আমাৰ চুবুৰীয়াসকলৰ কি হ’ল?
আমাৰ চুবুৰীয়াসকলৰ কি হʼল?
উন্নৈছ শতিকাৰ বেনজামিন ডিস্ৰায়েল নামৰ এজন ইংৰাজ ৰাজনীতিজ্ঞই এইদৰে কৈছিল —“আজিৰ আধুনিক সমাজে তেওঁলোকৰ চুবুৰীয়াৰ মান-মৰ্যাদা চিনি নাপায়।”
বৃদ্ধ কিউবান অধিবাসীসকলে লোকহিতৰ বাবে এনে এক অসাধাৰণ পদ্ধতি গঢ়ি তুলিছে যাক তেওঁলোকে চুবুৰীয়াৰ সংযোগ বা চ্ৰিকোলচ্ ডে আবুলজ (ককা-আইতাসকলৰ গ্ৰুপ) বুলি কয়। ১৯৯৭ চনত প্ৰকাশ পোৱা এটা ৰিপৰ্টৰ অনুসাৰে ৫ জন বৃদ্ধ কিউবানৰ ভিতৰত ১ জন ব্যক্তি সেই গ্ৰুপ বা সমূহৰ সদস্য, যʼত তেওঁলোকে বন্ধুত্ব, শান্ত্বনা, অনুপ্ৰেৰণা আৰু তেওঁলোকৰ স্বাস্থ্য ভালে ৰাখিবলৈ ব্যৱহাৰিক পৰামৰ্শ লাভ কৰে। ৱৰ্ল্ড হেলথ নামৰ আলোচনীখনে এইদৰে কয়: “যেতিয়াই চুবুৰীয়াত থকা কোনো পৰিয়ালৰ চিকিৎসকে কোনো ৰোগ প্ৰতিৰোধ কৰিবৰ বাবে ছিটা দিয়া অভিযান চলোৱাত সহায়ৰ আৱশ্যক হয়, তেতিয়া বৃদ্ধসকলৰ তেনে গ্ৰুপৰ সদস্যসকলে স্বইচ্ছাৰে আগবাঢ়ি আহি সহযোগ কৰা দেখা যায়।”
কিন্তু দুখৰ বিষয়ে এই যে বহুতো দেশত তেনেধৰণৰ চোৱাচিতা কৰা চুবুৰীয়াৰ সম্প্ৰদায় প্ৰায়ে লুপ্ত হোৱা দেখা গৈছে। উদাহৰণস্বৰুপে, পশ্চিম ইউৰোপৰ এটা এপাৰ্টমেন্টত বাস কৰা উল্ফগেঙ্গ ড্ৰিক্স নামৰ এজন ব্যক্তিৰ কৰুণাত্মক পৰিস্থিতিৰ বিষয়ে বিবেচনা কৰক। কিছু বছৰৰ আগতে কেনবেৰা টাইমচ নামৰ কাকতখনত এইদৰে কৈছিল যে সেই এপাৰ্টমেন্টত বাস কৰা প্ৰায় ১৭ টা পৰিয়ালে যদিও পেঙৰ সহায়েৰে খোজ কাঢ়াত অসুবিধা হোৱাৰ বাবে ফুৰা-চুকা কৰিব নোৱাৰা তেওঁৰ অৱস্থাৰ বিষয়ে জানিছিল, তথাপিও তেওঁৰ অনুপস্থিতিত “কোনো এজনেও তেওঁৰ দুৱাৰৰ বেল বজাই তেওঁৰ খবৰ-খাতি লোৱা নাছিল।” যেতিয়া এপাৰ্টমেন্টৰ মালিকে আহি তেওঁৰ দুৱাৰ খুলিলে, তেতিয়া “টিভিৰ সম্মুখত বহি থকা তেওঁৰ জঁকাটো আৱিষ্কাৰ কৰিলে।” সেই জঁকাটোৰ কোলাত ডিছেম্বৰ ১৫, ১৯৯৩ চনৰ টেলিভিছনৰ নিৰ্দ্দেশনা পুস্তকখন মেলি থোৱা আছিল। পাঁচ বছৰৰ পূৰ্বেই উল্ফগেঙ্গ ড্ৰিক্সৰ মৃত্যু হৈছিল। এইদৰে চুবুৰীয়াৰ প্ৰতি আগ্ৰহ লোপ পোৱাটো কিমান যে এক দুখৰ বিষয় আছিল! সেয়েহে এজন প্ৰবন্ধকে নিউয়ৰ্ক টাইমচ মেগেজিনত, বহুতৰ বাবে স্থানীয় চুবুৰীয়াত্ব “এটা অপৰিচিত বিষয় হৈ পৰা” বুলি উল্লেখ কৰাটো কোনো আচৰিত কথা নহয়। আপোনাৰ চুবুৰীয়াৰ সৈতেও সেই একেই অৱস্থা হৈছেনে?
