Skip to content

Skip to table of contents

“চয়তানক প্ৰতিৰোধ কৰা”

“চয়তানক প্ৰতিৰোধ কৰা”

“চয়তানক প্ৰতিৰোধ কৰা”

“চয়তানক প্ৰতিৰোধ কৰা; তাতে সি তোমালোকৰ পৰা পলাই যাব।”—যাকোব ৪:৭.

১. বৰ্তমান জগতৰ বিষয়ে কি কব পাৰি আৰু অভিষিক্ত খ্ৰীষ্টান আৰু তেওঁলোকৰ সঙ্গী উপাসকসকলে কিয় সচেতন হৈ থকাটো আৱশ্যক?

 “ঈশ্বৰ নাইকিয়া হʼল, কিন্তু চয়তান আজিও অস্তিত্বত আছে।” এই বুলি আন্দ্ৰে মালৰোʼক্স নামৰ ফ্ৰান্স লিখকজনে কোৱা বাক্যশাৰী আজি আমি বাস কৰা জগতখনৰ বাবে কিমান যে সত্য! বাস্তৱতে মানুহে কৰা সকলো কাৰ্য্যই ঈশ্বৰৰ ইচ্ছাতকৈ চয়তানৰ ভাৱধাৰাহে অধিক প্ৰতিফলিত কৰিছে। কিয়নো চয়তানে মানুহক “মিছাৰ সকলো পৰাক্ৰম, আচৰিত চিন আৰু অদ্ভুত লক্ষণযুক্ত, আৰু অধাৰ্ম্মিকতাৰ সকলো প্ৰবঞ্চনাযুক্ত” কৰি বিপথে পৰিচালিত কৰিছে। (২ থিচলনীকীয়া ২:৯, ১০) এই “শেষ-কালত” সি ঈশ্বৰৰ সেৱকসকল, বিশেষকৈ “ঈশ্বৰৰ আজ্ঞা পালন কৰা আৰু যীচুৰ সাক্ষ্য ধাৰণ” কৰোঁতা অভিষিক্ত খ্ৰীষ্টানবিলাকৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ উঠি পৰি লাগিছে। (২ তীমথিয় ৩:১; প্ৰকাশিত বাক্য ১২:৯, ১৭) গতিকে অভিষিক্ত খ্ৰীষ্টান আৰু পাৰ্থিৱ আশা থকা তেওঁলোকৰ সঙ্গী উপাসকসকলে সচেতন হৈ থকাটো অতি আৱশ্যক।

২. চয়তানে কেনেকৈ হৱাক প্ৰলোভিত কৰিলে আৰু পাঁচনি পৌলে তেওঁত থকা কেনে ভয়ৰ বিষয়ে প্ৰকাশ কৰিছিল?

চয়তান হৈছে এটা প্ৰবঞ্চক আৰু সকলো প্ৰকাৰে সি প্ৰবঞ্চণা কৰে। উদাহৰণস্বৰূপে, এটা সৰ্পৰ দ্বাৰা সি হৱাক প্ৰলোভিত কৰি ঈশ্বৰৰ পৰা স্বাধীন হৈ সুখী জীৱন-যাপন কৰাটো সম্ভৱ বুলি তাইৰ মনত মিছা আশ্বাস প্ৰদান কৰিলে। (আদিপুস্তক ৩:১-৬) প্ৰায় চাৰি হাজাৰ বছৰৰ পিছত কৰিন্থীয়া মণ্ডলীত থকা অভিষিক্ত খ্ৰীষ্টানবিলাকে চয়তানৰ কুকৰ্ম্মৰ দ্বাৰা প্ৰলোভিত নহৈ তাৰ প্ৰতি আতঙ্কিত হৈছিল। সেয়েহে পাঁচনি পৌলে এইদৰে লিখিছিল: “কিন্তু সেই সৰ্পে যেনেকৈ তাৰ ধুৰ্ত্ততাৰে হৱাক ভুলাইছিল, তেনেকৈ, খ্ৰীষ্টলৈ তোমালোকৰ যি সৰলতা আৰু শুদ্ধতা, তাৰ পৰা তোমালোকৰ মন কিজানি কোনো প্ৰকাৰে ভ্ৰষ্ট হয়, এই মোৰ ভয়।” (২ কৰিন্থীয়া ১১:৩) চয়তানে লোকবিলাকৰ বিচাৰ-ধাৰা আৰু মন ভ্ৰষ্ট কৰিছে। যিদৰে সি হৱাক প্ৰলোভিত কৰিলে, ঠিক সেইদৰে খ্ৰীষ্টানসকলকো মিছা যুক্তি দৰ্শাই কব পাৰে যে তেওঁলোকৰ আনন্দ এনে কিহবাৰ ওপৰত নিৰ্ভৰশীল যাক যিহোৱা আৰু যীচুৱে অনুমতি নিদিয়ে।

৩. চয়তানৰ ফান্দৰ পৰা নিৰাপত্তা লাভ কৰিবলৈ যিহোৱাই কেনে সুৰক্ষা প্ৰদান কৰে?

