Skip to content

Skip to table of contents

“দৃষ্টান্ত নিদিয়াকৈ তেওঁবিলাকক একো কথা নকলে”

“দৃষ্টান্ত নিদিয়াকৈ তেওঁবিলাকক একো কথা নকলে”

“দৃষ্টান্ত নিদিয়াকৈ তেওঁবিলাকক একো কথা নকলে”

“যীচুৱে লোকসমূহৰ আগত দৃষ্টান্ত দি কলে; আৰু দৃষ্টান্ত নিদিয়াকৈ তেওঁবিলাকক একো কথা নকলে।”মথি ১৩:৩৪.

১, ২. (ক) প্ৰভাৱশালী দৃষ্টান্তবোৰক কিয় সহজে পাহৰিব নোৱাৰি? (খ) যীচুৱে কেনেধৰণৰ দৃষ্টান্তবোৰ ব্যৱহাৰ কৰিছিল আৰু সেই দৃষ্টান্তসমূহৰ সম্পৰ্কে কেনে প্ৰশ্ন উদয় হয়? (ফুটনোটতো চাওক।)

 বহু বছৰৰ আগয়ে শুনা ৰাজহুৱা ভাষণৰ এটা দৃষ্টান্তৰ বিষয়ে আপোনাৰ মনত আছেনে? এটা প্ৰভাৱশালী দৃষ্টান্তক কেতিয়াও সহজে পাহৰিব নোৱাৰি। এজন লিখকে এইদৰে কৈছিল যে, দৃষ্টান্তই “শুনা বিষয়বোৰক দৃশ্যমান কৰি তুলে আৰু শ্ৰোতাসকলৰ মানস পাটত সেইবোৰ জীৱন্ত ঘটনাৰূপে ভাহি উঠে।” কিয়নো আমি প্ৰায়ে বিবেচনা কৰোঁ যে মানসিক ছবিবোৰে আমাক সঠিককৈ বুজাব পাৰে। সেয়েহে দৃষ্টান্তবোৰে আমাক কোনো এটা বিষয়ক বুজিবলৈ অতি সহজ কৰি তুলে। দৃষ্টান্তই বাক্যসমূহক জীৱন্ত কৰি তুলে আৰু তেনেদৰে শিক্ষাদান কৰা বিষয়বোৰ আমাৰ মনত দকৈ সুমাই যায়।

এই পৃথিৱীত কোনো মানৱ শিক্ষকে যীচুৰ দৰে নিপুণতাৰে দৃষ্টান্ত দিব নোৱাৰে। যীচুৱে ব্যৱহাৰ কৰা বহুতো দৃষ্টান্তক আজি প্ৰায় দুই হাজাৰ বছৰৰ পিছতো সহজে স্মৰণ কৰিব পাৰি। a যীচুৱে কিয় তেনে বিশেষ প্ৰকাৰে শিক্ষা দিয়াত অধিক গুৰুত্ব দিছিল? কিহে তেওঁৰ দৃষ্টান্তসমূহক অধিক প্ৰভাৱশালী কৰি তুলিছিল?

কিয় যীচুৱে দৃষ্টান্তসমূহেৰে শিক্ষাদান কৰিছিল

৩. (ক) যীচুৱে তেনেদৰে দৃষ্টান্তসমূহ ব্যৱহাৰ কৰি শিক্ষাদান কৰাৰ বিষয়ে মথি ১৩:৩৪, ৩৫ পদত উল্লেখ কৰা প্ৰথমটো কাৰণ কি আছিল? (খ) কিহে প্ৰকাশ কৰিছে যে যিহোৱাই তেনেদৰে শিক্ষাদান কৰা পদ্ধতিক মূল্যাঙ্কন কৰে?

যীচুৱে কিয় দৃষ্টান্তসমূহ ব্যৱহাৰ কৰি শিক্ষাদান কৰিছিল, এই বিষয়ে বাইবেলে দুটা উল্লেখযোগ্য কাৰণ দাঙি ধৰিছে। প্ৰথমটো হৈছে, তেওঁ এইদৰে কৰাৰ বাবে ভৱিষ্যতবাণীসমূহ পূৰ্ণ হৈছিল। এই বিষয়ে মথিয়ে এইদৰে লিখিছিল: “যীচুৱে লোকসমূহৰ আগত দৃষ্টান্ত দি কলে; আৰু দৃষ্টান্ত নিদিয়াকৈ তেওঁবিলাকক একো কথা নকলে। যি বচন ভাববাদীৰ দ্বাৰাই কোৱা হৈছিল, বোলে, মই দৃষ্টান্ত দি কবলৈ মোৰ মুখ মেলিম।” (মথি ১৩:৩৪, ৩৫) মথিয়ে গীতমালা ৭৮:২ পদৰ ৰচোঁতাজনক ‘ভাববাদী’ বুলি উল্লেখ কৰিছে। গীতমালাৰ সেই বাক্যশাৰী যীচুৰ জন্মৰ পূৰ্বেই ঈশ্বৰৰ পবিত্ৰ আত্মাৰ দ্বাৰা প্ৰেৰিত হৈ লিখা হৈছিল। কেইবা শ বছৰৰ পূৰ্বেই যিহোৱা ঈশ্বৰে নিজ পুত্ৰ যীচুৱে দৃষ্টান্তসমূহ ব্যৱহাৰ কৰি শিক্ষাদান কৰাৰ বিষয়ে নিৰ্দ্ধাৰণ কৰাটো বাস্তৱতে এটা উল্লেখনীয় বিষয় নহয়নে? ইয়াত কোনো সন্দেহ নাই যে যিহোৱাই এনেদৰে শিক্ষাদান কৰা পদ্ধতিক অৱশ্যেই মূল্যাঙ্কন কৰে!

