Skip to content

Skip to table of contents

উত্তম চুবুৰীয়াসকল সমাজৰ বাবে লাভদায়ক

উত্তম চুবুৰীয়াসকল সমাজৰ বাবে লাভদায়ক

উত্তম চুবুৰীয়াসকল সমাজৰ বাবে লাভদায়ক

“দূৰত থকা ভায়েকতকৈ ওচৰত থকা চুবুৰীয়াই ভাল।”হিতোপদেশ ২৭:১০.

 প্ৰথম শতিকাৰ এজন বিদ্বানে যীচুক এইদৰে সুধিছিল: “মোৰ ওচৰ চুবুৰীয়া নো কোন?” উত্তৰত যীচুৱে কৈছিল যে চুবুৰীয়া নো কোন তাক জনাতকৈ কিহে প্ৰকৃত চুবুৰীয়া হোৱাৰ পৰিচয় দিয়ে, সেই বিষয় জনাটো অধিক গুৰুত্বপূৰ্ণ। সম্ভৱতঃ আপুনি নিশ্চয়ে লূকে লিপিবদ্ধ কৰা যীচুৰ বন্ধুত্বপূৰ্ণ চমৰীয়াজনৰ দৃষ্টান্তটোৰ সৈতে পৰিচিত। সেই দৃষ্টান্তটো যীচুৱে এইদৰে আৰম্ভ কৰিছিল:

“এজন মানুহ যিৰূচালেমৰ পৰা যিৰীহোলৈ যাওঁতে ডকাইতৰ হাতত পৰিল; তাতে সিহঁতে তেওঁক বিবস্ত্ৰ কৰি মৰিয়াই আধা মৰাকৈ এৰি, গুচি গল। এনেতে কোনো এজন পুৰোহিত সেই বাটেদি গৈছিল; পাছে তেওঁ তেওঁক দেখি এফলীয়া হৈ গল। সেইদৰে এজন লেবীয়ায়েও সেই ঠাই পাই তেওঁক দেখি, এফলীয়া হৈ গল। কিন্তু কোনো এজন চমৰীয়াই যাত্ৰা কৰোঁতে, তেওঁৰ সেইখিনি পালেগৈ; আৰু তেওঁক দেখি মৰম লাগি, তেওঁ ওচৰলৈ গৈ তেওঁৰ ঘাত তেল আৰু দ্ৰাক্ষাৰস বাকি দি, ঘা বান্ধি দিলে; পাছে নিজৰ বাহনৰ ওপৰত বহুৱাই আলহী-ঘৰলৈ নি তেওঁক শুশ্ৰূষা কৰিলে। পাছদিনা তেওঁ দুটা আধলি উলিয়াই, ঘৰৰ গৰাকীক দি কলে, এওঁক শুশ্ৰূষা কৰা; আৰু যি বেচি খৰচ কৰা, মই উলটি আহিলে, তাক পৰিশোধ কৰিম। এই তিনি জনৰ মাজত, ডকাইতৰ হাতত পৰা সেই মানুহৰ কোনজন চুবুৰীয়া বুলি ভাবিছা।”—লূক ১০:২৯-৩৬.

নিশ্চই সেই বিদ্বানজনে যীচুৱে দিয়া দৃষ্টান্তৰ অৰ্থ স্পষ্টকৈ বুজি পাইছিল। সেয়েহে কোনো সংকোচ বোধ নকৰাকৈ তেওঁ সেই আহত হোৱা ব্যক্তিজনৰ চুবুৰীয়াৰ বিষয়ে এইদৰে কৈছিল: “যি জনে তেওঁক দয়া কৰিলে।” ইয়াক দেখি যীচুৱে তেওঁক কʼলে: “তুমিও গৈ সেইদৰে কৰা।” (লূক ১০:৩৭) প্ৰকৃত চুবুৰীয়া সম্বন্ধে দাঙি ধৰা ই কিযে এক প্ৰভাৱশালী দৃষ্টান্ত! আনকি তেওঁৰ এই দৃষ্টান্তই আমাকো এইদৰে নিজকে সুধিবলৈ প্ৰেৰিত কৰে: ‘মই এজন ভাল চুবুৰীয়ানে? মোৰ জাতিগত বা পৃষ্ঠভূমিয়ে মোক চুবুৰীয়াত থকা সকলো জাতিৰ লোকৰ সৈতে বন্ধুত্ব কৰাত বাধা দিয়েনে? এনে কাৰণসমূহে মোৰ চবুৰীয়াত থকা লোকসকলক বিপদৰ সময়ত সহায় কৰিবলৈ মোৰ কৰ্তব্যক সীমিত কৰি তুলেনে? এজন ভাল চুবুৰীয়া হʼবলৈ মই সম্পূৰ্ণকৈ চেষ্টা কৰোঁনে?’

