Skip to content

Skip to table of contents

একে মনেৰে যিহোৱাৰ সেৱাত লাগি থাকক

একে মনেৰে যিহোৱাৰ সেৱাত লাগি থাকক

একে মনেৰে যিহোৱাৰ সেৱাত লাগি থাকক

“কিয়নো, আটাই জাতিয়ে যিহোৱাৰ নামেৰে প্ৰাৰ্থনা কৰিবৰ নিমিত্তে, আৰু সিহঁত আটাইবোৰে একে মনেৰে তেওঁৰ আৰাধনা কৰিবৰ নিমিত্তে, মই সেই সময়ত সিহঁতক শুদ্ধ [ভাষা, NW] দিম।”—চফনিয়া ৩:৯.

১. চফনিয়া ৩:৯ পদত উল্লেখ কৰা ভৱিষ্যতবাণীৰ পূৰ্ণতা অনুসাৰে কি ঘটিছে?

 গোটেই পৃথিৱীত থকা লোকে প্ৰায় ৬০০০ টা ভাষাত কথোপকথন কৰে। ইয়াৰ উপৰিও বহুতো ধৰণৰ আঞ্চলিক ভাষাত কথোপকোথন কৰা দেখিবলৈ পোৱা যায়। যদিও লোকসকলে ভিন্ন ভাষা অথবা আৰবী বা জুলো ভাষাত কথোপকথন নকৰক কিয়, ঈশ্বৰে সেই সম্বন্ধে এনে কাৰ্য্য কৰিলে যিটো সঁচাকৈ উল্লেখনীয়। সকলো দিশত থকা মানুহে এটা আৰু কেৱল শুদ্ধ ভাষাত কথোপকথন কৰিবলৈ শিকিবলৈ ব্যৱস্থা কৰিলে। এইটো ঠিক ভৱিষ্যতবক্তা চফনিয়াৰ দ্বাৰা প্ৰতিজ্ঞা কৰা অনুসাৰে সম্পূৰ্ণ হৈছে। যʼত এইদৰে কোৱা হৈছিল: “আটাই জাতিয়ে যিহোৱাৰ নামেৰে প্ৰাৰ্থনা কৰিবৰ নিমিত্তে, আৰু সিহঁত আটাইবোৰে একে মনেৰে তেওঁৰ আৰাধনা কৰিবৰ নিমিত্তে, মই [যিহোৱা ঈশ্বৰ] সেই সময়ত সিহঁতক শুদ্ধ ওঁঠ দিম।”—চফনিয়া ৩:৯.

২. “শুদ্ধ ভাষা” কি আৰু ই কি কৰাত সফল কৰিছে?

এই “শুদ্ধ ভাষা” হৈছে ঈশ্বৰৰ বাক্য বাইবেলত পোৱা সত্যতা। এই শুদ্ধ ভাষাত বিশেষকৈ ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে সত্যতাক দাঙি ধৰিছে, যিয়ে যিহোৱাৰ নাম পাপমুক্ত, তেওঁৰ আধিপত্যক প্ৰতিপন্ন আৰু মানৱজাতিলৈ আশীৰ্ব্বাদ কঢ়িয়াই আনিব। (মথি ৬:৯, ১০) কেৱল আধ্যাত্মিক ওঁঠ হিচাবে পৃথিৱীৰ সকলো জাতি আৰু বংশই শুদ্ধ ভাষা কৈছে। এই ভাষাৰ বাবে তেওঁলোকে যিহোৱাৰ সেৱাত “একে মনেৰে” লাগি থাকিবলৈ সক্ষম হৈছে। সেয়েহে তেওঁলোকে ঐক্য বা “এক মত হৈ” তেওঁৰ সেৱা কৰিছে।—দ্যা নিউ ইংলিচ বাইবেল।

পক্ষপাতীত্বমূলক ভাৱনাক স্থান দিয়া অনুচিত

৩. কিহে আমাক একত্ৰিত হৈ যিহোৱাৰ সেৱা কৰিবলৈ সহায় কৰিছে?

খ্ৰীষ্টান হোৱা বাবে আমাৰ মাজত থকা বিভিন্ন ভাষা কোৱা লোকসকলৰ সহযোগিতা দেখি আমি কৃতজ্ঞ অনুভৱ কৰিছোঁ। যদিও আমি বিভিন্ন ভাষাত ৰাজ্যৰ শুভবাৰ্ত্তা প্ৰচাৰ কৰোঁ তথাপিও আমি একত্ৰিত হৈ যিহোৱাক সেৱা কৰিছোঁ। (গীতমালা ১৩৩:১) আমি পৃথিৱীৰ যি কোনো দিশতেই নাথাকোঁ কিয়, এই সকলোবোৰ এইবাবে সম্ভৱ হৈছে কিয়নো আমি যিহোৱাৰ স্তুতি কৰিবলৈ এটা শুদ্ধ ভাষাত কথাবতৰা হৈছোঁ।

৪. ঈশ্বৰৰ লোকসকলৰ মাজত পক্ষপাতীত্বমূলক মনোভাব থকা কিয় উচিত নহয়?