চয়তানক চৰাই ধৰা চিকাৰীৰ সৈতে তুলনা কৰিব পাৰি, যিজনে নিজৰ চিকাৰ ধৰিবলৈ বিভিন্ন প্ৰকাৰৰ ফান্দ পাতি ৰাখিছে। তাৰ ফান্দবোৰৰ পৰা হাত হাৰিবলৈ হʼলে, যিহোৱাই তেওঁৰ আধিপত্যৰ অধীন হোৱা লোকসকলৰ বাবে লাক্ষণিকৰূপে ব্যৱস্থা কৰা “সৰ্ব্বোপৰিজনাৰ সেই গুপ্ত স্থানত” আশ্ৰয় লোৱা আৱশ্যক। (গীতমালা ৯১:১-৩) ঈশ্বৰে নিজৰ বাক্য, পবিত্ৰ আত্মা আৰু তেওঁৰ সংগঠনৰ যোগেদি প্ৰবন্ধ কৰা সেই সকলো নিৰাপত্তা গ্ৰহণ কৰা আৱশ্যক, যাতে আমি “চয়তানৰ নানাবিধ কুকল্পনাৰ সম্মুখত থিৰে থাকিবলৈ সমৰ্থ” হʼব পাৰোঁ। (ইফিচীয়া ৬:১১) গ্ৰীক ভাষাত “কুকল্পনা” শব্দটোক “ধূৰ্ত্ততাৰ কাৰ্য্য” হিচাবেও অনুবাদ কৰা হৈছে। সেয়েহে ইয়াত কোনো সন্দেহ নাই যে, যিহোৱাৰ সেৱকসকলক ফান্দত পেলাবলৈ চয়তানে নানা ধৰণৰ ধূৰ্ততাৰ কাৰ্য্য ব্যৱহাৰ কৰে।

প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলৰ বাবে থকা ফান্দবোৰ

৪. প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলে কেনে ধৰণৰ পৰিৱেশত বাস কৰিছিল?

প্ৰথম আৰু দ্বিতীয় শতাব্দীৰ খ্ৰীষ্টানসকলে এনে এটা সময়ত বাস কৰিছিল যি সময়ত ৰোমান সাম্ৰাজ্য সমৃদ্ধিশালী হৈ উঠিছিল। সেই ৰাজ্যৰ অল্পকলীয়া শান্তিৰ পৰিৱেশৰ মাজত বেহা-বেপাৰ প্ৰভাৱশালী হৈ উঠিছিল। এনে সমৃদ্ধিশালী পৰিৱেশে উচ্চ বৰ্গৰ লোকৰ বাবে অধিক আৰামপ্ৰদ জীৱন শৈলী কঢ়িয়াই আনিছিল। ইয়াৰ উপৰিও উচ্চ বৰ্গৰ লোকসকলে বিদ্ৰোহ নকৰিবলৈ তেওঁলোকৰ আনন্দৰ বাবে বহুতো মনোৰঞ্জনৰ যোগান ধৰিছিল। অলপ সময়ৰ বাবে কাম কৰা দিনতকৈ বন্ধৰ দিন অধিক আছিল। নেতাসকলে ৰাজকীয় ধনবোৰৰ দ্বাৰা লোকসকলৰ আহাৰ আৰু ৰঙ্গশালাৰ যোগান ধৰি তেওঁলোকৰ মন খোৱা-বোৱা আৰু ৰং-ধেমালীত ব্যস্ত ৰাখিছিল।

৫, ৬. (ক) খ্ৰীষ্টানসকলৰ বাবে ৰোম দেশৰ ৰঙ্গমঞ্চবোৰত যোৱাতো কিয় অনুচিত আছিল? (খ) চয়তানে কেনেধৰণৰ ছলনাপূৰ্ণ কৌশল ব্যৱহাৰ কৰিছিল আৰু খ্ৰীষ্টানসকলে ইয়াৰ পৰা কেনেকৈ আঁতৰি থাকিব পাৰিলেহেঁতেন?

এনে পৰস্থিতিৰ মাজত থাকাটো তেওঁলোকৰ বাবে বিপদজনক আছিল নে? এই সম্বন্ধে পাঁচনিসকলৰ পৰৱৰ্তী সময়ছোৱাত বাস কৰা লিখকসকলে লিখা সতৰ্কবাণী যেনে, টাৰটুলিয়ানৰ দৰে লিখনিৰ পৰা এইটো জানিব পৰা যায় যে সেই সময়ত হোৱা অধিকভাগ ৰং-ধেমালী খ্ৰীষ্টানসকলৰ আধ্যাত্মিক আৰু নৈতিকতাৰ বাবে বিপদজনক আছিল। দৰাচলতে প্ৰায়ভাগ উৎসৱ আৰু খেল-ধেমালীত মিছা দেৱ-দেৱীৰ মহিমা কৰা হৈছিল। (২ কৰিন্থীয়া ৬:১৪-১৮) ৰঙ্গমঞ্চত ভাগ লোৱা বেছিভাগ অভিনেতা-অভিনেত্ৰীয়ে নিবিড়ভাৱে অত্যন্ত অনৈতিক আৰু হিংসাত্মক কাৰ্য্যত লিপ্ত হৈ আছিল। সময় অতিবাহিত হোৱাৰ লগে লগে লোকসকলৰ মনোৰঞ্জন কৰা পদ্ধতিৰো সাল-সলনি হʼল। তেওঁলোকে আগতকৈও অধিক অশ্লীল কৌতুক আৰু নৃত্যত মুগ্ধ হʼবলৈ ধৰিলে। এই বিষয়ে ইতিহাসকাৰ জেৰম কাৰকোপিনে তেওঁ লিখা দেইলি লাইফ ইন এনচ্যান্ট ৰোম নামৰ কিতাপখনত এনেদৰে কয়: “এনে অভিনয়ত অভিনেত্ৰীসকলক সম্পূৰ্ণকৈ বিবস্ত্ৰ হʼবলৈ অনুমতি দিয়া হৈছিল . . . প্ৰচুৰ পৰিমাণে ৰক্তপাত কৰা হৈছিল . . . [তেনে অভিনয়] অধিকাংশ লোকৰ মনত গভীৰভাৱে বাঁহ লৈছিল। লোকবিলাকে তেনে প্ৰদৰ্শন চাবলৈ বিতুষ্টি হোৱা নাছিল, কিয়নো তেনে অপকৃষ্ট কাৰ্য্যসমূহ বহু সময়ৰ পৰা চলি আছিল, সেয়েহে তেওঁলোক অনুভূতিহীন আৰু তেওঁলোকৰ জ্ঞান-বুদ্ধি বিপথে পৰিচালিত হৈছিল।”—মথি ৫:২৭, ২৮.

