Skip to content

Skip to table of contents

যিহোৱাই আপোনাৰ বাবে চিন্তা কৰে

যিহোৱাই আপোনাৰ বাবে চিন্তা কৰে

যিহোৱাই আপোনাৰ বাবে চিন্তা কৰে

“তোমালোকৰ সকলো চিন্তাৰ ভাৰ [ঈশ্বৰৰ] ওপৰত পেলাই দিয়া; কিয়নো তোমালোকৰ কাৰণে তেওঁ চিন্তা কৰে।”—১ পিতৰ ৫:৭.

১. যিহোৱা আৰু চয়তানৰ মাজত কেনে ভিন্নতা দেখিবলৈ পোৱা যায়?

 যিহোৱা আৰু চয়তানৰ মাজত সম্পূৰ্ণ ভিন্নতা দেখিবলৈ পোৱা যায়। যিজন ব্যক্তিয়ে যিহোৱাৰ কাষ চপা বুলি অনুভৱ কৰে, চয়তানে তেওঁক প্ৰতিহত কৰে। এই ভিন্নতাৰ বিষয়ে নিৰ্দ্ধাৰিত পুস্তকে স্পষ্টকৈ নিৰ্দ্দেশিত কৰিছে। ইয়োবৰ পুস্তকত পৰিলেখ দিয়া চয়তানৰ কাৰ্য্যবোৰৰ বিষয়ে এনচ্যাইক্লপেডীয়া ব্ৰিটানিকাই এইদৰে কৈছে: ‘কোনো ব্যক্তিৰ দুষ্ট কাৰ্য্য বা বেয়া গুণৰ বিষয়ে অভিযোগ দিবলৈ চয়তানে পৃথিৱীখনৰ ইমূৰৰ পৰা সিমূৰলৈ বিচাৰি ফুৰে; তাৰ কাৰ্য্যবোৰ “প্ৰভুৰ চকুৰ” পৰা একেবাৰে ভিন্ন, আনহাতে যিহোৱাই পৃথিৱীত থকা ভাল ব্যক্তিসকলক বলৱান কৰিবলৈ সুযোগ বিচাৰি ফুৰে। (II বং. xvi, ৯) চয়তানে সদায়ে মানৱৰ অস্বাৰ্থপৰ উত্তম গুণৰ ওপৰত সন্দেহ কৰে আৰু ঈশ্বৰৰ অনুমতি আৰু তেওঁ নিৰ্দ্ধাৰিত কৰা পৰিসীমাৰ ভিতৰত চয়তানে তেওঁলোকক পৰীক্ষা কৰে।’ সঁচাকৈ যিহোৱা আৰু চয়তানৰ মাজত কিযে এক ভিন্নতা!—ইয়োব ১:৬-১২; ২:১-৭)

২, ৩. (ক) “দিয়াবল” নামৰ অৰ্থৰ বিষয়ে ইয়োবৰ বৃত্তান্তই কেনেকৈ প্ৰকাশ কৰিছে? (খ) চয়তানে যে একেৰাহে ঈশ্বৰৰ লোকসকলক মিছা অভিযোগ দিয়ে তাক বাইবেলে কেনেকৈ দেখুৱাইছে?

গ্ৰীক শব্দত “দিয়াবল” নামৰ অৰ্থ হৈছে “মিছা অপবাদ দিওঁতা,” “পৰচৰ্চ্চাকাৰী।” ইয়োব নামৰ পুস্তকত প্ৰকাশ কৰিছে যে ইয়োবে নিস্বাৰ্থৰে যিহোৱাক কৰা সেৱাৰ ওপৰত অভিযোগ কৰি চয়তানে এনেদৰে কৈছিল: “ইয়োবে জানো বিনালাভে ঈশ্বৰলৈ ভয় ৰাখে?” (ইয়োব ১:৯) কিন্তু সেইখন পুস্তকে প্ৰকাশ কৰিছে যে ইয়োবে বিভিন্ন পৰীক্ষাৰ সম্মুখীন হোৱাৰ স্বত্বেও তেওঁ আগতকৈও অধিক যিহোৱাৰ নিকটবৰ্তী হʼল। (ইয়োব ১০:৯, ১২; ১২:৯, ১০; ১৯:২৫; ২৭:৫; ২৮:২৮) কঠোৰ পৰীক্ষাৰ দ্বাৰা পৰীক্ষিত হোৱাৰ পিছত তেওঁ যিহোৱাৰ বিষয়ে এইদৰে কৈছিল: “পূৰ্ব্বে তোমাৰ বিষয়ে মই কাণেৰেহে শুনিছিলোঁ, কিন্তু এতিয়া নিজ চকুৰে তোমাক দেখিলোঁ।”—ইয়োব ৪২:৫.

