Skip to content

Skip to table of contents

মহান শিক্ষকজনক অনুকৰণ কৰক

মহান শিক্ষকজনক অনুকৰণ কৰক

মহান শিক্ষকজনক অনুকৰণ কৰক

এই হেতুকে তোমালোক যোৱা; আৰু সকলো জাতিকে শিষ্য কৰি, . . . মই যি যি আদেশ তোমালোকক দিলোঁ, সেই সকলোকে পালন কৰিবলৈ তেওঁবিলাকক শিক্ষা দিয়া।মথি ২৮:১৯, ২০.

১, ২. (ক) কি অৰ্থত আমি সকলোৱে শিক্ষক হোৱাৰ ভূমিকা আদায় কৰোঁ? (খ) শিক্ষা দিয়াৰ ক্ষেত্ৰত প্ৰকৃত খ্ৰীষ্টানসকলৰ কেনে অদ্বিতীয় দায়িত্ব আছে?

 আপুনি এজন শিক্ষক নে? কিছু ক্ষেত্ৰত আমি সকলোৱে শিক্ষক। বহুবাৰ আপুনি কোনো বাট হেৰুৱা যাত্ৰীক মাৰ্গদৰ্শন দিয়ে, নিজৰ সহকৰ্ম্মীক কোনো এটা কাৰ্য্য কৰিবলৈ শিকাই বা এটা সৰু লʼৰাক কেনেকৈ নিজৰ জোতাযোৰৰ ফিটাডাল বান্ধিব লাগে তাক বৰ্ণনা কৰে, তেনে কৰাৰ দ্বাৰা প্ৰকৃততে আপুনি তেওঁলোকক শিক্ষাদান কৰে। আনক তেনেদৰে সহায় কৰি আপুনি কিছুমাত্ৰাত ব্যক্তিগত সন্তুষ্টি লাভ নকৰেনে বাৰু?

যেতিয়া শিক্ষাদান কৰাৰ প্ৰশ্ন আহে তেতিয়া প্ৰকৃত খ্ৰীষ্টানসকলৰ সকলোৱে এটা বিশেষ দায়িত্ব বহন কৰে। কিয়নো আমাক “সকলো জাতিকে শিষ্য কৰি, . . . তেওঁবিলাকক শিক্ষা” দিবলৈ আজ্ঞা দিয়া হৈছে। (মথি ২৮:১৯, ২০) সময়ে সময়ে মণ্ডলীৰ ভিতৰতো আমি শিক্ষাদান কৰাৰ সুযোগ পাওঁ। গতিকে মণ্ডলীক দৃঢ়ভাৱে গঢ়ি তুলিবলৈ যোগ্য পুৰুষসকলক “ৰক্ষক আৰু শিক্ষক” হʼবলৈ নিযুক্ত কৰা হʼল। (ইফিচীয়া ৪:১১-১৩) খ্ৰীষ্টানৰ নিতৌ কৰা কাৰ্য্যসমূহত পৰিপক্ক মহিলাসকলে অপৰিপক্ক মহিলাসকলৰ “উত্তম শিক্ষা-দায়িকা হয়।” (তীত ২:৩-৫) আমাৰ সকলোকে আন সঙ্গী বিশ্বাসী ব্যক্তিসকলক উৎসাহিত কৰিবলৈ আগ্ৰহ কৰা হৈছে আৰু আমি বাইবেলৰ দ্বাৰা আনক বিশ্বাসত দৃঢ় কৰি এই উপদেশ পালন কৰিব পাৰোঁ। (১ থিচলনীকীয়া ৫:১১) ঈশ্বৰৰ বাক্যৰ শিক্ষক হোৱা আৰু দীৰ্ঘকলীয়া লাভজনক আধ্যাত্মিক বিষয়বোৰক আনক কোৱাটো আমাৰ বাবে কিযে এক বিশেষ অধিকাৰ!

৩. কাৰ্য্যকাৰীৰূপে শিক্ষাদান কৰাত আমি কেনেকৈ উন্নতি কৰিব পাৰোঁ?

শিক্ষক হিচাবে আমি কেনেকৈ আমাৰ শিকোৱা কাৰ্য্যক অধিক কাৰ্য্যকাৰী কৰিব পাৰোঁ? সৰ্বপ্ৰথমে আমি আমাৰ মহান শিক্ষক যীচুক অনুকৰণ কৰা আৱশ্যক। কিন্তু ‘যীচু এজন সিদ্ধ ব্যক্তি আছিল, আমি কেনেকৈ তেওঁক অনুকৰণ কৰিম?’ এই বুলি ভাবি কিছুমানে হয়তো আচৰিত হʼব পাৰে। এইটো সঁচা যে আমাৰ কোনেও তেওঁৰ দৰে সিদ্ধ শিক্ষক হʼব নোৱাৰে। তথাপিও আমাত থকা সামৰ্থৰে যীচুক অনুকৰণ কৰি উত্তমভাৱে শিক্ষা দিবলৈ চেষ্টা কৰিব পাৰোঁ। আঁহক আমি আলোচনা কৰোঁহঁক যে কেনেকৈ এই চাৰিটা পদ্ধতিৰে শিকাব পাৰোঁ—সৰলতাৰে শিক্ষাদান, প্ৰভাৱকাৰী প্ৰশ্নসমূহৰ প্ৰয়োগ, যুক্তিসঙ্গত কাৰণ দৰ্শোৱা আৰু উপযুক্ত দৃষ্টান্তসমূহৰ ব্যৱহাৰ।

সৰলতাৰে শিক্ষাদান

৪, ৫. (ক) সৰলতা, বাইবেল সত্যতাৰ কিয় এক বৈশিষ্য হয়? (খ) সহজ-সৰলভাৱে শিকাবলৈ আমাৰ নিজৰ বাক্যৰ ওপৰত আমি কিয় ধ্যান দিয়া উচিত?

