Skip to content

Skip to table of contents

‘মই তোমালোকক আৰ্হি দেখুৱালোঁ’

‘মই তোমালোকক আৰ্হি দেখুৱালোঁ’

‘মই তোমালোকক আৰ্হি দেখুৱালোঁ’

“ইমান দিনে তোমালোক শিক্ষক হব লাগিছিল।”ইব্ৰী ৫:১২.

১. ইব্ৰী ৫:১২ পদত দিয়া বাক্যশাৰীয়ে কিয় এজন খ্ৰীষ্টান ব্যক্তিক নিজৰ বিষয়ে বিবেচনা কৰিবলৈ বাধ্য কৰিব পাৰে?

 যেনেকৈ এই প্ৰবোচিত কৰা শিৰোনামাটোক দৃষ্টি কৰে, আপুনি নিজকে কিছু পৰিমাণে তেনে হোৱাটো অনুভৱ নকৰেনে? যদি অনুভৱ কৰিছে তেনেহʼলে আপুনিয়েই একমাত্ৰ তেনে ব্যক্তি বুলি নাভাবিব। যীচুৰ শিষ্য হোৱাৰ বাবে সকলোৱে যে শিক্ষক হোৱা আৱশ্যক, তাক আমি ভালদৰে জানোঁ। (মথি ২৮:১৯, ২০) ইয়াৰ উপৰিও আমি জানোঁ যে আমি যি সময়ত বাস কৰিছোঁ, যিমান সম্ভৱ দক্ষতাৰে শিকোৱা উচিত। তদুপৰি, আমি জানোঁ যে আমাৰ শিক্ষাই লোকসকলক জীৱন-মৰণৰ পৃথকতা প্ৰদান কৰিব পাৰে! (১ তীমথিয় ৪:১৬) এতেকে আমি নিজকে এইদৰে সুধিব পাৰোঁ: ‘মই বাস্তৱিকতে শিক্ষক হোৱাৰ যোগ্যনে? মই কেনেকৈ শিক্ষা দিয়া অৰ্হতাক উন্নত কৰিব পাৰোঁ?’

২, ৩. (ক) কেনেকৈ এজন শিক্ষকে এক উত্তম শিক্ষা প্ৰদান কৰা সংস্থাপনৰ বিষয়ে বৰ্ণনা কৰিছিল? (খ) শিক্ষা প্ৰদানৰ ক্ষেত্ৰত যীচুৱে আমাৰ বাবে কেনে আৰ্হি প্ৰস্তুত কৰিলে?

এনে বিবেচনা কৰি আমি নিৰুৎসাহিত হোৱাৰ কোনো আৱশ্যকতা নাই। যদি আমি শিক্ষা দিয়াৰ বাবে কেৱল বিশেষ কাৰিকৰী কৌশলৰ আৱশ্যক বুলি ভাবোঁ, তেনেহʼলে এই কৌশলত উন্নতি কৰাটো আমাৰ বাবে অত্যন্ত কঠিন বুলি বিবেচনা কৰিব পাৰোঁ। দৰাচলতে উত্তমৰূপে শিক্ষা প্ৰদান কৰিবলৈ কোনো উত্তম কৌশলৰ আৱশ্যকতা নাই, কিন্তু তাতকৈ এক গুৰুত্বপূৰ্ণ কিহবাৰ প্ৰয়োজন। উদাহৰণস্বৰূপে, লক্ষ্য কৰক যে এজন শিক্ষকে এই বিষয়ে এখন কিতাপত এনেদৰে লিখিছিল: “উত্তমৰূপে শিক্ষা প্ৰদান কৰিবলৈ কোনো বিশেষ কৌশল বা শৈলী, পৰিকল্পনা বা কাৰ্য্যৰ আৱশ্যক নাই। . . . শিক্ষা প্ৰদান কৰাটো হৈছে প্ৰেমৰ এক প্ৰাথমিক বিষয়।” অৱশ্যে তেওঁ এই কথাষাৰ সাধাৰণতে শিক্ষা প্ৰদান কৰা শিক্ষকসকলৰ উদ্দেশ্যেৰে কৈছিল। তথাপিও তেওঁ কোৱা সেই বাক্যশাৰী খ্ৰীষ্টান হিচাবে শিক্ষা প্ৰদান কৰা আমাৰ কাৰ্য্যত অধিক প্ৰযোজ্য হয়। কেনেকৈ প্ৰযোজ্য হয়?

সকলোতকৈ উত্তম আৰ্হি ৰখা আমাৰ মহান শিক্ষক যীচু খ্ৰীষ্টই তেওঁৰ শিষ্যসকলক এইদৰে কৈছিল: “মই . . . তোমালোকক আৰ্হি দেখুৱালোঁ।” এই কথাষাৰ তেওঁ নম্ৰতা প্ৰকাশ কৰি নিজে ৰখা আৰ্হিক উদ্দেশ্য কৰি কৈছিল। কিন্তু যীচুৱে আমাৰ বাবে ৰখা আৰ্হিত বাস্তৱতে মানুহৰূপে এই পৃথিৱীত কৰা তেওঁৰ সকলোতকৈ গুৰুত্বপূৰ্ণ কাৰ্য্য সন্মিলিত আছিল। সেই গুৰুত্বপূৰ্ণ কাৰ্য্যটো আছিল সকলো মানুহক ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তাৰ বিষয়ে শিক্ষা প্ৰদান কৰা। (লূক ৪:৪৩) যদি আপোনাক যীচুৰ পৰিচৰ্য্যাৰ পৰা এটা বৈশিষ্টপূৰ্ণ বিষয় বিচাৰিবলৈ কোৱা হʼলে আপুনি নিশ্চয়ে “প্ৰেম” শব্দটোক বাছনি নকৰিলেহেঁতেন নে? (কলচীয়া ১:১৫; ১ যোহন ৪:৮) কিয়নো যীচুৰ বাবে তেওঁৰ স্বৰ্গীয় পিতৃ যিহোৱাৰ প্ৰতি থকা প্ৰেম তেওঁৰ জীৱনত সকলোতকৈ প্ৰমুখ স্থান অধিকাৰ কৰিছিল। (যোহন ১৪:৩১) এজন শিক্ষক হিচাবে যীচুৱে দুটা অতিৰিক্ত ধৰণে প্ৰেম প্ৰকাশ কৰিছিল। তেওঁ সত্যক আৰু তাৰ বিষয়ে শিকা লোকসকলৰ প্ৰতি প্ৰেম প্ৰকাশ কৰিছিল। আঁহক আমি তেওঁ দুটা ক্ষেত্ৰত আমাৰ বাবে ৰখা আৰ্হিক নিবিড়ভাৱে নিৰীক্ষণ কৰোঁহঁক।