ঈশ্বৰৰ লোকসকলৰ মাজত কোনো ধৰণৰ পক্ষপাতীত্বমূলক ভাৱধাৰা দেখা দিয়া উচিত নহয়। সা.যু. ৩৬ চনত পাঁচনি পিতৰে পৰজাতি ব্যক্তি কৰ্ণালিয় নামৰ এজন সেনাধ্যক্ষক প্ৰচাৰ কৰি এই বিষয়ে স্পষ্টিকৰণ কৰিলে আৰু তেওঁ এইদৰে কʼবলৈ প্ৰেৰিত হʼল: “ঈশ্বৰ পক্ষপাতী নহয়, কিন্তু সকলো জাতিৰ মাজত যি জনে তেওঁলৈ ভয় ৰাখি ধৰ্ম্মআচৰণ কৰে, সেই জন তেওঁৰ গ্ৰাহ্য হয়, ইয়াকে মই নিশ্চয়কৈ বুজ পাইছোঁ।” (পাঁচনিৰ কৰ্ম্ম ১০:৩৪, ৩৫) সেই কথাষাৰ একেবাৰে সত্য, কিয়নো খ্ৰীষ্টান মণ্ডলীত পক্ষপাত বা চক্ৰিদল মনোভাবৰ বাবে কোনো স্থান নাই।

৫. মণ্ডলীত উমৈহতীয়া স্বাৰ্থলৈ একসমূহ স্থাপন কৰাটো কিয় ভুল?

এগৰাকী মহাবিদ্যালয়ৰ ছাত্ৰীয়ে ৰাজ্যগৃহত উপস্থিত হৈ লাভ কৰা অভিজ্ঞতাৰ বিষয়ে এনেদৰে কৈছিল: “সাধাৰণতে গীৰ্জা ঘৰবোৰত এক বিশেষ ধৰণৰ জাতি বা জাতিগত সমূহ জমা হোৱা দেখা যায়। . . . কিন্তু যিহোৱাৰ সাক্ষীসকলৰ মাজত তেনে কোনো সাদৃশ্যতা বা চক্ৰিদল গঠিত হোৱা দেখিবলৈ পোৱা নগʼল।” যিহেতু প্ৰথম শতিকাত কৰিন্থীয়া মণ্ডলীত থকা কিছুমান সদস্যই বিবাদমূলক মনোভাব ৰাখিছিল। এইবাবে তেওঁলোকৰ মাজত মতবিৰোধ হৈছিল, তদুপৰি তেওঁলোকে ঈশ্বৰৰ পবিত্ৰ আত্মাক বিৰোধ কৰিছিল। এই পবিত্ৰ আত্মাই ঐক্যতা আৰু শান্তি বজাই ৰাখাত এক প্ৰমুখ ভূমিকা আদায় কৰে। (গালাতীয়া ৫:২২) যদি আমি মণ্ডলীত উমৈহতীয়া স্বাৰ্থৰ বাবে এক সমূহ সৃষ্টি কৰোঁ তেনেহʼলে পথ প্ৰদৰ্শন দিয়া ঈশ্বৰৰ পবিত্ৰ আত্মাৰ বিৰুদ্ধে কাৰ্য্য কৰোঁ। সেয়েহে আঁহক আমি পাঁচনি পৌলে কৰিন্থীয়ালৈ লিখা এই বাক্যশাৰীক মনত ৰাখোঁহঁক, যʼত তেওঁ এইদৰে কৈছিল: “হে ভাইবিলাক, আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ নামেৰে তোমালোকক বিনয় কৰোঁ, যেন তোমালোক সকলোৱে একে কথা কোৱা, আৰু তোমালোকৰ মাজত বিভেদ নহয়, কিন্তু একে মন আৰু একে বিবেচনাত সিদ্ধ হৈ যোৱা।” (১ কৰিন্থীয়া ১:১০) ইয়াৰ উপৰিও পৌলে ইফিচীয়াসকললৈ লিখা পত্ৰখনতো ঐক্যতাৰ বিষয়ে গুৰুত্ব দি উল্লেখ কৰিছিল।—ইফিচীয়া ৪:১-৬, ১৬.

৬, ৭. পক্ষপাত কৰাৰ সম্বন্ধে যাকোবে কেনে পৰামৰ্শ আগবঢ়াইছে আৰু তেওঁৰ বাক্যবোৰ কেনে দৰে প্ৰযোজ্য হয়?

খ্ৰীষ্টানসকলক সদায়েই অপক্ষপাতী হোৱা আৱশ্যক। (ৰোমীয়া ২:১১) যিহেতু প্ৰথম শতিকাৰ কিছুমানে ধনী ব্যক্তিসকলৰ হৈ পক্ষপাতী মনোবৃত্তি প্ৰকাশ কৰাৰ বাবে যাকোবে এইদৰে কৈছিল: “হে মোৰ ভাইবিলাক, আমাৰ ঐশ্বৰ্য্যৱান প্ৰভু যীচু খ্ৰীষ্টৰ সম্বন্ধীয় বিশ্বাস পক্ষপাতেৰে ধাৰণ নকৰিবা। কিয়নো তোমালোকৰ নাম-ঘৰলৈ সোণৰ আঙুঠি আৰু উজ্জ্বল বস্ত্ৰেৰে দৰিদ্ৰ এজন মানুহ আহিলে, আৰু মলিন বস্ত্ৰৰে দৰিদ্ৰ এজনো আহিলে, পাছে তোমালোকে যদি সেই উজ্জ্বল বস্ত্ৰ পিন্ধা জনৰ মুখ চাই কোৱা যে, আপুনি ইয়াতে স্বচ্ছন্দে বহক; আৰু যদি সেই দৰিদ্ৰ জনক কোৱা, সৌখিনিতে থিয় হৈ থাক, নাইবা মোৰ এই ভৰি-পীৰাৰ তলতে বহ, তেন্তে তোমালোকে নিজৰ মাজত প্ৰভেদ নকৰিলা নে? আৰু কু-বিবেচনা কৰা বিচাৰকৰ্ত্তাসকল নহলা নে?”—যাকোব ২:১-৪.

