Skip to content

Skip to table of contents

একত্ৰিত হ’বলৈ ত্যাগ নিদিব

একত্ৰিত হ’বলৈ ত্যাগ নিদিব

একত্ৰিত হʼবলৈ ত্যাগ নিদিব

বাইবেলত এইদৰে কোৱা হৈছে যে, “কোনো কোনোৰ দস্তুৰমতে আমি গোট খাবলৈ নেৰি, দিন যিমান ওচৰ হোৱা দেখা, সিমান অধিককৈ পৰস্পৰে উদগাওঁহঁক।” (ইব্ৰী ১০:২৫) দৰাচলতে সত্য উপাসকসকলে এনে এটা উপাসনাৰ স্থানত একত্ৰিত হয় যʼত তেওঁলোকে “প্ৰেমত আৰু সৎকৰ্ম্মত উত্তেজিত হবলৈ . . . পৰস্পৰে মনোযোগ” কৰে।

প্ৰথম শতাব্দী অৰ্থাৎ আমাৰ সাধাৰণ যুগৰ পূৰ্বে যেতিয়া পাঁচনি পৌলে এই পূৰ্বৱৰ্তী বাক্যশাৰী লিখিছিল তেতিয়া ইহুদীসকলে যিৰূচালেমত থকা মন্দিৰক উপাসনা স্থান বুলি জ্ঞান কৰিছিল। তদুপৰি তাত ইহুদীসকলৰ ধৰ্ম্মধামো আছিল। সেয়েহে যীচুৱে “নাম-ঘৰত আৰু ধৰ্ম্মধামত, অৰ্থাৎ সকলো যিহূদীবিলাক গোট খোৱা ঠাইত সদায় শিক্ষা” দিছিল।—যোহন ১৮:২০.

 যেতিয়া পৌলে খ্ৰীষ্টানসকলক একত্ৰিত হৈ পৰস্পৰে উৎসাহিত কৰিবলৈ পৰামৰ্শ দিছিল তেতিয়া তেওঁ কেনে এক স্থানৰ বিষয়ে নিৰ্দ্দেশিত কৰিছিল? খ্ৰীষ্টীয় জগতৰ বৃহৎ ধৰ্ম্মীয় গীৰ্জাঘৰবোৰত যিৰূচালেম মন্দিৰৰ দৰে ব্যৱস্থা কৰা দেখিবলৈ পোৱা যায় নে? তথাকথিত খ্ৰীষ্টানসকলে কেতিয়া বিৰাট আকাৰৰ ধৰ্ম্মীয় ভৱনবোৰ নিৰ্ম্মাণ কৰিবলৈ আৰম্ভ কৰে?

‘ঈশ্বৰৰ নামৰ গৃহ’

বাইবেলৰ যাত্ৰাপুস্তক নামৰ কিতাপখনত প্ৰথমবাৰৰ বাবে ঈশ্বৰক উপাসনা কৰা স্থানৰ বিষয়ে উল্লেখ কৰা দেখিবলৈ পোৱা যায়। যিহোৱা ঈশ্বৰে তেওঁৰ নিৰ্ব্বাচিত লোকসকলক অৰ্থাৎ ইহুদীসকলক “আবাস” বা “সাক্ষাৎ কৰা তম্বু” নিৰ্ম্মাণ কৰিবলৈ নিৰ্দ্দেশনা দিছিল। তাত নিয়ম চন্দুক আৰু বহুতো পবিত্ৰ সাজ-সৰঞ্জাম ৰখা হৈছিল। সা.যু.পূ. ১৫১২ চনত নিৰ্ম্মাণ কাৰ্য্য শেষ হোৱাত “যিহোৱাৰ প্ৰতাপে আবাস পৰিপূৰ্ণ” কৰিলে। এই বহনীয় তম্বুৰ যোগেদি যিহোৱাৰ ব্যৱস্থাৰ বাবে তেওঁৰ কাষ চাপিবলৈ পাৰিছিল। এনে প্ৰথা প্ৰায় চাৰি শতিকাতকৈ অধিক সময় ধৰি চলি আছিল। (যাত্ৰাপুস্তক অধ্যায় ২৫-২৭; ৪০:৩৩-৩৮) তদুপৰি বাইবেলে সেই তম্বুক “যিহোৱাৰ মন্দিৰ” আৰু “যিহোৱাৰ গৃহ” বুলিও উল্লেখ কৰিছে।—১ চমূৱেল ১:৯, ২৪.