ঈশ্বৰীয় সত্যতাৰ প্ৰতি এক চিৰস্থায়ী প্ৰেম বজাই ৰখা

৪. যীচুৱে কেনেকৈ যিহোৱাৰ শিক্ষাসমূহৰ প্ৰতি নিজৰ প্ৰেম গঢ়ি তুলিছিল?

কোনো এক বিষয়বস্তুৰ প্ৰতি ৰখা মনোবৃত্তিয়ে এজন শিক্ষকৰ শিক্ষা প্ৰদানৰ পদ্ধতিত অধিককৈ প্ৰভাৱিত কৰে। তেওঁ যদি শিকোৱা বিষয়টোৰ প্ৰতি অলপ মাত্ৰাত আগ্ৰহী হয়, তেনেহেʼলে বিদ্যাৰ্থীসকলৰ ওপৰতো সেই একেই প্ৰভাৱ পৰিব। যিহোৱা আৰু তেওঁৰ ৰাজ্যৰ বহুমূলীয়া সত্যতাক সম্পূৰ্ণৰূপে উৎসাহী আৰু আগ্ৰহী হৈ যীচুৱে শিক্ষা প্ৰদান কৰিছিল। এই বিষয়টোৰ প্ৰতি তেওঁৰ অত্যন্ত প্ৰেম আছিল। তেওঁ সেই প্ৰেমক বিদ্যাৰ্থী হিচাবে ৰূপ দিছিল। সুদীৰ্ঘকাল মানৱপূৰ্বে অস্তিত্বত থকাৰ পিছতো কেৱল একমাত্ৰ পুত্ৰ যীচুৱে শিকিবলৈ অত্যন্ত আগ্ৰহী আছিল। যিচয়া ৫০:৪, ৫ পদত উপযুক্তৰূপে এইদৰে কোৱা হৈছে: “মই যেন ক্লান্ত হোৱা লোকক বাক্যেৰে সুস্থিৰ কৰিব পাৰোঁ, এই নিমিত্তে প্ৰভু যিহোৱাই মোক শিক্ষিত লোকৰ জিবা দিলে। তেওঁ প্ৰতি ৰাতিপুৱাতে মোক চেতনায়, এনে কি, শিক্ষিত লোকৰ দৰে শুনিবৰ নিমিত্তে মোৰ কাণ চেতনায়। প্ৰভু যিহোৱাই মোৰ কাণ মুকলি কৰিলে; তাতে মই অবাধ্য নহলোঁ, বা পাছ নুহুহকিলোঁ।”

৫, ৬. (ক) বাপ্তিষ্মা লোৱাৰ সময়ত যীচুৰ কেনে অভিজ্ঞতা হৈছিল আৰু ইয়ে তেওঁক কেনেদৰে প্ৰভাৱিত কৰিলে? (খ) ঈশ্বৰৰ বাক্যক ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত যীচু আৰু চয়তানৰ মাজত আমি কেনে ভিন্নতা দেখিবলৈ পাওঁ?

যীচুৱে এই পৃথিৱীত মানুহৰূপে ডাঙৰ-দীঘল হোৱাৰ সময়তো তেওঁ সেই ঈশ্বৰীয় প্ৰজ্ঞাক প্ৰেম কৰিছিল। (লূক ২:৫২) বাপ্তিষ্মা লোৱাৰ সময়ত তেওঁ এক অতুলনীয় অভিজ্ঞতা লাভ কৰিলে। লূক ৩:২১ পদত কৈছে যে “স্বৰ্গৰ দুৱাৰ মুকুলি হল।” প্ৰকৃততে তেতিয়া যীচুৱে মানৱপূৰ্বে থকা অস্তিত্বৰ বিষয়ে স্মৰণ কৰিব পাৰিলে। তাৰ পিছত তেওঁ সম্পূৰ্ণ ৪০ দিন লঘোণ দি অৰণ্যত কটালে। স্বৰ্গত থকা সময়ছোৱাত যিহোৱাৰ পৰা পোৱা উপদেশসমূহৰ ওপৰত ধ্যান কৰি তেওঁ নিশ্চয়ে সন্তুষ্টি লাভ কৰিছিল। তেওঁ বহুসময় তেওঁৰ পিতৃ যিহোৱাৰ সৈতে কটোৱাৰ স্বত্বেও ঈশ্বৰৰ সত্যৰ প্ৰতি থকা তেওঁৰ প্ৰেম পৰীক্ষিত হʼল।

