Skip to content

Skip to table of contents

“মোৰ পাছে পাছে আহক”

“মোৰ পাছে পাছে আহক”

“মোৰ পাছে পাছে আহক”

“তাৰ নিমিত্তেই তোমালোক আমন্ত্ৰিত হলা; কিয়নো তোমালোক যেন খ্ৰীষ্টৰ খোজৰ অনুগামী হোৱা, এই কাৰণে তেওঁ তোমালোকৰ অৰ্থে দুখভোগ কৰি, তোমালোকৰ কাৰণে এটি আৰ্হি ৰাখি গল।”১ পিতৰ ২:২১.

১, ২. শিক্ষকৰূপে যীচুৱে ৰখা সিদ্ধ আৰ্হিক অনুকৰণ কৰাটো আমাৰ বাবে কিয় অত্যন্ত কঠিন নহয়?

 যীচু এই পৃথিৱীৰ সকলোতকৈ মহান শিক্ষক আছিল। তদুপৰি, এই পৃথিৱীত মানুহৰূপে কটোৱা তেওঁৰ জীৱনৰ কালছোৱাত কেতিয়াও পাপ কৰা নাছিল। তেওঁ সম্পূৰ্ণকৈ শুদ্ধ আছিল। (১ পিতৰ ২:২২) ইয়াৰ অৰ্থ এইটোনে যে যীচুৱে শিক্ষকৰূপে ৰখা আৰ্হিক কোনো অসিদ্ধ মানুহে অনুকৰণ কৰিব নোৱাৰে? অৱশ্যেই নহয়।

আমি পূৰ্ববৰ্তী লেখত দেখিলোঁ যে যীচুৰ শিক্ষা প্ৰদান প্ৰেমৰ ওপৰত আধাৰিত আছিল। সেই প্ৰেমক আমাৰ সকলোৱে বিকাশিত কৰিব পাৰে। ঈশ্বৰৰ বাক্যই আমাক বাৰে বাৰে আনৰ প্ৰতি প্ৰেম বিকাশিত আৰু উন্নত কৰিবলৈ আগ্ৰহ কৰিছে। (ফিলিপীয়া ১:৯; কলচীয়া ৩:১৪) যিহোৱাই তেওঁ সৃষ্টি কৰা মানৱৰ পৰা এনে কোনো অসম্ভৱ বস্তু নিবিচাৰে। বাস্তৱতে “ঈশ্বৰ প্ৰেম” আৰু তেওঁ আমাক তেওঁৰ প্ৰতিমূৰ্ত্তিৰে নিৰ্ম্মাণ কৰিলে। সেইবাবে এইটো কব পাৰি যে তেওঁ আমাক প্ৰেম প্ৰকাশ কৰিবলৈ সৃষ্টি কৰিলে। (১ যোহন ৪:৮; আদিপুস্তক ১:২৭) যদি আমি শিৰোনামাত উল্লেখ কৰা পিতৰৰ বাক্যশাৰী পঢ়োঁ তেতিয়া আমি নিশ্চয়ে অনুকৰণ কৰাত সফলতা লাভ কৰিম। আমি খ্ৰীষ্টৰ পদচিহ্নক নিবিড়ভাৱে অনুকৰণ কৰিব পাৰিম। দৰাচলতে আমি যীচুৱে কোৱা এই আজ্ঞাক অনুকৰণ কৰিব পাৰিম, যʼত তেওঁ এইদৰে কৈছে: “মোৰ পাছে পাছে আহক।” আঁহক আমি যীচুৱে কেনেকৈ শিক্ষা প্ৰদান কৰাৰ যোগেদি প্ৰেম আৰু তেওঁ শিক্ষা প্ৰদান কৰা লোকসমূহৰ প্ৰতি প্ৰেম প্ৰকাশ কৰিলে তাক বিবেচনা কৰোঁহঁক।

আমি শিকা সত্যৰ প্ৰতি প্ৰেম বিকাশিত কৰা

৩. কিছুমানে কিয় অধ্যয়ন কৰিবলৈ ইচ্ছুক নহয় আৰু হিতোপদেশ ২:১-৫ পদত কি কৰিবলৈ পৰামৰ্শ দিয়া হৈছে?

আনে আমি শিকোৱা সত্যক প্ৰেম কৰিবলৈ হʼলে, প্ৰথমতে আমি নিজেই এই সত্যক প্ৰেম কৰিবলৈ শিকা উচিত। বৰ্তমান সময়ৰ জগতখনত এনে প্ৰেম বিকাশিত কৰাটো ইমান সহজ নহয়। কিয়নো বহুতো ডেকা ব্যক্তিয়ে কম পঢ়া-লিখা আৰু বেয়া অভ্যাসৰ বাবে অধ্যয়ন কৰিবলৈ আগ্ৰহী নহয়। সেয়েহে আমি যিহোৱাৰ পৰা শিকাটো অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়। হিতোপদেশ ২:১-৫ পদত এইদৰে কৈছে: “হে মোৰ বোপা, তুমি যদি মোৰ কথা এনেকৈ গ্ৰহণ কৰা, আৰু মোৰ আজ্ঞাবোৰ এনেকৈ মনত ৰাখা, যেন তুমি প্ৰজ্ঞালৈ কাণ দিব পাৰা, আৰু সুবুদ্ধিলৈ মনোযোগ কৰিব পাৰা; এনে কি, তুমি যদি সুবিবেচনাক মাতা, আৰু সুবুদ্ধিৰ নিমিত্তে ৰিঙিওৱা, যদি ৰূপৰ দৰে তেওঁক বিচাৰা, আৰু গুপ্ত ধনৰ দৰে তেওঁৰ অনুসন্ধান লোৱা, তেন্তে তুমি যিহোৱাৰ ভয় বুজিব পাৰিবা, আৰু ঈশ্বৰবিষয়ক জ্ঞান পাবা।”

৪.‘সুবুদ্ধিলৈ মনোযোগ কৰিব পাৰাৰ’ অৰ্থ কি আৰু তেনে কৰিবলৈ আমাক কেনে দৃষ্টিভঙ্গীয়ে সহায় কৰিব?