৪. যীচুৱে কিয় দৃষ্টান্ত ব্যৱহাৰ কৰি লোকসমূহৰ সৈতে কথা কৈছিল, এই বিষয়ে তেওঁ কেনেকৈ বৰ্ণনা কৰিলে?

দ্বিতীয়তে, যীচুৱে নিজেই বৰ্ণনা কৰিছিল যে যিসকলৰ হৃদয়ে কোনো প্ৰতিক্ৰিয়া নেদেখুৱাই তেওঁলোকক পৃথক কৰিবলৈ দৃষ্টান্তসমূহৰ ব্যৱহাৰ কৰিছিল। ‘বহু লোকসমূহক’ যীচুৱে শষ্য বোৱা দৃষ্টান্ত ব্যৱহাৰ কৰি কোৱাৰ পিছত তেওঁৰ শিষ্যসকলে তেওঁক এইদৰে সুধিলে: “আপুনি কি কাৰণে তেওঁবিলাকৰ আগত দৃষ্টান্ত দি কথা কয়?” তাতে যীচুৱে উত্তৰ দি এইদৰে কʼলে: “স্বৰ্গৰাজ্যৰ নিগূঢ়-তত্ত্ববোৰ জানিবলৈ তোমালোকক দিয়া হৈছে; কিন্তু তেওঁবিলাকক দিয়া হোৱা নাই। কিয়নো তেওঁবিলাকে দেখিও নেদেখে শুনিও নুশুনে, আৰু নুবুজেও; এই হেতুকে তেওঁবিলাকৰ আগত মই দৃষ্টান্ত দি কওঁ। তাতে যিচয়াৰ এই ভাববাণী তেওঁবিলাকলৈ সিদ্ধ হৈ গৈছে, বোলে, তোমালোকে শুনোতে শুনিবা, কিন্তু নুবুজিবা; আৰু দেখোঁতে দেখিবা, কিন্তু নাজানিবা; কিয়নো এই মানুহবিলাকে যেন চকুৰে নেদেখে, কাণেৰে নুশুনে, চিত্তেৰেও নুবুজে।”—মথি ১৩:২, ১০, ১১, ১৩-১৫; যিচয়া ৬:৯, ১০.

৫. যীচুৰ দৃষ্টান্তই কেনেকৈ নম্ৰহৃদয়ৰ শ্ৰোতাসকলক অহঙ্কাৰী ব্যক্তিসকলৰ পৰা পৃথক কৰিছিল?

যীচুৰ দৃষ্টান্তত এনে কি আছিল যিহে লোকসকলক পৃথক কৰিছিল? কিছুমান ক্ষেত্ৰত যীচুৰ শ্ৰোতাসকলে তেওঁ কোৱা কথাবোৰৰ অৰ্থ বুজিবলৈ সাৱধানে অনুসন্ধান কৰিব লাগিছিল। নম্ৰহৃদয়ৰ লোকসকলে অধিক জানিবলৈ তেওঁক সুধিবলৈ প্ৰেৰিত হৈছিল। (মথি ১৩:৩৬; মাৰ্ক ৪:৩৪) তেতিয়া যীচুৰ দৃষ্টান্তই সত্যতাৰ প্ৰতি ভুকাতুৰ হোৱা লোকসকলৰ ইচ্ছা প্ৰকাশ কৰিছিল; একেই সময়ত তেওঁৰ দৃষ্টান্তই অহঙ্কাৰী হৃদয়ৰ লোকৰ বাবে সত্যক গুপ্ত কৰিছিল। যীচু কিমান যে বৈশিষ্ট্যপূৰ্ণ শিক্ষক আছিল! আঁহক আমি যীচুৰ দৃষ্টান্তসমূহক প্ৰভাৱশালী কৰি তুলাৰ কিছুমান কাৰণক বিবেচনা কৰোঁহঁক।

নিৰ্বাচিত বিৱৰণিসমূহক ব্যৱহাৰ কৰা

৬-৮. (ক) প্ৰথম শতিকাৰ যীচুৰ শ্ৰোতাসকলৰ ওচৰত কেনে সুবিধা উপলব্ধ নাছিল? (খ) যীচুৱে যে বাছনি কৰা বিষয়বোৰক ব্যৱহাৰ কৰিছিল তাক কেনেবোৰ উদাহৰণে প্ৰকাশ কৰিছে?

আপুনি কেতিয়া ভাবি আচৰিত হৈছেনে যে প্ৰথম শতিকাৰ শিষ্যসকলে যীচুৰ শিক্ষাসমূহক পোনপটীয়াকৈ শুনি কেনেদৰে প্ৰভাৱিত হৈছিল? তেওঁলোকৰ বাবে অৱশ্যেই সেইটো এটা বিশেষ অধিকাৰ আছিল, কিয়নো সেই সময়ছোৱালৈকে যীচুৱে কোৱা বিষয়বোৰক সোঁৱৰণ কৰিবলৈ কোনো কিতাপত লিপিবদ্ধ কৰি ৰখাৰ সুবিধা নাছিল। সেয়েহে তেওঁলোকে যীচুৰ বাক্যক নিজৰ মন আৰু হৃদয়ত বহন কৰিব লগা হৈছিল। যীচুৱে নিপুণতাৰে দৃষ্টান্তসমূহক ব্যৱহাৰ কৰি লোকসকলক তেওঁ শিকোৱা বিষয়বোৰক মনত ৰাখিবলৈ সহজ কৰি তুলিছিল। তেওঁ কেনেকৈ সহজ কৰি তুলিছিল?