ঈশ্বৰৰ বাক্যৰ মৌলিক সত্যৰ বিষয়ে শিকাতো কোনো কঠিন নহয়। যীচুৱে কৰা এটা প্ৰাৰ্থনাত এইদৰে কৈছিল: “হে পিতৃ . . . তুমি জ্ঞানী আৰু বুদ্ধিমন্ত লোকৰ পৰা এইবোৰ কথা গুপুতে ৰাখি, শিশুবিলাকৰ আগত প্ৰকাশ কৰিলা, এই নিমিত্তে তোমাক ধন্যবাদ দিওঁ।” (মথি ১১:২৫) যিহোৱাই নিজৰ উদ্দেশ্যৰ বিষয়ে নম্ৰ আৰু সৰল মনৰ লোকসকলৰ আগত প্ৰকাশ কৰিলে। (১ কৰিন্থীয়া ১:২৬-২৮) সেয়েহে সৰলতা হৈছে বাইবেল সত্যৰ এটা মুখ্য বৈশিষ্ট্য।

যেতিয়া আপুনি কোনো আগ্ৰহীলোকৰ সৈতে বাইবেল অধ্যয়ন বা তেওঁলোকক পুনৰ সাক্ষাৎ কৰে তেতিয়া আপুনি কেনেকৈ সৰলতাৰে শিক্ষাদান কৰিব পাৰে? বাৰু আমি মহান শিক্ষকজনৰ পৰা কি শিকিলোঁ? আমি শিকিলোঁ যে, যিহেতু যীচুৰ শ্ৰোতাসকলৰ বেছিভাগেই “অপণ্ডিত সামান্য মানুহ” হোৱাৰ বাবে তেওঁলোকে সহজে বুজিবলৈ যীচুৱে সহজ আৰু সৰল ভাষাত বৰ্ণনা কৰিছিল। (পাঁচনিৰ কৰ্ম্ম ৪:১৩) সৰলতাৰে শিকাবলৈ হʼলে সৰ্বপ্ৰথম আৱশ্যকতাটো হৈছে, আমি নিজৰ কথোপকথনত ব্যৱহাৰ কৰা বাক্যসমূহক নিৰীক্ষণ কৰা। লোকসকলক ঈশ্বৰৰ বাক্যৰ সত্যক বিশ্বাস কৰাবলৈ আমাক কোনো উচ্চ প্ৰকাৰৰ বাক্য বা শব্দ ব্যৱহাৰ কৰা প্ৰয়োজন নাই। কিয়নো তেনে “জ্ঞানৰ উত্তমতাৰে” কোৱা বাক্যসমূহে সীমিত শিক্ষা বা অৰ্হতা থকা লোকসকলক আতঙ্কিত কৰি তুলে। (১ কৰিন্থীয়া ২:১, ২) যীচুৰ আৰ্হিয়ে এইটো দেখুৱাইছে যে তেওঁ সত্যক অধিক শক্তিশালীৰূপে প্ৰকাশ কৰিবলৈ সতৰ্কতাৰে সৰল বাক্যসমূহৰ ব্যৱহাৰ কৰিছিল।

৬. আমি কেনেকৈ বাইবেলৰ সত্য শিকা বিদ্যাৰ্থীসকলক অধিক সংবাদ প্ৰদান নকৰি বিহ্বল কৰাৰ পৰা বিৰত থাকিম?

সৰলতাৰে শিক্ষাদান কৰাৰ সময়ত সদায়ে সতৰ্কতা অৱলম্বন কৰা আৱশ্যক যাতে আমি বাইবেল বিদ্যাৰ্থীসকলক অত্যাধিক সংবাদ প্ৰদান কৰি তেওঁলোকক বিহ্বল নকৰোঁ যেন। কিয়নো যীচুৱেও শিক্ষাদান কৰাৰ সময়ত তেওঁৰ শিষ্যসকলৰ সীমিত জ্ঞানৰ বিষয়ে বিবেচনা কৰিছিল। (যোহন ১৬:১২) একেইদৰে আমিও বিদ্যাৰ্থীসকলৰ বিষয়ে বিবেচনা কৰা উচিত। উদাহৰণস্বৰূপে, যেতিয়া বিদ্যাৰ্থীজনৰ সৈতে জ্ঞান যি অনন্ত জীৱনলৈ লৈ যায় নামৰ পুস্তকখন অধ্যয়ন কৰা হয় তেতিয়া সকলোবোৰ বিষয়ে বৰ্ণনা কৰা প্ৰয়োজন নাই। a অথবা অধ্যায়টোক শেষ কৰাৰ লক্ষ্য ৰাখি খৰখেদাকৈ আগবঢ়াবলৈ এক নিৰ্দ্দিষ্ট পৰিমাণৰ বিষয়বস্তু নিৰ্দ্ধাৰিত কৰাৰো আৱশ্যক নাই। ইয়াৰ বিপৰীতে বিদ্যাৰ্থীজনৰ আৱশ্যকতা আৰু সামৰ্থক স্থিৰ কৰি তাৰ অনুসাৰে অধ্যয়ন কৰা উচিত। কিয়নো আমাৰ লক্ষ্য হৈছে বিদ্যাৰ্থীজনক যীচুৰ এজন শিষ্য আৰু যিহোৱাৰ উপাসক হʼবলৈ সহায় কৰা। গতিকে যিমানেই সময় অতিবাহিত কৰিবলগীয়া নহওঁক কিয় তাৰ প্ৰতি কোনো ভ্ৰূক্ষেপ নকৰি বিদ্যাৰ্থীজনে যি শিকিছে তাক স্পষ্টকৈ বুজিবলৈ তেওঁক সহায় কৰা আৱশ্যক। তেহে সত্যই সেই বিদ্যাৰ্থীজনৰ হৃদয় স্পৰ্ষ আৰু তেওঁক পদক্ষেপ লʼবলৈ প্ৰেৰিত কৰিব।—ৰোমীয়া ১২:২.

৭. মণ্ডলীত সৰলতাৰে ভাষণ দিবলৈ কেনে তিনিটা পৰামৰ্শক অনুকৰণ কৰাটো ব্যৱহাৰিক হʼব?

