Skip to content

Skip to table of contents

প্ৰকৃত খ্ৰীষ্টানসকলক পৰস্পৰে ইজনে সিজনৰ আৱশ্যক

প্ৰকৃত খ্ৰীষ্টানসকলক পৰস্পৰে ইজনে সিজনৰ আৱশ্যক

প্ৰকৃত খ্ৰীষ্টানসকলক পৰস্পৰে ইজনে সিজনৰ আৱশ্যক

“আমি ইজনে সিজনৰ অঙ্গ-প্ৰত্যেঙ্গ হৈ আছোঁ।”—ইফিচীয়া ৪:২৫.

১. মানৱ শৰীৰৰ সম্বন্ধে এখন বিশ্বকোষে কি কৈছে?

 মানৱ শৰীৰক কিমান যে আচৰিত ধৰণে সৃষ্টি কৰা হৈছে! এই বিষয়ে দ্যা ৱৰ্ল্ড বুক এনচ্যাইক্লপেডীয়াই এইদৰে কৈছে: “কেতিয়াবা লোকসকলে মানৱ শৰীৰক, সৃষ্টি কৰাৰ ভিতৰত সকলোতকৈ আচৰিত যন্ত্ৰ বুলি কয়। যদিও মানৱ শৰীৰ কোনো যন্ত্ৰ নহয় তথাপিও ইয়াক বহুতো ধৰণে যন্ত্ৰৰ সৈতে তুলনা কৰিব পাৰি। যন্ত্ৰৰ দৰে ইয়াৰো ভিন্ন অংশ আছে আৰু শৰীৰৰ প্ৰত্যেকটো অঙ্গ-প্ৰত্যেঙ্গই এক বিশেষ ভূমিকা আদায় কৰে। কিন্তু সকলো অঙ্গ-প্ৰত্যেঙ্গই একেলগে কাৰ্য্য কৰাৰ বাবে শৰীৰ বা যন্ত্ৰই নিমজভাৱে কাৰ্য্য কৰে।”

২. মানৱ শৰীৰ আৰু খ্ৰীষ্টান মণ্ডলীৰ মাজত কেনে সাদৃশ্যতা আছে?

ইয়াত কোনো সন্দেহ নাই যে মানৱ শৰীৰত থকা বিভিন্ন অঙ্গ-প্ৰত্যেঙ্গৰ ইটো অঙ্গই সিটো অঙ্গলৈ কোনো আৱশ্যকতা পূৰণ কৰে। শৰীৰত থকা কোনো এটা সিৰা, মাংসপেশী বা অঙ্গ কৰ্ম্মহীনভাৱে থকা নাই। একেইদৰে খ্ৰীষ্টান মণ্ডলীৰ প্ৰত্যেকজন সদস্যই ইয়াৰ আধ্যাত্মিকতা শৰীৰ আৰু সৌন্দৰ্য্যতাক গঢ়ি তুলিবলৈ কোনো আৱশ্যকতা পূৰণ কৰিব পাৰে। (১ কৰিন্থীয়া ১২:১৪-২৬) মণ্ডলীৰ সদস্যসকলে এটা শৰীৰৰ অঙ্গ হোৱাৰ বাবে তেওঁলোকৰ কোনো এজনেও নিজকে উচ্চ বা নিম্ন বুলি ভবা উচিত নহয়।—ৰোমীয়া ১২:৩.

৩. ইফিচীয়া ৪:২৫ পদত খ্ৰীষ্টানসকলে যে এজনে আনজনৰ আৱশ্যক সেই বিষয়ে কেনেকৈ দৰ্শাইছে?

মানৱ শৰীৰত থকা অঙ্গ-প্ৰত্যেঙ্গৰ পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল হোৱা দৰে খ্ৰীষ্টানসকলকো ইজনে সিজনৰ আৱশ্যক। সেইবাবে আত্মা-অভিষিক্ত সঙ্গী ভাইসকলক পাঁচনি পৌলে স্পষ্টকৈ এনেদৰে কৈছিল: “তোমালোকে মিছা এৰি, প্ৰতিজনে নিজ নিজ ওচৰ চুবুৰীয়াই সৈতে আলাপ কৰা; কিয়নো আমি ইজনে সিজনৰ আঙ্গ-প্ৰত্যেঙ্গ হৈ আছোঁ।” (ইফিচীয়া ৪:২৫) যিহেতু তেওঁলোক আধ্যাত্মিক ইস্ৰায়েল অৰ্থাৎ “খ্ৰীষ্টৰ শৰীৰ” সদস্য হোৱাৰ বাবে সম্পূৰ্ণ সহযোগিতা আৰু ‘ইজনে সিজনৰ’ হোৱা হেতুকে সত্যতাৰে সংযোগ আছে। প্ৰকৃততে তেওঁলোক এজনে সিজনৰ অঙ্গ-প্ৰত্যেঙ্গ। (ইফিচীয়া ৪:১১-১৩) তেওঁলোকৰ সৈতে আনন্দৰে একত্ৰিত হোৱাসকল হৈছে সত্যপৰায়ণ আৰু সমবায়ী খ্ৰীষ্টান, যিসকলে পৃথিৱীত চিৰকাললৈ জীয়াই থকাৰ আশা আছে।

৪. সত্যত অহা নতুন ব্যক্তিসকলক কেনেকৈ সহায় কৰিব পাৰি?

