Skip to content

Skip to table of contents

‘শুনা বাক্যত অধিককৈ মন দিয়ক’

‘শুনা বাক্যত অধিককৈ মন দিয়ক’

‘শুনা বাক্যত অধিককৈ মন দিয়ক’

“এই কাৰণে আমি শুনা বাক্যত অধিককৈ মন দিব লগা হয়; কাৰণ কিজানি ঘাট নাচাপি, ঘাটৰ পৰা কেনেবাকৈ ভটিয়াওঁ।”ইব্ৰী ২:১.

১. অমনোযোগী হোৱাৰ ফলত কেনে দুৰ্ঘটনা ঘটিব পাৰে, এই বিষয়ে বৰ্ণনা কৰক।

 প্ৰত্যেক বছৰে কেৱল সযুক্ত ৰাষ্ট্ৰত মটৰ দুৰ্ঘটনাত প্ৰায় ৩৭,০০০ জনে প্ৰাণ হেৰুৱাবলগীয়া হয়। বিশেষজ্ঞসকলে কৈছে যে, যদি চালকসকলে ৰাস্তাৰ প্ৰতি অধিককৈ মন দিয়ে তেনেহʼলে বহুতো দুৰ্ঘটনাত মৃত্যু হোৱাৰ পৰা হাত সাৰিব পাৰে। কিছুমান চালকে ৰাস্তাৰ দাঁতিত লগোৱা আকৰ্ষিত বিজ্ঞাপনক দৃষ্টি কৰা বা তেওঁলোকৰ চেলুলাৰ ফোন ব্যৱহাৰ কৰাৰ বাবে বিভ্ৰান্ত হয়। তদুপৰি, আন কিছুমানে গাড়ী চলাই থকাৰ সময়ত সম্মুখৰ চিটত খোৱা-বোৱাত ব্যস্ত থাকি অমনোযোগী হৈ পৰে। এনে অৱস্থাৰ পৰিণামস্বৰূপে সাংঘাটিক দুৰ্ঘটনা ঘটিত হয়।

২, ৩. ইহুদী খ্ৰীষ্টানসকললৈ পাঁচনি পৌলে কেনে পৰামৰ্শ আগবঢ়াইছিল আৰু কিয় তেওঁৰ পৰামৰ্শ উপযোগী আছিল?

মটৰ গাড়ী আবিষ্কাৰ হোৱা প্ৰায় ২০০০ বছৰৰ পূৰ্ব্বেই পাঁচনি পৌলে অমনোযোগী কৰি তুলা এনে এটা বিষয়ৰ সম্পৰ্কে কৈছিল যিয়ে কিছুমান ইহুদীৰ বাবে সৰ্বনাশৰ কাৰণ হৈছিল। তেওঁ জোৰ দি উল্লেখ কৰিছিল যে পুনৰুত্থান হোৱা যীচুক স্বৰ্গলৈ যোৱাৰ পিচত সকলো স্বৰ্গদূততকৈ উচ্চ স্থান দিয়া হʼল অৰ্থাৎ তেওঁ ঈশ্বৰৰ সোঁহাতে বহিল। তাৰ পিছত পৌলে এনেদৰে বৰ্ণনা কৰি কৈছিল: “এই কাৰণে আমি শুনা বাক্যত অধিককৈ মন দিব লগা হয়; কাৰণ কিজানি ঘাট নাচাপি, ঘাটৰ পৰা কেনেবাকৈ ভটিয়াওঁ।”—ইব্ৰী ২:১.

যীচুৰ বিষয়ে ইহুদী খ্ৰীষ্টানসকলক কিয় “শুনা বাক্যত অধিককৈ মন দিব লগা” হৈছিল? কিয়নো যীচুৱে স্বৰ্গাৰোহণ কৰা প্ৰায় ৩০ বছৰ সময় উকলি গʼল। কিছুমান ইহুদী খ্ৰীষ্টানে তেওঁবিলাকৰ গৰাকীৰ অনুপস্থিতিত তেওঁলোকৰ পূৰ্বৰ ইহুদী ধৰ্ম্মৰ দ্বাৰা বিভ্ৰান্ত হৈ সত্য বিশ্বাসৰ পৰা বিচলিত হʼবলৈ ধৰিলে।

তেওঁলোকে অধিককৈ মন দিয়া আৱশ্যক আছিল

৪. ইহুদী খ্ৰীষ্টানৰ কিছুমানে কিয় পুনৰাই ইহুদী ধৰ্ম্মলৈ উভটি গৈছিল?