তেনে ৰঙ্গমঞ্চত মল্লযুদ্ধাসকলৰ মাজত হোৱা যুদ্ধত এজনৰ মৃত্যু নোহোৱালৈকে অথবা বনৰীয়া জন্তুৰ সৈতে যুঁজি নিজে মৃত্যু বা বনৰীয়া জন্তুটো মৃত্যু নোহোৱা পৰ্য্যন্ত যুঁজ চলিছিল। তদুপৰি সেই ৰঙ্গমঞ্চত অপৰাধী আৰু বহুতো খ্ৰীষ্টানক ভয়ানক জন্তুৰ মাজত পেলাই দিয়া হৈছিল। প্ৰাচীন সময়তো চয়তানে মন্দবুদ্ধি কৰি তেনে অনৈতিকতা আৰু হিংসাত্মক কাৰ্য্য জনপ্ৰিয় নোহোৱালৈকে লোকসকলক নিজৰ ফান্দত আটক কৰি ৰাখিছিল। খ্ৰীষ্টানসকলে চয়তানৰ এনে ফান্দবোৰত নপৰিবলৈ তেনে ৰঙ্গমঞ্চত যোৱাৰ পৰা বিৰত থাকাটো আৱশ্যক আছিল।—১ কৰিন্থীয়া ১৫:৩২, ৩৩.

৭, ৮. (ক) এৰিনাবোৰত অশ্বৰথ দৌড় প্ৰতিযোগিতা চাবলৈ যোৱাটো এজন খ্ৰীষ্টানৰ বাবে কিয় উপযুক্ত নাছিল? (খ) খ্ৰীষ্টানসকলক ফান্দত পেলাবলৈ চয়তানে কেনেকৈ ৰোম দেশত থকা ৰাজহুৱা গা ধোৱা ঘৰবোৰ ব্যৱহাৰ কৰিছিল?

এৰিনা বুলি কোৱা ৰঙ্গভূমিবোৰত দৌড়ৰ বাবে বৃহৎ সংখ্যাত অশ্বৰথ ব্যৱহাৰ কৰা হৈছিল। সেইবোৰ দৃষ্টি কৰাটো আমোদজনক আছিল, কিন্তু খ্ৰীষ্টানসকলে তাক চাবলৈ যোৱাটো উপযুক্ত নাছিল। কিয়নো ঘোঁৰা দৌড় চাবলৈ দৰ্শকসকলে প্ৰায়ে হিংসুক হৈ উঠিছিল। তৃতীয় শতিকাৰ কাৰকোপিন্‌ নামৰ এজন লিখকৰ মতে কিছুমান দৰ্শকৰ নিজৰ মাজত কাজিয়া সৃষ্টি হৈছিল আৰু আগলৈ তেওঁ এইদৰে কৈছিল যে ৰঙ্গভূমিত থকা তোৰণবোৰত “জোতিষী আৰু বেশ্যাবিলাকে নিজৰ ব্যৱসায় চলাইছিল।” সঁচাকৈ খ্ৰীষ্টানসকলৰ বাবে ৰোমৰ তেনে এৰিনাবোৰত যোৱাতো উচিত নাছিল।—১ কৰিন্থীয়া ৬:৯, ১০.

ৰোমত থকা ৰাজহুৱা গা ধোৱা ঘৰবোৰৰ বিষয়ে কি কব পাৰি? সাধাৰণতে শৰীৰৰ শুদ্ধতাৰ বাবে গা ধোৱাতো কোনো ভুল নাছিল। কিন্তু ৰোমত গা ধোৱা ঘৰবোৰৰ সৈতে মালিচ কৰা, ব্যায়ম, জুৱা খেলা, খোৱা-বোৱা কৰা আৰু মদ্যপান কৰাৰ কোঠালীও জড়িত আছিল। যদিও প্ৰত্যেক পুৰুষ আৰু স্ত্ৰীৰ বাবে পৃথকে গা ধোৱা সময় আছিল তথাপিও একেলগে গা ধোৱাৰ কোনো আপত্তি নাছিল। এই সম্বন্ধে ক্লেমেন্ট আলেকজেন্দ্ৰিয়াই এনেদৰে লিখিছিল: “সেই গা ধোৱা ঘৰবোৰ নিয়ন্ত্ৰণহীন নোহোৱাকৈ পুৰুষ আৰু স্ত্ৰীৰ বাবে খোলা হৈছিল; তাত পুৰুষ আৰু স্ত্ৰীয়ে ব্যভিচাৰ কৰাৰ বাসনাৰে উলঙ্গ হৈছিল।” তেনে ধৰণৰ আইনসঙ্গত অনুষ্ঠানবোৰত চয়তানে খ্ৰীষ্টানসকলক ফান্দত পেলোৱাৰ অৰ্থে সহজে তাৰ কুটিলতাপূৰ্ণ কৌশল ব্যৱহাৰ কৰিছিল। সুবিবেচক ব্যক্তিসকলে তেনে ধৰণৰ ৰাজহুৱা গা ধোৱা ঘৰবোৰত যোৱাৰ পৰা আঁতৰি আছিল।

৯. প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলে কেনে ধৰণৰ ফান্দৰ পৰা আঁতৰি থাকিব লাগিছিল?