যদি সত্যত নথকা ধনৱন্ত লোকে উজ্জ্বল বস্ত্ৰ আৰু দৰিদ্ৰ লোকে মলিন বস্ত্ৰ পৰিধান কৰি সভালৈ আহিছিল তেন্তে ধনীসকললৈ উত্তম আচাৰ-ব্যৱহাৰ আৰু তেওঁলোকে ‘স্বচ্ছন্দে বহিবলৈ’ স্থানো পাইছিল। আনহাতে দৰিদ্ৰসকলক থিয় হৈ থাকিবলৈ বা আনৰ ভৰি-পীৰাৰ তলত বহিবলৈ কোৱা হৈছিল। কিন্তু ঈশ্বৰে ধনী আৰু দৰিদ্ৰ এই উভয়েৰে বাবে যীচুৰ মুক্তিপণ বলিদানৰ প্ৰবন্ধ কৰিলে। (ইয়োব ৩৪:১৯; ২ কৰিন্থীয়া ৫:১৪) যদি যিহোৱাৰ মন আনন্দিত আৰু একে মনেৰে তেওঁৰ সেৱা কৰিবলৈ ইচ্ছুক তেন্তে আমি নিশ্চয়ে পক্ষপাত কৰা বা ‘নিজৰ লাভৰ অৰ্থে মানুহৰ মুখৰ প্ৰশংসা’ পোৱাৰ পৰা বিৰত থকা আৱশ্যক।—যিহূদা ৪, ১৬.

বক-বকনি কৰাৰ পৰা আঁতৰি থাকক

৮. ইস্ৰায়েলসকলে বক-বকনি কৰাৰ বাবে কেনে পৰিণামৰ সম্মুখীন হৈছিল?

মণ্ডলীত একেৰাহে শান্তিৰ পৰিৱেশ আৰু ঈশ্বৰৰ অনুমোদন প্ৰাপ্ত কৰিবলৈ হʼলে আমি পাঁচনি পৌলে দিয়া এই পৰামৰ্শক মনত ৰখা উচিত: “বিবাদ আৰু তৰ্ক-বিতৰ্ক নোহোৱাকৈ সকলো কৰ্ম্ম কৰা।” (ফিলিপীয়া ২:১৪, ১৫) বিশ্বাসহীন ইস্ৰায়েলসকলে মিচৰৰ দাসত্বৰ পৰা মুক্তি হৈও মোচি, হাৰোণ আৰু আনকি যিহোৱাৰ বিৰুদ্ধে বকিবলৈ এৰা নাছিল। তেওঁলোকৰ এনে মনোবৃত্তিৰ বাবে যিহোচূৱা, কালেব আৰু লেবীয়াসকলৰ বাহিৰে ২০ বছৰ বা তাতকৈ অধিক বয়সৰ লোকসকলে প্ৰতিজ্ঞাত দেশত প্ৰৱেশ কৰিবলৈ নোৱাৰিলে আৰু ৪০ বছৰ ধৰি অৰণ্যৰ যাত্ৰাৰ সময়ছোৱাত মৃত্যুক সাৱটি লবলগা হʼল। (গণনা পুস্তক ১৪:২, ৩, ২৬-৩০; ১ কৰিন্থীয়া ১০:১০) ইস্ৰায়েলসকলে বক-বকনি মনোবৃত্তি ৰখাৰ বাবে কিযে এক গভীৰ পৰিণাম ভূগীবলগীয়া হʼল!

৯. মিৰিয়মে বক-বকনি কৰাৰ বাবে কেনে পৰিণাম ভূগীবলগীয়া হৈছিল?