লক্ষ্য কৰক যে ১ৰ পৰা ৪ পদত আমাক একেৰাহে কেৱল “গ্ৰহণ” কৰিবলৈ নহয় “গুপ্ত ধনৰ দৰে” তাক “অনুসন্ধান” কৰিবলৈ আগ্ৰহ কৰিছে। তেতিয়াহʼলে আমাক তেনে সকলো কাৰ্য্য কৰিবলৈ কিহে প্ৰেৰিত কৰিব? তাত উল্লেখ কৰা এই বাক্যশাৰীৰ প্ৰতি মনোযোগ দিয়ক, যʼত এইদৰে কৈছে, “সুবুদ্ধিলৈ মনোযোগ কৰিব পাৰা।” এটা অভিমতত এইদৰে কোৱা হৈছে যে এই উৎসাহিত কৰা উপদেশে “কেৱল ইয়াত মনোযোগ দিবলৈ কৈছে এনে নহয়; ইয়ে এনে এক বিশেষ মানসিক প্ৰবণতাৰ বিষয়ে উল্লেখ কৰিছে যিটো শিক্ষাসমূহ গ্ৰহণ কৰিবলৈ আগ্ৰহী।” যিহোৱাৰ শিক্ষাসমূহক গ্ৰহণ আৰু তাৰ প্ৰতি আগ্ৰহী হʼবলৈ আমাক কিহে সহায় কৰিব পাৰে? আমাৰ দৃষ্টিভঙ্গীয়ে। আমি “ঈশ্বৰবিষয়ক জ্ঞান” পাবলৈ “ৰূপৰ দৰে তেওঁক বিচৰা” আৰু “গুপ্ত ধনৰ দৰে” দৃষ্টিভঙ্গী ৰখা আৱশ্যক।

৫, ৬. (ক) সময় অতিক্ৰম কৰাৰ লগে-লগে কি হʼব পাৰে আৰু কেনেকৈ আমি তাক প্ৰতিৰোধ কৰিব পাৰোঁ? (খ) আমি বাইবেলৰ পৰা পোৱা জ্ঞানৰ ভাণ্ডাৰত কিয় একেৰাহে আধ্যাত্মিক ধন সঞ্চয় কৰা উচিত?

তেনে দৃষ্টিভঙ্গী বিকাশ কৰাটো অত্যন্ত কঠিন নহয়। উদাহৰণস্বৰূপে, আপুনি লোৱা ‘ঈশ্বৰবিষয়ক জ্ঞানে’ হয়তো আপোনাক বিশ্বাসী মানৱজাতিয়ে যে পৰমদেশীয় পৃথিৱীত থকাটো হৈছে ঈশ্বৰৰ উদ্দেশ্য, এই বিষয়ে শিকাত সহায় কৰিলে। (গীতমালা ৩৭:২৮, ২৯) যেতিয়া আপুনি সত্য শিকিবলৈ আৰম্ভ কৰিলে তেতিয়া নিসন্দেহে আপুনি ইয়াক গুপ্ত ধনৰ দৰে দৃষ্টি কৰিছিল, দৰাচলতে ই আপোনাৰ মন, হৃদয়ত আশা আৰু আনন্দৰে পূৰ্ণ কৰি তুলিছিল। এতিয়াও আপুনি ইয়াক গুপ্ত ধনৰ দৰে দৃষ্টি কৰেনে? সময় অতিক্ৰম কৰাৰ লগে লগে ধনৰ প্ৰতি থকা আপোনাৰ কৃতজ্ঞতা ক্ৰমান্বয়ে হ্ৰাস পাইছেনে? তেনেহʼলে দুটা কাৰ্য্য কৰিবলৈ চেষ্টা কৰক। সৰ্ব্বপ্ৰথমে, আপোনাৰ কৃতজ্ঞতাক নতুনকৈ গঢ়ি তুলক, যিয়ে আপোনাক নিয়মীয়াকৈ যিহোৱাই শিকোৱা প্ৰত্যকটো সত্যক যদিও সেই বিষয়ে বহু বছৰৰ পূৰ্বেই শিকিছে, তাৰ প্ৰতি গভীৰ মূল্যাঙ্কন কৰাত সতেজ কৰি তুলিব।

দ্বিতীয়তে, আপোনাৰ ধনৰ ভাণ্ডাৰত একেৰাহে ধন সঞ্চিত কৰক। যদি আপুনি খনন কৰি কোনো বহুমূলীয়া ৰত্নমণি পাই তেনেহʼলে তাক সাধাৰণভাৱে নিজৰ জেপত ভৰাই সন্তুষ্ট মনৰে তাৰ পৰা গুচি যাবনে? অথবা তাত আৰু ৰত্নমণি আছে নে নাই তাক জানিবলৈ আপুনি তন্ন-তন্নকৈ নিবিচাৰিবনে? ঈশ্বৰৰ বাক্যত সত্যতাৰ তেনে বহুতো ৰত্নমণি আৰু মূল্যৱান ধাতুৰে ভৰি আছে। আপুনি যিমানেই বিচাৰি নাপাওক কিয়, তাতকৈ অধিক বিচাৰি পাব পাৰে। (ৰোমীয়া ১১:৩৩) আপুনি সত্যৰ মূল্যৱান ধাতু বিচাৰি পাই, নিজকে এইদৰে সোধক: ‘ইয়াক কিহে মূল্যৱান ধন কৰি তুলিছে? ইয়াত যিহোৱাৰ ব্যক্তিত্ব বা তেওঁৰ উদ্দেশ্যৰ কোনো গভীৰ অন্তৰ্দৃষ্টি আছেনে? ইয়াত এনে কোনো ব্যৱহাৰিক পৰামৰ্শ আগবঢ়াইছেনে যিয়ে মোক যীচুৰ পদচিহ্নক নিবিড়ভাৱে অনুকৰণ কৰাত সহায় কৰিব?’ এনে প্ৰশ্নসমূহক বিবেচনা কৰাৰ দ্বাৰা আপুনি যিহোৱাই শিকোৱা সত্যৰ প্ৰতি প্ৰেম বিকাশিত কৰিবলৈ সহায় লাভ কৰিব।