ৰোমান সাম্ৰাজ্যৰ আটাইতটকৈ প্ৰিয় খেলটো আছিল জুৱা খেলা, ইয়াৰ বাসিন্দাসকলে এই খেলত অতি পাকৈত আছিল। প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলে এৰিনাবোৰত হোৱা ঘোঁৰা দৌড় প্ৰতিযোগিতাত কোনো বাজি নামাৰি সাধাৰণভাৱে তাৰ পৰা আঁতৰি থাকিব পাৰিলেহেঁতেন। সাধাৰণতে সহজে চকুত নপৰা কিছুমান অতিথিশালা আৰু সুৰালয়বোৰত অবৈধভাৱে সৰুমাত্ৰাত জুৱা খেলা অনুস্থিত হৈছিল। শিল গুটি বা আন খেলুৱৈৰ আঙুলীৰ গাঁঠিৰ হাড়বোৰৰ যুগ্ম বা অযুগ্ম সংখ্যাৰ ওপৰত বাজি মাৰিছিল। জুৱা খেলে লোকসমূহৰ জীৱনলৈ এক মাদকতা কঢ়িয়াই আনিলে, কিয়নো ইয়াৰ দ্বাৰা অতি কম সময়ৰ ভিতৰত সহজে ধন আৰ্জন কৰিব পাৰিছিল। (ইফিচীয়া ৫:৫) তদুপৰি সুৰালয়বোৰত থকা পৰিচাৰিকাবোৰ প্ৰায়েই বেশ্যাবৃত্তিত জড়িত আছিল, সেয়েহে তাত যৌন অনৈতিক কাৰ্য্য ঘটিত হোৱাৰ বিপদ আছিল। যিসকল খ্ৰীষ্টানে ৰোমান সাম্ৰাজ্যত বাস কৰিছিল তেওঁলোকৰ বাবে চয়তানে তেনে ধৰণৰ ফান্দবোৰ পাতিছিল। বৰ্তমান সময়তো তেনে ধৰণৰ ফান্দ দেখিবলৈ পোৱা যায়নে?

চয়তানৰ বৰ্তমান সময়ৰ ফান্দবোৰ

১০. বৰ্তমান সময়ৰ অৱস্থা প্ৰাচীন ৰোমান সাম্ৰাজ্যত প্ৰবল হোৱা বেয়া পৰিস্থিতিৰ সৈতে কেনেকৈ মিল খায়?

১০ সময় অতিক্ৰম কৰাৰ স্বত্বেও চয়তানৰ ছলনাময় কাৰ্য্যবোৰৰ কোনো সাল-সলনি নঘটিল। নৈতিক অধঃপতন হোৱা কৰিন্থীয়া চহৰত বাস কৰা খ্ৰীষ্টানসকলৰ ওপৰত যাতে ‘চয়তানে ছল নাপায়’ তাৰ বাবে পাঁচনি পৌলে তেওঁলোকক দৃঢ় পৰামৰ্শ দি এনেদৰে কৈছিল: “[চয়তানৰ] পৰিকল্পনা আমি নজনা নহওঁ।” (২ কৰিন্থীয়া ২:১১) বৰ্তমান সময়ত বহুতো উন্নত দেশত তাহানি ৰোমান সাম্ৰাজ্যত প্ৰবল হোৱা সেই একেই বেয়া পৰিস্থিতিবোৰ দেখিবলৈ পোৱা যায়। বহুতে আগতকৈও আৰমপ্ৰদে জীৱন-যাপন কৰিছে। আইনসঙ্গতভাৱে থকা ৰাজ্যিক লটাৰী টিকটবোৰে দুখীয়াসকলৰ মনত লাখপতি হোৱাৰ আশা জগাই তুলিছে। লোকসকলক ব্যস্ত ৰাখিবলৈ বহু ধৰণৰ সুলভ মূল্যৰ মনোৰঞ্জন ব্যৱস্থা কৰা হৈছে। খেলৰ ষ্টেডিয়ামবোৰত হাজাৰ হাজাৰ দৰ্শকেৰে ভৰি পৰিছে, লোকসকলে জুৱা খেলিছে, দৰ্শকসকলৰ মাজত কেতিয়াবা কাজিয়াৰ সৃষ্টি হৈছে, খেলুৱৈসকলে প্ৰায়ে হিংসাত্মক মনোবৃত্তি ৰাখি খেলত অংশ গ্ৰহণ কৰে। অশ্লীল বিষয় ভৰি থকা সঙ্গীতে লোকসকলৰ মনত বাঁহ লৈছে, টেলিভিছন, চিনেমা, একেইদৰে নাট্য মঞ্চবোৰটো অশ্লীল দৃশ্য প্ৰদৰ্শন কৰা হৈছে। কিছুমান দেশত গৰম পানী আৰু ভাপেৰে ব্যৱস্থা থকা গা ধোৱা ঘৰবোৰত পুৰুষ আৰু স্ত্ৰীয়ে একেলগে গা ধোৱাটো জনপ্ৰিয় হৈ পৰিছে। কিছুমানৰ বাবে সাগৰৰ দাঁতিত নগ্ন হৈ গা ধোৱাটো এক সামান্য বিষয় হৈ পৰিছে। প্ৰথম শতিকাত কৰাৰ দৰে চয়তানে আজিও খ্ৰীষ্টানসকলক ফান্দত পেলাবলৈ তেনেধৰণৰ জাগতিক মনোৰঞ্জনৰ যোগান ধৰিছে।

