Skip to content

Skip to table of contents

এই জগতৰ ৰীতি-ব্যৱস্থাৰ শেষ সময়ছোৱাত আজ্ঞাকাৰী হওক

এই জগতৰ ৰীতি-ব্যৱস্থাৰ শেষ সময়ছোৱাত আজ্ঞাকাৰী হওক

এই জগতৰ ৰীতি-ব্যৱস্থাৰ শেষ সময়ছোৱাত আজ্ঞাকাৰী হওক

“লোকসমূহ [চীলোৰ] আজ্ঞাধীন হব।”—আদিপুস্তক ৪৯:১০.

১. (ক) প্ৰাচীন সময়ত যিহোৱাৰ প্ৰতি আজ্ঞাকাৰী হোৱাত প্ৰায়েই কোনসকলৰ আজ্ঞাকাৰী হোৱাটো সন্মিলিত আছিল? (খ) আজ্ঞাকাৰীসকলৰ সম্বন্ধে যাকোবে কেনে ভৱিষ্যতবাণী কৰিছিল?

 যিহোৱাৰ প্ৰতি আজ্ঞাকাৰী হোৱা কাৰ্য্যত প্ৰায়েই তেওঁৰ প্ৰতিনিধিসকলৰো আজ্ঞাকাৰী হোৱাটো জড়িত আছিল। সেই প্ৰতিনিধিসকলত স্বৰ্গদূত, কুল-পিতৃসকল, বিচাৰকৰ্তা, ভৱিষ্যতবক্তা আৰু ৰজাও সন্মিলিত আছিল। সেয়েহে ইস্ৰায়েলৰ ৰজাবিলাকৰ সিংহাসনক যিহোৱাৰ সিংহাসন বুলিও কোৱা হৈছিল। (১ বংশাৱলি ২৯:২৩) দুখৰ বিষয় এই যে ইস্ৰায়েলৰ বেছিভাগ ৰজাই ঈশ্বৰৰ প্ৰতি অৱজ্ঞাকাৰী হোৱাৰ বাবে নিজৰ আৰু প্ৰজাসকলৰ ওপৰত ধ্বংস কঢ়িয়াই আনিছিল। কিন্তু তথাপিও যিহোৱাই নিজৰ আনুগত্য লোকসকলক আশাহীনভাৱে এৰি দিয়া নাছিল। তেওঁলোকক আশ্বাস দি প্ৰতিজ্ঞা কৰিছিল যে তেওঁ এনে এজন অবিনাশী ৰজা পাতিব, যিজনৰ অধীনত সকলো আজ্ঞাকাৰী ব্যক্তিয়ে আনন্দিত হʼব। (যিচয়া ৯:৬, ৭) ভৱিষ্যতে হʼবলগীয়া সেই ৰজাজনৰ বিষয়ে মৃত্যু শৰ্য্যাত থকা কুলপিতৃ যাকোবক এইদৰে কৈছিল: “চীলো নাহেমানে, যিহূদাৰ পৰা ৰাজদণ্ড নেযাব, আৰু তাৰ ভৰি দুখনৰ মাজৰ পৰা বিচাৰদণ্ড নুগুচিব; লোকসমূহ সেই জনাৰ আজ্ঞাধীন হব।”—আদিপুস্তক ৪৯:১০.

২. “চীলো” শব্দটোৰ অৰ্থ কি আৰু কোনে এই ৰাজকীয় শাসনভাৰ গ্ৰহণ কৰিব?

হিব্ৰু ভাষাত “চীলো” শব্দটোৰ অৰ্থ হৈছে “তেওঁ যি জনৰ।” দৰাচলতে চীলোৰ বাহিৰে আন কোনেও উপযুক্ত শাসক হʼব নোৱাৰে। তেওঁক ৰাজদণ্ড, আজ্ঞা দিয়াৰ ক্ষমতা আৰু বিচাৰদণ্ডৰূপে চিহ্নিত কৰা হৈছে। ইয়াৰ উপৰিও সেই ৰাজকীয় শাসনত কেৱল যাকোবৰ উত্তৰাধিকাৰীসকলক জড়িত কৰা হৈছে এনে নহয়, সেই শাসনত ‘লোকসমূহো’ থাকিব। এইটোৱে হৈছে সেই বংশ যাৰ বিষয়ে যিহোৱাই অব্ৰাহামক এইদৰে প্ৰতিজ্ঞা কৰিছিল: “তোমাৰ বংশই নিজ শত্ৰুবিলাকৰ নগৰবোৰৰ দুৱাৰ অধিকাৰ কৰিব। আৰু পৃথিবীৰ সমুদায় জাতি, তোমাৰ বংশতে আশীৰ্ব্বাদপ্ৰাপ্ত হব।” (আদিপুস্তক ২২:১৭, ১৮) সা.যু. ২৯ চনত যিহোৱাই নাচৰতীয়া যীচুক পবিত্ৰ আত্মাৰ দ্বাৰা অভিষেক কৰি সেই ‘বংশৰ’ পৰিচয় দিয়ে।—লূক ৩:২১-২৩, ৩৪; গালাতীয়া ৩:১৬.

যীচুৰ প্ৰথম ৰাজ্য

৩. যীচুৱে স্বৰ্গলৈ যোৱাৰ পিছত কেনে শাসনভাৰ লাভ কৰিলে?