বিশেষকৈ নতুনকৈ সত্য শিকা বিদ্যাৰ্থীসকলে মণ্ডলীৰ সভাত উপস্থিত থকাৰ সময়ছোৱাত যেতিয়া আমি কোনো ভাষণ দিওঁ তেতিয়া তেওঁলোকে “সহজে বুজিব” পৰাকৈ কেনেকৈ কথা কোৱা উচিত? (১ কৰিন্থীয়া ১৪:৯) সেই সম্পৰ্কে তিনিটা ব্যৱহাৰিক পৰামৰ্শক আলোচনা কৰোঁহঁক। প্ৰথমতে, আপুনি ব্যৱহাৰ কৰা অপৰিচিত উক্তিবোৰৰ বিষয়ে বৰ্ণনা কৰক। ঈশ্বৰৰ বাক্যক বুজিবলৈ আমাক নিৰ্দিষ্ট শব্দসমূহ প্ৰদান কৰা হৈছে। যদি আমি “বিশ্বাসী বুদ্ধিমান দাস,” “অন্য মেৰবৰ্গ” আৰু “মহা-বাবিল” দৰে উক্তিবোৰ ব্যৱহাৰ কৰোঁ তেনেহʼলে সেই উক্তিবোৰ সাধাৰণ শব্দত স্পষ্টকৈ বুজাই দিয়া আৱশ্যক। দ্বিতীয়তে, আমি অধিক শব্দ ব্যৱহাৰ কৰা উচিত নহয়। কিয়নো অধিক শব্দৰে বিতংকৈ বুজাবলৈ গʼলে আমাৰ শ্ৰোতাসকলৰ আগ্ৰহ হ্ৰাস হʼব পাৰে। যেতিয়া অনাৱশ্যকীয় শব্দ আৰু বাক্যসমূহ বাদ দি কোৱা হয় তেতিয়া বিষয়টো অধিক স্পষ্টকৈ প্ৰকাশ পায়। তৃতীয়তে, একেলগে বহুতো বিষয়বস্তুক বিস্তাৰিত কৰিবলৈ কেতিয়াও চেষ্টা নকৰিব। আমি কৰা অনুসন্ধানত সম্ভৱতঃ বহুতো ৰসালজনক ব্যাখ্যা থাকিব পাৰে। কিন্তু বিষয়বস্তুটোক কিছুমান মুখ্য বিষয়ত সংগঠিত কৰক। তেনে কৰোঁতে কেৱল এনেবোৰ সংবাদ বিষয়বস্তুটোত সন্মিলিত কৰা আৱশ্যক যিহে বিষয়টোক সমৰ্থন আৰু সীমিত সময়ৰ ভিতৰত স্পষ্টৰূপে প্ৰকাশ কৰিব পৰা যায়।

প্ৰভাৱকাৰী প্ৰশ্নসমূহৰ প্ৰয়োগ

৮, ৯. আমি কেনেকৈ এটা প্ৰশ্নৰ বাছনি কৰিব পাৰোঁ যিয়ে গৃহস্থক আগ্ৰহী কৰি তুলিব পাৰে? উদাহৰণ দিয়ক।

যীচুৱে এনেবোৰ প্ৰশ্ন ব্যৱহাৰ কৰাত নিপুণ আছিল যিহে তেওঁৰ শিষ্যসকলৰ হৃদয়ত যি আছে তাক প্ৰকাশ কৰি সেই অনুসাৰে তেওঁলোকক প্ৰশিক্ষণ দিবলৈ সহায় কৰিছিল। যীচুৱে ব্যৱহাৰ কৰা প্ৰশ্নসমূহৰ দ্বাৰা তেওঁ তেওঁলোকৰ মন আৰু হৃদয় স্পৰ্শ কৰি তেওঁলোকক কাৰ্য্য কৰিবলৈ প্ৰেৰিত কৰিছিল। (মথি ১৬:১৩, ১৫; যোহন ১১:২৬) আমি কেনেকৈ আমাৰ প্ৰশ্নসমূহক প্ৰভাৱশালী কৰিব পাৰোঁ?

যেতিয়া আমি ঘৰে-ঘৰে প্ৰচাৰ কৰোঁ তেতিয়া আমি গৃহস্থক আগ্ৰহী কৰি তুলা প্ৰশ্ন সুধি তেওঁলোকক ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে কোৱাৰ পথ মুকলি কৰিব পাৰোঁ। আমি কেনেকৈ এনে এটা প্ৰশ্নৰ বাছনি কৰিম যিয়ে গৃহস্থক আগ্ৰহী কৰি তুলিব পাৰে? তাৰ বাবে সতৰ্ক হওক। যেতিয়া কোনো এটা ঘৰলৈ যায় তেতিয়া তাৰ আশে-পাশে থকা এলেকাবোৰক নিৰীক্ষণ কৰক। ঘৰখনৰ চোতালত কোনো খেলনা বা পুতলা আছেনে, যিয়ে ঘৰখনত সৰু লʼৰা-ছোৱালী থকাৰ সম্পৰ্কে আগজননী দিয়ে? যদি ঘৰখনত কোনো সৰু লʼৰা-ছোৱালী আছে তেনেহʼলে আমি এইদৰে সুধিব পাৰোঁ: ‘যেতিয়া আপোনাৰ লʼৰা-ছোৱালী ডাঙৰ-দীঘল হʼব তেতিয়া এই পৃথিৱীখনৰ অৱস্থাই কেনে ৰূপ লব বুলি বিবেচনা কৰি আপুনি আচৰিত হৈছেনে?’ (গীতমালা ৩৭:১০, ১১) সুৰক্ষাৰ বাবে ঘৰখনৰ দুৱাৰত বহুতো তলা উলমি বা ইলেক্ট্ৰনিক সুৰক্ষা ব্যৱস্থা কৰা আছেনে? আমি এইদৰে সুধিব পাৰোঁ, ‘আপুনি কেতিয়াবা ভাবিছেনে যে এনে এটা সময় আহিব যʼত মোৰ আৰু আপোনাৰ দৰে লোকসকলে নিজ ঘৰ বা ৰাস্তা-ঘাটত সুৰক্ষা অনুভৱ কৰিব পাৰিম?’ (মীখা ৪:৩, ৪) ঘৰখনত আপুনি হুইল চেয়াৰ অহা-যোৱা কৰিব পৰাকৈ এঢ়লীয়া ঠাই দেখিবলৈ পাইছেনে? তেনেহʼলে আমি এইদৰে সুধিব পাৰোঁ: ‘এনে এটা সময় আহিবনে যʼত আমাৰ সকলোৱে এক সুস্বাস্থ্যৰে জীৱন-যাপন কৰিব পাৰিম?’ (যিচয়া ৩৩:২৪) ইয়াৰ উপৰিও আপুনি ৰীজনিং ফ্ৰম দ্যা স্ক্ৰিপশ্বাৰ b নামৰ কিতাপখনত এই সম্পৰ্কে বহুতো পৰামৰ্শ পাব পাৰে।

১০. বিদ্যাৰ্থীজনৰ হৃদয়ত যি আছে তাক ‘উলিয়াবলৈ’ আমি প্ৰশ্নসমূহক কেনেকৈ ব্যৱহাৰ কৰিব পাৰোঁ আৰু কিহৰ বিষয়ে মনত ৰাখা উচিত?