প্ৰত্যেক বছৰে পাৰ্থিৱ আশা থকা হাজাৰ হাজাৰ লোকে বাপ্তাইজিত হৈছে। মণ্ডলীৰ আন সদস্যসকলে তেওঁলোকক “সিদ্ধিৰ অৰ্থে আগবাঢ়ি যাবলৈ” আনন্দেৰে সহায় কৰিছে। (ইব্ৰী ৬:১-৩) ইয়াৰ সৈতে শাস্ত্ৰীয় পদবোৰৰ পৰা তেওঁলোকৰ প্ৰশ্নৰ উত্তৰ দিয়া বা পৰিচৰ্য্যাক কাৰ্য্যত আগবঢ়োৱা ব্যৱহাৰিক সহায়ো সন্মিলিত থাকিব পাৰে। আমি সভাত নিয়মীয়াকৈ উপস্থিত হোৱাৰ দ্বাৰা উত্তম আৰ্হি ৰাখিও তেওঁলোকক সহায় কৰিব পাৰোঁ। তদুপৰি বেদনাদায়ক পৰিস্থিতিৰ সময়ত উৎসাহিতজনক বা শান্ত্বনাদায়ক কথা কʼব পাৰোঁ। (১ থিচলনীকীয়া ৫:১৪, ১৫) ‘সত্যত চলি থাকিবৰ’ নিমিত্তে আমি তেওঁলোকক সহায় কৰাৰ সুযোগ বিচৰা উচিত। (৩ যোহন ৪) গতিকে আমি বৃদ্ধ হওঁ বা ডেকা আৰু বহু বছৰৰ পৰা সত্যত অথবা নতুনকৈ সত্যৰ পথত চলিবলৈ আৰম্ভ নকৰোঁ কিয়, আমি সঙ্গী সেৱকসকলক আধ্যাত্মিক হিতৰ অগ্ৰগতিৰ বাবে উৎসাহিত কৰিব পাৰোঁ—কিয়নো তেওঁলোকক আমাৰ সহায়ৰ আৱশ্যক।

তেওঁলোকে সহায় আগবঢ়াইছিল

৫. আক্কিলা আৰু প্ৰিষ্কিলাই কেনেকৈ পাঁচনি পৌলৰ সহায়ক হিচাবে প্ৰমাণিত হৈছিল?

খ্ৰীষ্টান দম্পতীসকলেও তেওঁলোকৰ সঙ্গী উপাসকসকলক সহায় কৰিবলৈ পাই আনন্দিত হয়। উদাহৰণস্বৰূপে, আক্কিলা আৰু প্ৰিষ্কিল্লা নামৰ এহাল দম্পতীয়ে পাঁচনি পৌলক অতিথীৰূপে ৰাখিছিল, তেওঁৰ সৈতে তম্বু নিৰ্ম্মাণ আৰু কৰিন্থীয়া চহৰত নতুন মণ্ডলী স্থাপন কৰিবলৈ সহায় কৰিছিল। (পাঁচনিৰ কৰ্ম্ম ১৮:১-৪) আনকি তেওঁলোকে পাঁচনি পৌলৰ বাবে বিপদৰ সম্মুখীন হʼবলৈও পিছহুঁহকা নাছিল। তেওঁলোকে ৰোম চহৰত বাস কৰিছিল, সেইবাবে ৰোমত থকা খ্ৰীষ্টানসকললৈ পত্ৰ লিখোঁতে পাঁচনি পৌলে এনেদৰে কৈছিল: “যীচু খ্ৰীষ্টত মোৰ সহকাৰী হোৱা প্ৰিষ্কা আৰু আক্কিলাক মোৰ মঙ্গলবাদ দিবা; তেওঁলোকে মোৰ প্ৰাণৰ কাৰণে তেওঁলোকৰ ডিঙি পাতি দিছিল; কেৱল মই নহয়, পৰজাতিৰ আটাই মন্ডলীবিলাকেও তেওঁলোকক ধন্যবাদ দিয়ে।” (ৰোমীয়া ১৬:৩, ৪) সেইদৰে আধুনিক সময়ৰ খ্ৰীষ্টানসকলেও আক্কিলা আৰু প্ৰিষ্কাৰ দৰে মণ্ডলী গঢ়ি তুলা আৰু বিভিন্ন প্ৰকাৰে সঙ্গী উপাসকসকলক আন আন ক্ষেত্ৰত সহায় আগবঢ়াইছে। আনকি আন সঙ্গী সেৱকৰ বাবে তেওঁলোকে বিপদৰ সম্মুখীন বা বিৰোধীসকলৰ হাতত মৃত্যু বৰণ কৰিবলৈ কুণ্ঠাবোধ কৰা নাই।

৬. আপল্লোৱে কেনেধৰণৰ সহায় পাইছিল?