পাছলৈ দায়ূদে ৰজা হৈ যিৰূচালেমত স্থায়ীভাৱে যিহোৱাৰ মহিমাৰ অৰ্থে ভৱন নিৰ্ম্মাণ কৰিবলৈ দৃঢ়ভাৱে আগ্ৰহ প্ৰকাশ কৰিলে। যিহেতু দায়ূদ এজন যুদ্ধা হোৱাৰ বাবে যিহোৱাই তেওঁক এইদৰে কৈছিল: “তুমি মোৰ নিমিত্তে গৃহ নাসাজিবা।” ইয়াৰ পৰিৱৰ্তে যিহোৱাই দায়ূদৰ পুত্ৰ চলোমনক মন্দিৰ নিৰ্ম্মাণ কৰিবলৈ বাছনি কৰিলে। (১ বংশাৱলি ২২:৬-১০) চলোমনে সা.যু.পূ. ১০২৬ চনত মন্দিৰ উদ্ঘাটন কৰিলে আৰু সেই মন্দিৰ নিৰ্ম্মাণৰ বাবে চাৰে সাত বছৰ সময় লাগিল। যিহোৱাই এই মন্দিৰক অনুমোদন কৰি এইদৰে কʼলে: “তুমি নিৰ্ম্মাণ কৰা এই গৃহত মোৰ নাম চিৰকাললৈকে স্থাপন কৰিবৰ নিমিত্তে মই তাক পবিত্ৰ কৰিলোঁ, আৰু সদায় এই ঠাইলৈ মোৰ চকু আৰু ইয়াত মোৰ মন থাকিব।” (১ ৰাজাৱলি ৯:৩) যিমান সময়লৈকে ইস্ৰায়েলসকলে যিহোৱাৰ প্ৰতি বিশ্বাসী হৈ থাকিব সিমান সময়লৈকে তেওঁ সেই গৃহটিৰ যোগেদি তেওঁলোকক অনুগ্ৰহ দেখুৱাব। কিন্তু যদি তেওঁলোকে সঠিক পথৰ বিপৰীতে চলে তেতিয়া যিহোৱাই তেওঁৰ অনুগ্ৰহ বন্ধ কৰিব আৰু ‘সেই গৃহটি স্বয়ং ধ্বংস হʼব।’—১ ৰাজাৱলি ৯:৪-৯; ২ বংশাৱলি ৭:১৬, ১৯, ২০.

বাস্তৱতে এটা সময়ত ইস্ৰায়েলসকলে সত্য উপাসনা ত্যাগ কৰিলে। (২ ৰাজাৱলি ২১:১-৫) এইবাবে বাইবেলৰ অনুসাৰে সা.যু.পূ ৬০৭ চনত “[যিহোৱাই] কল্‌দীয়াবিলাকৰ ৰজাক তেওঁবিলাকৰ বিৰুদ্ধে আনিলে; . . . আৰু তেওঁৰ লোকবিলাকে ঈশ্বৰৰ গৃহ পুৰিলে, যিৰূচালেমেৰ গড় ভাঙিলে, তাৰ আটাই অট্টালিকাবোৰ জুইৰে পুৰি পেলালে, আৰু তাত থকা সকলো মনোহৰ পাত্ৰবোৰ নষ্ট কৰিলে। আৰু তৰোৱালৰ পৰা ৰক্ষা পোৱা লোকবিলাকক তেওঁ বাবিললৈ লৈ গল; . . . লোকবিলাক তেওঁৰ আৰু তেওঁৰ সন্তানবিলাকৰ দাস হৈ থাকিল।”—২ বংশাৱলি ৩৬:১৫-২১; যিৰিমিয়া ৫২:১২-১৪.