১০ বাইবেল অধ্যয়ন কৰা সময়ত আমি কেনেকৈ প্ৰভাৱশালী প্ৰশ্নসমূহৰ ব্যৱহাৰ কৰিব পাৰিম? যীচুৰ দৰে আমি লোকবিলাকৰ হৃদয়ত কি আছে তাক নাজানো। যিহেতু সুদক্ষ কিন্তু সুবিবেচক প্ৰশ্নসমূহে বিদ্যাৰ্থীজনৰ হৃদয়ত থকা অনুভৱ আৰু বিচাৰধাৰাক ‘উলিয়াবলৈ’ সহায় কৰে। (হিতোপদেশ ২০:৫) উদাহৰণস্বৰূপে, ধৰি লওক আমি জ্ঞান কিতাপখনৰ পৰা “কিয় ধৰ্ম-পৰায়ণ জীৱনে আনন্দ আনে” নামৰ অধ্যায়টো আলোচনা কৰিছোঁ। সেই অধ্যায়ত অসাধু, ব্যভিচাৰ আৰু আন বিষয়সমূহৰ প্ৰতি থকা ঈশ্বৰৰ দৃষ্টিভঙ্গীৰ বিষয়ে আলোচনা কৰা হৈছে। বিদ্যাৰ্থীজনে হয়তো তাত দিয়া প্ৰশ্নৰ সঠিক উত্তৰ দিব পাৰে, কিন্তু তেওঁ যি শিকিছে তাত তেওঁ মান্তি হৈছেনে? আমি তেওঁক এইদৰে সুধিব পাৰোঁ: ‘এনেবোৰ বিষয়ৰ ওপৰত যিহোৱাৰ যি দৃষ্টিভঙ্গী তাক আপুনি যুক্তিসঙ্গত বুলি ভাবেনে?’ ‘আপুনি নিজৰ জীৱনত এই সিদ্ধান্তসমূহ কেনেকৈ প্ৰয়োগ কৰিব?’ কিন্তু এটা কথা মনত ৰখা উচিত যে তেনে প্ৰশ্ন কৰাৰ সময়ত আমি বিদ্যাৰ্থীজনৰ আত্মসন্মানৰ অনুসাৰে তেওঁক সন্মান কৰা আৱশ্যক। আমি এনে প্ৰশ্ন কৰা উচিত নহয় যাৰ বাবে বিদ্যাৰ্থীজনে লজ্জিত বা অপদস্থ অনুভৱ কৰিব পাৰে।—হিতোপদেশ ১২:১৮.

১১. কি ধৰণে এজন বক্তাই প্ৰভাৱকাৰীৰূপে প্ৰশ্নসমূহ ব্যৱহাৰ কৰিব পাৰে?

১১ ৰাজহুৱা ভাষণ দিয়া বক্তাজনেও প্ৰভাৱকাৰীৰূপে প্ৰশ্নসমূহৰ ব্যৱহাৰ কৰিব পাৰে। জ্ঞাপক প্ৰশ্নসমূহ—যাৰ উত্তৰসমূহ আমি আমাৰ শ্ৰোতাসকলৰ পৰা অপেক্ষা নকৰো—তেনেধৰণৰ প্ৰশ্নসমূহে শ্ৰোতাসকলক বিবেচনা আৰু যুক্তি বিচৰাত সহায় কৰে। সময়ে সময়ে যীচুৱে তেনেধৰণৰ প্ৰশ্নসমূহৰ ব্যৱহাৰ কৰিছিল। (মথি ১১:৭-৯) ইয়াৰ উপৰিও এজন বক্তাই আৰম্ভণিৰ মন্তব্য দিয়াৰ পিছত পৰিলেখত থকা মূল বিষয়বস্তুক নিৰ্দ্দেশিত কৰিবলৈ হয়তো প্ৰশ্ন কৰিব পাৰে। তেওঁ এইদৰে প্ৰশ্ন কৰিব পাৰে: “আজি আমি আলোচনা কৰা বিষয়ত এই প্ৰশ্নসমূহৰ উত্তৰসমূহক বিবেচনা কৰিম, সেইবোৰ হৈছে . . .” তাৰ পিছত ভাষণৰ শেষত সেই বিষয়বস্তুক সুঁৱৰাই দিবলৈ তেওঁ পুনৰ সেই প্ৰশ্নসমূহক উল্লেখ কৰিব পাৰে।

১২. খ্ৰীষ্টান প্ৰাচীনে সঙ্গী বিশ্বাসী ভাই বা ভনীক শান্ত্বনা প্ৰদান কৰিবলৈ কেনেদৰে প্ৰশ্নসমূহৰ ব্যৱহাৰ কৰিব পাৰে তাৰ এটা উদাহৰণ দিয়ক।

১২ খ্ৰীষ্টান প্ৰাচীনসকলে মণ্ডলীৰ এজন ‘অল্প-সাহসী’ সদস্যক তত্ত্বাবধান লৈ যিহোৱাৰ বাক্যৰে চেতনা দিবলৈ প্ৰশ্নসমূহৰ ব্যৱহাৰ কৰিব পাৰে। (১ থিচলনীকীয়া ৫:১৪) উদাহৰণস্বৰূপে, নিৰুৎসাহিত হোৱা মণ্ডলীৰ এজন সদস্যক এজন প্ৰাচীনে গীতমালা ৩৪:১৮ পদটোলৈ মনোনিবেশ কৰিবলৈ কব পাৰে। এই পদত এইদৰে কোৱা হৈছে: “যিহোৱা ভগ্ন-চিত্তীয়াবিলাকৰ ওচৰ; খেদিত মন হোৱাবিলাকক তেওঁ পৰিত্ৰাণ কৰে।” নিৰুৎসাহিত হৈ পৰা জনে ব্যক্তিগতভাৱে এই পৰামৰ্শক কিদৰে ব্যৱহাৰ কৰিছে, তাক নিশ্চিত হʼবলৈ প্ৰাচীনজনে এইদৰে সুধিব পাৰে: ‘যিহোৱা কোনো জনৰ ওচৰ? আপুনিও কেতিয়াবা ‘ভগ্ন-চিত্তীয়া’ আৰু “খেদিত মন” হোৱা বুলি অনুভৱ কৰিছেনে? ধাৰণা কৰক, বাইবেলত কৈছে যে যিহোৱা তেনে ব্যক্তিসকলৰ ওচৰত থাকে, ইয়াৰ অৰ্থ এইটোনে তেওঁ আপোনাৰো ওচৰত আছে?’ এনেধৰণৰ প্ৰেমময় আশ্বাসে ভগ্ন-চিত্তীয়া বা নিৰুৎসাহিত ব্যক্তিক পুনৰ সতেজ কৰি তুলিব পাৰে।—যিচয়া ৫৭:১৫.