আমি শিকোৱা সত্যত প্ৰেম প্ৰকাশ কৰা

৭, ৮. বাইবেলৰ পৰা শিকা সত্যক যে আমি প্ৰেম কৰোঁ তাক কি কি প্ৰকাৰে প্ৰকাশ কৰিব পাৰোঁ? তাৰে এটা উদাহৰণ দিয়ক।

যেতিয়া আমি আনক সত্যৰ বিষয়ে শিকাওঁ তেতিয়া কেনেকৈ প্ৰকাশ কৰিব পাৰোঁ যে ঈশ্বৰৰ বাক্যৰ পৰা শিকা সত্যক আমি প্ৰেম কৰোঁ? যীচুৰ আৰ্হিক অনুকৰণ কৰাৰ দ্বাৰা আমি প্ৰকাশ কৰিম যে আমাৰ প্ৰচাৰ আৰু শিক্ষা প্ৰদান কৰা কাৰ্য্য সম্পূৰ্ণভাৱে বাইবেলৰ ওপৰত আধাৰিত। অলপতে গোটেই বিশ্বত থকা যিহোৱাৰ সাক্ষীসকলক তেওঁলোকৰ পৰিচৰ্য্যা কাৰ্য্যত বাইবেলখন অধিককৈ ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰা হৈছিল। সেই পৰামৰ্শক পালন কৰি গৃহস্থক জানিবলৈ দিয়ক যে আপুনি বাইবেলখনৰ পৰা তেওঁলোকক কবলৈ অধিক গভীৰভাৱে মূল্যাঙ্কন কৰে।—মথি ১৩:৫২.

উদাহৰণস্বৰূপে, যোৱা বছৰত সন্ত্ৰাসবাদীয়ে নিউয়ৰ্ক চহৰত কৰা আক্ৰমণৰ ক্ষন্তেক পিছতে এগৰাকী খ্ৰীষ্টান ভনীয়ে তাইৰ প্ৰচাৰ কাৰ্য্যত লগ পোৱা লোকসকলক গীতমালা ৪৬:১, ১১ পদটো পঢ়ি শুনাইছিল। প্ৰথমতে তাই লোকসকলক সুধিছিল যে ভৱিষ্যতে হʼবলগীয়া দুৰ্ঘটনাটোৰ সৈতে কেনেকৈ সন্মুখীন হʼব পাৰে। তাই মনোযোগেৰে লোকসকলে দিয়া উত্তৰবোৰ শুনিছিল আৰু সেইবোৰৰ সৈতে সন্মত হৈছিল। তাৰ পিছত তাই কৈছিল: “মই আপোনালোকক এনে এটা শাস্ত্ৰীয় পদ দেখুৱাব পাৰোঁনে, যিটোৱে এনে সঙ্কটজনক পৰিস্থিতিত মাক শান্ত্বনা প্ৰদান কৰিলে?” যদিও কিছুমানে সেই শাস্ত্ৰীয় পদ শুনিবলৈ মান্তি নহʼল, কিন্তু বহুতৰে সৈতে এক সুন্দৰ আলোচনা আৰম্ভ হʼল। ডেকা ব্যক্তিসকলৰ সৈতে কথোপকথন হওঁতে সেই ভনীগৰাকীয়ে প্ৰায়ে এইদৰে কৈছিল: “মই যোৱা ৫০ বছৰ ধৰি বাইবেলৰ পৰা শিক্ষা লৈ আছোঁ। আপুনি জানেনে যে মই কিহৰ বিষয়ে শিকি আছোঁ? আজিলৈকে মই কেতিয়াও এনে এটা সমস্যাৰ সন্মুখীন হোৱা নাই যাৰ সমাধান এই কিতাপখনে দিব নোৱাৰে।” এনেদৰে উৎসাহী আৰু সৰলভাৱে লোকসকলক শুভবাৰ্ত্তা প্ৰচাৰ কৰাৰ দ্বাৰা প্ৰকাশ কৰিম যে আমি ঈশ্বৰৰ বাক্যৰ পৰা শিকা সত্যক প্ৰেম কৰোঁ।—গীতমালা ১১৯:৯৭, ১০৫.

৯, ১০. আমাৰ বিশ্বাসৰ সম্পৰ্কে উত্তৰ দিবলৈ বাইবেলখন ব্যৱহাৰ কৰাটো কিয় অতি গুৰুত্বপূৰ্ণ?