খ্ৰীষ্টানসকলৰ কিছুমানে কিয় ইহুদী ধৰ্ম্মলৈ উভটি যাবলৈ প্ৰলোভিত হৈছিল? কিয়নো মোচিৰ ব্যৱস্থাৰ অধীনত উপাসনা কৰা পদ্ধতিবোৰ দৃশ্যমান আছিল। যেনে, লোকসকলে পুৰোহিতবৰ্গ আৰু যজ্ঞবেদীত হোৱা বলিদানক নিজ চকুৰে দেখিবলৈ পাইছিল। কিন্তু ইহুদী ধৰ্ম্মৰ তুলনাত খ্ৰীষ্টান ধৰ্ম্ম কিছু ক্ষেত্ৰত ভিন্ন আছিল। খ্ৰীষ্টানসকলৰ মহা-পুৰোহিত যীচু খ্ৰীষ্ট স্বৰ্গাৰোহণ হোৱা পিছত এই পৃথিৱীত প্ৰায় তিনি দশকে তেওঁক দেখিবলৈ নাপালে। (ইব্ৰী ৪:১৪) তেওঁলোকৰ মন্দিৰৰ পবিত্ৰস্থান এই পৃথিৱীত নহয় কিন্তু স্বৰ্গত আছিল। (ইব্ৰী ৯:২৪) মোচিৰ ব্যৱস্থাৰ অনুসাৰে শাৰীৰিকভাৱে চুন্নৎ হোৱাৰ বিপৰীতে খ্ৰীষ্টানসকলে ‘আত্মাৰে হৃদয়ত চুন্নৎ’ হোৱা আৱশ্যক আছিল। (ৰোমীয়া ২:২৯) সেয়েহে হিব্ৰু খ্ৰীষ্টানসকলে খ্ৰীষ্টান ধৰ্ম্মক স্বাভাৱিকৰূপে লোৱাৰ পৰিৱৰ্তে অস্বাভাৱিকৰূপে দৃষ্টি কৰিব ধৰিলে।

৫. পাঁচনি পৌলে কেনেকৈ প্ৰকাশ কৰিলে যে যীচুৱে স্থাপন কৰা উপাসনাৰ পদ্ধতি মোচিৰ ব্যৱস্থাতকৈ উচ্চ আছিল?

হিব্ৰু খ্ৰীষ্টানসকলে যীচুৱে স্থাপন কৰা উপাসনাৰ নিৰ্দ্দিষ্ট পদ্ধতিৰ তাৎপৰ্য্যতাক বুজি পোৱা আৱশ্যক আছিল। কিয়নো ই দৃশ্যমান নহয় কিন্তু বিশ্বাসৰ ওপৰত আধাৰিত আৰু মোচিৰ দ্বাৰা দিয়া ব্যৱস্থাতকৈও অধিক উচ্চ আছিল। সেয়েহে পৌলে এইদৰে লিখিছিল: “কিয়নো ছাগ আৰু ভতৰাৰ তেজে, আৰু অশুচিবিলাকক শান্তি কৰা চেঁউৰীৰ ভস্মই যদি তেওঁবিলাকৰ মাংসৰ শুচিতাৰ অৰ্থে পবিত্ৰ কৰে, তেন্তে যি জনাই অনন্ত আত্মাৰে, নিষ্কলঙ্ক বলিস্বৰূপে নিজকেই ঈশ্বৰৰ উদ্দেশে উৎসৰ্গ কৰিলে, সেই খ্ৰীষ্টৰ তেজে জীৱনময় ঈশ্বৰৰ আৰাধনাৰ অৰ্থে তোমালোকৰ বিবেকক মৃত কৰ্ম্মৰ পৰা কিমান অধিক গুণে শুচি কৰিব!” (ইব্ৰী ৯:১৩, ১৪) মোচিৰ ব্যৱস্থাত পাপ ক্ষমাৰ বাবে বলিদান উৎসৰ্গ কৰিব লাগিছিল, কিন্তু ইয়াৰ বিপৰীতে যীচুৱে দিয়া সকলোতকৈ উচ্চ ব্যৱস্থাত ক্ষমা পাবলৈ তেওঁৰ বলিদানত বিশ্বাস কৰা আৱশ্যক।—ইব্ৰী ৭:২৬-২৮.

৬, ৭. (ক) ইহুদী খ্ৰীষ্টানসকলে “শুনা বাক্যত অধিককৈ মন” দিবলৈ কেনে পৰিস্থিতিয়ে অত্যন্ত জৰুৰী কৰি তুলিছিল? (খ) যেতিয়া পাঁচনি পৌলে ইহুদী খ্ৰীষ্টানসকলক উদ্দেশ্য কৰি পত্ৰ লিখিছিল তেতিয়া যিৰূচালেম ধ্বংস হʼবলৈ কিমান সময় বাকী আছিল? (ফোটনোটত চাওক।)

যীচুৰ বিষয়ে শুনা বাক্যবোৰৰ প্ৰতি মনোযোগ দিয়াৰ বাবে ইহুদীসকলৰ ওচৰত আন এটা কাৰণ আছিল। কিয়নো তেওঁ যিৰূচালেমৰ ধ্বংসৰ বিষয়ে ভৱিষ্যতবাণী কৰি এইদৰে কৈছিল: “তোমাৰ শত্ৰুবিলাকে তোমাৰ চাৰিওফালে গড় বান্ধি তোমাক বেৰি, সকলো পিনে তোমাক আগচি ধৰিব, আৰু ভিতৰত থকা তোমাৰ সন্তানবিলাকে সৈতে তোমাক মাটিৰ সমান কৰি, তোমাৰ মাজত শিলৰ ওপৰতো শিল থকাকৈ এৰি নিদিব, তোমালৈ সেই কাল আহিব।”—লূক ১৯:৪৩, ৪৪.