যীচুৱে স্বৰ্গলৈ উলটি গৈ ততালিকে এই জগতৰ লোকসকলৰ ওপৰত শাসন কৰাৰ ৰাজদণ্ড গ্ৰহণ কৰা নাছিল। (গীতমালা ১১০:১) যিহেতু তেওঁ এখন “ৰাজ্য” তাৰ অধীনত থকা আজ্ঞাকাৰী প্ৰজাসকলক লাভ কৰিলে। সেই ৰাজ্যখনক পাঁচনি পৌলে চিনিব পাৰি তেওঁ এইদৰে লিখিছিল: “[ঈশ্বৰে] আমাক আন্ধাৰৰ পৰাক্ৰমৰ পৰা উদ্ধাৰ কৰি, নিজ প্ৰেমৰ পুত্ৰৰ ৰাজ্যত স্থানান্তৰ কৰি থলে।” (কলচীয়া ১:১৩) যীচুৰ বিশ্বাসী অনুগামীসকলৰ ওপৰত পবিত্ৰ আত্মা প্ৰদান কৰি পেন্টাকোষ্ট সা.যু. ৩৩ চনত এই উদ্ধাৰ কাৰ্য্য আৰম্ভ কৰা হʼল।—পাঁচনিৰ কৰ্ম্ম ২:১-৪; ১ পিতৰ ২:৯.

৪. যীচুৰ প্ৰাচীন শিষ্যসকলে কেনেদৰে তেওঁলোকৰ আজ্ঞাকাৰীতাক প্ৰকাশ কৰিলে আৰু তেওঁ তেওঁলোকক সমূহীয়াকৈ কেনেদৰে পৰিচয় দিলে?

পবিত্ৰ আত্মাৰ দ্বাৰা অভিষেক হোৱা আজ্ঞাকাৰী শিষ্যসকলে “খ্ৰীষ্টৰ নিমিত্তে ৰাজদূতৰ কৰ্ম্ম” কৰি তেওঁলোকে আনকো সেই আধ্যাত্মিক ৰাজ্যৰ “সহবাসী” হʼবলৈ আমন্ত্ৰণ কৰিলে। (২ কৰিন্থীয়া ৫:২০; ইফিচীয়া ২:১৯; পাঁচনিৰ কৰ্ম্ম ১:৮) ইয়াৰ উপৰিও নিজ ৰজা যীচু খ্ৰীষ্টৰ অনুমোদন লাভ কৰিবলৈ তেওঁলোকে “একে মন আৰু একে বিবেচনাত সিদ্ধ” হʼল। (১ কৰিন্থীয়া ১:১০) সমূহীয়াকৈ তেওঁলোকক “বিশ্বাসী বুদ্ধিমান দাস” অথবা বিশ্বাসী ঘৰগিৰী শ্ৰেণী হিচাপে নিযুক্ত কৰিলে।—মথি ২৪:৪৫; লূক ১২:৪২.

আজ্ঞাকাৰী ‘ঘৰগিৰীয়ে’ আশীৰ্ব্বাদপ্ৰাপ্ত হোৱা

৫. প্ৰাচীন সময়ত যিহোৱাই নিজৰ লোকসকলক শিকোৱাৰ কেনে ব্যৱস্থা লৈছিল?

যিহোৱাই তেওঁৰ লোকসকলৰ বাবে শিক্ষক নিযুক্ত কৰিবলৈ অনুমতি দিলে। উদাহৰণস্বৰূপে, ইহুদীসকলে বাবিলৰ পৰা উভটি অহাৰ পিছত ইজ্ৰা আৰু বহুতো উপযুক্ত পুৰুষে ঈশ্বৰৰ ব্যৱস্থাক লোকসমূহৰ আগত উচ্চস্বৰত কেৱল পাঠ কৰি শুনাইছিল এনে নহয়, তদুপৰি “স্পষ্টকৈ উচ্চাৰণ কৰি ঈশ্বৰৰ ব্যৱস্থা-পুস্তক পাঠ কৰিলে, আৰু লোকবিলাকে বুজিব পৰাকৈ তাৰ অৰ্থ উলিয়াই দিলে।”—নহিমিয়া ৮:৮.

৬, ৭. দাস বৰ্গই নিজৰ প্ৰশাসন গোষ্ঠীৰ জড়িয়তে কেনেকৈ সঠিক সময়ত আধ্যাত্মিক আহাৰৰ প্ৰবন্ধ কৰিছে আৰু কিয় তেওঁলোকৰ অধীন হোৱাটো আৱশ্যক?

প্ৰথম শতিকাৰ সা.যু. ৪৯ চনত যেতিয়া চুন্নৎ কৰণ সম্বন্ধে বাদ-বিবাদ হৈছিল তেতিয়া প্ৰশাসন গোষ্ঠীয়ে প্ৰাৰ্থনাপূৰ্বক সেই বিষয়টোৰ ওপৰত বিবেচনা কৰিলে আৰু শাস্ত্ৰীয় অনুসাৰে এটা সিদ্ধান্তত উপনীত হʼল। যেতিয়া তেওঁলোকে সেই সিদ্ধান্তক পত্ৰৰ যোগেদি ঘোষণা কৰিলে তেতিয়া মণ্ডলীসমূহে সেই নিৰ্দ্দেশনা পালন কৰি ঈশ্বৰৰ পৰা প্ৰচুৰ আশীৰ্ব্বাদ লাভ কৰিলে। (পাঁচনিৰ কৰ্ম্ম ১৫:৬-১৫, ২২-২৯; ১৬:৪, ৫) একেইদৰে বৰ্তমান সময়তো বিশ্বাসী বুদ্ধিমান দাসবৰ্গৰ দ্বাৰা গঠিত প্ৰশাসন গোষ্ঠীয়ে এনেবোৰ গুৰুত্বপূৰ্ণ বিষয়ত স্পষ্টিকৰণ কৰিছে যেনে, খ্ৰীষ্টান নিৰপেক্ষতা বজাই ৰাখা, ৰক্তৰ পবিত্ৰতাক মূল্যাঙ্কন কৰা, নিচাযুক্ত পদাৰ্থৰ সেৱন আৰু ধপাত খোৱাৰ পৰা আঁতৰি থকা। (যিচয়া ২:৪; পাঁচনিৰ কৰ্ম্ম ২১:২৫; ২ কৰিন্থীয়া ৭:১) ঈশ্বৰৰ সেৱকসকলে তেওঁৰ বাক্য আৰু বিশ্বাসী বুদ্ধিমান দাসবৰ্গৰ প্ৰতি আজ্ঞাকাৰী হোৱাৰ বাবে যিহোৱাই তেওঁলোকক আশীৰ্ব্বাদ কৰিছে।