সেই ঘটনাটোৰ পিছৰ পৰা চয়তানে ঈশ্বৰৰ বিশ্বাসী সেৱকসকলক মিছা অভিযোগ দিয়াতো ত্যাগ দিলেনে? অৱশ্যেই নিদিলে। কিয়নো প্ৰকাশিত বাক্য নামৰ পুস্তকে বৰ্তমান সময়ত থকা খ্ৰীষ্টৰ অভিষিক্ত বৰ্গৰ ব্যক্তি আৰু তেওঁলোকৰ সঙ্গী উপাসকসকলৰ ওপৰত নিৰন্তৰে লগোৱা মিছা অভিযোগৰ বিষয়ে প্ৰকাশ কৰিছে। (২ তীমথিয় ৩:১২; প্ৰকাশিত বাক্য ১২:১০, ১৭) গতিকে আমি সকলোৱে আমাৰ তত্ত্বাৱধান লওঁতা যিহোৱাৰ অধীন হৈ, নিস্বাৰ্থৰে তেওঁৰ সেৱাত লাগি থাকি চয়তানক মিছলীয়া প্ৰমাণিত কৰাটো অতি গুৰুত্বপূৰ্ণ। তেনে কৰাৰ দ্বাৰা আমি যিহোৱাৰ মনক আনন্দিত কৰিম।—হিতোপদেশ ২৭:১১.

যিহোৱাই আমাক সহায় কৰিবলৈ আগ্ৰহী

৪, ৫. (ক) চয়তানৰ বিপৰীতে যিহোৱাই কি উদ্দেশ্যেৰে পৃথিৱীত দৃষ্টি কৰে? (খ) যদি আমি যিহোৱাৰ অনুগ্ৰহৰ অভিজ্ঞতা হʼব বিচাৰোঁ, তেনেহʼলে আমি কি কৰা আৱশ্যক?

চয়তানে কোনোবা এজনক অভিযোগ আৰু গ্ৰাস কৰাৰ উদ্দেশ্যেৰে গোটেই পৃথিৱীত ঘূৰি ফুৰে। (ইয়োব ১:৭, ৯; ১ পিতৰ ৫:৮) কিন্তু ইয়াৰ বিপৰীতে যিহোৱাই দুৰ্বল লোকসকলক বলৱন্ত হোৱাত সহায় কৰে। এই বিষয়ে ভৱিষ্যতবক্তা হনানীয়ে ৰজা আচাক এনেদৰে কৈছিল: “যিহোৱালৈ যিবিলাকৰ মন সিদ্ধ, সিবিলাকৰ পক্ষে নিজকে বলৱান দেখুৱাবৰ নিমিত্তে, তেওঁৰ চকু পৃথিবীৰ চাৰিওফালে ভ্ৰমণ কৰে।” (২ বংশাৱলি ১৬:৯) চয়তানৰ ঘৃণনীয় পৰ্য্যবেক্ষণ আৰু যিহোৱাই লোৱা প্ৰেমময় তত্ত্বাৱধানৰ মাজত কিযে এক ভিন্নতা আছে!

যিহোৱাৰ দৃষ্টিয়ে আমাৰ কোনো ভুল আৰু দোষ বিচাৰি উলিয়াবলৈ ঘূৰি নুফুৰে। এই সন্দৰ্ভত গীতমালা ৰচোঁতাজনে এইদৰে লিখিছিল: “হে যিহোৱা, তুমি অপৰাধ ধৰিলে, কোনে তিষ্ঠিব পাৰে?” (গীতমালা ১৩০:৩) সেই প্ৰশ্নটোৰ পোনপটীয়া উত্তৰ হৈছে: কোনেও তিষ্ঠিব নোৱাৰে। (উপদেশক ৭:২০) যদি সম্পূৰ্ণ হৃদয়েৰে যিহোৱাৰ কাষ চাপো তেন্তে তেওঁ আমাৰ ত্ৰুটিবোৰক নহয় কিন্তু আমি কৰা প্ৰচেষ্টাক দৃষ্টি কৰে, ইয়াৰ উপৰিও তেওঁ আমাৰ প্ৰাৰ্থনা শুনে আৰু পাপ ক্ষমা কৰে। এই সম্পৰ্কে পিতৰে এইদৰে লিখিছিল: ‘যিহোৱাৰ চকু ধাৰ্ম্মিকবিলাকৰ আৰু তেওঁৰ কাণ তেওঁবিলাকৰ প্ৰাৰ্থনালৈ; কিন্তু কুকৰ্ম্মকাৰীবিলাকলৈ যিহোৱাৰ মুখ কোদোৱা।’—১ পিতৰ ৩:১২.

৬. ৰজা দায়ূদৰ উদাহৰণে কেনেকৈ আমাৰ বাবে শান্ত্বনা আৰু সতৰ্কতা প্ৰদান কৰে?

