত হওক বা নহওক, এই সকলোবোৰ বৃহতভাৱে পিতৃজনৰ ওপৰত নিৰ্ভৰ কৰে যে তেওঁ কিমান উত্তমভাৱে লʼৰা-ছোৱালীক আধ্যাত্মিক প্ৰশিক্ষণ দিছে। যেনেকৈ লʼৰা-ছোৱালী ডাঙৰ-দীঘল হৈ আহিব, পিতৃজনে প্ৰদান কৰা শাস্ত্ৰীয় শিক্ষাৰ দ্বাৰা তেওঁলোকক ঈশ্বৰৰ বাক্যৰ সত্যক আপোন কৰি লʼবলৈ সহায় কৰা উচিত। সত্যত থকা স্বামীৰ লʼৰা-ছোৱালীয়ে যেতিয়া নিজে সত্যৰ পক্ষে থিয় দিবলৈ নিৰ্ণয় লয় তেতিয়া সেইটো কিমান যে আনন্দৰ বিষয় হʼব!

যদি পত্নীগৰাকী যিহোৱাৰ সাক্ষী কিন্তু তাইৰ স্বামীজন নহয়, তেনেহʼলে পত্নীগৰাকীয়ে মূৰস্বৰূপ সিদ্ধান্তটোক সন্মান কৰি নিজৰ লʼৰা-ছোৱালীৰ চিৰস্থায়ী কল্যাণৰ বিষয়ে বিবেচনা কৰা উচিত। (১ কৰিন্থীয়া ১১:৩) বেছিভাগ ক্ষেত্ৰত সত্যত নথকা স্বামীয়ে নিজৰ সাক্ষী পত্নীয়ে লʼৰা-ছোৱালীক নৈতিক আৰু আধ্যাত্মিক প্ৰশিক্ষণ দিয়াত আৰু তেওঁলোকক তেনে প্ৰশিক্ষণ প্ৰদান কৰিবলৈ যিহোৱাৰ সাক্ষীসকলৰ সভালৈ নিয়াৰ বাবে বিৰোধ নকৰে। সেয়েহে সাক্ষী মাতৃসকলে সত্যত নথকা নিজৰ স্বামীক লʼৰা-ছোৱালীবিলাকে যিহোৱাৰ সংগঠনৰ পৰা পোৱা শিক্ষাৰ দ্বাৰা লাভৱান হোৱাৰ প্ৰতি দৃষ্টি দিবলৈ সহায় কৰিব পাৰে। তদুপৰি, তাই সতৰ্কতাৰে উল্লেখ কৰিব পাৰে যে বাইবেলৰ নৈতিক সিদ্ধান্তসমূহে তেওঁলোকৰ লʼৰা-ছোৱালীক এই নৈতিকতাহীন জগতত সঠিকভাৱে জীৱন-যাপন কৰিবলৈ সহায় কৰে।

কেতিয়াবা হয়তো সত্যত নথকা স্বামীয়ে নিজৰ লʼৰা-ছোৱালীয়ে তেওঁৰ ধৰ্ম্মীয় বিশ্বাসক পালন কৰিবলৈ তেওঁৰ ধৰ্ম্মীয় বিশ্বাসৰ অনুসাৰে শিক্ষা দিবলৈ প্ৰবলভাৱে কব পাৰে। অথবা স্বামীয়ে হয়তো সকলো ধৰ্ম্মকে বিৰোধ কৰাৰ বাবে নিজৰ লʼৰা-ছোৱালীক কোনো ধৰ্ম্মীয় শিক্ষা প্ৰদান নকৰিবলৈ সাক্ষী পত্নীক কব পাৰে। যিহেতু তেওঁ ঘৰখনৰ মূৰব্বী হোৱাৰ বাবে নিৰ্ণয় কৰাটো হৈছে তেওঁৰ দায়িত্ব। a

এগৰাকী সমৰ্পিত খ্ৰীষ্টান হোৱাৰ বাবে পত্নীগৰাকীয়ে নিজৰ স্বামীক মূৰস্বৰূপে সন্মান কৰি পাঁচনি পিতৰ আৰু যোহনে কোৱা এই মনোবৃত্তিৰ বিষয়ে মনত ৰখা উচিত। যʼত তেওঁলোকে এইদৰে কৈছিল: “আমি যিহকে দেখিলোঁ, শুনিলোঁ, তাকে নকৈ থাকিব নোৱাৰোঁ।” লʼৰা-ছোৱালীৰ আধ্যাত্মিক কল্যাণৰ বিষয়ে মনত ৰাখি এগৰাকী সাক্ষী মাতৃয়ে তেওঁলোকক নৈতিক নিৰ্দ্দেশনা প্ৰদান কৰিবলৈ যিকোনো সুযোগ বিচাৰি উলিয়াব। কিয়নো যিহোৱাৰ সম্মুখত আনক আৰু তাইৰ লʼৰা-ছোৱালীক তাই জনা সত্যৰ বিষয়ে কোৱাৰ দায়িত্বৰ প্ৰতি অব্যাহতি কৰা উচিত নহয়। (হিতোপদেশ ১:৮; মথি ২৮:১৯, ২০) এগৰাকী সাক্ষী মাতৃয়ে কেনেকৈ এনে কঠিন সমস্যাক সমাধান কৰিব পাৰে?