যিচয়া ভৱিষ্যতবক্তাই কোৱাৰ দৰে যিহোৱাই ইস্ৰায়েলসকলক পাৰস্য দেশৰ ৰজা কোৰচৰ দ্বাৰা বাবিলৰ বন্ধনৰ পৰা স্বাধীন কৰিলে। (যিচয়া ৪৫:১) বাবিলৰ দাসত্বলৈ যোৱা ৭০ বছৰৰ পিছত অৰ্থাৎ সা.যু.পূ ৫৩৭ চনত তেওঁলোকে যিৰূচালেম পুনৰ নিৰ্ম্মাণ কৰিবলৈ উভটি আহিল। (ইজ্ৰা ১:১-৬; ২:১, ২; যিৰিমিয়া ২৯:১০) যদিও মন্দিৰ নিৰ্ম্মাণ কাৰ্য্য পলম হৈছিল, তথাপিও সা.যু.পূ ৫১৫ চনত নিৰ্ম্মাণ কাৰ্য্য সম্পূৰ্ণ আৰু ঈশ্বৰৰ সত্য উপাসনা স্থাপনা কৰা হʼল। যদিও এই মন্দিৰ চলোমনে নিৰ্ম্মাণ কৰাৰ দৰে নাছিল, তথাপিও ইয়াৰ সংস্থাপনা প্ৰায় ৬০০ বছৰলৈকে অক্ষত আছিল। কিন্তু ইস্ৰায়েলসকলে পুনৰাই যিহোৱাৰ উপাসনাক অৱহেলা কৰাৰ বাবে নিৰ্ম্মাণ কৰা এই মন্দিৰ পুনৰ অস্তিত্বহীন হʼল। যেতিয়া যীচু এই পৃথিৱীলৈ আহিছিল তেতিয়া ৰজা হেৰোদৰ দ্বাৰা ক্ৰমান্বয়ে সেই মন্দিৰৰ পুনৰ নিৰ্ম্মাণ কৰা হʼল। এই মন্দিৰৰ কেনে অৱস্থা হʼবলৈ আছিল?

‘কোনো এটা শিলো আন এটাৰ ওপৰত এৰা নহব’

যিৰূচালেমলক উদ্দেশ্য কৰি যীচুৱে নিজৰ শিষ্যসকলক এইদৰে কৈছিল: “ইয়াত এনে এটা শিলো আন এটা শিলৰ ওপৰত এৰা নহব।” এই কথাষাৰ সত্যৰূপে প্ৰমাণিত হʼল, যেতিয়া সা.যু. ৭০ চনত ৰোমান সৈন্যই ইহুদীসকলৰ বিদ্ৰোহ দমন কৰিবলৈ আহি ঈশ্বৰৰ উপাসনা কেন্দ্ৰ ধ্বংস কৰিলে। a সেই মন্দিৰ পুনৰাই আৰু কেতিয়াও নিৰ্ম্মাণ কৰা নহʼল। সেই ঠাইত সাত শতিকাত ইচলামসকলে মঠ নিৰ্মাণ কৰিলে যাক শিলৰ গম্বুজ (ডুম অৱ দ্যা ৰʼক) বুলি কোৱা হয়। সেই শিলৰ গম্বুজ আজিলৈকে সেই স্থানত অৱস্থিত আছে, যʼত এসময়ত ইহুদীসকলৰ উপাসনা গৃহ আছিল।

উপাসনাৰ বাবে যীচুৰ শিষ্যসকলৰ কেনে ব্যৱস্থা আছিল? প্ৰাচীন খ্ৰীষ্টানসকলৰ পটভূমি ইহুদী আছিল নে, যিসকলে মন্দিৰ ধ্বংস হোৱাৰ পিছতো তালৈ আহি একেৰাহে উপাসনা কৰিছিল? অন্য জাতিৰ খ্ৰীষ্টানসকলে ঈশ্বৰৰ উপাসনা কোনো স্থানত কৰিলেহেঁতেননে? এগৰাকী চমৰিয়া মহিলাৰ সৈতে হোৱা যীচুৰ কথোপকথনে এই বিষয়ে অন্তৰ্দৃষ্টি প্ৰদান কৰে।