যেতিয়া যীচু ক্লান্ত হৈ পৰিছিল আৰু ভোক লাগিছিল তেতিয়া চয়তানে তেওঁক প্ৰলোভিত কৰিব বিচাৰিছিল। ঈশ্বৰৰ এই দুজন পুত্ৰৰ মাজত কেনে ভিন্নতা দেখা যায়! যীচু আৰু চয়তানে যদিও শাস্ত্ৰ পদসমূহ উল্লেখ কৰিছিল তথাপিও তেওঁলোক দুয়োজনৰ ভিন্ন মনোবৃত্তি আছিল। চয়তনে ঈশ্বৰৰ বাক্যক নিজৰ স্বাৰ্থৰ অৰ্থে অসন্মানেৰে বিকৃত অৰ্থত ব্যৱহাৰ কৰিলে। বাস্তৱতে তেনে বিৰোধীতাই কোনো হানি কৰিব নোৱাৰিলে কিন্তু ঈশ্বৰৰ সত্যক তুচ্ছজ্ঞান কৰিলে। আনহাতে যীচুৱে প্ৰত্যেকটো উত্তৰ দিয়াৰ সময়ত অত্যন্ত প্ৰেম আৰু সন্মানেৰে ঈশ্বৰৰ বাক্যক ব্যৱহাৰ কৰিলে। যদিও যীচু সেই প্ৰেৰিত বাক্য লিখাৰ বহু পূৰ্বৰ পৰাই অস্তিত্বত আছিল, তথাপিও তেওঁ সেই লিখনীবোৰক শ্ৰদ্ধা কৰিছিল। কিয়নো সেইবোৰ তেওঁৰ স্বৰ্গীয় পিতৃৰ পৰা পোৱা বহুমূলীয়া সত্য আছিল! তেওঁ স্পষ্টকৈ চয়তানক কৈছিল যে যিহোৱাৰ বাক্য আন শাৰীৰিক আহাৰতকৈ অধিক গুৰুত্বপূৰ্ণ। (মথি ৪:১-১১) দৰাচলতে যিহোৱাই শিকোৱা সকলো সত্যতাক যীচুৱে প্ৰেম কৰিছিল। শিক্ষক হিচাবে তেওঁ শিক্ষা প্ৰদান কৰাৰ সময়ত কেনেকৈ সত্যৰ প্ৰতি থকা সেই প্ৰেমক প্ৰকাশ কৰিলে?

তেওঁ শিকোৱা সত্যৰ দ্বাৰা প্ৰেম প্ৰকাশ

৭. যীচুৱে কিয় নিজৰ বিচাৰধাৰাৰে লোকসকলক শিক্ষা প্ৰদান কৰা নাছিল?

যীচুৱে শিকোৱা সত্যত স্পষ্টৰূপে প্ৰেম প্ৰকাশ পাইছিল। যিহেতু তেওঁৰ ওচৰত অত্যাধিক জ্ঞান আৰু বুদ্ধি থকাৰ বাবে তেওঁ সহজে নিজ ইচ্ছাৰ অনুসাৰে নিজ ভাবধাৰাৰ বিষয়ে লোকসকলক শিক্ষা প্ৰদান কৰিব পাৰিলেহেঁতেন। (কলচীয়া ২:৩) কিন্তু তেওঁ তেনে নকৰিলে। তদুপৰি, তেওঁ শিকোৱা সত্যৰ মূল উৎস তেওঁৰ নহয় কিন্তু স্বৰ্গী পিতৃৰহে হয় বুলি নিজৰ শ্ৰুতাসকলক বাৰে বাৰে সোঁৱৰাই দিছিল। (যোহন ৭:১৬; ৮:২৮; ১২:৪৯; ১৪:১০) তেওঁ ঈশ্বৰীয় সত্যক নিজৰ বিচাৰধাৰাৰে পৰিৱৰ্তন কৰাৰ বিপৰীতে তাক অত্যন্ত প্ৰেম কৰিছিল।

৮. যীচুৱে নিজৰ পৰিচৰ্য্যা কাৰ্য্যৰ আৰম্ভণিতে কেনেকৈ ঈশ্বৰৰ বাক্যৰ ওপৰত নিৰ্ভৰ কৰি এটা আৰ্হি প্ৰস্তুত কৰিলে?

যেতিয়া যীচুৱে পৰিচৰ্য্যা কাৰ্য্য আৰম্ভ কৰিলে তেতিয়া শীঘ্ৰেই তেওঁ এক আৰ্হি প্ৰস্তুত কৰিলে। ঈশ্বৰে তেওঁৰ লোকসকলক প্ৰতিজ্ঞা কৰা সেই মচীহজনৰ বিষয়ে তেওঁক কেনেকৈ উল্লেখ কৰিছিল তাৰ বিষয়ে বিবেচনা কৰক। তেওঁ পোনপটীয়াকৈ লোকসমূহৰ আগত থিয় হৈ নিজকে খ্ৰীষ্ট বুলি কৈ তাক প্ৰমাণ কৰিবলৈ আচৰিত কাৰ্য্যসমূহ কৰিছিল নে? নিশ্চয়ে নহয়। তেওঁ ঈশ্বৰৰ লোকসমূহ উপস্থিত থকা ধৰ্ম্মধামলৈ গʼল আৰু অভ্যাসৰ অনুসাৰে শাস্ত্ৰ পঢ়িবলৈ ধৰিলে। তাত যীচুৱে যিচয়া ৬১:১, ২ পদটো খুলি উচ্চস্বৰত পঢ়িবলৈ ধৰিলে আৰু সেই ভৱিষ্যতবাণীৰ বাক্য যে তেওঁত পূৰ্ণ হʼল এই বিষয়ে লোকসকলক বুজাই দিলে। (লূক ৪:১৬-২২) যদিও যীচুৱে কৰা সকলো আচৰিত কাৰ্য্যত ঈশ্বৰে সহায় কৰিছিল তথাপিও তেওঁ সদায়ে ঈশ্বৰৰ বাক্য আৰু শিক্ষাৰ ওপৰত নিৰ্ভৰশীল আছিল।

৯. ফৰীচীসকলৰ সৈতে কৰা ব্যৱহাৰে কেনেকৈ প্ৰকাশ কৰিলে যে ঈশ্বৰৰ বাক্যৰ প্ৰতি যীচুৰ গভীৰ প্ৰেম আছিল?