উত্তম চুবুৰীয়া হোৱাৰ আৰম্ভনি পদক্ষেপ কি?

উত্তম চুবুৰীয়া হʼবলৈ যদি কোনো সা-সলনি কৰা আৱশ্যক বুলি অনুভৱ কৰিছোঁ, তেন্তে সৰ্বপ্ৰথমে আমি নিজৰ মনোবৃত্তি পৰিৱৰ্তন কৰা প্ৰয়োজন। এজন উত্তম চুবুৰীয়া হʼবলৈ আমাৰ মুখ্য লক্ষ্য হোৱা উচিত। ইয়ে আমাক উত্তম চুবুৰীয়া হোৱাত সহায় কৰিব। প্ৰায় দুই হাজাৰ বছৰ পূৰ্ব্বেই যীচুৱে পৰ্ব্বতীয় উপদেশত মানৱ সম্পৰ্কৰ বিষয়ে গুৰুত্বপূৰ্ণ সিদ্ধান্ত দাঙি ধৰি এইদৰে কৈছিল: “সকলো বিষয়তে লোকে তোমালোকক যেনে ব্যৱহাৰ কৰিলে, তোমালোকে ভাল পোৱা, তোমালোকেও তেওঁবিলাকক তেনে ব্যৱহাৰ কৰা।” (মথি ৭:১২) আনৰ সৈতে সন্মান, মৰ্য্যদা আৰু দয়াৰে আচৰণ কৰিলে, তেওঁলোকেও আপোনাৰ সৈতে একেইদৰে আচৰণ কৰিবলৈ প্ৰেৰিত হʼব।

দ্যা নেশ্বন চিন্স ১৮৬৫ নামৰ আলোচনীখনত “আপোনাৰ চুবুৰীয়াক প্ৰেম কৰক,” নামৰ এখন লেখ প্ৰকাশ পাইছিল। তাত লেখিকা লিজ ফানডেৰবাৰ্গে চুবুৰীয়াক উৎসাহিত কৰাৰ বাবে কিছুমান সাধাৰণ বিষয়ৰ সম্পৰ্কে উল্লেখ কৰিছিল। সেই লেখটোত লেখিকা গৰাকীয়ে এইদৰে লিখিছিল: “মই বিচাৰোঁ . . . চুবুৰীয়াৰ এজনে আনজনলৈ অনেক সৰু সৰু সহায় যেনে, বাতৰি কাকত আনি দিয়া, তেওঁলোকৰ অনুপস্থিতিত লʼৰা-ছোৱালীৰ প্ৰতি যত্ন লোৱা আৰু লাগতিয়াল বস্তু কিনি অনা, আদিৰ যোগেদি তেওঁলোকৰ সম্পৰ্ক প্ৰকাশ কৰক। মই বিচাৰোঁ যে আজিৰ জগতখনত অপৰাধৰ ভয়ত সম্প্ৰদায় আতঙ্কিত হোৱা পৰিস্থিতিক যেন এক উত্তম সম্বন্ধই সলনি কৰে।।” তাই আগলৈ এইদৰে কয়: “ইয়াকে কৰিবলৈ আপুনি কোনো এটা সুযোগ লওক। আপুনি হয়তো আপোনাৰ ওচৰত থকা চুবুৰীয়াৰ পৰাই আৰম্ভ কৰিব পাৰে।”

তদুপৰি, কেনাডিয়ান জিয়ʼগ্ৰাফিক নামৰ আলোচনীখনে এনে এটা ব্যৱহাৰিক বিষয় দাঙি ধৰিছিল যিয়ে চুবুৰীয়াৰ প্ৰতি ভাল মনোবৃত্তি বিকাশিত কৰাত সহায় কৰিব পাৰে। মাৰ্নি জেক্‌চন নামৰ লিখকে এইদৰে মন্তব্য দিছিল: “যিদৰে আপুনি পিতৃ-মাতৃ বা আন পৰিয়ালৰ সদস্যক বাছনি নকৰে, তেনেদৰে আপুনি কোন কাৰ চুবুৰীয়া হʼব তাৰ বাছনি কৰিব নোৱাৰে। এনে সম্পৰ্ক বজাই ৰাখিবলৈ সাৱধানতা, বিবেচনা আৰু ধৈৰ্য্যশীল হোৱা আৱশ্যক।”