ইফিচীয়াত বাস কৰা লোকসকলক যীচুৰ বিষয়ে শিক্ষা দিয়া আপল্লো নামৰ এজন সুবক্তা খ্ৰীষ্টান ব্যক্তিকো আক্কিলা আৰু প্ৰিষ্কিলাই সহায় কৰিছিল। এটা সময়ত তেওঁ কেৱল জানিছিল যে ব্যৱস্থাৰ অহিতে কৰা পাপৰ পৰাচিত কৰিবলৈ যোহনে বাপ্তিষ্মা দিছিল। এই বিষয়ে আপল্লোক সহায়ৰ আৱশ্যক বুলি জানিব পাৰি আক্কিলা আৰু প্ৰিষ্কিলাই তেওঁক “ঈশ্বৰৰ পথ আৰু ঠিককৈ বুজাই দিলে।” সম্ভৱতঃ তেওঁলোকে তেওঁক বুজাই দিয়া খ্ৰীষ্টান বাপ্তিষ্মা সম্পূৰ্ণকৈ পানীত নিম্মজ্জিত হোৱা আৰু পবিত্ৰ আত্মা লাভ কৰা বিষয় সন্মিলিত আছিল। তেওঁলোকৰ পৰা পোৱা শিক্ষাক আপল্লোৱে গ্ৰহণ কৰি সেই অনুসাৰে কাৰ্য্য কৰিলে। পিছলৈ তেওঁ আখায়াত “অনুগ্ৰহৰ দ্বাৰাই বিশ্বাস কৰাবিলাকক ভালেমান উপকাৰ কৰিলে। কিয়নো যীচু যে খ্ৰীষ্ট হয়, তেওঁ শাস্ত্ৰৰ দ্বাৰাই ইয়াৰ প্ৰমাণ দেখুৱাই, উৎসাহেৰে সৰ্ব্বসাধাৰণৰ আগত যিহূদীবিলাকৰ আপত্তি খণ্ডন কৰিলে।” (পাঁচনিৰ কৰ্ম্ম ১৮:২৪-২৮) সঙ্গী উপাসকসকলে দাঙি ধৰা মন্তব্যই সদায়ে আমাক ঈশ্বৰৰ বাক্যক বুজাত উন্নত কৰে। এই সম্বন্ধেও আমাক পৰস্পৰে ইজনে সিজনৰ আৱশ্যক।

ভৌতিক সহায় আগবঢ়োৱা

৭. সঙ্গী উপাসকসকলৰ ভৌতিক আৱশ্যকতা হোৱা বিষয়ে শুনিবলৈ পাই ফিলিপীয়াত থকা ভাই-ভনীসকলে কেনে মনোবৃত্তি প্ৰকাশ কৰিলে?

পাঁচনি পৌলে থিচলনীকীত থাকোঁতে ফিলিপীয়াত থকা ভাইসকলে তেওঁক অধিক প্ৰেম আৰু ভৌতিকৰূপে সহায় কৰিছিল। (ফিলিপীয়া ৪:১৫, ১৬) যেতিয়া যিৰূচালেমত থকা ভাইবিলাকক ভৌতিক সহায়ৰ আৱশ্যকতা হৈছিল তেতিয়া ফিলিপীয়াত থকা ভাই-ভনীসকলে সম্পূৰ্ণ মনেৰে উপচি পৰাকৈ দান-বৰঙণী আগবঢ়ালে। তেওঁলোকৰ এনে উত্তম মনোবৃত্তি দেখি পাঁচনি পৌলে ইমানে প্ৰভাৱিত হৈছিল যে তেওঁ তেওঁলোকক আন বিশ্বাসীসকলৰ বাবে এক আৰ্হি স্বৰূপে প্ৰস্তুত কৰিলে।—২ কৰিন্থীয়া ৮:১-৬.

৮. ইপাফ্ৰদীতে কেনেধৰণৰ মনোবৃত্তি দেখুৱাইছিল?

বন্দীশালত থকা সময়ছোৱাত পাঁচনি পৌললৈ ফিলিপীয়াত থকা ভাই-ভনীসকলে কেৱল ভৌতিকৰূপে সহায় কৰিছিল, এনে নহয় কিন্তু তেওঁক চোৱাচিতা কৰিবলৈ ইপাফ্ৰদীত নামৰ এজন ভাইকো পঠিয়াইছিল। সেয়েহে পৌলে এইদৰে কৈছিল: “মোৰ সেৱা-শুশ্ৰূষাত তোমালোকৰ যি যি ত্ৰুটি আছিল, তাক সম্পূৰ্ণ কৰিবলৈ, তেওঁ প্ৰাণপণ কৰি খ্ৰীষ্টৰ কাৰ্য্যৰ নিমিত্তে মৃতপ্ৰায় হৈছিল।” (ফিলিপীয়া ২:২৫-৩০; ৪:১৮) ইপাফ্ৰদীত এজন প্ৰাচীন নে সহায়ক সেৱক আছিল এই বিষয়ে ইয়াত কোনো উল্লেখ নাই। তথাপিও তেওঁ এজন আত্মত্যাগী খ্ৰীষ্টান আৰু পৌলৰ প্ৰিয় আছিল। ইপাফ্ৰদীতৰ দৰে আপোনাৰ মণ্ডলীতো কোনবা ভাই-ভনী আছেনে?

তেওঁলোক “শান্তিজনক” হৈছিল

৯. আৰিষ্টৰ্খই কেনে উত্তম আৰ্হি ৰখা আমি দেখিবলৈ পাওঁ?