যেতিয়া ধৰ্ম্মগুৰুসকলে প্ৰত্যাহ্বান জনাইছিল তেতিয়া যীচুৱে সহজে প্ৰত্যুত্তৰ দি নিষ্ফল কৰিব পৰাৰ স্বত্বেও তেওঁ তেনে নকৰিলে। ইয়াৰ বিপৰীতে তেওঁ তেওঁলোকক ঈশ্বৰৰ বাক্যৰ পৰা যুক্তি দাঙি ধৰিলে। উদাহৰণস্বৰূপে, লক্ষ্য কৰক যে এবাৰ ফৰীচীসকলে যীচুক তেওঁৰ শিষ্যসকলে পথাৰৰ মাজেৰে যোৱাৰ সময়ত বিশ্ৰাম-দিনা পথাৰৰ পৰা ঘেঁহুৰ থোক ছিঙি খোৱাৰ বাবে ঈশ্বৰৰ ব্যৱস্থা ভঙ্গ কৰা বুলি অভিযোগ দিলে। উত্তৰত যীচুৱে তেওঁলোকক এইদৰে কʼলে: ‘দায়ুদ আৰু তেওঁৰ লগত থকাবিলাকৰ ভোক লাগিলত কি কৰিলে বুলি তোমালোকে পঢ়া নাই নে?’ (মথি ১২:১-৫) অৱশ্যে সেই ধৰ্ম্মাভিমানী ব্যক্তিসকলে ১ চমূৱেল ২১:১-৬ পদত লিখা বিৱৰণীক পঢ়িছিল। তথাপিও তেওঁলোকে তাত উল্লেখ কৰা বহুমূলীয়া শিক্ষাৰ বিষয়ে বুজাত বিফল হʼল। যিহেতু যীচুৱে সেই বিৱৰণীক পঢ়াতকৈ অধিক কৰিলে। তেওঁ ইয়াৰ বাৰ্ত্তাসমূহ নিজৰ হৃদয়ত স্থান দিবলৈ শিক্ষা প্ৰদান কৰিলে। যিহোৱাই সেই বাক্যশাৰীৰ দ্বাৰা শিকোৱা সিদ্ধান্তক যীচুৱে প্ৰেম কৰিছিল। সেয়েহে তেওঁ সেই বৃতান্তটো আৰু মোচিৰ ব্যৱস্থাৰ পৰা এটা উদাহৰণ প্ৰস্তুত কৰি ব্যৱস্থা পালন কৰাৰ প্ৰতি ভাৰসাম্যতা বজাই ৰখাৰ সম্পৰ্কে প্ৰকাশ কৰিলে। একেইদৰে ধৰ্ম্মগুৰুসকলে তেওঁলোকৰ নিজ বিচাৰধাৰা বা মানুহে নিৰ্ম্মিত পৰম্পৰাগত ৰীতি-নীতিৰ দ্বাৰা ঈশ্বৰৰ ব্যৱস্থাক বিকৃত ৰূপ দিয়াত প্ৰতিৰোধ কৰিবলৈ যীচুৰ আনুগ্যত প্ৰেমে প্ৰেৰিত কৰিছিল।

১০. যীচুৱে শিক্ষা প্ৰদান কৰাৰ বৈশিষ্ট্যতাৰ সম্পৰ্কে কৰা ভৱিষ্যতবাণী কেনেকৈ পূৰ্ণ হʼল?

১০ যীচুৱে শিকোৱা বিষয়টোৰ প্ৰতি থকা প্ৰেমে তেওঁক কেতিয়াও আমুৱাই যোৱা ধৰণে বা যান্ত্ৰিকৰূপে শিক্ষা প্ৰদান কৰিবলৈ অনুমতি নিদিলেহেঁতেন। সেয়েহে প্ৰেৰিত ভাৱিষ্যতবাণীত এইদৰে কোৱা হৈছিল যে মচীহীৰ “ওঁঠ অনুগ্ৰহেৰে পৰিপূৰ্ণ,” আৰু তেওঁ ‘মনোহৰ কথা কব।’ (গীতমালা ৪৫:২; আদিপুস্তক ৪৯:২১) যীচুৱে ‘অনুগ্ৰহৰ কথাৰে’ তেওঁ গভীৰভাৱে প্ৰেম কৰা সত্যৰ বাৰ্ত্তাক আগ্ৰহপূৰ্ণ আৰু জীৱন্ত কৰি প্ৰস্তুত কৰাত সেই ভৱিষ্যতবাণী পূৰ্ণ হʼল। (লূক ৪:২২) নিসন্দেহ, নিজৰ বিষয়টো প্ৰস্তুত কৰোতে তেওঁ মুখৰ ভঙ্গীমাত উদ্যমতা আৰু তেওঁৰ চকুত আগ্ৰহতা দেখা গৈছিল। তেওঁ কোৱা কথা শুনিবলৈ বহুত মধুৰ আৰু আমি আনৰ সৈতে কথোপকথন হোৱাৰ বিষয়ে শিকিবলৈ তেওঁ কিযে এক উত্তম আৰ্হি প্ৰস্তুত কৰিলে!

১১. যীচুৱে শিক্ষক হিচাবে শিক্ষা প্ৰদান কৰাৰ অৰ্হতা থকাৰ স্বত্বেও তেওঁ কিয় অহঙ্কাৰী হোৱা নাছিল?