উত্তম চুবুৰীয়া হৈছে উত্তম দানকৰ্ত্তা

প্ৰকৃততে আমাৰ বহুতে চুবুৰীয়াৰ সৈতে কথা-বতৰা হʼবলৈ সংকোচ বোধ কৰিব পাৰে। সকলোৰে পৰা আতঁৰি অকলে থকাতো হয়তো সহজ যেন বোধ হʼব পাৰে। যিহেতু বাইবেলে আমাক এইদৰে কৈছে যে, “গ্ৰহণ কৰাতকৈ দান কৰা ধন্য।” (পাঁচনিৰ কৰ্ম্ম ২০:৩৫) গতিকে এজন ভাল চুবুৰীয়াই নিজৰ চাৰিওফালে থকা লোকসকলৰ সৈতে পৰিচিত হʼবলৈ নিজেই আগবঢ়া আৱশ্যক। ইয়াৰ বাবে কোনো ঘনিষ্ঠ সম্পৰ্ক গঢ়ি তুলা আৱশ্যক নহয়, কিন্তু কষ্টৰ সময়ত বা সময়ে সময়ে তেওঁলোকৰ ওচৰলৈ গৈ কেৱল বন্ধুত্বপূৰ্ণতাৰে নমস্কাৰ বা ভাল-বেয়া সুধাতোৱে যথেষ্ট।

ওপৰত উল্লেখ কৰা অনুসাৰে চুবুৰীয়ালৈ কৰা “অনেক সৰু সৰু সহায়” কাৰ্য্যই আনৰ সৈতে ভাল সম্বন্ধ গঢ়ি তাক বজাই ৰাখিবলৈ এক গুৰুত্বপূৰ্ণ ভূমিকা আদায় কৰে। গতিকে সৰু সৰু ক্ষেত্ৰবোৰত সহায় কৰাৰ সুযোগ বিচাৰাৰ দ্বাৰা আপুনি এক উত্তম চুবুৰীয়া হোৱাৰ প্ৰমাণ দিয়ে আৰু এনে কাৰ্য্যই প্ৰায়ে সহযোগ আৰু উভয়কে সন্মান কৰাৰ মনোবৃত্তি গঢ়ি তুলে। তদুপৰি, তেনে কৰাৰ যোগেদি আমি বাইবেলৰ এই পৰামৰ্শক পালন কৰিম, যʼত এইদৰে কোৱা হৈছে: “তোমাৰ উপকাৰ কৰিবৰ সমৰ্থ থাকিলে, উপকাৰ কৰিব লগীয়াক উপকাৰ নকৰাকৈ নাথাকিবা।”—হিতোপদেশ ৩:২৭; যাকোব ২:১৪-১৭.

উত্তম চুবুৰীয়াসকল হৈছে গুণগ্ৰাহী গ্ৰহণকাৰী

যদি আপুনি কয় যে সকলোৱে সাহায্য লাভ কৰি উদাৰভাৱে উপহাৰ দিয়ে, তেন্তে সেইটো আদৰ্শবান হʼব। দুখৰ বিষয় এই যে প্ৰায়ে তেনে হোৱাটে দেখিবলৈ পোৱা নাযায়। কিয়নো বহুতে সাহায্য আগবঢ়াই কিন্তু উপহাৰ স্বৰূপে তেওঁলোকে বেয়া ব্যৱহাৰ পায়, সেয়েহে দিওঁতাজনে ভাবিব পাৰে যে, ‘তেওঁলোকলৈ এইটোৱে মোৰ শেষ সহায়!’ কোনো কোনো সময়ত আপুনি হয়তো বন্ধুত্বপূৰ্ণতাৰে নমস্কাৰ বা শুভেচ্ছা জনাই, কিন্তু তেওঁলোকে হয়তো আপোনাৰ তেনে ব্যৱহাৰৰ প্ৰতি কোনো ভাল প্ৰতিক্ৰিয়া নেদেখুৱাব পাৰে।