ৰজা দায়ূদ এজন অসিদ্ধ ব্যক্তি হোৱাৰ বাবে গম্ভীৰভাৱে পাপ কৰিছিল। (২ চমূৱেল ১২:৭-৯) কিন্তু তেওঁ আন্তৰিকতাৰে মন-পালটন আৰু নিৰন্তৰে কৰা প্ৰাৰ্থনাৰ দ্বাৰা পুনৰাই যিহোৱাৰ কাষ চাপিব পাৰিলে। (গীতমালা ৫১:১-১২) যদিও যিহোৱাই দায়ূদৰ প্ৰাৰ্থনা শুনি দায়ূদৰ পাপ ক্ষমা কৰিলে তথাপিও তেওঁ পাপৰ পৰিণামসমূহৰ পৰা হাত হাৰিব নোৱাৰিলে। (২ চমূৱেল ১২:১০-১৪) এই বৃত্তান্তই আমাৰ বাবে শান্ত্বনা আৰু সতৰ্কতা প্ৰদান কৰে। আমি আন্তৰিকতাৰে মন-পালটন কৰিলে যিহোৱাই আমাক ক্ষমা কৰে বুলি জানি শান্ত্বনা লাভ কৰোঁ আৰু আনহাতে আমাক সতৰ্ক কৰে যে পাপ কৰাৰ সদায়েই গম্ভীৰ পৰিণাম হয়। (গালাতীয়া ৬:৭-৯) যদি আমি ঈশ্বৰৰ কাষ চাপিবলৈ বিচাৰোঁ তেন্তে যিহোৱাক অসন্তুষ্টি কৰা সকলো বেয়া কাৰ্য্যৰ পৰা সদায়ে আঁতৰি থকা উচিত।—গীতমালা ৯৭:১০.

যিহোৱাই তেওঁৰ লোকসকলক নিজৰ কাষলৈ আনে

৭. যিহোৱাই কেনে লোকসকলৰ ওপৰত দৃষ্টি ৰাখে আৰু তেওঁলোকক কেনেকৈ নিজৰ কাষলৈ আনে?

ৰজা দায়ূদে তেওঁ লিখা এটা গীতমালাত এইদৰে প্ৰকাশ কৰিছিল: “যদিও যিহোৱা উন্নত, তথাপি তেওঁ নম্ৰ লোকলৈ দৃষ্টি কৰে; কিন্তু তেওঁ অহঙ্কাৰী লোকক দূৰৈৰ পৰা জানে।” (গীতমালা ১৩৮:৬) সেই একেইদৰে আন এজন গীতমালা ৰচোঁতাই এইদৰে কৈছিল: “যি জনাৰ আসন ওপৰত আছে, যি জনাৰ আকাশ-মণ্ডল আৰু পৃথিবীলৈ দৃষ্টি কৰিবৰ নিমিত্তে নিজকে নম্ৰ কৰিলে, . . . আমাৰ সেই ঈশ্বৰ যিহোৱাৰ তুল্য কোন?” (গীতমালা ১১৩:৫-৬, ৯) সঁচাকৈ বিশ্বৰ সৰ্ব্বোপৰিজনাই পৃথিৱীলৈ চকু দিয়ে, যাতে “নম্ৰ লোকবিলাক” আৰু “সকলো ঘিণলগীয়া কাৰ্য্যৰ নিমিত্তে হুমুনিয়াহ পেলোৱা আৰু চিঞৰি কন্দা মানুহৰ” প্ৰতি দৃষ্টি দিব পাৰে। (যিহিষ্কেল ৯:৪) তেনে ব্যক্তিসকলক তেওঁ নিজৰ পুত্ৰ যীচুৰ দ্বাৰা নিজৰ কাষলৈ আনে। সেয়েহে পৃথিৱীত থকা সময়ছোৱাত যীচুৱে এইদৰে কʼব পাৰিলে: “মোক পঠোৱা পিতৃয়ে আকৰ্ষণ নকৰিলে, কোনেও মোৰ ওচৰলৈ আহিব নোৱাৰে . . . পিতৃৰ পৰা শক্তি দিয়া নহলে, কোনেও মোৰ ওচৰলৈ আহিব নোৱাৰে।” (যোহন ৬:৪৪, ৬৫)

৮, ৯. (ক) আমি সকলোৱে কিয় যীচুৰ কাষ চপা উচিত? (খ) মুক্তিপণ বলিদানৰ ব্যৱস্থা কিয় ইমান উল্লেখযোগ্য?

সমূদায় মানৱজাতি পাপত জন্ম হৈ ঈশ্বৰৰ পৰা আঁতৰি যোৱাৰ বাবে যীচুৰ মুক্তিপণ বলিদানক বিশ্বাস কৰি তেওঁৰ কাষ চপা উচিত। (যোহন ৩:৩৬) তেওঁলোকে পুনৰাই ঈশ্বৰৰ সৈতে মিল হোৱা আৱশ্যক। (২ কৰিন্থীয়া ৫:২০) শান্তি লাভ কৰাত তেওঁলোকৰ বাবে কোনো ব্যৱস্থা কৰিবলৈ তেওঁলৈ সহায় বিচাৰি প্ৰাৰ্থনা কৰালৈকে ঈশ্বৰে অপেক্ষা কৰি নাথাকে। এই সংক্ৰান্তত পাঁচনি পৌলে এইদৰে কৈছিল: “ঈশ্বৰে আমালৈ তেওঁৰ প্ৰেম প্ৰমাণ দিছে; কাৰণ ইতিপূৰ্ব্বেই যেতিয়া আমি পাপী আছিলোঁ, তেতিয়া খ্ৰীষ্টে আমাৰ কাৰণে আপোন প্ৰাণ দিলে। কিয়নো যেতিয়া শত্ৰু আছিলোঁ, তেতিয়া ঈশ্বৰৰ পুত্ৰৰ মৃত্যুৰ দ্বাৰাই যদি আমি ঈশ্বৰে সৈতে মিল হলোঁ, তেন্তে মিল হোৱাত, কিমান অধিক গুণে তেওঁৰ জীৱনৰ পৰিত্ৰাণ পাম।”—ৰোমীয়া ৫:৮, ১০.

