Skip to content

Skip to table of contents

পাঠকসকলৰ প্ৰশ্ন

পাঠকসকলৰ প্ৰশ্ন

পাঠকসকলৰ প্ৰশ্ন

 আন ধৰ্ম্মীয় সমূহৰ পৰা কোনো এটা গৃহ কিনি তাক ৰাজ্যগৃহলৈ ৰূপান্তিৰত কৰাটো এটা আন্তঃধৰ্মীয় কাৰ্য্য কৰাৰ দৰে হʼবনে?

সাধাৰণতে যিহোৱাৰ সাক্ষীসকলে আন ধৰ্ম্মীয় লোকসকলৰ সৈতে তেনেধৰণৰ কোনো লেনদেন নকৰে। তথাপিও তেনেধৰণৰ লেনদেনে কোনো প্ৰকাৰৰ আন্তঃধৰ্মীয় কাৰ্য্য প্ৰতিষ্ঠা নকৰে। ইয়াক কেৱল এক ব্যৱসায় সম্বন্ধীয় লেনদেন হিচাবে দৃষ্টি কৰিব পাৰি। স্থানীয় মণ্ডলীৰ যিহোৱাৰ সাক্ষীসকলে আন ধৰ্ম্মীয় লোকসমূহৰ সৈতে সহযোগিতা হৈ উপাসনাৰ গৃহ নিৰ্ম্মাণ নকৰে।

কেনে কাৰ্য্যক যিহোৱাই আন্তঃধৰ্ম্মীয় কাৰ্য্য বুলি দৃষ্টি কৰে? এই সম্পৰ্কে পাঁচনি পৌলে দিয়া নিৰ্দ্দেশনাক বিবেচনা কৰক। তেওঁ এইদৰে কৈছিল: “বিশ্বাস নকৰাবিলাকে সৈতে তোমালোক অসমানভাবে যোঁতা নহবা কিয়নো ধাৰ্ম্মিকতা আৰু অধৰ্ম্ম পৰস্পৰৰ কি সম্পৰ্ক? আন্ধাৰে সৈতে পোহৰৰ বা কি সম্বন্ধ? বেলীয়ালে সৈতে খ্ৰীষ্টৰ কি মিলন? বিশ্বাস নকৰা জনৰ লগত বিশ্বাস কৰা জনৰ বা কি ভাগ? আৰু দেৱতাবোৰে সৈতে ঈশ্বৰৰ মন্দিৰৰ কি ঐক্য আছে? . . . এতেকে প্ৰভুৱে কৈছে, তোমালোক সিহঁতৰ মাজৰপৰা ওলাই আহি পৃথক হোৱা, আৰু কোনো অশুচিকে নুচুবা। (২ কৰিন্থীয়া ৬:১৪-১৭) ইয়াত পৌলে উল্লেখ কৰা “সম্পৰ্ক” আৰু “সম্বন্ধ” শব্দটোৰ অৰ্থ কি?

পৌলে উল্লেখ কৰা সম্পৰ্ক শব্দটোৰ অৰ্থ স্পষ্টকৈ উপাসনা আৰু মুৰ্ত্তি পূজা কৰাসকল বা সত্যত নথকা লোকবিলাকৰ সৈতে কৰা আধ্যাত্মিক কাৰ্য্য সন্মিলিত আছে। তেওঁ কৰিন্থীয়াত থকা ভাইসকলক “ভূত-পিশাচৰ সহাভাগী” নহʼবলৈ সতৰ্ক কৰিছিল। (১ কৰিন্থীয়া ১০:২০, ২১) এইদৰে আন ধৰ্ম্মীয় সংগঠনৰ সৈতে উপাসনা বা আধ্যাত্মিক সম্পৰ্ক ৰাখাটো এটা আন্তঃধৰ্ম্মীয় কাৰ্য্য। (যাত্ৰাপুস্তক ২০:৫; ২৩:১৩; ৩৪:১২) গতিকে যেতিয়া কোনো ধৰ্ম্মীয় সংগঠনে নিৰ্ম্মাণ কৰা কোনো এটা গৃহ কিনে তেতিয়া সেইটো সাধাৰণতে ৰাজ্যগৃহৰ আৱশ্যকতাক পূৰ কৰিবলৈ কিনা হয়। স্পষ্টকৈ ৰাজ্যগৃহৰ বাবে ব্যৱহাৰ কৰাৰ পূৰ্বেই মিছা ধৰ্ম্মৰ সৈতে সম্পৰ্ক থকা সকলো বস্তুক আঁতৰাই পেলোৱা হয়। এইদৰে সেই গৃহটোত সাল-সলনি কৰি কেৱল যিহোৱাৰ উপাসনাৰ উদ্দেশ্যে গৃহটোক সমৰ্পিত কৰা হয়। সেয়েহে তাত সত্য আৰু অসত্যৰ মাজত কোনো সম্পৰ্ক নাই।