তথাপিও বেছিভাগ ক্ষেত্ৰত আচলতে গ্ৰহণকাৰীসকলে অকৃতজ্ঞ নহয়, তেওঁলোকে হয়তো ওপৰে ওপৰে কৃতজ্ঞতা প্ৰকাশ কৰিব পাৰে। সম্ভৱতঃ তেওঁৰ পৃষ্ঠভূমি ভিন্ন হোৱাৰ বাবে কুণ্ঠাবোধ বা লাজ কৰিব পাৰে যাৰ বাবে তেওঁ নিৰুদ্বিগ্ন প্ৰকাশ কৰিব পাৰে যিটো অবন্ধুত্ব আচৰণ কৰা যেন বোধ হয়। আনহাতে বহুতো লোকে হয়তো আপোনাৰ তেনেদৰে বন্ধুত্বপূৰ্ণৰে কৰা কাৰ্য্যক অস্বাভাৱিকভাৱে দৃষ্টি বা আপোনাৰ অভিপ্ৰায়ক সন্দেহ কৰিব পাৰে। তেওঁলোকক কিছু আশ্বাসৰ আৱশ্যক হʼব পাৰে। সেয়েহে তেনেলোকৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি তুলিবলৈ সময় আৰু ধৈৰ্য্যৰ প্ৰয়োজন। যিহেতু উত্তমভাৱে দান আৰু উদাৰভাৱে গ্ৰহণ কৰাৰ দ্বাৰা চুবুৰীয়াক শান্তিপূৰ্ণ আৰু আনন্দিত হʼবলৈ পৰিচালিত কৰিব।

যেতিয়া কোনো বিপদৰ সম্মুখীন হয়

বিপদৰ সময়ছোৱাত এক উত্তম চুবুৰীয়া হোৱাটো বাস্তৱতে এক সহায়কাৰী সম্বল। তেনে সময়ছোৱাত প্ৰকৃত চুবুৰীয়াৰ পৰিচয় আৰু নিস্বাৰ্থৰ প্ৰমাণ পোৱা যায়। এনে বহুতো উদাহৰণ আছে যʼত চুবুৰীয়াসকলে নিস্বাৰ্থৰে কাৰ্য্য কৰিছে। সাধাৰণতে হোৱা বিপৰ্য্যয়ত বহুতো চুবুৰীয়াই এজনে আনজনক সহায় কৰিবলৈ আন্তৰিকতাৰে প্ৰচেষ্টা কৰাটো দেখিবলৈ পোৱা গৈছে। আনকি যিসকলে বিপৰীত মনোবৃত্তি ৰাখে তেওঁলোকেও একেলগে সহায় কৰিবলৈ আগবাঢ়ি আহিছে।

উদাহৰণস্বৰূপে, নিউয়ৰ্ক টাইমচ মেগাজিনʼৰ ৰিপৰ্টৰ অনুসাৰে টুৰ্কীত ১৯৯৯ চনত হোৱা ধ্বংসাত্মক ভূমিকম্পত পৰম্পৰাগত শত্ৰুৱে চুবুৰীয়াৰ দৰে সহায় আগবঢ়ায়। এনা ষ্টাৰিজেও নামৰ এজন সাংবাদিকে এখন এথেন্স বাতৰি কাকতত এইদৰে লিখিছিল: “বহু বছৰ ধৰি আমাৰ আৰু টুৰ্কীৰ বাসিন্দাসকলৰ মাজত ঘৃণা ভাব আছিল। কিন্তু তেওঁলোকৰ এনে কষ্টদায়ক পৰিস্থিতি বিশেষকৈ শিশুসকলৰ মৃত্য শৰীৰ দেখি অতীতৰ পৰা চলি অহা ঘৃণা ভাব পাহৰি বেদনাৰে আমাৰ চকুলো ভৰি পৰিছিল।” যেতিয়া উদ্ধাৰ কাৰ্য্য চৰকাৰীভাৱে বন্ধ কৰা হয়, তেতিয়াও গ্ৰীক উদ্ধাৰ দলে জীৱিতসকলক উদ্ধাৰ কৰা কাৰ্য্য একেৰাহে চলাই যায়।