আক্কিলা, প্ৰিষ্কিল্লা আৰু ইপাফ্ৰদীতৰ দৰে প্ৰেমময় ভাই-ভনীসকলক সকলো মণ্ডলীয়ে প্ৰশংসা কৰে। আমাৰ কিছুমান ভাই-ভনীয়েও প্ৰথম শতিকাৰ আৰিষ্টৰ্খৰ দৰে হʼব পাৰে। তেওঁ আৰু আনসকলেও প্ৰয়োজনীয় সময়ত ব্যৱহাৰিকৰূপে সহায় আগবঢ়াই “শান্তিজনক” [“দৃঢ় কৰাৰ কাৰণ”, NW] হৈছিল। (কলচীয়া ৪:১০, ১১) আৰিষ্টৰ্খই পাঁচনি পৌলৰ আৱশ্যকতাৰ সময়ত সহায় কৰি তেওঁৰ এজন প্ৰকৃত বন্ধু হিচাবে পৰিচয় দিছিল। তেওঁ এনে এজন দয়ালু ব্যক্তি আছিল যাৰ বিষয়ে হিতোপদেশ ১৭:১৭ পদত এনেদৰে কৈছে: “বন্ধুৱে সকলো সময়তে ভাল পায়; কিন্তু ভায়েক দুৰ্দ্দশাৰ নিমিত্তে জন্ম পায়।” এতেকে আমি সকলোৱে আমাৰ সঙ্গী উপাসকসকলৰ নিমিত্তে “দৃঢ় কৰাৰ কাৰণ” হʼব নিবিচাৰোঁ নে? বিশেষকৈ বিৰোধীতাৰ সম্মুখীন হোৱা সকললৈ সহায় আগনবঢ়ামনে?

১০. খ্ৰীষ্টান প্ৰাচীনসকলৰ বাবে পাঁচনি পিতৰে কেনে আৰ্হি প্ৰস্তুত কৰিলে?

১০ খ্ৰীষ্টান প্ৰাচীনসকলে নিজৰ সঙ্গী ভাই-ভনীসকলৰ বাবে “দৃঢ় কৰাৰ কাৰণ” হোৱা উচিত। যীচুৱে পাঁচনি পৌলক এইদৰে কৈছিল: “তোমাৰ ভাইবিলাককো থিৰ কৰিবা।” (লূক ২২:৩২) বিশেষকৈ যীচুৰ পুনৰুত্থানৰ পিছত পাঁচনি পিতৰেও তেনে দৃঢ়তা প্ৰকাশ কৰিবলৈ সক্ষম হৈছিল। প্ৰাচীনসকল, আপোনালোকে সঙ্গী উপাসকসকলৰ সহায় আৱশ্যক হোৱাৰ বাবে সকলো সময়তে তেনেদৰে কৰিবলৈ প্ৰাণপণে চেষ্টা কৰক।—পাঁচনিৰ কৰ্ম্ম ২০:২৮-৩০; ১ পিতৰ ৫:২, ৩.

১১. তীমথিয়ৰ মনোবৃত্তিক বিবেচনা কৰাৰ দ্বাৰা আমি কেনেকৈ লাভবান হʼব পাৰোঁ?

১১ পাঁচনি পৌলৰ সহকাৰী তীমথিয় যি এজন প্ৰাচীন আছিল, তেৱোঁ আন ভাই-ভনীসকলৰ প্ৰতি গভীৰ চিন্তা প্ৰকাশ কৰিছিল। তীমথিয় শাৰীৰিকভাৱে সুস্থ নোহোৱাৰ স্বত্বেও তেওঁ সম্পূৰ্ণ হৃদয়েৰে ‘পাঁচনি পৌলৰ লগত শুভবাৰ্ত্তাৰ নিমিত্তে দাস্য-কৰ্ম্ম কৰিছিল।’ সেইবাবে পাঁচনি পৌলে ফিলিপীয়াত থকা ভাই-ভনীসকলক এইদৰে কʼব পাৰিলে: “যি জনে তোমালোকৰ বিষয়ে সঁচাকৈ চিন্তা কৰিব, এনে মনৰ লোক মোৰ আন কোনো নাই।” (ফিলিপীয়া ২:২০, ২২; ১ তীমথিয় ৫:২৩; ২ তীমথিয় ১:৫) তীমথিয়ৰ নিচিনাকৈ আমিও উত্তম মনোবৃত্তি দেখুৱাই যিহোৱাৰ সেৱক অৰ্থাৎ আমাৰ সঙ্গী উপাসকসকলৰ বাবে আশীৰ্ব্বাদৰ কাৰণ হʼব পাৰোঁ। বাস্তৱতে যদিও আমি নিজৰ দুৰ্ব্বলতা আৰু পৰীক্ষাৰ সম্মুখীন হওঁ তথাপিও আমি ভাই-ভনীসকলৰ প্ৰতি প্ৰেমময় চিন্তা আৰু দৃঢ় বিশ্বাস প্ৰকাশ কৰা উচিত। আমি সদায়েই মনত ৰাখা উচিত যে তেওঁলোকক আমাৰ আৱশ্যক।

আনৰ প্ৰতি গভীৰ চিন্তা প্ৰকাশ কৰা তিৰোতাসকল

১২. দৰ্কাই প্ৰস্তুত কৰা আৰ্হিৰ পৰা আমি কি শিকিব পাৰোঁ?