এই বৃত্তান্তই দেখুৱাইছে যে বক-বকনি কৰাৰ বাবে সমূদায় জাতিয়ে কেনে পৰিণামৰ সম্মুখীন হʼবলগীয়া হৈছিল। কিন্তু বক-বকনি কৰা কোনো এজন ব্যক্তিৰ বিষয়ে কি কʼব পাৰি? মোচিৰ ভনীয়েক মিৰিয়মে হাৰোণৰ সৈতে মিলিত হৈ মোচিৰ অহিতে এইদৰে কৈছিল: “যিহোৱাই জানো কেৱল মোচিৰ যোগেদি কথা কয়? আমাৰ যোগেদি নকয় জানো?” আগলৈ সেই বৃত্তান্তই কৈছে: “যিহোৱাই সেই কথা শুনিলে।” (গণনা পুস্তক ১২:১, ২) ইয়াৰ কেনে পৰিণাম হʼল? দৰাচলতে মিৰিয়মে এনে অভিযোগত আগভাগ লোৱাৰ বাবে যিহোৱাই তাইক অপদস্ত কৰিলে। কেনেকৈ তাই যিহোৱাৰ দ্বাৰা অপদস্ত হʼল? যিহোৱাই তাইক কোষ্ঠ ৰোগেৰে আঘাত কৰিলে আৰু যাৰ বাবে তাই সুস্থ নোহোৱালৈকে সাত দিন তম্বুৰ বাহিৰত থাকিবলৈ বাধ্য হৈছিল।—গণনা পুস্তক ১২:৯-১৫.

১০, ১১. বক-বকনি কৰা কাৰ্য্যৰ প্ৰতি যদি মনোযোগ দিয়া নহয় তেনেহʼলে ই কেনে পৰিণামলৈ পৰিচালিত কৰিব পাৰে? বৰ্ণনা কৰক।

১০ বক-বকনি কৰা বুলিলে কেৱল কোনো এটা ভুল কাৰ্য্যৰ বাবে অভিযোগ কৰাক নুবুজাই। বাস্তৱতে বক-বকনি কৰা ব্যক্তিসকলে ঈশ্বৰৰ পৰিৱৰ্তে নিজৰ অনুভূতি বা নিজৰ প্ৰতিষ্ঠাক অধিক গুৰুত্ব দি লোকসকলক আকৰ্ষিত কৰিব বিচাৰে। যদি এনে মনোবৃত্তিক প্ৰতিৰোধ কৰা নহয় তেনেহʼলে ই আধ্যাত্মিক ভাই-ভনীসকলৰ মাজত মতানৈক্য সৃষ্টি কৰে আৰু এক মনেৰে যিহোৱাক সেৱা কৰাত বাধা উৎপন্ন কৰিব। কিয়নো বক-বকনি কৰা লোকে একেৰাহে অভিযোগ কৰে আৰু কোনো সন্দেহ নকৰাকৈ তেওঁলোকে আশা কৰে যে আনে তেওঁলোকৰ প্ৰতি সহানুভূতি দেখুৱাব।

১১ উদাহৰণস্বৰূপে, কোনোবাই হয়তো মণ্ডলীত এজন প্ৰাচীনে কৰা কাৰ্য্য বা তেওঁৰ ভাষণৰ প্ৰতি ঠাট্টা কৰিব পাৰে। যদি আমি অভিযোগ কৰা জনৰ প্ৰতি মনোযোগ দিওঁ, তেন্তে আমিও অভিযোগকাৰী জনৰ দৰে বিবেচনা কৰিবলৈ পৰিচালিত হʼব পাৰোঁ। যেতিয়ালৈকে তেনে মনোবৃত্তি আমাৰ মনত বাঁহ লোৱা নাছিল তেতিয়ালৈকে প্ৰাচীনজনৰ কোনো কাৰ্য্যই আমাক বিৰক্ত কৰা নাছিল, কিন্তু এতিয়া বক-বকনি মনোবৃত্তি বিকাশিত কৰাৰ বাবে আমাক তেওঁৰ কাৰ্য্যই ক্ষুব্ধ কৰিছে। লাহে লাহে প্ৰাচীনজনে কৰা কাৰ্য্য আমাৰ দৃষ্টিত সঠিক যেন বোধ নহব আৰু আমিও তেওঁৰ বিৰুদ্ধে অভিযোগ দিবলৈ আৰম্ভ কৰিম। এনে ধৰণৰ আচৰণ যিহোৱাৰ লোকসকলৰ মণ্ডলীত কোনো স্থান নাই।

১২. বক-বকনি কৰা কাৰ্য্যই ঈশ্বৰৰ সৈতে থকা আমাৰ সম্বন্ধৰ ওপৰত কেনে প্ৰভাৱ পেলাব পাৰে?

১২ যিসকলে ঈশ্বৰৰ লোকসকলৰ চোৱাচিতা কৰাৰ দায়িত্ব বহন কৰে, তেনে লোকৰ অহিতে বক-বকনি কৰা কাৰ্য্যই তেনেলোকক বিৰোধ কৰিবলৈ পৰিচালিত কৰিব পাৰে। তদুপৰি তেনে বক-বকনি বা অপবাদৰ যোগেদি তেওঁলোকে নিজৰ নিন্দা কৰে যিয়ে যিহোৱাৰ সৈতে থকা আমাৰ সম্বন্ধত ক্ষতিকাৰক প্ৰভাৱ পেলাব পাৰে। (যাত্ৰাপুস্তক ২২:২৮) তদুপৰি মন পালটন নকৰা বিৰোধীসকলে ঈশ্বৰৰ ৰাজ্যত কেতিয়াও প্ৰৱেশ কৰিব নোৱাৰিব। (১ কৰিন্থীয়া ৫:১১; ৬:১০) সেয়েহে যীচুৰ শিষ্য যিহূদাই লিখিছিল যে, বক-বকনি কৰোঁতাসকলে আচলতে “প্ৰভুত্বক অৱহেলা কৰে আৰু প্ৰতাপৰ অধিকাৰীবিলাকৰ বিৰুদ্ধে নিন্দা কৰে।” (যিহূদা ৮) তেনে ব্যক্তিসকলে ঈশ্বৰৰ অনুমোদন লাভ কৰিব নোৱাৰে আৰু আমি তেওঁলোকৰ পৰা আঁতৰি থকাটো বুদ্ধিমানৰ কাৰ্য্য হʼব।

১৩. কিয় সকলো প্ৰকাৰৰ অভিযোগ ভুল নহয়?