ঈশ্বৰৰ লোকসকলে নিজকে সেই দাস বৰ্গৰ অধীন হৈ প্ৰভু যীচু খ্ৰীষ্টৰ অধীনস্থ হৈছে। এনে অধীনস্থ হোৱাটো বিশেষকৈ এতিয়াৰ বাবে অধিক গুৰুত্বপূৰ্ণ, কিয়নো মৃত্যু শৰ্য্যাত থকা যাকোবক কোৱা ভৱিষ্যতবাণীৰ অনুসাৰে বৰ্তমান সময়ত যীচুৱে নিজৰ শাসনভাৰ বৃদ্ধি কৰিছে।

একমাত্ৰ চীলোৱে হৈছে এই পৃথিৱীৰ উপযুক্ত শাসক

৮. খ্ৰীষ্টৰ শাসন কেনেকৈ আৰু কেতিয়া বিস্তাৰিত কৰা হʼল?

যাকোবৰ ভৱিষ্যতবাণীত কোৱা হৈছিল যে চীলোৱে ‘লোকসমূহক সেই জনাৰ আজ্ঞাধীন’ হʼবলৈ আজ্ঞা দিব। বাস্তৱতে যীচুৰ শাসন কেৱল আধ্যাত্মিক ইস্ৰায়েলৰ মাজত সীমিত নাছিল। তেনেহʼলে সেই শাসন কিমান দূৰলৈকে বিস্তৃত হʼবলগীয়া আছিল? প্ৰকাশিত বাক্য ১১:১৫ পদত ইয়াৰ উত্তৰ দি এইদৰে কৈছে: “পাছে সপ্তম দূতে বজালত, স্বৰ্গত এইবোৰ মহা-বাণী হল, বোলে, এই জগতৰ ৰাজ্য, আমাৰ প্ৰভুৰ আৰু তেওঁৰ খ্ৰীষ্টৰ হল; আৰু তেওঁ সদা-সৰ্ব্বদায় ৰাজ-শাসন কৰিব।” বাইবেলে প্ৰকাশ কৰিছে যে ভৱিষ্যতবাণীমূলক সেই “সাত কাল” অৰ্থাৎ “পৰজাতি মানুহৰ কাল” ১৯১৪ চনত শেষ হোৱাৰ পিছত যীচুৱে শাসনভাৰ গ্ৰহণ কৰিলে। a (দানিয়েল ৪:১৬, ১৭; লূক ২১:২৪) সেই বছৰতটোত খ্ৰীষ্টই “[তেওঁৰ] শত্ৰুবোৰৰ মাজত ৰাজ্যশাসন” কৰিবলৈ মচীহৰ ৰাজ্যৰ ৰজা হিচাপে অদৃশ্যৰূপে “আগমন” হʼল।—মথি ২৪:৩; গীতমালা ১১০:২.

৯. ৰাজ্যৰ শাসনভাৰ পোৱাৰ লগে লগে যীচুৱে কি কৰিলে আৰু মানৱজাতি বিশেষকৈ তেওঁৰ শিষ্যসকলৰ ওপৰত কেনে অপ্ৰত্যক্ষ প্ৰভাৱ পৰিল?

যীচুৱে ৰাজকীয় শাসনভাৰ পোৱাৰ পিছত কৰা সৰ্ব্বপ্ৰথম কাৰ্য্যটো আছিল তেওঁৰ অৱজ্ঞাকাৰী চয়তান আৰু তাৰ পিশাচবোৰক “পৃথিবীলৈ পেলোৱা।” তেতিয়াৰ পৰা সেই দুষ্ট আত্মিক প্ৰাণীবোৰে মানুহৰ বাবে নানা ক্লেশ আনিছে আৰু ইয়াৰ উপৰিও এনে এক পৰিৱেশ সৃষ্টি কৰিছে যাৰ বাবে যিহোৱাৰ প্ৰতি আজ্ঞাকাৰী হৈ থকাটো এক প্ৰত্যাহ্বানজনক বিষয় হৈ পৰিছে। (প্ৰকাশিত বাক্য ১২:৭-১২; ২ তীমথিয় ৩:১-৫) চয়তানৰ আধ্যাত্মিক যুদ্ধৰ মুখ্য লক্ষ্য হৈছে “ঈশ্বৰৰ আজ্ঞা পালন কৰা, আৰু যীচুৰ সাক্ষ্য ধাৰণ” কৰা যিহোৱাৰ অভিষিক্ত আৰু তেওঁলোকৰ সহসঙ্গী “অন্য মেৰবৰ্গৰ” লোকসমূহ।—প্ৰকাশিত বাক্য ১২:১৭; যোহন ১০:১৬.