১১ যীচুৱে বৃহতভাৱে ঈশ্বৰীয় সত্যক বুজি পোৱা আৰু হৃদয়স্পৰ্ষী কথা কʼব পৰাৰ বাবে তেওঁ অহঙ্কাৰ কৰিছিলনে? সাধাৰণতে মানৱ শিক্ষকৰ সৈতে প্ৰায়ে তেনে হয়। লক্ষ্য কৰক যে যীচুৰ প্ৰজ্ঞায়ে ঈশ্বৰৰ প্ৰতি থকা ভয়ক প্ৰকাশ কৰিছিল। সেই প্ৰজ্ঞাৰ বাবে তেওঁ কেতিয়াও অভিমান কৰা নাছিল, কিয়নো “প্ৰজ্ঞা নম্ৰ লোকৰ সঙ্গী।” (হিতোপদেশ ১১:২) তদুপৰি, যীচুৱে অহঙ্কাৰী বা অভিমানী নোহোৱাৰ অন্য এক কাৰণ আছিল।

যীচুৱে শিক্ষা প্ৰদান কৰা লোকসকলক প্ৰেম কৰিছিল

১২. শিষ্যসকলে যে তেওঁক ভয় কৰাটো নিবিচাৰিছিল তাক যীচুৱে কেনেকৈ প্ৰকাশ কৰিলে?

১২ যীচুৱে দিয়া শিক্ষা প্ৰদানৰ যোগেদি প্ৰায়ে লোকসকলৰ প্ৰতি থকা গভীৰ প্ৰেম প্ৰকাশ পাইছিল। সেই সময়ত থকা অহঙ্কাৰী ধৰ্ম্মগুৰুসকলৰ দৰে তেওঁ দিয়া শিক্ষাই কেতিয়াও লোকসকলক ভয়ভিত বা ভাৰগ্ৰস্ত কৰা নাছিল। (উপদেশক ৮:৯) যীচুৱে কৰা এটা আচৰিত কৰ্ম্মক দেখি পিতৰে অতিশয় বিস্মিত মানি যীচুৰ চৰণত পৰিল। কিন্তু যীচুৱে তেওঁৰ অনুগামীসকলে তেনে ভয়ভীত হোৱাটো নিবিচাৰিছিল। সেয়েহে তেওঁ নম্ৰ হৈ কৈছিল, “ভয় নকৰিবা” আৰু তাৰ পিছত যীচুৱে তেওঁক কৈছিল যে তেতিয়াৰ পৰা পিতৰে শিষ্য বনোৱা ৰোমাঞ্চকৰ কাৰ্য্যত ভাগ লব। (লূক ৫:৮-১০) তদুপৰি, যীচুৱে বিচাৰিছিল যে তেওঁৰ শিষ্যসকলে শিক্ষকৰ ভয়ত নহয়, কিন্তু ঈশ্বৰৰ বিষয়ে থকা বহুমূলীয়া সত্যৰ প্ৰতি থকা প্ৰেমৰ দ্বাৰাই যেন তেওঁলোক প্ৰেৰিত হয়।

১৩, ১৪. কি প্ৰকাৰে যীচুৱে লোকসকলৰ প্ৰতি সহানুভূতি প্ৰকাশ কৰিলে?

১৩ যীচুৱে শিক্ষা প্ৰদান কৰা লোকসকলৰ প্ৰতি থকা অনুভূতিয়ে তেওঁৰ প্ৰেম প্ৰকাশ কৰিছিল। সেয়েহে তেওঁ “মানুহবিলাকক দেখি, তেওঁবিলাকলৈ তেওঁৰ মৰম লাগিল; কিয়নো তেওঁবিলাক ৰখীয়া নোহোৱা মেৰৰ নিচিনা, দুঃখিত আৰু ক্লান্ত হৈ পৰিছিল।” (মথি ৯:৩৬) যীচুৱে তেওঁলোকৰ শোচনীয় অৱস্থাক অনুভৱ কৰিব পাৰিছিল আৰু তেওঁলোকক সহায় কৰিবলৈ প্ৰেৰিত হৈছিল।

১৪ আন এটা উপলক্ষ্যত যীচুৱে দেখুৱা সহানুভূতিৰ বিষয়ে লক্ষ্য কৰক। যেতিয়া বাৰ বছৰ ৰক্তস্ৰাৱ ৰোগত ভোগী থকা এগৰাকী মহিলাই লোকসমূহৰ ভিৰৰ মাজেৰে আহি তেওঁ পৰিধান কৰা কাপোৰৰ দহি স্পৰ্শ কৰিলে তেতিয়া তাই আচৰিতভাৱে সুস্থ হʼল। যীচুৱে অনুভৱ কৰিব পাৰিলে যে তেওঁৰ পৰা শক্তি ওলাই গʼল, কিন্তু তেওঁ কোনে সুস্থ হʼল তাক দেখা নাপালে। তেওঁ সেই মহিলাগৰাকীক বিচাৰি উলিয়াবলৈ চেষ্টা কৰিলে। কিয় চেষ্টা কৰিলে? তাই ব্যৱস্থা ভঙ্গ কৰাৰ বাবে তাইক দোষাৰোপ বা অধ্যাপক আৰু ফৰীচীসকলৰ দ্বাৰা ভয়ভীত কৰিবলৈ নহয়। ইয়াৰ বিপৰীতে যীচুৱে তাইক এইদৰে কʼলে: “আইটি, তোমাৰ বিশ্বাসেই তোমাক ৰক্ষা কৰিলে; কুশলে যোৱা।” (মাৰ্ক ৫:২৫-৩৪) সেই বাক্যশাৰীত থকা সহানুভূতিৰ বিষয়ে লক্ষ্য কৰক। তেওঁ “সুস্থ হোৱা” বুলি কোৱা নাছিল। তাৰ বিপৰীতে তেওঁ এইদৰে কৈছিল: “তোমাৰ সেই ব্যাধিৰ পৰা সুস্থ হোৱা।” মাৰ্কে ইয়াত এটা বাক্য ব্যৱহাৰ কৰিছে, যাৰ অক্ষৰিক অৰ্থ হৈছে “বেত্ৰদণ্ড।” ই হৈছে এক প্ৰকাৰৰ চাবুক যাক শাস্তি দিবলৈ ব্যৱহাৰ কৰা হয়। যিহেতু যীচুৱে তাইৰ অসুস্থতাৰ কাৰণ, সম্ভৱতঃ তাইৰ মানসিক আৰু শাৰীৰিক যান্ত্ৰণাৰ বিষয়ে জানিছিল। সেয়েহে তাইৰ প্ৰতি যীচুৱে সহানুভূতি অনুভৱ কৰিছিল।