শতাব্দী ধৰি চমৰিয়া বাসীসকলে চমৰিয়াত থকা গৰিজ্জীম পৰ্ব্বতত থকা বৃহৎ মন্দিৰত ঈশ্বৰক উপাসনা কৰিছিল। সেই মহিলাগৰাকীয়ে যীচুক এইদৰে কৈছিল: “আমাৰ পিতৃসকলে এই পৰ্ব্বতত ভজনা কৰিলে; কিন্তু আপোনালোকে কয়, যʼত মানুহে ভজনা কৰা উচিত, সেই ঠাই যিৰূচালেম নগৰত আছে।” ইয়াৰ উত্তৰত যীচুৱে এইদৰে কৈছিল: “হে নাৰি, মোত বিশ্বাস কৰা, যি কালত তোমালোকে এই পৰ্ব্বতত, নাইবা যিৰূচালেম নগৰত পিতৃৰ ভজনা নকৰিবা, সেই কাল আহিছে।” গতিকে যিহোৱাৰ উপাসকসকলে উপাসনা কৰিবলৈ কোনো মন্দিৰৰ আৱশ্যক নাই, এই সম্পৰ্কে যীচুৱে বৰ্ণনা কৰি এইদৰে কৈছিল: “ঈশ্বৰেই আত্মা, আৰু তেওঁৰ ভজনা কৰাবিলাকে আত্মাৰে আৰু সত্যেৰে তেওঁৰ ভজনা কৰিব লাগে।” (যোহন ৪:২০, ২১, ২৪) পিছলৈ পাঁচনি পৌলে অথীনীৰ বাসীসকলক এইদৰে কৈছিল: “জগত আৰু তাত থকা সকলো বস্তুৰ সৃষ্টিকৰ্ত্তা যি ঈশ্বৰ, তেওঁ স্বৰ্গ আৰু পৃথিবীৰ প্ৰভু হোৱাত, হাতেৰে সজা মন্দিৰত নিবাস নকৰে।”—পাঁচনিৰ কৰ্ম্ম ১৭:২৪.

স্পষ্টৰূপে খ্ৰীষ্টীয়জগতৰ ধৰ্ম্মীয় মন্দিৰবোৰ খ্ৰীষ্টান সময়ৰ পূৰ্বেই থকা মন্দিৰ ব্যৱস্থাৰ সৈতে কোনো সম্পৰ্ক নাই। প্ৰথম শতাব্দীৰ খ্ৰীষ্টানসকলৰ বাবেও তেনে স্থান স্থাপন কৰাৰ কোনো কাৰণ নাছিল। যিহেতু পাঁচনিসকলৰ মৃত্যুৰ পিছত ভৱিষ্যতবাণী কৰাৰ অনুসাৰে সত্য শিক্ষাৰ পৰা বিচলিত হৈ ধৰ্ম্মত্যাগীৰ আবিৰ্ভূত হʼল। (পাঁচনিৰ কৰ্ম্ম ২০:২৯, ৩০) সা.যূ. ৩১৩ চনত ৰোমান সম্ৰাট কনষ্টেনটাইনে খ্ৰীষ্টান ধৰ্ম্মৰ দীক্ষা লোৱাৰ বহু বছৰৰ পূৰ্বেই খ্ৰীষ্টানসকলে যীচুয়ে শিকোৱা শিক্ষাৰ পৰা পথভ্ৰষ্ট হৈছিল।

কনষ্টেনটাইনে “খ্ৰীষ্টান ধৰ্ম্মত” মূৰ্ত্তি পূজা কৰা ৰোমান ধৰ্ম্মৰ ৰীতি-নীতি সন্মিলিত কৰিলে। এই সম্পৰ্কে দ্যা ইনচাইক্লপেডিয়া ব্ৰিটেনিকাই এইদৰে কয়: “কনষ্টেনটাইনে ৰোমত নিজেই তিনিটাকৈ বৃহৎ খ্ৰীষ্টান গীৰ্জা নিৰ্ম্মাণ কৰিবলৈ আজ্ঞা দিছিল। সেইবোৰ হৈছে, চেইন্ট পিতৰচ্‌, ছান পউল ফিউৰি লে মুৰা আৰু লেট্ৰেনত থকা এচ. জীৱভাননী। তেওঁ . . . ক্ৰুচ আকাৰৰ নক্সা তৈয়াৰ কৰিছিল যিটো মধ্য যুগৰ সময়ছোৱাত থকা পশ্চিম ইউৰোপৰ গীৰ্জাবোৰৰ বাবে নিৰ্দ্দিষ্ট মানদণ্ড হৈ পৰিলে।” ৰোমত পুনৰনিৰ্ম্মিত কৰা চেইন্ট. পিতৰচ্‌ নামৰ বৃহৎ গীৰ্জাঘৰটোক আজিৰ সময়তো ৰোমান কেথলীক গীৰ্জাৰ মুখ্য কেন্দ্ৰ বুলি বিবেচনা কৰা হয়।