যীচুৱে বাছনি কৰা বিষয়বোৰক ব্যৱহাৰ কৰিছিল। যেতিয়া কোনো এটা কাহিনীৰ যুক্তিসঙ্গত কথা বা তাৰ গুৰুত্বতাৰ বিষয়ে উল্লেখ কৰিবলগীয়া হৈছিল তেতিয়া তেওঁ অতি সতৰ্কতাৰে সেইবোৰক সন্মিলিত কৰিছিল। সেয়েহে তেওঁ কৈছিল যে এজন মেৰ ৰখীয়াই এটি হেৰুৱা মেৰক বিচাৰি উলিয়াবলৈ কেইটা মেৰক পৰ্ব্বতৰ ওপৰত এৰি দিছিল তাৰ নিৰ্দ্দিষ্ট সংখ্যা, কিমানজন কৰ্ম্মীয়ে দ্ৰাক্ষাবাৰীত বহু ঘন্টা ধৰি কাম কৰিছিল তেওঁবিলাকৰ সঠিক সংখ্যা আৰু তেওঁলোকক কিমান পৰিমাণে আধলি দিয়া হৈছিল, তাৰ বিষয়ে স্পষ্টকৈ উল্লেখ কৰিছিল।—মথি ১৮:১২-১৪; ২০:১-১৬; ২৫:১৪-৩০.

একেই সময়ত তেওঁ দৃষ্টান্তবোৰৰ অৰ্থ বুজি পাবলৈ অনাৱশ্যকীয় বিৱৰণিবোৰ বাদ দিছিল। উদাহৰণস্বৰূপে, নিৰ্দ্দয়া দাসৰ দৃষ্টান্তত তেওঁ এইটো বৰ্ণনা কৰা নাছিল যে তেওঁ কেনেকৈ দহ হাজাৰ গাগৰি অৰ্থাৎ ৬,০০,০০,০০০ দিনাৰী ৰূপৰ ধাৰ পৰিশোধ কৰাৰ পৰা ৰক্ষা পালে। ইয়াত যীচুৱে ক্ষমা কৰাৰ আৱশ্যকতাৰ বিষয়ে উল্লেখ কৰিছিল। গুৰুত্বপূৰ্ণ বিষয়টো আছিল, দাসজনে কেনেকৈ ধাৰত পোত খাইছিল, কিন্তু কেনেকৈ তেওঁৰ ধাৰ ক্ষমা কৰা হৈছিল আৰু তেওঁৰ পৰা কম পৰিমাণে ধাৰ লোৱা আন সঙ্গী দাসৰ সৈতে কেনে আচৰণ কৰিলে। (মথি ১৮:২৩-৩৫) একেইদৰে যীচুৱে বিদ্ৰোহী পুতেকৰ দৃষ্টান্তটো উল্লেখ কৰিছিল। যীচুৱে বৰ্ণনা কৰি কৈছিল যে কিয় সেই বিদ্ৰোহী পুতেকজনে অপ্ৰত্যাশিতভাৱে সা-সম্পত্তিৰ দাবী আৰু সেইবোৰক অনাৱশ্যকীয়ভাৱে ব্যয় কৰিলে। কিন্তু ইয়াত তেওঁ বৰ্ণনা কৰিলে যে সেই পুতেকজনে উভটি অহাত তেওঁৰ পিতৃয়ে কেনে প্ৰতিক্ৰিয়া দেখুৱালে আৰু অনুভৱ কৰিছিল। সেই পিতৃজনৰ তেনে প্ৰতিক্ৰিয়াৰ পৰা যীচুৱে যিহোৱা ঈশ্বৰে “প্ৰচুৰ পৰিমাণে ক্ষমা” কৰাৰ এক গুৰুত্বপূৰ্ণ বিষয়ৰ সম্পৰ্কে তেওঁৰ বিৱৰণিত দাঙি ধৰিছিল।—যিচয়া ৫৫:৭; লূক ১৫:১১-৩২.

৯, ১০. (ক) যেতিয়া যীচুৱে দৃষ্টান্তত কোনো এটা পাত্ৰৰ বৈশিষ্ট্য দাঙি ধৰিছিল তেতিয়া তেওঁ কিহৰ ওপৰত ধ্যান কেন্দ্ৰিত কৰিছিল? (খ) যীচুৰ সময়ৰ শ্ৰোতা আৰু আনসকলে সেই দৃষ্টান্তবোৰক সহজে বুজি পাবলৈ তেওঁ কি কৰিছিল?

তদুপৰি, যীচুৱে নিজৰ দৃষ্টান্তত দাঙি ধৰা চৰিত্ৰবোৰৰ প্ৰতি সুবিবেচক আছিল। যীচুৱে দৃষ্টান্তত ব্যৱহাৰ কৰা চৰিত্ৰবোৰৰ চেহেৰা অথবা গুণ বৰ্ণনা কৰাৰ পৰিৱৰ্তে প্ৰায়ে তেওঁ তেওঁলোকে কিয় তেনে কৰিলে বা কেনে প্ৰতিক্ৰিয়া দেখুৱাইছিল, তাক কেন্দ্ৰবিন্দু কৰি ঘটনাবোৰক ব্যাখ্যা কৰিছিল। আগলৈ তেওঁ চুবুৰীয়া চমৰীয়াজনৰ চেহেৰা-পাতি বৰ্ণনা কৰাৰ পৰিৱৰ্তে, তাতকৈও অধিক গুৰুত্বপূৰ্ণ বিষয়ৰ সম্পৰ্কে বৰ্ণনা কৰিছিল যে চমৰীয়াজনে কেনেকৈ আহতগ্ৰস্ত হৈ বাটত পৰি থকা ইহুদী ব্যক্তিজনৰ প্ৰতি সহানুভূতিৰে আচৰণ কৰিছিল। ইয়াত যীচুৱে নিজৰ চুবুৰীয়া লোকসকলক প্ৰেম কৰাৰ উপৰিও আন জাতিৰ লোককো প্ৰেম কৰা আৱশ্যকতাৰ প্ৰতি শিক্ষাদান কৰাৰ বিৱৰণি দাঙি ধৰিছিল।—লূক ১০:২৯, ৩৩-৩৭.