১৫, ১৬. যীচুৰ পৰিচৰ্য্যাত হোৱা কেনে ঘটনাই প্ৰকাশ কৰিলে যে তেওঁ লোকসমূহত থকা ভাল গুণবোৰৰ ওপৰত মনোযোগ দিছিল?

১৫ লোকসকলত থকা ভাল গুণসমূহক লক্ষ্য কৰাৰ যোগেদিও যীচুৱে প্ৰেম প্ৰকাশ কৰিলে। উদাহৰণস্বৰূপে, নথনেল নামৰ এজন ব্যক্তিৰ বিষয়ে বিবেচনা কৰক, যিজনে পিছলৈ এজন পাঁচনি হৈছিল। তেওঁ আচৰিতৰূপে নথনেলৰ হৃদয়ত কি আছিল তাক জানিছিল, সেইবাবে তেওঁৰ বিষয়ে বহু কিছু জ্ঞান আছিল। সেয়েহে তেওঁক এইদৰে কৈছিল: “যীচুৱে তেওঁৰ ওচৰলৈ নথনেলক অহা দেখি, তেওঁৰ বিষয়ে কলে, চোৱা এই জন স্বৰূপ ইস্ৰায়েল লোক, এওঁত একো কপট নাই।” ইয়াৰ অৰ্থ এইটো নহয় যে নথনেল বাস্তৱতে সিদ্ধ ব্যক্তি আছিল। তেৱোঁ আমাৰ দৰে ভুল-ভ্ৰান্তি কৰিছিল। দৰাচলতে তেওঁ যীচুৰ বিষয়ে এক অনুভূতিহীন মন্তব্য প্ৰকাশ কৰি এইদৰে কৈছিল: “নাচৰতৰ পৰা কোনো উত্তম বস্তু ওলাব পাৰে নে?” (যোহন ১:৪৫-৫১) যিহেতু যীচুৱে নথনেলে কোৱা কথাৰ সঠিক উত্তৰ দিব পাৰিলেহেঁতেন তথাপিও তেনে নকৰি তেওঁত থকা ভাল গুণৰ ওপৰত অধিক ধ্যান দিলে।

১৬ একেইদৰে এজন পৰজাতি ৰোমান সৈনিক বিষয়াই আহি যীচুক তেওঁৰ দাসজনক সুস্থ কৰিবলৈ অনুৰোধ কৰিলে। যীচুৱে সেই সৈনিক বিষয়াজনে কৰা ভুল কাৰ্য্যসমূহৰ বিষয়ে জানিছিল। সেই সময়ত এজন সৈনিক বিষয়াৰ পূৰ্বৰ জীৱন-প্ৰণালীত বহুতো হিংসা, ৰক্তপাত কাৰ্য্য আৰু মিছা দেৱ-দেৱীৰ উপাসনাৰে ভৰি আছিল। তথাপিও যীচুৱে তেওঁ প্ৰকাশ কৰা উল্লেখনীয় বিশ্বাসৰ ওপৰত ধ্যান কেন্দ্ৰীত কৰিছিল। (মথি ৮:৫-১৩) পিছলৈ যীচুৱে তেওঁৰ ওচৰত যাতনা স্তম্ভত আঁৰি থোৱা দুষ্কৰ্মীজনৰ সৈতে কথোপকথন কৰোঁতে তেওঁ সেই ব্যক্তিজনে কৰা বেয়া কৰ্ম্মবোৰ তিৰস্কাৰ নকৰি তেওঁক ভৱিষ্যত পৰমদেশৰ প্ৰতি আশা ৰাখিবলৈ উৎসাহিত কৰিছিল। (লূক ২৩:৪৩) যীচুৱে জানিছিল যে লোকবিলাকৰ বেয়া গুণবোৰৰ প্ৰতি দোষ ধৰা দৃষ্টিভঙ্গী ৰাখিলে তেওঁলোকক কেৱল নিৰুৎসাহিত কৰা হʼলহেঁতেন। ইয়াত কোনো সন্দেহ নাই যে লোকসমূহত ভাল গুণ বিচাৰি উলিয়াবলৈ কৰা প্ৰচেষ্টাই বহুতকে অধিক ভাল কাৰ্য্য কৰিবলৈ উৎসাহিত কৰিছিল।

লোকসকলক সেৱা কৰিবলৈ আগ্ৰহী

১৭, ১৮. এই পৃথিৱীলৈ অহা নিযুক্তিভাৰক গ্ৰহণ কৰি যীচুৱে কেনেকৈ প্ৰকাশ কৰিলে যে তেওঁ আনক সেৱা কৰিবলৈ আগ্ৰহী?

