Skip to content

Skip to table of contents

উপাসনাৰ স্থানসমূহ—আমাক সেইবোৰৰ আৱশ্যক নে?

উপাসনাৰ স্থানসমূহ—আমাক সেইবোৰৰ আৱশ্যক নে?

উপাসনাৰ স্থানসমূহ—আমাক সেইবোৰৰ আৱশ্যক নে?

‘ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা অহা হাজাৰ হাজাৰ তীৰ্থযাত্ৰীয়ে ৰঙ-বিৰঙৰ বস্ত্ৰ পৰিধান কৰি পূৰ্ব ইস্পেনীয়া লোকৰ দৰে ঢ়োল বজাই নিত্য কৰি অতি বিশ্বাসেৰে নিজ আঁঠুৰে খোজ কাঢ়ি মন্দিৰলৈ যায়। সেই মন্দিৰৰ পথত ভৰি থকা অসংখ্য তীৰ্থযাত্ৰীসকলৰ ভিতৰত অনেক আৰক্ষী ব্যক্তি, স্কাউট, পুৰুষ, স্ত্ৰী, লʼৰা-ছোৱালী আৰু বৃদ্ধ ব্যক্তিসকলো সন্মিলিত আছে।’

 সেইবাবে এল একনমিষ্টা নামৰ বাতৰি কাতত ডিচেম্বৰ ২০০১ চনত বিপুল পৰিমাণৰ লোকসমূহ আহিছিল বুলি বৰ্ণনা কৰিছিল। সেই একেই সময়ত মেক্সিকো চহৰত থকা কুমাৰী গৌদালোপ গীৰ্জাত ৩০ লাখ লোকে নিজৰ বিশ্বাস প্ৰকাশ কৰিবলৈ একগোট হয়। আন ধৰ্ম্মীয় বৃহৎ অট্টালিকা হৈছে ৰোমত থকা চেন্ট্‌. পিটাৰ্চ বাচিলীকা, তাতো অনেক সংখ্যক তীৰ্থযাত্ৰীৰ সমাগম হয়।

দৰাচলতে ধৰ্ম্মীয় অট্টালিকাবোৰে ঈশ্বৰক উপাসনা কৰিব বিচৰা লোকবিলাকৰ হৃদয়ত এক বিশেষ স্থান অধিকাৰ কৰি আহিছে। এই বিষয়ে ব্ৰাজিলৰ মাৰিয়াই এইদৰে কৈছিল: “মোৰ বাবে গীৰ্জা হৈছে এনে এটা স্থান যʼত মই নিজকে ঈশ্বৰৰ কাষত থকা যেন অনুভৱ কৰোঁ। এইটো এটা পবিত্ৰ স্থান। মই গীৰ্জালৈ গৈ নিজৰ প্ৰাণ শুদ্ধ কৰোঁ আৰু গীৰ্জালৈ নোযোৱাটো আৰু প্ৰত্যেক দেওবাৰে পাপ স্বীকাৰ নকৰাটোক মই পাপ বুলি বিশ্বাস কৰোঁ।” মেক্সিকোত থকা কনচোলিৱই এইদৰে কয়: “গীৰ্জাই মোৰ মনত গভীৰ অনুভূতি উৎপন্ন কৰে; যাক মই অধিক মূল্যাঙ্কন কৰোঁ। যেতিয়া তাত উপস্থিত হওঁ তেতিয়া মোৰ এনে লাগে যে মই যেন স্বৰ্গত আছোঁ।”

যিহেতু কিছুমান লোকৰ বাবে উপাসনা কৰিবলৈ গীৰ্জাবোৰৰ প্ৰয়োজন, কিন্তু আন কিছুমানে উপাসনাৰ বাবে কোনো উপাসনা গৃহৰ আৱশ্যক আছে নে নাই এই বিষয়ে সন্দেহ প্ৰকাশ কৰে। গীৰ্জাসমূহত উপস্থিত হোৱা লোকৰ সংখ্যা ক্ৰমান্বয়ে কমি অহাৰ বিষয়ে ইংলেণ্ডৰ পিতৰ ছিবেৰ্ট নামৰ এজন কেথলিক যাজকে এইদৰে কৈছিল: “[লোকসকলে] পছন্দ অনুসাৰে ধৰ্ম্মৰ এটা ভাগক পালন কৰিবলৈ বাছি লৈছে। বেছি ভাগ বৃদ্ধলোকে এতিয়াও বিশ্বাসী হৈ গীৰ্জাত উপস্থিত হয়, কিন্তু ডেকা লোকবিলাকে গীৰ্জাত উপস্থিত হোৱাৰ বাবে কোনো দায়িত্ববোধ নকৰে।” লণ্ডনত ১৯৯৮ চনৰ নবেম্বৰ ২০ তাৰিখে প্ৰকাশ পোৱা ডেইলি টেলিগ্ৰাফ নামৰ এখন বাতৰি কাকতত এইদৰে কোৱা হয়: “ইংলেণ্ডত ১৯৭৯ চনৰ পৰা এতিয়ালৈকে প্ৰায় ১,৫০০ টা গীৰ্জাঘৰ বন্ধ হৈ পৰিছে আৰু ৪৯৫ টা গীৰ্জাঘৰৰ ভিতৰত কেৱল ১৫০ টা গীৰ্জাঘৰ মেৰামতি কৰি মুকলি কৰা হৈছে।”

১৯৯৭ চনত জাৰ্মানীৰ মিউনিখ্‌ নামৰ চহৰত প্ৰকাশ পোৱা চুড্‌দেউটশ্বাখ্‌ জেইটুং নামৰ এখন বাতৰি কাকতত এইদৰে কোৱা হৈছিল: “গীৰ্জাঘৰবোৰ ক্ৰমান্বয়ে চিনেমা ঘৰ আৰু বাসস্থানলৈ পৰিণত হৈছে: বিশ্বাসীসকলে গীৰ্জাত উপস্থিত হোৱাৰ পৰা বিৰত আছে, উপাসনাৰ স্থানবোৰ আন উদ্দেশ্যৰ বাবে ব্যৱহাৰ কৰা হৈছে। . . . যিদৰে ইংলেণ্ড বা নেডাৰলেণ্ডত সাধাৰণতে কৰা হৈছিল তেনেদৰে জাৰ্মানীতো কৰা হʼল।” তদুপৰি সেই কাকতখনত আগলৈ এইদৰে কোৱা হয়: “এজনে হয়তো বিচাৰি পাব পাৰে যে যোৱা কেইবা বছৰত জাৰ্মানীত প্ৰায় ৩০ বা ৪০ টা গীৰ্জাঘৰ আচৰিতভাৱে বিক্ৰি হৈছে।”

এতেকে ঈশ্বৰক উপাসনা কৰিবলৈ বাস্তৱতে ধৰ্ম্মীয় গৃহবোৰৰ আৱশ্যকনে? গীৰ্জাঘৰবোৰক বৈশিষ্ট্যপূৰ্ণ আৰু অত্যাধিক কাৰুকাৰ্য্য কৰাটো শাস্ত্ৰীয় প্ৰথা নে? সত্য আৰু জীৱিত ঈশ্বৰক উপাসনা কৰিবলৈ কেনেধৰণৰ ভৱন বা অট্টালিকাৰ আৱশ্যক? উপাসনাৰ বাবে আৱশ্যক হোৱা গৃহবোৰৰ পৰা আমি কি শিকিব পাৰোঁ আৰু তাত কি হোৱা উচিত? (w02 11/15)