ঈশ্বৰে স্বয়ং মানৱক নিজৰ সৈতে মিল কৰাবলৈ আগবাঢ়ি আহে বুলি এই সত্যতাৰ প্ৰতি নিশ্চিত হৈ পাঁচনি যোহনে এইদৰে লিখিছিল: “ঈশ্বৰক একজাত পুত্ৰৰ দ্বাৰাই আমি জীৱন লাভ কৰিবলৈ ঈশ্বৰে যে তেওঁক জগতলৈ পঠালে, ই যাতে আমালৈ ঈশ্বৰৰ প্ৰেম প্ৰকাশিত হল। ঈশ্বৰক যে আমি প্ৰেম কৰিলোঁ, এনে নহয়, কিন্তু তেওঁহে আমাক প্ৰেম কৰিলে, আৰু আমাৰ পাপৰ প্ৰায়শ্চিত্ত হবলৈ নিজ পুত্ৰক পঠাই দিলে; ইয়াতেই প্ৰেম আছে।” (১ যোহন ৪:৯, ১০) তেওঁৰ সৈতে পুনৰাই মিল কৰাবলৈ মানুহে নহয় কিন্তু ঈশ্বৰে স্বয়ং নিজেই আগভাগ ললে। “পাপী” আৰু ঈশ্বৰৰ “শত্ৰু” হোৱাৰ স্বত্বেও তেওঁ আমালৈ প্ৰেম প্ৰকাশ কৰাত আমি তেওঁৰ প্ৰতি আকৰ্ষিত নহওঁনে বাৰু?—যোহন ৩:১৬.

যিহোৱাক অন্বেষণ কৰা আৱশ্যক

১০, ১১. (ক) আমি যিহোৱাক অন্বেষণ কৰিবলৈ কি কৰা আৱশ্যক? (খ) চয়তানৰ জগতে আমাক কেনে দৃষ্টি কৰিব বুলি অপেক্ষা কৰিব পাৰোঁ?

১০ বাস্তৱতে যিহোৱাই আমাক নিজৰ কাষলৈ নিবলৈ কেতিয়াও বল প্ৰয়োগ কৰা নাই। সেয়েহে আমি যাতে ‘ঈশ্বৰক বিচাৰি বিচাৰি, কোনোমতে খপিয়াই পাওঁ তথাপি তেওঁ আমাৰ কাৰো পৰা দূৰ নহয়’ বুলি জানি তেওঁক অন্বেষণ কৰা উচিত। (পাঁচনিৰ কৰ্ম্ম ১৭:২৭) তেওঁৰ অধীনস্থ হʼবলৈ দিয়া আমন্ত্ৰণ যে একেবাৰে উপযুক্ত ইয়াকে জানি আমি সেই নিমন্ত্ৰণ গ্ৰহণ কৰা উচিত। এই সন্দৰ্ভত শিষ্য যাকোবে এইদৰে লিখিছিল: “তোমালোক ঈশ্বৰৰ বশীভূত হোৱা; কিন্তু চয়তানক প্ৰতিৰোধ কৰা; তাতে সি তোমালোকৰ পৰা পলাই যাব। ঈশ্বৰৰ ওচৰলৈ চাপি আহাঁ; তাতে তেৱোঁ তোমালোকৰ ওচৰলৈ চাপিব। হে পাপী মানুহ, তোমালোকৰ হাত শুচি কৰা; হে দুই মনৰ মানুহ, তোমালোকৰ হৃদয় শুদ্ধ কৰা।” (যাকোব ৪:৭, ৮) গতিকে আমি চয়তানৰ বিৰুদ্ধে আৰু যিহোৱাৰ পক্ষে দৃঢ়সঙ্কল্প লʼবলৈ কেতিয়াও সংকোচ বোধ কৰা উচিত নহয়।

১১ ইয়াৰ অৰ্থ হৈছে চয়তানৰ দুষ্ট ৰীতি-ব্যৱস্থাৰ পৰা নিজকে আঁতৰ কৰা। তদুপৰি যাকোবে এইদৰে কৈছিল: “হে ব্যভিচাৰিণীবিলাক, জগতৰ মিত্ৰতাই ঈশ্বৰৰ শত্ৰুতা, ইয়াক তোমালোকে নাজানা নে? এতেকে যি জনে জগতৰ মিত্ৰ হবলৈ ইচ্ছা কৰে, তেওঁ নিজকে নিজে ঈশ্বৰৰ শত্ৰু কৰি লয়।” (যাকোব ৪:৪) ইয়াৰ বিপৰীতে যদি আমি যিহোৱাৰ বন্ধু হʼব বিচাৰোঁ তেন্তে চয়তানৰ জগতে যে আমাক ঘিণাব, এই বুলি অপেক্ষা কৰিব পাৰোঁ।—যোহন ১৫:১৯; ১ যোহন ৩:১৩.

১২. (ক) ৰজা দায়ূদে কেনে শান্ত্বনাদায়ক বাক্য লিখিছিল? (খ) ভৱিষ্যতবক্তা অজৰিয়াৰ দ্বাৰা যিহোৱাই কেনে সতৰ্কবাণী প্ৰদান কৰিলে?