১০ যীচুৱে দৃষ্টান্তসমূহক অধিক বহলভাৱে বৰ্ণনা কৰাৰ পৰিৱৰ্তে সাৱধানে আৱশ্যকীয় বৰ্ণনাসমূহক দাঙি ধৰিছিল। এইদৰে তেওঁ প্ৰথম শতাব্দীৰ শ্ৰোতাসকলৰ বাবে বুজি পোৱাত সহজ কৰি তুলিছিল আৰু পিছলৈ আন বহুতে সেই প্ৰেৰিত শুভবাৰ্ত্তাৰ কিতাপৰ পৰা সেইবোৰৰ বিষয়ে পঢ়ি তাক মনন কৰি তাৰ পৰা মূল্যৱান পাঠ লাভ কৰিছিল।

দৈনন্দিন জীৱনৰ সৈতে সম্পৰ্ক থকা দৃষ্টান্তসমূহ

১১. যীচুৱে গালীলত ডাঙৰ-দীঘল হোৱাৰ সময়ত লক্ষ্য কৰা দৈনন্দিন কাৰ্য্যবোৰক তেওঁৰ দৃষ্টান্তৰ জড়িয়তে প্ৰকাশ কৰাৰ কিছুমান উদাহৰণ দিয়ক।

১১ লোকসকলৰ দৈনন্দিন জীৱনৰ সৈতে সম্পৰ্ক থকা দৃষ্টান্তবোৰ দাঙি ধৰাত যীচু নিপুণ আছিল। ইয়াত কোনো সন্দেহ নাই যে তেওঁ গালীলত ডাঙৰ-দীঘল হোৱাৰ সময়ত দৈনন্দিন জীৱনত দেখিবলৈ পোৱা ঘটনাসমূহ তেওঁৰ দৃষ্টান্তৰ জড়িয়তে প্ৰকাশ পাইছিল। ক্ষন্তেক তেওঁৰ সৰুকালৰ জীৱনৰ বিষয়ে বিবেচনা কৰক। তেওঁ কিমানবাৰ তেওঁৰ মাকে পূৰ্বেই তৈয়াৰ কৰা পিঠাৰ পৰা পিঠাগুড়ি লৈ আন পিঠা তৈয়াৰ কৰা দেখিছিল? (মথি ১৩:৩৩) তেওঁ কিমানবাৰ গালীলৰ নীল সাগৰত মাছমৰীয়াসকলে মাছ ধৰিবলৈ পানীত জাল পেলোৱা দেখিছিল? (মথি ১৩:৪৭) তেওঁ কিমানবাৰ লʼৰা-ছোৱালীক বজাৰত খেলি থকা দেখিবলৈ পাইছিল? (মথি ১১:১৬) তদুপৰি, যীচুৱে আন সাধাৰণ কাৰ্য্যবোৰক তেওঁৰ দৃষ্টান্তৰ দ্বাৰা প্ৰকাশ কৰিছিল, যেনে, বীজ বোৱা, বিবাহ ভোজত কৰা আনন্দ আৰু পথাৰত সূৰ্য্যৰ তাপত শস্যবোৰ পূৰঠ হোৱা।—মথি ১৩:৩-৮; ২৫:১-১২; মাৰ্ক ৪:২৬-২৯.

১২, ১৩. যীচুৱে ধান আৰু বিনৈ বন ব্যৱহাৰ কৰি দিয়া দৃষ্টান্তই কেনেকৈ প্ৰকাশ কৰিছে যে তেওঁ সেই স্থানীয় পৰিস্থিতিটোৰ সৈতে পৰিচিত আছিল?

১২ সেয়েহে ইয়াত আচৰিত হোৱাৰ কোনো কাৰণ নাই যে তেওঁৰ বহুতো দৃষ্টান্তত দৈনন্দিন জীৱনত হোৱা ঘটনা আৰু অৱস্থাৰ বিষয়ে প্ৰকাশ পাইছিল। এতেকে যীচুৱে এনেদৰে শিক্ষাদান কৰা পদ্ধতিৰ নিপুণতাক অধিক ভালকৈ বুজিবলৈ হʼলে ইহুদী শ্ৰোতাসকলে তেওঁৰ উপদেশবোৰক কি অৰ্থত লৈছিল তাক বিবেচনা কৰাটো লাভজনক হʼব। আঁহক আমি তাৰে দুটা উদাহৰণৰ বিষয়ে আলোচনা কৰোঁহঁক।

১৩ প্ৰথমতো হৈছে ধান আৰু বিনৈ বনৰ দৃষ্টান্ত। যʼত যীচুৱে এজন ব্যক্তিয়ে নিজৰ পথাৰত উত্তম কঠীয়া সিচিছিল, কিন্তু “শত্ৰু” আহি ধানৰ মাজত বিনৈ বনৰ গুটি সিচি গʼল। যীচুৱে কিয় তেনে বিৰোধীৰ কাৰ্য্যৰ বিষয়ে উল্লেখ কৰিবলৈ বিশেষভাৱে বাছি লʼলে? লক্ষ্য কৰক যে তেওঁ গালীল সাগৰৰ দাঁতিত এই দৃষ্টান্তটো দিছিল আৰু স্পষ্টকৈ গালীল প্ৰদেশৰ বাসিন্দাসকলৰ মুখ্য জীৱিকা আছিল খেতি-বাতি। যদি কোনো এজন শত্ৰুৱে আহি এজন খেতিয়কৰ পথাৰত বিনৈ বন সিচাতো তেওঁৰ বাবে কিমান অনিষ্টকাৰক হʼলহেঁতেন? স্থানীয় আইনে দেখুৱাইছে যে সেই সময়ত অৱশ্যেই তেনে আক্ৰমণ হৈছিল। গতিকে এনে পৰিস্থিতিত যীচুৱে কোৱা তেনে দৃষ্টান্তক শ্ৰোতাসকলে বুজিবলৈ অসুবিধা হʼলহেঁতেন নে?—মথি ১৩:১, ২, ২৪-৩০.