সেই ভৱিষ্যতবাণী কেতিয়া পূৰ্ণ হʼবলগীয়া আছিল? এই বিষয়ে যীচুৱে কোনো নিৰ্ধাৰিত দিন আৰু সময়ৰ উল্লেখ কৰা নাছিল। বৰঞ্চ, তেওঁ এনেদৰে আজ্ঞা দিছিল: “যেতিয়া যিৰূচালেমক সৈন্যবিলাকেৰে বেৰি ধৰা দেখিবা, তেতিয়া তাৰ ধ্বংস ওচৰ চাপিলহি বুলি জানিবা। তেতিয়া যিহূদিয়াত থকা মানুহবিলাক পৰ্ব্বতলৈ পলাই যাওক; আৰু নগৰখনত থকাবিলাক ওলাই যাওক; আৰু গাৱেঁ ভূঁয়ে থকা মানুহ তাৰ ভিতৰলৈ নোসোমাওক।” (লূক ২১:২০, ২১) যীচুৱে এই কথাষাৰ কোৱাৰ প্ৰায় ৩০ বছৰ পিছত যিৰূচালেমত থকা কিছুমান খ্ৰীষ্টানে তেওঁ কোৱা সেই বাক্যসমূহৰ গুৰুত্বতাক পাহৰি আন বিষয়বোৰত জড়িত হৈ পৰিলে। ৰাস্তাৰে গাড়ী চলোৱা চালকৰ দৰে তেওঁলোক অমনোযোগী হৈ পৰিছিল। যদি তেওঁলোকে নিজৰ চিন্তাধাৰাত সাল-সলনি নকৰে তেন্তে ধ্বংস অনিবাৰ্য্য আছিল। তেওঁলোকে সেই বিষয়ে চিন্তা কৰক বা নকৰক যিৰূচালেমৰ ধ্বংস কাষ চাপি আহিল! a সেয়েহে পাঁচনি পৌলে কোৱা পৰামৰ্শই যিৰূচালেমত থকা আধ্যাত্মিকভাৱে নিদ্ৰাতুৰ হোৱা খ্ৰীষ্টানসকলৰ বাবে জাগ্ৰত হʼবলৈ স্পষ্টৰূপে এক বিপদসূচক সঙ্কেত আছিল।

আজি আগতকৈ ‘অধিক মন দিয়া’ আৱশ্যক

৮. ঈশ্বৰৰ বাক্যৰ সত্যতাৰ প্ৰতি আমি কিয় “অধিককৈ মন দিয়া” উচিত?

প্ৰথম শতাব্দীৰ খ্ৰীষ্টানসকলৰ দৰে আজি আমাকো ঈশ্বৰৰ বাক্যৰ সত্যতাৰ প্ৰতি “অধিককৈ মন দিয়া” আৱশ্যক। কিয় আৱশ্যক? কিয়নো আমিও অতি শীঘ্ৰে আহিবলগীয়া এক ধ্বংসৰ দুৱাৰ-দলিত ভৰি দি আছোঁ। সেই ধ্বংস কেৱল এটা জাতি বা ৰাষ্ট্ৰৰ বাবে সীমিত নহয়, কিন্তু এইটো হৈছে জগতৰ সমস্ত দুষ্ট ব্যৱস্থাৰ ধ্বংস। (প্ৰকাশিত বাক্য ১১:১৮; ১৬:১৪, ১৬) অৱশ্যেই আমি যিহোৱাই আনিবলগীয়া সেই ধ্বংসৰ সঠিক দিন আৰু সময়ৰ বিষয়ে নেজানো। (মথি ২৪:৩৬) তথাপিও বাইবেলত উল্লেখ কৰা ভৱিষ্যতবাণীসমূহৰ পূৰ্ণতাক নিজ চকুৰে দেখিবলৈ পাইছোঁ আৰু ইয়ে নিৰ্দ্দেশিত কৰিছে যে আমি “শেষ-কালত” বাস কৰিছোঁ। (২ তীমথিয় ৩:১-৫) গতিকে আমি নিজকে তেনেবোৰ কাৰ্য্যৰ পৰা বিৰত ৰখা উচিত যিয়ে আমাক এনে বিপদপূৰ্ণ সময়ত অমনোযোগী কৰিব পাৰে। সেয়েহে আমি ঈশ্বৰৰ বাক্যৰ প্ৰতি অধিক ধ্যান দি তাৰ গুৰুত্বতা বজাই ৰখা উচিত। কেৱল তেনে কৰাৰ দ্বাৰা আমি “সকলো ঘটিব লগা ঘটনাৰ পৰা সাৰিবলৈ” সফল হʼম।—লূক ২১:৩৬.

৯, ১০. (ক) আধ্যাত্মিক বিষয়বোৰৰ প্ৰতি যে আমি আগ্ৰহী তাক কেনেকৈ দেখুৱাব পাৰোঁ? (খ) ঈশ্বৰৰ বাক্য কেনেকৈ ‘আমাৰ ভৰিৰ বাবে প্ৰদীপস্বৰূপ’ আৰু ‘পথৰ বাবে দীপ্তিস্বৰূপ’?