যেতিয়া লোকসকলে আমি কৰা বিশ্বাসৰ বিষয়ে জানিব বিচাৰে তেতিয়া ঈশ্বৰৰ বাক্যৰ প্ৰতি থকা প্ৰেমক প্ৰকাশ কৰিবলৈ আমি এক ভাল সুযোগ পাওঁ। যীচুৰ আৰ্হিক অনুকৰণ কৰাৰ দ্বাৰা আমি আমাৰ উত্তৰ নিজৰ বিচাৰধাৰাৰে নিদিম। (হিতোপদেশ ৩:৫, ৬) ইয়াৰ পৰিৱৰ্তে আমি বাইবেলৰ পৰা উত্তৰ দিম। কোনোবাই আপোনাক উত্তৰ দিব নোৱাৰা প্ৰশ্ন সুধিব পাৰে বুলি আপুনি ভয়ভিত হয়নে? এই সম্পৰ্কে আপুনি কেনেকৈ দুটা সঠিক পদক্ষেপ লʼব পাৰে তাৰ বিষয়ে বিবেচনা কৰক।

১০ আপুনি কি কৰিব পাৰে তাৰ বাবে তৈয়াৰ কৰক। পাঁচনি পিতৰে এইদৰে লিখিছিল: “খ্ৰীষ্টক প্ৰভু বুলি তোমালোকৰ হৃদয়ত পবিত্ৰ কৰি মানিবা; যি কোনোৱে তোমালোকৰ অন্তৰত থকা আশাৰ বিষয়ে বিচাৰ লয়, তেওঁক তোমালোকে নিজৰ পক্ষে উত্তৰ দিবলৈ সষ্টম হবা; কিন্তু নম্ৰতাৰে আৰু ভয়েৰে উত্তৰ দিবা।” (১ পিতৰ ৩:১৫) আপুনি নিজৰ বিশ্বাসৰ পক্ষে উত্তৰ দিবলৈ সাজু আছেনে? উদাহৰণস্বৰূপে, কোনোবাই যদি আপোনাক প্ৰশ্ন কৰে যে আপুনি কিয় অশাস্ত্ৰীয় ৰীতি-নীতি বা উৎযাপনত ভাগ নলয় তেতিয়া তেওঁক সাধাৰণভাৱে “এইটো মোৰ ধৰ্ম্মৰ বিপৰীত” বুলি কলেই যথেষ্ট নহʼব। কিয়নো এনেধৰণৰ উত্তৰৰ দ্বাৰা প্ৰকাশ কৰিব যে আপুনি নিশ্চয়ে এজন ধৰ্মীয় বিশ্বাস আৰু আচাৰ-অনুষ্ঠানৰ ভাগ হোৱা উচিত বুলি আপোনাৰ হৈ নিৰ্ণয় লʼবলৈ আনক সুযোগ দিছে। গতিকে ইয়াৰ বিপৰীতে এইদৰে কোৱাটো উত্তম হʼব, “ঈশ্বৰৰ বাক্য বাইবেলত এই বিষয়ে নিষেধাজ্ঞা দিয়া আছে” বা “এনে কাৰ্য্যই মোৰ ঈশ্বৰক অসন্তুষ্ট কৰিব,” আৰু তাক কিয় পালন নকৰে এই বিষয়ে যুক্তিসঙ্গত উত্তৰ দিয়ক।—ৰোমীয়া ১২:১.

১১. ঈশ্বৰৰ বাক্যৰ সত্যতাৰ বিষয়ে থকা প্ৰশ্নসমূহৰ উত্তৰ দিবলৈ কেনে অনুসন্ধানী সাধনে আমাক সহায় কৰিব পাৰে?

১১ যদি আপুনি ভাবিছে যে এই বিষয়ে উত্তৰ দিবলৈ প্ৰস্তুত নাই, তেনেহʼলে ৰীজনিং কিতাপখন অধ্যয়ন কৰিবলৈ কিয় সময় অতিবাহিত নকৰে? a তাৰ উপৰিও এনে কিছুমান বিষয়ক বাছনি কৰক, সাধাৰণতে যিবোৰ বিষয়ত লোকসকলে প্ৰশ্ন সুধিব পাৰে আৰু তাৰ পৰা কিছুমান শাস্ত্ৰীয় বিষয়ক মনত ৰাখক। ৰীজনিং কিতাপ আৰু বাইবেলখন সহজে বিচাৰি পাব পৰাকৈ ৰাখক। আপুনি বাইবেলখনৰ পৰা উত্তৰসমূহ বিচাৰি পাবলৈ আপোনাৰ সৈতে এক অনুসন্ধানী সাধন আছে বুলি কৈ সেই উভয়কে ব্যৱহাৰ কৰিবলৈ কুন্ঠাবোধ নকৰিব।

১২. যদি আমি কোনো এটা বাইবেলৰ প্ৰশ্নৰ উত্তৰ নাজানো তেনেহʼলে আমি কেনেকৈ উত্তৰ দিব পাৰোঁ?

১২ অনাৱশ্যকভাৱে চিন্তিত নহʼবলৈ চেষ্টা কৰক। কোনো অসিদ্ধ মানুহে সকলো প্ৰশ্নৰ উত্তৰ দিব নোৱাৰে। গতিকে যেতিয়া এনে কোনো প্ৰশ্ন কৰা হয়, যাৰ উত্তৰ আপুনি দিব নোৱাৰে, তেনেহʼলে তেওঁক এইবুলি কওক: “আপুনি তেনেদৰে আগ্ৰহপূৰ্ণ প্ৰশ্ন সুধাৰ বাবে ধন্যবাদ দিছোঁ। সৰলভাৱে কবলৈ গলে মই তাৰ উত্তৰ নাজানো। কিন্তু মই নিশ্চিত যে বাইবেলে অৱশ্যেই সেই বিষয়ে উত্তৰ দিছে। মই বাইবেলৰ পৰা সেই বিষয়ে অনুসন্ধান কৰিম আৰু আপোনাৰ ওচৰলৈ পুনৰ আহি উত্তৰ দিম।” এনেধৰণৰ বিনম্ৰ অনুৰোধে আপোনালৈ পুনৰ সাক্ষাতৰ দুৱাৰ মুকলি কৰিব।—হিতোপদেশ ১১:২.

