Skip to content

Skip to table of contents

পাঠসকলৰ প্ৰশ্ন

পাঠসকলৰ প্ৰশ্ন

পাঠসকলৰ প্ৰশ্ন

 যদিও কম পৰিমাণে ধন জড়িত আছে তথাপিও জুৱা খেলাটো উচিত হʼবনে?

জুৱা খেলাৰ সম্বন্ধে ঈশ্বৰৰ বাক্যই যদিও স্পষ্টকৈ উল্লেখ কৰা নাই তথাপিও ইয়াত কোৱা হৈছে যে জুৱা খেল হৈছে বাইবেলৰ সিদ্ধান্তৰ বিপৰীত। a উদাহৰণস্বৰূপে, জুৱা খেলে যে লোভ উৎপন্ন কৰে তাক সকলোৱে স্বীকাৰ কৰে। গতিকে একমাত্ৰ এই সত্যতাক বিবেচনা কৰাটো খ্ৰীষ্টানসকলৰ বাবে কিমান গুৰুত্বপূৰ্ণ তাক বৰ্ণনা কৰি বাইবেলে এইদৰে কৈছে যে “লোভীয়া” ব্যক্তিসকলে ঈশ্বৰৰ ৰাজ্যৰ অধিকাৰী নহʼব আৰু কুঅভিলাষক দেৱপূজাৰ সৈতে তুলনা কৰা হৈছে।—১ কৰিন্থীয়া ৬:৯, ১০; কলচীয়া ৩:৫.

জুৱা খেলে জয়ী হোৱা দৃঢ় ইচ্ছাৰে অহংকাৰ আৰু অহিতকাৰ প্ৰতিযোগিতামূলক মনোবৃত্তি বিকাশিত কৰে। তেনে মনোবৃত্তিৰ পৰা আঁতৰি থাকিবলৈ পাঁচনি পৌলে সতৰ্ক কৰি এইদৰে কৈছিল: “আমি ইজনে সিজনৰ খং তুলি, আৰু ইজনে সিজনক অসুয়া কৰি, অনৰ্থক দৰ্প নকৰোঁহঁক।” (গালাতীয়া ৫:২৬) ইয়াৰ উপৰিও জুৱা খেলে কিছুমানক সৌভাগ্য লাভ কৰাৰ অৰ্থে অন্ধবিশ্বাস কৰিবলৈ উৎসাহিত কৰে। ভাগ্যই তেওঁলোকৰ পক্ষ হʼব বুলি আশা ৰাখি জুৱাৰীসকলে সকলো ধৰণৰ অন্ধবিশ্বাস বিকাশিত কৰে। তেওঁলোকৰ এনে কাৰ্য্যই আমাক প্ৰাচীন সময়ৰ অবিশ্বাসী ইস্ৰায়েলসকলৰ বিষয়ে স্মৰণ কৰাই যিসকলে “ভাগ্য-দেৱতালৈ মেজ সজোৱা, নিৰূপণী দেৱীলৈ মিহলি কৰা দ্ৰাক্ষাৰসেৰে পান-পাত্ৰ পূৰ” কৰিছিল।—যিচয়া ৬৫:১১.

কিছুমানে হয়তো যুক্তি দেখুৱাই কʼব পাৰে যে বন্ধু-বান্ধৱ বা সা-সম্বন্ধীয়া লোকসকলৰ সৈতে এক কম পৰিমাণে ধনৰ বাজি মাৰি কাৰ্ড বা কেৰম খেলাটো কোনো হানিকাৰক নহয়। প্ৰকৃততে, যি জনে কম পৰিমাণে ধনৰ বাজি মাৰে তেওঁ হয়তো নিজকে লোভীয়া, কুঅভিলাষ, প্ৰতিযোগিতামূলক বা অন্ধবিশ্বাসী নহয় বুলি দৃষ্টি কৰিব পাৰে। তথাপিও যাৰ সৈতে তেওঁ জুৱা খেলিছে তেওঁত কেনে প্ৰভাৱ পৰিব পাৰে? বহুতো বাধ্যতামূলক জুৱা খেলুৱৈয়ে ‘মনোৰঞ্জনৰ বাবে’ এনে কম পৰিমাণে বাজি লগায়। (লূক ১৬:১০) নিৰীহ যেন লগা তেওঁলোকৰ তেনে কাৰ্য্যই ক্ৰমান্বয়ে অধিক পাপময় কাৰ্য্য কৰিবলৈ পৰিচালিত কৰে।