১২ এনে গভীৰ চিন্তা দেখুউৱা এগৰাকী মহিলা হৈছে দৰ্কা। তাইৰ মৃত্যু হোৱাত শিষ্যসকলে পাঁচনি পিতৰক আহিবলৈ কʼলে আৰু তেওঁক ওপৰত থকা এটা কোঠালীলৈ লৈ গʼল। তাত “আটাইবিলাক বিধবাই তেওঁৰ ওচৰত থিয় হৈ কান্দি কান্দি, দৰ্কাই তেওঁবিলাকৰ লগত থাকোঁতেই কৰা চোলা আদি কাপোৰ দেখুৱাবলৈ ধৰিলে।” ইয়াত কোনো সন্দেহ নাই যে, দৰ্কাই পুনৰাই জীৱন পোৱাৰ পিছতো ‘একেৰাহে সৎকৰ্ম্ম আৰু দান কৰিবলৈ’ ত্যাগ নিদিলে। আধুনিক সময়ত সত্য খ্ৰীষ্টান মণ্ডলীত দৰ্কাৰ দৰে ভনীসকল আছে, তেওঁলোকে হয়তো দৰিদ্ৰ ভাই-ভনীসকলৰ বাবে কাপোৰ তৈয়াৰী কৰে বা অন্য আৱশ্যকতাবোৰত প্ৰেমেৰে সহায় আগবঢ়ায়। অৱশ্যে তেওঁলোকে কৰা সৎকৰ্ম্ম প্ৰাথমিকতে ৰাজ্য হিত আৰু শিষ্য বনোৱা কাৰ্য্যৰ সৈতে সংযোগ আছে।—পাঁচনিৰ কৰ্ম্ম ৯:৩৬-৪২; মথি ৬:৩৩; ২৮:১৯, ২০.

১৩. লুদিয়াই সঙ্গী খ্ৰীষ্টানসকলৰ প্ৰতি কেনে গভীৰ চিন্তা প্ৰকাশ কৰিলে?

১৩ ঈশ্বৰক ভয় মানোতা এগৰাকী তিৰোতাৰ নাম হৈছে লুদিয়া, যিগৰাকীয়ে আনৰ প্ৰতি গভীৰ যত্ন লৈছিল। সা.যু. ৫০ চনত যেতিয়া পাঁচনি পৌলে থুয়াথীৰাৰ চুবুৰীয়া নগৰ ফিলিপীত প্ৰচাৰ কৰিবলৈ আহিছিল তেতিয়া তাই সেই নগৰত বাস কৰিছিল। সম্ভৱতঃ তাই এগৰাকী ইহুদী-ধৰ্ম্ম গ্ৰহণ কৰা তিৰোতা আছিল, কিন্তু সেই ঠাইত কেৱল কিছু সংখ্যক ইহুদী বাস কৰিছিল আৰু তাত কোনো আৰাধনালয় নাছিল। সেয়েহে তাই আন কিছুমান ভক্তিমন্ত তিৰোতাৰ সৈতে উপাসনা কৰা উদ্দেশ্যেৰে নদীৰ পাৰত গোট খাইছিল আৰু তাতেই পাঁচনি পৌলে তেওঁলোকক শুভবাৰ্ত্তা প্ৰচাৰ কৰিলে। আগলৈ বৃত্তান্তই এনেদৰে কৈছে: “পৌলে কোৱা কথা মানিবলৈ প্ৰভুৱে তেওঁৰ মন মুকলি কৰিলে। পাছে তেওঁ আৰু ঘৰৰ সকলোৱে বাপ্তাইজিত হলত, আমাক বিনয় কৰি কলে, ‘তোমালোকৰ বিবেচনাত যদি মই প্ৰভুত বিশ্বাসকাৰিণী হৈছোঁ, তেন্তে মোৰ ঘৰলৈ আহি থাকাহি।’ এইদৰে তেওঁ আমাক বৰকৈ ধৰিলে।” (পাঁচনিৰ কৰ্ম্ম ১৬:১২-১৫) যিহেতু তাই আনৰ বাবে সৎকৰ্ম্ম কৰিবলৈ বিচাৰিছিল, সেয়েহে পাঁচনি পৌল আৰু তেওঁৰ সহকাৰীবিলাকক তাইৰ সৈতে থাকিবলৈ মান্তি কৰাইছিল। বৰ্তমান সময়ত পোৱা তেনে অতিথি সৎকাৰক আমি কিমান যে মূল্যাঙ্কন কৰোঁ!—ৰোমীয়া ১২:১৩; ১ পিতৰ ৪:৯.

আমাক শিশুবিলাকৰো আৱশ্যক

১৪. যীচুৱে সৰু লʼৰা-ছোৱালীবিলাকৰ সৈতে কেনে ব্যৱহাৰ কৰিছিল?