শিক্ষা গ্ৰহণ কৰা লোকসকলৰ প্ৰতি প্ৰেম প্ৰকাশ কৰা

১৩. আমি প্ৰচাৰ কৰা লোকসকলৰ প্ৰতি কিয় সঠিক মনোবৃত্তি ৰখা উচিত?

১৩ যীচুৱে শিক্ষা প্ৰদান কৰা লোকসকলৰ প্ৰতি প্ৰেম প্ৰকাশ কৰিছিল। এই সংক্ৰান্তত আমি কেনেকৈ তেওঁক অনুকৰণ কৰিব পাৰোঁ? আমাৰ চাৰিওফালে থকা লোকসকলৰ প্ৰতি কেতিয়াও কাঠচিতীয়া হোৱা উচিত নহয়। এইটো সঁচা যে, “সৰ্ব্বশক্তিমান ঈশ্বৰৰ সেই মহা-দিনৰ যুদ্ধ” একেবাৰে কাষ চাপিছেহি আৰু মানৱজাতিৰ পৰা কোটি কোটি লোক ধ্বংস হʼব। (প্ৰকাশিত বাক্য ১৬:১৪; যিৰিমিয়া ২৫:৩৩) তথাপিও আমি নাজানো যে কোনসকলে ৰক্ষা পাব আৰু কোনসকলৰ মৃত্যু হʼব। ভৱিষ্যতে তাৰ বিচাৰ হʼব আৰু যিহোৱাই সেই ন্যায়-বিচাৰ কৰিবলৈ তেওঁৰ পুত্ৰ যীচু খ্ৰীষ্টক নিযুক্ত কৰিলে। গতিকে যেতিয়ালৈকে সেই ন্যায়-বিচাৰ নহয় তেতিয়ালৈকে আমি প্ৰত্যেকজন ব্যক্তিক যিহোৱা ঈশ্বৰৰ সেৱক হোৱাৰ সম্ভাৱনা থকা বুলি দৃষ্টি কৰা উচিত।—মথি ১৯:২৪-২৬; ২৫:৩১-৩৩; পাঁচনিৰ কৰ্ম্ম ১৭:৩১.

১৪. (ক) আমি যে লোকসকলৰ প্ৰতি কঠোৰ মনোভাৱ ৰখা নাই তাক কেনেকৈ নিৰীক্ষণ কৰিব পাৰোঁ? (খ) আমি কেনেকৈ ব্যৱহাৰিক প্ৰকাৰে আনৰ প্ৰতি সহানুভূতি আৰু ব্যক্তিগতৰূপে আগ্ৰহী হোৱাক প্ৰকাশ কৰিম?

১৪ সেই সময়ত যীচুৱে লোকসকলক সহানুভূতি দেখুৱাৰ দৰে আমিও সুযোগ বিচৰা আৱশ্যক। আমি নিজকে এইদৰে সুধিব পাৰোঁ: ‘যিসকল লোকে সেই চতুৰ মিছলীয়া জন আৰু এই জগতৰ ধৰ্ম্ম, ৰাজনৈতিক আৰু বেপাৰীসকলৰ দ্বাৰা প্ৰবাঞ্চিত হৈছে, তেওঁলোকৰ প্ৰতি মই কেনে অনুভৱ কৰোঁ? যেতিয়া আমি কোৱা বাৰ্ত্তাৰ প্ৰতি আগ্ৰহী নহয় তেতিয়া তেওঁলোকে কিয় তেনে অনুভৱ কৰিছে বুলি ভাবি মই তেওঁলোকক বুজিবলৈ চেষ্টা কৰোঁনে? মই চিনাক্ত কৰিব পাৰিছোঁনে যে মই বা বৰ্তমান সময়ত যিহোৱাক বিশ্বাসী হৈ সেৱা কৰা আন ভাই-ভনীয়েও তেনেদৰে অনুভৱ কৰিছে? মই লোকসকলক সঠিক প্ৰণালীৰে শুভবাৰ্ত্তা প্ৰচাৰ কৰোঁনে? অথবা লোকসকলে কেতিয়াও পৰিৱৰ্তন নহʼব বুলি মই নিজ মীমাংসাত উপনীত হওঁনে?’ (প্ৰকাশিত বাক্য ১২:৯) আমাৰ বাৰ্ত্তাৰ প্ৰতি সঠিক মনোবৃত্তি ৰাখোঁতাসকলে হৈছে আগ্ৰহী লোক। (১ পিতৰ ৩:৮) ইয়াৰ উপৰিও সহানুভূতিয়ে আমি প্ৰচাৰ কাৰ্য্যত লগ পোৱা লোকসকলৰ প্ৰতি আগ্ৰহী হʼবলৈ আমাক প্ৰেৰিত কৰিব পাৰে। আমি হয়তো তেওঁলোকৰ প্ৰশ্ন আৰু চিন্তাধাৰাক টোকি ৰাখিব পাৰোঁ। যেতিয়া আমি পুনৰ সাক্ষাৎ কৰিম তেতিয়া তেওঁলোকে পিছৰ বাৰত কোৱা প্ৰশ্নটোক বিবেচনা কৰিলোঁ বুলি তেওঁলোকক কʼব পাৰোঁ। যদি তেওঁলোকৰ কোনো গুৰুত্বপূৰ্ণ আৱশ্যকতা আছে তেনেহʼলে আমি তেওঁলোকক ব্যৱহাৰিক সহায় আগবঢ়াবলৈ হয়তো সাজু হৈ থাকিব পাৰিম।

১৫. আমি লোকবিলাকৰ ভাল গুণবোৰক কিয় লক্ষ্য কৰা উচিত আৰু কেনেকৈ তেনে কৰিব পাৰোঁ?