১৩ যিহেতু সকলো অভিযোগক যে যিহোৱাই অগ্ৰাহ্য কৰে এনে নহয়। উদাহৰণস্বৰূপে, যিহোৱাই চদোম আৰু ঘমোৰাৰ অহিতে কৰা “চিঞৰ” প্ৰতি কাণ দিছিল আৰু সেই দুষ্ট নগৰবোৰক ধ্বংস কৰিলে। (আদিপুস্তক ১৮:২০, ২১; ১৯:২৪, ২৫) সামান্য যুগ পেন্টাকোষ্ট ৩৩ চনৰ অলপ সময়ৰ পিছতেই “ইব্ৰীবিলাকে সৈতে গ্ৰীক ভাষাবাদী যিহূদীবিলাকৰ বিবাদ লাগিল; কিয়নো দৈনিক পৰিচৰ্য্যাত তেওঁবিলাকৰ বিধৱাবিলাকক অৱহেলা কৰা হৈছিল।” তাতে “বাৰ জন” পাঁচনিয়ে “সুখ্যাতি পোৱা” সাত জনক বাছনি কৰি খাদ্য বিৰণ কৰা “কৰ্ম্মৰ ভাৰ” দি পৰিস্থিতিটোক সমাধান কৰিলে। (পাঁচনিৰ কৰ্ম্ম ৬:১-৬) বৰ্তমান সময়ৰ প্ৰাচীনসকলে “দৰিদ্ৰৰ কাতৰোক্তিলৈ কাণত সোপা” দিয়া উচিত নহয়। (হিতোপদেশ ২১:১৩) সঙ্গী উপাসকবিলাকক নিন্দা কৰাৰ পৰিৱৰ্তে প্ৰাচীনসকলে তেওঁলোকক উৎসাহিত আৰু উন্নতি হʼবলৈ প্ৰেৰিত কৰা উচিত।—১ কৰিন্থীয়া ৮:১.

১৪. বক-বকনি কৰাৰ পৰা আঁতৰি থাকিবলৈ বিশেষকৈ কেনে গুণৰ আৱশ্যক?

১৪ বক-বকনি কৰা মনোবৃত্তি আধ্যাত্মিকৰূপে হানিকাৰক হোৱাৰ বাবে আমি সকলোৱে ইয়াৰ পৰা আঁতৰি থকা উচিত। কিয়নো এনেধৰণৰ মনোবৃত্তিয়ে আমাৰ মাজত থকা ঐক্যতা ভঙ্গ কৰে। এতেকে আঁহক আমি এনে নেতিবাচক মনোবৃত্তিৰ বিপৰীতে পবিত্ৰ আত্মাক প্ৰেমৰ ফল উৎপন্ন কৰিবলৈ দিওঁহঁক। (গালাতীয়া ৫:২২) ‘প্ৰেমৰ ৰাজকীয় ব্যৱস্থা’ পালন কৰাৰ দ্বাৰা আমি একে মনেৰে যিহোৱাৰ সেৱাত লাগি থাকিবলৈ সহায় লাভ কৰিম।—যাকোব ২:৮; ১ কৰিন্থীয়া ১৩:৪-৮; ১ পিতৰ ৪:৮.

পৰচৰ্চ্চাৰ পৰা আঁতৰি থাকক

১৫. আপুনি কিদৰে পৰচৰ্চ্চা আৰু অপযশৰ মাজত পাৰ্থকতা উলিয়াব?

১৫ যিহেতু বক-বকনিয়ে আমাক হানিকাৰক পৰচৰ্চ্চালৈ পৰিচালিত কৰিব পাৰে, সেয়েহে আমি কি কথোপকথন কৰোঁ তাৰ প্ৰতি সতৰ্কতা অৱলম্বন কৰা উচিত। পৰচৰ্চ্চা হৈছে লোকসকল আৰু তেওঁবিলাকৰ কাৰ্য্যৰ বিষয়ে কৰা অসাৰ কথাবতৰা। এইদৰে এজন অপযশকাৰীয়ে মিছা সংবাদ বিয়পাই আন ব্যক্তিৰ আত্মমৰ্য্যাদা হানি কৰে। তেনেধৰণৰ কথা-বতৰা বিদ্বেষ আৰু পাপপূৰ্ণ। সেইবাবে ঈশ্বৰে ইস্ৰায়েলসকলক এনেদৰে কৈছিল: “তুমি নিজ লোকবিলাকৰ মাজত চৰ্চ্চি ফুৰোঁতা নহবা।”—লেবীয়া পুস্তক ১৯:১৬.