১২ কোনো এক বিশেষ কাৰণৰ বাবে যেতিয়া চয়তানৰ এই জগতে আমাৰ বিৰুদ্ধে থিয় দিয়ে তেতিয়া প্ৰাৰ্থনাৰ যোগেদি যিহোৱাৰ পৰা সহায় বিচৰা উচিত। বহুবাৰ যিহোৱাৰ নিৰাপত্তা অনুভৱ কৰাৰ বাবে আমাৰ শান্ত্বনাৰ অৰ্থে ৰজা দায়ূদে এইদৰে লিখিছিল: “যিবিলাকে যিহোৱাৰ আগত প্ৰাৰ্থনা কৰে, যিবিলাকে সত্যেৰে তেওঁৰ আগত প্ৰাৰ্থনা কৰে, যিহোৱা সেই সকলোৰে ওচৰ। তেওঁ তেওঁলৈ ভয় ৰাখোঁতাবিলাকৰ বাঞ্ছা পূৰ্ণ কৰিব, আৰু সিবিলাকৰ কাতৰোক্তি শুনি সিবিলাকক ত্ৰাণ কৰিব। যিহোৱাই তেওঁক প্ৰেম কৰোঁতা সকলোকে ৰক্ষা কৰে, কিন্তু সকলো দুষ্টক হলে তেওঁ বিনষ্ট কৰিব।” (গীতমালা ১৪৫:১৮-২০) গীতমালাৰ এই অংশই দেখুৱাইছে যে আমি ব্যক্তিগতৰূপে সম্মুখীন হোৱা পৰীক্ষাৰ পৰা যিহোৱাই আমাক উদ্ধাৰ কৰিব পাৰে আৰু “মহা-ক্লেশৰ” সময়ত তেওঁ নিজৰ লোকবিলাকক সমূহীয়াকৈ উদ্ধাৰ কৰিব। (প্ৰকাশিত বাক্য ৭:১৪) যদি আমি যিহোৱাৰ কাষত থাকোঁ তেন্তে তেৱোঁ আমাৰ কাষত থাকিব। ভৱিষ্যতবক্তা অজৰিয়াই “ঈশ্বৰৰ আত্মাৰ” দ্বাৰা পৰিচালিত হৈ সত্যতাৰ বিষয়ে আমি কি বিবেচনা কৰিব পাৰোঁ এই বিষয়ে বৰ্ণনা কৰি এইদৰে লিখিছিল: “তোমালোক যেতিয়ালৈকে যিহোৱাৰ লগত থাকা, তেতিয়ালৈকে তেৱোঁ তোমালোকৰ লগত থাকিব; আৰু যদি তোমালোকে তেওঁক বিচাৰা, তেনেহলে তেৱোঁ তোমালোকক নিজকে পাবলৈ দিব; কিন্তু যদি তোমালোকে তেওঁক ত্যাগ কৰা, তেন্তে তেৱোঁ তোমালোকক ত্যাগ কৰিব।”—২ বংশাৱলি ১৫:১, ২.

যিহোৱা আমালৈ বাস্তৱিক হোৱা উচিত

১৩. যিহোৱা যে আমাৰ বাবে বাস্তৱিক তাক আমি কেনেকৈ দেখুৱাব পাৰোঁ?

১৩ মোচিৰ বিষয়ে পাঁচনি পৌলে এইদৰে কৈছিল “অদৃশ্য জনাক দেখা পোৱাৰ দৰে তেওঁ থিৰে থাকিল।” (ইব্ৰী ১১:২৭) বাস্তৱতে মোচিয়ে কেতিয়াও যিহোৱাক দেখা নাছিল। (যাত্ৰাপুস্তক ৩৩:২০) তথাপিও যিহোৱা তেওঁৰ বাবে ইমানে বাস্তৱিক আছিল যে মোচিয়ে যেন তেওঁক নিজ চকুৰে দেখিছিল। একেইদৰে পৰীক্ষাৰ অন্তত ইয়োবে বিশ্বাসৰ চকুৰে যিহোৱাক স্পষ্টকৈ দেখা পাইছিল, যিজনে নিজৰ সেৱকবিলাকক পৰীক্ষিত হʼবলৈ যদিও অনুমতি দিয়ে তথাপিও তেওঁ তেওঁবিলাকক কেতিয়াও ত্যাগ নিদিয়ে। (ইয়োব ৪২:৫) হনোক আৰু নোহে ‘ঈশ্বৰৰ সৈতে চলিছিল’ বুলি কোৱা হʼল। তেওঁলোকে ঈশ্বৰক সন্তুষ্ট আৰু তেওঁৰ আজ্ঞাকাৰী হৈ ইয়াৰ প্ৰমাণ দিছিল। (আদিপুস্তক ৫:২২-২৪; ৬:৯, ২২; ইব্ৰী ১১:৫, ৭) হনোক, নোহ আৰু মোচিৰ দৰে যদি যিহোৱা আমালৈ বাস্তৱিক হয় তেন্তে আমি সকলো কাৰ্য্যত “তেওঁক স্বীকাৰ” কৰিম আৰু “তেওঁ [আমাৰ] পথবোৰ সমান কৰিব।”—হিতোপদেশ ৩:৫, ৬.