১৭ যীচুৱে প্ৰেমেৰে লোকসকলক শিকোৱাৰ দ্বাৰা তেওঁলোকক সেৱা কৰিবলৈ আগ্ৰহী হোৱাৰ আন এক শক্তিশালী প্ৰমাণ পোৱা গৈছে। ঈশ্বৰৰ পুত্ৰ, যীচুৱে তেওঁৰ মানৱ পূৰ্বে অস্তিত্বত থকাৰ সময়ত সদায়ে মানৱজাতিক প্ৰেম কৰিছিল। (হিতোপদেশ ৮:৩০, ৩১) যিহোৱাৰ “বাক্য” বা প্ৰবক্তা হিচাবে তেওঁ সদায়ে মানৱৰ সৈতে কৰা আদান-প্ৰদানত আনন্দিত হৈছিল। (যোহন ১:১) যিহেতু মানৱজাতিক পোনপটীয়াকৈ তেওঁ নিজেই শিক্ষা প্ৰদান কৰিবলৈ “নিজকে শূন্য কৰি, দাসৰ ৰূপ ধাৰণ কৰি,” নিজৰ স্বৰ্গীয় উচ্চ স্থানকো ত্যাগ কৰিবলৈ কুণ্ঠাবোধ নকৰিলে। (ফিলিপীয়া ২:৭; ২ কৰিন্থীয়া ৮:৯) যেতিয়া যীচু পৃথিৱীত আছিল তেতিয়া কোনো এজনৰ পৰা সেৱা পাবলৈ তেওঁ কেতিয়াও অপেক্ষা কৰা নাছিল। ইয়াৰ বিপৰীতে তেওঁ এইদৰে কৈছিল: “মানুহৰ পুত্ৰই সেৱা-শুশ্ৰূষা পাবলৈ নহয়, সেৱা-শুশ্ৰূষা কৰিবলৈ, আৰু অনেকৰ মুক্তিৰ মূল্যৰ অৰ্থে নিজৰ প্ৰাণ দিবলৈহে আহিল।” (মথি ২০:২৬) যীচুৱে সম্পূৰ্ণকৈ সেই বাক্যশাৰীৰ অনুসাৰে জীৱন নিৰ্বাহ কৰিছিল।

১৮ যীচুৱে শিক্ষা প্ৰদান কৰা লোকসকলৰ আৱশ্যকতাসমূহক পূৰ কৰিবলৈ নম্ৰভাৱে সহায় আগবঢ়াইছিল আৰু তেওঁলোকৰ হকে নিজকো দিবলৈ প্ৰস্তুত আছিল। তেওঁ খোজেৰে প্ৰতিজ্ঞাত দেশলৈ যাত্ৰা আৰু অধিক লোকক শুভবাৰ্ত্তাৰ বিষয়ে জনাবলৈ খোজ কাঢ়ি শ-শ কিলোমিটাৰ বাট অতিক্ৰম কৰিছিল। অহঙ্কাৰী অধ্যাপক আৰু ফৰীচীসকলৰ বিপৰীতে তেওঁ নম্ৰ আৰু উপগম্য আছিল। সকলো প্ৰকাৰৰ লোক যেনে, নিম্নবৰ্গ, সৈনিক, উকীল, মহিলা, কম বয়সীয়া লʼৰা-ছোৱালী, দুখীয়া, অসুস্থ, আনকি সমাজৰ দ্বাৰা বহিষ্কৃত লোকসকলেও নিৰ্ভয়ে তেওঁৰ কাষ চাপিছিল। যদিও তেওঁ এজন সিদ্ধ ব্যক্তি আছিল তথাপিও তেওঁ ভোকাতুৰ আৰু ক্লান্ত হৈ পৰিছিল। ইয়াৰ উপৰিও তেওঁক ভাগৰ বা বিশ্ৰামৰ আৱশ্যক অথবা প্ৰাৰ্থনা কৰা সময়ছোৱাকো বাদ দিবলগীয়া হৈছিল, কিয়নো তেওঁ নিজতকৈ আনৰ আৱশ্যকতাক প্ৰথম স্থান দিছিল।—মাৰ্ক ১:৩৫-৩৯.

১৯. শিষ্যসকলৰ সৈতে নম্ৰতা, ধৈৰ্য্যশীল আৰু দয়াৰে ব্যৱহাৰ কৰি যীচুৱে কেনে আৰ্হি প্ৰস্তুত কৰিলে?

১৯ তদুপৰি, একেইদৰে যীচুৱে নিজ শিষ্যসকলকো সেৱা কৰিবলৈ ইচ্ছুক আছিল। তাক তেওঁ দয়াৰে দিয়া শিক্ষা প্ৰদান আৰু তেওঁলোকৰ প্ৰতি ধৈৰ্য্য ধৰি প্ৰকাশ কৰিলে। যেতিয়া শিষ্যসকলে কোনো গুৰুত্বপূৰ্ণ পাঠৰ তৎপৰ্য্যতা বুজিব পৰা নাছিল তেতিয়া তেওঁ বুজাবলৈ এৰি দিয়া, ক্ৰোধিত হোৱা বা তেওঁলোকক তিৰস্কাৰ কৰা নাছিল। যীচুৱে কোৱা বিষয়বোৰক বুজাত সহায় কৰিবলৈ শিষ্যসকলৰ বাবে তেওঁ সদায়ে নতুন নতুন পদ্ধতি প্ৰস্তুত কৰিছিল। উদাহৰণস্বৰূপে, ক্ষন্তেক বিবেচনা কৰক যে শিষ্যসকলে কিমান বাৰ তেওঁলোকৰ মাজত কোন মহৎ এই বিষয়ে তেওঁলোকে বিবাদ কৰিছিল। সেই বিষয়ে তেওঁলোকে বাৰে বাৰে আনকি যীচুৰ মৃত্যুৰ শেষ নিশাৰ আগৰলৈকে বাদ-বিবাদ কৰিছিল, কিন্তু যীচুৱে তেওঁলোকক পৰস্পৰে এজনে আনজনৰ সৈতে আচাৰ-ব্যৱহাৰ কৰিবলৈ এক নতুন পদ্ধতিৰে শিক্ষা প্ৰদান কৰিছিল। সেয়েহে এই নম্ৰতা আৰু আন সকলো বিষয়ৰ বাবে যীচুৱে উপযুক্তভাৱে এইদৰে কʼব পাৰিলে: “মই . . . তোমালোকক আৰ্হি দেখুৱালোঁ।”—যোহন ১৩:৫-১৫; মথি ২০:২৫; মাৰ্ক ৯:৩৪-৩৭.