১৪ ঈশ্বৰৰ দয়ালু আৰু প্ৰেমময় পুত্ৰই খ্ৰীষ্টান মণ্ডলীৰ স্থাপনা কৰিলে। যিহেতু তেওঁ প্ৰেমী আৰু কৰুণাময় হোৱাৰ বাবে লোকসকলে তেওঁৰ কাষত থাকি আৰামদায়ক অনুভৱ কৰিছিল। এবাৰ যেতিয়া লোকসকলে নিজৰ শিশুবিলাকক যীচুৰ ওচৰলৈ আনিছিল তেতিয়া তেওঁৰ শিষ্যবিলাকে লোকসকলক বাধা দিছিল। কিন্তু যীচুৱে কুপিত হৈ এইদৰে কৈছিল: “শিশুবিলাকক মোৰ ওচৰলৈ আহিব দিয়া, নিষেদ নকৰিবা; কিয়নো ঈশ্বৰৰ ৰাজ্য এনেকুৱাবিলাকৰহে। মই তোমালোকক স্বৰূপকৈ কওঁ, যি কোনোৱে শিশুৰ নিচিনা হৈ ঈশ্বৰৰ ৰাজ্য গ্ৰহণ নকৰে, তেওঁ তাত কোনোমতে সোমাবলৈ নাপাব।” (মাৰ্ক ১০:১৩-১৫) ঈশ্বৰৰ ৰাজ্যত প্ৰৱেশ কৰিবলৈ হʼলে আমি শিশুবিলাকৰ দৰে নম্ৰ আৰু শিক্ষনীয় হোৱা উচিত। যীচুৱে শিশুবিলাকক নিজৰ কোলাত লৈ আৰু আশীৰ্ব্বাদ দি নিজৰ প্ৰেম প্ৰকাশ কৰিছিল। (মাৰ্ক ১০:১৬) বৰ্তমান সমযত থকা শিশুবিলাকৰ বিষয়ে কি কʼব পাৰি? নিশ্চিত হওক যে আপোনালোকক প্ৰেম কৰে আৰু মণ্ডলীত আপোনালোকৰো আৱশ্যক।

১৫. লূক ২:৪০-৫২ পদত যীচুৰ লʼৰালীকালৰ বিষয়ে কেনে বিৱৰণী লিপিবদ্ধ কৰা আছে আৰু তেওঁ সৰু লʼৰা-ছোৱালীৰ বাবে কেনে আৰ্হি প্ৰস্তুত কৰিলে?

১৫ সৰু থকা অৱস্থাতো যীচুৱে তেওঁৰ পিতৃ যিহোৱা ঈশ্বৰ আৰু তেওঁৰ বাক্যৰ প্ৰতি প্ৰেম প্ৰকাশ কৰিলে। তেওঁ ১২ বছৰ বয়সত পিতৃ-মাতৃ যোচেফ আৰু মৰিয়মৰ সৈতে নিস্তাৰ-পৰ্ব্ব পালন কৰিবলৈ নাচৰতৰ পৰা যিৰূচালেমলৈ আহিছিল। কিন্তু উভতি যোৱা সময়ত যীচুক লোকসমূহৰ মাজত নেদেখি তেওঁলোকে অতিশয় ব্যাকুল হৈছিল। অৱশেষত তেওঁলোকে তেওঁক মন্দিৰত ইহুদী অধ্যাপকসকলৰ সৈতে প্ৰশ্ন কৰি থকা দেখিবলৈ পালে। যোচেফ আৰু মৰিয়মে তেওঁক বিচাৰি হবাথুৰি খোৱাৰ বাবে আচৰিত হৈ এইদৰে সুধিলে: “মই মোৰ পিতৃৰ ঘৰত থকা উচিত, তোমালোকে ইয়াক নাজানিলা নে?” পিছলৈ তেওঁ পুনৰাই ঘৰলৈ উভটি গৈ তেওঁলোকৰ অধীন হৈ জ্ঞান আৰু শাৰীৰিকভাৱে পৰিপক্ক হʼবলৈ ধৰিলে। (লূক ২:৪০-৫২) আমাৰ সৰু লʼৰা-ছোৱালীবিলাকৰ বাবে তেওঁ কিযে এক উত্তম আৰ্হি প্ৰস্তুত কৰিলে! তেওঁৰ দৰে তেওঁলোকেও পিতৃ-মাতৃৰ অধীন হৈ আধ্যাত্মিক বিষয়বোৰ শিকিবলৈ আগ্ৰহী হোৱা উচিত।—দ্বিতীয় বিবৰণ ৫:১৬; ইফিচীয়া ৬:১-৩.

১৬. (ক) যেতিয়া যীচুৱে মন্দিৰত সাক্ষী দিয়া কাৰ্য্য কৰিছিল তেতিয়া কিছুমান লʼৰাই কি বুলি চিঞৰিছিল? (খ) বৰ্তমান সময়ত সৰু লʼৰা-ছোৱালীবিলাকৰ ওচৰত কেনে বিশেষাধিকাৰ আছে?