১০. বাইবেলৰ কেনে ভৱিষ্যতবাণীৰ পূৰ্ণতাই প্ৰকাশ কৰিছে যে প্ৰকৃত খ্ৰীষ্টানসকলৰ অহিতে কৰা যুদ্ধত চয়তানে নিশ্চিতভাৱে পৰাজিত হʼব?

১০ কিন্তু এই সময়ছোৱা ‘প্ৰভুৰ দিন’ হোৱাৰ বাবে চয়তানে একেবাৰে বিফল হʼব আৰু যীচুৱে ‘জয় কৰি কৰি আৰু জয় কৰাত’ একোৱে বাধা দিব নোৱাৰিব। (প্ৰকাশিত বাক্য ১:১০; ৬:২) উদাহৰণস্বৰূপে, তেওঁ ১,৪৪,০০০ জনৰ অভিষিক্ত সংখ্যাক মোহৰ মাৰা কাৰ্য্যক নিশ্চিত কৰিব। তদুপৰি তেওঁ কোনো মানুহে গণিব নোৱাৰা সকলো জাতি, ভাষা কোৱা ‘বৰ লোকসমূহৰ’ লোকসকলকো ৰক্ষা কৰিব। (প্ৰকাশিত বাক্য ৭:১-৪, ৯, ১৪-১৬) এই বৰ লোকসমূহে তেওঁলোকৰ সহসঙ্গী অভিষিক্ত বৰ্গৰ লোকসকলৰ দৰে যীচুৰ আজ্ঞাকাৰী হৈ এই পৃথিৱীত বাস কৰিব। (দানিয়েল ৭:১৩, ১৪) বৰ্তমান সময়ৰ এই পৃথিৱীৰ পৰিস্থিতিসমূহে স্পষ্টকৈ প্ৰমাণ দিছে যে ‘চীলোৱে’ প্ৰকৃততে “জগতৰ ৰাজ্যৰ” ওপৰত শাসন কৰিছে।—প্ৰকাশিত বাক্য ১১:১৫.

এইয়ে সময় হৈছে ‘শুভবাৰ্ত্তাৰ প্ৰতি কাণ পতা’

১১, ১২. (ক) এই জগতৰ ৰীতি-ব্যৱস্থাৰ ধ্বংসত কোনসকলে ৰক্ষা পাব? (খ) যিসকলে “জগতৰ আত্মা” বিকাশিত কৰিছে তেওঁলোকে কেনেধৰণৰ মনোবৃত্তি প্ৰকাশ কৰে?

১১ যিসকলে অনন্ত জীৱন বিচাৰে তেওঁলোকে নিশ্চয়ে আজ্ঞাকাৰী হোৱা আৱশ্যক। কিয়নো বাইবেলে স্পষ্টকৈ কৈছে যে “ঈশ্বৰক নজনাবোৰৰ আৰু আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ শুভবাৰ্ত্তা নমনাবোৰৰ প্ৰতিকাৰ সাধিব।” (২ থিচলনীকীয়া ১:৬) যিহেতু এই জগতৰ দুষ্ট পৰিৱেশ আৰু বিদ্ৰোহী মনোবৃত্তিয়ে শুভবাৰ্ত্তাৰ প্ৰতি আজ্ঞাকাৰীতা বজাই ৰখাটোক কঠিন কৰি তুলিছে।

১২ বাইবেলে এই ঈশ্বৰ বিদ্ৰোহী মনোবৃত্তিক “জগতৰ আত্মা” বুলি উল্লেখ কৰিছে। (১ কৰিন্থীয়া ২:১২) এই আত্মাৰ প্ৰভাৱৰ বিষয়ে পৌলে ইফিচীয়াত থকা প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলক উদ্দেশ্য কৰি এইদৰে কৈছিল: “তোমালোকে, এই জগতৰ নিয়ম অনুসাৰে, আকাশৰ ক্ষমতাযুক্ত অধিপতিৰ, অৰ্থাৎ অবাধ্যতাৰ সন্তানবিলাকত কাৰ্য্যসাধন কৰোঁতা আত্মাৰ দৰে, আগেয়ে চলিছিলা; সেইবোৰৰ মাজত আমিও সকলোৱে আগেয়ে মাংসৰ আৰু মনৰ ইচ্ছা পূৰ্ণ কৰি, নিজ নিজ মাংসৰ অভিলাষ অনুসাৰে আচৰণ কৰিছিলোঁ, আৰু আন সকলোৰ নিচিনা, স্বভাৱতে ক্ৰোধৰ সন্তান আছিলোঁ।”—ইফিচীয়া ২:২, ৩.

১৩. খ্ৰীষ্টানসকলে সফলতাৰে কেনেকৈ এই জগতৰ আত্মাক বিৰোধ কৰি লাভবান হʼব পাৰে?

১৩ আনন্দৰ বিষয় এই যে, ইফিচীয়াত থকা খ্ৰীষ্টানসকলে সেই অৱজ্ঞাকাৰী মনোবৃত্তিৰ পৰা বিৰত আছিল। ইয়াৰ উপৰিও তেওঁলোকে ঈশ্বৰৰ আজ্ঞাকাৰী সন্তানৰ দৰে তেওঁৰ পবিত্ৰ আত্মাৰ অধীন হৈ প্ৰচুৰ আশীৰ্ব্বাদ আৰু হিতজনক ফল লাভ কৰিছিল। (গালাতীয়া ৫:২২, ২৩) একেইদৰে আজি বিশ্বৰ সকলোতকৈ শক্তিশালী শক্তি অৰ্থাৎ যিহোৱাৰ পবিত্ৰ আত্মাই লাখ লাখ আজ্ঞাকাৰী লোকক সহায় আগবঢ়াইছে আৰু তাৰ ফলস্বৰূপে তেওঁলোকে ‘শেষলৈকে সম্পূৰ্ণ নিশ্চয়তাযুক্ত আশা’ ৰাখিছে।—ইব্ৰী ৬:১১; জখৰিয়া ৪:৬.