১৪. যীচুৱে নিজৰ বিষয়টোক বুজাবলৈ দৃষ্টান্তত কোৱা বন্ধুত্বপূৰ্ণ চমৰীয়াজনৰ কাহিনীত উল্লেখ কৰা “যিৰূচালেমৰ পৰা যিৰীহোলৈ” যোৱা বাটতো কিয় উল্লেখযোগ্য আছিল?

১৪ দ্বিতীয়টো দৃষ্টান্তত এজন বন্ধুত্বপূৰ্ণ চমৰীয়া ব্যক্তিৰ সম্পৰ্কে উল্লেখ কৰিছিল। যীচুৱে এইদৰে কʼবলৈ আৰম্ভ কৰিলে: “এজন মানুহ যিৰূচালেমৰ পৰা যিৰীহোলৈ যাওঁতে ডকাইতৰ হাতত পৰিল; তাতে সিহঁতে তেওঁক বিবস্ত্ৰ কৰি মৰিয়াই আধা মৰাকৈ এৰি, গুচি গল।” (লূক ১০:৩০) উল্লেখযোগ্য বিষয় এই যে যীচুৱে তেওঁ কোৱা বিষয়টোক বুজাবলৈ “যিৰূচালেমৰ পৰা যিৰীহোলৈ” যোৱা বাটৰ বিষয়ে উল্লেখ কৰিছিল। যেতিয়া তেওঁ এই দৃষ্টান্তটোৰ বিষয়ে কৈছিল তেতিয়া তেওঁ যিৰূচালেমৰ কাষত থকা যিহূদা চহৰত আছিল; গতিকে তেওঁৰ শ্ৰোতাসকলে দৃষ্টান্তত ব্যৱহাৰ কৰা বাটতোৰ সৈতে ভালকৈ পৰিচিত আছিল। সেই নিৰ্দ্দিষ্ট বাটতো অকলে যাত্ৰা কৰাটো এজন বাটৰুৱাৰ বাবে বিপদজনক আছিল। ডকাইতে লুকাই থাকিবলৈ সেই বাটতোত বহুতো আকোৱা-পকোৱা স্থান আছিল।

১৫. বন্ধুত্বপূৰ্ণ চমৰীয়া ব্যক্তিজনৰ দৃষ্টান্তত জড়িত থকা পুৰোহিত আৰু লেবীয়া ব্যক্তিজনৰ তেনে কাৰ্য্যক কিয় কোনো এজনেও সঠিক বুলি কাৰণ দৰ্শাব নোৱাৰে?

১৫ যীচুৰ দৃষ্টান্তত ব্যৱহাৰ কৰা “যিৰূচালেমৰ পৰা যিৰীহোলৈ” যোৱা বাটতোক লক্ষ্য কৰিবলৈ আন এটা নিৰ্দ্দিষ্ট কাৰণ আছিল। কাহিনীটোৰ অনুসাৰে প্ৰথমে এজন পুৰোহিত আৰু তাৰ পিছত এজন লেবীয়া ব্যক্তিও সেই বাটতোৰে যাত্ৰা কৰিছিল, তথাপিও তেওঁলোকে সেই আহত হৈ পৰি থকা ব্যক্তিজনক সহায় কৰিবলৈ তাত নৰখিল। (লূক ১০:৩১, ৩২) সেই পুৰোহিতজনে যিৰূচালেম মন্দিৰত সেৱা আৰু লেবীয়া ব্যক্তিজনে তেওঁলোকক সহায় কৰিছিল। বহুতো পুৰোহিত আৰু লেবীয়া ব্যক্তিয়ে যিৰূচালেমত কাম নকৰা সময়ছোৱাত যিৰীহোত বাস কৰিছিল। যিৰীহো নগৰ যিৰূচালেমৰ পৰা ২৩ কিলোমিটাৰ আঁতৰত আছিল। গতিকে ইয়াত কোনো সন্দেহ নাই যে তেওঁলোকে প্ৰায়ে সেই বাটেৰে অহা-যোৱা কৰিছিল। মন কৰিবলগীয়া এই যে সেই পুৰোহিত আৰু লেবীয়া ব্যক্তিজনে সেই বাটেৰে “যিৰূচালেমৰ পৰা” অৰ্থাৎ মন্দিৰৰ কাৰ্য্য শেষ কৰি আঁতৰি গৈছিল। সেইবাবে কোনো এজনেও এইদৰে কৈ যুক্তি দৰ্শাব নোৱাৰিলেহেঁতেন যে, ‘তেওঁলোকে সেই আহত হোৱা ব্যক্তিজনৰ মৃত্যু হোৱা বুলি ভাবি তেওঁৰ মৃতদেহ স্পৰ্শ কৰি মন্দিৰত সেৱা কৰাৰ পৰা অস্থায়ীভাৱে অশুচি নহʼবলৈ আঁতৰি গৈছিল।’ (লেবীয়া পুস্তক ২১:১; গণনা পুস্তক ১৯:১১, ১৬) এনে পৰিচিত পৰিস্থিতিৰ সৈতে জড়িত থকা দৃষ্টান্তটোক বুজাত শ্ৰোতাসকলৰ বাবে কোনো অসুবিধা হৈছিলনে?