এনে গুৰুত্বপূৰ্ণ সময়ছোৱাত আমি আধ্যাত্মিক বিষয়বোৰৰ প্ৰতি কেনেকৈ ‘অধিককৈ মন দিব’ পাৰোঁ? ইয়াৰ এটা পথ হৈছে নিয়মীয়াকৈ খ্ৰীষ্টান সভা, সন্মিলন আৰু অধিৱেশনসমূহত উপস্থিত হোৱা। তদুপৰি, আমি বাইবেলৰ পৰিশ্ৰমী বিদ্যাৰ্থী হৈ ইয়াৰ লিখক অৰ্থাৎ যিহোৱাৰ কাষ চাপিব পাৰোঁ। (যাকোব ৪:৮) যদি ব্যক্তিগত অধ্যয়ন আৰু সভাসমূহত উপস্থিত হৈ যিহোৱাৰ বিষয়ে জ্ঞান আহৰণ কৰোঁ তেন্তে আমিও গীতমালা ৰচোঁতাজনৰ দৰে লাভবান হʼম, যিজনে এইদৰে কৈছিল: “তোমাৰ বাক্য মোৰ ভৰিৰ নিমিত্তে প্ৰদীপস্বৰূপ, আৰু মোৰ পথৰ দীপ্তিস্বৰূপ।”—গীতমালা ১১৯:১০৫.

১০ যেতিয়া বাইবেলে আমাক ভৱিষ্যতে পূৰ্ণ হʼবলগীয়া ঈশ্বৰৰ উদ্দেশ্যৰ বিষয়ে কয় তেতিয়া ই ‘আমাৰ পথৰ দীপ্তিস্বৰূপ’ হৈ পৰে। ইয়াৰ উপৰিও ই ‘আমাৰ ভৰিৰ নিমিত্তে প্ৰদীপস্বৰূপ’ হয়। আন শব্দত কবলৈ গলে ইয়াৰ পৰামৰ্শসমূহে আমাৰ জীৱনলৈ অহা কষ্টকৰ সমস্যাক সমাধান কৰাত সহায় কৰে। সেয়েহে যেতিয়া আমি ব্যক্তিগতভাবে ঈশ্বৰৰ বাক্যক পঢ়োঁ বা সঙ্গী ভাই-ভনীসকলৰ সৈতে নিৰ্দ্দেশনা প্ৰাপ্ত কৰিবলৈ সভাসমূহত উপস্থিত হওঁ তেতিয়া ‘অধিককৈ মন দিয়াটো’ আৱশ্যক। লাভ কৰা এই জ্ঞানবোৰে আমাক বুদ্ধিমান আৰু লাভদায়ক সিদ্ধান্ত লʼবলৈ সহায় কৰিব যিয়ে যিহোৱাক সন্তুষ্টি আৰু তেওঁৰ মন আনন্দিত কৰে। (হিতোপদেশ ২৭:১১; যিচয়া ৪৮:১৭) ঈশ্বৰে কৰা আধ্যাত্মিক প্ৰবন্ধবোৰৰ পৰা লাভবান হʼবলৈ হʼলে, আমি সভা আৰু ব্যক্তিগত অধ্যয়নৰ প্ৰতি কেনেকৈ আমাৰ মনোযোগ বৃদ্ধি কৰিম?

সভাসমূহৰ প্ৰতি আমাৰ মনোযোগ বৃদ্ধি কৰা

১১. কেতিয়াবা সভাসমূহত মনোযোগ দিয়াটো কিয় এক প্ৰত্যাহ্বানজনক বিষয় হʼব পৰে?

১১ কেতিয়াবা কেতিয়াবা সভাসমূহত মনোযোগ দিয়াটো কঠিন হʼব পাৰে। কোনো শিশুৰ কান্দোন শুনা বা দেৰিকৈ অহা ব্যক্তিসকলে আসন বিচাৰি ফুৰা দেখি আমাৰ মন সহজে বিচলিত হʼব পাৰে। তদুপৰি, দিনটোত বহু সময় কাম কৰাৰ বাবে আমি ক্লান্ত হৈ পৰিব পাৰোঁ। অন্যথা মঞ্চত ভাষণ দিয়া ব্যক্তিজন অধিক প্ৰভাৱকাৰী বক্তা নহʼব পাৰে আৰু তাক আমি জনাৰ পূৰ্বেই আমাৰ মনটোত এনে বহুতো আমোদজনক বিষয়েৰে ভৰি থাকিব পাৰে যিয়ে আমাৰ মনোযোগ ভঙ্গ কৰে অথবা আমি টোপনিয়াব পাৰোঁ। যিহেতু সভাবোৰত গুৰুত্বপূৰ্ণ নিৰ্দ্দেশনা আৰু সংবাদসমূহ প্ৰস্তুত কৰা হয়, সেয়েহে আমি সভাবোৰৰ প্ৰতি অধিক মনোযোগ দিবলৈ আমাৰ ধ্যান শক্তিক বৃদ্ধি কৰা আৱশ্যক। কিন্তু এইটো আমি কেনেকৈ কৰিব পাৰোঁ?

১২. সভাসমূহৰ প্ৰতি মনোযোগ দিবলৈ কিহে আমাক সহায় কৰিব পাৰে?