১৪. শেষকালত বাস কৰা খ্ৰীষ্টানসকলক কেনে বিশেষ কিছুমান বিষয় উল্লেখ কৰি যীচুৱে তেওঁলোকৰ বিশ্বাসৰ পৰীক্ষা হʼবলগীয়া বিষয়ে সতৰ্ক কৰিছিল?

১৪ কিন্তু এটা কথা মনত ৰাখক যে চীলোৱে আমাক শক্তিশালীৰূপে সহায় আগবঢ়াইছে, যিজনে কেৱল পিতৃৰ ইচ্ছাৰ অনুসাৰে কোনো শত্ৰুক অৰ্থাৎ পিশাচ বা মানৱক আমি সহন কৰিব নোৱাৰাকৈ পৰীক্ষা কৰিবলৈ অনুমতি নিদিয়ে। (১ কৰিন্থীয়া ১০:১৩) দৰাচলতে আমাৰ এই আধ্যাত্মিক যুদ্ধত সহায়ৰ অৰ্থে শেষকালত ঘটিবলগীয়া বিশেষ কিছুমান সমস্যাৰ বিষয়ে যীচুৱে আগতেই বৰ্ণনা কৰিছিল। তেওঁ এই বিষয়ে পাঁচনি যোহনক দৰ্শনৰ দ্বাৰা দিয়া সাতখন পত্ৰত বৰ্ণনা কৰিছিল। (প্ৰকাশিত বাক্য ১:১০, ১১) নিশ্চিতৰূপে সেই বহুমূলীয়া পৰামৰ্শ সেই সময়ত থকা খ্ৰীষ্টানসকলক দিয়া হৈছিল, কিন্তু তাৰ মুখ্য প্ৰযোজ্য “প্ৰভুৰ দিনত” অৰ্থাৎ ১৯১৪ চনৰ পৰা আৰম্ভ হৈছিল। গতিকে এই বাৰ্ত্তাসমূহৰ প্ৰতি মনোযোগ দিয়াটো কিমান যে গুৰুত্বপূৰ্ণ! b

অৱহেলা কৰা, অনৈতিকতা আৰু ভৌতিকবাদৰ পৰা বিৰত থকা

১৫. ইফিচীয়া মণ্ডলীয়ে প্ৰভাৱিত হোৱা সমস্যাৰ বিপৰীতে আমি কেনে পদক্ষেপ লোৱা উচিত আৰু তাৰ বাবে আমি কি কৰা আৱশ্যক? (২ পিতৰ ১:৫-৮)

১৫ যীচুৱে ইফিচীয়া মণ্ডলীৰ খ্ৰীষ্টানসকলৰ উদ্দেশ্যে প্ৰথম পত্ৰখন লিখিছিল। সেই মণ্ডলীয়ে ধৈৰ্য্য ধৰাৰ প্ৰতি প্ৰশংসা কৰাৰ পিছত যীচুৱে এইদৰে কৈছিল: “তথাপি তোমাৰ বিৰুদ্ধে মোৰ কথা আছে যে, তুমি তোমাৰ প্ৰথম প্ৰেম এৰিলা।” (প্ৰকাশিত বাক্য ২:১-৪) একেইদৰে বৰ্তমান সময়ত কিছুমান খ্ৰীষ্টান ব্যক্তিয়ে পূৰ্বতে ঈশ্বৰৰ প্ৰতি থকা তেওঁলোকৰ প্ৰেমৰ তৎপৰতা হেৰুৱাইছে। এনেধৰণৰ ক্ষতিয়ে ঈশ্বৰৰ সৈতে থকা এজনৰ সম্বন্ধক দুৰ্ব্বল কৰিব পাৰে। সেয়েহে কোনো পলম নকৰাকৈ এই বিষয়ে ধ্যান দিয়া আৱশ্যক। কেনেকৈ এই প্ৰেমক পুনৰ শক্তিশালী কৰিব পাৰি? নিয়মীয়াকৈ বাইবেল অধ্যয়ন, সভাত উপস্থিত, প্ৰাৰ্থনা আৰু ধ্যান কৰাৰ দ্বাৰা এই প্ৰেমক পুনৰ সজীৱ কৰি তুলিব পাৰে। (১ যোহন ৫:৩) প্ৰকৃততে ইয়াৰ বাবে “সম্পূৰ্ণ যত্ন” কৰা প্ৰয়োজন আৰু এনে যত্ন অথবা পৰিশ্ৰম কেতিয়াও অথলে নাযায়। (২ পিতৰ ১:৫-৮) নিজকে পৰীক্ষা কৰি যদি আপোনাৰ প্ৰেম চেঁচা হোৱা যেন অনুভৱ কৰিছে, তেনেহʼলে যীচুৰ এই উপদেশৰ অনুসাৰে কোনো পলম নকৰি উচিত পদক্ষেপ লওক। যʼত তেওঁ এইদৰে উপদেশ দিছিল: “এতেকে তুমি কʼৰ পৰা পৰিলা, তাক সোঁৱৰণ কৰা; আৰু মন পালটাই প্ৰথম কৰ্ম্ম কৰা।”—প্ৰকাশিত বাক্য ২:৫.