উদাহৰণস্বৰূপে, ঈশ্বৰক বিশ্বাস কৰাৰ বিষয়টোক ধৰি লওক। স্বামীজনৰ কঠোৰ বিৰোধীতাৰ বাবে সাক্ষী পত্নীগৰাকীয়ে হয়তো নিজৰ লʼৰা-ছোৱালীৰ সৈতে নিয়মীয়াকৈ বাইবেল অধ্যয়ন কৰিব নোৱাৰিব পাৰে। কিন্তু ইয়াৰ বাবে তাই ভয় কৰি নিজৰ লʼৰা-ছোৱালীক যিহোৱাৰ বিষয়ে কোনো কথা নোকোৱাৰ পৰা বিৰত থকা উচিতনে? অৱশ্যেই নহয়। স্বাভাৱিকৰূপে তাইৰ কাৰ্য্য আৰু বাক্যত সৃষ্টিকৰ্ত্তাৰ প্ৰতি থকা বিশ্বাসক প্ৰকাশ পাব। ইয়াত কোনো সন্দেহ নাই যে সেই বিষয়ে তাইৰ লʼৰা-ছোৱালীয়ে অৱশ্যেই প্ৰশ্ন কৰিব। গতিকে তাই নিজ ধৰ্ম্ম পালন কৰা স্বাধীনতাক গ্ৰহণ কৰি নিজৰ লʼৰা-ছোৱালীক সৃষ্টিকৰ্ত্তাৰ প্ৰতি থকা বিশ্বাসৰ বিষয়ে কোৱা উচিত। যদিও তাই নিজৰ লʼৰা-ছোৱালীৰ সৈতে নিয়মীয়াকৈ বাইবেল অধ্যয়ন বা তেওঁলোকক সভালৈ নিব নোৱাৰে তথাপিও সাক্ষী পত্নীগৰাকীয়ে তেওঁলোকক যিহোৱা ঈশ্বৰৰ জ্ঞান প্ৰদান কৰিব পাৰে।—দ্বিতীয় বিবৰণ ৬:৭.

যিহোৱাৰ সাক্ষী হোৱা এজন ব্যক্তি, তেওঁৰ বা তাইৰ সত্যত নথকা সঙ্গীৰ মাজত থকা সম্বন্ধৰ বিষয়ে পাঁচনি পৌলে এইদৰে লিখিছিল: “বিশ্বাস নকৰা স্বামী সেই ভাৰ্য্যাত পবিত্ৰীকৃত হল; আৰু বিশ্বাস নকৰা ভাৰ্য্যাও সেই ভাইত পবিত্ৰীকৃত হল; এনে নোহোৱা হলে, তোমালোকৰ সন্তানবিলাকো অশুচি হলহেঁতেন; কিন্তু এতিয়া সিহঁত পবিত্ৰ।” (১ কৰিন্থীয়া ৭:১৪) তেওঁলোকৰ এজন যিহোৱাৰ সাক্ষী হোৱাৰ বাবে যিহোৱাই নিজৰ দৃষ্টিত তেওঁলোকৰ বৈবাহিক সম্বন্ধ আৰু লʼৰা-ছোৱালীক পবিত্ৰ জ্ঞান কৰে। এগৰাকী সাক্ষী পত্নীয়ে সত্যৰ বিষয়ে লʼৰা-ছোৱালীক বুজাবলৈ নিজৰ সামৰ্থৰে চেষ্টা কৰি বাকীবোৰ যিহোৱাৰ হাতত এৰি দিয়া আৱশ্যক।

লʼৰা-ছোৱালী যেনেকৈ ডাঙৰ হৈ আহিব তেওঁলোকে নিজৰ পিতৃ-মাতৃৰ পৰা লাভ কৰা শিক্ষাৰ ওপৰত আধাৰ কৰি কেনে সিদ্ধান্ত লʼলে উত্তম হʼব তাক নিজেই নিৰ্ণয় কৰা আৱশ্যক। তেওঁলোকে হয়তো যীচুৱে কোৱাৰ অনুসৰি নিৰ্ণয় লʼব পাৰে। যʼত তেওঁ এইদৰে কৈছিল: “যি কোনোৱে নিজৰ পিতৃ বা মাতৃক মোতকৈ অধিক প্ৰীতি কৰে, তেওঁ মোৰ যোগ্য নহয়।” (মথি ১০:৩৭) তদুপৰি, তেওঁলোকক এইদৰে আজ্ঞা দিয়া হৈছে: “হে সন্তানবিলাক, প্ৰভুত তোমালোক পিতৃ-মাতৃৰ আজ্ঞাধীন হোৱা; কিয়নো এয়ে উচিত।” (ইফিচীয়া ৬:১) বহুতো যুৱক-যুৱতীয়ে সত্যত নথকা পিতৃ বা মাতৃৰ পৰা অত্যন্ত কষ্ট বা ক্লেশ পোৱা স্বত্বেও তেওঁলোকৰ পৰিৱৰ্তে ‘শাসক হিচাবে ঈশ্বৰৰ আজ্ঞা পালন’ কৰিবলৈ নিৰ্ণয় লৈছে। বিৰোধীতাৰ স্বত্বেও লʼৰা-ছোৱালীয়ে সত্যৰ পক্ষ লোৱাটো সাক্ষী পিতৃ বা মাতৃৰ বাবে কিমান যে আশীৰ্ব্বাদজনক বিষয়! (w02 8/15)

[ফুটনোট]

a আইন অনুসাৰে এগৰাকী পত্নীক নিজ ইচ্ছাৰে ধৰ্ম্ম পালন আৰু খ্ৰীষ্টান সভাসমূহত উপস্থিত হোৱাৰ স্বাধীনতা আছে। কিছুমান ক্ষেত্ৰত এজন স্বামীয়ে সেই অৱস্থাত নিজৰ কণ-কণ লʼৰা-ছোৱালীক চোৱা-চিতা কৰিবলৈ ইচ্ছা নকৰে, গতিকে এগৰাকী মৰমীয়াল মাতৃ হোৱাৰ বাবে নিজৰ লʼৰা-ছোৱালীক সভালৈ নিয়াটো তাইৰ কৰ্তব্য।