১১. বিৰতি লোৱাৰ বাঞ্চা আৰু বিৰাম কৰাৰ সময়ৰ সৈতে কেনে ধৰণৰ ফান্দবোৰ লুকাই থাকিব পাৰে?

১১ যিখন জগতত বিভিন্ন কাৰ্য্যৰ হেঁচা অধিক, তেনে অৱস্থাত আৰাম কৰা বা মনোৰঞ্জনত ভাগ লোৱাটো সাধাৰণ বিষয়। যিদৰে ৰোমানৰ গা ধোৱা ঘৰবোৰৰ সৈতে থকা আন সা-সুবিধাবোৰ প্ৰাচীন খ্ৰীষ্টানসকলৰ বাবে বিপদজনক আছিল, তেনেদৰে বৰ্তমান সময়ত কিছুমান হোটেল বা আন অতিথি গৃহবোৰত থকা আৰামদায়ক সা-সুবিধাবোৰৰ যোগেদি আধুনিক সময়ত চয়তানে খ্ৰীষ্টানসকলক অনৈতিক বা অতিৰিক্ত মদ্যপান কৰাৰ ফান্দত পেলাবলৈ চেষ্টা কৰে। সেয়েহে কৰিন্থীয়াসকললৈ পাঁচনি পৌলে এনেদৰে লিখিছিল: “তোমালোক ভ্ৰান্ত নহবা; কুসঙ্গে সদাচাৰ নষ্ট কৰে। ধাৰ্ম্মিকভাৱে সচেতন হোৱা; পাপ নকৰিবা; কিয়নো ঈশ্বৰৰ কথাত কোনো কোনোৰ জ্ঞান নাই। তোমালোকে লাজ পাবলৈ মই এই কথা কৈছোঁ।”—১ কৰিন্থীয়া ১৫:৩৩, ৩৪.

১২. বৰ্তমান সময়ত চয়তানে যিহোৱাৰ সাক্ষীসকলক ফান্দত পেলাবলৈ কেনে ধৰণৰ প্ৰতাৰণা ব্যৱহাৰ কৰিছে?

১২ কেনে ধূৰ্তালিৰে চয়তানে হৱাৰ মন ভ্ৰষ্ট কৰিলে, তাৰ বিষয়ে আমি নজনা নহওঁ। (২ কৰিন্থীয়া ১১:৩) বৰ্তমান সয়মত চয়তানে ব্যৱহাৰ কৰা এটা ফান্দ হৈছে সি খ্ৰীষ্টানসকলক এইবুলি ভাবিবলৈ পৰিচালিত কৰে যে আনক সত্যত আকৰ্ষিত কৰাত সফল হʼবলৈ খ্ৰীষ্টানসকলে জাগতিক অনুসাৰে চলি প্ৰকাশ কৰা আৱশ্যক যে তেওঁলোক আনৰ পৰা পৃথক নহয়। কেতিয়াবা তেওঁলোকে তাকে প্ৰমাণ কৰিবলৈ বাইবেলৰ সকলো সীমা পাৰ কৰি গম্ভীৰ পৰিণামৰ সম্মুখীন হয়। (হগ্‌গয় ২:১২-১৪) চয়তানৰ আন এটা কৌশল হৈছে ডেকা আৰু বয়স্ক সমৰ্পিত খ্ৰীষ্টানসকলে দুতৰপীয়া জীৱন-যাপন কৰি ‘ঈশ্বৰৰ আত্মাক অসন্তুষ্ট কৰিবলৈ উৎসাহিত কৰা। (ইফিচীয়া ৪:৩০) কিছুমানে ইন্টাৰনেট দুৰ্ব্যৱহাৰ কৰি চয়তানৰ এই ফান্দত পৰিছে।

১৩. চয়তানৰ নানাবিধ কুকৰ্ম্মৰ এটা হানিহাৰক ফান্দ কি আৰু এই বিষয়ে হিতোপদেশত কেনেধৰণৰ পৰামৰ্শ আগবঢ়াইছে?