প্ৰকৃততে আজি বহুতো গ্ৰাম্য সম্প্ৰদায়ত এতিয়াও বহুতে চুবুৰীয়াৰ সৈতে বন্ধুত্বৰে জীৱন নিৰ্বাহ আৰু কিছুমান নগৰ নিবাসীয়ে চুবুৰীয়াৰ প্ৰতি অধিক চিন্তিত হৈ অনেক হিতজনক কাৰ্য্য কৰা দেখা গৈছে। তথাপিও চহৰত বাস কৰা বহুতো লোকে চুবুৰীয়াৰ মাজত থাকিও অকলশৰীয়া আৰু অপ্ৰতিৰক্ষিত অনুভৱ কৰে। তেওঁলোকে চুবুৰীয়াৰৰ সৈতে পৰিচিত হʼব নোৱাৰা বাধাৰ প্ৰাচীৰসমূহৰ পিছত থাকি নিঃসঙ্গ হৈ পৰিছে। সেইটো কেনেকৈ হৈছে?
পৰিচিত হʼব নোৱাৰা বাধাৰ প্ৰাচীৰসমূহ
অৱশ্যে আমাৰ বহুতে চুবুৰীয়াৰ ঘৰখনৰ একেবাৰে কাষত বাস কৰে। সেয়েহে, ঘৰখনৰ পৰা সহজে চুবুৰীয়াত চলি থকা টেলিভিছনৰ ৰশ্মি, খিৰিকিৰে চুবুৰীয়াৰ ঘৰত অহা-যোৱা কৰা ব্যক্তি, লাইট জ্বলোৱা বা নুমোৱা, মটৰ গাড়ী অহা-যোৱা, খটখটিৰে কোনোবাই অহা-যোৱা, চাবিৰে দুৱাৰ খুলা বা বন্ধ কৰা শব্দ শুনিবলৈ পাওঁ। এনে কাৰ্য্যই আমাক চুবুৰীয়াই “সক্ৰিয়” হৈ থকাৰ প্ৰতি অৱগত কৰায়। যিহেতু চুবুৰীয়াত্ব তেতিয়া লোপ পাই যেতিয়া লোকসকলে নিজকে পৰিচিত হোৱা বাধাৰ প্ৰাচীৰসমূহৰ পিছত লুকাই বা দৈনন্দিন জীৱনৰ ব্যস্ততাৰ বাবে এজনে আনজনৰ প্ৰতি চিন্তা কৰিব নোৱাৰা হয়। লোকসকলে হয়তো ভাবিব পাৰে যে চুবুৰীয়াৰ সৈতে কথোপকথন বা সহায়-সাৰথি লোৱাৰ কোনো আৱশ্যক নাই। হেৰল্ড চান নামৰ অষ্ট্ৰেলিয়াত প্ৰকাশ পোৱা বাতৰি কাকতখনে এইদৰে মান্তব্য দিছে: “লোকবিলাকে নিজৰ চুবুৰীয়াৰ সৈতে অধিক অস্বাভাৱিক হৈ পৰিছে আৰু এইদৰে তেওঁলোকে নিজকে সমাজৰ বন্ধনৰ পৰা আঁতৰাই ৰাখিছে। সেয়েহে বৰ্তমান সময়ত সমাজৰ প্ৰতি আগ্ৰহী নোহোৱা লোকসকলক সহজে উপেক্ষা বা বাদ দিয়া হয়।”
এনেধৰণ মনোবৃত্তি বিকাশিত হোৱাটো কোনো আচৰিত বিষয় নহয়। কিয়নো বৰ্তমান জগতত লোকসকলে “নিজকে প্ৰীতি কৰোঁতা” হোৱাৰ বাবে চুবুৰীয়াসকলে তেনে স্বাৰ্থপৰ ব্যক্তিসকলৰ পৰা বেয়া পৰিণাম ভোগীবলগীয়া হৈছে। (২ তীমথিয় ৩:২) ফলস্বৰূপে, লোকসকলে বৃহৎভাৱে নিঃসঙ্গ আৰু বিচ্ছিন্নতা হৈ পৰা দেখা গৈছে। বিশেষকৈ যেতিয়া চুবুৰীয়াত কোনো হিংসা বা অপৰাধজনক ঘটনা ঘটে তেতিয়া তেনে বিচ্ছিন্নতাই সন্দেহ বিকাশিত কৰে। পৰিণামস্বৰূপে অতি কম সময়ৰ ভিতৰত মানুহৰ সহানুভূতি নাইকিয়া হৈ পৰে।
এতেকে চুবুৰীয়াৰ সৈতে যেনেকুৱাই পৰিস্থিতি নহওক কিয় আপুনি অৱশ্যে মান্তি হʼব যে ভাল চুবুৰীয়াসকল সমাজৰ বাবে লাভদায়ক। যেতিয়া সকলোৱে মিলিজুলি এটা লক্ষ্যত উপনীত হʼব বিচাৰে তেতিয়া অধিক সফলতা লাভ কৰিব পাৰি। তদুপৰি, ভাল চুবুৰীয়াই আশীৰ্ব্বাদ কঢ়িয়াই আনিব পাৰে। পৰৱৰ্তী লেখত আলোচনা কৰা হৈছে যে কেনেকৈ সেইটো সম্ভৱ। (w02 9/1)