যুক্তিসঙ্গত কাৰণ দৰ্শোৱা

১৩, ১৪. (ক) যিজন ব্যক্তিয়ে ঈশ্বৰক নেদেখাৰ বাবে বিশ্বাস নকৰে, আমি তেওঁলোকক কেনে যুক্তি দাঙি ধৰিব পাৰোঁ? (খ) সকলোৱে যে আমাৰ কথা শুনি বিশ্বাস কৰিব বুলি অপেক্ষা কৰাটো কিয় উচিত নহয়?

১৩ আমি প্ৰচাৰ কাৰ্য্যত লগ পোৱা লোকসকলক যুক্তিসঙ্গত কাৰণ দৰ্শাই তেওঁলোকৰ হৃদয় স্পৰ্শ কৰিব বিচাৰোঁ। (পাঁচনিৰ কৰ্ম্ম ১৯:৮; ২৮:২৩, ২৪) ইয়াৰ অৰ্থ এইটোনে যে আমি লোকসকলক ঈশ্বৰৰ বাক্যৰ সত্যতাক বিশ্বাস কৰাবলৈ কঠিন যুক্তিধাৰা দাঙি ধৰিবলৈ শিকাৰ প্ৰয়োজন? অৱশ্যেই নহয়। দাঙি ধৰা উপযুক্ত যুক্তিটো কঠিন বা জটিল হোৱা উচিত নহয়। যুক্তিসঙ্গত সাৰাংশক সৰলভাৱে দাঙি ধৰিলে প্ৰায়ে অধিক কাৰ্য্যকাৰী প্ৰমাণিত হয়। এই সম্পৰ্কে এটা উদাহৰণক বিবেচনা কৰক।

১৪ যদি কোনোবা এজনে কয় যে তেওঁ ঈশ্বৰক দেখি নোপোৱাৰ বাবে তেওঁক বিশ্বাস নকৰে তেনেহʼলে আপুনি কেনেদৰে উত্তৰ দিব? আমি প্ৰাকৃতিক নিয়মৰ কাৰণ আৰু তাৰ ফলাফলৰ ওপৰত যুক্তি দাঙি ধৰিব পাৰোঁ। যেতিয়া আমি কোনো এটা কাৰ্য্য ঘটিত হোৱা দেখোঁ তেতিয়া আমি তাক এই বুলি স্বীকাৰ কৰোঁ যে ইয়াৰ নিশ্চয়ে কোনো কাৰণ আছে। আমি এইদৰে কব পাৰোঁ: ‘যদি আপুনি এখন নিৰ্জন ঠাইত সুন্দৰকৈ নিৰ্ম্মাণ কৰা ঘৰ আৰু তাত খাদ্যৰে (ফলেৰে) পূৰ্ণ হৈ থকা দেখে, তেতিয়া আপুনি নিশ্চয়ে স্বীকাৰ কৰিব যে কোনোবা এজনে (কাৰণে) ইয়াক নিৰ্ম্মাণ কৰি ইয়াত খোৱা বস্তুৰে পূৰ্ণ কৰি ৰাখিছে। এতেকে যেতিয়া আমি সৃষ্টি কৰা প্ৰাকৃতিক মনোৰম দৃশ্যসমূহ আৰু পৃথিৱীৰ “ভঁৰালত” (ফলেৰে) পূৰ্ণ হৈ থকা দেখোঁ তেতিয়া এইটো স্বীকাৰ কৰাটো আপোনাৰ বাবে যুক্তিসঙ্গত নহʼবনে যে কোনোবা এজন দায়িত্বশীল ব্যক্তিয়ে (কাৰণে) ইয়াক সৃষ্টি কৰিছে?’ বাইবেলে ইয়াৰ বাবে এটা উত্তম আৰু সাধাৰণ উত্তৰ দিছে: “কাৰণ প্ৰত্যেক ঘৰ কোনো জনৰ দ্বাৰাই স্থাপন কৰা হয়, কিন্তু যি জনাই সকলো স্থাপন কৰিলে, তেওঁ ঈশ্বৰ।” (ইব্ৰী ৩:৪) যিহেতু আমি যেনেকুৱাই যুক্তি দাঙি নধৰোঁ কিয় সকলোৱে যে আমাৰ কথাত মান্তি হʼব, এনে নহয়। কিয়নো বাইবেলে আমাক এইদৰে কৈছে যে কেৱল “নিৰূপিত” থকা লোকসকলেহে বিশ্বাস কৰিব।—পাঁচনিৰ কৰ্ম্ম ১৩:৪৮; ২ থিচলনীকীয়া ৩:২.

১৫. কেনেধৰণৰ যুক্তি দাঙি ধৰাৰ দ্বাৰা আমি যিহোৱাৰ গুণ আৰু তেওঁৰ কাৰ্য্যৰ প্ৰণালীসমূহক প্ৰকাশ কৰিম আৰু কেনে দুটা উদাহৰণৰ জড়িয়তে তেনে যুক্তি দাঙি ধৰিব পাৰোঁ?

১৫ যিহোৱাৰ গুণ আৰু তেওঁৰ কাৰ্য্যৰ প্ৰণালীৰ বিষয়ে প্ৰচাৰ কাৰ্য্যত বা মণ্ডলীত শিক্ষাদান কৰাৰ সময়ত যুক্তিসঙ্গত কাৰণ দৰ্শোৱা আৱশ্যক। যীচুৱে সময়ে সময়ে ব্যৱহাৰ কৰাৰ দৰে বিশেষকৈ ‘তাতকৈয়ো বেছি’ যুক্তি দাঙি ধৰাতো অধিক কাৰ্য্যকাৰী হয়। (লূক ১১:১৩; ১২:২৪) তুলনাত্মক যুক্তিবোৰে অধিক দকৈ লোকসমূহৰ মনত বহিব পাৰে। উদাহৰণস্বৰূপে, নৰকাগ্নিৰ মূলনীতি যে যুক্তিকৰ নহয় এই বিষয়ে বুজাবলৈ, আমি হয়তো এইদৰে কʼব পাৰোঁ: ‘কোনো এজন মৰমীয়াল পিতৃয়ে নিজৰ সন্তানক শাস্তি দিবলৈ তাৰ হাতখন কেতিয়াও জুইত ভৰাই নিদিয়ে। তেনেহʼলে নৰকাগ্নিৰ অসঙ্গত বিষয়টো আমাৰ প্ৰেমময় স্বৰ্গীয় পিতৃৰ মনত কেনেকৈ উদয় হʼব পাৰে! (যিৰিমিয়া ৭:৩১) যিহোৱাই যে তেওঁৰ প্ৰত্যেকজন সেৱকৰ প্ৰতি যত্ন লয় তাক বুজাবলৈ আমি এইদৰে কʼব পাৰোঁ: ‘যদি যিহোৱাই কোটি কোটি তৰাবোৰক নাম ধৰি মাতিব পাৰে, তেনেহʼলে তেওঁৰ একমাত্ৰ পুত্ৰৰ তেজেৰে কিনা তেওঁক প্ৰেম কৰা লোকসকলৰ প্ৰতি অধিক যত্ন নলবনে!’ (যিচয়া ৪০:২৬; পাঁচনিৰ কৰ্ম্ম ২০:২৮) এনেধৰণৰ শক্তিশালী যুক্তিয়ে আমাক লোকসকলৰ হৃদয় স্পৰ্শ কৰাত সহায় কৰিব।