দৃষ্টান্তত যিহোৱাই সৃষ্টি কৰা বস্তুবোৰক ব্যৱহাৰ কৰা

১৬. যীচুৱে যে সৃষ্টি কৰা সকলো বস্তুৰ সৈতে ভালদৰে পৰিচিত আছিল, কিয় তাত সন্দেহ কৰাৰ কোনো কাৰণ নাই?

১৬ যীচুৱে ব্যৱহাৰ কৰা তেওঁৰ বহুতো দৃষ্টান্ত আৰু উপাখ্যানবোৰত গছ-গছনি, জীৱ-জন্তু আৰু বস্তুসমূহৰ বিষয়ে উল্লেখ কৰিছিল। (মথি ৬:২৬, ২৮-৩০; ১৬:২, ৩) তেওঁ কʼৰ পৰা এনে জ্ঞান পালে? গালীল প্ৰদেশত ডাঙৰ-দীঘল হোৱা অৱস্থাত তেওঁ নিশ্চয়ে যিহোৱাই সৃষ্টি কৰা বস্তুবোৰক নিবিড়ভাৱে লক্ষ্য কৰিছিল। ইয়াৰ উপৰিও যীচু “সৃষ্টিৰ প্ৰথমজাত” আৰু যিহোৱাৰ সৈতে “প্ৰধান কাৰ্য্যকাৰিণী” হিচাবে সকলোবোৰ বস্তু সৃষ্টি কৰিছিল। (কলচীয়া ১:১৫, ১৬; হিতোপদেশ ৮:৩০, ৩১) গতিকে যীচুৱে সৃষ্টিৰ সৈতে ভালদৰে পৰিচিত হোৱাত কোনো সন্দেহ আছেনে? আঁহক আমি চাওঁহঁক যে তেওঁত থকা জ্ঞানক নিপুণতাৰে শিক্ষাদান কৰাত কেনেকৈ ব্যৱহাৰ কৰিছিল?

১৭, ১৮. (ক) যোহন ১০ অধ্যায়ত লিপিবদ্ধ কৰা যীচুৰ বাক্যই কেনেকৈ প্ৰকাশ কৰিছে যে তেওঁ মেৰৰ চৰিত্ৰগত বৈশিষ্ট্যতাৰ সৈতে পৰিচিত আছিল? (খ) বাইবেলৰ দেশবোৰত ভ্ৰমণ কৰা ভ্ৰমণকাৰীসকলে মেৰ আৰু ৰখীয়াৰ মাজত থকা অটুট সম্বন্ধৰ বিষয়ে কি লক্ষ্য কৰিলে?

১৭ যীচুৰ দৃষ্টান্তত ব্যৱহাৰ কৰা সকলোতকৈ স্পৰ্শকাতৰ বিষয়টোৰ বিষয়ে যোহন ১০ অধ্যায়ত উল্লেখ কৰা হৈছে। সেই অধ্যায়ত যীচু আৰু তেওঁৰ শিষ্যসকলৰ মাজত থকা সম্বন্ধক মেৰ ৰখীয়া আৰু মেৰৰ সৈতে তুলনা কৰিছে। যীচুৱে কোৱা বাক্যশাৰীৰ পৰা এইটো প্ৰকাশ পাইছে যে তেওঁ ঘৰচীয়া মেৰৰ সৈতে পৰিচিত আছিল। তেওঁ দেখুৱাইছে যে মেৰবিলাকে স্বইচ্ছাৰে ৰখীয়াৰ দ্বাৰা পৰিচালিত আৰু ৰখীয়াজনক বিশ্বাসী হৈ অনুকৰণ কৰে। (যোহন ১০:২-৪) বাইবেলৰ দেশবোৰত মেৰ আৰু ৰখীয়াৰ মাজত থকা এক অটুট বন্ধনক প্ৰায়ে ভ্ৰমণকাৰীসকলে দেখিবলৈ পাইছিল। ১৯ শতাব্দীত হেনৰী বেকাৰ ত্ৰিচত্ৰাম নামৰ জীৱবৈজ্ঞানীক জনে এইদৰে লিখিছিল: “মই এবাৰ লক্ষ্য কৰিছিলোঁ যে এজন মেৰ ৰখীয়াই নিজৰ জাকটোৰ সৈতে খেলি আছিল। তেওঁ দৌৰি পলাই যোৱাৰ ভাও ধৰিছিল; তাতে মেৰবিলাকে তেওঁক চাৰিওফালৰ পৰা ঘেৰি ধৰিছিল। . . . অৱশেষত সেই মেৰৰ জাকটোৱে ৰখীয়াজনৰ চাৰিওফালে এটা বৃতাকাৰ সৃষ্টি কৰে আৰু তেওঁৰ চাৰিওফালে জপিয়াই নাচি খেলিবলৈ ধৰে।”