১৬. পাঁচনি পৌলে কিছুমান পৰচৰ্চ্চা কৰোঁতাসকলৰ বিষয়ে কি কৈছিল আৰু তেওঁৰ পৰামৰ্শৰ পৰা আমি কেনেকৈ লাভবান হʼব পাৰোঁ?

১৬ যিহেতু অলস কথা-বতৰাই অপযশৰ ৰূপ লʼব পাৰে বুলি জানি পাঁচনি পৌলে কিছুমান পৰচৰ্চ্চা কৰোঁতাসকলৰ পৰা আঁতৰি থাকিবলৈ কৈছিল। মণ্ডলীৰ সহায়ক হিচাবে কাৰ্য্যৰ সম্বন্ধে কিছুমান সুখ্যাত বিধৱাৰ বিষয়ে উল্লেখ কৰাৰ পিছত তেওঁ এনে অন্য বিধৱাসকলকো উল্লেখ কৰিছিল যিসকলে “ঘৰে ঘৰে ফুৰি সোৰোপা হয়; কেৱল সেয়ে নহয়, টুটকীয়া, আৰু লোকৰ বন চোৱা হৈ, অনুচিত কথা কবলৈ” শিকিছিল। (১ তীমথিয় ৫:১১-১৫) যদি এগৰাকী খ্ৰীষ্টান স্ত্ৰীয়ে অনুভৱ কৰে যে তাইক এই ক্ষেত্ৰত পদক্ষেপ লোৱা উচিত তেন্তে “ধীৰ, নিৰপবাদক” হʼবলৈ উল্লেখ কৰা পাঁচনি পৌলৰ এই পৰামৰ্শক পালন কৰা উচিত। (১ তীমথিয় ৩:১১) অৱশ্যে খ্ৰীষ্টান পুৰুষসকলকো তেনে হানিকাৰক পৰচৰ্চ্চাৰ পৰা আঁতৰি থকা উচিত।—হিতোপদেশ ১০:১৯.

পৰৰ বিচাৰ নকৰিবা!

১৭, ১৮. (ক) আমাৰ ভাই-ভনীসকলক বিচাৰ কৰাৰ বিষয়ে যীচুৱে কি কৈছিল? (খ) আনক বিচাৰ নকৰাৰ সম্বন্ধে দিয়া যীচুৰ বাক্যবোৰক আমি কেনেকৈ পালন কৰিব পাৰোঁ?

১৭ যদিও আমি কাৰোবাক অপযশ নকৰিব পাৰোঁ তথাপিও আনক বিচাৰ কৰাৰ পৰা আঁতৰি থকা উচিত। যীচুৱে তেনে মনোবৃত্তিৰ অহিতে এইদৰে কৈছিল: “তোমালোকে পৰৰ বিচাৰ নকৰিবা, তেহে তোমালোকৰো বিচাৰ কৰা নহব। কিয়নো যেনেকুৱা বিচাৰেৰে তোমালোকে বিচাৰ কৰা, তেনেকুৱা বিচাৰেৰে তোমালোকৰো বিচাৰ কৰা হব; আৰু যি জোখেৰে তোমালোকে জোখা, সেই জোখেৰে তোমালোকলৈকো জোখা হব। তুমি নিজৰ চকুত থকা চতিলৈ মন নকৰি, ভায়েৰাৰ চকুত থকা কুটাডালিলৈ কিয় চাইছা? আৰু চোৱা, নিজৰ চকুত চতি এডাল থাকোঁতেই, তোমাৰ চকুৰ পৰা কুটাডালি উলিয়াবলৈ দিয়া, এই কথা ভায়েৰাক কেনেকৈ কব পাৰা? হে কপটি, প্ৰথমতে নিজৰ চকুৰ পৰা সেই চতি উলিয়াই পেলোৱা, তেহে তোমাৰ ভায়েৰাৰ চকুৰ পৰা কুটাডালি উলিয়াবলৈ ভালকৈ দেখিবা।”—মথি ৭:১-৫.

১৮ যেতিয়া আমাৰ চকুত “চতি” থাকে অৰ্থাৎ সঠিক বিচাৰ কৰাৰ আধ্যাত্মিক দৃষ্টি স্পষ্ট নহয় তেতিয়া আমি নিজৰ ভাইৰ চকুত থকা “কুটাডালি” উলিয়াবলৈ চেষ্টা কৰা উচিত নহয়। তাৰ পৰিৱৰ্তে যদি আমি যিহোৱাৰ দয়াক বাস্তৱতে মূল্যাঙ্কন কৰোঁ তেন্তে ভাই-ভনীসকলক বিচাৰ কৰাৰ পৰা অৱশ্যেই আঁতৰি থাকিম। স্বৰ্গীয় পিতৃৰ দৰে আমিও নিজৰ ভাই-ভনীসকলক বুজাত কেনেকৈ সম্ভৱ হʼব পাৰে? সেইবাবে যীচুৱে কৈছিল যে ‘পৰৰ বিচাৰ নকৰিবা, তেহে আমাৰো বিচাৰ কৰা নহব।’ আমি নিজৰ অসিদ্ধতাৰ সৈতে ভালদৰে পৰিচিত হৈ নিজকে ঈশ্বৰৰ দৃষ্টিত অধাৰ্ম্মিক বুলি গণ্য নহʼবলৈ আনক বিচাৰ কৰাৰ পৰা বিৰত থাকিম।

দুৰ্ব্বল যদিও আদৰণীয়

১৯. সঙ্গী উপাসকসকলক আমি কেনে দৃষ্টিৰে চোৱা উচিত?