১৫ যীচুৰ দৰে আমিও আগ্ৰহী লোকক সাক্ষাৎ কৰিবলৈ বিচাৰোঁ। সম্ভৱতঃ একজনক পিতৃ বা মাতৃয়ে নিজৰ সন্তানক ডাঙৰ-দীঘল কৰিবলৈ এক প্ৰশংসনীয়ভাৱে চেষ্টা কৰিছে। সম্ভৱতঃ এজন পিতৃয়ে নিজৰ পৰিয়ালটোক ভৰণ-পোষণ দিবলৈ জীৱনত সংগ্ৰাম কৰিবলগা হৈছে। এজন বয়সস্থ ব্যক্তিয়ে আধ্যাত্মিক বিষয়ৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিছে। আমি লক্ষ্য কৰিব পাৰিছোঁনে যে এনেবোৰ কাৰণৰ বাবে লগ পোৱা লোকসকল বাস্তৱতে প্ৰশংসাৰ যোগ্য? এনেদৰে কৰাৰ দ্বাৰা আমি লোকসকলক আগ্ৰহী কৰি তুলিম আৰু হয়তো ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে সাক্ষী দিবলৈ পথ মুকলি হʼব।—পাঁচনিৰ কৰ্ম্ম ২৬:২, ৩.

প্ৰেম প্ৰকাশ কৰিবলৈ আমি নম্ৰ হোৱা আৱশ্যক

১৬. আমি প্ৰচাৰ কৰা লোকসকলৰ প্ৰতি কিয় নম্ৰ আৰু সন্মানযুক্ত হোৱাটো অতি গুৰুত্বপূৰ্ণ?

১৬ আমি শিকোৱা লোকসকলৰ প্ৰতি থকা প্ৰেমে আমাক বাইবেলৰ এই সতৰ্কবাণীক পালন কৰিবলৈ প্ৰেৰিত কৰিব: “জ্ঞানে অহঙ্কাৰ জন্মায়, কিন্তু প্ৰেমে ধৰ্ম্মত বৃদ্ধি কৰে।” (১ কৰিন্থীয়া ৮:১) যীচুৰ ওচৰত অনেক জ্ঞান থকাৰ বাবে কেতিয়াও নিজকে অহঙ্কাৰী ব্যক্তি হিচাবে পৰিচয় দিয়া নাছিল। এতেকে যেতিয়া আপুনি নিজৰ বিশ্বাসৰ বিষয়ে লোকসকলক কয় তেতিয়া বিতৰ্কমূলক সুৰত বা অভিমানী সুৰত কথোপকথন কৰাৰ পৰা বিৰত থকা উচিত। আমি প্ৰেম কৰা সত্যৰে লোকসকলক আকৰ্ষণ আৰু তেওঁলোকৰ হৃদয় স্পৰ্শ কৰিবলৈ আমাৰ লক্ষ্য হোৱা আৱশ্যক। (কলচীয়া ৪:৬) এই সম্পৰ্কে আমি পিতৰে “নম্ৰতাৰে আৰু ভয়েৰে উত্তৰ দিবা” বুলি কোৱা পৰামৰ্শক মনত ৰাখি নিজৰ বিশ্বাসক ৰক্ষা কৰা উচিত। (১ পিতৰ ৩:১৫) যদি আমি নম্ৰ আৰু সন্মানযুক্ত হওঁ তেতিয়াহে লোকসকলক যিহোৱাৰ সেৱা কৰিবলৈ আকৰ্ষিত কৰিব পাৰিম।

১৭, ১৮. (ক) পৰিচাৰকৰূপে আমাৰ শিক্ষাগত অৰ্হতাৰ প্ৰতি লগোৱা নিন্দাসূচক বিচাৰধাৰাৰ প্ৰতি কেনে মনোবৃত্তি দেখুৱা উচিত? (খ) এজন বাইবেল বিদ্যাৰ্থীৰ বাবে প্ৰাচীন বাইবেলীয় ভাষা শিকাতো কিয় কোনো আৱশ্যক নাই?

১৭ আমাৰ জ্ঞান বা শিক্ষাগত অৰ্হতাৰে লোকসকলক প্ৰভাৱিত কৰাৰ কোনো আৱশ্যকতা নাই। যদি আপোনাৰ এলেকাত কোনো ব্যক্তিয়ে আপোনাৰ ওচৰত বিশ্ববিদ্যালয়ৰ ডিগ্ৰী নথকাৰ বাবে আপুনি কোৱা শুভবাৰ্ত্তা শুনিবলৈ অস্বীকাৰ কৰে, তেনেহʼলে নিৰুৎসাহী নহʼব। যীচুৱে ইহুদী ধৰ্ম্মগুৰুসকলৰ বিদ্যালয়ত শিক্ষা গ্ৰহণ নকৰাৰ বাবে হোৱা প্ৰতিবাদৰ প্ৰতি কোনো মনোযোগ দিয়া নাছিল; নতুবা তেওঁ শিকোৱা লোকসকলক প্ৰভাৱিত কৰি প্ৰসিদ্ধ হʼবলৈ চেষ্টা কৰিছিল।—যোহন ৭:১৫.