১২ যদি আমি সভাসমূহৰ বাবে ভালদৰে প্ৰস্তুতি কৰোঁ তেন্তে তাৰ প্ৰতি মনোযোগ দিয়াটো সহজ হয়। গতিকে সভাবোৰত আলোচনা কৰিবলগীয়া বিষয়বোৰক আগতীয়াকৈ তৈয়াৰ কৰিবলৈ সময় অতিবাহিত নকৰে কিয়? সপ্তাহিকৰূপে নিযুক্ত কৰা বাইবেলৰ অধ্যায়সমূহ পঢ়িবলৈ আৰু তাক ধ্যান কৰিবলৈ আপোনাক প্ৰত্যেক দিনা কেৱল অলপ সময় অতিবাহিত কৰা আৱশ্যক। ইয়াৰ উপৰিও নিজৰ তালিকাত কিছু সাল-সলনি বা আঁচনি বনাই আমি মণ্ডলীৰ পুস্তক অধ্যয়ন আৰু প্ৰহৰীবুৰুজ অধ্যয়নৰ বাবে সময় উলিয়াব পাৰিম। আমি যেনেকুৱাই তালিকা তৈয়াৰ নকৰোঁ কিয় এটা কথা নিশ্চিত যে প্ৰস্তুতিকৰণে আমাক মণ্ডলীৰ সভাবোৰত অধিক মনোযোগ দিয়াত সহায় কৰিব।

১৩. সভাসমূহত আলোচনা কৰা বিষয়বোৰৰ প্ৰতি মনোযোগ দিবলৈ কিহে আমাক সহায় কৰিব পাৰে?

১৩ ভালদৰে তৈয়াৰ কৰাৰ উপৰিও কিছুমানে পাইছে যে ৰাজ্যগৃহৰ সম্মুখৰ আসনবোৰত বহি তেওঁলোকে অধিক মনোযোগ দিব পাৰে। বক্তাজনৰ চকুলৈ দৃষ্টি কৰি তেওঁৰ সৈতে তেওঁ উল্লেখ কৰা বাইবেলৰ পদসমূহক পঢ়া আৰু গুৰুত্বপূৰ্ণ বিষয়বোৰক টোকি ৰাখি আমি নিজৰ মনত আন বিষয়বোৰৰ বিষয়ে ভাবি থকা অমনোযোগী হোৱাৰ পৰা বিৰত থাকিব পাৰিম। তথাপিও কোনো বিশেষ ধৰণে মনোযোগ দিয়া ব্যৱহাৰিক পদ্ধতি অৱলম্বন কৰাতকৈ আমাৰ নিজৰ হৃদয়ক প্ৰস্তুত কৰাটো অতি আৱশ্যক। ইয়াৰ বাবে আমি সভাসমূহত একত্ৰিত হোৱাৰ উদ্দেশ্যৰ প্ৰতি মূল্যাঙ্কন কৰা আৱশ্যক। কিয়নো সভাসমূহত আমি বিশ্বাসী সঙ্গী ভাই-ভনীসকলৰ সৈতে একত্ৰিত হওঁ, যিসকলে যিহোৱাৰ উপাসনা কৰিবলৈ তাত উপস্থিত হয়। (গীতমালা ২৬:১২; লূক ২:৩৬, ৩৭) সভাসমূহে হৈছে এনে এটা আৱশ্যকীয় মাধ্যম যাৰ দ্বাৰা আমি আধ্যাত্মিক আহাৰ গ্ৰহণ কৰি বিশ্বাসত দৃঢ় হওঁ। (মথি ২৪:৪৫-৪৭) ইয়াৰ উপৰিও সভাসমূহৰ যোগেদি ‘প্ৰেমত আৰু সৎকৰ্ম্মত উত্তেজিত হʼবলৈ আমি পৰস্পৰে মনোযোগ কৰিবলৈ’ সুযোগ পাওঁ।—ইব্ৰী ১০:২৪, ২৫.

১৪. বাস্তৱতে কিহে এখন সভাক সফল কৰে?