১৮ মেৰবিলাকে কিয় তেওঁবিলাকৰ ৰখীয়াক অনুকৰণ কৰে? এই সম্পৰ্কে যীচুৱে এইদৰে কৈছিল: “কিয়নো তেওঁৰ মাত বুজি পায়।” (যোহন ১০:৪) মেৰবিলাকে প্ৰকৃততে তেওঁবিলাকৰ ৰখীয়াৰ মাত চিনি পাইনে? জৰ্জ এডাম স্মিথে ব্যক্তিগতভাৱে নিৰীক্ষণ কৰি দ্যা হিচট্ৰিকেল জিয়গ্ৰাফী অৱ দ্যা হলি লেন্ড নামৰ তেওঁৰ কিতাপত এইদৰে লিখিছিল: “কোনো কোনো সময়ত আমি দুপৰীয়া জিৰণি লোৱাৰ অৰ্থে সেই ইহুদীসকলৰ কুঁৱাবোৰৰ কাষত বহি আনন্দ উপভোগ কৰিছিলোঁ, যʼত তিনি বা চাৰিজন মেৰৰখীয়াই নিজৰ জাকবোৰৰ সৈতে আহিছিল। সেই জাকবোৰে আন জাকবোৰৰ মেৰৰ সৈতে মিশ্ৰিত হৈছিল, আমি ভাবি আচৰিত হৈছিলোঁ যে মেৰ ৰখীয়াবোৰে কেনেকৈ নিজৰ জাকটোক বিচাৰি উলিয়াব। কিন্তু যেতিয়া পানী খোৱা খেল-ধেমালী কৰা শেষ হৈছিল তেতিয়া প্ৰত্যেকজন ৰখীয়াই কুঁৱাটোৰ বেলেগ বেলেগ ফাললৈ গৈ এক বিশেষ প্ৰকাৰে মাত উলিয়াই নিজৰ নিজৰ জাকটোক মাতিছিল; প্ৰত্যেকটো জাকে নিজৰ নিজৰ ৰখীয়াৰ ওচৰলৈ শৃঙ্খলাবদ্ধভাৱে যেনেকৈ আহিছিল তেনেকৈ উলটি গৈছিল।” নিজৰ বিষয়টোক স্পষ্টকৈ বুজাবলৈ যীচুৱে সম্ভৱতঃ ইয়াতকৈ কোনো উত্তম দৃষ্টান্ত বিচাৰি পালেহেঁতেন। যদি আমি তেওঁৰ শিক্ষাৰ সৈতে পৰিচিত হৈ তাৰ অনুসাৰে চলোঁ আৰু তেওঁক অনুকৰণ কৰোঁ, তেনেহʼলে আমাক “সজ ৰখীয়া” জনে প্ৰেমেৰে চোৱা-চিতা কৰিব।—যোহন ১০:১১.

শ্ৰোতাসকলে পৰিচিত হোৱা ঘটনাৰ দৃষ্টান্ত দাঙি ধৰা

১৯. এটা মিছা বিশ্বাসৰ অহিতে যুক্তি দৰ্শাবলৈ যীচুৱে কেনেকৈ কাৰ্য্যকাৰীৰূপে ঘটিত হোৱা এটা স্থানীয় কৰুণাত্মক ঘটনাক উল্লেখ কৰিছিল?

১৯ কোনো শিক্ষা লাভ কৰা অভিজ্ঞতা আৰু উদাহৰণৰ পৰা প্ৰভাৱশালী দৃষ্টান্ত দাঙি ধৰিব পাৰি। আন এটা সময়ত যীচুৱে অলপতে দুৰ্ঘটনাত মৃত্যু হোৱাসকলৰ ঘটনাক উল্লেখ কৰি ঈশ্বৰে অগ্ৰাহ্য কৰা মিছা বিশ্বাসৰ বিষয়ে দাঙি ধৰিছিল। তেওঁ এইদৰে কৈছিল: “চিলোহত থকা ওখ গড়ৰ পতনত, যি ওঠৰ জন মানুহ মৰা পৰিল, যিৰূচালেমত থকা আটাই মানুহতকৈ তেওঁলোক বৰ অপৰাধী [পাপী] বুলি ভাবিছা নে?” (লূক ১৩:৪) ইয়াত যীচুৱে স্পষ্টকৈ পূৰ্বনিৰ্দ্ধাৰিত কৰি কাৰণ দৰ্শোৱাসকলৰ অহিতে যুক্তি দাঙি ধৰিছিল। কিয়নো সেই ১৮ জন ব্যক্তিৰ কিছুমানে ঈশ্বৰক অসন্তুষ্ট কৰি পাপ কৰাৰ বাবে যে মৃত্যু হৈছিল, এনে নহয়। ইয়াৰ বিপৰীতে তেওঁলোকৰ কৰুণাত্মক মৃত্যু আছিল সময় আৰু দৈব্যক্ৰমে ঘটা ঘটনা। (উপদেশক ৯:১১) এইদৰে তেওঁ শ্ৰোতাসকলে জনা-পৰিচিত হোৱা এটা ঘটনা উল্লেখ কৰি মিছা শিক্ষাৰ অহিতে যুক্তি দাঙি ধৰিছিল।

২০, ২১. (ক) ফৰীচীসকলে যীচুৰ শিষ্যসকলক কেনেকৈ তিৰস্কাৰ কৰিছিল? (খ) বিশ্ৰাম-দিনৰ সম্পৰ্কে দিয়া ব্যৱস্থাৰ প্ৰতি যিহোৱাই কেতিয়াও দৃঢ়নিয়ম দিয়া নাছিল, তাক কোনটো শাস্ত্ৰীয় ঘটনাৰ দ্বাৰা যীচুৱে প্ৰকাশ কৰি দেখুৱালে? (গ) পৰৱৰ্তী লেখত কিহৰ বিষয়ে আলোচনা কৰা হʼব?