১৩ আন এটা ফান্দ হৈছে হানিকাৰক প্ৰেতবিদ্যা। কোনো প্ৰকৃত খ্ৰীষ্টানে ইচ্ছাকৃতভাৱে প্ৰেতবিদ্যাত পৰিব নিবিচাৰে। কিন্তু যেতিয়া চলচিত্ৰ, টেলিভিছনৰ ধাৰাবাহিক চোৱা, ভিডিঅ গেম খেলা, সৰু লʼৰা-ছোৱালীৰ হিংসা বা চয়তানিক অভ্যাসবোৰেৰে ভৰা গল্প কিতাপ পঢ়া হয় তেতিয়া কিছুমানে নজনাকৈ সেইবোৰত জড়িত হৈ পৰে। প্ৰেতবিদ্যাৰ সৈতে সম্পৰ্ক থকা যিকোনো বিষয়ৰ পৰা আঁতৰি থকা আৱশ্যক। এটা জ্ঞানসম্পন্ন প্ৰবাদবাক্যত এইদৰে কৈছে: “কুটিল লোকৰ পথত কাঁইট আৰু ফান্দ থাকে; যি কোনোৱে নিজ প্ৰাণ সাৱধানে ৰাখে, তেওঁ সেইবোৰৰ পৰা দূৰত থাকে।” (হিতোপদেশ ২২:৫) যিহেতু চয়তান “এই যুগৰ দেৱতা” হোৱাৰ বাবে আজি জগতত থকা যিকোনো জনপ্ৰিয় বিষয়বোৰত তাৰ ফান্দ লুকাই থাকিব পাৰে।—২ কৰিন্থীয়া ৪:৪; ১ যোহন ২:১৫, ১৬.

যীচুৱে চয়তানক প্ৰতিৰোধ কৰিলে

১৪. যীচুৱে তেওঁলৈ অহা চয়তানৰ প্ৰথমটো প্ৰলোভনক কেনেকৈ প্ৰতিৰোধ কৰিলে?

১৪ কেনেকৈ চয়তানক প্ৰতিৰোধ কৰি তাক খেদিব পাৰি সেই সম্বন্ধে যীচুৱে এক উত্তম আৰ্হি প্ৰস্তুত কৰিলে। যীচুৱে বাপ্তিষ্মা লোৱাৰ পিছত আৰু ৪০ দিন লঘোনে থকাৰ সময়ত চয়তানৰ দ্বাৰা পৰীক্ষিত হৈছিল। (মথি ৪:১-১১) অনাহাৰে থকাৰ পিছত যীচুৱে স্বাভাৱিকভাৱে ভোকাতুৰ অনুভৱ কৰাৰ সময়ত চয়তানে তেওঁৰ সেই পৰিস্থিতিৰ সুবিধা লব বিচাৰিছিল। চয়তানে তেওঁক আচৰিত কৰ্ম্মৰ যোগেদি স্বাভাৱিক ভোক আঁতৰবলৈ আমন্ত্ৰণ কৰিলে। তেতিয়া যীচুৱে দ্বিতীয় বিবৰণ ৮:৩ পদত লিখা বিষয়টোক উদ্ধৃত কৰি নিজ স্বাৰ্থৰ বাবে আচৰিত কৰ্ম্ম কৰিবলৈ অস্বীকাৰ কৰিলে আৰু চয়তানক কলে যে শাৰীৰিক আহাৰতকৈ আধ্যাত্মিক আহাৰ উত্তম।

১৫. (ক) চয়তানে যীচুক প্ৰলোভিত কৰিবলৈ কেনে প্ৰাকৃতিক অভিলাষৰ ব্যৱহাৰ কৰিছিল? (খ) বৰ্তমান সময়ত যিহোৱাৰ লোকসকলৰ ওপৰত অনা তাৰ এটা প্ৰমুখ কৌশলপূৰ্ণ কাৰ্য্য কি আৰু আমি কেনেকৈ তাক প্ৰতিৰোধ কৰিব পাৰোঁ?

১৫ মন কৰিবলগীয়া এই যে চয়তানে যীচুক কোনো অনৈতিক কাৰ্য্যত লিপ্ত হʼবলৈ কোৱা নাছিল। ইয়াৰ পৰিৱৰ্তে সি স্বাভাৱিকৰূপে থকা মানুহৰ ভোক আঁতৰ কৰিবলৈ খাদ্য গ্ৰহণ কৰাৰ দৃঢ় শাৰীৰিক ইচ্ছাৰ ওপৰত প্ৰলোভিত কৰিছিল। বৰ্তমান সময়ছোৱাত চয়তানে যিহোৱাৰ লোকসকলক কেনে ধৰণে প্ৰলোভনত পেলাব বিচাৰে? বহুতো প্ৰলোভনৰ ভিতৰত সি তাৰ কুকৰ্ম্মৰ এটা প্ৰমুখ ভাগ অৰ্থাৎ যৌন অনৈতিক কাৰ্য্যৰ দ্বাৰা যিহোৱাৰ লোকসকলৰ নিষ্ঠা ভাঙিবলৈ চেষ্টা কৰিছে। যীচুক অনুকৰণ কৰি আমি কেৱল তাক প্ৰতিৰোধেই নহয় কিন্তু তাৰ প্ৰলোভনবোৰকো বিফল কৰাত সফল হম। যিদৰে যীচুৱে সঠিক শাস্ত্ৰীয় পদ ব্যৱহাৰ কৰি চয়তানৰ প্ৰচেষ্টাক বিফল কৰিলে, ঠিক তেনেদৰে আমিও আদিপুস্তক ৩৯:৯ আৰু ১ কৰিন্থীয়া ৬:১৮ পদত উল্লেখ কৰা পৰামৰ্শক স্মৰণ কৰি সফল হʼব পাৰিম।

১৬. (ক) দ্বিতীয়বাৰ চয়তানে কেনেকৈ যীচুক প্ৰলোভিত কৰিবলৈ চেষ্টা কৰিছিল? (খ) যিহোৱাক পৰীক্ষা কৰিবলৈ চয়তানে কেনেকৈ আমাক প্ৰলোভিত কৰিব পাৰে?