উইল্‌ ডুৰেন্ট নামৰ এজন বুৰঞ্জী লিখকে এইদৰে কৈছিল যে, “গীৰ্জাসমূহে তেওঁলোকৰ উপাসনাত প্ৰাচীন খ্ৰীষ্টানসকলে থকা ৰোমান চহৰখনত পালন কৰা মূৰ্ত্তিপূজাৰ কিছুমান মিছা ধৰ্ম্মীয় ৰীতি-নীতি অন্তৰ্ভূক্ত কৰে। যʼত সন্মিলিত আছিল “বৈশিষ্ট্যপূৰ্ণ গীৰ্জাঘৰবোৰৰ স্থাপত্য বিদ্যা।” দহ শতিকাৰ পৰা পোন্ধৰ শতিকালৈ গীৰ্জা আৰু কেথেড্ৰেলবোৰক বৈশিষ্ট্যপূৰ্ণৰূপে নিৰ্ম্মাণ কৰাৰ ওপৰত বৃহৎ পৰিমাণে গুৰুত্ব দিয়া হৈছিল। সেই সময়ৰ খ্ৰীষ্টানসকলৰ বহুতো গীৰ্জাঘৰ স্মৃতিসৌধ হৈছিল, যাক বৰ্তমান সময়ত কাৰুকাৰ্য্যৰে অট্টালিকা নিৰ্ম্মাণ কৰাৰ আৰম্ভণ বুলি বিবেচনা কৰা হয়।

লোকসকলে গীৰ্জাত উপাসনা কৰি সদায়ে আধ্যাত্মিকৰূপে সতেজ আৰু উৎসাহিত হয়নে? এই বিষয়ে ব্ৰাজিলৰ ফ্ৰানছেচকো নামৰ এজন ব্যক্তিয়ে এইদৰে কয়, “মোৰ বাবে গীৰ্জা হৈছে বিৰক্তিকৰ আৰু ক্লান্তজনক। গীৰ্জাৰ উপাসনা সঙ্গীত হৈছে অৰ্থহীন, বাৰম্বাৰ কৰা আনুষ্ঠানিক সমাৰোহে মোৰ বাস্তৱিক আৱশ্যকতাক পূৰণ নকৰে। গতিকে যেতিয়া গীৰ্জা সমাপ্তি হয় তেতিয়া মোৰ বাবে এক উপশম হৈছিল।” যিয়েই নহওক, সত্য উপাসকসকলক একত্ৰিত হʼবলৈ আজ্ঞা দিয়া হৈছিল। তেওঁলোকে একত্ৰিত হʼবলৈ কেনে ব্যৱস্থাক অনুকৰণ কৰা উচিত?

‘তেওঁলোকৰ ঘৰত গোট খোৱা মণ্ডলী’

প্ৰকৃত খ্ৰীষ্টানসকলে গোট খোৱাৰ সম্পৰ্কে থকা আৰ্হিৰ বিষয়ে জানিবলৈ প্ৰথম শতিকাৰ বিশ্বাসী লোকসকলে কিদৰে গোট খাইছিল তাৰ বিষয়ে নিৰীক্ষণ কৰা আৱশ্যক। বাইবেলে দেখুৱাইছে যে তেওঁলোকে সাধাৰণতে আছুতীয়া গৃহবোৰত একত্ৰিত হৈছিল। উদাহৰণস্বৰূপে, পাঁচনি পৌলে এইদৰে লিখিছিল: “যীচু খ্ৰীষ্টত মোৰ সহকাৰী হোৱা প্ৰিষ্কা আৰু আক্কিলাক মোৰ মঙ্গলবাদ দিবা; আৰু তেওঁলোকৰ ঘৰত গোট খোৱা মন্ডলীকো মঙ্গলবাদ দিবা।” (ৰোমীয়া ১৬:৩, ৫; কলচীয়া ৪:১৫; ফিলীমন ২) গ্ৰীক ভাষাৰ “মণ্ডলী” (ইক্‌-ক্লে-চিয়া) শব্দটোক কিছুমান ইংৰাজী অনুবাদ যেনে, কিং জেমচ ভাৰচন্‌ বাইবেলত “গীৰ্জা” বুলি অনুবাদ কৰা হৈছে। কিন্তু “গীৰ্জা” উক্তিটোৱে কোনো গৃহ বা অট্টালিকা অথবা কোনো ভৱনক বুজোৱা নাই। এই উক্তিটোৱে সাধাৰণতে লোকসকলে এটা উমৈহতীয়া উদ্দেশ্যৰ বাবে একত্ৰিত হোৱাটোক নিৰ্দ্দেশিত কৰে। (পাঁচনিৰ কৰ্ম্ম ৮:১; ১৩:১) এতেকে সত্য খ্ৰীষ্টানসকলে উপাসনা কৰাৰ বাবে কোনো কাৰুকাৰ্য্যৰে নিৰ্ম্মাণ কৰা ধৰ্ম্মীয় ভৱন বা গৃহৰ আৱশ্যক নাই।