১৬. পৰ্গাম আৰু থূয়াতীৰা মণ্ডলীৰ খ্ৰীষ্টানসকলৰ মাজত কেনে আধ্যাত্মিক বিপদে দেখা দিছিল আৰু তেওঁলোকৰ উদ্দেশ্যে কোৱা যীচুৰ বাক্য আমাৰ সময়ৰ বাবেও কিয় প্ৰযোজ্য হয়?

১৬ পৰ্গাম আৰু থূয়াতীৰা মণ্ডলীৰ খ্ৰীষ্টানসকলক তেওঁলোকৰ নিষ্ঠা, সহিষ্ণুতা আৰু উদ্দীপনাৰ বাবে শলাগ লোৱা হৈছিল। (প্ৰকাশিত বাক্য ২:১২, ১৩, ১৮, ১৯) তথাপিও তেওঁলোকৰ কিছুমানে বিলিয়ম আৰু ঈজেবলৰ দৰে মনোবৃত্তি বিকাশিত কৰি যৌন অনৈতিকতা আৰু মূৰ্ত্তি পূজাৰ দ্বাৰা প্ৰাচীন ইস্ৰায়েলসকলক দূষিত কৰিলে। (গণনা পুস্তক ৩১:১৬; ১ ৰাজাৱলি ১৬:৩০, ৩১; প্ৰকাশিত বাক্য ২:১৪, ১৬, ২০-২৩) কিন্তু আমাৰ সময় অৰ্থাৎ ‘প্ৰভুৰ দিনৰ’ সম্পৰ্কে কি কʼব পাৰি? সেই একেইদৰে বেয়া প্ৰভাৱসমূহ আজিও দেখা গৈছেনে? বাস্তৱতে অনৈতিকতাৰ ফান্দত পৰি বহুতো ঈশ্বৰৰ লোকে মণ্ডীলৰ পৰা বহিষ্কৃত হʼব লগীয়া হৈছে। গতিকে নৈতিকৰূপে দূষিত হোৱা ব্যক্তিসকল মণ্ডলীৰ বাহিৰত বা ভিতৰতেই নহওক কিয়, আমি তেওঁলোকৰ পৰা আঁতৰি থকাটো আৱশ্যক। (১ কৰিন্থীয়া ৫:৯-১১; ১৫:৩৩) যিসকলে চীলোৰ আজ্ঞাধীন হʼব তেওঁলোকেও জঘন্য মনোৰঞ্জন, ছপা কৰা অশ্লীল সাহিত্য আৰু ইন্টাৰনেটত প্ৰকাশ কৰা কামোত্তেজক চিত্ৰক বৰ্জন কৰা আৱশ্যক।—আমোচ ৫:১৫; মথি ৫:২৮, ২৯.

১৭. চাৰ্দ্দি আৰু লায়দিকেয়া মণ্ডলীৰ আধ্যাত্মিক অৱস্থাক কেনেদৰে যীচুৰ দৃষ্টিভঙ্গীৰ সৈতে তুলনা কৰিছিল?

১৭ চাৰ্দ্দি মণ্ডলীৰ কিছুমান ব্যক্তিৰ বাহিৰে আন সকলোৱে গৰিহণাৰ পাত্ৰ হৈছিল। কিয়নো তেওঁলোক “নাম মাথোন” বা দৃশ্যৰূপে জীৱিত আছিল, কিন্তু তেওঁলোকে আধ্যাত্মিকৰূপে নিৰুৎসাহী হৈ যীচুক “মৃতপ্ৰায় হল” বুলি বিবেচনা কৰিছিল। তেওঁলোকৰ সকলোৱে নাম মাত্ৰাত শুভবাৰ্ত্তাৰ প্ৰতি আজ্ঞাকাৰী আছিল। সেইটো কিমান যে অপবাদজনক বিষয় আছিল! (প্ৰকাশিত বাক্য ৩:১-৩) তেনেদৰে লায়দিকেয়া মণ্ডলীৰ সৈতেও সেই একেই পৰিস্থিতি দেখা গৈছিল। কিয়নো তেওঁলোকে ভৌতিকভাৱে অধিক ধন সাঁচি অহঙ্কাৰী হৈ এইদৰে কৈছিল, “মই ধনী” কিন্তু খ্ৰীষ্ট “দুৰ্ভগীয়া, দীনহীন, দৰিদ্ৰ, অন্ধ আৰু উলঙ্গ” আছিল।—প্ৰকাশিত বাক্য ৩:১৪-১৭.

১৮. ঈশ্বৰৰ দৃষ্টিত আধ্যাত্মিকৰূপে অনাগ্ৰহী হৈ পৰাৰ পৰা কেনেকৈ এজনে আঁতৰি থাকিব পাৰে?