১৯ যদি আমি সঙ্গী উপাসকসকলৰ সৈতে একে মনেৰে যিহোৱাৰ সেৱা কৰিবলৈ নিৰ্ণয় লৈছোঁ তেন্তে আমি আনক বিচাৰ কৰাৰ পৰা যে কেৱল বিৰত নাথাকিম, এনে নহয় কিন্তু তেওঁলোকক সন্মান দিবলৈও আগভাগ লম। (ৰোমীয়া ১২:১০) প্ৰকৃততে, আমি নিজৰ নহয় তেওঁলোকৰ হিতৰ বিষয়ে চিন্তা কৰিম আৰু আনন্দেৰে নিজৰ কৰ্তব্য পূৰণ কৰিম। (যোহন ১৩:১২-১৭; ১ কৰিন্থীয়া ১০:২৪) আমি কেনেকৈ তেনেধৰণৰ উত্তম মনোবৃত্তি বজাই ৰাখিব পাৰোঁ? তেনে মনোবৃত্তি ৰাখিবলৈ সদায়ে এইটো মনত ৰখা উচিত যে প্ৰত্যেক উপাসকে যিহোৱাৰ বাবে মূল্যৱান আৰু যিদৰে শৰীৰৰ অঙ্গ-প্ৰত্যেঙ্গই পৰস্পৰৰ আৱশ্যক ঠিক সেইদৰে আমাকো ইজনে সিজনৰ আৱশ্যক।—১ কৰিন্থীয়া ১২:১৪-২৭.

২০, ২১. ২ তীমথিয় ২:২০, ২১ পদত উল্লেখ কৰা বাক্যশাৰীয়ে আমাৰ বাবে কি অৰ্থ ৰাখে?

২০ দৰাচলতে খ্ৰীষ্টানসকল হৈছে দুৰ্ব্বল মাটিৰ পাত্ৰ আৰু তেওঁলোকক পৰিচৰ্য্যা কাৰ্য্যৰ দীপ্তিৰূপ ধন দিয়া হৈছে। (২ কৰিন্থীয়া ৪:৭) যদি আমি আশীৰ্ব্বাদযুক্ত এই কাৰ্য্যৰে যিহোৱাৰ প্ৰশংসা কৰিব বিচাৰোঁ তেনেহʼলে আমি ঈশ্বৰ আৰু তেওঁৰ পুত্ৰৰ সম্মুখত আদৰণীয় হোৱা উচিত। ঈশ্বৰৰ দ্বাৰা ব্যৱহাৰ হোৱা সমাদৰৰ পাত্ৰ হʼবলৈ আমি আধ্যাত্মিক আৰু নৈতিক শুদ্ধতা বজাই ৰখা উচিত। এই সন্দৰ্ভে পাঁচনি পৌলে এইদৰে কৈছিল: “ডাঙৰ ঘৰত কেৱল সোণ-ৰূপৰ পাত্ৰহে থাকে, এনে নহয়, কাঠৰ আৰু মাটিৰ পাত্ৰও থাকে; তাৰে কেতবোৰ সমাদৰৰ কাৰণে, কেতবোৰ অনাদৰৰ কাৰণে। এতেকে কোনোৱে যদি এইবোৰৰ পৰা নিজকে শুচি কৰি ৰাখে, তেন্তে তেওঁ সমাদৰৰ পাত্ৰ, পবিত্ৰীকৃত, প্ৰভুৰ কাৰ্য্যৰ নিমিত্তে উপযোগী, আৰু সকলো সৎকৰ্ম্মৰ নিমিত্তে প্ৰস্তুত হব।”—২ তীমথিয় ২:২০, ২১.

২১ যিসকল ব্যক্তিয়ে ঈশ্বৰৰ ইচ্ছা অনুসাৰে কাৰ্য্য নকৰে তেওঁলোক হৈছে ‘অনাদৰৰ পাত্ৰ।’ যিহেতু ঈশ্বৰৰ ইচ্ছা অনুসাৰে কাৰ্য্য কৰাৰ দ্বাৰা আমি ‘সমাদৰৰ পাত্ৰ, পবিত্ৰীকৃত, প্ৰভুৰ কাৰ্য্যৰ নিমিত্তে উপযোগী, আৰু সকলো সৎকৰ্ম্মৰ নিমিত্তে প্ৰস্তুত হʼব পাৰিম।’ গতেকে আমি নিজকে এনেদৰে সুধিব পাৰোঁ: ‘মই “সমাদৰ পাত্ৰ” হওঁনে? মই সঙ্গী উপাসকসকলৰ মন আনন্দিত কৰিব পাৰিছোঁনে? মই খ্ৰীষ্টান মণ্ডলীৰ সঙ্গী উপাসকসকলৰ সৈতে একে মনেৰে কাৰ্য্য কৰা সদস্যনে?’