১৮ খ্ৰীষ্টান পৰিচৰ্য্যা কাৰ্য্যত কোনো উচ্চ শিক্ষাৰ নহয় কিন্তু নম্ৰতা আৰু প্ৰেমৰহে আৱশ্যক। এই পৰিচৰ্য্যা কাৰ্য্যৰ বাবে আমাৰ সকলোতকৈ মহান শিক্ষক যিহোৱাই আমাক শিক্ষা প্ৰদান কৰে। (২ কৰিন্থীয়া ৩:৫, ৬) কিছুমান খ্ৰীষ্টীয়জগতৰ পাদুৰিসকলে প্ৰচাৰ কাৰ্য্যৰ প্ৰতি থকা অৰ্হতাৰ বিষয়ে যিয়ে নকওক কিয়, আমাক ঈশ্বৰীয় বাক্যৰ সত্যতাক শিকিবলৈ প্ৰাচীন বাইবেলীয়া ভাষা শিকাৰ কোনো আৱশ্যকতা নাই। কিয়নো যিহোৱাৰ প্ৰেৰিত বাইবেলখন স্পষ্ট আৰু সহজ ভাষাত এইদৰে লিখা হৈছে যাতে সকলোৱে সেই মূল্যৱান সত্যক বুজিব পাৰে। যদিও বাইবেলখন বহুতো ভাষাত অনুবাদ কৰা হৈছে তথাপিও সেই সত্যৰ কোনো সাল-সলনি হোৱা নাই। যদিও বাইবেলখনত লিখা প্ৰাচীন ভাষা কেতিয়াবাহে ব্যৱহাৰ হয় তথাপিও সেই ভাষাৰ জ্ঞান থকাটো কোনো প্ৰয়োজন নাই। কিয়নো তেনে ভাষা বিদ্যাগত জ্ঞানৰ অহঙ্কাৰে এজন প্ৰকৃত খ্ৰীষ্টানে লোকসকলক শিক্ষা প্ৰদানৰ গুণসমূহক হ্ৰাস কৰিব।—১ তীমথিয় ৬:৪.

১৯. কি অৰ্থত আমাৰ খ্ৰীষ্টান পৰিচৰ্য্যা কাৰ্য্যক এক সেৱা কাৰ্য্য বুলি কব পাৰি?

১৯ ইয়াত কোনো সন্দেহ নাই যে আমাৰ খ্ৰীষ্টান পৰিচৰ্য্যা কাৰ্য্যত নম্ৰতা বজাই ৰখাটো আৱশ্যক। কিয়নো আমি প্ৰায়ে বিৰোধীতা, বাধ্যকতাহীনতা আৰু ইয়াৰ উপৰিও তাড়নাৰ সন্মুখীন হওঁ। (যোহন ১৫:২০) যিহেতু আমি বিশ্বাসনীয় হৈ আমাৰ পৰিচৰ্য্যা কাৰ্য্য কৰাৰ দ্বাৰা এক গুৰুত্বপূৰ্ণ সেৱা সম্পন্ন কৰিছোঁ। এই ক্ষেত্ৰত যদি আমি লোকসকলক নম্ৰতাৰে সেৱা কৰোঁ, তেনেহʼলে যীচুৱে লোকসকলৰ প্ৰতি দেখুৱা প্ৰেমক আমি অনুকৰণ কৰিম। ক্ষন্তেক বিবেচনা কৰক: যদিও আমি এজন মেৰতুল্য ব্যক্তিক শুভবাৰ্ত্তাৰ বিষয়ে জনাবলৈ শ-শ আওকণীয়া বা বিৰোধী লোকসকলৰ সৈতে সম্মুখীন হʼবলগীয়া হʼলহেঁতেন, তথাপিও সেইটো এক বহুমূলীয়া প্ৰচেষ্টা নহʼলহেঁতেন নে? অৱশ্যেই হʼলহেঁতেন! গতিকে এই কাৰ্য্যত লাগি থাকিবলৈ কৰা চেষ্টাক কেতিয়াও এৰি নিদিব, কিয়নো আমি এতিয়াও বহুতো মেৰতুল্য ব্যক্তিক বিশ্বাসেৰে সেৱা কৰিবলৈ বাকী আছে। ইয়াত কোনো সন্দেহ নাই যে এই জগতৰ অন্ত হোৱাৰ পূৰ্বেই নম্ৰহৃদয়ৰ লোকসকলক বিচাৰি পোৱা আৰু তেওঁলোকক সহায় কৰিবলৈ যিহোৱা আৰু যীচুৱে অৱশ্যেই নিশ্চিত কৰিব।—হগ্‌গয় ২:৭.

২০. আমি কেনে বিষয়বোৰত উত্তম আৰ্হি ৰাখি লোকসকলক শিক্ষা প্ৰদান কৰিব পাৰোঁ?

২০ এক উত্তম আৰ্হি ৰাখি শিক্ষা দিয়াটো হৈছে আনক সেৱা কৰাৰ আন এক পদ্ধতি। উদাহৰণস্বৰূপে, আমি লোকসকলক কওঁ যে, “আনন্দিত ঈশ্বৰৰ” সেৱা কৰাৰ দ্বাৰা তেওঁলোকে জীৱনত সফলতা পাব পাৰে। (১ তীমথিয় ১:১১, NW) কিন্তু যেতিয়া আমি ওচৰ-চুবুৰীয়া, সহপাঠী আৰু কৰ্ম্মীবৃন্দৰ সৈতে কৰা আমাৰ আচাৰ-ব্যৱহাৰক লক্ষ্য কৰে তেতিয়া আমাক আনন্দিত আৰু সন্তুষ্টি হোৱাটো দেখেনে? একেইদৰে আমি বিদ্যাৰ্থীসকলক কওঁ যে এই প্ৰেম চেঁচা হৈ পৰা জগতখনত আমাৰ খ্ৰীষ্টান মণ্ডলী এক স্বৰ্গস্বৰূপ। বাস্তৱতে তেওঁলোকে আমাৰ খ্ৰীষ্টান মণ্ডলীত এজনে আনজনৰ প্ৰতি থকা প্ৰেমক স্পষ্টৰূপে দেখা পাবলৈ আমি সকলোৱে শান্তি বজাই ৰাখিবলৈ কঠিন পৰিশ্ৰম কৰোঁনে?—১ পিতৰ ৪:৮.