২০. ফৰীচীসকলৰ বিপৰীতে যীচুৱে কি পদ্ধতিৰে শিক্ষা প্ৰদান কৰিছিল আৰু কিয় সেই পদ্ধতি ব্যৱহাৰিক আছিল?

২০ লক্ষ্য কৰক যে যীচুৱে কেৱল আৰ্হি কি বুলি কোৱাই নাছিল, কিন্তু তেওঁ নিজেই ‘আৰ্হি দেখুৱালে।’ যীচুৱে শিষ্যসকলক উদাহৰণৰ দ্বাৰা শিক্ষা প্ৰদান কৰিছিল। তেওঁ নিজকে ফৰীচীবিলাকৰ দৰে উচ্চ কৰি তেওঁলোকক কৰিবলৈ আজ্ঞা দিছিল এনে নহয়, ইয়াৰ বিপৰীতে তেওঁ এনে শিক্ষা প্ৰদান কৰিছিল যেন তেওঁ নিজেই সেইবোৰক বহন কৰিছে। সেয়েহে যীচুৱে ফৰীচীবিলাকৰ সম্পৰ্কে এইদৰে কৈছিল: “তেওঁবিলাকে কয়, কিন্তু নকৰে।” (মথি ২৩:৩) যীচুৱে নম্ৰভাৱে নিজৰ বিদ্যাৰ্থীসকলক দেখুৱাইছিল যে তেওঁৰ শিক্ষা প্ৰদান কৰাৰ অনুসাৰে জীৱন-যাপন আৰু সেইবোৰক অভ্যাস কৰাৰ অৰ্থ কি। যেতিয়া তেওঁ শিষ্যসকলক ভৌতিকবাদৰ পৰা মুক্ত হৈ সৰলভাৱে জীৱন-যাপন কৰিবলৈ উৎসাহিত কৰিছিল তেতিয়া তেওঁলোকে ইয়াৰ গভীৰতাৰ বিষয়ে অনুমান কৰাৰ কোনো আৱশ্যক নাছিল। তেওঁলোকে যীচুৱে কোৱা এই বাক্যৰ বাস্তৱিকতাক দেখিবলৈ পাইছিল। যʼত এইদৰে কোৱা হৈছিল: “শিয়ালৰ গাঁত, আৰু আকাশৰ চৰাইৰো বাহ আছে; কিন্তু মানুহৰ পুত্ৰৰ নিজৰ মূৰ থবলৈ ঠাই নাই।” (মথি ৮:২০) যীচুৱে নম্ৰতাৰে শিষ্যসকলৰ সেৱা কৰি তেওঁলোকলৈ এক আৰ্হি প্ৰস্তুত কৰিলে।

২১. পৰৱৰ্তী লেখত কিহৰ বিষয়ে আলোচনা কৰা হʼব?

২১ নিসন্দেহ, যীচু এই পৃথিৱীত সকলোতকৈ মহান শিক্ষক আছিল! নম্ৰ হৃদয়ৰ লোকসকলে তেওঁ প্ৰদান কৰা শিক্ষা আৰু শিকোৱা লোকসকলৰ প্ৰতি থকা প্ৰেম স্পষ্টৰূপে দেখিবলৈ পাইছিল। তদুপৰি, এই বিষয়ে বৰ্তমান সময়ত আমাৰ যিসকলে সেই আৰ্হিক অধ্যয়ন কৰিছে, তেওঁলোকেও ইয়াৰ স্পষ্ট প্ৰমাণ পাইছে। তেনেহʼলে আমি কেনেকৈ তেওঁৰ উত্তম আৰু সিদ্ধ আৰ্হিক অনুকৰণ কৰিব পাৰোঁ? পৰৱৰ্তী লেখত এই প্ৰশ্নৰ উত্তৰ দিয়া হʼব। (w02 8/15)

আপুনি কিদৰে উত্তৰ দিব?

• উত্তমৰূপে শিক্ষা প্ৰদান কৰাৰ সংস্থাপন কি আৰু তাৰ বাবে কোনে এক উত্তম আৰ্হি প্ৰস্তুত কৰিলে?

• কি প্ৰকাৰে যীচুৱে তেওঁ শিকোৱা সত্যৰ প্ৰতি থকা প্ৰেম প্ৰকাশ কৰিলে?

• যীচুৱে শিক্ষা প্ৰদান কৰা লোকসকলৰ প্ৰতি থকা প্ৰেমক তেওঁ কেনেকৈ দেখুৱালে?

• যীচুৱে শিকোৱা লোকবিলাকৰ সেৱা কৰিবলৈ নম্ৰ আৰু আগ্ৰহী হোৱাৰ সম্পৰ্কে কেনে আৰ্হি প্ৰস্তুত কৰিল?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[২২ পৃষ্ঠাৰ ছবি]

ঈশ্বৰৰ বাক্যত পোৱা সিদ্ধান্তসমূহক যে যীচুৱে প্ৰেম কৰিছিল, তাক তেওঁ কেনেকৈ প্ৰকাশ কৰিলে?