১৬ আপুনি সৰু লʼৰা বা ছোৱালী হৈ হয়তো স্কুলত বা পিতৃ-মাতৃৰ সৈতে ঘৰে-ঘৰে যিহোৱাৰ বিষয়ে সাক্ষী দিয়া কাৰ্য্যত ভাগ লৈছে। (যিচয়া ৪৩:১০-১২; পাঁচনিৰ কৰ্ম্ম ২০:২০, ২১) যীচুৱে মৃত্যুৰ পূৰ্বে যেতিয়া মন্দিৰত সাক্ষী দিয়া কাৰ্য্য আৰু লোকসকলক সুস্থ কৰিছিল তেতিয়া কিছুমান সৰু লʼৰাই চিঞৰি এইদৰে কৈছিল: “জয়! জয়! দায়ূদৰ সন্তান!” কিন্তু পুৰোহিত আৰু অধ্যাপকসকলে ক্ৰোধিত হৈ তেওঁক প্ৰতিবাত কৰি সুধিলে: “ইহঁতে কি কৈছে শুনিছা নে?” তাতে যীচুৱে উত্তৰ দি কলে: “ হয়, তুমি শিশু আৰু কেঁচুৱাবিলাকৰ মুখৰ পৰাও স্তুতি সম্পূৰ্ণ কৰিলা, এই বচন তোমালোকে কেতিয়াও পঢ়া নাই নে?” (মথি ২১:১৫-১৭) এতেকে সেই শিশুবিলাকৰ নিচিনাকৈ মণ্ডলীত ঈশ্বৰ আৰু তেওঁৰ পুত্ৰৰ প্ৰশংসা কৰাত সৰু লʼৰা-ছোৱালীহঁত আপোনালোকৰ বাবেও এক বিশেষ অধিকাৰ আছে। আমাৰ সৈতে ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে প্ৰচাৰ কৰিবলৈ আমাক আপোনালোকৰ আৱশ্যক।

যেতিয়া বিৰোধীতাৰ সম্মুখীন হʼবলগীয়া হয়

১৭, ১৮. (ক) যিহূদীয়াত থকা খ্ৰীষ্টানসকলৰ বাবে পাঁচনি পৌলে কিয় দান-বৰঙণী সংগ্ৰহ কৰিছিল? (খ) যিহূদিয়াত থকা খ্ৰীষ্টানসকললৈ স্বৈচ্ছিক দান-বৰঙণীয়ে পৰজাতি আৰু ইহুদী খ্ৰীষ্টানসকলৰ ওপৰত কেনে প্ৰভাৱ পেলাইছিল?

১৭ আমি যেনেকুৱাই পৰিস্থিতিত নাথাকোঁ কিয়, আৱশ্যকতাৰ সময়ত সঙ্গী উপাসকসকলক সহায় কৰিবলৈ প্ৰেমে আমাক প্ৰেৰিত কৰে। (যোহন ১৩:৩৪, ৩৫; যাকোব ২:১৪-১৭) আৱশ্যকতাৰ সময়ত যিহূদীয়াত থকা ভাই-ভনীসকলক সহায় কৰিবলৈ প্ৰেমে পাঁচনি পৌলক আখায়া, গালাতীয়া, মাকিদনীয়া আৰু এচিয়াৰ ৰাজ্যবিলাকত থকা মণ্ডলীবোৰৰ পৰা দান-বৰঙণী জমা কৰিবলৈ প্ৰেৰিত কৰিছিল। যিৰূচালেমত থকা শিষ্যসকলে যাতনা, অন্তৰ্বিপ্লৱ আৰু আকালৰ সম্মুখীন হৈছিল, সেয়েহে তেওঁলোকে ‘দুখভোগ,’ ‘ক্লেশ’ আৰু ‘সৰ্ব্বস্বৰ অপহৰণ’ কৰা বুলি পাঁচনি পৌলে উল্লেখ কৰিছিল। (ইব্ৰী ১০:৩২-৩৪; পাঁচনিৰ কৰ্ম্ম ১১:২৭-১২:১) সেইবাবে তেওঁ যিহূদীয়াত থকা দৰিদ্ৰ খ্ৰীষ্টানসকলৰ বাবে দান-বৰঙণী একত্ৰিত কৰিবলৈ নিজেই তদাৰক কৰিছিল।—১ কৰিন্থীয়া ১৬:১-৩; ২ কৰিন্থীয়া ৮:১-৪,  ১৩-১৫; ৯:১, ২, ৭.

১৮ যিৰূচালেমৰ পবিত্ৰ লোকবিলাকৰ বাবে দিয়া স্বৈচ্ছিক দান-বৰঙণীয়ে প্ৰমাণ কৰিলে যে যিহোৱাৰ সেৱক ইহুদী আৰু অন্যজাতিৰ মাজত ভাতৃত্ব বিদ্যামান আছিল। তদুপৰি যিহূদীয়াত থকা খ্ৰীষ্টানসকলৰ পৰা পোৱা আধ্যাত্মিক ধনক যে পৰজাতি খ্ৰীষ্টানসকলে মূল্যাঙ্কন কৰে তাক তেওঁলোকে দান-বৰঙণী দিয়াৰ যোগেদি প্ৰকাশ কৰিলে। বাস্তৱতে তেওঁলোকৰ উভয়েৰে মাজত ভৌতিক আৰু আধ্যাত্মিক ধনৰ আদান-প্ৰদান আছিল। (ৰোমীয়া ১৫:২৬, ২৭) বৰ্তমান সময়ত দৰিদ্ৰ ভাই-ভনীসকলৰ বাবে কৰা দান-বৰঙণী সম্পূৰ্ণকৈ স্বৈচ্ছিক আৰু তেনে কৰিবলৈ আন ভাই-ভনীসকলক প্ৰেমে প্ৰেৰিত কৰে। (মাৰ্ক ১২:২৮-৩১) এই ক্ষেত্ৰতো পৰস্পৰে আমাক ইজনে সিজনৰ আৱশ্যক যাতে ‘যিজনে অলপ গোটাই, তেওঁৰ কম নহয়।’—২ কৰিন্থীয়া ৮:১৫.