২০ তদুপৰি, যীচুৱে নিজৰ শিক্ষাদান কৰাৰ সময়ত শাস্ত্ৰীয় উদাহৰণবোৰৰ ওপৰতো ধ্যান কেন্দ্ৰিত কৰিছিল। ক্ষন্তেক স্মৰণ কৰক যে এবাৰ যীচুৰ শিষ্যসকলে বিশ্ৰাম-দিনৰ সময়ছোৱাত পথাৰৰ মাজেৰে যাওঁতে ঘেঁহুৰথোক চিঙি খোৱাত ফৰীচীসকলে তিৰস্কাৰ কৰিছিল। দৰাচলতে শিষ্যসকলে ঈশ্বৰৰ ব্যৱস্থা ভঙ্গ কৰা নাছিল, প্ৰকৃততে বিশ্ৰাম-দিনত কি কৰাটো বে-আইনী তাকহে ফৰীচীসকলে কঠোৰতাৰে ভাঙ্গনী কৰিছিল। ঈশ্বৰে বিশ্ৰাম-দিনৰ ব্যৱস্থাক পালন কৰিবলৈ কেতিয়াও অত্যাধিকভাৱে এনে এক দৃঢ়নিয়ম দিয়া নাই বুলি যীচুৱে ১ চমূৱেল ২১:৩-৬ পদত উল্লেখ কৰা ঘটনাটোৰ বিষয়ে দাঙি ধৰিলে। দায়ূদ আৰু তেওঁৰ সঙ্গীসকলৰ অতি ভোক লগাত উপাসনাগৃহলৈ গʼল আৰু যিহোৱাৰ আগৰ পৰা গুচুৱা দৰ্শন-পিঠা খালে। সেই পুৰণি দৰ্শন-পিঠাবোৰ সাধাৰণতে পুৰোহিতসকলে খাবলৈ আছুতীয়াকৈ ৰখা হয়। তেনে পৰিস্থিতিত দায়ূদ আৰু তেওঁৰ সঙ্গীবিলাকে সেই পিঠা খোৱাৰ বাবে তেওঁলোকক তিৰস্কাৰ কৰা নহʼল। মন কৰিবলগীয়া এই যে সেই বৃতান্ততহে কেৱল পুৰোহিত নোহোৱা ব্যক্তিসকলে সেই পুৰণি দৰ্শন-পিঠা খোৱাৰ বিষয়ে উল্লেখ কৰা আছে। যীচুৱে সেই ঘটনাটোৰ বিষয়ে সঠিকৈ জানিছিল আৰু ইয়াত কোনো সন্দেহ নাই যে তেওঁৰ ইহুদী শ্ৰোতাসকলে ঘটনাটোৰ সৈতে ভালকৈ পৰিচিত আছিল।—মথি ১২:১-৮.

২১ প্ৰকৃততে, যীচু এজন মহান শিক্ষক আছিল! এইদৰে তেওঁ গুৰুত্বপূৰ্ণ সত্যৰে শ্ৰোতাসকলৰ হৃদয় স্পৰ্শ কৰিবলৈ এনে অতুলনীয় পাৰ্গতালিত আমি সঁচাকৈ আচৰিত হওঁ। কিন্তু শিক্ষাদান কৰাৰ ক্ষেত্ৰত আমি কেনেকৈ তেওঁক অনুকৰণ কৰিব পাৰোঁ? এই সম্পৰ্কে পৰৱৰ্তী লেখত আলোচনা কৰা হʼব। (w02 9/1)

[ফুটনোটবোৰ]

a যীচুৱে বহুতো প্ৰকাৰে দৃষ্টান্তবোৰ ব্যৱহাৰ কৰিছিল, ইয়াত জড়িত আছে উদাহৰণ, উপমা, দৃষ্টান্ত আৰু লাক্ষণিক অৰ্থত বুজোৱা। তেওঁ দৃষ্টান্ত ব্যৱহাৰ কৰি শিক্ষা দিয়াৰ বাবে জনাজাত হৈ পৰিছিল, কিয়নো তেওঁ “চমুকৈ, সাধাৰণতে প্ৰথাগতভাৱে, বৃত্তান্তসমূহৰ দ্বাৰা নৈতিক বা আধ্যাত্মিক সত্যতাক প্ৰকাশ কৰিছিল।”

আপোনাৰ মনত আছেনে?

• যীচুৱে কিয় দৃষ্টান্ত ব্যৱহাৰ কৰি শিকাইছিল?

• কিহে প্ৰকাশ কৰিছে যে যীচুৱে ব্যৱহাৰ কৰা দৃষ্টান্তসমূহৰ সৈতে প্ৰথম শতিকাৰ শ্ৰোতাসকলে পৰিচিত আছিল?

• সৃষ্টিৰ সম্পৰ্কে থকা তেওঁৰ জ্ঞানক যীচুৱে কেনেকৈ পটুতাৰে নিজৰ দৃষ্টান্তসমূহত ব্যৱহাৰ কৰিছিল?

• যীচুৰ শ্ৰোতাসকলে পৰিচিত হোৱা ঘটনাবোৰক তেওঁ কি প্ৰকাৰে ব্যৱহাৰ কৰিছিল?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[১৫ পৃষ্ঠাৰ ছবিসমূহ]

যীচুৱে দৃষ্টান্তত উল্লেখ কৰা দাসজনে তেওঁৰ পৰা কেৱল কম পৰিমাণৰ আধলি ঋণলৈ লোৱা দাসজনক ক্ষমা কৰাত অস্বীকাৰ কৰিলে। অবাধ্য পুতেকজনে ঘৰৰ পৰা তেওঁৰ সকলো উত্তৰাধিকাৰী লোৱাৰ স্বত্বেও পিতৃয়ে তেওঁক ক্ষমা কৰিলে।

[১৭ পৃষ্ঠাৰ ছবি]

মেৰবিলাকে প্ৰকৃততে সিহঁতৰ ৰখীয়াজনৰ মাতৰ প্ৰতি সঁহাৰি জনাই নে?