১৬ দ্বিতীয়তে, চয়তানে যীচুক যদি তেওঁ মন্দিৰৰ পৰা জপিয়াই তেনেহʼলে ঈশ্বৰৰ দূতে তেওঁক মাটিত নপৰাৰ আগেয়েই তুলি ধৰে নে নধৰে তাক পৰীক্ষা কৰিবলৈ প্ৰত্যাহ্বান জনাইছিল। এইবাৰ তেওঁ দ্বিতীয় বিবৰণ ৬:১৬ পদটোক উদ্ধৃত কৰি তেওঁৰ পিতৃ ঈশ্বৰক পৰীক্ষা কৰাটো যে অনুচিত তাক দাঙি ধৰিলে। আজিৰ সময়ত চয়তানে হয়তো আমাক তেনে কোনো উচ্চ স্থানৰ পৰা জঁপিয়াবলৈ নকব পাৰে, কিন্তু তাৰ পৰিৱৰ্তে সি ঈশ্বৰক পৰীক্ষা কৰিবলৈ প্ৰলোভিত কৰিব পাৰে। আমি কিমান নিবিড়ভাৱে জাগতিক সাজ-পাৰ আৰু বেশভূষা পৰিধান কৰোঁ তাক চাবলৈ প্ৰলোভিত হৈছোঁনে? আমি কোনো কৌতুহলজনক মনোৰঞ্জনৰ দ্বাৰা প্ৰলোভিত হৈছোঁনে? যদি হৈছোঁ, তেন্তে আমি হয়তো যিহোৱাৰ পৰীক্ষা কৰিব পাৰোঁ। যদি তেনেধৰণৰ কোনো ইচ্ছা আমাৰ মনত বাঁহ লৈছে তেন্তে সি আমাত প্ৰভুত্ব কৰি আমাক দুৰ্বল কৰি তাৰ ফলিয়া কৰিব পাৰে।

১৭. (ক) চয়তানে তৃতীয়বাৰ যীচুক কেনেকৈ প্ৰলোভিত কৰিবলৈ চেষ্টা কৰিছিল? (খ) যাকোব ৪:৭ পদটো কেনেকৈ আমাৰ ক্ষেত্ৰত সত্য প্ৰমাণিত হʼব পাৰে?

১৭ কেৱল এবাৰ প্ৰণিপাত কৰিলে চয়তানে যীচুক তাৰ সকলো ৰাজ্য গতাই দিব বুলি কোৱাত যীচুৱে শাস্ত্ৰীয় কাৰণ দাঙি ধৰি তাক পুনৰ প্ৰতিৰোধ কৰি কলে যে অনন্য ভক্তি পোৱাৰ বাবে একমাত্ৰ স্বৰ্গত থকা তেওঁৰ পিতৃহে যোগ্য। (দ্বিতীয় বিবৰণ ৫:৯; ৬:১৩; ১০:২০) আজি সি তাৰ ৰাজ্য দিব বুলি প্ৰলোভিত নকৰিলেও বাৰে বাৰে ভৌতিক বস্তু অথবা নিজাকৈ এখন ৰাজ্য গঢ়ি তুলিবলৈ আমাক প্ৰলোভিত কৰিব পাৰে। আমিও যীচুৰ দৰে একমাত্ৰ যিহোৱাক অনন্য ভক্তি দিওঁনে? যদি দিওঁ তেনেহʼলে যীচুৰ দৰে আমিও অনুভৱ কৰিব পাৰিম। এই সম্বন্ধে মথিৰ বৃত্তান্তই এইদৰে কৈছে: “তেতিয়া চয়তানে তেওঁক এৰিলে।” (মথি ৪:১১) যদি আমি শাস্ত্ৰীয় পদত দিয়া সিদ্ধান্তবোৰক মনত ৰাখি তাৰ অনুসাৰে চলোঁ আৰু বিশ্বাসত দৃঢ় হওঁ তেনেহʼলে চয়তানে আমাৰ পৰা আঁতৰি যাব। এই বিষয়ে যাকোবে এইদৰে লিখিলে: “চয়তানক প্ৰতিৰোধ কৰা; তাতে সি তোমালোকৰ পৰা পলাই যাব।” (যাকোব ৪:৭) যিহোৱাৰ সাক্ষীসকলৰ ফ্ৰান্সত থকা শাখা কাৰ্য্যালয়লৈ এজন খ্ৰীষ্টান ব্যক্তিয়ে এইদৰে এখন চিঠি লিখিছিল: “চয়তান সঁচাকৈ এজন চতুৰ ব্যক্তি। মই অধিক প্ৰচেষ্টা কৰাৰ স্বত্বেও নিজৰ মনোবৃত্তি আৰু ইচ্ছাক নিয়ন্ত্ৰণ কৰাত কঠিন যেন বোধ কৰিছোঁ। তথাপিও ধৈৰ্য্য, সাহস আৰু যিহোৱাৰ সহায়ৰ দ্বাৰা মই সেইবোৰক নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছোঁ আৰু দৃঢ়ভাৱে সত্যৰ পথত চলি আছোঁ।”

চয়তানক সম্পূৰ্ণকৈ প্ৰতিৰোধ কৰিবলৈ সুসজ্জিত হোৱা

১৮. চয়তানক প্ৰতিৰোধ কৰিবলৈ আমাক কেনে ধৰণৰ আধ্যাত্মিক কবচে সুসজ্জিত কৰে?