১৪ কিছুমানে হয়তো তাত অংশ গ্ৰহণ কৰা বক্তাসকলৰ শিক্ষাদানৰ পাৰগতাক বিচাৰ কৰি সভাৰ শ্ৰেষ্ঠতাৰ মান নিৰ্ণয় কৰিব পাৰে। উদাহৰণস্বৰূপে, যদি বক্তাজনে অতি সুন্দৰকৈ ভাষণ দিয়ে তেন্তে আমি সভাবোৰত আনন্দিত হোৱা বুলি অনুভৱ কৰোঁ। যদি সভাবোৰত বক্তাই ভালকৈ ভাষণ নিদিয়ে তেতিয়া আমি তাৰ বাবে এক বিপৰীতমূলক মনোবৃত্তি গ্ৰহণ কৰোঁ। এইটো সঁচা যে নিযুক্তি পোৱা বক্তাসকলে নিজৰ শিক্ষাদান কৰা দক্ষতাৰে শ্ৰোতাসকলৰ হৃদয় স্পৰ্শ কৰিবলৈ কঠিন পৰিশ্ৰম কৰা আৱশ্যক। (১ তীমথিয় ৪:১৬) কিন্তু শ্ৰোতা হিচাবে আমি অত্যাধিকভাৱে দোষ ধৰোঁতা হোৱাৰ বিৰত থকা উচিত। সভাৰ বাবে যদিও ইয়াত ভাগ লোৱা বক্তাসকলৰ ভাষণ দিয়া পাৰগতা থকাটো গুৰুত্বপূৰ্ণ, তথাপিও সভাখনক সফল কৰি তুলিবলৈ ইয়াৰে যে একমাত্ৰ আৱশ্যক, এনে নহয়। গতিকে আপুনি এই কথাষাৰৰ সৈতে সন্মত নহʼবনে বাৰু যে এজন বক্তাই উত্তমৰূপে ভাষণ দিয়াৰ পৰিৱৰ্ত্তে আমাৰ শুনা শক্তিহে উত্তম হʼব লাগে? যেতিয়া সভাসমূহত উপস্থিত হৈ তাত প্ৰস্তুত কৰা বিষয়বোৰৰ প্ৰতি মনোযোগ দিওঁ তেতিয়া আমি যিহোৱাৰ ইচ্ছাৰ অনুসাৰে তেওঁৰ উপাসনা কৰোঁ। কেৱল এনে কাৰ্য্যই সভাখনক সফল কৰি তুলাত এক প্ৰমুখ ভূমিকা আদায় কৰে। যদি আগ্ৰহেৰে যিহোৱাৰ জ্ঞান লবলৈ উৎসাহী হওঁ, তেতিয়া বক্তাৰ ভাষণ দিয়াৰ দক্ষতা যেনেকুৱাই নহওঁক কিয়, তাৰ পৰা আমি লাভবান হʼব পাৰিম। (হিতোপদেশ ২:১-৫) সেইবাবে আহঁক আমি সম্পূৰ্ণ হৃদয়েৰে সভাসমূহৰ প্ৰতি ‘অধিককৈ মন দিবলৈ’ ঠিৰাং কৰোঁহঁক।

ব্যক্তিগত অধ্যয়নৰ যোগেদি সম্পূৰ্ণকৈ লাভবান হওক

১৫. বাইবেল অধ্যয়ন আৰু সেই বিষয়বোৰ ধ্যান কৰাৰ দ্বাৰা আমি কেনেকৈ লাভবান হʼব পাৰোঁ?

১৫ ব্যক্তিগত অধ্যয়ন আৰু ধ্যান কৰা সময়ত ‘অধিককৈ মন দিয়াৰ’ দ্বাৰা আমি লাভবান হʼব পাৰোঁ। বাইবেল আৰু বাইবেল আধাৰিত আলোচনীসমূহক পাঠ কৰি, তাক ধ্যান কৰাৰ দ্বাৰা আমাৰ হদয়ত ঈশ্বৰৰ বাক্যৰ সত্যতা অধিক দকৈ স্থাপিত হʼব। পৰিণামস্বৰূপে, ই আমাৰ চিন্তাধাৰা আৰু কাৰ্য্যৰ ওপৰত গভীৰভাৱে প্ৰভাৱিত কৰিব। আনকি এনে কৰাৰ দ্বাৰা আমি ঈশ্বৰৰ ইচ্ছাৰ অনুসাৰে চলিবলৈ আনন্দিত হʼম। (গীতমালা ১:২; ৪০:৮) সেয়েহে অধ্যয়নৰ দ্বাৰা লাভবান হʼবলৈ আমি আমাৰ মনোযোগ শক্তিক বিকাশিত কৰা আৱশ্যক। এইটো সঁচা যে আমাৰ মন সহজতে বিচলিত হʼব পাৰে! যেন চেল ফোন বা এক সামান্য শব্দই আমাৰ মনোযোগক ভঙ্গ কৰিব পাৰে। অথবা বহু সময় ধৰি মনোযোগ দিবলৈ হয়তো কঠিন হʼব পাৰে। আমি হয়তো আধ্যাত্মিকভাৱে লাভবান হোৱাৰ উদ্দেশ্যেৰে সভাত বহিব পাৰোঁ, কিন্তু আমাৰ মনটো অস্থিৰ হৈ ভাঁহি ফুৰিব পাৰে। ব্যক্তিগত অধ্যয়ন কৰাৰ সময়ত আমি কেনেকৈ ঈশ্বৰৰ বাক্যত “অধিককৈ মন” দিব পাৰোঁ?

১৬. (ক) ব্যক্তিগত অধ্যয়নৰ বাবে তালিকা বনোৱাটো কিয় এক গুৰুত্বপূৰ্ণ বিষয়? (খ) ঈশ্বৰৰ বাক্যক অধ্যয়ন কৰিবলৈ আপুনি কেনেকৈ সময় উলিয়ালে?