উপযুক্ত দৃষ্টান্তসমূহৰ ব্যৱহাৰ

১৬. দৃষ্টান্তসমূহে শিক্ষাদান কৰা সময়ত কিয় বহুমূলীয়া ভূমিকা আদায় কৰে?

১৬ উপযুক্ত দৃষ্টান্তবোৰে আমি আনক কৰা শিক্ষাদান কাৰ্য্যক অধিক ৰসালজনক কৰি তুলে। শিক্ষাদান কৰা কাৰ্য্যত দৃষ্টান্তবোৰে কিয় এক মূল্যৱান ভূমিকা আদায় কৰে? এজন শিক্ষকে এইদৰে কৈছিল: “অলপকৈ চিন্তাধাৰা বা কোনো চিত্ৰাঙ্কণ অথবা ব্যাখ্যাক বৰ্ণনা নকৰাকৈ মানুহক বুজোৱাটো আটাইতকৈ কঠিন কাৰ্য্য।” সেয়েহে দৃষ্টান্তবোৰে আমাৰ মনত অৰ্থপূৰ্ণ ছবি দাঙি ধৰে আৰু কোনো এটা নতুন বিষয়ক ভালদৰে বুজি পোৱাত সহায় কৰে। এই ক্ষেত্ৰত যীচুৱে বৈশিষ্ট্যপূৰ্ণভাৱে দৃষ্টান্তসমূহ দাঙি ধৰিছিল। (মাৰ্ক ৪:৩৩, ৩৪) আহঁক আমি আলোচনা কৰোঁহঁক যে কেনেকৈ এনে শিক্ষা দিয়া প্ৰণালীক ব্যৱহাৰ কৰিব পাৰোঁ।

১৭. কেনে চাৰিটা যুক্তিয়ে দৃষ্টান্তসমূহক প্ৰভাৱকাৰী কৰি তুলিব পাৰে?

১৭ কিহে এটা দৃষ্টান্তক অধিক প্ৰভাৱশালী কৰে? প্ৰথমতে, আমি এনে এটা দৃষ্টান্ত দাঙি ধৰা উচিত যিটো শ্ৰোতাসকলৰ পৰিস্থিতিৰ সৈতে খাপ খাই আৰু তাক সহজে বুজিব পাৰে। এই সম্পৰ্কে আমি যীচুৰ আৰ্হিক মনত ৰাখা উচিত, কিয়নো তেওঁ দৈনন্দিন জীৱনৰ সৈতে জড়িত থকা দৃষ্টান্তসমূহ দাঙি ধৰি তেওঁৰ শ্ৰোতাসকলৰ হৃদয় স্পৰ্শ কৰিছিল। দ্বিতীয়তে, এনে এটা দৃষ্টান্ত দাঙি ধৰা উচিত যিটো যুক্তিসঙ্গত আৰু আমি কোৱা বিষয়টোৰ সৈতে পোনপটীয়াকৈ সম্পৰ্ক আছে। যদি দৃষ্টান্তটো আপুনি কোৱা বিষয়টোৰ সৈতে মিল নাখায়, তেনেহʼলে ই শ্ৰোতাসকলক বিভ্ৰান্ত কৰি তুলিব। তৃতীয়তে, দৃষ্টান্তত অনাৱশ্যকীয় বিষয়বোৰৰ উল্লেখ কৰা উচিত নহয়। লক্ষ্য কৰক যে যীচুৱে নিজৰ দৃষ্টান্তত অনাৱশ্যকীয় ব্যাখ্যাসমূহক ব্যৱহাৰ কৰা নাছিল। চতুৰ্থতে, যেতিয়া আমি কোনো দৃষ্টান্ত দাঙি ধৰোঁ তেতিয়া তাৰ ব্যৱহাৰিক দিশৰ বিষয়ে স্পষ্টকৈ উল্লেখ কৰা উচিত। অন্যথা কিছুমানে হয়তো কেনেকৈ ব্যৱহাৰ কৰিব লাগে তাক বুজি নাপাব।

১৮. আমি কোৱা বিষয়টোৰ সৈতে সঠিককৈ মিল থকা দৃষ্টান্তসমূহক কেনেকৈ দাঙি ধৰিব পাৰোঁ?

১৮ আমি কোৱা বিষয়টোৰ সৈতে মিল থকা দৃষ্টান্তসমূহক কেনেকৈ দাঙি ধৰিব পাৰোঁ? ইয়াৰ বাবে আমি কোৱা কাহিনীটোক দীঘলীয়া কৰিবলৈ অধিক চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। চমুকৈ কোৱা দৃষ্টান্তবোৰ অধিক প্ৰভাৱকাৰী হয়। আলোচনা কৰা বিষয়টোৰ উদাহৰণক সাধাৰণভাৱে বিবেচনা কৰিবলৈ চেষ্টা কৰক। উদাহৰণস্বৰূপে, ধৰি লওক আমি ঈশ্বৰে ক্ষমা কৰাৰ বিষয়ে আলোচনা কৰিছো আৰু পাঁচনিৰ কৰ্ম্ম ৩:১৯ পদত উল্লেখ কৰা মূল কথাক দৃষ্টান্তৰ জড়িয়তে উল্লেখ কৰিব বিচাৰিছো, যʼত কোৱা হৈছে যিহোৱাই আমাৰ পাপবোৰক ‘গুচাই’ বা ‘মচি পেলাব।’ সেই পদটোত উল্লেখ কৰা বাক্যই ইতিমধ্যেই প্ৰাণৱন্ত হৈ উঠিছে, কিন্তু সেই উদাহৰণৰ বিষয়টোক স্পষ্টকৈ বুজাবলৈ হʼলে আমি এটুকুৰা ৰবৰ বা স্পঞ্জৰ ব্যৱহাৰ কৰি দৃষ্টান্ত দাঙি ধৰিব পাৰিমনে? আমি হয়তো এইদৰে কʼব পাৰোঁ: ‘যেতিয়া যিহোৱাই আমাৰ পাপ ক্ষমা কৰে তেতিয়া আমাৰ পাপসমূহক এটুকুৰা স্পঞ্জৰ (এটুকুৰা ৰবৰৰ) দ্বাৰা মোচি পেলাই।’ এনে ধৰণৰ সাধাৰণ দৃষ্টান্তৰে বিষয়বোৰক বৰ্ণনা কৰিলে তাক সহজে পাহৰি যোৱাটো সম্ভৱ নহয়।