১৮ বৰ্তমান সময়ত বিশ্বাসী হোৱা কিছুমান খ্ৰীষ্টানেও সেই একেই অৱজ্ঞাকাৰী আৰ্হিক অনুকৰণ কৰিছে। হয়তো তেওঁলোকে এই জগতৰ আত্মা বিকাশিত কৰি তেওঁলোকৰ জীৱনত অতি জৰুৰী অৱস্থাৰ প্ৰতি থকা গুৰুত্বতাক হেৰুৱাইছে আৰু এইদৰে তেওঁলোকে বাইবেল অধ্যয়ন, প্ৰাৰ্থনা, খ্ৰীষ্টান সভাসমূহত উপস্থিত আৰু প্ৰচাৰ কাৰ্য্যত ভাগ লোৱাত আধ্যাত্মিকৰূপে অনাগ্ৰহী হৈ পৰিছে। (২ পিতৰ ৩:৩, ৪, ১১, ১২) গতিকে তেনে ব্যক্তিসকলে খ্ৰীষ্টৰ প্ৰতি আজ্ঞাকাৰী হোৱাটোক আধ্যাত্মিক ধন অৰ্থাৎ ‘জুইত খপা সোণ [যীচুৰ] পৰা কিনি,’ নিজকে পৰীক্ষা কৰাটো কিমান যে গুৰুত্বপূৰ্ণ! (প্ৰকাশিত বাক্য ৩:১৮) তেনেদৰে ধনী হোৱাত ‘উত্তম কৰ্ম্মৰূপ ধনত ধনৱন্ত হৈ বিলাই দিয়া আৰু ভগাই লোৱাৰ বাবে ইচ্ছুক হোৱাটো’ জড়িত আছে। এই আধ্যাত্মিক ধনবোৰক একত্ৰিত কৰাটো সঁচাকৈ লাভজনক, কিয়নো এনে কৰাৰ দ্বাৰা আমি ‘প্ৰকৃত জীৱন ধাৰণ কৰিবলৈ ভৱিষ্যতৰ নিমিত্তে নিজৰ অৰ্থে উত্তম ভিত্তিমূলস্বৰূপ ধন সাঁচিব পাৰিম।’—১ তীমথিয় ৬:১৭-১৯.

তেওঁলোকৰ আজ্ঞাকাৰীতাৰ বাবে শলাগ লোৱা

১৯. যীচুৱে স্মুৰ্ণা আৰু ফিলাদেলফিয়া মণ্ডলীৰ খ্ৰীষ্টানসকলক কেনে প্ৰশংসা আৰু উৎসাহিত কৰিছিল?

১৯ স্মুৰ্ণা আৰু ফিলাদেলফিয়া মণ্ডলীৰ খ্ৰীষ্টানসকলে আজ্ঞাকাৰীতাৰ এক অত্যুত্তম আৰ্হি ৰখাৰ বাবে যীচুৱে নিজৰ পত্ৰত কোনো অনুযোগৰ বিষয়ে উল্লেখ কৰা নাছিল। স্মুৰ্ণা মণ্ডলীৰ খ্ৰীষ্টানসকলৰ উদ্দেশ্যে তেওঁ এইদৰে কৈছিল: ‘তোমাৰ ক্লেশভোগক, আৰু দৰিদ্ৰতা মই জানো—তথাপি তুমি ধনী।’ (প্ৰকাশিত বাক্য ২:৯) এই কথাষাৰ লায়দিকেয়া মণ্ডলীৰ খ্ৰীষ্টাসকলে নিজলৈ জাগতিক ধন সাঁচি অহঙ্কাৰেৰে কোৱা বাক্যশাৰীৰ কিমান যে বিপৰীত, যিসকল দৰাচলতে আধ্যাত্মিকৰূপে দৰিদ্ৰ আছিল! ইয়াত কোনো সন্দেহ নাই যে কোনো এজনে খ্ৰীষ্টৰ প্ৰতি আজ্ঞাকাৰী আৰু বিশ্বাসী হোৱাটোক দেখি চয়তানে অৱশ্যেই আনন্দিত নহয়। সেয়েহে যীচুৱে সতৰ্ক কৰি এইদৰে কৈছিল: “তুমি অলপতে যি যি দুখভোগ কৰিবা, তালৈ ভয় নকৰিবা; চোৱা, তোমালোকৰ পৰীক্ষাৰ অৰ্থে, চয়তানে তোমালোকৰ কোনো কোনোক বন্দীশালত পেলাবলৈ উদ্যত আছে; তাতে দহ দিনলৈকে তোমালোকৰ ক্লেশ হব। তুমি মৃত্যু পৰ্য্যন্ত বিশ্বাসী হৈ থাকা; তাতে মই জীৱনৰূপ কিৰীটি তোমাক দিম।” (প্ৰকাশিত বাক্য ২:১০) একেইদৰে যীচুৱে ফিলাদেলফিয়া মণ্ডলীৰ খ্ৰীষ্টানসকলৰ প্ৰতি শলাগ লৈ এইদৰে কৈছিল: “মোৰ বাক্য পালন কৰি, মোৰ নাম অস্বীকাৰ নকৰিলা। মই বেগাই গৈছোঁ; তোমাৰ কিৰীটি যেন কোনেও নলয়, এই কাৰণে তোমাৰ যি আছে, তাকে ধৰি ৰাখা।”—প্ৰকাশিত বাক্য ৩:৮, ১১.

২০. কেনেকৈ আৰু কেনে পৰিস্থিতিসমূহৰ স্বত্বেও লাখ লাখ বিশ্বাসী লোকে একেৰাহে যীচুৰ বাক্যক পালন কৰিছে?