১৬ প্ৰভাৱকাৰী অধ্যয়নৰ বাবে এটা উচিত পৰিৱেশৰ বাছনি কৰা আৰু তালিকা বনোৱা আৱশ্যক। কিন্তু আমাৰ সকলোৰে কাৰণে সময় আৰু নিৰ্জন ঠাই বাছি উলিওৱাটো সহজ নহয়। আমি হয়তো ভাবিব পাৰোঁ যে এই ব্যস্ত জীৱনটো হয়তো পানীৰ ধৌৱত বেগেৰে বৈ যোৱা এটি সৰু কুটাৰ নিচিনা। বাস্তৱতে আমি পানীৰ সেই সোঁতৰ পৰা ৰক্ষা পাবলৈ তাৰ বিৰুদ্ধে যুঁজি এটি সৰু দ্বীপত আশ্ৰয় লোৱা আৱশ্যক। ব্যক্তিগত অধ্যয়ন কৰিবলৈ কোনো সুযোগৰ বাবে অপেক্ষা কৰাৰ পৰিৱৰ্তে পৰিস্থিতিক নিয়ত্ৰণ কৰি অধ্যয়নৰ বাবে নিজে সময় উলিওৱা প্ৰয়োজন। (ইফিচীয়া ৫:১৫, ১৬) কিছুমানৰ বাবে ৰাতিপুৱা অধ্যয়ন কৰিবলৈ উপযুক্ত হʼব পাৰে, কিয়নো সেই সময়ছোৱাত অধিক মনোযোগ দিব পাৰে। আন কিছুমানৰ বাবে আবেলিৰ সময়ছোৱাত অধ্যয়ন কৰাতো ব্যৱহাৰিক হʼব পাৰে। কিন্তু সকলোতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হৈছে আমি ঈশ্বৰ আৰু তেওঁৰ পুত্ৰৰ যথাৰ্থ জ্ঞান লবলৈ কেতিয়াও অৱহেলা কৰা উচিত নহয়। (যোহন ১৭:৩) তেন্তে আহঁক আমি ব্যক্তিগত অধ্যয়ন কৰিবলৈ তালিকা তৈয়াৰ কৰি সেই অনুসাৰে অধ্যয়ন কৰিবলৈ চেষ্টা কৰোঁহঁক।

১৭. ধ্যান কৰা মানে কি আৰু ইয়াৰ দ্বাৰা আমি কেনেকৈ লাভবান হʼব পাৰোঁ?

১৭ ধ্যান কৰাৰ অৰ্থ হৈছে আমি ব্যক্তিগত অধ্যয়নৰ যোগেদি শিকা বিষয়ৰ প্ৰতি গভীৰভাৱে চিন্তা কৰা। ইয়ে আমাক ঈশ্বৰৰ বিচাৰধাৰাবোৰক নিজৰ হৃদয়ত ৰাখিবলৈ সহায় কৰে। তদুপৰি, ধ্যান কৰা কাৰ্য্যই আমাক বাইবেলত উল্লেখ কৰা পৰামৰ্শক ‘কেৱল শুনোতা নহয় কিন্তু বাক্যক পালন কৰোঁতা’ হʼবলৈও সহায় আগবঢ়ায়। (যাকোব ১:২২-২৫) ইয়াৰ উপৰিও আমি অধ্যয়নত আলোচনা কৰা মুখ্য বিষয়বোৰক ধ্যান কৰাৰ দ্বাৰা ঈশ্বৰৰ গুণসমূহক প্ৰতিফলিত আৰু তেওঁৰ কাষ চপাত সহায় কৰে।

১৮. ফলদায়ক ধ্যানৰ বাবে কেনে পৰিস্থিতিসমূহ হোৱা উচিত?

১৮ ব্যক্তিগত অধ্যয়নৰ পৰা সম্পূৰ্ণকৈ উপকাৰ লাভ কৰিবলৈ নিজৰ মনক বিচলিত হোৱাৰ পৰা আতঁৰাই ৰাখা উচিত। কোনো এটা নতুন বিষয়ৰ ওপৰত ধ্যান কেন্দ্ৰিত কৰাৰ সময়ত আমি দৈনন্দিন জীৱনত থকা বিচলিত বিষয়সমূহক মনৰ পৰা দূৰ কৰা আৱশ্যক। যদিও ধ্যান কৰিবলৈ সময় আৰু নিৰ্জন স্থানৰ আৱশ্যক হয় তথাপিও ঈশ্বৰৰ বাক্যত পোৱা আধ্যাত্মিক আহাৰ আৰু সত্যৰ পানী পান কৰি আমি কিমান যে সতেজতা অনুভৱ কৰিম!

১৯. (ক) কিছুমানক ব্যক্তিগত অধ্যয়নত মনোযোগ দিয়া শক্তিক বৃদ্ধি কৰিবলৈ কিহে সহায় কৰিলে? (খ) অধ্যয়নৰ প্ৰতি আমাৰ কেনে মনোবৃত্তি হোৱা উচিত আৰু এনে গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱাৰ দ্বাৰা আমি কেনে লাভবান হʼব পাৰোঁ?