তেনেধৰণৰ কোনো গৃহ কিনাৰ পূৰ্বেই তাৰ সকলো আইনগত দলিল পত্ৰ সঠিকভাৱে তৈয়াৰ কৰা আৱশ্যক। আন সমাজৰ সমূহৰ সৈতে কেৱল ব্যৱসায় সম্বন্ধীয় সম্পৰ্ক ৰখা উচিত। এই ক্ষেত্ৰত মণ্ডলীৰ সদস্যসকলে পাঁচনি পৌলে কোৱা এই সতৰ্কবাণীক মনত ৰাখা উচিত হʼব, যʼত তেওঁ এইদৰে কৈছিল “বিশ্বাস নকৰাবিলাকে সৈতে তোমালোক অসমানভাবে যোঁতা নহবা।” যদিও আমি আন ধৰ্ম্মৰ লোকসকলতকৈ নিজকে উচ্চ বুলি অনুভৱ নকৰোঁ, তথাপিও তেওঁলোকৰ সৈতে অধিক মিলা-মিছা বা তেওঁলোকৰ উপাসনাৰ প্ৰতি আকৰ্ষিত হোৱাৰ পৰা আঁতৰি থকা উচিত। a

ৰাজ্যগৃহৰ বাবে যি গৃহ আন ধৰ্ম্মীয় সংগঠনৰ পৰা ভাড়ালৈ লোৱা হৈছে, তাৰ বিষয়ে কি কʼব পাৰি? ভাড়া দিয়াৰ বাবে নিয়মীয়াকৈ সাধাৰণতে সেই ধৰ্ম্মীয় লোকবিলাকৰ সৈতে যোগাযোগ কৰা হয়, যিটোক বাতিল কৰা আৱশ্যক। যদিও তেনে গৃহবোৰ এবাৰৰ বাবে ভাড়া কৰিব লগা হয় তেনেহʼলে প্ৰাচীনগোষ্ঠীয়ে এই বিষয়বোৰক বিবেচনা কৰা আৱশ্যক: সেই গৃহৰ ভিতৰত বা বাহিৰত কোনো মূৰ্ত্তিৰ প্ৰতিক বা ছবি আছেনে? তেওঁলোকৰ গৃহটোক ব্যৱহাৰ কৰাত তেওঁলোকৰ সম্প্ৰদায়ৰ লোকবিলাকে আমাক কেনে দৃষ্টি কৰে? এনে গৃহটোক ৰাজ্যগৃহৰ বাবে ব্যৱহাৰ কৰাৰ ফলত মণ্ডলীৰ কাৰোবাৰ বিঘিনি জন্মিছেনে? (মথি ১৮:৬; ১ কৰিন্থীয়া ৮:৭-১৩) এই বিষয়বোৰক ভালদৰে আলোচনা কৰাৰ পিছতহে প্ৰাচীনসকলে সেই অনুসাৰে নিৰ্ণয় লোৱা উচিত। তদুপৰি তেনেধৰণৰ গৃহক ৰাজ্যগৃহলৈ ৰূপান্তৰিত কৰা বা কিনাৰ পূৰ্বেই প্ৰাচীনসকলে নিজ আৰু মণ্ডলীৰ আন সদস্যসকলৰ বিবেক শক্তিক মনত ৰাখা উচিত। (w02 10/15)

[ফুটনোটবোৰ]

a এই সম্বন্ধে ১৯৯৯ চনৰ প্ৰহৰীবুৰুজ, ১৫ এপ্ৰিল, ২৮ আৰু ২৯ পৃষ্ঠাত আন ধৰ্ম্মীয় সংগঠনৰ সৈতে কৰা কেনেবোৰ ব্যৱসায়ে ঈশ্বৰক অসন্তুষ্টি কৰে তাৰ যথাৰ্থতাৰ বিষয়ে আলোচনা কৰা হৈছে।

[৩১ পৃষ্ঠাৰ ছবি]

এই ভৱনটো কিনাৰ পূৰ্বেই এটা ইহুদী ধৰ্ম্ম-মন্দিৰ আছিল আৰু পিছলৈ ইয়াক ৰাজ্যগৃহলৈ পৰিণত কৰা হʼল