১৪. যিহোৱাত “আসক্ত” হোৱাৰ অৰ্থ কি?

১৪ প্ৰতিজ্ঞাত দেশত প্ৰৱেশ কৰাৰ কিছু সময়ৰ পূৰ্ব্বেই ইস্ৰায়েলজাতিক মোচিয়ে এইদৰে পৰামৰ্শ দি কৈছিল: “তোমালোকে তোমালোকৰ ঈশ্বৰ যিহোৱাৰেই পাছত চলিবা, তেওঁকেই ভয় কৰিবা, তেওঁৰেই আজ্ঞা পালন কৰিবা, তেওঁৰ কথাতেই মন দিবা, তেওঁৰেই আৰাধনা কৰিবা, আৰু তেওঁতেই আসক্ত হবা।” (দ্বিতীয় বিবৰণ ১৩:৪) তেওঁলোকক যিহোৱাৰ পাছত চলা, তেওঁক ভয় মনা, আজ্ঞাকাৰী হোৱা আৰু তেওঁত আসক্ত হৈ থাকিব লাগিছিল। “আসক্ত” বুলি উল্লেখ কৰা শব্দটোৰ বিষয়ে এজন বাইবেল বিদ্বানে বৰ্ণনা কৰি কৈছে যে “হিব্ৰু ভাষাত এই শব্দটোৰ অৰ্থ হৈছে এক নিবিড় সম্পৰ্ক গঢ়ি তুলা।” গীতমালা ৰচোঁতাই এইদৰে বৰ্ণনা কৰিছিল: “যিহোৱালৈ ভয় ৰাখোঁতাবিলাক তেওঁৰ নিগূঢ় মন্ত্ৰণাৰ অধিকাৰী।” (গীতমালা ২৫:১৪) যদি তেওঁ আমালৈ বাস্তৱিক হয়, তেন্তে তেওঁৰ প্ৰতি থকা প্ৰেমৰ বাবে আমি তেওঁক অসন্তুষ্ট কৰাৰ পৰা আঁতৰি থাকি আমিও সেই বহুমূলীয়া সম্পৰ্ক গঢ়ি তুলিব পাৰিম।—গীতমালা ১৯:৯-১৪.

যিহোৱাই আমাৰ প্ৰতি চিন্তা কৰে বুলি আপুনি জানেনে?

১৫, ১৬. (ক) যিহোৱাই আমাৰ বাবে কৰা চিন্তাৰ বিষয়ে গীতমালা ৩৪ অধ্যায়ত কেনেকৈ উল্লেখ কৰিছে? (খ) যিহোৱাই আমালৈ কৰা মঙ্গলময় কাৰ্য্যৰ বিষয়ে স্মৰণ কৰিবলৈ যদি কঠিন যেন বোধ হৈছে, তেনেহʼলে আমি কি কৰা উচিত?

১৫ চয়তানে চতুৰতাৰে কৰা এটা কাৰ্য্য হৈছে, যিহোৱাই তেওঁৰ বিশ্বাসী সেৱকসকলৰ প্ৰতি চিন্তা কৰে তাৰ বিষয়ে আমাৰ দৃষ্টি ম্লান কৰিবলৈ চেষ্টা কৰা। ৰজা দায়ূদে অতি কঠিন পৰিস্থিতিসমূহৰ সম্মুখীন হোৱাত যিহোৱাই কেনেকৈ তেওঁক সুৰক্ষা প্ৰদান কৰিছিল তাৰ বিষয়ে তেওঁ ভালকৈ জানিছিল। এবাৰ তেওঁ গাতৰ আখীৰৰ ৰজাৰ সম্মুখত বলিয়া হোৱাৰ ভাও জুৰিবলৈ বাধ্য হোৱাৰ সময়ত তেওঁ এটা সুন্দৰ গীত ৰচিলে, যʼত এইদৰে বিশ্বাসৰ অভিব্যক্তিবোৰ প্ৰকাশ পাইছিল: “তোমালোকে মোৰে সৈতে যিহোৱাৰ মহিমা কীৰ্ত্তন কৰা, আহাঁ, আমি একে-লগে তেওঁৰ নামৰ প্ৰশংসা কৰোহঁক। মই যিহোৱাক বিচাৰিলোঁ; তাতে তেওঁ মোক উত্তৰ দিলে, আৰু মোৰ সকলো ভয়ৰ পৰা তেওঁ মোক উদ্ধাৰ কৰিলে। যিহোৱাৰ দূতে তেওঁলৈ ভয় ৰাখোঁতাবিলাকৰ চাৰিওফালে ছাউনি পাতে, আৰু তেওঁবিলাকক উদ্ধাৰ কৰে। যিহোৱা যে মঙ্গলময়, তাক তোমালোকে আশ্বাদন কৰি চোৱা; তেওঁত আশ্ৰয় লওঁতা লোক ধন্য। যিহোৱা ভগ্ন-চিত্তীয়াবিলাকৰ ওচৰ; খেদিত মন হোৱাবিলাকক তেওঁ পৰিত্ৰাণ কৰে। ধাৰ্ম্মিক লোকৰ বিপদ অনেক, কিন্তু যিহোৱাই সেই জনক সেই সকলোৰ পৰা উদ্ধাৰ কৰে।”—গীতমালা ৩৪:৩, ৪, ৭, ৮, ১৮, ১৯; ১ চমূৱেল ২১:১০-১৫.