১৮ “চয়তানৰ নানাবিধ কুকল্পনাৰ সম্মুখত থিৰে থাকিবলৈ সমৰ্থ হবৰ কাৰণে” যিহোৱাই আমালৈ সকলো ধৰণৰ আধ্যাত্মিক কবচৰ যোগান ধৰিছে। (ইফিচীয়া ৬:১১-১৮) সত্যৰ প্ৰতি থকা আমাৰ প্ৰেমে খ্ৰীষ্টান কাৰ্য্যসমূহৰ বাবে কঁকাল বান্ধিবলৈ বা সাজু হʼবলৈ সহায় কৰিব। ঈশ্বৰৰ ধাৰ্মিক স্তৰসমূহক বক্ষবৰ্মৰ দৰে ধৰি ৰাখিবলৈ আমি দৃঢ়সঙ্কল্পবদ্ধ হোৱা উচিত। যদি আমাৰ ভৰিয়ে শুভবাৰ্ত্তা কঢ়িয়াই নিবলৈ সাজু তেন্তে আমি নিয়মীয়াকৈ প্ৰচাৰ কাৰ্য্যত ভাগ লম আৰু ইয়ে আমাক শক্তিশালী আৰু আধ্যাত্মিক সুৰক্ষা প্ৰদান কৰিব। আমাৰ দৃঢ়বিশ্বাস এক বৃহৎ আকাৰৰ ঢালৰ দৰে হʼব, যিয়ে আমাক “পাপ-আত্মাৰ সকলো অগ্নি-শৰ” ধূৰ্ত্ততাৰে কৰা তাৰ আক্ৰমণ আৰু প্ৰলোভনৰ পৰা ৰক্ষা কৰিব। যিহোৱাৰ প্ৰতিজ্ঞা পূৰ্ণতাৰ প্ৰতি থকা আমাৰ ভাৰসা হেলমেটৰ দৰে দৃঢ় হʼব যিয়ে আমাৰ বিচাৰ-ধাৰা আৰু সামৰ্থ্যক ৰক্ষা কৰিব আৰু মানসিক শান্তি দিব। (ফিলিপীয়া ৪:৭) যদি আমি ঈশ্বৰৰ বাক্য ব্যৱহাৰ কৰাত নিপুণ হওঁ তেন্তে ই এখন তৰোৱালৰ দৰে হʼব যিয়ে লোকসকলক চয়তানৰ দাসত্বৰ পৰা মুক্তি লাভ কৰিবলৈ সহায় কৰিব। আনকি প্ৰলোভনৰ সময়ত যীচুৱে কৰাৰ দৰে আমিও ইয়াক প্ৰতিৰক্ষা হিচাবে ব্যৱহাৰ কৰিব পাৰিম।

১৯. ‘চয়তানক প্ৰতিৰোধ কৰাৰ’ উপৰিও আমি কি কৰা আৱশ্যক?

১৯ “ঈশ্বৰৰ আটাই আধ্যাত্মিক সাজ পিন্ধা” আৰু নিৰন্তেৰে প্ৰাৰ্থনা কৰাৰ দ্বাৰা আমি নিশ্চিত হʼব পাৰিম যে যিহোৱাই আমাক চয়তানৰ আক্ৰমণত নিৰাপত্তা প্ৰদান কৰিব। (যোহন ১৭:১৫; ১ কৰিন্থীয়া ১০:১৩) কিন্তু যাকোবে দেখুৱাইছে যে আমি ‘চয়তানক প্ৰতিৰোধ কৰাটোৱেই’ আমাৰ বাবে যথেষ্ট নহয়। তদুপৰি আমাৰ প্ৰতিপালন কৰা জনাৰ অৰ্থাৎ ‘নিজকে ঈশ্বৰৰ বশিভূত কৰা’ উচিত। (যাকোব ৪:৭, ৮) কিন্তু ইয়াক আমি কেনেকৈ কৰিব পাৰোঁ, এই বিষয়ে পৰৱৰ্তী লেখত আলোচনা কৰা হʼব। (w02 10/15)

আপুনি কেনেকৈ উত্তৰ দিব?

• প্ৰথম শতাব্দীৰ খ্ৰীষ্টানসকলক চয়তানৰ কেনে ফান্দৰ পৰা আঁতৰি থাকিব লাগিছিল?

• বৰ্তমানে যিহোৱাৰ সেৱকসকলক ফান্দত পেলাবলৈ চয়তানে কেনে ধৰণৰ ছলনাময় কৌশল ব্যৱহাৰ কৰে?

• যীচুৱে কেনেকৈ চয়তানৰ প্ৰলোভনৰ পৰা আঁতৰি আছিল?

• চয়তানক প্ৰতিৰোধ কৰাত সক্ষম হʼবলৈ কেনেধৰণৰ আধ্যাত্মিক কবচে আমাক সহায় কৰে?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[২১ পৃষ্ঠাৰ ছবি]

যীচুৱে দৃঢ়ভাৱে চয়তানক প্ৰতিৰোধ কৰিছিল

[২২ পৃষ্ঠাৰ ছবি]

প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলে অত্যাচাৰমূলক খেল-ধেমালী আৰু অনৈতিক মনোৰঞ্জনত ভাগ লোৱাৰ পৰা আঁতৰি আছিল

[২২ পৃষ্ঠাৰ স্বীকৃতিপ্ৰাপ্ত ছবিসমূহ]

The Complete Encyclopedia of Illustration/J. G. Heck