এক মনেৰে নিৰন্তৰে সেৱাত লাগি থাকক

২২. খ্ৰীষ্টান মণ্ডলীক কিহৰ সৈতে তুলনা কৰিব পাৰি?

২২ খ্ৰীষ্টান মণ্ডলী হৈছে এক পৰিয়ালস্বৰূপ ব্যৱস্থা। যেতিয়া পৰিয়ালৰ সকলো সদস্যই একত্ৰিত হৈ যিহোৱাৰ উপাসনা কৰে তেতিয়া এটা প্ৰেমময়, সহায়কাৰী আৰু শান্তিময় পৰিবেশ দেখিবলৈ পোৱা যায়। এটা পৰিয়াল হয়তো বিভিন্ন ব্যক্তিত্ব থকা সদস্যৰে গঠিত, কিন্তু পৰিয়ালত সকলোৰে এক সন্মানীয় স্থান আছে। এই সিদ্ধান্ত মণ্ডলীৰ ক্ষেত্ৰতো সত্য। যদিও আমাৰ সকলোৰে পৃষ্ঠভূমি বিভিন্ন আৰু আমি অসিদ্ধ তথাপিও ঈশ্বৰে আমাক যীচুৰ দ্বাৰা তেওঁৰ কাষ চাপিবলৈ সুযোগ দিলে। (যোহন ৬:৪৪; ১৪:৬) যিহোৱা আৰু যীচুৱে আমাক এক ঐক্যতাবদ্ধ পৰিয়ালস্বৰূপে প্ৰেম কৰে, গতিকে আমিও পৰস্পৰে ইজনে সিজনক প্ৰেম কৰা আৱশ্যক।—১ যোহন ৪:৭-১১.

২৩. আমি কি মনত ৰখা আৰু কি কৰিবলৈ নিৰ্ণয় লোৱা উচিত?

২৩ পৰিয়াল তুল্য খ্ৰীষ্টান মণ্ডলীত আমি আনুগত্য বজাই ৰখাটো অপেক্ষা কৰা হয়। এই সন্দৰ্ভে পাঁচনি পৌলে এইদৰে কৈছিল: “ক্ৰোধ আৰু বাদ-বিবাদ নোহোৱাকৈ সকলো ঠাইতে পবিত্ৰ হাত দাঙি প্ৰাৰ্থনা কৰক, এই মোৰ আজ্ঞা।” (১ তীমথিয় ২:৮) পাঁচনি পৌলে আনুগত্যক “সকলো ঠাইতে” খ্ৰীষ্টানসকলে সাৰ্ব্বজনিকৰূপে একত্ৰিত হৈ প্ৰাৰ্থনা কৰাৰ সৈতে সংযোগ কৰিছিল। সেয়েহে কেৱল আনুগত্য বজাই ৰখা ব্যক্তিসকলে মণ্ডলীৰ হৈ সাৰ্ব্বজনিকৰূপে প্ৰাৰ্থনা কৰা উচিত। গতিকে ঈশ্বৰে আমাৰ পৰা আশা কৰে যে আমি পৰস্পৰে ইজনে সিজনৰ প্ৰতি যেন আনুগত্য হওঁ। (উপদেশক ১২:১৩, ১৪) গতিকে আঁহক আমি মানৱ শৰীৰৰ অঙ্গ-প্ৰত্যেঙ্গৰ নিচিনাকৈ একেই হৈ কাৰ্য্য কৰিবলৈ নিৰ্ণয় লওঁহঁক। তদুপৰি আমি সকলোৱে একত্ৰিত পৰিয়াল হৈ যিহোৱাৰ সেৱা কৰোঁহঁক। সকলোতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হৈছে আঁহক আমি মনত ৰাখোঁহঁক যে আমাক পৰস্পৰে ইজনে সিজনৰ আৱশ্যক আৰু ঈশ্বৰীয় অনুমোদন লাভ কৰি আশীৰ্ব্বাদ প্ৰাপ্ত কৰিবলৈ আমি একে মনেৰে সেৱা কৰা আৱশ্যক। (w02 11/15)

আপুনি কেনেকৈ উত্তৰ দিব?

• যিহোৱাৰ লোকসকলক কিহে একে মনেৰে সেৱা কৰিবলৈ সহায় কৰে?

• খ্ৰীষ্টানসকলক কিয় পক্ষপাতী হোৱাৰ পৰা আঁতৰি থকা উচিত?

• আপুনি কিয় বক-বকনি কৰাটো অনুচিত বুলি কʼব?

• আমি সঙ্গী উপাসকসকলক কিয় সমাদৰ কৰা উচিত?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[১৫ পৃষ্ঠাৰ ছবি]

পিতৰে বুজিব পাৰিলে যে “ঈশ্বৰ পক্ষপাতী” নহয়

[১৬ পৃষ্ঠাৰ ছবি]

আপুনি জানেনে ঈশ্বৰে কিয় মিৰিয়মক অপদস্থ কৰিছিল

[১৮ পৃষ্ঠাৰ ছবি]

আনুগত্য খ্ৰীষ্টানসকলে আনন্দিত হৈ একে মনেৰে যিহোৱাৰ সেৱা সম্পন্ন কৰে