১৯, ২০. (ক) আমি কʼত প্ৰভাৱকাৰী দৃষ্টান্তবোৰ বিচাৰি পাব পাৰোঁ? (খ) আমাৰ আলোচনীত প্ৰকাশ পোৱা কিছুমান প্ৰভাৱকাৰী দৃষ্টান্ত কি? (বক্সত চাওক।)

১৯ সঁচা জীৱনীৰ উদাহৰণ আৰু সঠিককৈ মিল থকা দৃষ্টান্তসমূহ কʼত পাব পাৰি? ইয়াৰ বাবে আপুনি নিজৰ জীৱনত ঘটা কোনো ঘটনা বা সঙ্গী ভাই-ভনীসকলৰ বিভিন্ন পৃষ্ঠভূমি আৰু তেওঁলোকৰ অভিজ্ঞতাসমূহক বিবেচনা কৰক। ইয়াৰ উপৰিও দৃষ্টান্তত ব্যৱহাৰ কৰিবলৈ আন কোনো উৎস, যেনে, জীৱন্ত আৰু নিৰ্জীৱ পদাৰ্থ, ঘৰত থকা কোনো বস্তু বা সম্প্ৰদায়ত ঘটা কোনো পৰিচিত ঘটনাসমূহৰ বিষয়ে উল্লেখ কৰিব পাৰে। এক প্ৰভাৱশালী দৃষ্টান্ত বিচাৰি পোৱাৰ মুখ্য চাবি হৈছে, দৈনন্দিন আমাৰ চাৰিওফালে ঘটা ঘটনাসমূহক ‘সাৱধানে লক্ষ্য কৰা।’ (পাঁচনিৰ কৰ্ম্ম ১৭:২২, ২৩, NW) ৰাজহুৱা ভাষণৰ সম্পৰ্কে এটা অনুসন্ধানে এইদৰে বৰ্ণনা কৰিছে: “যিজন বক্তাই মানুহৰ জীৱনত ঘটা ঘটনা আৰু ইয়াৰ বিভিন্ন কাৰ্য্যক লক্ষ্য, সকলো প্ৰকাৰৰ লোকৰ সৈতে কথোপকথন, কোনো এটা বস্তুক নিবিড়ভাৱে লক্ষ্য কৰি তাক বুজি নোপোৱা পৰ্য্যন্ত প্ৰশ্ন সুধে, তেওঁহে ভাষণত আৱশ্যক হোৱাৰ সময়ত এটা প্ৰভাৱকাৰী দৃষ্টান্ত দাঙি ধৰিব পাৰে।”

২০ ইয়াৰ উপৰিও প্ৰভাৱকাৰী দৃষ্টান্তসমূহক বিচাৰি উলিওৱাৰ আন এটা মূল্যৱান উৎস আছে। সেইটো হৈছে যিহোৱাৰ সাক্ষীসকলে প্ৰকাশ কৰা প্ৰহৰীবুৰুজ, সচেতন!, আৰু আন আন সাহিত্যসমূহ। সেই আলোচনীবোৰত দিয়া ব্যাখ্যাসমূহক লক্ষ্য কৰি আপুনি বহুতো প্ৰভাৱকাৰী দৃষ্টান্ত দাঙি ধৰাৰ বিষয়ে শিকিব পাৰে। c উদাহৰণস্বৰূপে, জ্ঞান কিতাপৰ ১৭ অধ্যায়ৰ ১১ অনুচ্ছেদটোত বৰ্ণনা কৰা দৃষ্টান্তটোৰ বিষয়ে বিবেচনা কৰক। ইয়াত মণ্ডলীবোৰত থকা বিভিন্ন ব্যক্তিত্বক তুলনা কৰিবলৈ ৰাজপথত আপোনাৰ সৈতে যাত্ৰা কৰা বিভিন্ন বাহনৰ বিষয়ে উল্লেখ কৰিছে। কিহে এই দৃষ্টান্তটোক প্ৰভাৱশালী কৰি তুলিছে? লক্ষ্য কৰক যে এইটো দৈনন্দিন জীৱনত হোৱা ঘটনাৰ বিষয়টোৰ সৈতে নিবিড়ভাৱে মিল খাই আছে আৰু ইয়াত স্পষ্টকৈ ইয়াৰ ব্যৱহাৰিক দিশৰ সম্পৰ্কেও বুজোৱা হৈছে। প্ৰকাশ পোৱা এনে ধৰণৰ দৃষ্টান্তসমূহক আমি হয়তো এজন বাইবেল বিদ্যাৰ্থীক শিক্ষাদান কৰোঁতে বা ভাষণ দিওঁতে সাল-সলনি কৰি ব্যৱহাৰ কৰিব পাৰোঁ।

২১. ঈশ্বৰৰ বাক্যৰ প্ৰভাৱকাৰী শিক্ষক হৈ আমি কেনে আশীৰ্ব্বাদসমূহৰ ভাগী হʼব পাৰিম?

২১ প্ৰভাৱকাৰীৰূপে শিক্ষাদান কৰা শিক্ষক হোৱাতো বাস্তৱতে আশীৰ্ব্বাদজনক। যেতিয়া আমি আনক শিকাওঁ; আচলতে তেওঁলোকক সহায় কৰিবলৈ আমাৰ সকলো সামৰ্থ আৰু শক্তি ব্যৱহাৰ কৰোঁ। এনেধৰণৰ দান কৰাটোৱে আনন্দ কঢ়িয়াই আনে। এই বিষয়ে বাইবেলে এইদৰে কৈছে: “গ্ৰহণ কৰাতকৈ দান কৰা ধন্য।” (পাঁচনিৰ কৰ্ম্ম ২০:৩৫) ঈশ্বৰৰ বাক্যৰ শিক্ষকৰূপে আমি আনক যিহোৱাৰ বিষয়ে সত্য শিকোৱাটো এটা যথাৰ্থ আৰু মূল্যৱান কাৰ্য্য বুলি জানি আনন্দিত হওঁ। ইয়াৰ উপৰিও আমি যে এনে কৰাৰ দ্বাৰা আমাৰ মহান শিক্ষকক অনুকৰণ কৰিছোঁ, তাক জানি সন্তুষ্টি লাভ কৰোঁ। (w02 9/1)