তেনে ক্ষতিগ্ৰস্ত সময়ছোৱাৰ পিছতো তেনে দৰে সকলো বাধা-বিঘিনি নেওচি সহায় কৰাটো সঁচাকৈ এক মহান আৰু সাহসী চুবুৰীয়াৰ কাৰ্য্য। আনকি চবুৰীয়াৰ জীৱন ৰক্ষা কৰিবলৈ বিপদ অহাৰ পূৰ্বেই সতৰ্ক কৰাটোও এক উত্তম চুবুৰীয়াৰ কাৰ্তব্য। কিন্তু দুখৰ বিষয় এই যে ইতিহাসে দেখুৱাই যে আহিবলগা বিপদৰ সম্পৰ্কে চুবুৰীয়াক সতৰ্ক কৰা কাৰ্য্যৰ প্ৰতি লোকসকলে প্ৰায়ে অনুচিত মনোবৃত্তি দেখুৱায়। আনকি সতৰ্ক কৰাৰ সময়ছোৱাতো আগন্তুক বিপদক উপলব্ধি কৰিব নিবিচাৰে। ইয়াৰ উপৰিও সেই সতৰ্কবাণী জনোৱাসকলক প্ৰায়ে অগ্ৰাহ্য কৰা হয়। সেয়েহে আগন্তুক বিপদৰ পৰা অজ্ঞাত হোৱা লোকবিলাকক সহায় কৰিবলৈ আগবাঢ়ি অহা ব্যক্তিসকলক আত্ম-বলিদান আৰু অধিক দৃঢ় সঙ্কল্পবদ্ধ হোৱা আৱশ্যক।

চুবুৰীয়াই কৰা মহান কাৰ্য্য

বৰ্তমান সময়ত প্ৰাকৃতিক দুৰ্য্যোগতকৈ ভয়ানক এক বিপদ মানৱজাতিৰ ওপৰত আহিবলগা আছে। সেইটো হৈছে ভৱিষ্যতবাণীত উল্লেখ কৰা সৰ্ব্বশক্তিমান ঈশ্বৰৰ মহৎ কাৰ্য্য, যʼত তেওঁ এই পৃথিৱীৰ পৰা অপৰাধ, দুষ্টতা আৰু সমস্যবোৰক চিৰকাললৈ নিঃশেষ কৰিব। (প্ৰকাশিত বাক্য ১৬:১৬; ২১:৩, ৪) নিশ্চই সেই মহৎ কাৰ্য্য কোনো সন্দেহ কৰিবলগীয়া কাৰ্য্য বা ঘটনা নহয়, ই অৱশ্যেই ঘটিব! বিশ্ব কঁপোৱা ঘটনাৰ পৰা ৰক্ষা পাবলৈ যিহোৱাৰ সাক্ষীসকলে যিমান পাৰে সিমান লোকক উদ্ধাৰৰ সম্বন্ধে জ্ঞান প্ৰদান কৰিছে। সেইবাবে তেওঁলোকে বিশ্বব্যাপি প্ৰচাৰ কাৰ্য্যত একেৰাহে ভাগ লৈছে। (মথি ২৪:১৪) ঈশ্বৰ আৰু চুবুৰীয়াৰ প্ৰতি থকা নিস্বাৰ্থ প্ৰেমেৰে প্ৰেৰিত হৈ তেওঁলোকে তেনে কাৰ্য্য কৰিছে।

সেয়েহে যদি তেওঁলোকে আপোনাৰ ঘৰলৈ আহে বা অন্য কৰবাত লগ পাই তেন্তে তেওঁলোকৰ বাৰ্ত্তাৰ প্ৰতি আওকাণ বা ঠাট্টা নকৰিব। তেওঁলোকে উত্তম চুবুৰীয়া হʼবলৈ চেষ্টা কৰিছে। গতিকে তেওঁলোকে গৃহ বাইবেল অধ্যয়ন কৰিবলৈ দিয়া আমন্ত্ৰণক আনন্দেৰে স্বীকাৰ কৰক। ঈশ্বৰৰ বাক্যই, নিকটবৰ্তী ভৱিষ্যতে এক উত্তম চুবুৰীয়াৰ সৈতে জীৱন-যাপন কৰিবলৈ কেনে আশ্বাস দিছে তাৰ বিষয়ে শিকক। সেই সময়ত জাতি, ধৰ্ম্ম বা প্ৰভেদকৰণে আমাৰ সেই আন্তৰিক সম্বন্ধক ক্ষতি নকৰিব। তেনে পৰিস্থিতি আমাৰ সকলোৱে বাস্তৱতে ইচ্ছা কৰে। (w02 9/1)

[৭ পৃষ্ঠাৰ ছবিসমূহ]

চুবুৰীয়াৰ প্ৰতি প্ৰেমেৰে কাৰ্য্য কৰিবলৈ সুযোগ বিচাৰাটো এটা উত্তম বিষয়

[স্বীকৃতিপ্ৰাপ্ত ছবিসমূহ]

গোলক: Mountain High Maps® Copyright © 1997 Digital Wisdom, Inc.