প্ৰাচীন খ্ৰীষ্টানসকলে কেনেকৈ সভাৰ পৰিচালনা কৰিছিল? যীচুৰ অনুগামী যাকোবে ব্যৱহাৰ কৰা গ্ৰীক ভাষাৰ চিনাগগ শব্দটো এখন খ্ৰীষ্টান সভাক নিৰ্দ্দেশিত কৰে। (যাকোব ২:২) গ্ৰীক ভাষাৰ এই উক্তিটোৰ অৰ্থ হৈছে “একেলগ কৰা” আৰু ইয়াক ইক্‌-ক্লে-চিয়া শব্দটোৰ পৰিৱৰ্তে ব্যৱহাৰ কৰা হয়। কিন্তু সময় অতিবাহিত হোৱাত “চিনাগগ” উক্তিটোৱে স্থান বা অট্টালিকাৰ অৰ্থ লৈছিল, যʼত লোকসকলে একত্ৰিত হৈছিল। প্ৰথম শতিকাৰ ইহুদী খ্ৰীষ্টানসকলে চিনাগগত কি হৈছিল সেই সম্পৰ্কে অৱগত আছিল। b

যেতিয়া ইহুদীসকলে যিৰূচালেম মন্দিৰত তেওঁলোকৰ বছেৰেকীয়া উৎসৱ পালন কৰিবলৈ একত্ৰিত হৈছিল তেতিয়া চিনাগগবোৰত লোকসকলক যিহোৱাৰ বিষয়ে শিক্ষা আৰু তেওঁৰ ব্যৱস্থাৰ দ্বাৰা শিক্ষিত কৰিবলৈ স্থানীয় স্থান হিচাবে ব্যৱহাৰ কৰা হৈছিল। চিনাগগবোৰত বহুতো বিষয়ে অভ্যাস কৰা হৈছিল, যিবোৰ প্ৰাৰ্থনা আৰু শাস্ত্ৰৰ পাঠ কৰা, একেইদৰে শাস্ত্ৰ পদসমূহৰ পৰা বিবেচনা আৰু উৎসাহিত কৰা সৈতে সন্মিলিত আছিল। যেতিয়া পৌল আৰু তেওঁৰ লগত থকা আনসকলে আন্তিয়খিয়াত থকা এটা চিনাগগত উপস্থিত হৈছিল তেতিয়া “[চিনাগগৰ, NW] গৰাকীসকলে তেওঁলোকৰ ওচৰলৈ কৈ পঠালে বোলে, হে ভাইবিলাক মানুহবিলাকলৈ তোমালোকৰ যদি কোনো উদগণিৰ কথা আছে, তেন্তে তাক কোৱা।” (পাঁচনিৰ কৰ্ম্ম ১৩:১৫) নিঃসন্দেহ, প্ৰথম শতাব্দীৰ ইহুদী খ্ৰীষ্টানসকলে আছুতীয়া ঘৰবোৰত একত্ৰিত হৈ সেই একেই আৰ্হিক অনুকৰণ কৰি তেওঁলোকৰ সভাত শাস্ত্ৰীয় পৰামৰ্শ আৰু আধ্যাত্মিক উন্নতিসাধক শিক্ষা প্ৰদান কৰিছিল।