১৬ যিহোৱাৰ উদ্ধাৰ কৰিবলৈ শক্তি আছে বুলি আপুনি সম্পূৰ্ণকৈ নিশ্চিত নে? আপুনি স্বৰ্গদূতে প্ৰদান কৰা নিৰাপত্তাৰ প্ৰতি অৱগত নে? যিহোৱা যে মঙ্গলময় তাক আপুনি ব্যক্তিগতভাৱে পৰীক্ষা কৰিছেনে? আপোনাৰ মনত আছেনে যে যিহোৱাই কেতিয়া আপোনালৈ মঙ্গলময় হোৱাৰ পৰিচয় দিছিল? সেইবোৰক মনত পেলাবলৈ চেষ্টা কৰক। ঘৰে-ঘৰে কৰা প্ৰচাৰ কাৰ্য্যত ভাগ লৈ আপুনি শেষ ঘৰটোত উপস্থিত হোৱাত ভাগৰি পৰাৰ বাবে বাকী থকা ঘৰবিলাকলৈ যাব নোৱাৰোঁ বুলি অনুভৱ কৰিছিল নে? সম্ভৱতঃ সেই ঘৰটোৰ গৃহস্থৰ সৈতে আপোনাৰ উৎসাহজনক কথোপকথন হৈছিল। আৱশ্যক হোৱা তেনে অসীম সামৰ্থ আৰু আশীৰ্ব্বাদ প্ৰদান কৰাৰ বাবে যিহোৱাক ধন্যবাদ কৰিবলৈ আপোনাৰ মনত পৰিছিল নে? (২ কৰিন্থীয়া ৪:৭) আনহাতে যিহোৱাই কোনো বিশেষ কাৰণৰ বাবে আপোনালৈ দেখুৱা মঙ্গলময়ৰ বিষয়ে আপোনাৰ হয়তো সহজে মনত নপৰিব পাৰে। তাৰ বাবে আপুনি হয়তো সপ্তাহ, মাহ বা এবছৰ বা তাতকৈ অতীতত ঘটা ঘটনাৰ বিষয়ে মনত পেলাব লগীয়া হʼব পাৰে। যদি আপোনাৰ সৈতেও তেনে হৈছে, তেন্তে যিহোৱাৰ কাষ চাপিবলৈ আৰু তেওঁ কৰা পথ-প্ৰদৰ্শনক দৃষ্টি কৰিবলৈ কিয় একেৰাহে প্ৰচেষ্টা নকৰে? এই সন্দৰ্ভে পাঁচনি পিতৰে প্ৰকৃত খ্ৰীষ্টানসকলক এইদৰে উপদেশ দিছিল: “ঈশ্বৰে উপযুক্ত সময়ত তোমালোকক যেন উন্নত কৰে, এই কাৰণে নিজক তেওঁৰ পৰাক্ৰমী হাতৰ অধীনত নত কৰা আৰু তোমালোকৰ সকলো চিন্তাৰ ভাৰ তেওঁৰ ওপৰত পেলাই দিয়া; কিয়নো তোমালোকৰ কাৰণে তেওঁ চিন্তা কৰে।” (১ পিতৰ ৫:৬, ৭) দৰাচলতে তেওঁ আপোনাৰ বাবে কৰা চিন্তাক দেখি আপুনি কিমান যে আচৰিত হʼব!—গীতমালা ৭৩:২৮.

নিৰন্তৰে যিহোৱাক অন্বেষণ কৰক

১৭. একেৰাহে যিহোৱাক অন্বেষণ কৰিবলৈ আমি কি কৰা আৱশ্যক?

১৭ যিহোৱাৰ সৈতে আমাৰ সম্বন্ধ বজাই ৰখাৰ কোনো শেষসীমা নাই। পিতৃলৈ প্ৰাৰ্থনা কৰাৰ সময়ত যীচুৱে এইদৰে কৈছিল: “একমাত্ৰ সত্য ঈশ্বৰ যি তুমি, তোমাক আৰু তুমি পঠোৱা যীচু খ্ৰীষ্টক জনা, এয়েই অনন্ত জীৱন।” (যোহন ১৭:৩) যিহোৱা আৰু যীচুৰ সম্বন্ধে জ্ঞান আহৰণ কৰিবলৈ আমি নেৰানেপেৰাকৈ চেষ্টা কৰা প্ৰয়োজন। “ঈশ্বৰৰ গভীৰ কথাক” বুজিবলৈ হʼলে আমাক প্ৰাৰ্থনা আৰু পবিত্ৰ আত্মাৰ সহায়ৰ আৱশ্যক। (১ কৰিন্থীয়া ২:১০; লূক ১১:১৩) তদুপৰি আধ্যাত্মিক বিষয়সমূহেৰে আমাৰ মনটোক গঢ় দিবলৈ “উচিত সময়ত আহাৰ” প্ৰদান কৰা “বিশ্বাসী বুদ্ধিমান দাসৰ” নিৰ্দ্দেশনা অনুসাৰে চলা উচিত। (মথি ২৪:৪৫) কিয়নো সেই মাধ্যমৰ যোগেদি যিহোৱাই আমাক নিতৌ বাইবেল পাঠ কৰা, সভাত উপস্থিত হোৱা আৰু অৰ্থপূৰ্ণভাৱে “ৰাজ্যৰ এই শুভবাৰ্ত্তাৰ” প্ৰচাৰ কাৰ্য্যত ভাগ লোৱাৰ বিষয়ে পৰামৰ্শ প্ৰদান কৰে। (মথি ২৪:১৪) তেনে কৰাৰ দ্বাৰা আমি একেৰাহে আমাৰ প্ৰতি চিন্তা কৰা ঈশ্বৰ যিহোৱাক অন্বেষণ কৰিম।