[ফুটনোটবোৰ]

a যিহোৱাৰ সাক্ষীসকলৰ দ্বাৰা প্ৰকাশিত।

b উদাহৰণবোৰ বিচাৰি পাবলৈ যিহোৱাৰ সাক্ষীসকলে বিভিন্ন ভাষাত প্ৰকাশ কৰা ১৯৮৬-২০০০ চনৰ ৱাচ্‌ টাৱাৰ পাব্লিকেচন ইনডেক্সʼত উল্লেখ কৰা “দৃষ্টান্ত” শিৰোনামাটোৰ অন্তৰ্গত চাওক।

c ৰীজনিং কিতাপখনৰ ৯-১৫ পৃষ্ঠাত দিয়া “প্ৰচাৰ কাৰ্য্যৰ বাবে ব্যৱহাৰিক পাতনিসমূহ” নামৰ প্ৰবন্ধটো চাওক।—যিহোৱাৰ সাক্ষীসকলৰ দ্বাৰা প্ৰকাশিত।

আপোনাৰ মনত আছেনে?

• এজন আগ্ৰহী ব্যক্তিৰ সৈতে বাইবেল অধ্যয়ন আৰু মণ্ডলীত কোনো ভাষণ দিয়াৰ সময়ত কেনেকৈ সৰলতাৰে শিক্ষাদান কৰিব পাৰে?

• যেতিয়া ঘৰে-ঘৰে প্ৰচাৰ কৰা হয় তেতিয়া আমি কেনেকৈ প্ৰভাৱকাৰীৰূপে প্ৰশ্নসমূহৰ ব্যৱহাৰ কৰিব পাৰোঁ?

• যিহোৱাৰ গুণ আৰু তেওঁৰ কাৰ্য্যৰ প্ৰণালীসমূহক আলোকপাত কৰিবলৈ আমি কেনেকৈ যুক্তিসঙ্গত কাৰণসমূহ দাঙি ধৰিব পাৰোঁ?

• উপযুক্ত দৃষ্টান্তসমূহ আমি কʼত বিচাৰি পাম?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[২৩ পৃষ্ঠাৰ বক্স/ছবি]

এই দৃষ্টান্তসমূহৰ বিষয়ে আপোনাৰ মনত আছেনে?

তলত কেৱল কিছুমান প্ৰভাৱকাৰী দৃষ্টান্ত দাঙি ধৰা হৈছে। তেনেহʼলে উল্লেখ কৰা বিষয়বোৰক আলোচনা কৰাৰ সময়ত কেনেকৈ সেই দৃষ্টান্তসমূহক ব্যৱহাৰ কৰিব পাৰি তাৰ প্ৰতি কিয় মনোযোগ নিদিয়ে?

কোনো নিৰ্মাণ-কোম্পানীৰ পৰা দিয়া নিদেৰ্শনাৰ কিতাপৰ দৰে বাইবেলখনো হৈছে সৃষ্টিকৰ্তাৰ পৰা অহা এখন নিদেৰ্শনা আৰু পথ-প্ৰদৰ্শনৰ পুস্তক।—জ্ঞান যি অনন্ত জীৱনলৈ লৈ যায়, ৭ পৃষ্ঠা।

শিলত খোদিত কৰি লিখাৰ দৰে, পাপ আমাৰ প্ৰথম মানৱ দম্পতীৰ জিনত দকৈ ছাপ বহুৱালে।—জ্ঞান যি অনন্ত জীৱনলৈ লৈ যায়, ৫৮ পৃষ্ঠা।

যিদৰে বিদ্যুৎ শক্তিয়ে ক্ৰিয়াশীল কৰি ৰখা যন্ত্ৰৰ বৈশিষ্টততা গ্ৰহণ নকৰে, তেনেদৰে প্ৰাণ-বায়ুও জীয়াই ৰখা প্ৰাণীৰ কোনো বৈশিষ্টততা গ্ৰহণ নকৰে।—জ্ঞান যি অনন্ত জীৱনলৈ লৈ যায়, ৮২ পৃষ্ঠা।

এজন চিকাৰীয়ে কোনো জন্তুক জালত পেলাবলৈ টোপ ব্যৱহাৰ কৰাৰ দৰে দুষ্ট আত্মিক প্ৰাণীবোৰে প্ৰেত্মাবাদ পদ্ধতি ব্যৱহাৰ কৰে।—জ্ঞান যি অনন্ত জীৱনলৈ লৈ যায়, ১১১ পৃষ্ঠা।

মানৱ চৰকাৰৰ বিৰোধ কৰাটো এটা ক্ষতস্থান ঠিক নোহোৱাৰ পূৰ্বেই তাৰ চিলাই এৰোৱাই দিয়াৰ সৈতে তুলনা কৰিব পাৰি, যিটো বিপদজনক।—জ্ঞান যি অনন্ত জীৱনলৈ লৈ যায়, ১৩৩ পৃষ্ঠা।

এটা অভিমত প্ৰকাশ কৰাটোক এটা বল দলিওৱাৰ সৈতে তুলনা কৰা হৈছে। ইয়াক আপুনি লাহে লাহে অথবা আঘাট পোৱাকৈ জোৰেৰে নিক্ষেপ কৰিব পাৰে।—জ্ঞান যি অনন্ত জীৱনলৈ লৈ যায়, ১৪৪ পৃষ্ঠা।

সমূদ্ৰস্থ শিলাখণ্ডত থকা আলোক স্তম্ভৰ দৰে ঈশ্বৰৰ ব্যৱস্থা স্থিৰ আৰু অপৰিৱৰ্তনশীল।—প্ৰহৰীবুৰুজ, এপ্ৰিল ১, ২০০২, ২৫ পৃষ্ঠা।

[২০ পৃষ্ঠাৰ ছবিসমূহ]

প্ৰকৃত খ্ৰীষ্টানসকল হৈছে ঈশ্বৰৰ বাক্যৰ শিক্ষক

[২১ পৃষ্ঠাৰ ছবি]

সঙ্গী বিশ্বাসী ভাই-ভনীসকলক ঈশ্বৰৰ বাক্যৰ দ্বাৰা শান্ত্বনা প্ৰদান কৰিবলৈ প্ৰাচীনসকলে প্ৰশ্নসমূহৰ ব্যৱহাৰ কৰে