এই কথাষাৰ সৰু লʼৰা-ছোৱালীৰ ক্ষেত্ৰতো বিশেষকৈ সঁচা প্ৰমাণিত হয়। তেওঁলোকৰ বহুতে কম পৰিমাণে ধনৰ বাজি লগাই জিকি উত্তেজিত অনুভৱ কৰে আৰু এইদৰে ক্ৰমান্বয়ে তেওঁলোক অধিক পৰিমাণে ধনৰ বাজি মাৰিবলৈ প্ৰলোভিত হয়। (১ তীমথিয় ৬:১০) সংযুক্ত ৰাষ্ট্ৰৰ এৰিজোনা কাউনচিল অন কʼমপালচিব গেমব্লিংৰ ওপৰত দীৰ্ঘ সময় ধৰি কৰা অধ্যয়নে প্ৰকাশ কৰি কয় যে “বন্ধু-বান্ধৱ বা আত্মীয় লোকসকলৰ সৈতে খেলা কাৰ্ড অথবা কোনো খেলৰ ওপৰত লগোৱা কম পৰিমাণৰ ধনৰ বাজিয়ে” লʼৰা-ছোৱালীক সৰু বয়সৰে পৰা জুৱাৰ প্ৰতি আসক্ত কৰি তুলে। আন এটা ৰিপৰ্টে এইদৰে কয় যে “সাধাৰণতে ঘৰত কিশোৰ-কিশোৰীসকলে বন্ধু-বান্ধৱ বা পৰিয়ালৰ সদস্যৰ সৈতে জুৱা খেলিবলৈ আৰম্ভ কৰে।” আগলৈ ৰিপৰ্টে এইদৰে কয়, “৩০ শতাংশ লʼৰা-ছোৱালীৰ বয়স ১১ বছৰ সম্পূৰ্ণ নৌহওঁতেই জুৱা খেলিবলৈ আৰম্ভ কৰে।” হোৱাই ডু পিপল্‌ গেমব্লিং টু মাচ্‌—পেথʼলজিকেল এন্ড প্ৰবলেম গেমব্লিং নামৰ এটা অধ্যয়নৰ অনুসাৰে জুৱাত আসক্ত হৈ পৰা বহুতো কিশোৰ-কিশোৰীয়ে ধনৰ বাবে অপৰাধ বা অনৈতিক কাৰ্য্য কৰে। অহানিকাৰক যেন লগা কাৰ্য্যই পিছলৈ কেনে ভয়ানক পৰিণামলৈ পৰিচালিত কৰে!

যিহেতু আমি ইতিমধ্যেই বহুধৰণৰ ফান্দ আৰু প্ৰলোভন থকা জগতত বাস কৰিছোঁ, গতিকে আমি কিয় নিজকে অনাৱশ্যকভাৱে এটা বা আনটো ফান্দত পৰিবলৈ দিয়া উচিত? (হিতোপদেশ ২৭:১২) জুৱা খেলাত সৰু লʼৰা-ছোৱালী জড়িত হওক বা নহওঁক, কম পৰিমাণৰ বা অধিক পৰিমাণ ধন সন্মিলিত নাথাকক কিয় সেইবোৰে আধ্যাত্মিক বিপদলৈ পৰিচালিত কৰে, এতেকে আমি সেইবোৰৰৰ পৰা বিৰত থকা আৱশ্যক। যিসকল খ্ৰীষ্টানে কাৰ্ড বা কেৰম খেলি ভাল পায় তেওঁলোকক পৰামৰ্শ দিয়াটো উত্তম হʼব যে তেওঁলোকে যেন হিচাপসমূহ কোনো এখন বহিত লিখি ৰাখে বা মনোৰঞ্জনৰ বাবে কোনো হিচাপ নৰখাকৈ খেলে। বুদ্ধিমান খ্ৰীষ্টানসকলে নিজৰ আধ্যাত্মিকতা সুৰক্ষাৰ অৰ্থে কম পৰিমাণৰ ধন জড়িত নাথাকক কিয়, তেওঁলোকে পৰিয়াল আৰু বন্ধু-বান্ধৱৰ সৈতে কোনো প্ৰকাৰৰ জুৱা নেখেলে। (w02 11/1)

[ফুটনোটবোৰ]

a দ্যা ৱৰ্ল্ড বুক এনচ্যাইক্লপেডীয়াই এই খেলৰ সম্পৰ্কে ভাঙনি কৰি এইদৰে কৈছে যে জুৱা খেল হৈছে “কোনো খেলৰ ফলাফল, ঘটনা বা কোনো সম্ভাৱনীয় ঘটনাৰ ওপৰত ভিত্তি কৰি মৰা বাজি।” আগলৈ তাত এইদৰে বৰ্ণনা কৰা হয় যে, “জুৱাৰী বা খেলুৱৈসকলে . . . কোনো খেল যেনে, লটাৰী, কাৰ্ড আৰু পাশা খেলত ধনৰ বাজি মাৰে।”