১৮, ১৯. (ক) আমি কি কৰিবলৈ দৃঢ়সঙ্কল্প লোৱা উচিত? (খ) যদি চয়তানৰ বিৰুদ্ধে দৃঢ়সঙ্কল্প লওঁ আৰু নিৰন্তৰে যিহোৱাক অনুসন্ধান কৰোঁ তেন্তে আমি কেনে আশীৰ্ব্বাদ লাভ কৰিম?

১৮ যিহোৱাৰ সাক্ষীসকলৰ ওপৰত তাড়না আৰু বিৰোধ আনিবলৈ চয়তানে সকলো প্ৰকাৰে চেষ্টা চলাইছে। যিহোৱাৰ প্ৰতি লোৱা আমাৰ পদক্ষেপ আৰু আমাৰ মানসিক শান্তি ভঙ্গ কৰিবলৈ সি উঠি পৰি লাগিছে। কিয়নো আমাৰ কাৰ্য্যৰ দ্বাৰা নম্ৰ লোকবিলাকক বিচাৰি তেওঁলোকক সাৰ্ব্বভৌম যিহোৱাৰ পক্ষ লʼবলৈ সহায় কৰাটো সি কেতিয়াও নিবিচাৰে। কিন্তু আমি যিহোৱাৰ প্ৰতি আনুগত্য বজাই ৰাখিবলৈ আৰু তাৰ ফান্দৰ পৰা উদ্ধাৰ কৰিব পৰা তেওঁৰ ক্ষমতাৰ ওপৰত ভাৰসা ৰাখিবলৈ দৃঢ় হোৱা উচিত। ঈশ্বৰৰ বাক্যৰ দ্বাৰা মাৰ্গ-নিৰ্দ্দেশন আৰু তেওঁৰ সংগঠনত সক্ৰিয়কৈ ভাগ লোৱাৰ দ্বাৰা আমি নিশ্চিত হʼব পাৰোঁ যে তেওঁ আমাক সদায়েই সহায় কৰিব।—যিচয়া ৪১:৮-১৩.

১৯ গতিকে আঁহক আমি সকলোৱে চয়তানৰ চতুৰতাৰ কাৰ্য্যবোৰক প্ৰতিৰোধ কৰি ‘আমাৰ বিশ্বাস দৃঢ় আৰু বলৱন্ত’ কৰা যিহোৱাক নিতৌ অন্বেষণ কৰোঁহঁক। (১ পিতৰ ৫:৮-১১) তেনে কৰাৰ দ্বাৰা আমি নিজকে ‘ঈশ্বৰৰ প্ৰেমত ৰাখিম আৰু অনন্ত জীৱনৰ অৰ্থে, আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ দয়ালৈ অপেক্ষা কৰি থাকিম।’—যিহূদা ২০-২১. (w02 10/15)

আপুনি কেনেকৈ উত্তৰ দিব?

• “দিয়াবল” নামৰ অৰ্থ কি আৰু দিয়াবল অৰ্থাৎ চয়তানে কেনেকৈ তাৰ নামৰ অনুসাৰে কাৰ্য্য কৰে?

• এই পৃথিৱীলৈ দিয়া যিহোৱাৰ দৃষ্টি কেনেকৈ চয়তানৰ দৃষ্টিৰ পৰা ভিন্ন?

• যিহোৱাৰ কাষ চাপিবলৈ এজন ব্যক্তিক কিয় মুক্তিপণ বলিদানৰ ওপৰত বিশ্বাস কৰা প্ৰয়োজন?

• যিহোৱাত আসক্ত হোৱা মানে কি আৰু আমি কেনেকৈ তেওঁক অন্বেষণ কৰিব পাৰোঁ?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[২৭ পৃষ্ঠাৰ ছবি]

তাড়নাৰ সম্মুখীন হোৱাৰ স্বত্বেও ইয়োবে যিহোৱাই তেওঁলৈ কৰা চিন্তাৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছিল।

[২৮ পৃষ্ঠাৰ ছবি]

নিতৌ বাইবেল পাঠ, সভাত উপস্থিত আৰু উৎসাহী হৈ প্ৰচাৰত ভাগ লোৱা কাৰ্য্যই যিহোৱাই আমাৰ প্ৰতি কৰা চিন্তাৰ বিষয়ে সোঁৱাৰাই দিয়ে