২০ ‘প্ৰভুৰ দিন’ অৰ্থাৎ ১৯১৪ চনৰ আৰম্ভণিৰ লগে লগে বিশ্বাসী অভিষিক্ত আৰু লাখ লাখ সংখ্যাত থকা তেওঁলোকৰ সহসঙ্গী অৰ্থাৎ অন্য মেৰ বৰ্গই একেৰাহে উৎসাহী হৈ প্ৰচাৰ কাৰ্য্যত ভাগ আৰু নিষ্ঠা বজাই ৰখাৰ দ্বাৰা যীচুৰ বাক্য পালন কৰিছে। প্ৰথম শতিকাৰ ভাইসকলৰ দৰে তেওঁলোকৰ কিছুমানে খ্ৰীষ্টৰ প্ৰতি আজ্ঞাকাৰী হোৱাৰ বাবে তেওঁলোকক অত্যাচাৰ, আনকি জেইলত আৰু যাতনা শিবীৰটো পঠোৱা হৈছে। আনসকলে তেওঁলোকৰ চাৰিওফালে থকা ধন-সম্পত্তি আৰু লোভ বিস্তাৰিত হৈ থকাৰ স্বত্বেও ‘নিৰ্ম্মল চকু’ বজাই ৰাখিছে। (মথি ৬:২২, ২৩) বাস্তৱতে সকলো পৰিৱেশ আৰু পৰস্থিতিত যিহোৱাৰ হৃদয়ক আনন্দিত কৰিবলৈ প্ৰকৃত খ্ৰীষ্টানসকলক একেৰাহে আজ্ঞাকাৰী হʼবলৈ শিকোৱা হৈছে।—হিতোপদেশ ২৭:১১.

২১. (ক) বিশ্বাসী বুদ্ধিমান দাসবৰ্গই একেৰাহে কেনে আধ্যাত্মিক দায়িত্ব পালন কৰা আৱশ্যক? (খ) আমি যে বাস্তৱতে চীলোৰ অধীনস্থ হʼব বিচাৰিছোঁ, তাক কেনেদৰে প্ৰকাশ কৰিম?

২১ যেনেকৈ আমি মহাক্লেশৰ নিকটবৰ্তী হৈছোঁ, “বিশ্বাসী বুদ্ধিমান দাস” বৰ্গই তেওঁলোকৰ প্ৰভুৰ প্ৰতি একেৰাহে আজ্ঞাকাৰী হৈ থাকিবলৈ দৃঢ় নিৰ্ণয় লৈছে। তেওঁলোকৰ এই নিৰ্ণয়ত ঈশ্বৰৰ গৃহত থকা লোকসকলৰ বাবে সময়মতে আধ্যাত্মিক আহাৰ প্ৰবন্ধ কৰাটো জড়িত আছে। সেয়েহে আঁহক আমি সকলোৱে যিহোৱাই তেওঁৰ গুণশালী ঈশ্বৰশাসিত সংগঠনৰ যোগেদি প্ৰবন্ধ কৰা ব্যৱস্থাৰ প্ৰতি একেৰাহে মূল্যাঙ্কন কৰোঁহঁক। এনে কৰাৰ দ্বাৰা আমি চীলোৰ প্ৰতি অধীনস্থ হোৱাৰ প্ৰমাণ দিম। কিয়নো তেওঁৰ অধীনস্থ হোৱা সকলো আজ্ঞাকাৰী ব্যক্তিক অনন্ত জীৱনৰ আশীৰ্ব্বাদ প্ৰদান কৰিব।—মথি ২৪:৪৫-৪৭; ২৫:৪০; যোহন ৫:২২-২৪. (w02 10/1)

[ফুটনোটবোৰ]

a ইয়াত উল্লেখ কৰা “সাত কাল” উক্তিটোৰ বিষয়ে বুজিবলৈ যিহোৱাৰ সাক্ষীসকলে প্ৰকাশ কৰা জ্ঞান যি অনন্ত জীৱনলৈ লৈ যায়, কিতাপখনৰ ১০ পৃষ্ঠাত চাওক।

b সেই সাতখন পত্ৰৰ বিষয়ে বিতংকৈ জানিবলৈ, অনুগ্ৰহ কৰি যিহোৱাৰ সাক্ষীসকলে প্ৰকাশ কৰা নিগূঢ় বাক্যসমূহৰ প্ৰকাশ—এক চৰম অৱস্থাত উপনীত হৈছে! (ইংৰাজী) কিতাপখনৰ ৩৩ পৃষ্ঠাৰ আৰম্ভণিত চাওক।

আপোনাৰ মনত আছেনে?

• মৃত্যু শৰ্য্যাত থাকোঁতে যাকোবক কোৱা ভৱিষ্যতবাণীৰ অনুসাৰে যীচুৱে কেনে ভূমিকা আদায় কৰিলে?

• যীচুৱে যে সেই চীলো হয় তাক আমি কেনেকৈ জানিব পাৰোঁ আৰু কেনে মনোবৃত্তি বিকাশিত কৰাৰ পৰা আঁতৰি থকা উচিত?

• সাতখন মণ্ডলীলৈ পত্ৰৰ যোগেদি দিয়া প্ৰকাশিত বাক্যৰ কেনে পৰামৰ্শ আজি আমাৰ বাবেও প্ৰযোজ্য হয়?

• কিদৰে আমি প্ৰাচীন স্মুৰ্ণা আৰু ফিলাদেলফিয়া মণ্ডলীৰ খ্ৰীষ্টানসকলক অনুকৰণ কৰিব পাৰোঁ?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[১৪ পৃষ্ঠাৰ ছবিসমূহ]

যিহোৱাই সেই বিশ্বাসী ‘ঘৰগিৰীৰ’ অধীনস্থ হোৱা লোকসকলক আশীৰ্ব্বাদ দিয়ে

[১৫ পৃষ্ঠাৰ ছবিসমূহ]

চয়তানৰ প্ৰভাৱসমূহে ঈশ্বৰৰ প্ৰতি আজ্ঞাকাৰী হৈ থকাত প্ৰত্যাহ্বানজনক কৰি তুলিছে

[১৭ পৃষ্ঠাৰ ছবিসমূহ]

ঈশ্বৰৰ সৈতে থকা দৃঢ় সম্বন্ধই আমাক তেওঁৰ প্ৰতি আজ্ঞাকাৰী হʼবলৈ সহায় কৰে