১৯ যদি আমাৰ মনোযোগ শক্তি কম আৰু বহু সময় ধৰি চলা অধ্যয়নত মনোযোগ দিয়াত বিফল হওঁ, তেতিয়া কি কৰিব পাৰি? কিছুমানে কোনো এটা কম সময়ৰ অধ্যয়নক বাছি লৈ তাত তেওঁলোকৰ মনোযোগৰ শক্তিক বৃদ্ধি কৰি লাহে-লাহে অধ্যয়ন কৰা সময়ক দীঘলীয়াই দি মনোযোগ কৰিবলৈ সক্ষম হৈছে। আমি খৰখেদাকৈ অধ্যয়ন কৰাৰ পৰিৱৰ্তে অৰ্থপূৰ্ণৰূপে অধ্যয়ন কৰিবলৈ আমাৰ লক্ষ্য হোৱা উচিত। গতিকে আলোচনা কৰিবলগীয়া বিষয়-বস্তুৰ প্ৰতি আগ্ৰহী হোৱা ইচ্ছাক বিকাশিত কৰা আৱশ্যক। তেহে আগলৈ আমি বিশ্বাসী আৰু বুদ্ধিমান দাসবৰ্গই প্ৰবন্ধ কৰা বিভিন্ন বিষয়বোৰত অনুসন্ধান কৰিব পাৰিম। “ঈশ্বৰৰ গভীৰ কথাকো” অনুসন্ধান কৰি বহুকিছু লাভ কৰিব পাৰি। (১ কৰিন্থীয়া ২:১০) তেনে কৰাৰ দ্বাৰা আমি ঈশ্বৰৰ প্ৰতি থকা জ্ঞানত বৃদ্ধি আৰু বিবেচনা শক্তিক বিকাশিত কৰাত সক্ষম হম। (ইব্ৰী ৫:১৪) যদি আমি ঈশ্বৰৰ বাক্যৰ যত্নশীল বিদ্যাৰ্থী হওঁ তেন্তে আনকো “শিকাবলৈ নিপুণ” হʼম।—২ তীমথিয় ২:২.

২০. যিহোৱাৰ সৈতে কেনেকৈ ঘনিষ্ঠ সম্পৰ্ক গঢ়ি তুলিব আৰু বজাই ৰাখিব পাৰি?

২০ সভাসমূহত উপস্থিত হোৱা আৰু একেৰাহে কৰা ব্যক্তিগত অধ্যয়নে আমাক যিহোৱাৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক বজাই ৰাখিবলৈ অধিকমাত্ৰাত সহায় কৰিব পাৰে। বাস্তৱতে গীতমালা ৰচোঁতাজনেও সেই বিষয়ে অনুভৱ কৰি ঈশ্বৰৰ উদ্দেশ্যে এইদৰে কৈছিল: “মই তোমাৰ ব্যৱস্থা কেনে ভাল পাওঁ। ওৰে দিনটো সেয়ে মোৰ ধ্যানৰ বিষয়।” (গীতমালা ১১৯:৯৭) গতিকে আহঁক আমি সন্মিলন আৰু অধিৱেশনসমূহত উপস্থিত থাকিবলৈ সকলো প্ৰকাৰে চেষ্টা কৰোঁহঁক। ইয়াৰ উপৰিও বাইবেল অধ্যয়ন আৰু ধ্যান কৰিবলৈ আমি যেন সুসময়ক কিনি লওঁ। ঈশ্বৰৰ বাক্যক ‘অধিককৈ মন দিয়াৰ’ দ্বাৰা আমি প্ৰচুৰমাত্ৰাত আশীৰ্ব্বাদ লাভ কৰিম। (w02 9/15)

[ফুটনোট]

a সম্ভৱতঃ পৌলে হিব্ৰু খ্ৰীষ্টানসকললৈ লিখা পত্ৰখন সা.যু. ৬১ চনত লিখিছিল। তাৰ ঠিক পাঁচ বছৰৰ পিছত ছেচটিয়াচ গালাছৰ নেতৃত্বত অহা ৰোমান সেনাই যিৰূচালেম চহৰখন চাৰিওফালৰ পৰা ঘেৰি ধৰে। কিন্তু কোনো কাৰণ নোহোৱাকৈ সেই সৈন্যবাহিনী তাৰ পৰা আঁতৰি গৈছিল আৰু এই ঘটনাই সতৰ্ক হৈ থকা প্ৰাচীন খ্ৰীষ্টানসকলক যিৰূচালেমৰ পৰা পলাই যাবলৈ সুযোগ দিছিল। ঠিক চাৰি বছৰৰ পিছত সেনাপতি টাইটাচৰ নেতৃত্বত অহা ৰোমান সৈন্যই যিৰূচালেম চহৰক সম্পূৰ্ণৰূপে ধ্বংস কৰে।

আপোনাৰ মনত আছেনে?

• কিছুমান ইহুদী খ্ৰীষ্টানে কিয় সত্যতাৰ পৰা আঁতৰি গৈছিল?

• আমি কেনেকৈ একেৰাহে সভাসমূহত মনোযোগ দিব পাৰোঁ?

• ব্যক্তিগত অধ্যয়ন আৰু ধ্যান কৰিবলৈ কিহে আমাক সহায় কৰিব?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[২৫ পৃষ্ঠাৰ ছবি]

যিৰূচালেমলৈ আহিবলগা ধ্বংসৰ পৰা ৰক্ষা পাবলৈ ইহুদী খ্ৰীষ্টানসকলক সজাগ হোৱা আৱশ্যক আছিল