২১, ২২. (ক) পৰিচৰ্য্যা ক্ষেত্ৰত ব্যক্তিগতভাৱে কৰা নিৰীক্ষণে আমাৰ কেনে সুযোগৰ পথ মুকলি কৰে? (খ) অহা সংখ্যাৰ প্ৰহৰীবুৰুজ আলোচনীখনৰ লেখসমূহত কিহৰ বিষয়ে আলোচনা কৰা হʼব?

২১ আমাৰ সেৱাৰ প্ৰতি ৰখা আগ্ৰহী মনোবৃত্তিয়ে আমাক সময়ে সময়ে নিজকে পুনৰ নিৰীক্ষণ কৰিবলৈ প্ৰেৰিত কৰিব। সৰলতাৰে তেনেদৰে নিৰীক্ষণ কৰাৰ দ্বাৰা বহুতো প্ৰচাৰকে বৃহতভাৱে আৱশ্যক হোৱা ঠাইবোৰলৈ গৈ পূৰ্ণ সময় অগ্ৰগামী সেৱা কৰি তেওঁলোকৰ পৰিচৰ্য্যা কাৰ্য্য বিস্তৃত কৰিব পাৰিছে। আন ভাই-ভনীসকলে তেওঁলোকৰ এলেকাবোৰত বৃদ্ধি হোৱা অন্য ভাষা কোৱা লোকসকলক প্ৰচাৰ কৰিবলৈ আন আন ভাষা শিকিবলৈ নিৰ্ণয় লৈছে। যদি আপুনিও তেনে সুযোগ পাইছে তেনেহʼলে মনোযোগেৰে আৰু প্ৰাৰ্থনাপূৰ্বকৰূপে এই বিষয়ে বিবেচনা কৰিব পাৰে। এনেধৰণৰ সেৱা কাৰ্য্যই আপোনাৰ জীৱনলৈ অধিক আনন্দ, সন্তুষ্টি আৰু মানসিক শান্তি কঢ়িয়াই আনিব।—উপদেশক ৫:১২.

২২ আঁহক আমি সকলো ক্ষেত্ৰতে একেৰাহে যীচু খ্ৰীষ্টক অনুকৰণ কৰি শিক্ষা প্ৰদান কৰা সত্য আৰু লোকসকলৰ প্ৰতি প্ৰেম বিকাশিত কৰোঁহঁক। এই দুই ক্ষেত্ৰত প্ৰেম বিকাশিত আৰু প্ৰকাশ কৰাৰ দ্বাৰা আমি খ্ৰীষ্টৰ দৰে শিক্ষক হʼবলৈ এক উত্তম আধাৰশিলা তৈয়াৰ কৰিবলৈ সহায় লাভ কৰিম। আমি কেনেকৈ সেই আধাৰশিলা তৈয়াৰ কৰিব পাৰিম? এই বিষয়ে আমাৰ অহা সংখ্যাৰ প্ৰহৰীবুৰুজ আলোচনীৰ লেখসমূহত যীচুৱে শিক্ষা প্ৰদান কৰাৰ কিছুমান বিশেষ পদ্ধতিৰ বিষয়ে ক্ৰমানুসাৰে আলোচনা কৰা হʼব। (w02 8/15)

[ফুটনোট]

a যিহোৱাৰ সাক্ষীসকলৰ দ্বাৰা প্ৰকাশ কৰা হৈছে।

আপুনি কেনেকৈ উত্তৰ দিব?

• যীচুৰ আৰ্হিক অনুকৰণ কৰাটো আমাৰ বাবে যে অধিক কঠিন নহয়, তাৰ কাৰণে আমাৰ ওচৰত কেনে আশ্বাস আছে?

• আমি যে বাইবেলৰ পৰা শিকোৱা সত্যক প্ৰেম কৰোঁ তাক কেনেকৈ প্ৰকাশ কৰিব পাৰোঁ?

• আমি যেনেকৈ জ্ঞানত বৃদ্ধি হʼম তেনেকৈ আমাৰ বাবে নম্ৰতা বজাই ৰখাটো কিয় অধিক গুৰুত্বপূৰ্ণ?

• আমি শিক্ষা প্ৰদান কৰা লোকসকলক যে প্ৰেম কৰিবলৈ চেষ্টা কৰোঁ তাক কি কি প্ৰকাৰে দেখুৱাব পাৰোঁ?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[২৬ পৃষ্ঠাৰ ছবিসমূহ]

নিজকে তৈয়াৰ কৰিবলৈ যি কৰা আৱশ্যক তাকে কৰক

[২৭ পৃষ্ঠাৰ ছবিসমূহ]

যদি আপুনি ‘ঈশ্বৰবিষয়ক জ্ঞানক’ গুপ্ত ধনৰ দৰে জ্ঞান কৰে, তেনেহʼলে আপুনি বাইবেলখন উপযুক্তভাৱে ব্যৱহাৰ কৰিব পাৰে

[২৮ পৃষ্ঠাৰ ছবি]

আমি লোকসকলক শুভবাৰ্ত্তা প্ৰচাৰ কৰাৰ দ্বাৰা তেওঁলোকৰ প্ৰতি প্ৰেম প্ৰকাশ কৰোঁ