মন্ডলীবোৰে উৎসাহিত কৰে

প্ৰাচীন খ্ৰীষ্টানসকলৰ দৰে বৰ্তমান সময়ত যিহোৱাৰ সাক্ষীসকলেও কোনো এক সাধাৰণ স্থানত একত্ৰিত হৈ বাইবেলৰ পৰা পৰামৰ্শ আৰু সঙ্গী ভাই-ভনীসকলৰ সৈতে স্ফূৰ্তিদায়ক সঙ্গতিৰ আনন্দ লাভ কৰে। বহু বছৰৰ পৰা তেওঁলোকে কেৱল আছুতীয়াকৈ থকা ঘৰবোৰত একত্ৰিত হৈ আহিছে আৰু আজিও কিছুমান ঠাইত একেইদৰে কৰা হৈছে। এতিয়ালৈকে ৯০,০০০ তকৈও অধিক মণ্ডলীৰ বৃদ্ধি হৈছে আৰু তেওঁলোকে একত্ৰিত হোৱা মুখ্য স্থানবোৰক ৰাজ্যগৃহ বুলি কোৱা হয়। এই গৃহবোৰ দেখাত গীৰ্জাৰ দৰে বা কাৰুকাৰ্য্যৰে ভৰা নহয়। সেইবোৰক ব্যৱহাৰিক আৰু সৰলভাৱে নিৰ্ম্মাণ কৰা হয়, যʼত মণ্ডলীৰ ১০০-২০০ জন সদস্যই প্ৰত্যেক সপ্তাহে সভাৰ বাবে একত্ৰিত হৈ ঈশ্বৰৰ বাক্য শুনে আৰু শিক্ষা গ্ৰহণ কৰে।

যিহোৱাৰ সাক্ষীসকলৰ বেছিভাগ মণ্ডলীয়ে সভাৰ বাবে সপ্তাহত তিনিবাৰকৈ একত্ৰিত হয়। তাৰে এখন সভাত বৰ্তমানে ঘটিত বিভিন্ন বিষয়ৰ ওপৰত ৰাজহুৱা ভাষণ দিয়া হয়। সেই ৰাজহুৱা ভাষণৰ পিছত বাইবেলৰ বিষয় বা ভৱিষ্যতবাণীৰ ওপৰত আধাৰিত প্ৰহৰীবুৰুজ আলোচনীৰ অধ্যয়ন কৰা হয়। আন এখন সভাত বাইবেল বাৰ্ত্তাক সঠিকভাৱে লোকসকলক কোৱাত প্ৰশিক্ষণ দিবলৈ ঈশ্বৰশাসিত পৰিচৰ্য্যা স্কুল আৰু সেই স্কুলৰ পিছত খ্ৰীষ্টান পৰিচৰ্য্যা কাৰ্য্যৰ বাবে ব্যৱহাৰিক পৰামৰ্শ আগবঢ়াই সেৱা সভা পৰিচালনা কৰা হয়। তদুপৰি সাক্ষীসকলে সপ্তাহত এবাৰকৈ সৰু সৰু সমূহত বাইবেল অধ্যয়ন কৰিবলৈ বিভিন্ন ব্যক্তিগত ঘৰবোৰত একগোট হয়। এই সভাবোৰত উপস্থিত হʼবলৈ সকলোৰে বাবে দুৱাৰ খুলা আছে। এই সভাত উপস্থিত হোৱাৰ বাবে লোকসকলৰ পৰা কোনো দান-বৰঙণী লোৱা নহয়।