১৯, ২০. যেতিয়া প্ৰাকৃতিক দুৰ্যোগৰ ফলত ক্ষতিগ্ৰস্ত হৈছিল তেতিয়া যিহোৱাৰ লোকসকলে কেনেকৈ সহায় আগবঢ়াইছিল তাৰ এটা উদাহৰণ দিয়ক।

১৯ খ্ৰীষ্টানসকলক পৰস্পৰে ইজনে সিজনৰ আৱশ্যক বুলি জানি আমি বিশ্বাসত থকা ভাই-ভনীসকলৰ সহায়ৰ বাবে পলম নকৰাকৈ আগবাঢ়ি আহোঁ। উদাহৰণস্বৰূপে, ২০০১ চনত উত্তৰ আমেৰিকাৰ এল ছালভাডৰত ভূমিকম্প আৰু ভূমিস্খলনৰ ফলত হোৱা ধ্বংসাত্মক পৰিস্থিতিৰ বিষয়ে বিবেচনা কৰক। এটা সংবাদে এইদৰে কয়: “এল ছালভাডৰৰ সকলো ঠাইৰ পৰা অহা ভাইসকলে উদ্ধাৰ বাবে হাতে-কামে লাগিছিল। গুৱাটেমালা, সংযুক্ত ৰাষ্ট্ৰ আৰু কানাডাৰ পৰা অহা ভাইসকলেও আমালৈ সহায় আগবঢ়াইছিল।  . . অতি কম সময়ৰ ভিতৰত ৫০০ তকৈ অধিক ঘৰ আৰু ৩ খন সুন্দৰ ৰাজ্যগৃহ নিৰ্ম্মাণ কৰিলে। এনে আত্মত্যাগী ভাইসকলৰ কঠোৰ পৰিশ্ৰম আৰু সহযোগৰ দ্বাৰা এক বৃহৎভাৱে সাক্ষী দিয়া হʼল।”

২০ দক্ষিণ আফ্ৰিকাৰ এটা সংবাদত এইদৰে কয়: “এক ভয়াবহ বানপানীয়ে মোজাম্বিক চহৰত থকা আন সকলোৰে সৈতে আমাৰ ভাই-ভনীসকলৰো ক্ষতিগ্ৰস্ত হয়। মোজাম্বিকত থকা শাখা কাৰ্য্যালয়ে তেওঁলোকক সহায়ৰ বাবে ব্যৱস্থা কৰিলে। কিন্তু তেওঁলোকে সেই ভাই-ভনীসকলৰ বস্ত্ৰৰ আৱশ্যকতাক পূৰণ কৰিবলৈ আমাক ভাল কাপোৰ-কানি পঠিয়াবলৈ অনুৰোধ কৰিলে। আমি এটা ৪০ ফুট দীঘল লোহাৰ বাকচৰ ব্যৱস্থা থকা গাড়ীত যথেষ্ট পৰিমাণে কাপোৰ পঠিয়াবলৈ ব্যৱস্থা কৰিলোঁ।” দৰাচলতে এনেবোৰ ক্ষেত্ৰতো আমাক পৰস্পৰে ইজনে সিজনৰ আৱশ্যক।

২১. পৰৱৰ্তী লেখত কিহৰ বিষয়ে বিবেচনা কৰা হʼব?

২১ আৰম্ভণিতে উল্লেখ কৰা হʼল যে মানৱ শৰীৰৰ সকলো অঙ্গ-প্ৰত্যেঙ্গ আৱশ্যক আৰু এইটো খ্ৰীষ্টান মণ্ডলীৰ সদস্যসকলৰ ক্ষেত্ৰতো সত্য। ইয়াৰ প্ৰত্যেকজন সদস্যকে ইজনে সিজনৰ আৱশ্যক। তদুপৰি তেওঁলোকে একত্ৰিত হৈ ঈশ্বৰৰ সেৱাতো লাগি থকা আৱশ্যক। পৰৱৰ্তী লেখত এনে কিছুমান মুখ্য বিষয়ৰ সম্পৰ্কে বিবেচনা কৰা হʼব। (w02 11/15)

আপুনি কেনেকৈ উত্তৰ দিব?

• মানৱ শৰীৰ আৰু খ্ৰীষ্টান মণ্ডলীৰ সদস্যসকলৰ সৈতে কেনে সাদৃশ্যতা আছে?

• যেতিয়া সঙ্গী ভাই-ভনীবিলাকৰ ভৌতিক সহায়ৰ আৱশ্যক হৈছিল তেতিয়া প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলে কেনে মনোবৃত্তি প্ৰকাশ কৰিলে?

• খ্ৰীষ্টানসকলৰ যে পৰস্পৰে ইজনে সিজনৰ আৱশ্যক, তাক কোনবোৰ শাস্ত্ৰীয় উদাহৰণে প্ৰকাশ কৰিছে?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[১০ পৃষ্ঠাৰ ছবি]

আক্কিলা আৰু প্ৰিষ্কিল্লাই অন্যসকলৰ প্ৰতি গভীৰ চিন্তা প্ৰকাশ কৰিছিল

[১২ পৃষ্ঠাৰ ছবি]

যেতিয়া কোনো দুৰ্যোগ দেখা দিয়ে তেতিয়া যিহোৱাৰ সাক্ষীসকলে পৰস্পৰে ইজনে সিজনক সহায় কৰে