ওপৰত উল্লেখ কৰা ফ্ৰানছেচকো নামৰ ব্যক্তিজনে বিচাৰি পালে যে ৰাজ্যগৃহৰ পৰা অনেক লাভবান হʼব পাৰি। সেই বিষয়ে তেওঁ এইদৰে কৈছিল: “প্ৰথমবাৰৰ বাবে নগৰৰ মাজভাগত থকা গৃহটোত পৰিচালিত হোৱা সভাত উপস্থিত হোৱাটো মোৰ বাবে শান্তিযুক্ত আছিল আৰু মই এক অনুকূল মনোবৃত্তি ৰাখি সেই ভৱনৰ পৰা ওলাই আহিলোঁ। তাত উপস্থিত হোৱা লোকসকলে বন্ধুত্বপূৰ্ণ আচৰণ কৰিছিল আৰু মই তেওঁলোকৰ মাজত থকা প্ৰেম উপলব্ধি কৰিব পাৰিলোঁ। মই পুনৰাই তাত উপস্থিত হʼবলৈ আগ্ৰহী হৈ পৰিছিলোঁ। দৰাচলতে, তেতিয়াৰ পৰাই মই সভাত অনুপস্থিত হোৱাকৈ থকা নাই। এই খ্ৰীষ্টান সভাবোৰ বাস্তৱতে জীৱন্ত আৰু সেইবোৰে মোৰ আধ্যাত্মিক আৱশ্যকতাক পূৰণ কৰে। আনকি যেতিয়া মই কোনো কাৰণত নিৰুৎসাহিত হওঁ তেতিয়া মই নিশ্চিত আছিলোঁ যে ৰাজ্যগৃহৰ সভাবোৰত উপস্থিত হোৱাৰ যোগেদি মই অৱশ্যেই উৎসাহিত হৈ ঘৰলৈ ঘূৰি আহিম।”

আপোনাৰ বাবে যিহোৱাৰ সাক্ষীসকলৰ খ্ৰীষ্টান সভাবোৰত বাইবেলৰ শিক্ষা, উন্নতিসাধক সঙ্গতি আৰু ঈশ্বৰক স্তুতি কৰাৰ সুযোগ অপেক্ষা কৰি আছে। আপোনাৰ ঘৰৰ ওচৰত থকা ৰাজ্যগৃহত উপস্থিত হʼবলৈ আমি আপোনাক আমন্ত্ৰণ জনাইছোঁ। আপুনি তাত উপস্থিত হৈ নিশ্চয়ে আনন্দিত হʼব। (w02 11/15)

[ফুটনোটবোৰ]

a ৰোমানসকলে সম্পূৰ্ণকৈ মন্দিৰ ধ্বংস কৰিলে। বিভিন্ন প্ৰান্তৰ পৰা আহি ইহুদীসকলে শোক প্ৰাৰ্থনা কৰা ৰোদন প্ৰাচীৰখন মন্দিৰৰ অংশ নহয়। দৰাচলতে এইটো মন্দিৰত থকা চোতালখনৰ ভগ্নাৱশেষ প্ৰাচীৰৰ এটা অংশ মাথোন।

b ইহুদীসকলে ৭০ বছৰ বাবিলত বন্দী হৈ থকা সময়ছোৱাত বা তাৰ পৰা স্বদেশলৈ উভটি আহি মন্দিৰৰ পুনৰ নিৰ্ম্মাণ কাৰ্য্য চলি থকাৰ সময়ছোৱাত উপাসনাৰ বাবে মন্দিৰ নথকাত চিনাগগৰ স্থাপন কৰিছিল। প্ৰথম শতিকালৈকে পলেষ্টীয়া দেশৰ প্ৰত্যেকখন নগৰত একোখনকৈ তেওঁলোকৰ চিনাগগ আৰু মহানগৰবোৰত এটাতকৈ অধিক আছিল।

[৪, ৫ পৃষ্ঠাৰ ছবিসমূহ]

সেই আবাসগৃহ আৰু মন্দিৰটো পিছলৈ যিহোৱাৰ উপাসনাৰ কেন্দ্ৰ হিচাবে ব্যৱহাৰ কৰা হৈছিল

[৬ পৃষ্ঠাৰ ছবি]

ৰোমত থকা চেইন্ট. পিতৰচ্‌ নামৰ প্ৰাচীন গীৰ্জাঘৰটো

[৭ পৃষ্ঠাৰ ছবি]

প্ৰাচীন সময়ৰ খ্ৰীষ্টানসকলে ব্যক্তিগত ঘৰবোৰত সভাৰ বাবে একগোট হৈছিল

[৮, ৯ পৃষ্ঠাৰ ছবিসমূহ]

যিহোৱাৰ সাক্ষীসকলে ৰাজ্যগৃহ আৰু ব্যক্তিগত ঘৰবোৰত সভাৰ বাবে একত্ৰিত হয়